আমাৰ জীৱনৰ সেইটো এটা অত্যন্ত হৃদয়স্পৰ্শী আৰু বিচলিত কৰাবিধৰ মুহুৰ্ত- সেয়া আছিল পিপলচ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ ৭ জুন, বুধবাৰে আয়োজন কৰা বৈঠকৰ দিনাৰ কথা। মই ক'বলৈ পাই গৌৰৱবোধ কৰিছো যে এয়া পিপলচ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ উদ্যোগত হৈছিল। কেপ্টেইন ভাউ আৰু তুফানী সেনাৰ কথা মনত আছেনে? এই সুযোগতে কেপ্টেইন ভাউ আৰু অনান্য পাহৰণিৰ গৰ্ভত হেৰাই যোৱা নায়কসকল চামিল হৈছিল।

বছৰবোৰ গৈ থাকিল আৰু উদাসীনতা বাঢ়ি গ'ল। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্তিম মুক্তিযুঁজাৰুসকল ইজনৰ পিছত সিজনে এই পৃথিৱীৰপৰা মেলানি মাগিলে। আমালৈ স্বাধীনতা অনা এই নায়কসকলৰ মাত-কথা পৰৱৰ্তী প্ৰজন্মৰ ভাৰতীয়ই নুশুনিব আৰু নেদেখিব। বোধকৰো এয়া পঢ়ি থকা বহুতেই সেই অনুভৱৰ অধিকাৰী হ'ব নোৱাৰিব।

সেয়ে ভালেকেইবছৰ ধৰি মই সেই বৃদ্ধ-বৃদ্ধাসকলৰ সংগ্ৰাম ৰেকৰ্ড কৰি নথিভুক্ত কৰিছো আৰু সেয়া চিত্ৰায়িত কৰি তেওঁলোকৰ কথা লিখি ৰাখিছো। সকলো সময়তে এটা কথাই মনত দুখ দিয়ে যে তেওঁলোক সেই আন্ধাৰ ৰাতিবোৰত হেৰাই থাকিব। কোনো পুৰস্কাৰ নোপোৱাকৈ, স্বীকৃতি নোপোৱাকৈ।

সেয়ে আমি ১৯৪৩-৪৬ৰ সাতাৰাৰ প্ৰতি চৰকাৰ বা আপাতকালীন বা গুপ্ত চৰকাৰৰ বাচি থকা কেইজনমানক একগোট কৰাৰ বাবে এটা পৰিকল্পনা হাতত ল'লো। তুফানি সেনাৰ বয়োবৃদ্ধ যুঁজাৰুসকলক আৰু মহাৰাষ্ট্ৰৰ সাতাৰা তথা ছেনলী জিলাৰ অইন মুক্তিযুঁজাৰুসকলক ৭ জুনত সম্বৰ্ধনা জনোৱা হ'ল। ১৯৪৩ চনৰ সেই বিশেষ দিনটোতে সাতাৰাৰ ছেনলী গাঁৱত ব্ৰিটিছ প্ৰশাসনৰ বিষয়াসকলৰ বেতন কঢ়িয়াই অনা ৰেলগাড়ীত তেওঁলোকে আক্ৰমণ চলাইছিল। লুটি নিয়া ধনখিনি দৰিদ্ৰসকলৰ মাজত বিলাই দিয়া হৈছিল আৰু তেওঁলোকে স্থাপন কৰা প্ৰতি চৰকাৰ চলোৱাৰ বাবদ খৰছ কৰা হৈছিল।

অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, পশ্চিমবংগ চৰকাৰৰ প্ৰাক্তন ৰাজ্যপাল তথা মহাত্মা গান্ধীৰ নাতি গোপাল গান্ধীক আমি দিল্লীৰ পৰা আহি আমাৰ অনুষ্ঠানটোত দুআষাৰ ক'বলৈ মাতিছিলো। তেওঁ আহিছিল আৰু যিবোৰ ঘটিছিল সেয়া দেখি আৱেগবিহ্বল হৈ পৰিছিল।

তুফানী সেনা আছিল প্ৰতি চৰকাৰৰ সশস্ত্ৰ বাহিনী- ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বিস্ময়কৰ অধ্যায়। ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সশস্ত্ৰ বাহিনী হিচাপে মুৰ দাঙি উঠা এই বিদ্ৰোহী দলটোৱে সাতাৰাত এক সমান্তৰাল চৰকাৰৰ ঘোষণা কৰিছিল। তেতিয়াৰ সাতাৰা আছিল এখন বিশাল জিলা য'ত বৰ্তমানৰ ছেনলীও সোমাই আছিল।

ভিডিঅটো চাওকঃ ব্ৰিটিছ ইণ্ডিয়ান ৰেলৱেয়ে তুফানী সেনাই সিহতৰ ওপৰত ১৯৪৩ চনৰ ৭ জুনত কৰা আক্ৰমণৰ চিহ্ন হিচাপে স্থাপন কৰা ক্ষুদ্ৰ স্মাৰক স্তম্ভটোৰ কাষত গোপাল গান্ধী আৰু অনান্যসকল


ছেনলীৰ ৰেলৱে লাইনৰ সেই ঐতিহাসিক স্থানটোত আমি কেইজনমান মুক্তিযুঁজাৰুৰ সৈতে ঐতিহাসিক ঘটনাটোৰ সশ্ৰদ্ধে স্মৰণ কৰাৰ বাবে এক ক্ষুদ্ৰ আয়োজনৰ প্ৰয়াস কৰিছিলো। কিন্তু সেই ক্ষুদ্ৰ আয়োজনতেই ত বজালৈ ২৫০ জন লোক উপস্থিত হ'ল। গ্ৰীষ্মৰ সেই বিশেষ আৱেলিটোত। ৮০ আৰু ৯০ বছৰ বয়সৰ বহুতেই ৰেলৱে লাইনত পাৰ্কৰ শিশুৰ দৰেই লৰা-ঢপৰা আৰম্ভ কৰি দিছিল। তেওঁলোকৰ বাবে সেয়া আছিল স্বাধীনতা আন্দোলনৰ ভিন্ন ধাৰাৰ মিলনভুমিস্বৰূপ। তাতে অতীতৰ সশস্ত্ৰ সংগ্ৰামৰ বিদ্ৰোহী বৃদ্ধসকলো উপস্থিত আছিল যিয়ে গোপাল গান্ধীক সাৱতি ধৰিছিল আৰু 'মহাত্মা গান্ধী কী জয়' বুলি শ্লোগান দিছিল। বিশেষকৈ ৯৫ বৰ্ষীয় কেপ্টেইন ভাউৰ চকু গৌৰৱেৰে সেমেকি উঠিছিল, কিন্তু অসুস্থতা স্বত্বেও তাতে ভাগ লোৱাৰ বাবে তেওঁ দৃঢ়প্ৰতিজ্ঞ আছিল। ৯৪ বৰ্ষীয় মাধব ৰাও মানে স্ফুৰ্তিবাজ শিশু এটাৰ দৰেই জপিয়াই জপিয়াই গৈ আছিল আৰু তেওঁ পৰি যাব বুলি ভয় খাই মই তেওঁৰ পিছে পিছে ভয়ে ভয়ে দৌৰিছিলো। তেওঁ পৰা নাছিল। আৰু তেওঁৰ মুখৰপৰা সেই হাঁহিটোও কোনো সময়তে মাৰ যোৱা নাছিল।

এনেদৰে আমি ৰেল লাইনেৰে গৈ গৈ সেই ঐতিহাসিক স্থানডোখৰ পালোগৈ য'ত সেনানীয়ে ৭৪ বছৰ পূৰ্বে ৰেলগাড়ী অৱৰোধ কৰি আটক কৰিছিল। তাতে এটা সৰু স্মাৰক আছে- বিপ্লবীসকলৰ বাবে নহয়, সেই আক্ৰমণত শোক প্ৰকাশ কৰিহে তাতে সেই স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছিল। বোধকৰো এয়া আছিল এনে এটা সময় যেতিয়া সেই দিনটোৰ প্ৰকৃত তাৎপৰ্য্য চিহ্নিত কৰা আন এটা স্মাৰক স্থাপন কৰা উচিত।


Haunsai bai and Nana Patil felicitation

কুণ্ডলত আয়োজিত অনুষ্ঠানত গোপাল গান্ধীয়ে প্ৰতি চৰকাৰৰ নায়ক নানা পাটিলৰ জীয়ৰী হৌনচা তাই পাটিলক (বাওফালে) আৰু মাধৱ ৰাও মানে (সোঁফালে)ক সম্বৰ্ধনা জনাইছে


পিছলৈ আমি কুণ্ডলত আয়োজিত ডাঙৰ অনুষ্ঠানটোলৈ আহিলো য'ত প্ৰতি চৰকাৰৰ স্থাপিত হৈছিল। সেয়া ছেনলীৰ পৰা ২০ মিনিট দুৰত অৱস্থিত। এই অনুষ্ঠান স্থানীয় লোকে আৰু প্ৰকৃত মুক্তিযুঁজাৰুসকলৰ উত্তৰসুৰীয়ে আয়োজন কৰিছিল। তাতে আছিল নাগনাথ নায়কৱাড়ি, জিডি বাপু লাড আৰু কিংবদন্তি নানা পাটিল (প্ৰতি চৰকাৰৰ মুৰব্বী)ৰ পৰিয়াল। ১৯৪৩ৰ চাৰিগৰাকী মহান সেনানীৰ মাত্ৰ এজনহে এই সময়ত জীয়াই আছে। আৰু সেইকাৰণেই তেওঁ সেই বৈঠকত উপস্থিত থাকিব পাৰিছিল। তেওঁ আছিল কেপ্টেইন ভাউ। তদুপৰি তাতে আছিল নানা পাটিলৰ জীৱিত আৰু সাৱলীল অৱস্থাত থকা জীয়ৰী হৌনচা তাই পাটিল। সেই গোপন চমৰপন্থী গোটৰ তেঁও নিজেও এগৰাকী সদস্য আছিল। কেপ্টেইন ভাউ- সেই বয়োবৃদ্ধ ব্যক্তিজন দুদিন আগতে ৰাস্তালৈ ওলাই আহিছিল। হয়, মহাৰাষ্ট্ৰৰ কৃষকৰ বিদ্ৰোহৰ সমৰ্থনত। মন পৰেনে, স্বাধীনতাৰ সেনানীৰ প্ৰায়ভাগেই আছিল কৃষক অথবা কৃষিশ্ৰমিক। তাকৰীয়াকৈ হ'লেও তেওঁলোকৰ উত্তৰসুৰী ইয়াতে আছে।

মহাৰাষ্ট্ৰ চৰকাৰে ৭ জুন দিনটো আমাতকৈ অন্যধৰণেৰেহে উদযাপন কৰে। সেই আয়োজনৰ সৈতে ব্ৰিটিছৰ ১৯৪৩ চনৰ সৈতে মিল আছে। কৃষকক দমনৰ বাবে পুলিচ মোতায়েন কৰি। ইয়ে আমাৰ মুক্তিযুঁজাৰুৰ অনুষ্ঠানটোৰ প্ৰস্তুতিত ব্যাঘাত জন্মাইছিল। প্ৰতিৰোধমূলক আটকৰ বাবে ভালেমান কৃষক আৰু কৃষিকৰ্মীক আটক কৰি লক-আপত ভৰাই থোৱা হৈছিল। অবৈধ নজৰবন্দী কৰা হৈছিল আৰু শেহলৈ কোনোধৰণৰ অভিযোগো দাখিল কৰা হোৱা নাছিল। কিষাণ সভাৰ উমেশ দেশমুখ আছিল ছেনলী আৰু কুণ্ডলত মুক্তিযুঁজাৰুৰ বৈঠক আয়োজন কৰা মূল মানুহসকলৰ অন্যতম। তেওঁক কাহিলীপুৱা ৫.৩০ বজাতে আন আঠজনৰ সৈতে আটক কৰি টাচগাঁও থানাৰ লক-আপত ভৰাই থোৱা হৈছিল। উমেশেই বয়োবৃদ্ধ মুক্তিযুঁজাৰুসকলক তেওঁলোকৰ ঘৰলৈ গৈ মাতি আনি একগোট কৰাৰ কাম কৰিছিল।

কিন্তু দুয়োখন বৈঠকেই সুকলমে হৈছিল- এখনো চকী তাত খালি নাছিল, বহুতেই থিয় হৈয়ে বৈঠকত ভাগ লৈছিল। প্ৰায় ২০ জন মুক্তিযুঁজাৰুৱে কুণ্ডলৰ মঞ্চত থিয় দিছিল। গোপাল গান্ধীয়ে দৰ্শকক সম্বোধি কিছু কথা ক'লে, দৰ্শকে সেয়া খুব মনযোগেৰে শুনিলে। তেওঁ কলে স্বাধীনতা সংগ্ৰামৰ কথা, সংগ্ৰামত মহাত্মা গান্ধীৰ দৃষ্টিভংগীৰ কথা, গোপালৰ বৃদ্ধ মুক্তিযুঁজাৰুৰ প্ৰতি থকা শ্ৰদ্ধাৰ কথা, আমাৰ এতিয়াৰ সময় আৰু দৃষ্টিভংগীৰ কথা।


ভিডিঅটো চাওকঃ বয়োবৃদ্ধ মুক্তিযঁজাৰুসকলে কুণ্ডলবাসীৰ আদৰণিত অভিভূত হৈ থিয় দি সেয়া গ্ৰহণ কৰিছে


তেওঁ কথা কোৱা শেষ হোৱাৰ পিছতে দৰ্শকে থিয় দিলে আৰু বয়োবৃদ্ধ মুক্তিযুঁজাৰুসকলক অভিনন্দন জনালে আৰু সেয়া চলি থাকিল। কোনোৱে অনুমান কৰাতকৈ দীঘলীয়া সময়লৈকে সেয়া চলি থাকিল। কুণ্ডলে তাৰে নায়ক-নায়িকাসকলক চালাম জনাইছিল। বহুতৰে চকুত চকুপানী আছিল। মোৰো, ময়ো থিয় হৈ ৯০ বছৰৰ বয়সৰ সেই পুৰুষ-মহিলাসকলক অভিনন্দন জনাইছিলো আৰু অভিভূতঃ হৈ পৰিছিলো। গৰ্ববোধ আৰু আনন্দৰে মন উপচি পৰিছিল কিয়নো তেওঁলোকৰ নিজৰ চহৰখনেই তেওঁলোকক এনেদৰে কৃতজ্ঞতা যাঁচিছিল। সেয়া আছিল সিহতৰ জীৱনৰ অন্তিমকেইটা বছৰৰ অনন্য মুহূৰ্ত। তেওঁলোকৰ বাবে সেয়া অন্তিম জয়ধ্বনি।


Freedom fighter program

দৰ্শকে মুক্তিযুঁজাৰুসকলক অভিনন্দন জনাই থিয় হৈছে। সোঁফালেঃ কুণ্ডল নগৰৰ অনুষ্ঠানত ৯৫ বছৰ বয়সৰ দুঃসাহসিক চিপাহী কেপ্টেইন ভাউ


ফটোবোৰঃ নমিতা ৱাইকাৰ, সংমুক্তা শাস্ত্ৰী, চিনচিতা মাঝি

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Rashmi Rekha Das