বানৰ পানী বাঢ়িবলৈ ধৰাত পাৰ্বতী বাসুদেৱে তাইৰ গিৰীয়েকৰ কাৰুকাৰ্য খচিত টুপিটোৰ সৈতে ঘৰ এৰিছিল। ‘আমি কেৱল এই চিপলি (বাদ্যযন্ত্ৰ)টো আনিব পাৰিলো। কোনো কাৰণতে আমি টুপিটো এৰিব নোৱাৰো,’ তাই কয়। ময়ুৰৰ পাখি লগোৱা টুপিটো গোপাল বাসুদেৱে ঘৰে ঘৰে গৈ ভক্তিমূলক গীত পৰিবেশনৰ সময়ত পিন্ধে।
৯ আগস্তৰ দিনা ৭০ উৰ্ধৰ গোপালক বিদ্যালয় এখনৰ শ্ৰেণীকোঠা এটাত হতাশাত ভাগি পৰা দেখা গৈছিল। ‘মোৰ তিনিটা ছাগলী মৰিল আৰু বাচি থকাটোৰো বেমাৰ লাগিছে, সিটোও মৰিব,’ তেওঁ কয়। গোপাল বাসুদেৱ সম্প্ৰদায়ৰ লোক। কৃষ্ণভক্ত এই সম্প্ৰদায়টোৰ লোকে মানুহৰ ঘৰে ঘৰে গৈ ভক্তিমূলক গীত গাই খুজি-মাগি পেট পোহে। বাৰিষাৰ দিনত তেওঁ ক’লহাপুৰ জিলাৰ হাটকানাংলে তালুকৰ নিজ গাওঁ ভেণ্ডাৱাড়েত কৃষি শ্ৰমিক হিচাপে কাম কৰে। ‘বৰষুণৰ অভাৱত এমাহ ধৰি পথাৰত একো কাম নাছিল আৰু এতিয়া আকৌ বানপানী,’ কথাখিনি কওঁতে গোপালৰ চকু চলচলীয়া হৈ পৰিল।
বৰষুণ আহোতে দেৰি হোৱা কাৰণে ভেণ্ডাৱাড়েৰ কৃষকে খাৰিফ শস্যৰ খেতি এই বছৰ জুলাই মাহলৈ পিছুৱাইছে। সাধাৰণতে জুন মাহৰ আৰম্ভণিতে ইয়াত প্ৰথমজাক বৰষুণ হয়। কিন্তু বৰষুণ যেতিয়া আহিল, তেতিয়া ছয়াবিন, কুঁহিয়াৰ আৰু বাদামৰ শস্যপথাৰ পানীত ডুব যাওতে এমাহো নালাগিল।
আছিফে কেতিয়াও ভবা নাছিল যে তেওঁ বিয়া-সবাহৰ ফটোগ্ৰাফীৰ কাৰণে ব্যৱহাৰ কৰা ড্ৰ’নটোৱে মানুহ উদ্ধাৰকাৰ্যত ইমান সহায় কৰিব পাৰেঃ আমি কাকো মৰিবলৈ নিদিও। জীৱ-জন্তুকো বচাবলৈ সাজু।
২ আগস্তত অহা আৰু ১১ আগস্তত শাম কটা বানপানীয়ে মহাৰাষ্ট্ৰৰ কেৱল ক’লহাপুৰ জিলাতে ভেণ্ডাৱাড়েকে ধৰি ২০০ৰ পৰা ২৫০ খন মান গাওঁ বিপৰ্যস্ত কৰিছে। এয়া প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ তথ্য।
৪৫০ টা পৰিয়ালক আৰু তাৰ লগত ২৫০০ জন লোক মিলি গাওঁখনৰ জনসংখ্যা ৪,৬৮৬ (২০১১ৰ লোকপিয়ল মতে), ভেণ্ডাৱাড়েৰ চৰপঞ্চ কাকাছ’ চৱনে কয়। এই সকলোকে গাঁৱৰ আশে-পাশে থকা বিদ্যালয়ত পতা অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। কিছুমানক গাঁৱৰ বাহিৰত থকা চৰপঞ্চৰ পানী নুঠা ঘৰতো ৰখা হৈছে।
বাসুদেৱ আৰু পাৰ্বতিৰ লগতে পৰিয়ালটোক ৩ আগস্তৰ দিনা গাওঁখনৰ চৰকাৰী বিদ্যালয়লৈ নিয়া হয়। চাৰি দিন পাছত বিদ্যালয়খনতো পানী সোমাবলৈ ধৰে। তেতিয়া তেওঁলোকক গাঁৱৰ বাহিৰৰ প্ৰাথমিক বিদ্যালয় এখনলৈ লৈ যোৱা হয়। ষাঠি উৰ্ধৰ পাৰ্বতীয়ে মোক ৯ আগস্তৰ দিনা কয়, ‘ঘৰ এৰা এসপ্তাহ হ’ল। আমি ইয়াতে এমাহ থাকিব লাগিব। আজি ল’ৰা কেইজনমানৰ গাঁৱলৈ সাতুৰি গৈছিল, তাৰে এজনে ঘুৰি আহি খবৰ দিলে যে আমাৰ ঘৰটো খহি পৰিছে।’
ভেণ্ডাৱাড়ে গাঁৱত স্থানীয় গোট আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ জোৱানৰ অহো পুৰুষাৰ্থ স্বত্বেও গাঁওখনত পশুধনৰ মৃত্যু ঘটে। ভেণ্ডাৱাড়েত বানৰ কবলত পৰি কাৰো মৃত্যু হোৱা নাছিল যদিও ক’লহাপুৰ আৰু ছাংলি জিলাত অতিকমেও ৪০ জন লোকৰ মৃত্যু হয়, এয়া পুণেৰ মহকুমাধিপতিয়ে কোৱা বুলি বাতৰি কাকতত প্ৰকাশ পাইছে। ৪ লাখৰো অধিক লোকক আশ্ৰয় শিবিৰলৈ নিয়া হয়। শস্যৰ ক্ষতিৰ নিৰ্ভৰযোগ্য তথ্য এতিয়াও চৰকাৰী তৰফৰ পৰা প্ৰকাশ পোৱা নাই।
![Parvati Vasudeo holding a cap](/media/images/SJ-IMG_0135.max-1400x1120.jpg)
![Gopal Vasudeo wears ceremonial headgear](/media/images/SJ-IMG_0142.max-1400x1120.jpg)
৩ আগস্তৰ দিনা পানী বাঢ়ি অহাত পাৰ্বতী বাসুদেবে তাইৰ গিৰীয়েক গোপাল বাসুদেৱে (সোঁফালে) পিন্ধা কাৰুকাৰ্য খচিত টুপিটো লৈ ঘৰ এৰিছিল
![Relief camp in the local school where farmers kept their belongings](/media/images/1-SJ-IMG_0097.max-1400x1120.jpg)
বানৰ অহাৰ সময়ত খেতিয়ক পৰিয়ালবোৰে ঘৰৰ পৰা প্ৰয়োজনীয় যি পাৰে তাকে সাবটি ওচৰৰে বিদ্যালয়ত পতা আশ্ৰয় শিবিৰলৈ আহিল। ৱাৰ্ণা নৈ (কৃষ্ণাৰ এখন উপনৈ)ৰ পানীয়ে ভেণ্ডাৱাড়েখন পানীৰে উপচাই পেলালে। তিনিটা কোঠালীৰ বিদ্যালয়খনতে ২০ টা পৰিয়ালে সাময়িকিভাবে আশ্ৰয় ল’লে। তাতে কিছুমানক গৰু-মহ চোৱাচিতা কৰা দেখা গৈছে। কিছুমানে দুপৰীয়াৰ আহাৰৰ বাবে বাট চাইছে। কিছুমানে নীৰৱে বহি আছে। আন কিছুমানে আকৌ ২০০৫ৰ বানপানীৰ কথা সুঁৱৰিছে। সেই বছৰ বাতৰি কাকতত উল্লেখ কৰা মতে সেই সময়ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ক’লহাপুৰত বৃষ্টিপাতৰ হাৰ মাহত ১৫৯ শতাংশ। এইবাৰ ন দিনত ৪০ শতাংশ বৃষ্টিপাত হৈছে। তাতে আকৌ ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ তথ্য মতে ৫ৰ পৰা ১০ আগস্তৰ ভিতৰত হাটকানাংলে তালুকত ৪৫০ মি.মি. বৃষ্টিপাত হৈছে
![Woman shivers inside a blanket in transit camp as floods ravage Kolhapur.](/media/images/SJ-IMG_0119.max-1400x1120.jpg)
২ আগস্তৰ দিনা অনুবাঈ ভোসলে (৯৫)ক এখন টেম্প’ত উঠাই প্ৰাথমিক বিদ্যালয়খনলৈ নিয়া হৈছিল। কঁপি থকা ভোসলেয়ে এখন কম্বল মেৰিয়াই আছিল। নৈৰ এই প্ৰচণ্ড ৰূপ দেখি ভোসলেৰ ১৯৫৩ৰ বানপানীৰ কথা মনত পৰিছিল। সেই বানপানীত ধোণ্ডেৱাড়ে গাঁৱত (ছাতাৰা জিলাৰ কাৰাদ তালুকত) থকা তাইৰ ঘৰ খহি পৰিছিল। ‘এইবাৰৰ বান আগতকৈ (২০০৫ আৰু ১৯৫৩) বিধ্বংসী,’ কঁপা কঁপা মাতেৰে ভোসলেয়ে ক’লে। সকলোৱে দুপৰীয়াৰ আহাৰ কোনোবাই আনিছে নেকি চাবলৈ বাহিৰলৈ ওলাই গ’ল, ভোসলে নীৰৱে বহি থাকিল। সিদিনা ৯ আগস্ত, দিনৰ দুই বাজিছে। স্থানীয় লোক আৰু বেচৰাকাৰী সংস্থাই খাদ্য আনিছে যদিও সঘনে অনাটো সম্ভৱ নহয়
![The villagers try saving their animals and livestock.](/media/images/abcd--SJ-Kolhapur.max-1400x1120.jpg)
বাওঁফালে ওপৰতঃ উষা পাটিল ভেণ্ডাৱাড়েৰ এগৰাকী গৃহিনী। তাই গাওঁ এৰাৰ সময়ত নিজৰ মেকুৰী দুটা আৰু ছাগলী এটা লৈ আহিছে। গঞাই সকলো জীৱ-জন্তুকে বচাবলৈ চেষ্টা কৰিছিল যদিও পানী বঢ়াত কিছুমানক আনিব পৰা নগ’ল। ওপৰত সোঁফালেঃ ১৯ বৰ্ষীয় সোমনাথ পাচাংগেক গাঁৱৰ পৰা বানপানীৰ সময়ত উদ্ধাৰ কৰি অনা তেওঁৰ পোহনীয়া প্ৰেমিক পক্ষীযোৰাৰ সৈতে দেখা গৈছে। বাওঁফালে তলতঃ বিদ্যালয়লৈ অনা কোনো এজনী গাইগৰুৱে গাখীৰ দিয়া নাই, গোপাল আৰু পাৰ্বতীৰ পুত্ৰ ৪৭ বছৰীয়া অজিতে কয়। গৰু-মহৰ কাৰণে খাদ্য নাই। গৰু-মহৰ বেমাৰ লাগিছে, ইফালে চিকিৎসক নাই, অজিতে কয়। গৰু-মহবোৰ মৰিব বুলি অজিতৰ ভয় হৈছে। বয়সীয়ালবোৰৰ বহুতৰে গা বেয়া, জ্বৰ-কাহে আগুৰি ধৰিছে। ভালেমান গৰু-মহ গাঁৱতে থাকি গৈছে। কিছুমানে মৰণত শৰণ দি চাৰি ফুট পৰ্যন্ত দ পানীৰ সোঁত ফালি গৰু-মহৰ কাৰণে খাদ্য নিছে। স্থানীয় বেচৰাকাৰী সংস্থাবোৰে সাহায্য শিবিৰবোৰলৈ খাদ্য যোগান ধৰিছে। সোঁফালে তলতঃ গোহালিত পানী সোমাইছে। সেয়ে খ’চি গাঁৱৰ গঞাই (ভেণ্ডাৱাড়েৰ পৰা ২.৫ কিলোমিটাৰ মান দুৰত্বত) পশুধনবোৰ নিৰাপদ স্থানলৈ নিছে।
![Water from the Warna river sweeps through Archana Ingale’s 2.5 acre field.](/media/images/SJ-IMG_20190809_110229.max-1400x1120.jpg)
অৰ্চনা ইংলেৰ ২.৫ একৰ খেতিমাটিত ৱাৰ্ণা নৈৰ পানী সোমাইছে। তাইৰ ছয় কিলোগ্ৰাম ছয়াবিন আৰু এক কুইণ্টল বাদামৰ লোকচান হোৱা বুলি কয়। তাই ঘৰ এৰি চুবুৰীৰ এঘৰত আশ্ৰয় লোৱাৰ চাৰি দিন পাছত, ৯ আগস্তৰ দিনা তাই পানী চাবলৈ ঘৰলৈ উভতি আহিছে আৰু ইটা জোৰা দি ঘৰৰ ভিতৰতে বাট সাজি লৈছে
![Man stands next to the debris of his flood-ravaged house.](/media/images/SJ-IMG_0028.max-1400x1120.jpg)
৩৪ বৰ্ষীয় নাগেশ বাণ্ডৱাড়েয়ে কয়, ‘দুদিন আগত পুৱা দহ মান বজাত মোৰ ঘৰৰ পিছফালৰ বেৰখন খহি পৰিল’
![Young men playing a game on their smartphones in the primary school in Bhendavade.](/media/images/SJ-IMG_20190809_134047.max-1400x1120.jpg)
![Flooded school premises](/media/images/SJ-IMG_20190809_142138.max-1400x1120.jpg)
বাওঁফালেঃ ডেকা ল’ৰাবোৰে ভেণ্ডাৱাড়েৰ বিদ্যালয়ৰ মজিয়াত স্মাৰ্টফোনত গে’ম খেলিছে। সোঁফালেঃ ভেণ্ডাৱাড়েৰ কেইটামান পৰিয়ালক হাইস্কুললৈ নিয়া হৈছিল, কিন্তু চাৰি দিনতে তাতে পানী উঠাত ৬ আগস্তৰ দিনা তাৰ পৰা আন ঠাইলৈ নিবলগীয়া হয়
![Water accumulated in lane](/media/images/SJ_IMG_0002.max-1400x1120.jpg)
![Farmer wades through flooded lane](/media/images/SJ-IMG_0021.max-1400x1120.jpg)
খ’চি গাঁৱৰ জলমগ্ন ৰাস্তা আৰু পানীৰ মাজেৰে ঘৰলৈ বুলি এজন খেতিয়ক
![Flooded tomato fields](/media/images/SJ_IMG_0060.max-1400x1120.jpg)
![Tomatoes from submerged fields overflow into village](/media/images/SJ-IMG_0010.max-1400x1120.jpg)
জলমগ্ন খেতিৰ পৰা ভাঁহি অহা বিলাহী গাঁৱত সোমাইছে। চান্দ’লি বান্ধৰ পানী সোমাই ৱাৰ্ণা নৈখন ওফন্দি উঠিছে
![A school turned transit camp for floods](/media/images/SJ-IMG_0058.max-1400x1120.jpg)
![Vessels to store rainwater](/media/images/SJ-IMG_0042.max-1400x1120.jpg)
সোঁফালেঃ ভালেকেইটা পৰিয়ালক খ’চিৰ মাৰাঠী হাইস্কুললৈ স্থানান্তৰ কৰা হৈছে। সোঁফালেঃ বানৰ ফলত খোৱাপানীৰ নাটনি ঘটিছে, খ’চিৰ গঞাই সেয়ে ঘৰৰ বাহিৰত বাচন ৰাখি বৰষুণৰ পানী ধৰিছে। ‘সকলোতে পানী, কিন্তু খোৱাপানী নাই,’ হাটকানাংলে পঞ্চায়ত সমিতিৰ এগৰাকী সদস্য খ’চি নিবাসী বসন্ত গৌৰৱে কয়। ‘২০০৫ৰ বানত ২০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল (খ’চি গাঁৱৰ জনসংখ্যা ৫৮৩২)। কিন্তু এইবাৰ প্ৰায় ৪৫০ টা পৰিয়াল বানৰ কবলত পৰিছে। আমি ২০০৫ত ৯০০ মানুহ উদ্ধাৰ কৰিছিলো, সকলোৱে দুসপ্তাহমান পাছতহে ঘৰলৈ উভতিব পাৰিছিল।’
![Submerged sugarcane fields.](/media/images/10-SJ-IMG_9958.max-1400x1120.jpg)
২৭ জুনত ৪১ বৰ্ষীয় ধনজী ৱাগড়েয়ে তেওঁৰ ২৭ গুণ্ঠ (০.৬৭৫ একৰ) মাটিত কুঁহিয়াৰ ৰুইছিল। ‘১৪ হাজাৰ টকা মুঠ খৰছ হৈছিল,’ তেওঁ কয়। ধনজীৰ কুঁহিয়াৰৰ খেতি এতিয়া পানীৰ তলত। তেওঁৰ মতে আনুমানিক ৫৪ টন কুঁহিয়াৰৰ লোকচান হৈছে। ‘পানী কমিলে তাতে কিমান মাটি ৰৈছে সেয়া চাব লাগিব। তাৰ পিছত সেয়া চহাব লাগিব।’ মাটিখিনি পুনৰাই খেতিৰ উপযোগী কৰি তুলিবলৈ অতিকমেও ১০ হাজাৰ টকা খৰছ হ’ব, সেই লৈ তেওঁ চিন্তিত হৈ পৰিছে। কুঁহিয়াৰৰ খেতি কৰা ভালেমান খেতিয়কে কৃষি ঋণ লৈছিল। খেতি ডুবিলত সেই ঋণ কেনেকৈ পৰিশোধ কৰিব সেই চিন্তাই তেওঁলোকক উদ্বিগ্ন কৰি তুলিছে।