তেওঁ বিক্ৰী কৰি থকা সেই ‘বৰষুণৰ টুপী’ এটাৰ দাম মাত্ৰ ৬০ টকা। তেওঁ সেই জাপিবোৰ নিজে সজা নাই। তেওঁ বিক্ৰীহে কৰে। তেওঁ এগৰাকী ক্ষুদ্ৰ বিক্ৰেতা, যিয়ে সেই জাপিবোৰ আৰু বোধহয় আন সামগ্ৰীবোৰ সেইবোৰ বৈ উলিওৱা মানুহৰ পৰা কিনে। বৈ উলিওৱা মানুহবোৰ হৈছে পাহাৰৰ ওপৰত থকা জনগোষ্ঠীয় লোকসকল। সেয়া আছিল ওড়িশাৰ গাঞ্জম আৰু কান্ধমাল জিলাৰ সীমান্ত অঞ্চল। তেওঁলোকৰ সৈতে আমাৰ মুখামুখি হৈছিল ২০০৯ চনৰ জুন মাহত, ঠিক যেতিয়া বৰষুণ আৰম্ভ হয়। প্ৰতিটো জাপি আছিল বাঁহ আৰু পাতেৰে বৈ উলিওৱা এক নিখুঁত শিল্পকৰ্মৰ নিদৰ্শন। যদি তেওঁ প্ৰতিটো জাপি ৬০ টকাত বিক্ৰী কৰিবলৈ চাইকেলেৰে বহু দূৰত্ব অতিক্ৰম কৰিছিল, তেন্তে তেওঁ এইবোৰ আদিবাসীসকলৰ পৰা সম্ভবতঃ বহু কম মূল্যত কিনিছিল।
এই জাপিবোৰ অঞ্চলভেদে বিভিন্ন ধৰণৰ হ’ব পাৰে। গাঞ্জমত পালাৰী বুলি কোৱা (আৰু কালাহাণ্ডিত ছাতুৰ) এই জাপি আপুনি সমগ্ৰ পূব ভাৰতত আৰু পূব এছিয়াৰ কিছুমান দেশতো বিচাৰি পাব পাৰে। আমি দেখিছিলো যে ওড়িশাত মানুহে বাৰিষাকালৰ আৰম্ভণিৰ ভাগত পথাৰত কাম কৰি থাকোঁতে এইবোৰ পিন্ধিছিল, কিন্তু আন ঋতুতো পিন্ধা হয়। বেছিভাগেই পথাৰত খেতিয়ক, শ্ৰমিক, গৰখীয়া আৰু ভেড়াৰখীয়াই কামৰ সময়ত জাপি পৰিধান কৰে। মোৰ বন্ধু তথা সহযাত্ৰী পুৰুষোত্তম ঠাকুৰে কৈছিল যে এইবোৰ “দুখীয়াৰ ছাতি”। অতীত হৈ পৰা এটা যুগৰ ছাতিৰ ৰুপৰেখা সেই জাপিবোৰত আছে। যি ঋতু বা উদ্দেশ্যতেই সেইবোৰ ব্যৱহাৰ নহওক লাগিলে, সেইবোৰ বৰ সুন্দৰকৈ বৈ উলিওৱা হৈছিল।
অনুবাদ: নিৰব দাস