বাৰিষাৰ প্ৰথম বৰষুণজাকৰ সৈতে চানিয়া মুল্লানিৰ জন্মদিনটোৰ এক বিশেষ যোগসূত্ৰ আছে।
চন ২০০৫ । মহাৰাষ্ট্ৰত তেতিয়া প্ৰলংয়কাৰী বানপানী। ইতিমধ্যে ১,০০০ লোকে প্ৰাণ হেৰুৱাইছে । ২০ কোটি লোকে প্ৰাণ হেৰুৱাইছে। তাৰে এটা সপ্তাহ পিছত, জুলাই মাহত তাইৰ জন্ম হৈছিল। “বানপানীৰ মাজতে তাইৰ জন্ম হৈছিল, বানপানীতে তাইৰ জীৱনটো যাব,” মানুহে তাইৰ মাক-দেউতাকক কৈছিল।
২০২২ৰ জুলাইৰ প্ৰথমটো সপ্তাহত যেতিয়া ধাৰাসাৰ বৰষুণ আহে, তেতিয়া ১৭ বছৰীয়া চানিয়াৰ মনলৈ মানুহে কোৱা কথাষাৰ আহে। “পানী বঢ়ত চল্লায় (পানী বাঢ়িছে) বুলি শুনিলে আকৌ এবাৰ বানপানী আহিব নেকি বুলি মনতে শংকা জাগে,” মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ হাটকানাংলে তালুকৰ ভেণ্ডাৱাড়ে গাঁৱৰ বাসিন্দাগৰাকীয়ে কয়। ২০১৯ৰ পৰা এতিয়ালৈকে দুবাৰ গাওঁখনৰ ৪,৬৮৬ বাসিন্দাই বানৰ সংহাৰ দেখিছে।
“২০১৯ৰ আগষ্টত বানৰ পানী ২৪ ঘণ্টাৰ ভিতৰতে আমাৰ ঘৰৰ ভিতৰত সোমাইছিল, সাতফুট পানী,” চানিয়াই মনত পেলায়। ঘৰৰ পানী সোমাবলৈ ধৰা সময়তে মুল্লানি পৰিয়ালটো কোনোমতে ওলাই সাৰিল, কিন্তু সেই ভয়াৱহ স্মৃতিয়ে চানিয়াৰ মনত দকৈ সাঁচ বহুৱাই থৈ গ’ল।
২০২১ৰ জুলাইত আকৌ এবাৰ বান আহিল। এইবাৰ পৰিয়ালটোৱে গাঁৱৰ বাহিৰত পতা আশ্ৰয় শিবিৰত তিনিটা সপ্তাহ কটালে। গাঁৱৰ কৰ্তৃপক্ষই অনুমতি দিয়াৰ পিছতহে ঘৰলৈ উভতিব পাৰিলে।
টাইকোৱাণ্ডো চেম্পিয়ন চানিয়াই ব্লেক বেল্ট পোৱাৰ পৰা পিছুৱাই থকাৰ কাৰণ ২০১৯ৰ পৰা আৰম্ভ হোৱা বানপানী। যোৱা তিনিটা বছৰত তেওঁৰ অৱসাদগ্ৰস্ততা, অস্থিৰতা আৰু উদ্বেগ বাঢ়িছে, খিংখিঙীয়াও হৈছে। “প্ৰশিক্ষণত ভালকৈe মন বহুৱাব পৰা নাই, বৰষুণৰ ওপৰতেই মোৰ প্ৰশিক্ষণ নিৰ্ভৰশীল হৈ পৰিছে,” তেওঁ কয়।
প্ৰথম লক্ষণ দেখা দিওতে তাই ভাবিছিল যে লাহে লাহে সেয়া ঠিক হ’ব। কিন্তু উপশম নোপোৱাত তাই প্ৰাইভেট ডাক্তৰ এজনৰ ওচৰত দেখুৱালে। ২০১৯ৰ আগষ্টৰ পৰা তেওঁ ২০ বাৰৰো অধিক ডাক্তৰক দেখা কৰিছে, কিন্তু অৱসাদ, মূৰ আঁচন্দ্ৰাই কৰা, গাৰ বিষ, সঘনে উঠা জ্বৰ, মনযোগ বহুৱাব নোৱাৰা আৰু অহৰহ “চিন্তা আৰু চাপ” আঁতৰিবই নোখোজে।
“কিন্তু এতিয়া ডাক্তৰৰ ওচৰলৈ যাবলৈকো হাজাৰবাৰ চিন্তা কৰিব লাগে,” তাই কয়। “এজন প্ৰাইভেট ডাক্তৰে প্ৰতিবাৰ সাক্ষাতত কমেও ১০০ টকা লয়, তাৰ পিছত আকৌ দৰৱ, একাধিক পৰীক্ষা আৰু ফলো-আপ থাকেই,” তাই কয়। “আকৌ ইন্ট্ৰাভেনাচ ড্ৰিপ লগাব লাগিলে প্ৰতি বটলত ৫০০ টকা দিবলগীয়া হয়।”
ডাক্তৰৰ কাষ চাপিও যেতিয়া কামত নাহিল, বন্ধুবৰ্গই আন এক সমাধান দিলে। “মনে-প্ৰাণে কেৱল প্ৰশিক্ষণৰ কথা ভাবা।” কিন্তু সেয়াও বিফল হ’ল। তাইৰ স্বাস্থ্য যেতিয়া অধিক শোচনীয় হ’বলৈ ধৰিলে, তেতিয়া তাই ডাক্তৰক ক’লে, তেতিয়া ডাক্তৰে তাইক কেৱল ক’লে, “চিন্তা কৰি নাথাকিবা।” বোধকৰো এইটোৱে তাই অনুসৰণ কৰিব নোৱাৰা আটাইতকৈ টান পৰামৰ্শ। কেতিয়া বৰষুণ আহিব, কেতিয়া ঘৰখন উটুৱাই নিব, পৰিয়ালটো গভীৰ সংকটত পৰিব - এই কথাবোৰে তাইৰ মনত অনিশ্চয়তাৰ ভাৱ অহৰহ আনে।
চানিয়াৰ দেউতাক জাভেদ এগৰাকী খেতিয়ক। নিজৰ এক একৰ খেতিমাটিত তেওঁ ২০১৯ আৰু ২০২১ৰ বানপানীত ১ লাখ কিলোগ্ৰাম কুঁহিয়াৰ হেৰুৱাইছিল। ধাৰাসাৰ বৰষুণ আৰু ৱাৰ্ণা নদীৰ পানীয়ে ২০২২তো তেওঁৰ খেতি নষ্ট কৰিছিল।
“২০১৯ৰ বানপানীৰ পৰা কোনো গেৰাণ্টিয়ে নোহোৱা হ’ল যে খেতি কি কৰিব আৰু ফল কি পাব। ইয়াৰে খেতিয়কে প্ৰতিটো ঋতুতে দুবাৰকৈ বীজ সিঁচিবলগীয়া হয়,” জাভেদে কয়। এনেকৈ উৎপাদনৰ ব্যয় বাঢ়ে, লাভ কেতিয়াবা হয়, কেতিয়াবা লোকচানত বোজা ববলগীয়া হয়। এনেকৈয়ে কৃষি হৈ পৰে অনিশ্চয়তাৰ শ্ৰম।
এনে অনিশ্চয়তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে অতিপাত সুদৰ হাৰত সুতখোৰৰ পৰা পইচা লোৱা। ইয়ে মানসিক চাপ আৰু বঢ়ায়। “পইচা দিয়াৰ দিন যেতিয়া আহে, মানসিক চাপৰ ফলত মানুহে ডাক্তৰৰ ওচৰলৈ দৌৰিবলৈ বাধ্য হৈ পৰে,” চানিয়াই কয়।
গধুৰ হৈ অহা ঋণৰ বোজা আৰু বানপানী আহিব বুলি মনতে বাহ লোৱা সংশয়ে চানিয়াক সকলো সময়তে উদ্বিগ্ন কৰি ৰাখে।
“সাধাৰণতে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ পিছত মানুহে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ পৰা অলপ হ’লেও বিচ্যুত হয়। তেওঁলোকে নিবিচাৰে, তেনে নহয়; তেওঁলোক অসমৰ্থ হৈ পৰে,” ক’লহাপুৰৰ নিদানিক মনস্তত্ত্ববিদ শালমালি ৰানমালে কাকাড়ে কয়। “ইয়াৰ ফলত অসহায় ভাৱ, হতাশা, দুখৰ ভাৱ আদি আহিবলৈ লয় আৰু এনেকৈ মানুহৰ মনৰ ভাৱ ক্ষতিগ্ৰস্ত হয় আৰু উদ্বিগ্নতাই দেখা দিয়ে।”
ৰাষ্ট্ৰসংঘৰ ইণ্টাৰগভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেইঞ্জ (আইপিচিচি)য়ে প্ৰথমবাৰৰ বাবে মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ গভীৰ প্ৰভাৱ পেলোৱাৰ কথা দাঙি ধৰিছে: উদ্বিগ্নতা আৰু মানসিক চাপকে ধৰি মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহ গোলকীয় উষ্ণতাৰ পৰিপ্ৰেক্ষিতত সকলো অঞ্চলতে, বিশেষকৈ শিশু, কিশোৰ আৰু বয়স্কসকল আৰু ইতিমধ্যে স্বাস্থ্যজনিত সমস্যাত ভুগি থকাসকলৰ ক্ষেত্ৰত বৃদ্ধি পোৱা আশংকা থাকে।”
*****
২০২১ত ঐশ্বৰ্য্য বিৰাজদাৰে (১৮) নিজৰ সপোনবোৰ বানৰ পানীয়ে উটুৱাই নিয়া দেখিছিল।
পানী কমাৰ পিছত ভেণ্ডাৱাড়েৰ দৌৰবিদ আৰু টাইকোৱাণ্ডো চেম্পিয়নগৰাকীয়ে ১৫ দিন কমেও ১০০ ঘণ্টা সময় ঘৰটো চাফা কৰোঁতে কটাইছিল। “অস্বস্তিকৰ দুৰ্গন্ধ যাবই খোজা নাছিল, বেৰবোৰ দেখি এনে লাগিছিল যে এই খহি পৰিব,” তাই কয়।
সাধাৰণ জীৱনটো ঘূৰাই পাবলৈ প্ৰায় ৪৫ দিন লাগিছিল। “আপুনি এদিনৰ প্ৰশিক্ষণ খতি কৰিলে মন বেয়া লাগিব,” তাই কয়। ৪৫ দিন প্ৰশিক্ষণৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা মানে তাই আৰু বেছি কষ্ট কৰিবলগীয়া হৈছিল। “কিন্তু মোৰ ষ্টেমিনা কমিছিল, আধাপেটে থাকি দুগুণ প্ৰশিক্ষণ ল’বলগীয়া হৈছিল। বেছিদিন এনেকৈ টিকিব নোৱাৰি আৰু বহুত মানসিক চাপৰ সৃষ্টি হয়,” তাই কয়।
পানী কমাৰ পিছত চানিয়া আৰু ঐশ্বৰ্য্যৰ মাক-দেউতাকে তিনি মাহলৈ একো কাম নোপোৱা হ’ল। গাঁৱৰ মানুহেও সুস্থিৰ অৱস্থা ঘূৰাই পাবলৈ কষ্ট কৰিবলগীয়া হ’ল। খেতিৰ উপাৰ্জনে নোজোৰা বাবে ৰাজমিস্ত্ৰীৰ কাম কৰা জাভেদে অঞ্চলটোৰ সকলোতে নিৰ্মাণকাৰ্য্য বন্ধ হৈ যোৱাত কাম নোপোৱা হ’ল। সাধাৰণতে বন্ধকীৰ মাটিত খেতি কৰা আৰু কৃষিশ্ৰমিকৰ কাম কৰা ঐশ্বৰ্য্যৰ মাক-দেউতাকেও একেই পৰিস্থিতিৰ সন্মুখীন হ’ল, খেতিপথাৰ পানীৰে উপচি থকাত একো কৰিব নোৱাৰা হ’ল।
ঋণ বাঢ়ি অহাত আৰু সুদবোৰে জমা হৈ আহি থকাৰ ফলত পৰিয়ালবোৰে খোৱা-বোৱা কমাই দিলে। ঐশ্বৰ্য্য আৰু চানিয়াৰ পৰিয়ালেও চাৰিমাহ দিনে এসাজকৈ খাই চলিল, কেতিয়াবা আনকি সেইসাজো বাদ পৰিল।
পৰিয়ালটো চলি যোৱাত সহায় কৰিবলৈ মাক-দেউতাকৰ লগতে নিজেও এই যুৱ খেলুৱৈয়ে কিমানদিন এনেকৈ লঘোণে দিন নিয়াইছে, হিচাপ হেৰুৱাই পেলালে। এনেদৰে খাদ্য আৰু মানসিক সুস্থিৰতাৰ অভাৱত সিহঁতৰ প্ৰশিক্ষণ আৰু পাৰদৰ্শিতা বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল। “কঠোৰ ব্যায়াম কৰিব নোৱাৰা হৈ পৰিলো,” চানিয়াই কয়।
চানিয়া আৰু ঐশ্বৰ্য্যই যেতিয়া উদ্বিগ্নতা ভাৱৰ চিকাৰ হৈছিল, সিহঁতে ইমান বেছি গুৰুত্বসহকাৰে কথাটো লোৱা নাছিল। কিন্তু যেতিয়া দেখিলে যে আন খেলুৱৈৰ মাজতো এই উদ্বিগ্নতা সিহঁততকৈও বেছি, তেতিয়া দুয়ো সচেতন হ’ল। “বানপানীৰ পৰা ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়ালৰ খেলুৱৈয়ে একেধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ কথা কয়,” ঐশ্বৰ্য্যই কয়। “এইটো কথাই মোক ইমানেই চিন্তাত পেলালে যে মই সকলো সময়তে হতাশাত ভোগা কৰিলো,” চানিয়াই কয়।
“২০২০ৰ পৰা আমি দেখিছো যে সচৰাচৰ জুন মাহত হোৱা প্ৰথমজাক বৰষুণৰ পৰাই মানুহৰ মনত বানৰ ভয় সোমায়,” হাটকানাংলেৰ তালুকা স্বাস্থ্য বিষয়া ডা. প্ৰসাদ ডাটাৰে কয়। “এই বানৰ একো সমাধান নাই বুলি গঞাৰ মনত ভয় বাঢ়িবলৈ ধৰে, এনেকৈ দীৰ্ঘস্থায়ী ৰোগ বাঢ়ে আৰু মানসিক স্বাস্থ্যৰো অৱনতি ঘটে।”
২০২১ৰ আগলৈকে শিৰোল তালুকৰ ৫৪ খন গাঁৱত চিকিৎসা সেৱা প্ৰদান কৰা ডা. প্ৰসাদে অঞ্চলটোত বানপানীৰ পিছত স্বাস্থ্য সেৱাৰ অভিযান চলাইছিল। “বানপানীৰ পিছত মানুহৰ মানসিক চাপ ইমানেই বাঢ়িছিল যে বহুতৰে উচ্চ ৰক্তচাপ বা মানসিক বিসংগতিয়ে ধৰা দিছিল।”
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণত দেখা গৈছে যে বয়স্ক মহিলা (১৫ৰ পৰা ৪৯ বছৰ বয়সৰ)ৰ ক্ষেত্ৰত ২০১৫ৰ পৰা ২০২০ সময়চোৱাত উচ্চ ৰক্তচাপ বঢ়াৰ পৰিঘটনা ৭২ শতাংশ বৃদ্ধি পাইছে। কৰ্ণাটকৰ কড়াগু জিলাত ২০১৮ৰ বানপানীত ক্ষতিগ্ৰস্ত ১৭১ জন লোকৰ সমীক্ষা এটাৰ পৰা দেখা গৈছিল যে ৬৬.৭ শতাংশই হতাশা, দৈহিক বিসংগতি, নিচাযুক্ত দ্ৰব্য লোৱা, টোপনিৰ সমস্যা আৰু উদ্বিগ্নতাৰ সন্মুখীন হৈছে।
আন এক অধ্যয়নত তামিলনাডুৰ চেন্নাই আৰু কুৰালোৰত ২০১৫ৰ ডিচেম্বৰত বানত ক্ষতিগ্ৰস্ত হোৱা ৪৫.২৯ শতাংশ লোকৰ মনোৰোগ সম্বন্ধীয় ৰুগ্নতা দেখা গৈছিল, সমীক্ষাৰ ২২৩ গৰাকীৰ ভিতৰত ১০১ জন হতাশাত ভুগিছিল।
ভেণ্ডাৱাড়েত ৩০ গৰাকী শিক্ষাৰ্থীক টাইকোৱাণ্ডো শিকোৱা বিশাল চৱনে কয় যে যুৱ খেলুৱৈৰ মাজত মানসিক স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ স্পষ্ট। “২০১৯ৰ পৰা বহু শিক্ষাৰ্থীয়ে এই কাৰণতে খেলা-ধূলা এৰিছে।” তেওঁৰ ওচৰত প্ৰশিক্ষণ লৈ থকা ঐশ্বৰ্য্যই এথলেটিকচ্ আৰু সমৰ কলাত কেৰিয়াৰ গঢ়াৰ পুনৰাই সিদ্ধান্ত লৈছে।
২০১৯ৰ বানৰ আগতে ঐশ্বৰ্য্যই পৰিয়ালৰ চাৰি একৰ মাটিত কুঁহিয়াৰ খেতিত পৰিয়ালটোক সহায় কৰিছিল। “২৪ ঘণ্টাৰ ভিতৰত বানৰ পানী আহি কুঁহিয়াৰ খেতি ওপচাই পেলাইছিল, গোটেই খেতি নষ্ট হৈছিল,” তাই কয়।
তেওঁৰ মাক-দেউতাকে বন্ধকিত খেতি কৰে আৰু মাটিৰ মালিকক ৭৫ শতাংশ উৎপাদিত শস্য দিব লাগে। “চৰকাৰে ২০১৯ আৰু ২০২১ৰ বানৰ সময়ত আমাক কোনো ক্ষতিপূৰণ নিদিলে, কিবা দিলেও সেয়া মাটিৰ মালিকেহে পায়,” তাইৰ পিতৃ ৰায়চাহেবে (৪৭) কয়।
২০১৯ৰ বানত ৭.২ লাখ টকাৰ ২৪০,০০০ কিলোগ্ৰাম কুঁহিয়াৰ পথাৰত পচি যোৱাত ৰাওচাহেব আৰু তেওঁৰ পত্নী শাৰদা (৪০)য়ে কৃষি শ্ৰমিক হিচাপে দুগুণ কষ্ট কৰিবলগীয়া হৈছে। ঐশ্বৰ্য্যই নিজেও কামত লাগে, দিনে দুবাৰকৈ পৰিয়ালৰ গাইৰ গাখীৰ খীৰায়। “বানপানীৰ পিছৰ চাৰিটা মাহলৈ আপুনি একো কাম নাপায়,” শাৰদাই কয়। “পথাৰবোৰ সোনকালে নুশুকায় আৰু মাটি খেতিৰ উপযোগী হৈ উঠিবলৈ সময় লাগে।”
একেদৰে, ২০২১ৰ বানত ৰাওচাহেবে ৬০০ কিলোগ্ৰাম ছয়াবিন হেৰুৱাইছিল। সেইখিনিৰ মূল্য আছিল ৪২ হাজাৰ টকা। পৰিয়ালৰ এনে অৱস্থা দেখি ঐশ্বৰ্য্যই খেলা-ধূলাত কেৰিয়াৰ গঢ়াৰ কথা বাদ দিছে। “এতিয়া মই পুলিচৰ চাকৰিৰ কাৰণে আবেদন কৰিম,” তাই কয়। “খেলা-ধূলাত কেৰিয়াৰ গঢ়াৰ ভৰসা কৰাটো কঠিন, বিশেষকৈ এনেকৈ পৰিৱৰ্তিত জলবায়ুৰ পৰিস্থিতিত।”
“মোৰ প্ৰশিক্ষণ খেতিৰ সৈতে পোনপটীয়াকৈ জৰিত,” তাই কয়। খেতিৰ সৈতে পৰিয়ালটোৰ জীৱিকা আৰু অস্তিত্ব নিৰ্ভৰ কৰে, জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত ঐশ্বৰ্য্যই নিজৰ কেৰিয়াৰ খেলা-ধূলাত গঢ়াৰ ক্ষেত্ৰত অনিশ্চয়তাৰ অনুমান কৰাটো সহজেই বুজিব পাৰি।
“যিকোনো দুৰ্যোগৰ (প্ৰাকৃতিক) সময়ত মহিলা খেলুৱৈসকলেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়,” ক’লহাপুৰৰ আজৰা তালুকৰ পেঠেৱাড়ি গাঁৱৰ ক্ৰীড়া প্ৰশিক্ষক পাণ্ডুৰাং টেৰাছে কয়। “বহুতো পৰিয়ালে ছোৱালীয়ে খেলা-ধূলাত যোৱাটো পছন্দ নকৰে, কেইদিনমান যাবলৈ এৰিলেই খেল এৰি ঘৰুৱা কামত সহায় কৰিবলৈ কয়, এনেকৈয়ে সিহঁতৰ মানসিক অৱস্থাৰ অৱনতি ঘটে।”
এই যুৱ খেলুৱৈসকলক কেনেকৈ সহায় কৰিব পৰা যায় বুলি প্ৰশ্ন কৰাত নিদানিক মনস্তত্ববিদ কাকাড়েয়ে কয়, “প্ৰথমে পদ্ধতিগতভাৱে থেৰাপি দিব লাগিব বা গ্ৰীফ কাউন্সেলিং কৰিব লাগিব - তেওঁলোকৰ সৈতে কথা পাতিব লাগিব আৰু তেওঁলোকৰ অনুভৱবোৰৰ বিষয়ে খোলাকৈ ক’ব দিব লাগিব। জীৱনৰ কঠিন অনুভৱবোৰৰ বিষয়ে ক’বলৈ মঞ্চ এখন পালে তেওঁলোকে প্ৰাথমিক পৰ্যায়ত সহায় পায় আৰু সকাহ অনুভৱ কৰে। এনেদৰে উপশম পোৱাত সহায় হয়।” কিন্তু বিশেষ সা-সুবিধা নথকা স্বাস্থ্যসেৱা ব্যৱস্থা আৰু চিকিৎসাৰ অধিক ব্যয়ৰ কাৰণে লাখ লাখ ভাৰতীয়ই মানসিক স্বাস্থ্যৰ চিকিৎসাৰ সুবিধা পোৱাটো কঠিন হৈ পৰে।
*****
দীঘলীয়া দৌৰৰ খেলুৱৈ সোণালী কাম্বলেৰ খেলৰ দুৰন্ত কেৰিয়াৰে ২০১৯ৰ বানপানীত তীব্ৰ থেকেচা খালে। তেওঁৰ মাক-দেউতাক, দুয়োজনেই কৃষিশ্ৰমিক। বানপানীৰ পিছত দুয়োজনে আৰ্থিক অনাটনত ভোগে আৰু জীয়েকৰ সহায়ৰ প্ৰয়োজন আহি পৰে।
“আমি তিনিজনে কাম কৰিলেও দিনটো নোজোৰে,” তাইৰ দেউতাক ৰাজেন্দ্ৰই কয়। ধাৰাসাৰ বৰষুণৰ ফলত পথাৰবোৰ পানীৰে উপচি পৰিছে আৰু বহুদিনলৈ পথাৰত নামিব পৰা অৱস্থা নাই। তেনেকৈ মানুহৰ কাম নাইকিয়া হৈছে আৰু খেতিপথাৰৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়ালৰ আয় শূন্য হৈ পৰিছে।
শিৰোলি তালুকৰ ঘলৱাড় গাঁও, য’ত কাম্বলে থাকে, তাত মহিলাই কামৰ বাবে ২০০ টকা হাজিৰা পায় আৰু পুৰুষে ২৫০ টকা পায়। “এইখিনিৰে কোনোমতে পৰিয়ালটো চলে, খেলৰ সামগ্ৰী কিনা আৰু প্ৰশিক্ষণৰ পইচা দিয়া দুৰৰে কথা,” সোণালীয়ে (২১) কয়।
২০২১ৰ বানপানীয়ে পৰিয়ালটোৰ চিন্তা আৰু বেছি কৰি তোলে আৰু সোণালীয়ে গুৰুতৰ মানসিক চাপৰ সন্মুখীন হয়। “২০২১ত আমাৰ ঘৰটো ২৪ ঘণ্টাতে পানীৰে উপচি পৰিছিল,” তাই মনত পেলায়। “সেইটো বছৰ আমি কোনোমতে বানৰ পানীৰ পৰা বাচিছো। কিন্তু যেতিয়াই আমি পানী বঢ়া দেখো, আকৌ বৰষুণ হ’ব বুলি মনত শংকা হয় আৰু গাৰ বিষ আৰম্ভ হয়।”
২০২২ৰ জুলাইত যেতিয়া অতিপাত বৰষুণ হ’বলৈ ধৰে, গাঁৱৰ মানুহৰ মনত ভয় সোমাবলৈ লয় যে কৃষ্ণা নৈখন ওফন্দি উঠিব, সোণালীৰ মাক শুভাংগীয়ে কয়। সোণালীয়ে তাই দৈনিক ১৫০ মিনিট প্ৰশিক্ষণ এৰি বানৰ মুখামুখি হ’বলৈ সাজু হ’ল। তেতিয়াৰে পৰা তাই অতিপাত মানসিক চাপত ভুগিবলৈ লয় আৰু শেষত ডাক্তৰক সাক্ষাৎ কৰে।
“পানী যেতিয়া বাঢ়িব ধৰিছিল, তেতিয়া ঘৰৰ পৰা ওলাই যাব নে নাযাব, তাকে লৈ বহু মানুহ দ্বিধাত পৰিছিল,” ডা. প্ৰসাদে কয়। “পৰিস্থিতি কি হ’ব, সিদ্ধান্ত কি ল’ব- এইবোৰ কথা ভাবি থাকোতে তেওঁলোক মানসিক চাপত ভুগিবলৈ লয়।”
পানী কমাৰ পিছত সোণালীৰ মানসিক অৱস্থা অলপ ভাললৈ আহে যদিও “অনিয়মীয়া প্ৰশিক্ষণ মানে মই প্ৰতিযোগিতাত পিছ পৰি যোৱা, এই কথাটোৱেও মোৰ মনত সদায় চাপৰ সৃষ্টি কৰে।”
ক’লহাপুৰৰ বহু স্বীকৃতপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী চমুকৈ আশাকৰ্মীয়ে কয় যে বানপানীয়ে যুৱ খেলুৱৈসকলৰ মনত উদ্বিগ্নতাৰ সৃষ্টি কৰে। “সিহঁত অসহায় আৰু হতাশ, বৃষ্টিপাতৰ আ্হি সলনি হোৱাৰ ফলত মনবোৰ আৰু বেছি ভাঙি পৰিছে,” ঘলৱাড়ৰ আশাকৰ্মী কল্পনা কমলাকাৰে কয়।
ঐশ্বৰ্য্য, চানিয়া আৰু সোণালী কৃষি পৰিয়ালৰ পৰা অহা, সিহঁতৰ ভৱিষ্যত বৰষুণৰ সৈতে ঘনিষ্ঠভাৱে জৰিত। ২০২২ৰ গ্ৰীষ্মকালত পৰিয়ালকেইটাই কুঁহিয়াৰৰ খেতি কৰিছিল।
ভাৰতৰ ভালেকেইটা অঞ্চলত বাৰিষা দেৰিকৈ আহিল। “বাৰিষা পলমকৈ অহা স্বত্ত্বেও আমাৰ শস্যবোৰ বাচিল,” ঐশ্বৰ্য্যই কয়। কিন্তু জুলাই মাহত আৰম্ভ হোৱা অনিয়মীয়া বাৰিষাৰ বৰষুণে গোটেই শস্য নষ্ট কৰিলে আৰু পৰিয়ালবোৰ ধাৰত ডুবিল। (পঢ়ি চাওক: বৰষুণ অকলে নাহে, লগত আনে দুৰ্য্যোগ ) ।
১৯৫৩ৰ পৰা ২০২০ৰ মাজভাগত বানে ২,২০০ মিলিয়ন ভাৰতীয়ক ক্ষতিগ্ৰস্ত কৰিছে, এই সংখ্যা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ ৬.৫ গুণ হ’ব। ৪৩৭,১৫০ কোটি টকাৰ সম্পত্তি নষ্ট হৈছিল। যোৱা দুটা দশকত (২০০০-২০১৯) ভাৰতত প্ৰতি বছৰে গঢ়ে ১৭ বাৰ বানপানী হৈছে, তেনেকৈ বিশ্বৰ বানপানী পীড়িত দেশৰ ভিতৰত চীনৰ পিছতে ভাৰতৰ নাম আহে।
এটা দশকৰো অধিক কাল মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত বৃষ্টিপাত অনিয়মীয়া হৈছে, বিশেষকৈ ক’লহাপুৰ জিলাত। এইবছৰ অক্টোবৰত ২২ খন জিলাৰ ৭.৫ লাখ হেক্টৰ মাটি প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হৈছে। এই অঞ্চলত শস্যপথাৰ, ফলৰ বাগান আৰু পাচলিৰ বাগান আছে। ৰাজ্যখনৰ কৃষি বিভাগৰ তথ্য অনুসৰি ২০২২ত মহাৰাষ্ট্ৰত অক্টোবৰৰ ২৮ তাৰিখলৈকে ১,২৮৮ মি.মি. বৰষুণ হৈছিল, গঢ় বৃষ্টিপাতৰ এয়া ১২০.৫ শতাংশ। জুন আৰু অক্টোবৰ মাহৰ ভিতৰতে ১,০৬৮ মি.মি. বৰষুণ হৈছিল।
“বাৰিষা কালত আমি দীঘলীয়া সময়ৰ খৰাং আৰু মাজে মাজে হঠাতে হোৱা ধাৰাসাৰ বৰষুণ দেখো,” ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটাৰোলজি, পুণেৰ জলবায়ু বিজ্ঞানী তথা আইপিচিচি প্ৰতিবেদনৰ এগৰাকী সহযোগী ৰক্সি কলে কয়। “সেয়ে বৰষুণ যেতিয়া হয়, তেতিয়া ভালেখিনি জলীয় বাষ্প নিসৰণ কৰে।” এনেকৈ মেঘ বিস্ফোৰণ ঘটে আৰু ফ্লেশ্ব ফ্লাড আহে, তেওঁ বুজাই কয়। “আমি ক্ৰান্তীয় অঞ্চলত বাস কৰোঁ কাৰণে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ গুৰুতৰ হৈ পৰে। সেয়ে আমি অতি সাৱধান হ’ব লাগিব আৰু তাৎক্ষণিকভাৱে ব্যৱস্থা ল’ব পাৰিব লাগিব, কিয়নো জলবায়ুৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত অধিক বিপৰ্য্যয় ঘটিব পাৰে।”
কিন্তু এইক্ষেত্ৰত সমাধানৰ দিশত এক বৃহৎ ব্যৱধান দেখা যায়: অঞ্চলটোত বৰ্দ্ধিত বেমাৰ-আজাৰৰ সৈতে জলবায়ু পৰিৱৰ্তনক যোগসূত্ৰ স্থাপন কৰা পৰ্য্যাপ্ত স্বাস্থ্যসেৱাৰ ডেটা। এনেকৈ জলবায়ু পৰিৱৰ্তনৰ পৰা ক্ষতিগ্ৰস্ত হোৱা লোকক ৰাজহুৱা নীতিত অন্তৰ্ভূক্ত নকৰা দেখা গৈছে, যিবোৰ তেওঁলোকৰ দৰে বিপৰ্য্যস্ত মানুহক খুবেই প্ৰয়োজন।
“এজন এথলিট হোৱাটো মোৰ সপোন,” সোণালীয়ে কয়। “কিন্তু আপুনি দুখীয়া হোৱা মানে আপোনাৰ বাবে সুযোগ-সুবিধা কমি অহা। আৰু জীৱনে আপোনাক তাৰে এটাও বিকল্প বাচি লোৱাৰ সুযোগ নিদিয়ে।” জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত বৃষ্টিপাতৰ ৰেহৰূপ সলনি হৈয়েই থাকিব। তাৰ সমানে সমানে চানিয়া, ঐশ্বৰ্য্য আৰু সোণালীহঁতৰ জীৱনবোৰো গভীৰ সংকটত নিমজ্জিত হ’ব।
“বানপানীত মোৰ জন্ম হৈছিল। গোটেই জীৱনটো যে বানপানীতে কটাব লাগিব, সেয়া কেতিয়াও ভবা নাছিলো,” চানিয়াই কয়।
এই ষ্ট’ৰিটো ইণ্টাৰনিউজৰ আৰ্থ জাৰ্নেলিজিম নেটৱৰ্কৰ পৰা প্ৰতিবেদকে লাভ কৰা অনুদানৰ দ্বাৰা সমৰ্থিত এক শৃংখলৰ এটা।
অনুবাদ: পংকজ দাস