ভাৰতৰ প্ৰিয় মুখ্য ন্যায়াধীশ মহোদয়,

প্ৰথমে অতিকৈ প্ৰাসংগিক আপোনাৰ পৰ্য্যবেক্ষণৰ কাৰণে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি ঠিকেই মন কৰিছে যে “অনুসন্ধানমূলক সাংবাদিকতা সংবাদজগতৰ পৰা নাইকিয়া হৈ আহিব ধৰিছে…আমি ডাঙৰ হোৱা সময়ত বিয়াগোম দুৰ্নীতি ফাদিল হোৱাৰ বাতৰি পঢ়িবলৈ পাম বুলি সদায় অধীৰ আগ্ৰহেৰে বাতৰি কাকত মেলিছিলো। বাতৰি কাকতে কেতিয়াও আমাক হতাশ কৰা নাছিল।”

বিগত দিনবোৰত সংবাদমাধ্যমৰ ভাল কথা কাচিৎহে চাগে কোৱা হৈছে। আপোনাৰ আগৰ সময়ছোৱাৰ ভাতৃত্ববোধ কেনে আছিল সেয়া সোঁৱৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আপুনি ১৯৭৯ত যেতিয়া ইনাডুত সোমাইছিল, তাৰে কেইমাহমান পিছতে ময়ো সাংবাদিকতাৰ জগতখনত খোজ দিছিলো।

আপুনি অলপতে গ্ৰন্থ উন্মোচনী সভা এখনত দিয়া ভাষণত পুৰণি সেই দিনবোৰ মনত পেলাইছে। আপুনি উল্লেখ কৰিছে যে সেই দিনবোৰ কেনে উৎসাহভৰা আছিল আৰু “বাতৰি কাকতে ডাঙৰ ডাঙৰ কেলেংকাৰী উদঘাটন কৰা খবৰ চাবলৈ কাকতৰ পৃষ্ঠা লুটিয়াইছিল।” মহোদয়, আজি আমি পুৱা উঠি খবৰ পাওঁ যে দুৰ্নীতি ফাদিল কৰা সাংবাদিকক বেআইনী গতিবিধি নিয়ন্ত্ৰণ আইন (ইউএপিএ)ৰ দৰে কঠোৰ আইনৰ অধীনত অভিযুক্ত সজোৱা হৈছে, আনকি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। আনকি ধন শোধন নিবাৰণ আইন (পিএমএলএ)ৰ দৰে আইনৰ অপপ্ৰয়োগ কৰা হৈছে, যিটো আপুনি শেহতীয়াকৈ কঠোৰ নিন্দা কৰিছে।

আপুনি আপোনাৰ ভাষণত কৈছে, “অতীতত আমি দুৰ্নীতি আৰু অপকৰ্মৰ বিষয়ে বাতৰি কাকতত প্ৰতিবেদন দেখিছিলো, সেই প্ৰতিবেদনে সকলোকে কঁপাই তুলিছিল আৰু তাৰ পৰিণাম আছিল ভয়ংকৰ।” দুৰ্ভাগ্যৰ কথা যে এনে সংবাদ যুগুতোৱাসকলে আজিকালি সেই পৰিণাম ভোগ কৰিবলগীয়া হৈছে। গণধৰ্ষণৰ বলি হোৱা ভুক্তভোগীজনৰ পৰিয়ালক লগ কৰিবলৈ উত্তৰ প্ৰদেশৰ হাথৰাচলৈ যোৱা সাংবাদিক ছিদ্দিকী কাপ্পানক গ্ৰেপ্তাৰ কৰি এবছৰৰো অধিক কাল কাৰাগাৰত নিক্ষেপ কৰা হ’ল। আনকি তেওঁ জামিনো পোৱা নাই। তেওঁৰ ভগ্নস্বাস্থ্যলৈ কাৰো ভ্ৰুক্ষেপ নাই, গোচৰটোৰ শুনানিৰ বাবে তেওঁ ইখনৰ পৰা সিখন আদালতলৈ দৌৰি ফুৰিবলগীয়া হৈছে।

এনে উদাহৰণ চকুৰ আগত দেখাৰ পিছত নিশ্চয়কৈ সাংবাদিকতা, বিশেষকৈ অনুসন্ধানমূলক আৰু আন বহুতো প্ৰকৃতিৰ সাংবাদিকতাই উসাহ নোপোৱাটোৱে স্বাভাৱিক।

আপুনি ঠিকেই কৈছে ন্যায়ামূৰ্তি ৰমন, যে অতীতৰ বাতৰি কাকতে ডাঙৰ ডাঙৰ দুৰ্নীতি-কেলেংকাৰী ফাদিল কৰাৰ দৰে “এতিয়া এনে বৃহৎ কেলেংকাৰীৰ কোনো ঘটনা মনত নপৰে। সৰ্বত্ৰে যেন ৰঙা ৰঙা গোলাপ ফুলিছে। আপুনি এই বিষয়ে কি ভাবি পাইছে সেয়া আপোনাৰ ওপৰতে এৰিছো।”

আইন আৰু সংবাদমাধ্যম, এই দুয়োটাৰে গভীৰ জ্ঞানেৰে সমৃদ্ধ আপুনি ভাৰতীয় সমাজৰ এজন অতিকৈ আগ্ৰহী পৰ্যবেক্ষক, তেনেস্থলত আপুনি আৰু অকণমান যদি গভীৰতালৈ গৈ পৰ্য্যবেক্ষণ কৰি চালেহেঁতেন, কেনেকৈ কি কি কাৰকে কেৱল অনুসন্ধানমূলক প্ৰকৃতিৰেই নহয়, ভাৰতীয় সাংবাদিকতাৰ সিংহভাগ কেনেকৈ গ্ৰাস কৰিছে। আপুনি যেনেদৰে আমাক নিজেই সিদ্ধান্তত উপনীত হোৱাৰ কথা কৈছে, মই আপোনাৰ বিবেচনাৰ হেতু তিনিটা দিশ উনুকিওৱাৰ অনুমতি বিচাৰিছো।

প্ৰথমেই মিডিয়াৰ মালিকীস্বত্বৰ গাঁথনিটোনো বাস্তৱতঃ কেনেকুৱা সেই কথা ক’ম যিটো মুষ্টিমেয় ক’ৰ্পৰেট গোষ্ঠীৰ হাতত মুঠিত আছে, তেওঁলোকেই মুনাফা আদায়কাৰী, হৰ্ত-কৰ্তা।

দ্বিতীয়তে, স্বতন্ত্ৰ সাংবাদিকৰ ওপৰত ৰাজ্যই চলোৱা নিপীড়ন আৰু কঠোৰ হাতেৰে মুক্ত সাংবাদিকতাক কৰা দমনৰ নজিৰবিহীন চেষ্টা।

তৃতীয়তে নৈতিকতাৰ স্খলন। সংবাদজগতৰ বহু জ্যেষ্ঠ সাংবাদিকক এতিয়া ৰজাঘৰীয়াই ষ্টেন’গ্ৰাফাৰৰ দৰে খটুৱাইছে।

সাংবাদিকতাৰ আদিপাঠ শিকোৱা শিক্ষক হিচাপে মই নিজৰ ছাত্ৰসকলক এটা কথা সদায় সুধি আহিছো যে তেওঁলোকে আমাৰ এই জীৱিকাৰ কোনটো দিশত আগবাঢ়িব খোজে - সাংবাদিকতা নে ষ্টেন’গ্ৰাফি?

সাংবাদিকতাৰ ডেৰকুৰি বছৰৰ অভিজ্ঞতাৰে মই সদায় যুক্তি দি আহিছো যে ভাৰতীয় সংবাদমাধ্যম ৰাজনৈতিকভাৱে মুক্ত যদিও মুনাফাৰ লোভত বন্দী। আজি এই মিডিয়া মুনাফাৰ বন্দী, কিন্তু মুষ্টিমেয় কেতবোৰ স্বতন্ত্ৰ কণ্ঠ আছিল যিবোৰ এতিয়া ক্ৰমশঃ ৰাজনৈতিক হাতোৰাত বন্দী হ’বলৈ ধৰিছে।

সংবাদমাধ্যমৰ স্বাধীনতাৰ শোচনীয় অৱস্থাক লৈ সংবাদমাধ্যমত তেনেই কমকৈ আলোচনা হোৱাটো মন কৰিবলগীয়া কথা। যোৱা কেইটামান বৰ্ষত সংবাদমাধ্যমৰ সৈতে জৰিত চাৰিজনকৈ প্ৰসিদ্ধ চিন্তাবিদক হত্যা কৰা হ’ল। ইয়াৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক গৌৰি লংকেশ পেছাত সাংবাদিক আছিল। (ইয়াতে সুজাত বুখাৰিৰ কথাও ক’ব লাগিব, ৰাইজিং কাশ্মীৰৰ সম্পাদকগৰাকীৰো বুলেটৰ আঘাতত মৃত্যু হৈছিল)। কিন্তু আন তিনিগৰাকী কাকতত নিয়মীয়াকৈ লিখা স্তম্ভলেখক আছিল। নৰেন্দ্ৰ ডাঙোলকাৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া আলোচনী এখনৰ প্ৰতিস্থাপক সম্পাদক আছিল। তেওঁ সেই আলোচনীখন প্ৰায় ২৫ বছৰ চলাইছিল। গোবিন্দ পানচাৰে আৰু এম এম কালবুৰ্গিও প্ৰসিদ্ধ লেখক আৰু স্তম্ভলেখক আছিল।

চাৰিওজনৰ মাজত এটা সাদৃশ্য আছিল যে কেউজনেই আছিল যুক্তিবাদী আৰু ভাৰতীয় ভাষাত লিখা সাংবাদিক। সেই কাৰণতে তেওঁলোকক হত্যা কৰাসকলৰ শংকা বাঢ়ি আহিছিল। চাৰিওজনৰ হত্যাকাৰীৰ সৈতে ৰাজ্যৰ পোনপটীয়া সম্পৰ্ক নাই যদিও তেওঁলোক শাসকীয় বৰ্গৰ সৈতে উঠা-বহা কৰা লোক। অৰাজ্যিক এই হত্যাকাৰীসকলৰ হিটলিষ্টত আন বহুকেইজন সাংবাদিক এতিয়াও আছে।

স্বাধীন ভাৰতৰ ইতিহাসত ভাৰতীয় সংবাদমাধ্যম নিজৰ আটাইতকৈ বেয়া স্থিতিলৈ অৱনমিত হোৱাৰ সত্যক যদি ন্যায়পালিকাই মানি লয়, তেন্তে সাংবাদিকতাৰ শোচনীয় অৱস্থা কিছু ভাললৈ আহিব পাৰে বুলি আশা কৰিব পাৰি। শেহতীয়াকৈ প্ৰযুক্তিৰ অগ্ৰগতিৰ প্ৰেক্ষাপটত পেগাচাচৰ দৰে যি ঘটনা ঘটিছে , য’ত আধুনিক প্ৰযুক্তিৰ সহায়ত অৱদমন কৰাৰ চেষ্টা কৰা হৈছে, তেনে ঘটনাই জৰুৰীকালীন অৱস্থাতকৈও ভয়াৱহ পৰিস্থিতিৰ জন্ম দিব পাৰে।

ফ্ৰান্সৰ ৰিপ’ৰ্টাৰ্ছ ৱিডাউট ব’ৰ্ডাৰ্ছ সংস্থাই ২০২০ত প্ৰকাশ কৰা সংবাদমাধ্যমৰ স্বাধীনতাৰ বিশ্ব সূচাংকত ভাৰত ১৪২ স্থানলৈ অৱনমিত হৈছে।

প্ৰেছৰ স্বাধীনতাৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা কেনেধৰণৰ, তাৰে পোনপটীয়া অভিজ্ঞতা আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো। আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ স্থানাংক ১৪২লৈ নামি অহাত বিতুষ্ট হৈ কেন্দ্ৰীয় কেবিনেট সচিবগৰাকীয়ে সূচাংক নিৰীক্ষণ কমিটি এখন গঠন কৰাৰ আহ্বান জনায় যিটো সংস্থাক ভাৰতত সংবাদমাধ্যমৰ স্বতন্ত্ৰতা বিষয়ত নিজৰ প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব দিয়া হ’ব। কমিটিখনৰ সদস্য হোৱাৰ প্ৰস্তাৱ পোৱাত মই এই চৰ্ত আগত ৰাখি সন্মতি দিছিলো যে আমি ডব্লিউপিএফআই ৰেংকিঙৰ সত্যতা নুই কৰিবলৈ যোৱাৰ পৰিৱৰ্তে ভাৰতত সংবাদমাধ্যমৰ স্বতন্ত্ৰতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

১৩ জনীয়া কমিটিখনত ১১ গৰাকী আমোলা আৰু চৰকাৰ নিয়ন্ত্ৰিত আনুষ্ঠানিক গৱেষক আছিল। সংবাদমাধ্যমৰ স্বতন্ত্ৰতাৰ পৰ্য্যবেক্ষণৰ হেতু গঠিত এই কমিটিখনত মাত্ৰ দুজন সাংবাদিকক অন্তৰ্ভূক্ত কৰা হৈছিল! কমিটিৰ যিকেইখন বৈঠক বহিছিল, তাত ইয়াৰে এজনে কথাও নকয়, প্ৰশ্নও নকৰে। বৈঠকবোৰ খুবেই মসৃণকৈ পাৰ হৈ গ’ল। ময়েই কেৱল তাত কথা ক’লো প্ৰশ্ন কৰিলো। তাৰপিছত এখন ‘খচৰা প্ৰতিবেদন’ প্ৰস্তুত কৰা হ’ল। বৈঠকবোৰত উল্লেক কৰা কোনো গুৰুতৰ কথা তাত উল্লেখ কৰা নহ’ল। সেয়ে মই নিজাববীয়াকৈ এখন অসন্মতিৰ পত্ৰ লিখি সেই খচৰাত অন্তৰ্ভূক্তিৰ হেতু দাখিল কৰিলো।

পলকতে সেই প্ৰতিবেদনখনতো বাদেই, কমিটিখনো অদৃশ্য হৈ পৰিল। দেশখনৰ উৰ্ধতম আমোলা, যি কেৱল দেশৰ আটাইতকৈ শক্তিশালী দুই ব্যক্তিৰ ওচৰতহে জবাবদিহি আছিল, সেই ব্যক্তিৰ নিৰ্দেশত গঠিত কমিটিখন নাইকিয়া হৈ গ’ল। এতিয়া আৰটিআইৰ জৰিয়তেও সেই প্ৰতিবেদনৰ কথা জানিব পৰা নাযায়। অৱশ্যে মোৰ হাতত সেইখনৰ এটা খচৰা প্ৰতিলিপি এতিয়াও আছে। এই কমিটিখনৰ মূল বিষয়বস্তু অনুসন্ধানমূলক সাংবাদিকতা নাছিল, তাৰ পৰিৱৰ্তে আছিল সাংবাদিকতাৰহে অনুসন্ধান কৰা। যিটো ভাৰতত কোনো নতুন কথা নহয়। মই অসন্মতি জাহিৰ কৰি পত্ৰ লিখাৰ লগে লগে গোটেই প্ৰতিবেদনখনেই নাইকিয়া হৈ গ’ল।

সংবাদজগতত এনে বহু লোক আছে যিয়ে অনুসন্ধানমূলক সাংবাদিকতা কৰিবলৈ আগ্ৰহী, যিটোৰ উল্লেখ আপুনি আপোনাৰ বক্তব্যত কৈছে। ডাঙৰ ডাঙৰ সংস্থা, বিশেষকৈ চৰকাৰী সংস্থাৰ দুৰ্নীতি, কেলেংকাৰীক লৈ অনুসন্ধানমূলক সাংবাদিকতা। আজিকালি এনে সাংবাদিকতা কৰিব খোজা সাংবাদিকৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিয়া প্ৰথমজন ব্যক্তি হৈছে তেওঁলোকৰ বছ। সেই বছজন ক’ৰ্পৰেট মিডিয়াৰ বহতীয়া আৰু চৰকাৰ তথা ডাঙৰ ডাঙৰ পদবীধাৰী ক্ষমতাশালী লোকৰ সৈতে তেনে লোক ওতপ্ৰোতভাৱে জৰিত।

এই বৃহৎ মিডিয়াগোষ্ঠীৰ মালিকবোৰে পেইড নিউজৰ পৰা বহুখিনি টকা আদায় কৰে, ৰাজহুৱা সম্পদৰ তেওঁলোকে অবাধ শোষণ কৰে, চৰকাৰে তেওঁলোকৰ হাতত গতাই দিয়া ৰাজহুৱা সম্পদ-সংস্থাৰ পৰা তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা লাভ কৰে আৰু শাসকীয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰত অবাধ টকা খৰছ কৰে। তেওঁলোকে শাসনত বহি থকা নিজৰ অংশীদাৰজনক সাংবাদিকে আমনি দি থকাটো নিবিচাৰে। এটা সময়ত গৌৰৱ কৰিবলগীয়া ভাৰতীয় সংবাদমাধ্যম এতিয়া নিৰন্তৰ অৱনমিত হ’বলৈ ধৰিছে আৰু পইছা উপাৰ্জন কৰা মেচিনত পৰিণত হৈছে। ফ’ৰ্থ ইষ্টেট (চতুৰ্থ স্তম্ভ) আৰু ৰিয়েল ইষ্টেটৰ মাজৰ ব্যৱধান নাইকিয়া কৰি দিয়া হৈছে। শাসকীয় পক্ষৰ বিষয়ে সঁচা কথা ক’ব পৰা সাংবাদিকতাৰ প্ৰতি তেনে সাংবাদিকতাৰ হোতাসকলৰ তিলমানো আগ্ৰহ এতিয়া নাই।

মই ভাবো আপুনি এই কথাৰ সৈতে সহমত প্ৰকাশ কৰিব যে এই অতিমাৰীৰ সময়ৰ দৰে আগতে আন কোনো সময়ত ভাৰতীয় জনতাক সাংবাদিক আৰু সাংবাদিকতাৰ ইমান প্ৰয়োজন হোৱা নাছিল। শক্তিশালী সংবাদগোষ্ঠীবোৰে তেওঁলোকৰ পাঠক আৰু দৰ্শকৰ লগতে জনতাৰ পক্ষত থিয় দিয়াৰ পৰিৱৰ্তে কি কৰিলে? তেওঁলোকে দুইৰ পৰা আঢ়ৈ হাজাৰ সাংবাদিকক আৰু সংবাদমাধ্যমৰ সৈতে জৰিত আন বহুতো লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।

PHOTO • Courtesy: TMMK
PHOTO • Shraddha Agarwal

সংবাদমাধ্যমৰ এক বৃহৎ অংশই ক ’ভিড-১৯ৰ সময়ৰ ব্যৱস্থাপনাৰ বেমেজালিৰ কথা মনত নাৰাখিলে, তাৰ পৰিৱৰ্তে চৰকাৰে ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে হোৱা যুঁজখনত সমগ্ৰ বিশ্বক চেৰ পেলাই দক্ষতাৰে যুঁজ দিয়াৰ কল্পকাহিনী কৈ থাকিল

জনতালৈ সেৱা আগবঢ়োৱাৰ আদৰ্শ এতিয়া বিলুপ্ত। ২০২০ৰ আৰ্থিক দুৰৱস্থাই সংবাদমাধ্যমক আগতকৈও বেছি চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে। সেয়ে আমি বেছিভাগ সংবাদ মাধ্যমে ক’ভিড-১৯ৰ চৰকাৰী পৰিচালনাৰ আঁসোৱাহৰ ওপৰত দেখুৱাবলগীয়া প্ৰতিবেদন পাহৰি (কেইটামানত বাদে) ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত চৰকাৰে সমগ্ৰ বিশ্বক প্ৰায় সকলো দিশতে চেৰ পেলাই দক্ষতাৰে যুঁজ দিয়াৰ কল্পকাহিনী কৈ থকা দেখা পাওঁ।

এই সময়ছোৱাতে ‘পিএম কেয়াৰ ফাণ্ড’ গঠন কৰাও দেখা গ’ল। পুঁজিটোৰ নামটোতে ‘প্ৰধানমন্ত্ৰী’ বুলি উল্লেখ আছে, ৱেবছাইটটোত তেওঁৰ মুখখনো দেখুওৱা হৈছে, কিন্তু যুক্তি দৰ্শোৱা হৈছে যে এয়া ‘ৰাজহুৱা প্ৰাধিকৰণ’ নহয়, তথ্য জনা অধিকাৰ আইনৰ আওতাতো ই নাহে। আনকি ই “ভাৰত চৰকাৰৰ পুঁজিও নহয়।” তাৰমানে এয়া দেশৰ কোনো সংস্থাৰ আনুষ্ঠানিক হিচাপ পৰীক্ষকৰ ওচৰত জবাবদিহি নহয়।

মহোদয়, এইখিনি সময়তে স্বাধীন ভাৰতৰ ইতিহাসত আটাইতকৈ পশ্চাদগামী শ্ৰম আইনৰ কিছুমান ৰাজ্য চৰকাৰে অধ্যাদেশৰ ৰূপত জাৰী কৰিলে, সেয়াই পিছলৈ কেন্দ্ৰ চৰকাৰে ক’ড হিচাপে বলবৎ কৰিলে । ৰূপায়িত কিছুমান অধ্যাদেশে দেশৰ শ্ৰমিক শ্ৰেণীক এটা দশক পিছুৱাই নিলে । সেই অধ্যাদেশে এদিনত আঠ ঘণ্টা কাম কৰাৰ আইন প্ৰত্যাহাৰ কৰিলে আৰু শ্ৰমিকৰ অধিকাৰৰ ভিত্তিয়েই নাইকিয়া কৰি পেলালে। বহু মানুহক চাকৰিত ৰখা ক’ৰ্পৰেটৰ অধীনত থকা সংবাদমাধ্যমৰ ক্ষেত্ৰত এই দিশটোৰ অনুসন্ধান কৰাৰ কোনো অৱকাশ আপুনি নাপাব। আকৌ যি সাংবাদিকেই এই দিশটোৰ অনুসন্ধান কৰিবলৈ আগবাঢ়ি আহিছে, তেওঁক মিডিয়া মালিকে কামৰ পৰা বৰ্খাস্ত কৰিছে।

মহোদয়, মোক এই কথায়েও সমানেই কষ্ট দিছে যে এনে পৰিস্থিতি দেখিও ন্যায়পালিকাই আগবাঢ়ি আহি হস্তক্ষেপ কৰা নাই। সেয়া লাগিলে চৰকাৰী দুৰ্নীতিয়ে হওঁক, বা বৃহৎ সংখ্যক সাংবাদিকক কামৰ পৰা উলিয়াই দিয়াৰ কথাই হওঁক। শ্ৰমিকৰ অধিকাৰৰ কথাই হওঁক বা প্ৰধানমন্ত্ৰীৰ পদটোৰ অনুচিত ব্যৱহাৰ কৰি কোনো স্বচ্ছ ব্যৱস্থা অবিহনে জনসাধাৰণৰ পৰা পুঁজি একত্ৰিত কৰাৰ কথাই হওঁক। সংবাদমাধ্যমৰ যি অভ্যন্তৰিণ আৰু গাঁথনিগত আসোঁৱাহ আছে, সেই কাৰণতে সংবাদমাধ্যম বিনিয়োগ কৰাজনৰ ওচৰত মুৰ দোৱাই থকা আপোচকাৰী প্ৰকৃতিৰ হৈ পৰিছে। কিন্তু এয়াও ধুৰুপ যে ইয়াৰে কিছুমান ক্ষেত্ৰত ন্যায়পালিকাৰ হস্তক্ষেপে সাংবাদিকসকলক অকণমান হ’লেওঁ সকাহ দিব, নহয়নে?

স্বতন্ত্ৰ সংবাদগোষ্ঠীৰ কাৰ্য্যালয়ত হঠাত তালিচী চলোৱা, তাৰে মালিক আৰু সাংবাদিকক ‘ধন শোষণকাৰী’ বুলি কৈ দাবী-হুমকি দিয়া, আৰু তেনে প্ৰকৃতিৰ সংস্থাবোৰৰ ওপৰত নিৰন্তৰ উৎপীড়ন আদি ক্ৰমশঃ বাঢ়ি আহিছে। কিন্তু চৰকাৰৰ আদেশ মানি চলা এই এজেন্সীবোৰেও এই কথা জানে যে ইয়াৰে বেছিভাগ অভিযোগেই আদালতত মিছা প্ৰমাণিত হ’ব। কিন্তু তেওঁলোকে স্বতন্ত্ৰ সংবাদগোষ্ঠীৰ মালিক আৰু কৰ্মচাৰীক ভয় খুওৱাৰ কাৰণে এইবোৰ কৰে, আইনী প্ৰক্ৰিয়াটোকেই শাস্তি হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকে ভালদৰে জানে যে এই গোচৰবোৰ নিষ্পত্তি হওঁতে বছৰৰ পিছত বছৰ বাগৰিব। আইনী যুঁজত অধিবক্তাৰ মহঙা মাচুল ভৰিব নোৱাৰি সেই স্বতন্ত্ৰ কণ্ঠবোৰ নিজে নিজে স্তব্ধ হৈ পৰিব। আনকি দৈনিক ভাস্কৰৰ দৰে বৃহৎ মিডিয়া গোষ্ঠীৰ দৰে স্বতন্ত্ৰ কণ্ঠ ৰোধ কৰিবলৈ এনেদৰে আচম্বিত তালাচী চলোৱা হৈছে, যেন সেয়া আণ্ডাৰৱৰ্ল্ডৰ অপৰাধীৰ ঘাটিহে । কিন্তু কোনো এটা ডাঙৰ মিডিয়াগোষ্ঠীয়ে এই ঘটনাৰ বিষয়ে আলোচনা নকৰিলে।

বোধকৰো মহোদয়, ন্যায়পালিকাই আইনৰ এনেদৰে জ্ঞাতসাৰে কৰা অপব্যৱহাৰত যতি লগাবলৈ কিবা এটা কৰিব পাৰে।

PHOTO • Shraddha Agarwal
PHOTO • Parth M.N.

মূলধাৰা ৰ কোনো সংবাদমাধ্যমে নিজৰ পাঠকক এই কথা কৈছেনে যে কৃষকে নিজৰ শ্লোগানত যি দুই বিয়াগোম ক ৰ্পৰেটৰ কথা কৈছে , সেই দুই ক ৰ্পৰেট গোষ্ঠীৰ সম্পত্তি লগ লগালে পাঞ্জাৱ নাইবা হাৰিয়ানাৰ জিএছডিপি (ৰাজ্যৰ মুঠ ঘৰুৱা উপাদন)তকৈ বহুতেই বেছি হ

হায়, ন্যায়পালিকাই শেহতীয়াকৈ প্ৰত্যাহাৰ কৰা কৃষি আইনকেইখনৰ ক্ষেত্ৰতো নিজৰ স্থিতি স্পষ্ট নকৰিলে। মই কেতিয়াও আইন অধ্যয়ন কৰা নাই, কিন্তু এনে এখন বিতৰ্কিত আইনৰ সাংবিধানিক বৈধতাৰ পুনৰীক্ষণ কৰাটো সৰ্বোচ্চ ন্যায়ালয়খনৰ সাংবিধানিক মুৰব্বীজনৰ দায়িত্ব আছিল বুলি মই বুজি পাওঁ। তাৰ পৰিৱৰ্তে ন্যায়ালয়খনে এখন কমিটিহে গঠন কৰি দিলে, কৃষি আইনৰ দিশটোক লৈ সমাধানসূত্ৰ বিচাৰি প্ৰতিবেদন দাখিল কৰিবলৈ সেই কমিটিক নিৰ্দেশ দিলে, আৰু সেই প্ৰতিবেদন আৰু কমিটিখনো এতিয়া পাহৰণিৰ গৰ্ভত।

এনেদৰে ‘কমিটিৰ দ্বাৰা অন্ত’ বুলি লিখাৰ লগে লগে কমিটিৰেই অন্ত পৰিল।

তাতে আকৌ ‘মূলধাৰা’ৰ সংবাদমাধ্যমৰ কৃষি আইনকেইখনৰ বিষয়ত স্বাৰ্থৰ সাংঘাতিক ধৰণৰ সংঘাত আছে। এই আইনকেইখনৰ পৰা ব্যক্তিগত ক’ৰ্পৰেট নেতাই অতি বেছি মুনাফা লাভ কৰিব পাৰিব , সেইসকলেই আকৌ দেশৰ বৃহৎ সংবাদগোষ্ঠীৰ মালিক। যিকেইটা সংবাদগোষ্ঠী তেওঁলোকৰ নহয়, তাতে আকৌ তেওঁলোকেই আটাইতকৈ বেছি বিজ্ঞাপন দিয়ে। সেয়ে ‘মূলধাৰা’ৰ সংবাদগোষ্ঠীয়ে তেওঁলোকৰ সম্পাদকীয়ত সেই আইনকেইখনক প্ৰশংসা কৰি আহিছে।

প্ৰতিবাদী কৃষকে তেওঁলোকৰ শ্লোগানত নাম লোৱা বিয়াগোম ক’ৰ্পৰেট গোষ্ঠীদুটাৰ ভদ্ৰলোক দুজনৰ সম্পত্তি লগ লগালে পাঞ্জাৱ বা হাৰিয়ানাৰ মুঠ ঘৰুৱা উৎপাদনতকৈ বহুতেই বেছি হৈ পৰে, সেই কথা তেনে সংবাদগোষ্ঠীবোৰৰ কোনো এটাইও পাঠক-দৰ্শকক ক’বনে? ক’ব নে যে ফ’ৰ্বছ আলোচনীত প্ৰকাশ পোৱা মতে তেওঁলোকৰ মাজৰ এজনৰ সম্পত্তিৰ পাহাৰে পাঞ্জাৱৰ জিএছডিপিকো চেৰ পেলাইছে? এনে তথ্যই নিশ্চয়কৈ তেওঁলোকৰ পাঠক আৰু দৰ্শকক এক জ্ঞাত সিদ্ধান্তত উপনীত হোৱাত সহায় কৰিলেহেঁতেন, নহয়নে?

আঙুলিৰ মুৰত লিখিব পৰা সংবাদগোষ্ঠীৰ হাতত তেনেই তাকৰীয়া সংখ্যক সাংবাদিক আছে যিসকলে অনুসন্ধানমূলক সাংবাদিকতা কৰিব পাৰে, যিটোৰ কাৰণে আপোনাক আপোনাৰ ভাষণত নষ্টালজিক হৈ পৰা দেখা গৈছিল। ভাৰতীয় কোটি কোটি সৰ্বসাধাৰণ জনতাৰ সামাজিক আৰু আৰ্থিক অৱস্থাৰ ওপৰত প্ৰতিবেদন যুগুতোৱা, যিটোক আমি মানৱীয় অৱস্থাৰ অনুসন্ধান বুলি কওঁ, তেনে সাংবাদিকতা কৰা মানুহ আপুনি খুব কমেই দেখিব। তেনে মানুহবোৰৰ মাজৰে ময়ো এজন। এই বিষয়কে কেন্দ্ৰ কৰি যোৱা ৪১ টা বছৰে কাম কৰি আহিছো।

কিন্তু মানৱীয় অৱস্থাৰ অনুসন্ধান কৰি তাৰ উত্তৰণৰ হেতু কাম কৰা কেৱল মানুহ সাংবাদিকসকলেই নহয়। মুনাফা অনাদায়ী আৰু নাগৰিক সমাজৰ সংস্থাবোৰেও এই কাম কৰি আহিছে, যাৰ বিৰুদ্ধে ভাৰত চৰকাৰে একপ্ৰকাৰ যুদ্ধই ঘোষণা কৰিছে। এফচিআৰএ বাতিল কৰা হৈছে , কাৰ্য্যালয়বোৰত আচম্বিত তালাচী চলোৱা হৈছে, খাতাবোৰ বন্ধ কৰি ৰখা হৈছে, ধন শোষণৰ অভিযোগ অনা হৈছে। সংস্থাবোৰক দেউলীয়া কৰি একেবাৰে ৰাজহাড় ভাঙি নেপেলোৱালৈকে লাগি থাকিছে, নাইবা লাগি আছে। বিশেষকৈ জলবায়ু পৰিৱৰ্তন, শিশু শ্ৰমিক, কৃষি আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা সংস্থাবোৰ আক্ৰোশৰ বলি হৈছে নাইবা হ’বলৈ গৈ আছে।

সেয়ে মহোদয়, আজি আমি এনে এটা অৱস্থাত আছো য’ত সংবাদমাধ্যম গভীৰ সংকটত পৰিছে, আনফালে তাক সুৰক্ষা দিয়াৰ দায়িত্বত থকা সংস্থাবোৰো নিহপালি দিছে। আপুনি কম কথাত কোৱা চিন্তনীয় মন্তব্যই মোক আপোনালৈ এইখন চিঠি লিখিবলৈ বাধ্য কৰালে। সংবাদমাধ্যম ভাল হ’বই লাগিব তাত কোনো দ্বিমত নাই। কিন্তু ন্যায়পালিকাই তেওঁলোকক ভাললৈ অনাত সহায় কৰিব লাগে বুলি মই ভাবো, তাৰোপৰি ন্যায়পালিকাই নিজৰো উত্তৰণ সাধন কৰা উচিত বুলি মই ক’ব পাৰোনে? মই ভাবো আমাৰ দুয়োটা অনুষ্ঠানেই, আৰু আমি সকলোৱে এজন ছিদ্দিকী কাপ্পানে কাৰাগাৰত কটোৱা এটা এটা দিনৰ বাবে সমালোচিত হৈ থাকিম।

আন্তৰিকতাৰে,
পি সাইনাথ

সচিত্ৰকৰণ কৰিছে পৰিপ্লৱ চক্ৰৱৰ্ত্তীৱে, দা ৱায়াৰৰ সৌজন্যত।

এই লেখাটো প্ৰথমে দা ৱায়াৰত প্ৰকাশ পাইছিল।

অনুবাদ: পংকজ দাস

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das