তেওঁৰ তেতিয়া বয়স ১৭ বছৰ, কড্ডাল’ৰৰ মাছমৰীয়াৰ জাহজঘাটত তেওঁ তেতিয়াই বেপাৰত ধৰিছিল। ব্যৱসায় আৰম্ভ কৰাৰ বাবে মূলধন আছিল মাকৰ হাতৰ পৰা পোৱা ১,৮০০ টকা। সেই ভেনিৰে এতিয়া বয়স ৬২ বছৰ; জাহাজঘাটৰ তেওঁ এগৰাকী সফল নিলামদাৰ আৰু বিক্ৰেতা। অতিশয় কষ্টৰ মাজেৰে নিজে সজা ঘৰটোক লৈ তেওঁ গৌৰৱান্বিত, সেই একেই কষ্টৰে ইটোৰ পিছত সিটো খোজ দি তেওঁ নিজৰ ব্যৱসায় গঢ়িছে।
মদাহী গিৰিয়েকে এৰি যোৱাৰ পিছত ভেনিয়ে অকলেই চাৰিটাকৈ সন্তান তুলি-তালি ডাঙৰ দীঘল কৰিছে। তেওঁৰ দৈনিক আয় একেবাৰে কম আছিল, কোনোমতে পেটে-ভাতে খাই জীয়াই আছিল। মাছ ধৰাৰ ৰিং চেইন পদ্ধতি অহাৰ পিছত তেওঁ লাখৰ ঘাইত টকা ধাৰ কৰি আনি নাৱত খটুৱালে। বিনিয়োগৰ টকাৰ পৰা অহা লাভেৰে সন্তানক পঢ়ুৱালে আৰু ঘৰো সাজিলে।
নব্বৈৰ দশকৰ শেষৰফালে ক’ড্ডালৰ উপকূলত মাছ ধৰাৰ ৰিং চেইন পদ্ধতিৰ প্ৰচলন বেছিকৈ হ’বলৈ ধৰে। কিন্তু ২০০৪ৰ চুনামিৰ পিছত এই পদ্ধতিৰ ব্যৱহাৰ হঠাৎ বাঢ়ি যায়। ৰিং চেইন পদ্ধতিত ঘেৰাও কৰি মাছ ধৰা কৌশলেৰে চাৰ্দিন, মেকৰল আৰু এংকভি আদি সামুদ্ৰিক মাছৰ জাক ধৰা হয়।
শকত মূলধনৰ প্ৰয়োজনীয়তা আৰু শ্ৰমৰ চাহিদাই ক্ষুদ্ৰ মাছমৰীয়াসকলক সমবায় ভিত্তিত কাম কৰিবলৈ শিকাইছে, তাত ব্যয় আৰু মুনাফা ভগাই লোৱা হয়। এই পদ্ধতিৰেই কাম কৰি ভেনিয়ে বিনিয়োগকাৰী হৈছিল আৰু ব্যৱসায় বঢ়াইছিল। ৰিং চেইন নাৱে মহিলাসকলৰ বাবে নিলামদাৰ, বিক্ৰেতা আৰু মাছ শুকাওতা হিচাপে সুযোগ-সুবিধাৰ বাট মুকলি কৰি দিছিল। “সমাজত মোৰ মৰ্য্যাদ বাঢ়িল, ৰিং চেইন ব্যৱস্থালৈ ধন্যবাদ দিব লাগিব,” ভেনিয়ে কয়। “মই সাহসী মহিলা হৈ পৰিলো আৰু আগুৱাই আহিলো।”
নাও বুলি ক’লে সাধাৰণতে তাত পুৰুষৰে দখল। সেয়ে ঘাটত নাও চপোৱাৰ লগে লগে বাকী কামৰ ক্ষেত্ৰত মহিলাৰ পাল পৰে। ধৰা মাছখিনি নিলাম কৰাৰ পৰা ধৰি বিক্ৰি কৰা, মাছবোৰ বাছা-কটা কৰাকে ধৰি অৱশেষখিনি নিষ্পত্তি কৰা, বৰফ-চাহৰ পৰা আৰম্ভ কৰি ৰন্ধা খাদ্যবস্তু বিক্ৰীলৈকে তেওঁলোকে দায়িত্ব লয়। মাছমৰীয়া মহিলা বুলি ক’লে কেৱল মাছ বিক্ৰেতাই নাথাকে, বিক্ৰেতাৰ সৈতে অংশীদাৰ হিচাপে কাম কৰা, গোটেই কাৰবাৰটো পৰিচালনাৰ দৰে কামবোৰতো মহিলাৰ সংখ্যা সমানেই।