দশৰথ সিঙে এইবছৰৰ আৰম্ভণিৰ পৰাই ৰেচন কাৰ্ড এখনৰ বাবে চেষ্টা চলাই আছে। কিন্তু উমাৰিয়া জিলাৰ স্থানীয় কৰ্মচাৰীয়ে তেওঁক এই কথাই কৈ থাকে যে তেওঁৰ আবেদনখন পেণ্ডিং হৈ আছে।

“সিহঁতে ক’লে যে মই তেওঁলোকক ১৫০০ টকা দিলে প্ৰপত্ৰখন গ্ৰহণ কৰা হ’ব,” তেওঁ অভিযোগ তোলে। “কিন্তু মই নিদিলো…”

দশৰথৰ কাটাৰিয়া গাঁৱত ঘৰ। কাটাৰিয়া মধ্যপ্ৰদেশৰ উমাৰিয়া জিলাৰ বান্ধৱগড় টেহচিলৰ এখন গাওঁ। তাত তেওঁ খেতিপথাৰত কাম কৰে আৰু প্ৰতিমাহে কাষৰে এমজিএনৰেগাৰ কেইদিনমানৰ কাম কৰি দিনে ১০০ টকাকৈ মজুৰি পায়। তেওঁ প্ৰায়ে সৰু-সুৰা কামৰ কাৰণে সুদখোৰৰ পৰা পইচা ল’বলগীয়া হয়। এবাৰ লকডাউনৰ সময়ত তেওঁ ধাৰে লৈছিল ১,৫০০ টকা।

ৰেচন কাৰ্ড দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে অতিকৈ জৰুৰী, কাৰ্ডখন নাথাকিলে চলাটো বৰ মস্কিল, বিশেষকৈ লকডাউনৰ সময়ত কাৰ্ডখন অতিকৈ জৰুৰী হৈ পৰে। সেইখন নোহোৱা কাৰণে বজাৰৰ পৰা দশৰথৰ পৰিয়ালটোৱে খাদ্যশস্য কিনিবলগীয়া হৈছে। “খেতি কৰোঁ কাৰণে অকণমান সহায় হয়,” দশৰথৰ পত্নী ২৫ বছৰীয়া সৰিতা সিঙে কয়। পৰিয়ালটোৰ ২.৫ একৰতকৈ কম মাটি আছে। তাত তেওঁলোকে ঘেঁহু আৰু মাকৈৰ লগতে কদো আৰু কুটকি কণীধানৰ খেতি কৰে।

তেনে এক পৰিস্থিতিৰ মাজতে ৪০ বছৰ বয়সীয়া দশৰথে ৰেচন কাৰ্ডখন পোৱাৰ আশাত লৰা-ঢপৰা কৰি আছে। “এইবছৰ ২৬ জানুৱাৰীত (কাটাৰিয়াত) অনুষ্ঠিত গাওঁসভাত মোক ক’লে যে কাৰ্ডখনৰ বাবে মই প্ৰপত্ৰ এখন পূৰণ কৰিব লাগিব,” তেওঁ কয়।

গাওঁসভাৰ সভাপতিজনে ক’লে যে তেওঁ গাওঁখনৰ পৰা ৭০ কিলোমিটাৰ দূৰত থকা মনপুৰ চহৰৰ লোকসেৱা কেন্দ্ৰলৈ যাব লাগিব। তালৈ যোৱাৰ বাবে এবাৰত ৩০ টকা খৰছ হয়। দশৰথে তালৈ ফেব্ৰুৱাৰী আৰু মাৰ্চত এবাৰ গৈছে। বাছত অহা-যোৱা মিলি চাৰিবাৰৰ যাত্ৰা। ২৩ মাৰ্চত (মধ্য প্ৰদেশত) লকডাউন আৰম্ভ হোৱাৰ আগতে তেওঁ বান্ধৱগড় চহৰত থকা টেহচিল পৰ্য্যায়ৰ অফিছলৈকো গৈছিল। তালৈ তেওঁৰ গাঁৱৰ পৰা ৩০ কিলোমিটাৰ দূৰত্ব। ইয়াত আকৌ তেওঁৰ পৰা এখন সুকীয়া পৰিচয় পত্ৰ বিচৰা হ’ল আৰু সেইখন নথকা কাৰণে প্ৰপত্ৰখন ফাইলত দিব পৰা নগ’ল।

সেই সুকীয়া পৰিচয় পত্ৰখনৰ কাৰণে মনপুৰৰ সেই কেন্দ্ৰটোত বিষয়াসকলে দশৰথক তাৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ কাৰকেলিত থকা ব্লক পৰ্য্যায়ৰ কাৰ্য্যালয়লৈ যাবলৈ ক’লে। “তেওঁলোকে ক’লে যে মোৰ নামত এখন সুকীয়া পৰিচয় পত্ৰ লাগিব। মোৰ আই.ডি. কাৰ্ডখন মোৰ ভাইকে ধৰি পৰিয়ালৰ আন সদস্যৰ সৈতে যুটীয়াকৈ আছিল। সেয়ে মই কাৰকেলিলৈ গৈ পৃথকে এখন আই.ডি. বনালো,” ১০ম মানলৈ পঢ়া-শুনা কৰা দশৰথে কয়।

Dashrath Singh has been trying to get a family ration card since January, for himself, his wife Sarita and their daughter Narmada
PHOTO • Sampat Namdev
Dashrath Singh has been trying to get a family ration card since January, for himself, his wife Sarita and their daughter Narmada
PHOTO • Sampat Namdev

দশৰথ সিঙে জানুৱাৰী মাহৰ পৰাই তেওঁ, তেওঁৰ পত্নী সৰিতা আৰু তেওঁলোকৰ জীয়ৰী নৰ্মদাৰ কাৰণে ৰেচন কাৰ্ড এখন বনোৱাৰ চেষ্টা কৰি আছে

তেওঁ কৈ থাক কাৰ্ডখনক মানুহে সমগ্ৰ আই.ডি. (সমগ্ৰ সামাজিক সুৰক্ষা মিছনৰ) কাৰ্ড বুলি জনা যায়, মধ্য প্ৰদেশৰ এয়া নিজা সুকীয়া চিনাক্তকৰণ নম্বৰ। খাদ্য সুৰক্ষাৰ অধিকাৰ নিশ্চিত কৰা, এমজিএনৰেগাৰ দেয় ৰাশি, বৃত্তিৰ টকা, পেঞ্চন আৰু আন সা-সুবিধা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংকৰ খাতাত সোমোৱাৰ ব্যৱস্থা কৰাৰ বাবে ২০১২ত এয়া মুকলি কৰা হৈছিল। পৰিয়াল এটাক আঠটা অংকৰ সমগ্ৰ আই.ডি. এটা দিয়া হয় আৰু ব্যক্তিয়ে নটা অংকৰ আই.ডি. পায়।

ৰেচন কাৰ্ড পোৱাৰ বাবে দশৰথৰ দৰে লোকে এনেকৈ ভালেকেইবাৰ অহা-যোৱা কৰা আৰু ব্যৰ্থ চেষ্টাক মধ্যপ্ৰদেশ চৰকাৰৰ লোকসেৱা নিশ্চিতকৰণ আইনে আঁতৰোৱাৰ কথা আছিল। চৰকাৰী সেৱা যেনে আধাৰ কাৰ্ড, পেঞ্চন, ৰেচন কাৰ্ড আৰু আন সা-সুবিধাবোৰ যাতে কোনো মধ্যভোগী নোহোৱাকৈ হিতাধিকাৰীয়ে পোনপটীয়াকৈ পায়, তাৰ বাবে চৰকাৰে ২০১০ত এই আইনখন (মধ্যপ্ৰদেশ ৰাজহুৱা সেৱা নিশ্চিতকৰণ আইন) ২০১০ চনত গৃহীত কৰিছিল। নিৰ্ধাৰিত সময়ত সেৱা প্ৰদান কৰা আৰু এমপি ই-জিলা প’ৰ্টেলৰ যোগেদি নিৰ্ধাৰিত বিষয়াৰ আগত আবেদন দাখিল কৰাৰো সুবিধা কৰি দিছিল।

কিন্তু সেই প্ৰযুক্তিয়ে দশৰথৰ আৰু কাটাৰিয়া গাঁৱৰ প্ৰায় ৪৮০ ঘৰ পৰিয়ালৰ কামত নাহিল। তেওঁলোক এতিয়াও প্ৰপত্ৰ আৰু কাৰ্য্যালয়ৰ মেৰপেছতে সোমাই আছে। “গাওঁখনত এখনেই দোকান আছে যিখনত ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ কাৰণে মালিকে পইচা লয়, সেইখনৰ ওপৰত আমি বেছি ভৰসা নকৰো,” দশৰথে কয়। “মই কাৰ্য্যালয়লৈ গৈ প্ৰপত্ৰখন দাখিল কৰাটোৱে ভাল পাওঁ।” তেওঁ আৰু তেওঁৰ দৰে আন বহুতেই জিলা পৰ্য্যায়ৰ কাৰ্য্যালয় বা লোকসেৱা কেন্দ্ৰতেই আৰ্জি আদি দাখিল কৰে।

সমগ্ৰ আই.ডি.খনৰ কাৰণে মধ্যপ্ৰদেশ চৰকাৰে দৰিদ্ৰ পৰিয়াল, ভূমিহীন শ্ৰমিক আৰু পৰিয়ালক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পোৱা অধিকাৰসমূহকে ধৰি ২২ টা আৰ্থ-সামাজিক শিতান ধৰি দিছে যদিও আঁচনিখন দুৰ্নীতিৰ ফলত অচল হৈ পৰিছে, ভুপালৰ খাদ্যৰ অধিকাৰ কৰ্মী আৰু বিকাশ সম্বাদ নামে ৰাজহুৱা সমাজকৰ্মীৰ গোট এটাৰ সঞ্চালক শচীন জৈনে অভিযোগ উত্থাপন কৰে।

‘আমাৰ গাঁৱত এখনেই দোকান আছে, ইণ্টাৰনেটৰ কাৰণে তাত পইচা লয়, কিন্তু আমি ইণ্টাৰনেটৰ ভৰসাত নাথাকো, নিজে অফিছলৈ গৈ আবেদন দি আহো’

ভিডিঅ’টো চাওক: মধ্যপ্ৰদেশত মৰীচিকা খেদা দশৰথ - ৰেচন কাৰ্ড বিচাৰি দীঘলীয়া যাত্ৰা

তাৰোপৰি বহুতেই এই আঁচনিৰ বাবে যোগ্য নহয় যদিও তেওঁলোকেও আহি এই কামত ভিৰ লগায় বুলি জৈনে কয়। “এজন ব্যক্তি একে সময়তে দুটা শ্ৰেণীৰ হ’ব পাৰে, যেনে ধৰক অনুসূচিত জাতি আৰু ভূমিহীন শ্ৰমিক। গতিকে সমগ্ৰ কৰ্তৃপক্ষই বছৰি কাৰ্ডবোৰ আপডেট কৰোতে এইবোৰ চায় আৰু পৰিয়ালক পৃথক পৰিচয় পত্ৰ বনোৱাৰ বাবে পৰামৰ্শ দিয়ে,” জৈনে কয়।

দশৰথৰ যৌথ পৰিয়ালটোৰ ২০১২ত এখনেই সমগ্ৰ আই.ডি. আছিল, তেওঁক লোকসেৱা কেন্দ্ৰৰ পৰা নিজাকৈ তেওঁৰ পৰিয়ালটোৰ বাবে পৃথকে এখন ইউ.আই.ডি. বনাবলৈ কাৰকেলিৰ খণ্ড পৰ্য্যায়ৰ কাৰ্য্যালয়ে পৰামৰ্শ দিলে। ২০২০ৰ ফেব্ৰুৱাৰীত, এইখন কাৰ্ড বনোৱাৰ পিছত উমাৰিয়া জিলা পৰ্য্যায়ৰ লোকসেৱা কেন্দ্ৰত দশৰথক ৰেচন কাৰ্ডখনৰ বিনিময়ত ১৫০০ টকাৰ ঘোচ বিচৰা বুলি অভিযোগ উত্থাপিত হ’ল। (এই প্ৰতিবেদকে অভিযোগসমূহৰ সত্যাপন কৰিব নোৱাৰিলে। কাৰ্য্যালয়লৈ পঠিওৱা মেইলৰ এতিয়ালৈকে কোনোধৰণৰ সঁহাৰি নাই।)

“মই পইচা তেতিয়া দিব পৰা নাছিল, পিছতো দিব নোৱাৰিলোহেঁতেন,” দশৰথে মে’ মাহত এই প্ৰতিবেদকক কৈছিল। এমজিএনৰেগাৰ কাম লকডাউনত নোহোৱা হোৱাত লকডাউনৰ সময়চোৱাত কেনেকৈ আহি থকা দিনবোৰত ঘৰখন চলাব, তাকে লৈ তেওঁ চিন্তিত হৈ পৰিছিল।

দশৰথ আৰু সৰিতাৰ এজনী দুবছৰীয়া কন্যা আছে, নাম নৰ্মদা। দশৰথৰ ৬০ বছৰ বয়সীয়া মাতৃ ৰামবাইও তেওঁলোকৰ লগত থাকে। “মই চিলাইৰ কাম কৰো, তাৰ পৰা মাহে ১,০০০ টকা পাওঁ, কিন্তু এই আয় চিজনৰ ওপৰতহে নিৰ্ভৰ কৰে - গাঁৱত বিয়া-বাৰুৰ বতৰত কাম পাওঁ,” সৰিতাই কয়। তেওঁ নিজেও এমজিএনৰেগাৰ কাম থাকিলে কৰে, এমাহত কেইটামান দিনৰ কাম থাকে, মজুৰি ১০০ টকা প্ৰতিদিন। “খেতি কৰি যিখিনি পাওঁ, সেইখিনি খোৱাৰ বাবে জোৰে। সেয়ে আমি সাধাৰণতে বজাৰত খেতিৰ শস্য নেবেচো,” তেওঁ কয়।

Dashrath's 2.5 acres of land yields just enough produce to feed his family
PHOTO • Sampat Namdev

দশৰথৰ ২.৫ একৰ মাটিত কৰা খেতিৰে পৰিয়ালটো খাবলৈ কোনোমতে জোৰে

উমাৰিয়াত খেতি ইমান ভাল নহয়। ২০১৩ৰ ভূগৰ্ভৰ জলৰ কেন্দ্ৰীয় ব’ৰ্ডৰ এক প্ৰতিবেদন মতে উমাৰিয়া জিলাখন “বাছল্ট (আগ্নেয়), গেদীয় আৰু গ্ৰেনিটিক শিলাৰে ভৰি আছে।” পিছপৰা শ্ৰেণীৰ অনুদান পুঁজিৰ বাবে এই জিলাখন ৰাজ্যখনৰ ২৪ খন জিলাৰ ভিতৰত অন্তৰ্ভুক্ত। খেতিৰ পৰা উৎপাদন কম, দুৰ্বল আন্তঃগাঁথনি, অনুসূচিত জাতি-জনজাতিৰ জনসংখ্যাৰ আধিক্য আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ সংখ্যা অধিক হোৱা কাৰণে এইখন জিলা ২০০৭ চনৰ পৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে কেন্দ্ৰৰ পৰা অতিৰিক্ত পুঁঁজি লাভ কৰা ভাৰতৰ ২৫০ খন জিলাত অন্তৰ্ভূক্ত।

কিন্তু উমাৰিয়াৰ গাওঁবোৰত বিশেষ এটা লক্ষণীয় পৰিৱৰ্তন দেখা পোৱা নাযায়।

কাটাৰিয়া গাঁৱৰ আন এগৰাকী বাসিন্দা ধ্যান সিঙে ক্লাৰিকৰ ভুল এটাৰ কাৰণে কমকৈ ৰেচন পায়। সমগ্ৰ আই.ডি. মুকলি কৰাৰ এবছৰ পিছত মধ্যপ্ৰদেশ চৰকাৰে ২০১৩ত আন এক ব্যৱস্থা প্ৰৱৰ্তন কৰিলে, সেয়া হৈছে আই.ডি. লিংক কৰা খাদ্যৰ কুপন । ৰেচনৰ বিতৰণত থকা সুৰুঙা মাৰিবলৈ এই কুপনৰ ব্যৱস্থা কৰা হৈছিল। “মোৰ ৰেচন কাৰ্ড নাছিল, সেইবিষয়ে মই একো জনাই নাছিলো,” ধ্যান সিঙে কয়। তেওঁ মনত পেলায় যে ২০১১ চনত তেওঁ কৰ্মকাজ আঁচনিত (স্থানীয় লোকে সেই বুলিয়ে কয়) নাম পঞ্জীয়ন কৰাইছিল। ২০১২ৰ মে’ৰ ১০ তাৰিখে গোন্দ জনজাতিৰ ধ্যান সিঙে ৰাজ্য চৰকাৰৰ স্বনিৰ্মাণ কৰ্মকাৰ মণ্ডল আঁচনিৰ অধীনত এখন কাৰ্ড পাইছিল।

ধ্যান সিঙৰ পৰিয়ালৰ তিনিজনৰ নাম কৰ্মকাৰ কাৰ্ডখনত আছিল - তেওঁৰ পত্নী পঞ্চী বাই (৩৫), দুজনী জীয়ৰী কুসুম (১৩) আৰু ৰাজকুমাৰী (৩)। পৰিয়ালটোৰ পাঁচ একৰ মাটি আছে আৰু ধ্যান সিঙে আনৰ পথাৰত দিনহাজিৰাও কৰে, তেনেকৈ তেওঁ দিনে ১০০ৰ পৰা ২০০ টকা পায়। এমজিএনৰেগাৰ নিৰ্মাণকাৰ্য্যৰ অধীনত মাহত পৰিয়ালটোৱে কেৱল ১০-১২ দিনৰ কাম পোৱা যায়।

দশৰথৰ দৰে ধ্যান সিঙেও কৰা কদু আৰু কুটকিৰ খেতিৰে পৰিয়ালটো চলি থাকিব পাৰিছিল মাত্ৰ। “আমি ইমান দিন ধৰি চেষ্টা কৰি আছো, কিন্তু ৰেচন কাৰ্ডখন বনাব পৰা নাই,” গৃহিণী পঞ্চী বাইয়ে কয়। দুয়োটা সন্তানে মধ্যাহ্ন ভোজন কৰিবলৈ পায় যদিও সেইখিনি পৰ্য্য়াপ্ত নহয়।

A clerical error in the Dhyan Singh's food coupon has ensured he gets less rations
PHOTO • Sampat Namdev

ধ্যান সিঙৰ খাদ্যৰ কুপনত হোৱা এটা ক্লাৰিকেল ভুলৰ কাৰণে তেওঁ কম ৰেচন পায়

কৰ্মকাৰ আঁচনিখন ২০০৩ত মুকলি কৰা হৈছিল। এখন কাৰ্ডেৰে অসংগঠিত খণ্ডৰ সকলো শ্ৰমিকক বৃদ্ধপেঞ্চন, পৰিয়াল পেঞ্চন আৰু শিক্ষাবৃত্তি আদি বিভিন্ন সেৱা প্ৰদান এই আঁচনিখনৰ উদ্দেশ্য আছিল। “কৰ্মকাৰ কাৰ্ডখন বনাই লওঁক, আপুনি কুপনখন পাব,” গাওঁ পঞ্চায়তৰ সভাপতিৰ সৈতে হোৱা কথা-বতৰা ধ্যান সিঙে মনত পেলায়। তেওঁ কাৰ্ডখন পালে, কিন্তু ২০১১ৰ পৰা পাঁচ বছৰলৈ ৰেচন নাপালে, কিয়নো খাদ্যৰ কুপনখন তেওঁৰ নামত জাৰী হোৱা নাছিল - তেওঁ শেষত ২০১৬ত কুপনখন পালে।

কুপনখন ২০১৬ৰ ২২ জুনত যেতিয়া জাৰি কৰা হৈছিল, তাত পঞ্চী বাইৰ নামটো নাছিল, কেৱল ধ্যান সিং আৰু তেওঁৰ দুজনী ছোৱালীৰ নাম আছিল। তেওঁ কাৰ্ডখন শুধৰাবৰ চেষ্টা কৰিলে, কিন্তু তেওঁৰ পত্নীৰ নামটো নাহিল। কুপনখনেৰে পৰিয়ালটোৱে মাহে চাউল, গমধান আৰু নিমখ মিলাই গাইপতি ৫ কিলোগ্ৰাম ৰেচন পায়। “এইখিনি পৰ্যাপ্ত নহয়, আমি দিনত এবাৰহে ভালকৈ এসাজ খাও, তেনেকৈয়ে বাচি আছো,” ধ্যান সিঙে কয়।

মধ্যপ্ৰদেশ চৰকাৰে ২০২০ৰ ১৬ জুলাইত প্ৰস্তুত কৰা সমগ্ৰ ডেটা অনুসৰি উমাৰিয়া জিলাত ৰেচন কাৰ্ডৰ কাৰণে ৩,৫৬৪ খন আবেদন পোৱা গৈছে, ৰাজ্যখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ জিলা যোগান বিষয়া আৰু কনিষ্ঠ যোগান বিষয়াই কেৱল ৬৯ খন আবেদনৰ অনুমোদন দিছে। উমাৰিয়াৰ ৩,৪৯৫ খন আবেদন এতিয়াও পেণ্ডিং হৈ আছে। (এই প্ৰতিবেদকে সমগ্ৰ অভিযানৰ সঞ্চালকৰ কাৰ্য্যালয়লৈ মেইল পঠিয়াইছিল যদিও এতিয়ালৈ সঁহাৰি পোৱা নাই।)

২০২০ৰ ২৬ মাৰ্চত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে ক’ভিড-১৯ লকডাউনৰ সময়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ আটাইবোৰ পৰিয়ালে এমাহৰ বাবে বিনামূলীয়া ৰেচন পাব। স্থানীয় সমাজকৰ্মীয়ে এইক্ষেত্ৰত আঁসোৱাহ থকা কথা উনুকিয়াই কয় যে সাময়িক সমাধানতকৈ দীৰ্ঘ্যম্যাদী সমাধানৰ প্ৰয়োজন আছে।

এইফালে দশৰথে নিজৰ খেতিপথাৰত ব্যস্ত হৈ পৰিছে। “এতিয়া বাবুহঁতৰ লগত এই বিষয়ত লাগি থকাৰ সময় নাই,” তেওঁ কয়। এয়া বীজ সিঁচাৰ সময়। ৰেচন কাৰ্ড নহ’লেও যাতে পৰিয়ালটো বছৰটো ভালকৈ চলি যাব পাৰে, তাৰবাবে তেওঁ ফচল ভাল হওঁক বুলি আশা কৰিছে।

মধ্যপ্ৰদেশৰ গ্ৰামাঞ্চলৰ অপুষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বিকাশ সম্বাদ নামে বেচৰকাৰী সংস্থাৰ সৈতে জৰিত কাটাৰিয়া গাঁৱৰ সমাজকৰ্মী সম্পত নামদেৱৰ ইনপুটৰ সহায় লৈ

অনুবাদ: পংকজ দাস

Akanksha Kumar

आकांक्षा कुमार, दिल्ली की एक मल्टीमीडिया जर्नलिस्ट हैं और ग्रामीण इलाक़ों से जुड़े मामलों, मानवाधिकार, अल्पसंख्यकों के मुद्दों, जेंडर और सरकारी योजनाओं पर आधारित रिपोर्टिंग करती हैं. उन्हें 2022 में मानवाधिकार और धार्मिक स्वतंत्रता पत्रकारिता पुरस्कार से नवाज़ा गया था.

की अन्य स्टोरी Akanksha Kumar
Editor : Sharmila Joshi

शर्मिला जोशी, पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए बतौर कार्यकारी संपादक काम कर चुकी हैं. वह एक लेखक व रिसर्चर हैं और कई दफ़ा शिक्षक की भूमिका में भी होती हैं.

की अन्य स्टोरी शर्मिला जोशी
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das