এই মহামাৰীয়ে আমাক ভৌগোলিকভাৱে সংকীৰ্ণ আৰু ক্ষুদ্ৰ গোটলৈ সংকুচিত কৰিলে। আমাক মানিবলৈ দিয়া শাৰীৰিক ব্য়ৱধান সৰ্বসাধাৰণ মানুহৰ মাজত ব্যাপক সামাজিক দূৰত্বৰ সৃষ্টি কৰিছে। সংস্পৰ্শ আৰু যোগাযোগৰ প্ৰতি আমি শংকিত। সংবাদ মাধ্যমত চৌপাশে দেখিবলৈ পাইছো হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিক ক্লান্ত হৈ পৰিছে। অথচ ৰ’বলৈ সময় নাই, ইফালে ক্ষুধাই আগুৰিছে। তথাপিও মৰণত শৰণ দি তেওঁলোকে গ্ৰাম্য ভাৰতৰ নিজৰ ঘৰলৈ উভতি যাবলৈ শতাধিক কিলোমিটাৰ খোজ কাঢ়িছে। লগত এটা টকাও নাই, পেটত নাই খুদকণ এটা। খোজকাঢ়ি গৈ থাকোতে পুলিচৰ বাধা আৰু লাঠিৰ প্ৰহাৰৰ পৰা তেওঁলোকে ৰেহাই পোৱা নাই। তেওঁলোকৰ অৱস্থা দেখিলে উপলব্ধি হয় যে এতিয়া মানৱতা আৰু ক’তো অলপো নাই।
ইয়াৰ পিছত আপুনি দেখিব এজন মানুহে ঘাইপথেৰে বোকোচাত তুলি লৈ গৈছে নিজৰ বৃদ্ধ খুড়ীয়েকক। দেই পুৰি নিয়া মে’ মাহৰ প্ৰচণ্ড উত্তাপত খোজ কাঢ়িছে আৰু মহাৰাষ্ট্ৰৰ আকোলা জিলাত থকা নিজৰ ঘৰলৈ মহিলাগৰাকীক লৈ আহিছে। তেওঁ মানুহ নে দেৱদূত? স্বাভাৱিক সময়তো মানুহে বৃদ্ধজনক মেলাত এৰি থৈ যায় অথবা বৃদ্ধাবাস নতুবা বৃন্দাবনত থৈ আহে। নিজৰ ভৱিষ্যত গঢ়িবলৈ পুত্ৰ-জীয়ৰী যেতিয়া বিদেশলৈ গুছি যায়, তেতিয়া আঢ্যৱন্ত বা অৱস্থাপন্ন পৰিয়ালৰ পিতৃ-মাতৃ অকলে থাকে। এইজন মানুহ আন মানুহৰ নিচিনা নহয়, তেওঁ এক দেৱদূত। তেওঁ বুজাই দিছে যে মানৱতা এতিয়াও আছে, তীব্ৰ দাৰিদ্ৰ্য আৰু প্ৰচণ্ড অৱহেলাৰ মাজতো মানৱতা যেন আছে।
টোকাঃ মানুহজনৰ নাম বিশ্বনাথ সিন্ধে, তেওঁ এজন প্ৰব্ৰজনকাৰী শ্ৰমিক, নিজৰ খুড়ীয়েক বাচেলাবাঈক মুম্বাই-নাচিক ঘাইপথেৰে নাভি মুম্বাইৰ পৰা বিদৰ্ভৰ আকোলালৈ লৈ আহিছিল। শিল্পীগৰাকী হ’ল লাৱণি জংগী। ২০২০ৰ ৪ মে’ত ৰবীশ কুমাৰৰ সৈতে (এন.ডি.টি.ভি. ইণ্ডিয়া)ৰ প্ৰাইম টাইমত সোহিত মিশ্ৰাৰ এক প্ৰতিবেদনৰ আঁত ধৰাৰ সময়ত এই দৃশ্য দেখুৱাইছিল। ইয়াৰ পিছৰ কথাখিনি লাৱণিয়ে কৈছিল আৰু স্মিতা খাটৰে অনুবাদ কৰিছিল।
অনুবাদঃ পংকজ দাস