দক্ষিণ কলকাতাৰ লেক মাৰ্কেটৰ এটা সাংস্কৃতিক মিলনথলীত মীনাই গ্ৰাহক, বন্ধু আৰু হ্ৰদৰ ৰাস্তা সোধা অচিনাকি মানুহৰ লগত কথা পতাৰ সময়ত ভোজপুৰী, বাংলা আৰু হিন্দী তিনিওটা ভাষা প্ৰয়োজন সাপেক্ষে সলাই সলাই কয়। “কলকাতাত এয়া (ভাষা) কোনো সমস্যা নহয়,” প্ৰব্ৰজনকাৰী হিচাপে মীনাই দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে কয়।

“বিহাৰী মানুহ বিহাৰতে থাকিব - এয়া কেৱল কোৱা কথা। কিন্তু শাৰীৰিক কষ্টৰ প্ৰয়োজন হোৱা আটাইবোৰ কাম দেখোন আমিয়েই কৰোঁ। প’ৰ্টাৰ, কুলি, পানী কঢ়িওৱা আটাইবোৰ বিহাৰী। এয়া বেংগলীয়ে কৰিব নোৱাৰিব। আপুনি নিউ মাৰ্কেট, হাওৰা, শিয়ালদহ যাওক… আপুনি মেটমৰা বোজা বিহাৰীকে কঢ়িওৱা দেখিব। কিন্তু ইমান কষ্ট কৰিও তেওঁলোকে সন্মান নাপায়। বিহাৰীযে সকলোকে বাবু বুলি সম্বোধন কৰে…কিন্তু তেওঁলোকক সকলোৱে নীচ চকুৰে চায়। আমৰ মঙহখিনি বেংগলী বাবুৰ, গুটিটোহে আমাৰ বাবে থাকে,” তেওঁ একে উশাহতে কথাখিনি কয়।

মীনাই ভাষা আৰু পৰিচয়ৰ ৰাজনীতিৰ বিষযে কৈ যায়।

“চেন্নাইত আমি অসুবিধাৰ সন্মুখীন হৈছিলো (কথা-বতৰাত),” তেওঁ কৈ যায়। “তেওঁলোকে হিন্দী বা ভোজপুৰী ভাষাত কিবা সুধিলে উত্তৰ নিদিয়ে। তেওঁলোকে নিজৰ ভাষা কয়, যিটো আমি বুজি নাপাও। কিন্তু ইয়াত তেনেকুৱা নহয়,” মীনাই কয়। “চাওক, বিহাৰী বুলি এটা ভাষা নাই। ঘৰত আমি ৩-৪ টা ভাষা কওঁ। কেতিয়াবা আমি ভোজপুৰী কওঁ, কেতিয়াবা হিন্দী, কেতিয়াবা দাৰভাংগীয়া আৰু কেতিয়াবা বাংলাও কওঁ। কিন্তু দাৰভাংগীয়া (মৈথিলি) ক’বলৈ সহজ পাওঁ,” বিহাৰৰ চাপ্ৰাৰ বয়সীয়া মাকৈ বেচা ৪৫ বছৰ বয়সীয়া মীনাই কয়।

“আমি আৰাহ আৰু চাপ্ৰা ভাষাও কওঁ। সমস্যা একো নাই, যিটো ভাষাতে কথা পাতিব খোজো, সিটোতে পাতো,” কুশলী বহুভাষীৰ দৰে তেওঁ ক’লে। কিন্তু এই যে ভাষা জনাটোৰ সৈতে তেওঁৰ ব্যতিক্ৰমী কৌশলৰ সৈতে সম্পৰ্ক আছে, সেই কথাৰে তেওঁ নিজকে পতিয়ন নিয়াব নোখোজে।

PHOTO • Smita Khator

বিহাৰৰ প্ৰব্ৰজনকাৰী মীনা যাদৱে দক্ষিণ কলকাতাৰ লেক মাৰ্কেট এলেকাত মাকৈ বিক্ৰী কৰে আৰু কামৰ সময়ত ভোজপুৰী, বাংলা, মৈথিলি আৰু হিন্দী ভাষাত আৰামত কথা পাতিব পাৰে। তেওঁ আৰাহ আৰু চাপ্ৰা ভাষাতো কথা পাতে

ইউনেস্কোৰ সঞ্চালক প্ৰধানে ‘পৃথিৱীখনৰ বহুধাবিভক্ত প্ৰকাশভংগীৰ উদযাপনৰ মাধ্যমবোৰ’ সংৰক্ষণ কৰিবই লাগিব বুলি কৈছে (এই সংস্থাই আন্তঃৰাষ্ট্ৰীয় বিশ্ব ভাষা দিৱস আয়োজন কৰি আহিছে)। কিন্তু মীনাৰ ক্ষেত্ৰত এয়া তেনেই চিধা কথা। তেওঁ মালিকৰ, নিয়োগকৰ্তাৰ, গ্ৰাহকৰ আৰু চুবুৰীয়াৰ ভাষা শিকিবলগীয়া হৈছে। “ইমানকেইটা ভাষা জনাটো ভাল, কিন্তু আমি জীয়াই থাকিবলৈহে এইবোৰ শিকিবলগীয়া হৈছে,” তেওঁ কয়।

বিশ্ব মাতৃভাষা দিৱসৰ দিনা পাৰিয়ে মীনাৰ দৰে দৰিদ্ৰ প্ৰব্ৰজনকাৰী, যিয়ে নিজৰ প্ৰদেশৰ বাহিৰত থাকে, যি ভাষা কৈ ডাঙৰ হ’ল, সেই ভাষা এৰি আহিছে, তেনে কিছুমান লোকক সাক্ষাৎ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তত থাকি তেওঁলোকে অভ্যস্ত হৈ পৰা, সংৰক্ষণ কৰা আৰু সৃষ্টি কৰা ভাষাৰ এই বৈচিত্ৰময় জগতখনত আমি এভুমুকি মাৰিবলৈ যত্ন কৰিছিলো।

পুণেত প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে কাম কৰা অসমৰ কাচাৰ জিলাৰ বৰখলা খণ্ডৰ নিজৰ ঘৰলৈ উভতি অহাৰ পিছত বিশেষ এক সমস্যাৰ সন্মুখীন হৈছিল। জাৰাইতোলা, য’ত তেওঁ জন্ম, তাত তেওঁ বাংলাভাষী মানুহৰ মাজত ডাঙৰ-দীঘল হৈছিল। তেনেকৈ তেওঁৰ ৰাজ্যিক ভাষা অসমীয়া শিকা নহ’ল। বিশ বছৰমান বয়সতে তেওঁ ঘৰ এৰি ডেৰটা দশক পুণেত কটালে, তাতে তেওঁ হিন্দী আৰু মাৰাঠী ক’বলৈ শিকিলে।

“মই মাৰাঠী ভালদৰে জানো। পুণে গোটেইখন ঘূৰি সাং কৰিছো। কিন্তু অসমীয়া ক’ব নাজানো। বুজি পাওঁ, কিন্তু ক’ব অসুবিধা হয়,” ৪০ বছৰ বয়সীয়া শংকৰে কয়। ক’ভিড-১৯ লকডাউনৰ সময়ত যেতিয়া তেওঁ মেচিনেৰী ৱৰ্কশ্বপ এটাৰ কাম হেৰুৱায়, তেতিয়া তেওঁ অসমলৈ কাম বিচাৰি আহিবলৈ বাধ্য হয়। গাঁৱৰ আশে-পাশে কাম বিচাৰি নোপোৱাত তেওঁ গুৱাহাটীলৈ আহে, কিন্তু অসমীয়া নজনাত তেওঁৰ কাম বিচাৰি পাবলৈ বহুত অসুবিধাত পৰে।

মীনাৰ ক্ষেত্ৰত এয়া তেনেই চিধা কথা। 'ইমানকেইটা ভাষা জনাটো ভাল, কিন্তু আমি জীয়াই থাকিবলৈহে এইবোৰ শিকিবলগীয়া হৈছে,' তেওঁ কয়

ভিডিঅ’টো চাওক: বিহাৰৰ মীনা যাদৱ আৰু ঝাৰখণ্ডৰ প্ৰফুল চুৰিণে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণাইছে

“কাম দিয়া মানুহৰ লগত কথা পতাটো বাদেই, বাছত উঠাটোও মস্কিল,” তেওঁ কয়। “পুণেলৈ ঘূৰি যাম বুলিয়ে ভাবিছো। তাত কামো পাম আৰু ভাষাৰ কাৰণে সমস্যাও নহ’ব।” ঘৰত থাকিলে তেওঁৰ ভাত নিমিলিব।

গুৱাহাটীৰ পৰা প্ৰায় দুহেজাৰ কিলোমিটাৰ দূৰত, ৰাজধানী চহৰত ১৩ বছৰীয়া প্ৰফুল সুৰিনে স্কুলত টিকি থাকিবলৈ হিন্দী শিকিবলগীয়া হৈছে। দেউতাক ঢুকোৱাত তেওঁ ঝাৰখণ্ডৰ পাহানতলি ক্ষুদ্ৰ গাঁৱৰ পৰা ১,৩০০ কিলোমিটাৰ দূৰৰ নতুন দিল্লীৰ মুনিৰ্কা গাঁৱৰ পেহীয়েকৰ ঘৰত থাকিবলৈ বাধ্য হৈ পৰে। “ইয়ালৈ আহি মোৰ অকলশলীয়া অনুভৱ হৈছিল,” সি কয়। “কাকো চিনি নাপাও। সিহঁত আটায়ে হিন্দী কয়।”

এইখন মহানগৰলৈ অহাৰ আগেয়ে সি গাঁৱত হিন্দী আৰু ইংৰাজী কেইটামান আখৰ শিকিছিল, কিন্তু বুজি পাব পৰাকৈ বা কিবা এটা প্ৰকাশ কৰিব পৰাকৈ সেয়া পৰ্য্যাপ্ত নাছিল। দিল্লীত দুটা বছৰ শিকাৰ পিছত আৰু পেহীয়েকে বিশেষ টিউশ্যনৰ ব্যৱস্থা কৰাত সি এতিয়া “স্কুলত আৰু লগ-বন্ধুৰ সৈতে খেলোতে অলপ হিন্দী ক’ব পৰা” হৈছে,” সি কয়। “কিন্তু ঘৰত মই পেহীৰ লগত মুণ্ডাৰী ভাষাতে কথা পাতো। সেয়াই মোৰ মাতৃভাষা।”

দিল্লীৰ পৰা ১,১০০ কিলোমিটাৰ দূৰৰ চত্তীশগড়ৰ ১০ বছৰ বয়সীয়া প্ৰীতিয়ে নতুনকৈ ভৰ্তি হোৱা স্কুলখনত পঢ়িব নোখোজে। তাই মাক-দেউতাকৰ লগতে থাকে যদিও তাই যিটো ভাষাত কথা কৈ ভাল পায়, সেইটো ভাষাৰ পৰা দূৰত।

দুকুৰি বয়সৰ লতা ভই আৰু তেওঁৰ স্বামী সুৰেন্দ্ৰ ভই (৬০) মলুৱা কন্ধ আদিবাসী সম্প্ৰদায়ৰ। ৰাইপুৰৰ এখন ব্যক্তিগত পামঘৰৰ চোৱাচিতাৰ কামৰ বাবে তেওঁলোক ওড়িশাৰ কালাহান্দিৰ কেন্দুপাৰা গাঁৱৰ পৰা আহিছে। তেওঁলোকে চত্তীশগড়ী ভাষাত কাম চলাব পাৰে আৰু পামৰ আন স্থানীয় শ্ৰমিকৰ সৈতে চত্তীশগড়ীতে কথা পাতে। “পেটৰ ভাতৰ সন্ধানত আমি ২০ বছৰ আগতে ইয়ালৈ আহিছিলো,” লতাই কয়। “আমাৰ বংশ-পৰিয়াল ওড়িশাতে থাকে। সকলোৱে উড়িয়া কয়। কিন্তু মোৰ ল’ৰা-ছোৱালীকেইটাই আমাৰ ভাষা ক’ব বা লিখিব নাজানে। সিহঁতে কেৱল ক’ব পাৰে। ঘৰত আমি সকলোৱে পাৰো আনকি মই উড়িয়া লিখিব বা পঢ়িব নাজানো। ক’বহে জানো।” তেওঁলোকৰ সৰুজনী ছোৱালী প্ৰীতিয়ে হিন্দী কবিতা ভাল পায়, কিন্তু স্কুললৈ যাবলৈ বেয়া পায়।

PHOTO • Pankaj Das
PHOTO • Nirmal Kumar Sahu
PHOTO • Nirmal Kumar Sahu

পুণেত ডেৰ দশক কটোৱা শংকৰ দাসে (বাওঁফালে) মাৰাঠী ক’ব পাৰে যদিও গৃহৰাজ্যত অসমীয়া ক’ব নোৱাৰাৰ বাবে কাম বিচৰতা অসুবিধা পাইছে। লতা ভই (সোঁফালে)ৰ জীয়ৰী প্ৰীতি ভই (মাজত) ওড়িশাৰ পৰা প্ৰব্ৰজন কৰা আৰু চত্তীশগড়ত থাকে। প্ৰীতিয়ে স্কুলত সহপাঠীয়ে জোকায় কাৰণে স্কুল এৰিব খোজে

“মই সহপাঠীৰ লগত চত্তীশগড়ী কোনোমতে কওঁ। কিন্তু ইয়াত পঢ়ি থাকিবলৈ মোৰ ইচ্ছা নাই,” তাই কয়। “লগৰবোৰে মোক ‘ওড়িয়া-ধোড়িয়া’ বুলি জোকায়।” ধোড়িয়া মানে চত্তীশগড়ী ভাষাত এবিধ বিষহীন সাপ, আকাৰত তেনেই সৰু। অনুসূচিত জনজাতিৰ কোটাৰে স্কুলত ছিট এটা ল’ব পাৰিলে, তাইৰ দেউতাকে এতিয়া প্ৰীতিক ওড়িশাৰ চৰকাৰী স্কুললৈ পঠিয়াবলৈ মন কৰিছে।

নিজৰ মাক-দেউতাক, নিজৰ ঠাই আৰু ভাষাৰ পৰা খুব কম বয়সতে আঁতৰি আহি থাকিবলগীয়া হোৱাটোৱে প্ৰতিজন প্ৰব্ৰজনকাৰীৰ জীৱন।

২১ বছৰীয়া নাগেন্দ্ৰ সিঙে ৮ বছৰ বয়সতে কামৰ সন্ধানত ঘৰ এৰি ক্ৰেন অপাৰেটিং চাৰ্ভিছত চাফাইকৰ্মী হিচাপে কাম কৰিবলৈ লৈছিল। ঘৰ আছিল উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাৰ জগদীশপুৰ গাঁৱত। তাতে তেওঁলোকে ভোজপুৰী কৈছিল। “হিন্দীৰ পৰা এয়া বহুখিনি বেলেগ,” তেওঁ বুজাই কয়। “আমি ভোজপুৰীত কথা পাতিবলৈ ধৰিলে আপুনি বুজিয়ে নাপাব।” তেওঁৰ ভাষাত আমি মানে উত্তৰ বেংগালুৰুৰ নিৰ্মাণৰ ছাইটত কাম কৰি থকা তেওঁৰ ৰুমমেট আৰু সহকৰ্মী, ৰংমিস্ত্ৰী আদিক বুজাইছে। ২৬ বছৰীয়া আলী, ১৮ বছৰীয়া মণীষ আৰু নাগেন্দ্ৰত বয়স, গাওঁ, ধৰ্ম আৰু জাতিয়ে ভিন্ন কৰে যদিও তেওঁলোক ভাষাটোৰ জৰিয়তে একত্ৰ - ভোজপুৰী ভাষা।

কৈশোৰ অৱস্থাতে তেওঁলোক তিনিয়ে ঘৰ আৰু ভাষা এৰি আহিছিল। “আপুনি যদি বৃত্তি এটা শিকিছে, তেন্তে আপোনাৰ একো সমস্যা নহয়,” আলীয়ে কয়। “মই দিল্লী, মুম্বাই, হায়দৰাবাদ আনকি ছৌদি আৰৱলৈকো গৈছো। আপোনাক পাছপ’ৰ্ট দেখুৱাব পাৰো। তাতে মই ইংৰাজী আৰু হিন্দী শিকিলো।” এইবোৰ তেনেই সহজ কথা, নাগেন্দ্ৰই আমাৰ কথাত যোগ দিয়ে। “য’তেই কাম আছে, আমি ত’লৈকে যাওঁ। গাঁৱৰ কোনোবা ল’ৰাই মাতি পঠিয়ালে আমি গুছি যাওঁ,” তেওঁ কয়।

“এনেকুৱা মানুহো আছে, এই খুৰাজনৰ কথাই ধৰক,” নাগেন্দ্ৰই ৫৭ বছৰ বয়সীয়া তেওঁৰ সহকৰ্মী মাদুৰাইৰ সুব্ৰমণিয়মৰ কথা কয়, যিয়ে কেৱল তামিল ভাষা জানে। “আমি আকাৰে-ইংগিতে কথা পাতো। আমি কিবা কথা ক’ব থাকিলে বাঢ়ৈজনক কওঁ, তেওঁ খুৰাক বুজাই দিয়ে। কিন্তু আমি নিজৰ মাজত ভোজপুৰীত কথা পাতো। সন্ধিয়া যেতিয়া কোঠালৈ যাওঁ, তেতিয়া মই মোৰ খাদ্য ৰান্ধো আৰু ভোজপুৰী গান গাওঁ,” তেওঁ তেওঁৰ প্ৰিয় গান এটা শুনাবলৈ বুলি পকেটৰ পৰা ম’বাইলটো উলিয়ায়।

PHOTO • Pratishtha Pandya
PHOTO • Pratishtha Pandya

নাগেন্দ্ৰ সিং (বাওঁফালে) আৰু আব্বাচ আলিয়ে (সোঁফালে) উত্তৰ বেংগালুৰুত ৰংমিস্ত্ৰীৰ কাম কৰে, তেওঁলোকৰ বয়স, গাওঁ, ধৰ্ম ভিন্ন যদিও ভোজপুৰী ভাষাই তেওঁলোকক এক কৰে

PHOTO • Pratishtha Pandya
PHOTO • Pratishtha Pandya

বাওঁফালে: তামিলনাডুৰ সুব্ৰমণিয়ম আৰু উত্তৰ প্ৰদেশৰ মণীষে ৰংমিস্ত্ৰী হিচাপে নিৰ্মাণ ছাইট এটাত কাম কৰে। তেওঁলোকে আকাৰ-ইংগিতেৰে কথা পাতে। সোঁফালে: নাগেন্দ্ৰই নিজে বনোৱ খাদ্য খাইছে। কিন্তু তেওঁৰ তাত গাঁৱৰ খাদ্য সোৱাদ বিচাৰি নাপায়

আমাৰ ভাষিক অভিজ্ঞতাৰ প্ৰসংগ আহিলে আমাৰ সংস্কৃতিৰ সৈতে পৰিচিত খাদ্য, সংগীত, উৎসৱ, কেতবোৰ নিৰ্দিষ্ট বিশ্বাস আদিৰ কথা আমাৰ মনলৈ আহে। সেয়ে পাৰি সদস্যই মাতৃভাষা সন্দৰ্ভত মানুহৰ লগত কথা পাতোতে সাংস্কৃতিক দিশটোও কথা-বতৰাত ওলাই পৰিছে।

বিহাৰৰ নিজ গাওঁ পাৰ্তাপুৰ এৰা বসন্ত মুখীয়াৰ (৩৯) দুটা দশকৰো বেছি হ’ল। মুম্বাইত ঘৰুৱা কাম-বন কৰা বসন্তৰ মৈথিলী বুলিলে ঘৰৰ খাদ্য আৰু ইটোৰ পিছত সিটো গীত মনত ভাঁহি উঠে। “মই চাট্টু (ভজা বুটমাহৰ গুড়িৰে বনোৱা) বহুত ভাল পাওঁ, আৰু চুৰা বা পোহা,” তেওঁ কয়। তেওঁ তাৰে কিছুমান বস্তু মুম্বাইতো খাবলৈ পায় যদিও কয়, “ঘৰৰ সোৱাদ নাপাওঁ।” বসন্তই ঘৰৰ খাদ্যৰ কথা ক’বলৈ আৰম্ভ কৰে। “ঘৰত আমি প্ৰতি শনিবাৰে দুপৰীয়া খিচিৰী খাওঁ আৰু সন্ধিয়া ভুজা। ভুজা হৈছে চিৰা, ভজা বাদাম আৰু মাটিমাহৰ সৈতে পিয়াজ, বিলাহী, কেঁচা জলকীয়া, নিমখ, তেল আৰু আন মচলাৰে বনোৱা এবিধ খাদ্য,” তেওঁ বৰ হেঁপাহেৰে কয়।

গাঁৱত কেনেদৰে ফাকুৱা খেলিছিল, সেই কথাও তেওঁৰ মনলৈ আহিল। “কোনো আগতীয়া সম্ভেদ নিদিয়াকৈ মানুহ আহি আপোনাৰ ঘৰ আহি ওলাব। বনৰীয়াৰ দৰে আমি ফাকু খেলো। তাৰপিছত খাবলৈ পাম মালপোৱা (ফাকুৱাৰ দিনা ময়দা, চেনী, গাখীৰ আৰু চুজিৰে বনোৱা)। আমি ফাগুৱা (হোলী গীত) গাওঁ,” বসন্তই কয়। তেওঁ মাতৃভাষাত কথাখিনি নক’লেও নিজৰ ঠাইখনৰ বৰ্ণনা চকুৰ আগত ভাঁহি উঠিছিল।

“নিজৰ ঠাইত, নিজৰ মানুহৰ মাজত থাকি নিজৰ ভাষা কোৱা আৰু উৎসৱ উদযাপন কৰাৰ মাদকতাই সুকীয়া,” তেওঁ হুমুনিয়াহ কাঢ়ি কয়।

ৰাজুৰ ঘৰ এলাহবাদৰ আমিলাউতিত। তেওঁ এই কথাত একমত নহৈ নোৱাৰিলে। তেওঁ যোৱা ৩০ বছৰ ধৰি পাঞ্জাৱত জীৱিকা নিৰ্বাহ কৰি আহিছে। আহিৰ সম্প্ৰদায়ৰ ৰাজুৱে ঘৰত অৱধি ভাষা কৈছিল। প্ৰথম অমৃতসৰলৈ আহি তেওঁৰ কষ্ট হৈছিল। “কিন্তু মই এতিয়া সলসলীয়াকৈ পাঞ্জাৱী ক’ব পাৰো আৰু সকলোৱে মোক ভাল পায়,” তেওঁ হাঁহিমুখে কয়।

PHOTO • Swarn Kanta
PHOTO • Swarn Kanta

উত্তৰ বেংগালুৰুৰ নিৰ্মাণ ছাইটত ৰঙৰ কাম কৰা নাগেন্দ্ৰ সিং (বাওঁফালে) আৰু আব্বাচ আলী (সোঁফালে); তেওঁলোকক বয়স, গাওঁ, ধৰ্ম আদিৰ ফালৰ পৰা তেওঁলোক ভিন্ন যদিও ভাষাই তেওঁলোকক এক কৰি ৰাখিছে - সেয়া হৈছে ভোজপুৰী ভাষা

PHOTO • Kamaljit Kaur
PHOTO • Kamaljit Kaur

বাওঁফালে: তামিলনাডুৰ সুব্ৰমণিয়ম আৰু উত্তৰ প্ৰদেশৰ মণীষে ৰং মিস্ত্ৰী হিচাপে ছাইট এটাত কাম কৰে। তেওঁলোকে আকাৰ-ইংগিতেৰে কথা পাতে। সোঁফালে: নাগেন্দ্ৰই নিজে বনোৱা খাদ্য খাইছে। তেওঁৰ নিজৰ গাঁৱৰ খাদ্য খাবলৈ মন যায়

কিন্তু পাঞ্জাৱৰ তৰন তাৰনৰ পাট্টি চহৰৰ ফল বেচোতা ৰাজুৱে তেওঁৰ উৎসৱবোৰত ঘৰলৈ যাবলৈ নাপায়। তেওঁৰ কামৰ বোজাৰ বাবে ঘৰলৈ যোৱা নহয় আৰু “ইয়াত আমাৰ গাঁৱৰ উৎসৱবোৰ উদযাপন কৰাটো অসম্ভৱ কথা,” তেওঁ কয়। “১০০ জন মানুহে পালন কৰিলে সেই উৎসৱত মানুহে যোগ দিব, কিন্তু দুই-তিনিজনে পতা উৎসৱলৈ কোন আহিব বাৰু?”

দেশৰ আনটো মূৰে ৩৮ বছৰীয়া শ্বাবানা শ্বেইখে গিৰীয়েকৰ কামৰ সন্ধানত ৰাজস্থানৰ পৰা কেৰালালৈ আহিছিল। তেঁৱো একেটা প্ৰশ্নই কৰে। “আমি আমাৰ গাঁৱত আমাৰ উৎসৱ পালন কৰোঁ, তাত একো লাজৰ কথা নাই। কিন্তু ইয়াত, কেৰালাত কেনেকৈ উদযাপন কৰোঁ?” তেওঁ প্ৰশ্ন কৰে। “দেৱালীৰ সময়ত কেৰালাত ইমান জাকজমক কৰা নহয়। কিন্তু ৰাজস্থানত আমি দেৱালীৰ সময়ত মাটিৰ চাকি জ্বলাও। বৰ ধুনীয়া লাগে,” তেওঁ কয়। স্মৃতিৰে তেওঁৰ চকুদুটা উজ্বলি উঠে।

ভাষা, সংস্কৃতি আৰু স্মৃতিৰ মাজৰ সম্পৰ্কৰ গাঢ় সম্পৰ্কৰ উমান আমি প্ৰতিজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সৈতে হোৱা কথা-বতৰাত পাইছিলো। কিন্তু ঘৰৰ পৰা দূৰত আন এখন ঘৰত থাকি তেওঁলোকে জীয়াই থাকিব পৰাকৈ নিজৰ এখন দুনীয়া বনাই লৈছে।

নাগপুৰ, ৱাৰ্ধা, চন্দৰপুৰ বা য়াভাতমালৰ পথাৰৰ বাদে ষাঠি উৰ্ধ মাশ্ৰু ৰাবাৰিৰ নিজাকৈ কোনো স্থায়ী ঠিকনা নাই। কেন্দ্ৰীয় বিদৰ্ভৰ পশুপালক মাশ্ৰু গুজৰাটৰ কচ্ছৰ পৰা অহা। “ৱাৰ্হাদি বুলিয়েই মই নিজকে পৰিচয় দিও,” ধুতি, বগা পাগুৰিৰে ৰাবাৰী পোচাক পৰিহীত মাশ্ৰুৱে কয়। তেওঁ বিদৰ্ভৰ স্থানীয় ভাষা-সংস্কৃতিৰ সৈতে পৰিচিত আৰু প্ৰয়োজন সাপেক্ষে স্থানীয় ভাষাত গালি-গালাজো কৰিব পাৰে। তথাপি তেওঁ নিজৰ মাটিৰ পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে সু-সম্পৰ্ক ৰাখিছে। তেওঁৰ গোটেই মাল-বস্তুখিনি উটৰ পিঠিত বোজাই কৰা থাকে। তেওঁ লগত লৈ ফুৰে লোককথা, আহৰিত জ্ঞান, গীত-মাত, পশুজগত, পৰিস্থিতিতন্ত্ৰ আদি বিভিন্ন বিষয়ত পৰম্পৰাগত জ্ঞান।

PHOTO • Jaideep Hardikar
PHOTO • Rajeeve Chelanat

বাওঁফালে: কচ্ছৰ মাশ্ৰু ৰাবাৰিয়ে বিদৰ্ভৰ কপাহৰ খেতিপথাৰত থাকে আৰু নিজকে ৱাৰ্হাদি বুলি কয়। সোঁফালে: ৰাজস্থানৰ শ্বাবানা শ্বেইখ (একেবাৰে বাওঁফালে) নিজৰ গিৰীয়েক মহম্মদ আলৱাৰ (সোঁফালে) আৰু জীয়েক চানিয়া শ্বেইখ (সোঁমাজত)ৰ লগত থাকে। দেৱালীৰ সময়ত গাঁৱৰ মাটিৰ চাকিৰ পোহৰৰ কথা তেওঁৰ মনত পৰে

ঝাৰখণ্ডৰ এক্সেভেটৰ অপাৰেটৰ চানাউল্লাহ আলম (২৫) এতিয়া কৰ্ণাটকৰ উৰুপিত থাকে। তেঁৱেই একমাত্ৰ ব্যক্তি যিয়ে কৰ্মস্থলীত সলসলীয়াকৈ হিন্দী ক’ব পাৰে। নিজৰ ভাষা আৰু মানুহৰ সৈতে তেওঁৰ যোগাযোগৰ একমাত্ৰ সম্পৰ্ক ফোনটোৰ যোগেদি, সিটোতে তেওঁ হিন্দী নাইবা খোৰ্থা (ঝাৰখণ্ডৰ উত্তৰ চোটানাগপুৰ আৰু সান্থাল পাৰগানাৰ কথিত ভাষা)ত কথা পাতে।

ঝাৰখণ্ডৰ আন এজন যুৱ প্ৰব্ৰজনকাৰী ২৩ বছৰীয়া ছবিন যাদৱেও আত্মীয়-স্বজনৰ সৈতে ফোনতে যোগাযোগ ৰাখে। তেওঁ কিছু বছৰ আগতে “ক্ৰিকেট খেলুৱৈ ধোনীৰ ঘৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৰ” চেন্নাইলৈ আহিছিল। চেন্নাইৰ খোৱাবস্তুৰ দোকান এখনত কাম কৰি থাকোতে তেওঁ কাচিৎহে হিন্দী ক’বলৈ পাইছিল। সদায় সন্ধিয়া পত্নীৰ লগত ফোনত কথা পাতোতেহে তেওঁ হিন্দী ব্যৱহাৰ কৰিছিল। “মই হিন্দীলৈ ভাঙনি কৰা তামিল চিনেমা ম’বাইল ফোনতে চাও। সুৰ্য্যা মোৰ প্ৰিয় অভিনেতা,” তামিল ভাষাতে তেওঁ কয়।

“হিন্দী, উৰ্দু, ভোজপুৰী…কোনো এটা ভাষাই ইয়াত নচলে। ইংৰাজীও নচলে। কেৱল হৃদয়ৰ ভাষা চলে,” বিনোদ কুমাৰে কয়। বিহাৰৰ মতিহাৰি গাঁৱৰ ৫৩ বছৰীয়া ৰাজমিস্ত্ৰীগৰাকীয়ে কাশ্মীৰৰ বাৰামুল্লা জিলাৰ পাট্টান ব্লকৰ চাজিদ গনিৰ পাকঘৰত ভাত গাই থকা সময়ত কয়। চাজিদেই তেওঁক তাত কাম দিছে। “মালিকে শ্ৰমিকৰ লগত একেলগে খোৱা আন ক’ৰবাত দেখিছে?” বিনোদে চাজিদলৈ আঙুলিয়াই আমাক প্ৰশ্ন কৰে। “তেওঁ চাগে মোৰ জাতো নাজানে। ঘৰত মই চুলে মানুহে সেই গিলাচত পানীও নাখাব। ইয়াত মোক তেওঁ নিজৰ পাকঘৰত একেলগে বহি খাব দিছে।”

বিনোদে কাশ্মীৰলৈ অহা ৩০ টা বছৰ হ’ল। “১৯৯৩ত মই শ্ৰমিক হিচাপে কাশ্মীৰলৈ প্ৰথম আহিছিলো। কাশ্মীৰৰ বিষয়ে বিশেষ একো নাজানিছিলো। তেতিয়া সংবাদ মাধ্যম এতিয়াৰ দৰে নাছিল। কাকতত কিছু তথ্য ওলাইছিল যদিও মইনো কেনেকৈ পঢ়িব পাৰো? মই নিৰক্ষৰ মানুহ। ঠিকাদাৰৰ পৰা ফোন আহিে আমি চাউলকঠাৰ বাবে ওলাই যাও,” তেওঁ বুজাই কয়।

PHOTO • Shankar N. Kenchanuru
PHOTO • Rajasangeethan

বাওঁফালে: ঝাৰখণ্ডৰ চানাউল্লা আলমে কৰ্ণাটকৰ উৰুপিত এক্সেভেটৰ অপাৰেটৰ হিচাপে কাম কৰে। তেওঁ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ফোনত হিন্দী বা খোৰ্থা ভাষাত কথা পাতে। সোঁফালে: ছবিন যাদৱৰ ঘৰো ঝাৰখণ্ডত, তেওঁ চেন্নাইৰ যিখন খোৱাবস্তুৰ দোকানত কাম কৰে, তাত তামিলতে কথা পাতে আৰু ফোনত পত্নীৰ সৈতে হিন্দীত কথা পাতে

“আগতে অনন্তনাগত মই কাম এটা পাইছিলো,” তেওঁ আগৰ কথা মনত পেলায়। “কিন্তু আহি দেখিলো যে সব বন্ধ। ভালেকেইদিন কাম নাইকিয়া আছিল। পকেটত পইচাও নাছিল। কিন্তু ইয়াৰে গাঁৱৰ মানুহে মোক সহায় কৰিলে, আমাক আটাইকে সহায় কৰিলে। আমি ১২ জন একেলগে আহিছিল। তেওঁলোকে আমাক খুৱাইছিল। কওঁকচোন, কোনো স্বাৰ্থ নথকাকৈ কোনে এনেদৰে কাৰোবাক সহায় কৰিব?” তেওঁ প্ৰশ্ন কৰে। চাজিদে এনেতে এটুকুৰা চিকেন বিনোদৰ থালখনত দিবলৈ আগবাঢ়ে, নম্ৰভাৱে কথাৰ মাজতে বিনোদে মানা কৰি কথাখিনি কৈ যায়।

“মই কাশ্মীৰি এটা শব্দও বুজি নাপাও,” বিনোদে কৈ যায়। “কিন্তু ইয়াত সকলোৱে হিন্দী বুজি পায়। এতিয়ালৈ হিন্দীৰে চলি গৈছো।”

“ভোজপুৰীৰ কথা কি কয় (তেওঁৰ মাতৃভাষা)?” আমি তেওঁক সুধিলো।

“সেয়ানো কি?” তেওঁ কয়। “আমাৰ গাঁৱৰ মানুহ আহিলে আমি ভোজপুৰীতে কথা পাতো। কিন্তু ইয়াত কাৰ লগত ভোজপুৰীত কথা পাতিম? আপুনিয়েই কওঁকচোন…?” তেওঁ প্ৰশ্ন কৰে। তাৰপাছত তেওঁ হাঁহি মাৰি কয়, “মোৰ মাতৃভাষাটোৰ অকণমান চাজিদক শিকাইছো। কা হৌ চাজিদভাই? কেইসান বানি? [চাজিদভাই কওঁকচোন, কেনে আছে?]”

“থিক বা (কুশলে আছো).” চাজিদে উত্তৰ দিয়ে।

“অ’ত-তত অলপ ভুল হয়। কিন্তু আকৌ যদি আহে, তেতিয়া ৰিতেশ (ভোজপুৰী অভিনেতা)ৰ গান এটা মোৰ ভাইয়ে ইয়াত গাই শুনাব!”

এই ষ্ট ’ৰিটোত দিল্লীৰ পৰা মহম্মদ কমৰ তবৰেজ , পশ্চিমবংগৰ পৰা স্মিতা খাটৰ , কৰ্ণাটকৰ পৰা প্ৰতিষ্ঠা পাণ্ড্যা আৰু শংকৰ এন . কেঁচুনুৰ , কাশ্মীৰৰ পৰা দেৱেশ , তামিলনাডুৰ পৰা ৰাজাসংগীতা , চত্তীশগড়ৰ পৰা নিৰ্মল কুমাৰ চাহু , অসমৰ পৰা পংকজ দাস , কেৰালাৰ পৰা ৰাজীৱ চেলানাট , মহাৰাষ্ট্ৰৰ পৰা জয়দীপ হাৰ্ডিকাৰ আৰু স্বৰ্ণ কান্তা , পাঞ্জাৱৰ পৰা কমলজীত কৌৰ - য়ে প্ৰতিবেদন প্ৰস্তুত কৰিছে, সম্পাদনা কৰিছে প্ৰতিষ্ঠা পাণ্ড্যাই সম্পাদকীয় সহযোগ আগবঢ়াইছে মেধা কালে , জশুৱা বোধিনেত্ৰ আৰু সংবিতি আয়াৰে ফটো সম্পাদনা কৰিছে বিনাইফেৰ বাৰুচাই ভিডিঅ ’ সম্পাদনা কৰিছে শ্ৰেয়া কাত্যায়িনীয়ে

প্ৰচ্ছদ চিত্ৰ : লাবনি জংগি

অনুবাদ: পংকজ দাস

Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das