ভুল-ত্ৰুটিৰ স্থান ইয়াত নাই।

গ্ৰাহকৰ কাণত অতি সাৱধানে মিহি বেজীটো সুমুৱাওতে অমনৰ চকুহাল সেই কামটোতে নিবদ্ধ হৈ থাকে। চোকা অংশটো ঢাকি ৰাখিবলৈ বেজীৰ আগটোত কপাহেৰে ঘুৰণীয়াকৈ মেৰিয়াই থোৱা থাকে। তেওঁ খুব লাহে লাহে কাম কৰে যাতে ছালত কোনো আঁচোৰ নপৰে বা কাণৰ পৰ্দাৰ ক্ষতি নহয়। “কেৱল কণামাকৰিখিনিহে আঁতৰাব লাগে,” তেওঁ কয়।

শাখা-প্ৰশাখা মেলি আৱৰি ধৰা এজোপা আঁহত গছৰ ছাঁত বহি তেওঁ পাৰিৰ সৈতে কথা পাতিছিল। কাষত আছিল ছিলাই (বেজীৰ দৰে সঁজুলি), চিমতি (চেপেনা) আৰু কপাহেৰে সৈতে তেওঁৰ সা-সৰঞ্জামবোৰ থকা এটা ক’লা মোনা। মোনাটোত জড়ি বুটী (বনৌষধি)ৰে প্ৰস্তুত কৰা ঔষধি তেলৰ এটা বটল আছে যিটো তেওঁলোকৰ পৰিয়ালৰ কাণ পৰিষ্কাৰৰ গোপন ফৰ্মুলা বুলি তেওঁ কয়।

“ছিলাইৰে ময়লা উলিওৱা হয় আৰু চেপেনাৰে টানি অনা হয় [ছিলাই কণামাকৰি চাফা কৰোঁতে ব্যৱহাৰ কৰা হয় আৰু চেপেনাৰে কণামাকৰিখিনি কাণৰপৰা বাহিৰলৈ টানি অনা হয়]।” কাৰোবাৰ কাণৰ ভিতৰত কণামাকৰি লদা বান্ধি থাকিলেহে ঔষধি তেলটো ব্যৱহাৰ কৰা হয়। “আমি সংক্ৰমণৰ চিকিৎসা নকৰোঁ, কেৱল কণামাকৰি আঁতৰাও আৰু কিবা খজুৱতি হ’লে ঠিক কৰোঁ।” মানুহে যদি কাণত আঘাত লগাকৈ কাণ বেয়াকৈ চাফা কৰে, তেতিয়া খজুৱতিয়েই সংক্ৰমণ হৈ পৰে, তেওঁ আকৌ কয়।

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বাঁওফালে: অমন সিঙৰ সা-সৰঞ্জামবোৰ হ’ল ছিলাই (বেজী-সদৃশ সঁজুলি), চিমতি (চেপেনা), কপাহ আৰু তেওঁ জড়ি বুটী (বনৌষধি)ৰে প্ৰস্তুত কৰা এবিধ ঔষধি তেল আৰু এইখিনি তেওঁ এটা ক’লা মোনাত আনে। সোঁফালে: এই ঔষধি তেলবিধ বনৌষধিৰে প্ৰস্তুত কৰা আৰু ইয়াৰ প্ৰস্তুত-প্ৰণালীটো তেওঁলোকৰ পৰিয়ালৰ গোপন ফৰ্মুলা

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

বাঁওফালে: ৰঙা টুপীটো অমন সিঙে তেওঁৰ পৰিচয় বুলি কয়। 'এইটো নিপিন্ধিলে কাণ পৰিষ্কাৰক এজন যোৱা বুলি কোনে গম পাব?' সোঁফালে: অৱশেষত অমনে অম্বা চিনেমাগৃহলৈ আবেলি লগা চিনেমা এখন চাবলৈ অহা এজন গ্ৰাহক বিচাৰি পায়

অমনে ১৬ বছৰ বয়সত দেউতাক বিজয় সিঙৰ পৰা কাণ পৰিষ্কাৰ কৰিবলৈ শিকিছিল। হাৰিয়ানাৰ ৰেৱাৰি জিলাৰ ৰামপুৰত এইটো তেওঁলোকৰ খানদানি কাম (পৰিয়ালৰ বৃত্তি) বুলি তেওঁ কয়। অমনে প্ৰথমে নিজৰ পৰিয়ালতে এই কামৰ অভ্যাস কৰিছিল। “প্ৰথম ছমাহ আমি ছিলাই আৰু চিমতি ব্যৱহাৰ কৰি পৰিয়ালৰ সদস্যসকলৰ কাণ পৰিষ্কাৰ কৰাৰ অভ্যাস কৰোঁ। কোনো আঘাত বা বিষ নোহোৱাকৈ এয়া যদি ঠিকমতে কৰিব পাৰোঁ, তেতিয়া আমি কাম কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাই যাওঁ,” তেওঁ কয়।

অমন হ’ল তেওঁলোকৰ পৰিয়ালত কাণ-পৰিষ্কাৰকৰ তৃতীয় প্ৰজন্ম। স্কুলীয়া শিক্ষাৰ বিষয়ে সোধোঁতে তেওঁ কয় যে, তেওঁ কেতিয়াও স্কুললৈ গৈ পোৱা নাই আৰু নিজকে এজন আংগুঠা চাপ (অনাখৰী) বুলি পৰিচয় দিয়ে। “পেইচা বড়ী চিজ নেহি হ্যায়। কিছি কা কান খাৰাব নেহী হোনা চাহিয়ে [পইচা ডাঙৰ বস্তু নহয়। দৰকাৰী কথাটো হ’ল আমি কামটো কৰোঁতে কোনেও আঘাত পাব নালাগে],” তেওঁ আৰু কয়।

দিল্লীলৈ যোৱাৰ আগতে পৰিয়ালৰ বাহিৰে তেওঁৰ প্ৰথম গ্ৰাহকসকল আছিল গুৰগাঁৱ আৰু হাৰিয়ানাৰ মানুহ। অমনে কয় যে, এসময়ত প্ৰতিবাৰ চাফা কৰোঁতে এবাৰত ৫০ টকাকৈ তেওঁ দিনে ৫০০ৰ পৰা ৭০০ টকালৈকে উপাৰ্জন কৰিব পাৰিছিল, এতিয়া “মই এদিনত কোনোমতে ২০০ টকাহে পাওঁ।”

তেওঁ দিল্লীৰ ড. মুখাৰ্জী নগৰৰ ঘৰৰপৰা ওলাই গ্ৰেণ্ড ট্ৰাংক ৰ’ডত থকা অম্বা চিনেমা পাবলৈ মানুহেৰে ঠাহ খাই থকা যান-জঁটৰ মাজেৰে চাৰি কিলোমিটাৰ খোজকাঢ়ি যায়। গৈ পোৱাৰ পাছত তেওঁ সম্ভাব্য গ্ৰাহক বিচাৰি মানুহৰ জুমটোত চকু ফুৰায়, বিশেষকৈ ৰাতিপুৱাৰ শ্ব’ চাবলৈ অহাসকলক। তেওঁ কয় যে, তেওঁ পিন্ধা ৰঙা পাগুৰীটো কাণ পৰিষ্কাৰকৰ চিন: “যদি আমি এইটো নিপিন্ধো, মানুহে এজন কাণ পৰিষ্কাৰক গৈছে বুলি কেনেকৈ জানিব?”

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

ফটো • বাঁওফালে: প্ৰতিদিনে ৰাতিপুৱা, অমন সিঙে দিল্লীৰ গ্ৰেণ্ড ট্ৰাংক ৰ’ডত থকা অম্বা চিনেমালৈ ড. মুখাৰ্জী নগৰৰ বান্দা বাহাদুৰ মাৰ্গ ডিপোৰ ওচৰৰ তেওঁৰ ঘৰৰপৰা এঘণ্টা খোজকাঢ়ি যায়। সোঁফালে: অমনে দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ কাষতে থকা কমলা নগৰ বজাৰৰ গলিবোৰলৈ গৈছে

অম্বা চিনেমাত প্ৰায় এঘণ্টা অপেক্ষা কৰাৰ পাছত প্ৰায় ১০ মিনিটমান আঁতৰত থকা দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছৰ ওচৰৰ কমলা নগৰৰ গলিবোৰলৈ যায়। বজাৰখন ছাত্ৰ-ছাত্ৰী, ব্যস্ত বেপাৰীবোৰ আৰু কামৰ বাবে কোনোবাই নিয়ালৈ বাট চাই থকা দিন-হাজিৰা কৰা শ্ৰমিকেৰে ভিৰ হৈ থাকে। অমনৰ বাবে প্ৰতিজন ব্যক্তিয়েই এজন সম্ভাব্য গ্ৰাহক, গতিকে তেওঁ চাৰিওফালে চাই চিঞৰে, “ভায়া, কান চাফ কৰায়েংগে? বচ দেখ লেনে দিজিয়ে [দাদা, কাণ চাফা কৰাব নেকি? মোক মাত্ৰ এবাৰ চাই ল’বলৈ দিয়কচোন]।”

তেওঁলোকে গুৰুত্ব নিদি আঁতৰি যায়।

তেওঁ অম্বা চিনেমাৰ ওচৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয় যিহেতু এতিয়া দুপৰীয়া ১২.৪৫ বাজিছে আৰু দ্বিতীয় শ্ব’টো আৰম্ভ হোৱাৰ সময় হৈছে। অৱশেষত তেওঁ এজন গ্ৰাহক বিচাৰি পালে।

*****

অতিমাৰীৰ সময়ত যেতিয়া কাম কমি আহিছিল, অমনে তেতিয়া নহৰু বিক্ৰী কৰিবলৈ লৈছিল। “মই পুৱা ৭.৩০ বজাত আটাইতকৈ ওচৰত থকা বজাৰখন (পাইকাৰী বজাৰ) পাওঁগৈ আৰু ১০০০ টকাৰ বা প্ৰতি কিলোত ৩৫-৪০ টকাকৈ নহৰু কিনিছিলোঁ যিখিনি মই এক কিলোত ৫০ টকাকৈ বিক্ৰী কৰিছিলোঁ। মই দিনে প্ৰায় ২৫০-৩০০ টকাকৈ সাঁচিব পাৰিছিলোঁ,” তেওঁ কয়।

কিন্তু অমনৰ এতিয়া আৰু নহৰু বিক্ৰী কৰিবলৈ মন নোযোৱা হ’ল কাৰণ এই কামত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়, “মই সদায় পুৱাই বজাৰলৈ যোৱা, নহৰু কিনা, সেইবোৰ ঘৰলৈ অনা আৰু তাৰপাছত সেয়া চাফা কৰিবলগীয়া হৈছিল। মই ঘৰ আহি পাওতে ৰাতি ৮ মান বাজিছিল।" কিন্তু কাণ পৰিষ্কাৰকৰ কামটো কৰোঁতে তেওঁ সন্ধিয়া ৬ বজাতে ঘৰ পায়হি।

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

অমনে তেওঁৰ সঁজুলিবোৰ ব্যৱহাৰ কৰি এজন গ্ৰাহকৰ কাণ চাফা কৰি আছে

পাঁচবছৰৰ আগতে, অমন দিল্লীলৈ গুচি গৈছিল আৰু ড. মুখাৰ্জী নগৰৰ বান্দা বাহাদুৰ মাৰ্গ ডিপোৰ ওচৰত মাহে ৩৫০০ টকা ভাৰাত এটা ঘৰ ভাৰালৈ লৈছিল। তেওঁ তাত তেওঁৰ পত্নী ৩১ বছৰীয়া হীনা সিং আৰু দহবছৰ বয়সৰ তলৰ তিনি পুত্ৰ নেগি, দক্ষ আৰু সুহানৰ সৈতে থাকে। তেওঁৰ ডাঙৰ পুত্ৰই এখন চৰকাৰী স্কুলত পঢ়ে আৰু তেওঁ আশা কৰে যে, স্নাতক হোৱাৰ পাছত তেওঁলোকে ছেলছমেনৰ চাকৰি কৰিব, কাণ পৰিষ্কাৰকৰ কাম নকৰে, কাৰণ, “ইচ কাম মে কোই ভেল্যু নেহি হ্যায়। না আদমী কি, না কাম কি। ইনকাম ভি নেহি হ্যায় [এই পেচাটোত কোনো সন্মান নাই, কামটো কৰা ব্যক্তিজনৰ প্ৰতিও নতুবা কামটোৰ প্ৰতিও]।”

“কমলা নগৰ মাৰ্কেট (দিল্লী)ৰ গলিবোৰত, সকলো শ্ৰেণীৰ মানুহেই দেখা যায়। মই তেওঁলোকক কাণ চাফা কৰাৰ কথা সুধিলে তেওঁলোকে কয় যে ক’ভিড হ’ব। তাৰপাছত তেওঁলোকে কয় যে প্ৰয়োজন হ’লে তেওঁলোকে ডাক্তৰক দেখুৱাব,” অমনে কয়।

“তেতিয়া আৰু মই কি ক’ম? মই কওঁ, ‘ঠিক আছে তেন্তে, আপোনালোকে কাণ চাফা কৰাব নালাগে’.”

*****

২০২২ চনৰ ডিচেম্বৰত, অমনৰ এটা দুৰ্ঘটনা হৈছিল য’ত তেওঁক দিল্লীৰ আজাদপুৰত এখন বাইকে খুন্দিয়াইছিল। এই দুৰ্ঘটনাত তেওঁ মুখ আৰু হাতত আঘাত পাইছিল। তেওঁৰ সোঁহাতৰ বুঢ়া আঙুলিটো খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল যাৰ ফলত তেওঁৰ বাবে কাণ চাফা কৰাটো যথেষ্ট কঠিন হৈ পৰিছিল।

সৌভাগ্যক্ৰমে, ঔষধে আঘাতবোৰ ঠিক কৰাত সহায় কৰিছিল। তেওঁ এতিয়া মাজে-সময়ে কিবা উপলক্ষতহে কাণ পৰিষ্কাৰ কৰে। অধিক সুস্থিৰ উপাৰ্জনৰ কাৰণে তেওঁ কাণ চাফা কৰা কামটো এৰি দিল্লীৰ অনুষ্ঠানবোৰত ঢোল বজাবলৈ ল’লে। প্ৰতিবাৰ ঢোল বজাওতে তেওঁ ৫০০ টকাকৈ পায়। এমাহৰ আগতে অমন আৰু হীনাৰ জীৱনলৈ এটি কন্যা সন্তান আহিল। তেওঁ কয় যে এতিয়া পৰিয়ালটো চলাই নিবৰ বাবে তেওঁ আৰু এটা কাম বিচৰাৰ প্ৰয়োজন হ’ব।

অনুবাদ: বন্যা বৰুৱা

Sanskriti Talwar

संस्कृति तलवार, नई दिल्ली स्थित स्वतंत्र पत्रकार हैं और साल 2023 की पारी एमएमएफ़ फेलो हैं.

की अन्य स्टोरी Sanskriti Talwar
Editor : Vishaka George

विशाखा जॉर्ज, पीपल्स आर्काइव ऑफ़ रूरल इंडिया की सीनियर एडिटर हैं. वह आजीविका और पर्यावरण से जुड़े मुद्दों पर लिखती हैं. इसके अलावा, विशाखा पारी की सोशल मीडिया हेड हैं और पारी एजुकेशन टीम के साथ मिलकर पारी की कहानियों को कक्षाओं में पढ़ाई का हिस्सा बनाने और छात्रों को तमाम मुद्दों पर लिखने में मदद करती है.

की अन्य स्टोरी विशाखा जॉर्ज
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

की अन्य स्टोरी Bonya Baruah