বিনামূলীয়া আহাৰৰ সমান আন একোৱেই হ’ব নোৱাৰে ৷
যদিহে আপুনি অসমৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল নদীদ্বীপ মাজুলীৰ এক ব্যস্ত ঘাট কমলাবাৰীত খাদ্যৰ বিপণীয়ে বিপণীয়ে অনাই-বনাই ঘূৰি ফুৰা এটা সৌভাগ্যৱান গৰু হয়৷
মুক্তা হাজৰিকাইও এই বিষয়ে ভালদৰে জানে ৷ আমাৰ সৈতে কথা পাতি থকাৰ মুহূৰ্ততে তেওঁ হঠাতে ৰৈ দিলে ৷ কাৰণ হাজৰিকাৰ হোটেলখনৰ মুখত এক অনুপ্ৰৱেশকাৰীৰ ৰূপত এটা গৰুৱে খাদ্য থোৱা কাউণ্টাৰৰ পৰা খোৱা-বস্তুত মুখ লগোৱা তেওঁ শুনিবলৈ পালে ৷
গৰুটোক হোটেলখনৰ সন্মুখৰ পৰা খেদি তেওঁ আমালৈ চাই হাঁহি হাঁহি কৈ উঠিল, ‘‘মই এই হোটেলখন এক মিনিটৰ বাবেও এৰি যাব নোৱাৰো ৷ চৰণীয়া গৰু কেইটাই ইয়ালৈ খাবলৈ আহে আৰু গোটেইখন লণ্ড-ভণ্ড কৰি তোলে ৷’’
১০খন আসনযুক্ত হোটেলখনত মুক্তাই তিনিটা ভূমিকা পালন কৰিবলগীয়া হয়ঃ ৰন্ধন, পৰিৱেশন আৰু গৰাকী ৷ সেয়েহে হোটেলখনৰ নামটো তেওঁৰ লগত সংগতি ৰাখি অৱশ্যেই উপযুক্ত হৈছে – হোটেল হাজৰিকা ৷
কিন্তু ছয় বছৰ ধৰি সফলতাৰে হোটেল চলাই অহা হোটেল হাজৰিকা অৰ্থাৎ ২৭ বছৰীয়া মুক্তাৰ কৃতিত্ব কেৱল এইটোৱেই নহয় ৷ মনোৰঞ্জনৰ বিশ্বতো তেওঁ তিনিটা ভূমিকা পালন কৰি আহিছে – অভিনেতা, নৃত্যশিল্পী আৰু গায়ক – লগতে এক দক্ষ মেক-আপ শিল্পী যিয়ে অনুষ্ঠানৰ চাহিদা অনুসৰি মাজুলীৰ লোকসকলৰ সৌন্দৰ্য্য আৰু তেওঁলোকৰ শ্ৰেষ্ঠত্ব প্ৰবল কৰি তুলিছে ৷
এয়াই আমি চাবলৈ আহিছিলো ৷ কিন্তু ইয়াৰ মাজতে তেওঁ লোকক খাদ্য পৰিবেশনো কৰিবলগীয়া হ’ল ৷
প্ৰেছাৰ কুকাৰৰ হুইচেলে শব্দ কৰিলে ৷ মুক্তাই ঢাকোনখন খুলি হেতাৰে দাইলখিনি লৰাই দিলে ৷ লগে লগে বগা চানা দাইলৰ গোন্ধই বতাহত আমোল-মোলাই গ’ল ৷ তেওঁ দাইলখিনি হেতাৰে লৰাই থকাৰ লগে লগে একেই ক্ষীপ্ৰতাৰে ৰুটিও সেকি গ’ল ৷ আমি জানিব পাৰিলো যে এই কেইদিন তেওঁ ঘাটৰ ভোকাতুৰ যাত্ৰীসকলৰ বাবে দিনে ১৫০খনতকৈও অধিক ৰুটি প্ৰস্তুত কৰিছে ৷
ক্ষন্তেক সময়ৰ পিছতেই আমাৰ সন্মুখত দুখন প্লেট দিয়া হ’ল ৷ প্লেটত আছিল ৰুটি, ফুলি থকা এটা অমলেট, দাইল, কটা কেঁচা পিয়াজ আৰু পদিনা আৰু নাৰিকলৰ দুবিধ চাটনি ৷ দুজন লোকৰ এই সুস্বাদু খাদ্যৰ মূল্য হ’ল ৯০ টকা ৷
সামান্য অনুৰোধ কৰাৰ পিছত লাজকুৰীয়া মুক্তাই আমাক ক’লে, ‘‘কাইলৈ সন্ধিয়া ছয় বজাত আমাৰ ঘৰলৈ আহিব ৷ এই কাম কেনেকৈ কৰে মই আপোনালোকক দেখুৱাম ৷’’
*****
মাজুলীৰ খোৰাহোলা গাঁৱত মুক্তাৰ ঘৰত উপস্থিত হোৱাৰ পিছত অনুভৱ কৰিছিলো যে আমি অকলশৰীয়া নহয় ৷ ১৯ বছৰীয়া বান্ধৱী তথা চুবুৰীয়া ৰুমী দাসক ৰূপান্তৰিত কৰিবলৈ ওলোৱা মেক-আপ শিল্পীজনক চাবলৈ সম্পৰ্কীয় লোক, বন্ধু-বান্ধৱ আৰু চুবুৰীয়াৰে তেওঁৰ ঘৰ ভৰি পৰিছিল ৷ মাজুলীৰ দুজন বা তিনিজনৰ পুৰুষ মেক-আপ শিল্পীসকলৰ ভিতৰত মুক্তাও এজন ৷
মুক্তাই তেওঁৰ মোনাটোৰ পৰা মেক-আপৰ সামগ্ৰীবোৰ উলিয়াবলৈ ধৰে, ‘‘মেক-আপৰ এই সামগ্ৰীবোৰ যোৰহাটৰ পৰা অনা হৈছে (নাৱেৰে প্ৰায় ডেৰ ঘণ্টাৰ বাট),’’ এইবুলি কৈ তেওঁ বিচনা এখনৰ ওপৰত কনচিলাৰৰ টিউব, ফাউণ্ডেচনৰ বটল, ব্ৰাশ্ব, ক্ৰীম, আইশ্বেড’ৰ পেলেটকে ধৰি অন্যান্য সামগ্ৰীবোৰ সজাবলৈ ধৰে ৷
এয়া কেৱল মেক-আপেই নহয়, আজি আমি সম্পূৰ্ণ পেকেজ এটা পাম ৷ মুক্তাই ৰুমীক পোছাক সলনি কৰি আহিবলৈ নিৰ্দেশ দিয়ে ৷ কেই মিনিটমানৰ পিছতেই সেই যুৱতীগৰাকী এক পৰম্পৰাগত অসমীয়া শাৰী লাইলাক মেখেলা-চাদৰেৰে পৰিৱেষ্টিত হৈ আমাৰ সন্মুখত উপস্থিত হয় ৷ তাই বহাৰ লগে লগে মুক্তাই এটা ৰিং লাইট জ্বলায় আৰু নিজৰ যাদু আৰম্ভ কৰে ৷
ৰুমীৰ মুখত নিপুণতাৰে এটা প্ৰাইমাৰ (উন্নত মেক-আপ প্ৰয়োগৰ বাবে মুখমণ্ডলত এক মসৃণ পৃষ্ঠ সৃষ্টি কৰিবলৈ প্ৰয়োগ কৰা এটা ক্ৰীম বা জেল) প্ৰয়োগ কৰি তেওঁ কৈ যায়, ‘‘মই ৯ বছৰ বয়সৰ পৰাই ভাওনা (অসমত প্ৰচলিত ধৰ্মীয় বাৰ্তাৰ সৈতে মনোৰঞ্জনৰ এক পৰম্পৰাগত ৰূপ) চাই আহিছো ৷ অভিনয় শিল্পীসকলে মুখত লগোৱা মেক-আপ চাবলৈ মই ভাল পাইছিলো আৰু প্ৰশংসা কৰিছিলো ৷’’
তেতিয়াৰে পৰাই মেক-আপ জগতখনৰ প্ৰতি তেওঁ আকৃষ্ট হয় আৰু মাজুলীত অনুষ্ঠিত হোৱা প্ৰতিটো উপলক্ষত আৰু নাটত তেওঁৰ সম্পৰীক্ষা আৰম্ভ কৰে ৷
মহামাৰীৰ পূৰ্বে মুক্তাই তেওঁ দক্ষতা উন্নত কৰাৰ বাবে পেছাদাৰী সহায়ো লাভ কৰিছিল ৷ ‘‘কমলাবাৰী ঘাটত মই অসমীয়া ধাৰাবাহিক আৰু চিনেমাত কাম কৰা গুৱাহাটীৰ পুজা দত্তক লগ পাইছিলো ৷ আপোনালোকে মোৰ সৈতে কথা পতাৰ দৰেই তেওঁও মোৰ লগত কথা পাতিছিল‘‘, শিল্পীগৰাকীয়ে তেওঁক সহায় কৰিবলৈ আগ্ৰহ দেখুৱাইছিল বুলি মুক্তাই কয় ৷
ৰুমীৰ মুখত ফাউণ্ডেচনৰ এটা পাতল প্ৰলেপ প্ৰয়োগ কৰি মুক্তাই কয়, ‘‘মেক-আপৰ প্ৰতি মোৰ আগ্ৰহৰ কথা জানি পুজাই তেওঁ মেক-আপৰ পাঠ্যক্ৰম প্ৰদান কৰি অহা গড়মূৰ কলেজলৈ মোক শিকিবলৈ মাতিছিল’’ ৷ তেওঁ কয়, ‘‘সমগ্ৰ পাঠ্যক্ৰমটো দহদিনীয়া হ’লেও মই কেৱল তিনি দিনহে উপস্থিত থাকিব পাৰিছিলো ৷ হোটেলখনৰ কাৰণেই মই অধিক সময় দিব পৰা নাছিলো ৷ কিন্তু তেওঁৰ পৰা চুলি আৰু মেক-আপৰ বিষয়ে যথেষ্টখিনি শিকিছিলো ৷’’
মুক্তাই এতিয়া যথেষ্ট সহজভাৱে ৰুমীৰ চকুত ৰং লগাবলৈ আৰম্ভ কৰে যি এই সমগ্ৰ কাৰ্যকলাপৰ আটাইতকৈ কঠিন কাম ৷
ৰুমীৰ চকুৰ চেলাউৰীত মাস্কাৰা প্ৰয়োগ কৰি তেওঁ ভাওনাত অভিনয়, নৃত্য আৰু গীত গোৱাৰ আগ্ৰহৰ বিষয়ে উল্লেখ কৰে ৷ ৰুমীৰ মুখত মেক-আপ প্ৰয়োগ কৰিয়েই তেওঁ গীত গাবলৈ আৰম্ভ কৰে ৷ তেওঁ গোৱা ‘ ৰাতি ৰাতি ’ শীৰ্ষক গীতটোত এজন ব্যক্তিয়ে তেওঁৰ প্ৰেমাস্পদৰ বাবে অপেক্ষা কৰি থকা উদ্দীপনা ফুটি উঠিছিল ৷ সেই সময়তে আমি সহস্ৰাধিক অনুসৰণকাৰীৰ সৈতে এটা ইউটিউব চেনেলৰ অভাৱ খুবেই অনুভৱ কৰিছিলো ৷
যোৱাটো দশকৰ পৰা স্ব-দক্ষ মেক-আপ শিল্পীসকলৰ তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে ইউটিউব, ইনষ্টাগ্ৰাম আৰু টিক-টক উপযুক্ত মাধ্যম হিচাপে বিবেচিত হৈ আহিছে ৷ এই প্লেটফৰ্মসমূহে সহস্ৰাধিক লোকক জনপ্ৰিয় কৰি তুলিছে, আনহাতে দৰ্শকসকলেও ইয়াৰ জৰিয়তে বিন্যাস, কনচিল, কালাৰ-কাৰেক্ট আৰু বহুতো কথা শিকিব পাৰিছে ৷ ইয়াৰ বহুতো ভিডিঅ’ত শিল্পীসকলে মেক-আপ প্ৰয়োগ কৰাৰ লগতে চিনেমাৰ কিছু বিশেষ দৃশ্যত গীত গাই, নৃত্যও প্ৰদৰ্শন কৰে ৷
‘‘তেওঁ এজন ভাল অভিনেতা ৷ তেওঁৰ অভিনয় চাবলৈ আমাৰ ভাল লাগে,’’ মুক্তাৰ আন এগৰাকী অন্তৰংগ বান্ধৱী ১৯ বছৰীয়া বৰ্ণালী দাসে এইদৰে কয় যিয়ে ৰুমীৰ মেক-আপৰ কাম চাবলৈ তালৈ আহিছে ৷ ‘‘তেওঁ এজন স্বভাৱগত প্ৰতিভাশালী লোক ৷ তেওঁক যথেষ্ট ৰিহাৰ্চেলৰ প্ৰয়োজন নহয় ৷ তেওঁ নিজে নিজেই কৰিব পাৰে ৷’’
পৰ্দাৰ আঁৰৰ পৰা এগৰাকী প্ৰায় পঞ্চাশ বছৰীয়া মহিলাই আমালৈ চাই মিচিকিয়াই আছিল ৷ মুক্তাই মহিলাগৰাকীক নিজৰ মাতৃ বুলি আমাক পৰিচয় কৰাই দিলে ৷ ‘‘মোৰ মা প্ৰেমা হাজৰিকা আৰু দেউতা ভাই হাজৰিকা মোৰ আটাইতকৈ ডাঙৰ সমৰ্থক ৷ এনেকুৱা কাম কৰিব নোৱাৰো বুলি মোক কেতিয়াও কোৱা হোৱা নাই ৷ মোক তেওঁলোকে সদায়েই উৎসাহ প্ৰদান কৰি আহিছে ৷’’
আমি তেওঁক সুধিছিলো, এই কাম কৰিবলৈ তেওঁ কিমান সময় পায় আৰু ইয়াৰ পৰা উপাৰ্জন হয় নে? ‘‘কইনা সজোৱা মেক-আপৰ দাম সাধাৰণতে ১০,০০০ টকা ৷ মই ভাল চাকৰি থকা লোকৰ পৰা ১০,০০০ টকাকৈ লও আৰু বছৰত তেনেকুৱা গ্ৰাহক এবাৰহে পাওঁ,’’ তেওঁ কয় ৷ ‘‘যিসকল লোকে ইমান টকা দিব নোৱাৰে তেওঁলোকৰ পৰা সাধ্য অনুসাৰে টকা লওঁ ৷’’ পাতলীয়া মেক-আপৰ বাবে মুক্তাই ২০০০ টকা লয় ৷ ‘‘এয়া সাধাৰণতে পূজা, বিয়া আৰু পাৰ্টিৰ সময়ত কৰা হয় ৷’’
মুক্তাই ৰুমীৰ চেহেৰাত কিছু লেশ্বেছ লগায়, তাইৰ চুলিখিনিৰে এটা ঢিলা খোপা বান্ধে আৰু মুখত পৰি থকাকৈ কেইডালমান চুলি পকাই দিয়ে ৷ এই আটাইখিনি কাম হোৱাৰ পিছত ৰূমী অপৰূপা হৈ উঠে ৷ ‘‘বহুত ভাল লাগে ৷ বহুবাৰ মেক-আপ কৰিছো’’, লাজ-লাজকৈ ৰুমীয়ে কৈ উঠে ৷
আমি বিদায় লোৱাৰ সময়ত মুক্তাৰ ৫৬ বছৰীয়া দেউতাক ভাই হাজৰিকা হল ৰূমটোত তেওঁলোকৰ পোহনীয়া মেকুৰীটোৰ সৈতে বহি আছিল ৷ আমি তেওঁক ৰুমীৰ ৰূপ আৰু মুক্তাৰ দক্ষতাৰ বিষয়ে সোধাত তেওঁ ক’লে, ‘‘মই মোৰ ল’ৰা আৰু তাৰ কামক লৈ গৌৰৱান্বিত ৷’’
*****
কেইদিনমানৰ পিছত কমলাবাৰী ঘাটত মুক্তাৰ হোটেলত খাদ্য গ্ৰহণ কৰি থকাৰ সময়ত তেওঁ নিজৰ দৈনিক জীৱনৰ বিষয়ে আমাৰ সন্মুখত কৈ গৈছিল, সেই মিঠা কণ্ঠেৰে, যিটোৰ সৈতে আমি ইতিমধ্যেই পৰিচিত হৈ উঠিছিলো ৷
হোটেল হাজৰিকা কাৰ্যক্ৰমণিকাৰ প্ৰস্তুতি পৰ্ব মুক্তাই ঘাটত ভৰি দিয়াৰ পূৰ্বেই আৰম্ভ হয়, য’ত প্ৰতিদিনে সহস্ৰাধিক লোকে ব্ৰহ্মপুত্ৰ নদীয়েৰে মাজুলীলৈ বাবে ইয়াৰ পৰা অন্য ঠাইলৈ যাত্ৰা কৰে ৷ প্ৰতিদিনে পুৱা ৫.৩০ বজাত মুক্তাই তেওঁৰ গাঁও খোৰাহোলাৰ পৰা দুই লিটাৰ খোৱা পানী, দাইল, আটা, চেনী, গাখীৰ আৰু কণী তেওঁৰ মটৰ চাইকেলখনত কঢ়িয়াই ১০ মিনিটৰ দূৰত্বৰ ঘাটলৈ আনে ৷ সাঁত বছৰ ধৰি তেওঁ সেই এই দৈনিক ৰুটিন অনুসৰণ কৰি আহিছে ৷ দোকামোকালিৰ পৰা আৰম্ভ কৰি সন্ধিয়া ৪.৩০ বজালৈ তেওঁ এইদৰে কাম কৰে ৷
হোটেল হাজৰিকাত প্ৰস্তুত খাদ্যৰ অধিকাংশ উপাদানেই তেওঁৰ পৰিয়ালৰ তিনি বিঘা খেতি-মাটিত উৎপাদিত হয় ৷ ‘‘আমি ধান, বিলাহী, আলু, পিয়াঁজ, আদা, সৰিয়হ, ৰঙালাও কবি আৰু জলকীয়াৰ খেতি কৰো’’, মুক্তাই কয় ৷ ‘‘মানুহে গাখীৰ দিয়া চাহ খাবলৈ ইয়ালৈ আহে’’, তেওঁ গৌৰৱেৰে কয়; গাখীৰ দিয়া চাহৰ গাখীৰো তেওঁৰেই খেতিত থকা ১০ জনী গাইৰ পৰাই উৎপাদন হয় ৷
ফেৰী ঘাটৰ ৩৮ বৰ্ষীয় টিকেট বিক্ৰেতা আৰু খেতিয়ক ৰোহিত ফুকন মুক্তাৰ হোটেলৰ এজন নিয়মীয়া গ্ৰাহক ৷ হোটেল হাজৰিকাৰ বিষয়ে তেওঁ এইদৰে কয়, ‘‘এইখন খুব ভাল দোকান, খুব পৰিষ্কাৰ ৷’’
‘‘মানুহে কয়, ‘মুক্তা, তুমি ভাল ৰান্ধিব জানা’ ৷ এইটোৱে মোক এটা ভাল লগা অনুভৱ প্ৰদান কৰে আৰু লগতে হোটেলখন চলোৱাৰ বাবে উৎসাহো পাও,’’ হোটেল হাজৰিকাৰ বিষয়ে গৌৰেৱেৰে মুক্তাই কয় ৷
কিন্তু মুক্তাই এসময়ত নিজৰ বাবে এইটো জীৱনৰ কল্পনা কৰা নাছিল ৷ ‘‘মাজুলী কলেজৰ পৰা সমাজবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মই এটা চৰকাৰী চাকৰি বিচাৰিছিলো ৷ কিন্তু সেয়া হৈ নুঠিল ৷ সেয়ে মই হোটেল হাজৰিকা আৰম্ভ কৰিলো’’, আমাৰ বাবে চাহ গৰম কৰি তেওঁ কৈ উঠিল ৷ ‘‘আৰম্ভণিতে, মোৰ বন্ধুসকলে হোটেললৈ আহিলে মই লাজ পাইছিলো ৷ তেওঁলোকৰ চৰকাৰী চাকৰি আছিল আৰু মই আছিলো কেৱল এজন ৰান্ধনি’’, তেওঁ কয় ৷ ‘‘মেক-আপ কৰাৰ সময় মই কেতিয়াও লাজ অনুভৱ কৰা নাই ৷ ৰন্ধাৰ সময়তহে লাজ অনুভৱ কৰিছিলো, মেক-আপৰ সময়ত নহয় ৷’’
তেন্তে গুৱাহাটীৰ নিচিনা ডাঙৰ মহানগৰত আপোনাৰ কামটোত ভালদৰে মনোনিবেশ নকৰে কিয়? ‘‘মই নোৱাৰোঁ, মাজুলীত মোৰ দায়িত্ব আছে,’’ ক্ষন্তেক ৰৈ তেওঁ পুনৰ কয়, ‘‘মই কিয় তালৈ যাব লাগে? মই ইয়াত থাকিব বিচাৰো আৰু মাজুলীৰ ছোৱালীকেইজনীকো ধুনীয়া কৰি তুলিব বিচাৰো ৷’’
চৰকাৰী চাকৰি তেওঁৰ নহ’ল, কিন্তু আজি তেওঁ সুখী ৷ ‘‘মই বিশ্ব ভ্ৰমণ কৰিবলৈ বিচাৰো আৰু কি পাওঁ চাব বিচাৰো ৷ কিন্তু মাজুলী এৰিবলৈ মোৰ কেতিয়াও মন নাযায় ৷ এইখন এখন ধুনীয়া ঠাই ৷’’
অনুবাদ: মনোৰঞ্জন মজুমদাৰ