“আপুনি ইয়ালৈ মোৰ কাহিনী শুনিবলৈ আহিছে?” পন হৰিচন্দ্ৰন আচৰিতেই হৈছে। “সেইটোৰ বাবে কোনোবাই মোক লগ কৰিব অহা মোৰ মনত নপৰে। আচলতে মোৰ বেছি একো ক’বলগীয়া নাই।” ৬০ বছৰ বয়সীয়া এইজন কথকে নিজৰ গোটেই জীৱনটো কাহিনী কৈয়ে কটাইছে, কিছুমান কাহিনী কিলাকুইলকুৰিৰ আৰু আন কিছুমান মাত্ৰ ১৫ কিলোমিটাৰ দূৰৰ ২,০০০ বছৰ পুৰণি মাদুৰাই সাম্ৰাজ্যৰ।

তেওঁৰ কাহিনীবোৰ সকলোৱে শুনে। নিৰক্ষৰৰ পৰা আৰম্ভ কৰি বিদ্বানজন, স্থানীয় লোকৰ পৰা আৰম্ভ কৰি সুধীজনলৈ সকলোৱে। তেওঁলোকে এই কাহিনীবোৰ আলমত লিখা উপন্যাসেৰে বঁটাও লাভ কৰিছে, কিছুমানে চলচ্চিত্ৰও নিৰ্মাণ কৰিছে। কিছুমানে আকৌ এইবোৰ নৃতাত্বিক গৱেষণাত ব্যৱহাৰ কৰিছে। “আজিকালি মই কলেজ-ইউনিভাৰ্ছিটিৰ পৰা বেছিকৈ মানুহ লগ পাওঁ। প্ৰফেছৰবোৰে তেওঁলোকৰ শিক্ষাৰ্থীক মোৰ কাহিনী শুনাবলৈ আনে। আপোনালোকেও তাৰে মাজৰ এটা কাহিনী শুনিব বিচাৰে নেকি?” তেওঁ বিনয়েৰে সুধিলে।

কথা চলি আছে, এই অঞ্চলটোৰ জৈন গুহা আৰু পদুম ফুলেৰে ঠাঁহ খাই থকা পুখুৰীৰ মাজত থকা কিলাকুইলকুৰিত আমি বহি আছো। এই গাওঁখন মাদুৰাই জিলাৰ থিৰুপাৰানকুন্দ্ৰম ব্লকত এই গাওঁখন অৱস্থিত। আমি গাওঁখনৰ কাৰুপ্পাস্বামী মন্দিৰত বহি থকা গাঁৱৰ বয়োজ্যেষ্ঠ মানুহবোৰক মানুহবোৰক তেওঁ কথা সুধিো। “চাহৰ দোকানত নাইবা ঘৰত,” তেওঁলোকে উত্তৰ দিলে। “কিন্তু আপুনি যিহেতু ইয়াতে আহিলেই, তেঁৱো আহি পাব।” আৰু তেওঁ চাইকেল চলাই চলাই আহিও পালে।

তেওঁ ততালিকে আঁত ধৰিলে, আমাক সম্ভাষণ জনাই ক’লেঃ “আপোনালোকে এই গাওঁখনলৈ অহা বাটটো অকণমান জটিল যেন পোৱা নাইনে? ব্ৰিটিছ সেনা যাতে আমাক আক্ৰমণ কৰিবলৈ আহোতে পলম হয়, তেনেকৈ আমাৰ পুৰ্বপুৰুষসকলে এই বাটটোৰ নক্সা আঁকিছিল। তেওঁলোক ইয়ালৈ আহি পোৱাৰ আগতেই আমাৰ চোৰাংচোৱাই তেওঁলোকৰ চলাচলৰ খবৰ আমাক আনি দিয়েহি। তেনেকৈ গাঁৱৰ মানুহে তেওঁলোক আহি পোৱাৰ আগতেই সাজু হ’বলৈ সময় পায়।”

Pon Harichandran standing by a lake filled with lotuses
PHOTO • Kavitha Muralidharan

পদুম ফুল আৰু আন আন ফুলেৰে ভৰ্তি হৈ থকা গাঁৱৰ পুখুৰীটোৰ পাৰত পন হৰিচন্দ্ৰন। ‘আপোনালোকে ইয়াত মোৰ কাহিনী শুনিবলৈ আহিছে?’ আচৰিত হৈ তেওঁ প্ৰশ্ন কৰে

কিলাকুইলকুৰি গাওঁখন পিৰামালাই কাল্লাৰসকলৰ গাওঁ (থেৱৰ সম্প্ৰদায়ৰ এটা উপ-জনগোট, এতিয়া তামিলনাডুৰ এটা আধিপত্য থকা জাতি)। ব্ৰিটিছৰ সৈতে তেওঁলোকৰ সংঘাতৰ দীঘলীয়া ইতিহাস আছে, সেইখন গাঁৱে ইংৰাজৰ সাৰ্বভৌমত্ব কেতিয়াও মানি লোৱা নাছিল আৰু প্ৰায়ে বিদ্ৰোহ উঠিছিল। তেওঁলোকক দমন কৰিবলৈ ব্ৰিটিছ চৰকাৰে জাৰি কৰা কঠোৰ অপৰাধী জনজাতি আইনখন তেতিয়াৰ মাদ্ৰাছ প্ৰেছিডেন্সিতো বলবৎ কৰা হৈছিল। অৱশ্যে তাৰ একো প্ৰভাৱ পৰা নাছিল। “ব্ৰিটিছ শাসকক ইয়াৰ মানুহে কৰ দিয়া আপুনি শুনিবলৈ নাপাব। আমাৰ গাওঁখন একেবাৰে বেলেগ আছিল,” হৰিচন্দ্ৰনে কয়।

কিছুদিনৰ বাবে স্থানীয় প্ৰশাসনে কিলাকুইলকুৰিত অতিকমেও এটা পৰিয়ালক কৰ দিছিল। “কাজুভা থেৱৰৰ পৰিয়ালক,” হৰিচন্দ্ৰনে কয়। কাজুভা থেৱৰে নিজেই মাদুৰাইৰ ৰাণীৰ অলংকাৰ চুৰ কৰাৰ প্ৰত্যাহ্বান লৈছিল। সেয়া আছিল ব্ৰিটিছ অহাৰ আগতে আৰু ১৬২৩ আৰু ১৬৫৯ৰ মাজত মাদুৰাইৰ থিৰুমালাই নাইয়াক্কাৰৰ শাসনকালত। সেই ৰজাজনৰ বৃহৎ ৰাজপ্ৰাসাদ বিখ্যাত মিনাক্ষী আম্মান মন্দিৰৰ পৰা দুই কিলোমিটাৰমান দূৰত আছে, সেয়া আজিৰ তাৰিখত পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

এনেকৈয়ে কাহিনীটো আৰম্ভ হয়…

কাজুভা থেৱৰে ৰাণীৰ অলংকাৰ চুৰ কৰাৰ এক থলুৱা বুদ্ধি পাঙিলে। তেওঁৰ হৈ সিন্ধি দিয়া দুটা প্ৰশিক্ষিত গুঁই সাপ আছিল। সেই প্ৰজাতিৰ সৰিসৃপে যিকোনো বস্তু বৰ টানকৈ ধৰি থাকে। সেই দুটাই ৰাণীৰ অলংকাৰ কাজুভা থেৱৰক গতাইছিল। “আপুনি এতিয়াও থিৰুমালাই নায়ক প্ৰাসাদত এখন ব’ৰ্ড দেখিব, তাতে লিখা আছে যে ৰাণীৰ অলংকাৰ এই ঠাইৰ পৰাই চুৰ কৰা হৈছিল,” হৰিচন্দ্ৰনে কয়। (অতীতত যদি এনে ব’ৰ্ড আছিল, এতিয়া প্ৰাসাদত তেনে কোনো ব’ৰ্ড নাই)।

প্ৰথমতে খঙে চুলিৰ আগ পোৱা ৰজাজনৰ খং শাম কাটিল, কাজুভা থেৱৰক ৰজাই কিবা পুৰস্কাৰৰ প্ৰস্তাৱ দিলে। থেৱৰে ভেষ্টি (পুৰুষে পিন্ধা কঁকালৰ তলৰ এবিধ পাৰম্পৰিক বস্ত্ৰ), ভালাভেট্টু (গামোচাৰ দৰে বস্ত্ৰ) আৰু এখন উৰুমা (পাগুৰিৰ দৰে বস্ত্ৰ) বিচাৰিলে।

“তেওঁ মাদুৰাইক সুৰক্ষা দিয়া দায়িত্বও বিচাৰিছিল আৰু সৰু এটা সেনাবাহিনী চলোৱাৰ বাবে বাৰ্ষিক অনুদান বিচাৰিছিল,” হৰিচন্দ্ৰনে কয়। “তেওঁৰ এইখিনি চৰ্ত ৰজাই মানি লৈছিল আৰু পৰিয়ালটোৱে সেইখিনি সা-সুবিধা দীৰ্ঘদিনৰ বাবে উপভোগ কৰিব পাৰিছিল, কিন্তু এটা সময়ত ব্ৰিটিছ বিষয়া এজনে এই সুবিধাখিনি বাতিল কৰে।” বিষয়াজনে সেই সুবিধাৰ আঁৰত থকা কাহিনীটো লুকাব বিচাৰিছিল। “তেওঁ তেওঁৰ উৰ্দ্ধতন বিষয়ালৈ লিখিছিল ‘কেনেকৈ এখন অখ্যাত গাঁৱৰ এজন সাধাৰণ পৰিয়ালক ইমান ওপৰ খাপৰ প্ৰশাসনে এনেকৈ কৰ দিয়াটো লজ্জাজনক কাহিনী’ হৈ পৰিছে।”

Pon Harichandran at a temple
PHOTO • Kavitha Muralidharan

হৰিচন্দ্ৰনে আমাক কাৰুপ্পাস্বামী মন্দিৰৰ চৌপাশ দেখুৱালে: ‘গোটেই কিলাকুইলকুৰিখনৰ কাহিনীবোৰ তেওঁ বোকোচাত লৈ ফুৰিছে’

হৰিচন্দ্ৰন কোনো পাৰম্পৰিক কথকৰ দৰে নহয়, তেনে বহুতৰ বাবে লোককথাৰ সংৰক্ষণ এক বংশগত জীৱিকা। কিন্তু তেওঁক এই কলাই শৈশৱৰ পৰাই অনুপ্ৰাণিত কৰি আহিছে। তেওঁ সৰুতে গাঁৱৰ বুঢ়া-মেথাৰ কাষত বহি তেওঁলোকে নিজৰ জীৱনৰ পৰা পোৱা অভিজ্ঞতা আৰু তেওঁলোকৰ পূৰ্বজসকলৰ বিষয়ে কোৱা কাহিনীবোৰ শুনিছিল। ব্ৰিটিছৰ পূৰ্বৰ ৰজাৰ চকুত ধূলি মৰাৰ পৰা আৰম্ভ কৰি ব্ৰিটিছৰ পৰা কেনেকৈ গাঁৱৰ মানুহে পলাই হাত সাৰিছিল, সেইবোৰ কাহিনী তেওঁ শুনিছিল। কৈশোৰ অৱস্থাৰ পৰা হৰিচন্দ্ৰনৰ মনত সেই লোককথাবোৰে ঢৌ খেলাইছিল, তেওঁ তেতিয়া নাজানিছিল যে তেঁৱেই এদিন সেইবোৰৰ ৰক্ষক হ’ব, একমাত্ৰ ৰক্ষক যিয়ে শ্ৰোতাক সেই কাহিনীবোৰ কৈ যাব।

কিলাকুইলকুৰিৰ নাচোৰবান্দা স্থিতিলৈ চাই ব্ৰিটিছ চৰকাৰে ১৮৭১ত অপৰাধী জনগোষ্ঠী আইন (চি.টি.এ.)ৰ অৱতাৰণা কৰে। দৰাচলতে মাদ্ৰাছ আছিল শেষৰখন প্ৰেছিডেন্সি য’ত চি.টি.এ. অৱতাৰণা কৰা হৈছিল, তাৰ আগতে উত্তৰ ভাৰত ৰাজ্যসমূহত ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিয়া জনগোষ্ঠীসমূহৰ বিৰুদ্ধে সেয়া ব্যৱহাৰ কৰিছিল।

“এটা সময়ত ব্ৰিটিছে ইমানেই নিষ্ঠুৰতাৰে দমন চলাইছিল যে আমাৰ মানুহে চুৰি কৰিবলৈ বাধ্য হৈছিল,” হৰিচন্দ্ৰনে কয়। “সন্ধিয়া ৫ বজাৰ পৰা ৰাতি ১০ বজালৈ কিলাকুইলকুৰিৰ মানুহৰ মাদুৰাইত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল।” সিয়ে গাওঁখনৰ মানুহৰ কামৰ আৰু বেপাৰৰো মুদা মৰিছিল।

“চাৰিধৰণ চুৰি হৈছিল: কালাভু (উপলব্ধ সামগ্ৰী চুৰ কৰা), থিৰুডু (আৱশ্যকীয়খিনি চুৰি কৰা), কল্লাই (ভুক্তভোগীজনৰ বাবে একো নেৰা) আৰু চুৰাই (ভুক্তভোগীৰ পৰা আৰু চৌপাশৰ সকলোবোৰ বস্তু চুৰি কৰা),” হৰিচন্দ্ৰনে বিতংকৈ কয়। “চোৰজনে ধৰ্ষণ বা হত্যাৰ বাবে পিছ হোঁহকা নাছিল। কিন্তু আপুনি ইতিহাসৰ তথ্য-পাতি খুঁচৰি চালে তেনে কোনো তথ্য নাপায়। আমাৰ গাঁৱৰ মানুহে তেনে এটাও কাম কৰাৰ উদাহৰণ আপুনি ক’তো বিচাৰি নাপাব।”

গাওঁবোৰৰ “সংস্কাৰ সাধন”ৰ বাবে ব্ৰিটিছে সেইখন গাঁৱৰ মহিলাৰ বাবে স্কুল খুলিছিল আৰু মতাবোৰক ঋণ দিছিল, তিৰোতাবোৰে পুৰুষবোৰক ‘পথভ্ৰষ্ট’ কৰা বুলি তেওঁলোকে ভাবিছিল। “আপেক্ষিকভাৱে কম অপৰাধ কৰাসকলক কাৰাবাস দিবলৈ তেওঁলোকে কিলাকুইলকুৰিত জেল বহাইছিল আৰু ডাঙৰ অপৰাধীৰ বাবে আনখন বহাইছিল মাদুৰাইত।” কিন্তু গাঁৱৰ মানুহে “ঋণ পৰিশোধ নকৰিলে আৰু স্কুলবোৰ জ্বলাই দিলে,” হৰিচন্দ্ৰনে কয়।

Hill near Madurai
PHOTO • Kavitha Muralidharan

পাহাৰখনৰ সন্মুখতে কিলাকুইলকুৰি, সিফালে মাদুৰাই। এই পাহাৰখনৰ বাবেই আগতে শত্ৰুৱে গাওঁখনত প্ৰৱেশ কৰাটো কঠিন কাম হৈ পৰিছিল

বহু কথা আৰু কাহিনীৰ শেষতো আমি তেওঁৰ ‘নিজা’ কাহিনী শুনিবলৈ পোৱা নাছিলো। ইমানবোৰ কাহিনীৰ মাজত তেওঁ সোমাই পৰিছিল আৰু আমি তেওঁক তেওঁৰ নিজা কাহিনী এটালৈ ঘুৰাই আনিব খুজিলে তেওঁ মুখত অসন্তুষ্টিৰ ভাৱ এটা স্পষ্ট হৈ পৰিছিল। “পৰিয়ালটো পুহিব পৰাকৈ এটুকুৰা মাটি থকা মই এজন সাধাৰণ খেতিয়ক। তোমালোকে তাতকৈ কি বেছি জানিব আহিছা?” তেওঁ সামান্য বিৰক্ত হৈ প্ৰশ্ন কৰে। তেওঁৰ এজনী পত্নী আছে আৰু ল’ৰা এটাও আছে, কিন্তু সেইবিষয়ে তেওঁ সামান্য কথাহে কৈছে। তেওঁৰ এই অনন্য কলাক আগবঢ়াই নিবপৰাকৈ পৰিয়ালৰ কোনো যে নাই, এই কথা স্পষ্ট হৈ পৰিছে।

কিন্তু তেওঁৰ নিজাকৈ এটা কাহিনী আছে। সেয়া নিজৰ দল এ.আই.এ.ডি.এম.কে. (বৰ্তমান তামিলনাডুৰ শাসকীয় দল)ৰ পৰা ফালি আহি ১৯৭২ত ডি.এম.কে. গঠন কৰা এম.জি. ৰামচন্দ্ৰনৰ বিষয়ে সেই কাহিনী। “মই দলটোত যোগদান কৰিছিলো আৰু স্থানীয় মেল-মিটিঙত ভাষণ দিছিলো। মই এ.আই.এ.ডি.এম.কে.ৰ জ্যেষ্ঠ নেতা কালিমুটুৰ ঘনিষ্ঠ আছিলো। তেওঁৰ পঢ়াৰ প্ৰতি বৰ আগ্ৰহ আছিল আৰু আমি বিভিন্ন বিষয়ত দীঘলীয়াকৈ আলোচনা কৰিছিলো।” কালিমুটুৰ ২০০৬ত মৃত্যুৰ পিছত হৰিচন্দ্ৰনে দল এৰে। “এতিয়া মই কেৱল কাহিনী কওঁ,” তেওঁ কয়।

সু ভেংকটসান, যাৰ উপন্যাস কাৱাল কোট্টামে সাহিত্য একাডেমি বঁটা লাভ কৰিছে, তেওঁৰ উপন্যাসখন হৰিচন্দ্ৰনৰ সৈতে হোৱা অন্তহীন কথোপকথনৰ ভিত্তিত লিখা হৈছিল, তেওঁৰ কাহিনীৰ সত্যতাৰ ভিত্তিকে উপন্যাখন ৰচিত। “তেওঁ কয় যে চি.টি. আইনখন তেওঁৰ গাঁৱতে প্ৰথম জাৰি কৰা হৈছিল। মই মোৰ উপন্যাসখনৰ কাৰণে কৰা বহল অনুসন্ধানত চৰকাৰী তথ্যত এই কথা সঁচা বুলি জানিব পাৰিলো। কিলাকুইলকুৰি আছিল মাদ্ৰাছ প্ৰেছিডেন্সিৰ প্ৰথমখন গাওঁ য’ত এই আইনখন প্ৰথম জাৰি কৰা হৈছিল।”

“মই ভাবো প্ৰতিখন গাঁৱেই এনে এজন মানুহ বিচাৰি পাওঁক যিয়ে গাওঁখনৰ কাহিনীবোৰ বোকাচাত লৈ ফুৰিব পাৰে। তেনে মানুহ বিৰল, কিন্তু তাত তেওঁ আছে। হৰিচন্দ্ৰন আঙুলিৰ মুৰত লিখিব পৰা তেনে ব্যক্তি। কৈশোৰকালতো তেওঁ ৮০-৯০ বছৰ বয়সীয়া মানুহৰ লগত সময় কটাইছে। তেওঁ অনন্য, তেওঁৰ কাহিনীবোৰ শুনিবলৈ পোৱাটো আমাৰ বাবে সৌভাগ্য,” ভেংকটসানে কয়।

প্ৰখ্যাত পৰিচালক বসন্তবালনৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ আৰাৱান (২০১২)খন হৰিচন্দ্ৰনৰ কাহিনী এটাৰ আলম লৈয়ে নিৰ্মাণ কৰা হৈছে। (নিজৰ জনগোষ্ঠীটোক জীয়াই ৰাখিবলৈ ধনিক শ্ৰেণীৰ পৰা চুৰ কৰা এটা গোটৰ ওপৰত নিৰ্মাণ কৰা এইখন ১৮ শতিকাৰ বুৰঞ্জীৰ আখ্যানমূলক চলচ্চিত্ৰ)।

কিন্তু মৌখিক সাহিত্য তেনেকৈয়ে থাকি গৈছে। সেইবোৰক নথিভুক্ত কৰাৰ কাৰণে হৰিচন্দ্ৰনে কিবা পৰিকল্পনা হাতত লৈছে নে? তেওঁ সেই লৈ চিন্তা নকৰা নহয় চাগে। কিন্তু তেওঁ কয়, “কাহিনী এটা কোৱাৰ সমান ভাললগা কথা আন একোৱেই হ’ব নোৱাৰে। কিন্তু বৰ্তমানৰ প্ৰজন্মক সেই কাহিনীবোৰ গতাই দিয়াটো বাদেই, সেই কাহিনী শুনিবলৈ কাৰো আগ্ৰহ নথকা কথাটো ভাবিয়ে বেয়া লাগে। মোৰ হৃদয়ত সাঁচি ৰখা কাহিনীবোৰ গতাই দিয়াৰ বাবে কিজানি কোনোবা এজন বিচাৰি উলিয়াব লাগিব।”

অনুবাদ: পংকজ দাস

Kavitha Muralidharan

कविता मुरलीधरन, चेन्नई की एक स्वतंत्र पत्रकार और अनुवादक हैं. वह 'इंडिया टुडे' (तमिल) की संपादक रह चुकी हैं, और उससे भी पहले वह 'द हिंदू' (तमिल) के रिपोर्टिंग सेक्शन की प्रमुख थीं. वह पारी के लिए बतौर वॉलंटियर काम करती हैं.

की अन्य स्टोरी कविता मुरलीधरन
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das