চিতেমপাল্লি পৰমেশ্বৰীয়ে প্ৰায়ে সকলো এৰি পলাই যোৱাৰ কথা ভাবে। “কিন্তু মই মোৰ সন্তানকেইটাক এৰিব নোৱাৰো। সিহঁতৰ বুলিবলৈ ময়েই আছো,” ৩৪ বছৰ বয়সীয়া মাতৃগৰাকীয়ে কয়।

পৰমেশ্বৰীৰ গিৰীয়েক দুকুৰিৰ অলপ বেছি বয়সৰ চিতেমপাল্লি কমল চন্দ্ৰই ২০১০ চনৰ নৱেম্বৰত আত্মহত্যা কৰিছিল। “তেওঁ একো লিখি থৈ যোৱা নাছিল। ভালকৈ লিখিব নাজানে কাৰণে চাগে তেওঁ তেনেকৈ একো লিখি থৈ যোৱা নাছিল,” তেওঁ ক্ষীণ হাঁহি এটা মাৰি কয়।

তেনেকৈয়ে তেওঁ তেওঁৰ দুটি সন্তান শেষাদ্ৰী আৰু অন্নপুৰ্ণাৰ একমাত্ৰ অভিভাৱক হৈ পৰে। এতিয়া দুয়ো চৰকাৰী স্কুললৈ যায় আৰু তাৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ হোষ্টেল এখনত থাকে। “সিহঁতলৈ বহুত মনত পৰে,” মাকে কয় কিন্তু তাৰপিছত নিজকে সান্তনাও দিয়ে, “সিহঁতে সময়ত যে খাবলৈ পাইছে, সেইটো কিন্তু ঠিক।”

তেওঁ মাহত এবাৰ তেঁওলোকক সাক্ষাৎ কৰিবলৈ যায়। “পইছা থকা হ’লে সিহঁতক দিও (ছোৱালী-দুজনীক), কম থাকিলে সিহঁতক মই ২০০ (টকা) দিও,” তেওঁ কয়।

তেলাংগনাত অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ মাদিগা সম্প্ৰদায়ৰ পৰিয়ালটো চিলতামপাল্লে গাঁৱৰ এটা কোঠালীৰ ঘৰটোত থাকে। তেওঁ ঘৰটোৰ চালিখন তললৈ বহি গৈছে আৰু বাহিৰত মুকলি চালিখন আছে। তেলংগনাৰ বিকাৰাবাদ জিলাৰ এই ঘৰটো তেওঁৰ কমল চন্দ্ৰৰ পৰিয়ালৰ আৰু তেওঁ বিয়াৰ পিছত এই ঘৰটোলৈ আহিছিল।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: চিতেমপাল্লী কমল চন্দ্ৰৰ এখন ফটো, পৰমেশ্বৰীৰ গিৰীয়েক যিয়ে ২০১০ত আত্মহত্যা কৰিছিল। সোঁফালে: পৰমেশ্বৰীয়ে তেলাংগনাৰ বিকাৰাবাদ জিলাৰ চিলতামপাল্লে গাঁৱত বাস কৰে

গিৰীয়েকৰ মৃত্যুৰ পিছত পৰমেশ্বৰীৰ জীৱিকাৰ একমাত্ৰ উপায় হৈ পৰিল আশৰা পেঞ্চন আঁচনিৰ অধীনত বিধবা মহিলাক দিয়া পেঞ্চনৰ টকাকেইটা। “মই ২০১৯লৈ ১,০০০ (টকা) পাইছিলো, এতিয়া প্ৰতিমাহে ২,০১৬ (টকা) পাও।”

পেঞ্চনৰ উপৰিও তেওঁ একেখন গাঁৱৰে তেওঁ শহুৰেকৰ মাকৈৰ খেতিপথাৰত কাম কৰি ২,৫০০ টকা পায়। পৰমেশ্বৰীয়ে আনৰ খেতিপথাৰত কাম কৰি দিনে ১৫০-২০০ টকা হাজিৰা পায় যদিও কাম মাজে-সময়েহে পায়।

তেওঁৰ উপাৰ্জনখিনি পৰিয়ালটোৰ নামত খৰছ হয়। “কোনো কোনো মাহত পইচাই নাটে,” কথাৰ মাজৰে শাড়ীৰ আচলখন মোহাৰি তেওঁ কয়।

কিন্তু সিমানখিনি তেওঁৰ বাবে পৰ্য্যাপ্ত নহয়, কিয়নো গিৰীয়েকৰ মৃত্যুৰ পিছত তেওঁ এৰি যোৱা ধাৰবোৰ মাৰিবলৈ তেওঁ বহুত কষ্ট কৰিবলগীয়া হৈছে। এনেকৈ সুদখোৰত মাহে মাহে পইচা দিবলগীয়া হোৱাত ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তেওঁ প্ৰতিদিনে মানসিক চাপত ভুগিছে। “কিমান ধাৰলৈ দিব আছে মই নাজানো,” দুশ্চিন্তাৰে গধুৰ হোৱা মাতেৰে তেওঁ কয়।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

চিলতামপাল্লেত পাকঘৰৰ কামত ব্যস্ত পৰমেশ্বৰী (বাওঁফালে) আৰু ঘৰৰ বাহিৰত (সোঁফালে)

তেওঁৰ প্ৰয়াত স্বামী কমল চন্দ্ৰই কেই একৰমান মাটি লীজত লৈছিল আৰু খৰছ মিলাবলৈ ঋণ লৈছিল। মৃত্যুৰ সময়ত তেওঁৰ ধাৰ আছিল ৬ লাখ টকা, সেয়া তেওঁ বিকাৰাবাদ জিলাৰ বিভিন্ন সুদখোৰৰ পৰা লৈছিল। “মই তিনি লাখ টকাৰ কথা জানিছিলো। ইমান যে ধাৰ আছে মই জনা নাছিলো,” বিধবা পৰমেশ্বৰীয়ে কয়

তেওঁৰ মৃত্যুৰ কেইসপ্তাহমান পিছত যেতিয়া সুদখোৰে তেওঁৰ সৈতে যোগাযোগ কৰে, তেতিয়া তেওঁ গম পালে যে তেওঁ দুজনৰ পৰা ১.৫ লাখ টকা আৰু আন তিনিজনৰ পৰা এক লাখকৈ আনিছে। এইবোৰৰ সুতৰ হাৰ বছৰেকত কমেও ৩৬ শতাংশ। একো চুক্তিপত্ৰ নাছিল, সেয়ে পৰমেশ্বৰীৰ হাতত তেওঁৰ ধাৰৰ কোনো হিচাপ নাই।

“এতিয়া তেওঁলোকে কোৱাখিনিয়েই বিশ্বাস কৰিবলগীয়া হৈছে,” তেওঁ কয়। যোৱামাহত কিমান পইচা দিব আছে বুলি এজনক সোধাত তেওঁ সঠিক উত্তৰ নিদিলে, ধাৰ কিমান আছে সেই লৈ পৰমেশ্বৰী এতিয়াও অন্ধকাৰতে আছে।

তেওঁ প্ৰতিজন সুদখোৰক মাহে ২,০০০ টকা দিব লাগে। বোজা কমাবলৈ তেওঁ মাহৰ বিভিন্ন সময়ত পাঁচজন মানুহক ধাৰ মাৰে। “একেটা মাহতে পাঁচোজনকে পইচা দিবলৈ নোজোৰে,” সেয়ে কিছুমানক তেওঁ মাহে ৫০০ টকাকৈ দি মিলাই চলে।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

বাওঁফালে: পৰিয়ালটোৰ পুৰণি ফটো এখন। সোঁফালে: পৰমেশ্বৰীয়ে ধাৰ মাৰিবলৈ শহুৰেকৰ ফাৰ্ম এখনত কাম কৰে আৰু দিনহাজিৰাও কৰে

“স্বামীয়ে যি কৰিলে (আত্মহনন) তাক লৈ তেওঁক মই দোখ নিদিও। বুজি পাও,” পৰমেশ্বৰীয়ে কয়, “মোৰো কেতিয়াবা তেনে কৰিবলৈ মন যায়, অকলেই এনেকৈ যুঁজি থাকিবলগীয়া হৈছে।”

কেতিয়াবা মানসিক চাপ সহ্য়ৰ বাহিৰ হৈ যায়, কিন্তু ছোৱালী দুজনীৰ কথা চিন্তা কৰিলে মনটো স্থিৰ হয়। “সুদখোৰে যদি মোৰ ছোৱালী দুজনীক ধাৰখিনি শুজিবলৈ কয়, তেতিয়া (তেওঁৰ অবৰ্তমানত),” তেওঁ দুখেৰে কয়। “সিহঁতে কিয় পৰিশোধ কৰিব লাগে? মই সিহঁতে পঢ়ি-শুনি চহৰত সন্মান থকা কাম কৰাটো মই বিচাৰো।”

*****

পৰমেশ্বৰীৰ দিনটো আৰম্ভ হয় পুৱা ৫ বজাতে। “চাউল থাকিলে মই ৰান্ধিবলৈ লও। নহ’লে গাঞ্জি বনাও,” তেওঁ কয়। কামৰ দিনবোৰত তেওঁ দুপৰীয়াৰ আহাৰ লগত লৈ পুৱা ৮ বজাতে ওলাই যায়।

আনদিনা তেওঁ ঘৰৰ কাম-বন কৰে আৰু সৰু টিভিটোত পুৰণি ব্লেক-এণ্ড-হোৱাইট তেলেগু চিনেমা আৰু ধাৰাবাহিক চাই আজৰি সময় কটায়। “মই চিনেমা চাই ভাল পাও। কিন্তু কেতিয়াবা বন্ধ কৰিম বুলি ভাবো (কেবলৰ সংযোগ)।” কিন্তু ২৫০ টকা দি কেবলৰ সংযোগটো ৰখাৰ বাবে তেওঁ মন বেয়া লাগি থাকিলে কিবা এটা চাই ভাল লগাব পাৰে।

PHOTO • Amrutha Kosuru
PHOTO • Amrutha Kosuru

পৰমেশ্বৰীয়ে তেওঁৰ সৰু টিভিটোত পুৰণি ক’লা-বগা টিভিটোত তেলেগু চিনেমা চাই ভাল পায়। কাৰোবাৰ সৈতে কথা পাতিলে তেওঁৰ মনটো পাতল লাগে বুলি তেওঁ কয়

২০২২ৰ অক্টোবৰত তেওঁৰ এগৰাকী সম্পৰ্কীয়ই গ্ৰামীণ মানসিক হতাশাৰ হেল্পলাইন কিষাণমিত্ৰৰ কথা কয়। “ফোন ধৰা মহিলাগৰাকীৰ সৈতে কথা পাতি মোৰ ভাল লাগিছিল। তেওঁ কৈছে সকলো ঠিক হৈ যাব,” পৰমেশ্বৰীয়ে কয়। তেলাংগনা আৰু অন্ধ্ৰপ্ৰদেশত কাম কৰা ৰুৰেল ডেভলপমেণ্ট চাৰ্ভিচ ছচাইটি নামে বেচৰকাৰী সংস্থা এটাই এই হেল্পলাইনটো চলায়। ফোনকল পোৱাৰ পিছত কিষাণমিত্ৰৰ ক্ষেত্ৰ সমন্বয়ক জে. নৰশিমুলুয়ে তেওঁৰ ঘৰলৈ আহে। “তেওঁ (নৰশিমুলু) মোৰ স্বামী, ল’ৰা-ছোৱালী আৰু আৰ্থিক সমস্যাবোৰৰ বিষয়ে সুধিছিল। কোনোবাই যে শুনিছে, তাকে লৈ ভাল লাগিছিল,” তেওঁ কয়।

আয় বঢ়াবলৈ পৰমেশ্বৰীয়ে গাইগৰু এটা কিনিম বুলি ভাবিছে। “গাইজনী মোক অকলশৰীয়া অনুভৱ কমাব।” কিনাৰ বাবে তেওঁ আৰম্ভণিতে ১০ হাজাৰ টকা দিছে। “গাইজনী এতিয়াও ঘৰলৈ অনা হোৱা নাই, কিন্তু অপেক্ষা কৰিছো,” তেওঁ কয়।

আপোনাৰ মনলৈ যদি আত্মহত্যাৰ ভাব আহিছে বা আপুনি এনে কোনো ব্যক্তিক জানে যি কোনো গভীৰ সংকটত পৰিছে . তেন্তে অনুগ্ৰহ কৰি ৰাষ্ট্ৰীয় হেল্পলাইন কিৰণৰ এইটো নম্বৰ 1800-599-0019 (২৪ ঘণ্টাই মুকলি, শুল্কবিহীন)ত ফোন কৰক নাইবা ইয়াৰে যিকোনো এটা নিকটৱৰ্তী হেল্পলাইন নম্বৰত ফোন কৰক মানসিক স্বাস্থ্যখণ্ডত কাম কৰি অহা ব্যক্তি আৰু সেৱা সম্পৰ্কত জানিবলৈ অনুগ্ৰহ কৰি এছ.পি.আই.এফ.ৰ মানসিক স্বাস্থ্যৰ নিৰ্দেশিকাখন পঢ়ক

এই ষ্ট’ৰিটো ৰং দেৰ অনুদানৰ দ্বাৰা সমৰ্থিত।

অনুবাদ: পংকজ দাস

Amrutha Kosuru

अम्रुथा कोसुरु एक फ़्रीलांस पत्रकार हैं और विशाखापट्टनम में रहती हैं. उन्होंने चेन्नई के एशियन कॉलेज ऑफ़ जर्नलिज़्म से ग्रैजुएशन किया है.

की अन्य स्टोरी Amrutha Kosuru
Editor : Sanviti Iyer

संविति अय्यर, पीपल्स आर्काइव ऑफ़ रूरल इंडिया में बतौर कंटेंट कोऑर्डिनेटर कार्यरत हैं. वह छात्रों के साथ भी काम करती हैं, और ग्रामीण भारत की समस्याओं को दर्ज करने में उनकी मदद करती हैं.

की अन्य स्टोरी Sanviti Iyer
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das