ফ’ৰ্বছ ২০২১ৰ তালিকাখন যদি আমি বিশ্বাস কৰি লওঁ (আৰু যেতিয়া কোটিপতিৰ প্ৰসংগ ওলায়, মানুহে ফ’ৰ্বছৰ ওপৰতে বিশ্বাস কৰে), ধনাঢ্য কোটিপতিৰ সংখ্যা ১২ মাহত ১০২ৰ পৰা বাঢ়ি ১৪০ হৈছে। ফ’ৰ্বছৰ তথ্য অনুসৰি, তেওঁলোকৰ ধনৰ সমষ্টি বিগত এটা বছৰত ‘প্ৰায় দুগুণ বাঢ়ি ৫৯৬ বিলিয়ন ডলাৰ’ হৈ পৰিছে।
তাৰমানে এই যে ১৪০ গৰাকী ব্যক্তি, আন কথাত দেশৰ মুঠ জনসংখ্যাৰ ০.০০০০১৪ শতাংশ লোকৰ হাতত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ২.৬২ ট্ৰিলিয়ন ডলাৰৰ ২২.৭ শতাংশ (অৰ্থাৎ এক পঞ্চমাংশৰো অধিক) সম্পত্তি আছে, ইয়ে ‘মুঠ’ শব্দৰ অৰ্থই সলনি কৰি পেলায়, যিটো তেওঁলোকে সদায়ে কৰি আহিছে।
আনবাৰৰ দৰে এইবাৰো প্ৰায়বোৰ প্ৰমুখ ভাৰতীয় বাতৰি কাকতে ফ’ৰ্বছৰ এই ঘোষণাক স্বীকৃতি দিয়াৰ সুৰত বাতৰি ছপালে। কেৱল অৰেকল অফ পেল্ফ যিয়ে অধিক স্পষ্ট আৰু সততাৰে কয়, সেই কথাৰ উল্লেখ কৰিব এৰিলে।
“আন এক ক’ভিড-১৯ ঢৌৱে সমগ্ৰ ভাৰত জোকাৰি গৈছে আৰু মুঠ আক্ৰান্তৰ সংখ্যা ১ কোটি ২০ লাখ অতিক্ৰম কৰিছে। কিন্তু দেশৰ ষ্টক মাৰ্কেটে বিশ্ব মহামাৰীৰ বিভীষিকাক তেনেই আওকাণ কৰি নতুন শিখৰত উপনীত হৈছে, এবছৰ আগৰ তুলনাত ছেনচেক্সৰ বেঞ্চমাৰ্ক ৭৫% বাঢ়িছে। ভাৰতীয় কোটিপতিৰ সংখ্যা ১০২ জনৰ পৰা ১৪০ লৈ বাঢ়িল, তেওঁলোকৰ সম্পত্তিৰ সমষ্টি প্ৰায় দুগুণ হ’ল।” এয়া ফ’ৰ্বছৰ আলোচনীখনে দেশখনৰ ওপৰত কৰা প্ৰতিবেদনৰ প্ৰথমটো দফা।
হয়, জিডিপি ৭.৭ শতাংশলৈ সংকুচিত হোৱাৰ বছৰটোতে এই ১৪০ জনীয়া ধনিক গোষ্ঠীৰ হাতলৈ অহা ধনৰ সমষ্টি ৯০.৪ শতাংশ বাঢ়িল। এই কৃতিত্বৰ খবৰ আহিছে এনে এটা সময়ত, যেতিয়া চহৰ এৰি নিজৰ গাঁৱৰ ঘৰলৈ বুলি বাট বুলা প্ৰব্ৰজিত শ্ৰমিকৰ দ্বিতীয় ঢৌ আমি দেখিবলৈ পাইছো। এই ঢৌ বিশাল, যাৰ গণনা সহজে কৰিব নোৱাৰি। এনেকৈ সংস্থাপন হেৰুওৱাৰ ফলত জিডিপিৰ গ্ৰাফডাল ওপৰলৈ নাযায়। কিন্তু সৌভাগ্যক্ৰমে আমাৰ কোটিপতিকেইজনৰ বেছি ক্ষতি নহ’ল। আমাক ফ’ৰ্বছে সেই নিশ্চয়তা দিছে।
তাৰোপৰি, এনে লাগে যেন কোটিপতিৰ ধনে ক’ভিড-১৯ৰ সোঁতৰ বিপৰীতে কাম কৰে। যিমানেই ধন চপায়, সিমানেই ছুপাৰ-স্প্ৰেডাৰৰ প্ৰভাৱ ক্ষীণ হৈ আহে।
“সমৃদ্ধিয়ে শীৰ্ষত ৰাজত্ব কৰিছে,” ফ’ৰ্বছে কৈছে। “অকলে তিনিজন ভাৰতীয়ই তেওঁলোকৰ মাজত ১০০ বিলিয়ন ডলাৰ যোগ দিছে ।” তেওঁলোক তিনিজনৰ মূঠ সম্পত্তি ১৫৩.৫ বিলিয়ন ডলাৰ - ১৪০ গৰাকী কোটিপতিৰ মুঠ সম্পত্তিৰ সমষ্টিৰ ২৫ শতাংশৰো অধিক। শীৰ্ষত থকা দুজন কোটিপতি আম্বানি (৮৪ বিলিয়ন ডলাৰ) আৰু আদানি (৫০.৫ বিলিয়ন ডলাৰ)ৰ সম্পত্তি পাঞ্জাৱ (৮৫.৫ বিলিয়ন ডলাৰ) বা হাৰিয়ানা (১০১ বিলিয়ন ডলাৰ)ৰ মুঠ ঘৰুৱা ৰাজ্যিক উৎপাদনৰ তুলনাত বহু বেছি।
মহামাৰীৰ বছৰটোত আম্বানিৰ হাতলৈ ৪৭.৭ বিলিয়ন ডলাৰ (৩.৫৭ ট্ৰিলিয়ন টকা) আহে - মানে প্ৰতি ছেকেণ্ডত গঢ়ে ১.১৩ লাখ টকা , যিটো পাঞ্জাৱৰ ৬ টা কৃষিজীৱি পৰিয়ালৰ (গঢ়ে ৫.২৪ সদস্যৰ) মুঠ মাহিলী আয় (১৮,০৫৯)ৰো অধিক।
কেৱল আম্বানিৰ মূঠ সম্পত্তি পাঞ্জাৱ ৰাজ্যৰ জিএছডিপিৰ প্ৰায় সমান। তাকো নতুন আইনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ আগত। আইনখন কাৰ্যকৰী হৈ যোৱাৰ পিছত আৰু বাঢ়িব। ইয়াৰ মাজতে এটা কথা মনত ৰাখিব লাগিব যে পাঞ্জাৱৰ কৃষকৰ জনমুৰি আয় প্ৰায় ৩,৪৫০ টকা (ৰাষ্ট্ৰীয় নমুনা সমীক্ষাৰ ৭০তম সংস্কৰণ)।
ভালেমান বাতৰি কাকতে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ প্ৰতিবেদনখন ছপা কৰি (বা সংশোধন কৰি) দিলে, য’ত কোনো তুলনা নাইবা সম্পৰ্কৰ উল্লেখ নাই, যিটো ফ’ৰ্বছৰ প্ৰতিবেদনত কৰা হৈছিল। পিটিআইৰ প্ৰতিবেদনত ক’ভিড বা ক’ৰনা ভাইৰাছ নাইবা মহামাৰী শব্দৰ উল্লেখ নাই। এইখন বুলিয়েই নহয়, আন কোনো এটা প্ৰতিবেদনে এই কথাত জোৰ দিয়া নাই, যিটো ফ’ৰ্বছৰ প্ৰতিবেদনত উল্লেখ আছে যে “দহজন সৰ্বাধিক ধনী ভাৰতীয় ব্যক্তিৰ দুজনে স্বাস্থ্যসেৱাৰ পৰা ধন পায়, ই এনে এক সেৱা য’ত বিশ্ব মহামাৰীৰ কাৰণে বিশ্বজুৰি চাহিদা বাঢ়িছে।” স্বাস্থ্যসেৱাৰ উল্লেখ পিটিআইৰ প্ৰতিবেদনত বা আন কোনো প্ৰতিবেদনত দেখা পোৱা নগ’ল। আনকি ফ’ৰ্বছে আমাৰ ১৪০ জন কোটিপতি ভাৰতীয়ৰ ২৪ জনক স্বাস্থ্যসেৱা উদ্যোগত ধৰিছে।
ফ’ৰ্বছৰ তালিকাত স্বাস্থ্যসেৱাৰ লগত জড়িত ২৪ জন ভাৰতীয় কোটিপতিৰ ভিতৰত শীৰ্ষ ১০ জনে লগ লাগি মহামাৰীৰ বছৰটোত নিজৰ সম্পত্তিৰ হিচাপত ২৪.৯ বিলিয়ন ডলাৰ যোগ দিছে (গঢ়ে এদিনত প্ৰায় ৫ বিলিয়ন ডলাৰ), যিয়ে তেওঁলোকৰ সম্পত্তিৰ সমষ্টি ৭৫ শতাংশ বৃদ্ধি কৰি ৫৮.৩ বিলিয়ন ডলাৰ (৪.৩ ট্ৰিলিয়ন টকা) কৰিছে। ক’ভিড-১৯ৰ বিষয়ে সেই কথা মনত আছেনে যেতিয়া এই ৰোগক উচ-নীচৰ ভেদাভেদ নাইকিয়া কৰা বুলি অভিহিত কৰা হৈছিল?
আমাৰ মেক-ইন-ইণ্ডিয়াৰ দ্বাৰা মুনাফাৰে শকত হোৱা টোপোলাবোৰ য’তেই নাৰাখক লাগিলে, সেয়া ফ’ৰ্বছৰ নখদৰ্পণত আছে। ১৪০ত শেষ নোহোৱা এই তালিকাখনেৰে ভাৰতে বিশ্বৰ ভিতৰত সৰ্বাধিক কোটিপতি থকা ক্ৰমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিছতে তৃতীয় স্থানত আছে। এটা সময় আছিল যেতিয়া জাৰ্মানী আৰু ৰাছিয়াৰ দৰে ভাওধৰা দেশে আমাক সেই তালিকাত পিছ পেলাই ৰাখিছিল। কিন্তু এইবছৰ তেওঁলোকক নিজৰ স্থান দেখুৱাই দিয়া হৈছে।
অৱশ্যে ৫৯৬ বিলিয়ন ডলাৰৰ মুঠ ভাৰতীয় সম্পত্তিৰ টোপোলাটোত প্ৰায় ৪৪.৫ ট্ৰিলিয়ন ভাৰতীয় টকা আছে। এয়া ৭৫ খনৰো অধিক ৰাফেলৰ চুক্তিৰ সমান। কিন্তু ভাৰতত ধনৰ ওপৰত কোনো কৰ নালাগে। কিন্তু আমি লগোৱা হ’লে, কেৱল ১০ শতাংশই যদি লগালোহেঁতেন, তেতিয়া তাৰ পৰা ৪.৪৫ ট্ৰিলিয়ন টকা আহিলহেঁতেন। তাৰে আমি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিখন বছৰি ৭৩,০০০ কোটি টকা (২০২১-২২ৰ আবণ্টন)ৰ আবণ্টন অব্যাহত ৰাখি ছবছৰ চলাব পৰা গ’লহেঁতেন। ইয়ে আগন্তুক ছটা বছৰত গ্ৰামীণ ভাৰতত প্ৰায় ১৬.৮ বিলিয়ন লোকৰ কাৰণে কৰ্মদিনৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন।
চহৰ-নগৰত প্ৰব্ৰজনকাৰীৰ দ্বিতীয়টো সোঁত বোৱাৰ সময়ত তেওঁলোকৰ দুখজনক আৰু সমাজ হিচাপে আমাৰ ওপৰত সম্পূৰ্ণৰূপে আস্থাহীনতাৰ এনে সময়ত এম জিএনৰেগাৰ সেই কৰ্মদিনৰ আৱশ্যকতা আগতকৈ খুব বেছি প্ৰয়োজনীয় হৈ পৰে।
চমৎকাৰী সেই ১৪০ গৰাকীয়ে নিজৰ বন্ধুবৰ্গৰ পৰাও অলপ সহায় লৈছে। ক’ৰ্পৰেট গোষ্ঠীৰ কাৰণে বৃহৎ হাৰত কৰ ৰেহাই, যিটো দুটা দশক ধৰি তীব্ৰ গতিত চলিছে, ২০১৯ৰ আগস্তৰ পৰা অধিক ত্বৰান্বিত হৈছে।
মন কৰিব যে মহামাৰীৰ বৰ্ষটোত গেৰাণ্টি থকা এম.এচ.পি.ৰ অধীনত এপইচাও কৃষকক ৰেহাই দিয়া নহ’ল। তাৰ পৰিৱৰ্তে শ্ৰমিকে ১২ ঘণ্টা কাম কৰাৰ অনুমতি দিয়া এখন অধ্যাদেশ জাৰী কৰা হ’ল (কিছুমান ৰাজ্যত আকৌ অতিৰিক্ত কৰ্মঘণ্টাৰ কাৰণে অতিৰিক্ত মজুৰিও নিদিয়াৰ নিয়ম হ’ল)। আগতকৈ অধিক প্ৰাকৃতিক সম্পদ আৰু ৰাজহুৱা সম্পদ ক’ৰ্পৰেটৰ অতিকৈ ধনিক শ্ৰেণীৰ হাতত গতাই দিয়া হ’ল। মহামাৰীৰ সময়ত খাদ্যবস্তুৰ সংকটৰোধক মজুত (বাফাৰ ষ্টক) ১০৪ মিলিয়ন টনলৈ নামিছিল। কিন্তু জনসাধাৰণক দিয়া গৈছিল কেৱল ছমাহৰ বাবে ৫ কিলোগ্ৰাম ঘেঁহু বা চাউল আৰু ১ কিলোগ্ৰাম দাইল। তাকো দিয়া হৈছিল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত সামৰি লোৱা পৰিয়ালকহে, য’ত বৃহৎসংখ্যক অভাৱী লোক বাদ পৰিছিল। এই পৰিস্থিতি হৈছিল এনে এটা বৰ্ষত, য’ত লাখে লাখে ভাৰতীয় আন বহু দশকৰ তুলনাত অধিক বুভুক্ষু হৈ পৰিছিল।
ফ’ৰ্বছে ইয়াক ধনৰ “প্ৰৱল বৃদ্ধি” বুলি কৈছে, যিটো সমগ্ৰ বিশ্বতে হৈছে। “যোৱা এটা বছৰত গঢ়ে ১৭ ঘণ্টাত এজন নতুন কোটিপতিৰ সৃষ্টি হৈছে, যদিওবা বিশ্বত আটাইতকৈ ধনিকশ্ৰেণী যোৱা বছৰৰ তুলনাত ৫ ট্ৰিলিয়ন ডলাৰ অধিক ধনী হৈছে।” সেই ৫ ট্ৰিলিয়ন ডলাৰৰ মাজত প্ৰায় ১২ শতাংশ ভাৰতীয় ধনীকশ্ৰেণীয়ে প্ৰতিনিধিত্ব কৰে। তাৰমানে এই সকলো ক্ষেত্ৰতে বৈষম্য তীব্ৰবেগে বাঢ়িছে আৰু তাৰ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই।
ধনৰ এনে “প্ৰৱল বৃদ্ধি”য়ে সাধাৰণতে দুৰ্দশাও তীব্ৰগতিত আনে। আৰু এয়া কেৱল বিশ্ব মহামাৰীক লৈয়ে নহয়। দুৰ্যোগ এক বিস্ময়কৰ ব্যৱসায়। বহুতৰ দুখৰ মাজতে ধন ঘটা হয়। ফ’ৰ্বছৰ চিন্তাৰ বিপৰীতে, আমাৰ এই ধনিক শ্ৰেণীয়ে “মহামাৰীৰ লোকচান অথলে যাব নিদিলে”, বৰঞ্চ সেই প্ৰৱল সামূদ্ৰিক ঢৌতে খৰ মাৰিলে। ফ’ৰ্বছে কোৱা এই কথাষাৰ সঁচা যে স্বাস্থ্যসেৱাই “বিশ্বজুৰি মহামাৰীৰ কাৰণে হোৱা চাহিদা বৃদ্ধি”ৰ পৰা মুনাফা আদায় কৰিছে। কিন্তু এই চাহিদা বৃদ্ধি আৰু প্ৰৱল উৰ্দ্ধগামী ঢৌ সংশ্লিষ্ট দুৰ্যোগৰ ওপৰত নিৰ্ভৰ কৰি আন খণ্ডতো হ’ব পাৰে।
২০০৪ৰ ডিচেম্বৰত চুনামী অহাৰ এসপ্তাহ পিছত চাৰিওফালে ষ্টক মাৰ্কেটৰ সূচাংক সাংঘাতিক হাৰত উৰ্দ্ধগামী হোৱা পৰিলক্ষিত হ’ল। সেই তালিকাত আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা দেশো অন্তৰ্ভূক্ত আছিল। লাখে লাখে ঘৰ, নাও আৰু দৰিদ্ৰজনৰ সম্পত্তি নষ্ট হৈ গৈছিল। চুনামীৰ ফলত ১,০০,০০০ ৰো অধিক লোকে প্ৰাণ হেৰুওৱা ইণ্ডোনেছিয়াত জাকাৰ্টা কম্প’জিট ইনেডেক্সে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি সৰ্বকালৰ সৰ্বাধিক পইণ্ট লাভ কৰিছিল। আমাৰ ছেনচেক্সো এইক্ষেত্ৰত ব্যতিক্ৰমী নাছিল। সেই সময়ত নিৰ্মাণ আৰু আনুসাংগিক খণ্ডই ডলাৰ আৰু টকাত লক্ষণীয় সফলতা লাভ কৰিছিল।
এইবাৰ ‘স্বাস্থ্যসেৱা’ আৰু আন খণ্ডবোৰৰ ভিতৰত প্ৰযুক্তি খণ্ড (বিশেষকৈ ছফটৱেৰ সেৱা)ৰ প্ৰদৰ্শন ভাল। তালিকাৰ শীৰ্ষত থকা ভাৰতৰ প্ৰযুক্তি খণ্ডৰ ১০ জন পুঁজিপতিয়ে ৫২.৪ বিলিয়ন ডলাৰ (৩.৯ ট্ৰিলিয়ন টকা)ৰ সম্পত্তি ঘটিবলৈ ১২ মাহত ২২.৮ বিলিয়ন ডলাৰ (মানে প্ৰতিদিনে ৪.৬ বিলিয়ন টকা) আৰ্জিছে। এই বৃদ্ধিৰ হাৰ ৭৭ শতাংশ। আকৌ অনলাইন শিক্ষা - যদিওবা ঘাইকৈ চৰকাৰী বিদ্যালয়ত পঢ়া লাখ লাখ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে কোনোধৰণৰ শিক্ষালাভৰ পৰা বঞ্চিত হ’ল, তথাপি সেই ক্ষেত্ৰখনেও বহুতলৈ লাভৰ দুৱাৰ খুলিলে। বাইজু ৰবীন্দ্ৰনে ২.৫ বিলিয়ন ডলাৰ (১৮৭ বিলিয়ন টকা)ৰ সম্পত্তি গোটাবলৈ নিজৰ সম্পত্তিৰ লগত ৩৯ শতাংশ যোগ দিলে।
আমি পৃথিৱীখনক নিজৰ স্থান দেখুৱাই দিছো, এই কথা কোৱাটো মই উচিত বুলি ভাবো। কিন্তু ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়নৰ সূচাংকই আমাকো আমাৰ স্থান দেখুৱাই দিছে- সেয়া হৈছে ১৮৯ খন দেশৰ ভিতৰত ১৩১। আল চালভাদৰ, টাজিকিস্তান, কাবো ৱৰ্ডে, জ্ঞাতমালা, নিকাৰগুৱা, ভূটান আৰু নামিবিয়া আমাৰ আগত আছে। আমাক আগৰ বছৰৰ তুলনাত আৰু তললৈ নমোৱাৰ প্ৰকাশ্যে কৰা বৈশ্বিক ষড়যন্ত্ৰৰ উচ্চস্তৰীয় তদন্তৰ ফলাফলৰ বাবে বোধকৰো আমি বাট চাব লাগিব। আগলৈ কি হয় অপেক্ষা কৰক।
এই লিখনীটো প্ৰথমে দা ৱায়াৰত প্ৰকাশিত হৈছিল।
অনুবাদ - পংকজ দাস