“আমি আজি দাবী প্ৰত্যাহাৰ নকৰো,” টুকাৰাম ৱালাৱিয়ে কয়। “এইখন চৰকাৰে আমাক আক্ৰমণ কৰিছে। আমি বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থকা ১০ একৰ কৃষিভূমি যদি দিবলৈ কোৱা হয়, তেওঁলোকে আমাক মাত্ৰ ১০ গুণ্টা (এক একৰৰ চাৰিভাগৰ এভাগ) দিব। আমি যদি ৫ একৰৰ কথা কওঁ, তেওঁলোকে আমাক তিনি গুণ্টা দিব। মাটি নহ’লে আমি কেনেকৈ খাম? আমাৰ টকা নাই, কাম নাই আৰু আহাৰ নাই।”
পালঘৰ জিলাৰ ৱাড়া তালুকৰ গড়গাওঁ গাঁৱৰ এক চুবুৰীত তিনি একৰ কৃষিভূমিৰ খেতিয়ক তথা ৱাৰ্লি আদিবাসী সম্প্ৰদায়ৰ ৬১ বছৰীয়া ৱালাৱি পালঘৰৰ বিভিন্ন গাঁৱৰ পৰা অহা ৩,০০০ কৃষক আৰু কৃষি শ্ৰমিকৰ (আনুমানিক হিচাপ) চলিত সপ্তাহৰ প্ৰতিবাদত উপস্থিত আছিল, অধিকাংশ প্ৰতিবাদী কৃষক শ্ৰমিক ৱাৰ্লি সম্প্ৰদায়ৰ লোক।
২৬ নৱেম্বৰত একেলগে, ২৭ ছেপ্টেম্বৰত গৃহীত হোৱা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে ৱাড়াৰ খান্দেশ্বৰী নাকাত পথ অৱৰোধ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল। “আইনকেইখনৰ লক্ষ্য দেশৰ কৃষিৰ পৰিৱৰ্তন ঘটোৱা আৰু কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা।” চৰকাৰে এইদৰে দাবী কৰিছে। চৰকাৰে নতুন আইনৰ দ্বাৰা কৃষিক্ষেত্ৰক ব্যক্তিগত খণ্ডৰ গোলকীয় বজাৰৰ আগত উন্মোচিত কৰিব বিচাৰিছে। ছেপ্টেম্বৰত এই আইনকেইখন গৃহীত হোৱাৰে পৰা কৃষকে ব্যাপকভাৱে প্ৰতিবাদ জনাবলৈ আৰম্ভ কৰিছে; বিশেষকৈ হাৰিয়ানা, পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলৰ কৃষকে।
শেহতীয়াভাৱে হাৰিয়ানা আৰু দিল্লী সীমান্তত কৃষকসকল খণ্ডযুদ্ধত লিপ্ত হৈ পৰাৰ সময়ত তেওঁলোকৰ প্ৰতি ঐক্যবোধ প্ৰকাশ কৰি বিভিন্ন ৰাজ্যত প্ৰতিবাদ আৰম্ভ হয় আৰু বহুতো স্থানীয় সংগঠনেও ইয়াত সহযোগ কৰে যদিও সংবাদমাধ্যমৰ সঁহাৰি সামান্যভাৱে পাইছে। উদাহৰণ স্বৰূপে মহাৰাষ্টত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ২৫-২৬ নৱেম্বৰত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত কমেও ৬০,০০০ কৃষকে অংশগ্ৰহণ কৰিছিল, নাচিকৰ পৰা পালঘৰলৈ তথা ৰাইগড়লৈ প্ৰতিবাদ বিয়পি পৰিছিল। আনকি এই জিলাবিলাকৰ ভিতৰত বিভিন্ন তালুকৰ বহুতো কেন্দ্ৰলৈ প্ৰতিবাদ সম্প্ৰসাৰিত হৈছিল।
চলিত সপ্তাহত ৱালাৱিয়ে উদ্বেগ প্ৰকাশ কৰা মাটিৰ মালিকীস্বত্ত্বৰ দাবীত কৃষকৰ সমাৱেশত উত্থাপিত হৈছিল। নিখিল ভাৰত কিষাণ সভা (এআইকেএছ)ৰ দ্বাৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। এই দাবী এতিয়ালৈকে বহুতো বছৰ ধৰি মহাৰাষ্ট্ৰৰ আদিবাসী কৃষকসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত বাৰম্বাৰ উত্থাপন কৰি আহিছে। নিজৰ মাটিখিনি ১৫ বছৰ ধৰি আদালতলৈ অহা-যোৱা কৰিছে। “গাঁৱত (আমাৰ) বনাঞ্চলৰ মাটিত খেতি কৰা সকলে বন বিভাগৰ দ্বাৰা অন্যায়ৰ বলি হৈ আহিছে,” তেওঁ যুঁজিবলগীয়া হৈছে। “জামিনৰ বাবে দিবলৈ আমাৰ টকা নাই। আমাৰ দৰে দুখীয়া মানুহে সেই পৰিমাণৰ ধন ক’ৰ পৰা পাম?”
২১ নৱেম্বৰৰ সমাৱেশত, তেওঁলোকৰ ২১ দফীয়া দাবী সম্বলিত পত্ৰখন ৱাড়া তালুকৰ তহচিলদাৰৰ কাৰ্যালয়ত কষকসকলে দাখিল কৰিছিল। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰায় সকলোৱে মাস্ক পিন্ধিছিল নতুবা তেওঁলোকে স্কাৰ্ফ, ৰুমাল আদিৰে মুখ ঢাকি লৈছিল। নিখিল ভাৰত কিষাণ সভাৰ একাংশ স্বেচ্ছাসেৱীয়ে প্ৰতিবাদী কৃষকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰিছিল।
শেহতীয়াভাৱে গৃহীত তিনিখন আইনৰ প্ৰত্যাহাৰ ২১ টা দাবীৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছিল। ২০০৬ৰ বনাঞ্চল অধিকাৰ আইন ৰ সামগ্ৰিক প্ৰয়োগ, আবতৰীয়া বৰষুণত নষ্ট হোৱা শস্যৰ পৰ্যাপ্ত ক্ষতিপূৰণ, জনস্বাস্থ্য ব্যৱস্থাৰ উন্নতি সাধন (ক’ভিড-১৯ৰ প্ৰেক্ষাপটত) আৰু অনলাইন পাঠদানৰ অৱসান ঘটোৱাকে ধৰি বিস্তৃত দাবী সামৰি লোৱা হৈছিল।
প্ৰতিটো পৰিয়ালক মাহে ৭৫০০ টকাৰ উপাৰ্জনৰ সমৰ্থন আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে মাহে ১০ কিলোগ্ৰামকৈ খাদ্যসামগ্ৰী বিশ্ব মহামাৰীৰ সময়খিনিত ছমাহৰ বাবে দিবলৈ আহ্বান এই দাবীৰ ভিতৰত অন্তৰ্ভূক্ত কৰা হৈছে- যিবিলাক দাবীৰ কথা সমাৱেশত অংশগ্ৰহণ কৰা কৃষকৰ মুখে মুখে শুনা গৈছিল।
“আমাৰ অঞ্চলৰ কিছুমান মহিলাই উপাৰ্জনৰ বাবে দৈনিক চাৰি ঘণ্টাকৈ খোজ কাঢ়িব লগীয়া হয়,” দুই একৰ মাটিত ধান, জোৱাৰ, বাজৰা আৰু ঘেঁহুৰ খেতি কৰা তথা নিখিল ভাৰত কিষাণ সভাৰ সক্ৰিয় কৰ্মী কাঞ্চাড় গাঁৱৰ ৫৪ বছৰ বয়সীয়া ৰামা টাৰভিয়ে কয়। “গোটেই দিন কাম কৰি তেওঁলোকে ২০০ টকা উপাৰ্জন কৰে। আমাৰ মাটি আছে, কিন্তু বন বিভাগে আমাক খেতি কৰিবলৈ নিদিয়ে। ইফালে ক’ভিডৰ কাৰণে ক’তো কাম পাবলৈ নোহোৱা হৈছে...”
“খেতি কৰা মাটি (বনাঞ্চল অধিকাৰ আইন)খিনি আমাৰ জীৱিকাৰ একমাত্ৰ সম্বল আৰু ক’ভিডৰ সময়তো তেওঁলোকে আমাৰ জীৱন বিপদাপন্ন কৰি তুলিছে আৰু বহুবছৰ ধৰি খেতি কৰি অহা আমাৰ মাটিত আমাৰ অধিকাৰৰ দাবীত ওলাই আহিছো,” ৫০ বছৰীয়া সুগন্ধা যাদৱে কয়। দুই একৰ মাটিত তেওঁৰ পৰিয়ালে ধান, বাজৰা, উৰদ আৰু বাৰ্লিৰ খেতি কৰে। “আমি বহুবাৰ প্ৰতিবাদ জনাইছো আৰু ধৰ্ণা দিছিলো, কিন্তু চৰকাৰে নুশুনে। চৰকাৰে আমাক পুনৰ পথলৈ ওলাই আহিবলৈ বাধ্য কৰাইছে।”
অনুবাদ - পংকজ দাস