01-1002-PS-Foot Soldiers of Freedom-Panimara 1.jpg

বাঁওফালৰ পৰা সোঁফালে ক্ৰমেঃ দয়ানিধি নায়ক (৮১), চমাৰু পাৰিদা (৯১), জীতেন্দ্ৰ প্ৰধান (৮১), আৰু (পিছফালে) মদন ভয় (৮০), পানীমাৰা গাঁৱৰ সাতজন স্বাধীনতা সংগ্ৰামীৰ চাৰিজন এতিয়াও জীয়াই আছে


“এই আটাইবোৰ পিটিশ্যন লৈ যোৱা আৰু ফালি পেলোৱা," চমাৰুৱে ক'লে।"সেইবোৰ অবৈধ। এই আদালতত সেইবোৰৰ নচলিব।"

দণ্ডাধীশ হিচাপে তেওঁ সঁচাকৈয়ে আমোদ পাইছিল।


এয়া ১৯৪২ চনৰ আগস্ত মাহৰ কথা। তেতিয়া সমগ্ৰ দেশতে উৎসাহে বিৰাজ কৰিছিল। চম্বলপুৰ আদালততো এয়া স্পষ্টকৈ দেখা গৈছিল। চমাৰু পাৰিদা আৰু তেওঁৰ সংগীসকলে সেই আদালত দখল কৰি লৈছিল। চমাৰুৱে নিজকে ন্যায়াধীশ বুলি ঘোষণা কৰিছিল। জীতেন্দ্ৰ আছিল তেওঁৰ "অৰ্ডাৰলি।" পুৰ্ণচন্দ্ৰ প্ৰধান পেস্কাৰ অথবা ন্যায়িক মহৰী হোৱাটো পচন্দ কৰিছিল।

আদালত দখল কৰি লোৱাটো ভাৰত ত্যাগ আন্দোলনৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণাৰ এটা অংশ আছিল।

"এই পিটিশ্যনবোৰত ব্ৰিটিছসকললৈ সম্বোধন কৰি লিখা আছে," আদালতৰ কক্ষত গোট খোৱা আশ্চৰ্যচকিত হে পৰা প্ৰত্যক্ষদৰ্শীক উদ্দেশ্যি চমাৰুৱে ক'লে। "আমি এখন স্বাধীন ভাৰতত বাস কৰো। তোমালোকে যদি এই গোচৰবোৰৰ ওপৰত বিচাৰ হোৱাটো বিচাৰিছা, তেন্তে সেইবোৰ ওভটাই লোৱা। পিটিশ্যনবোৰ পুনৰাই লিখা। সেইবোৰ মহাত্মা গান্ধীলৈ সম্বোধি লিখা। তাৰ পিছতহে সিবোৰ আমি বিবেচনা কৰিম।"

ষাঠি বছৰ পিছত আজিৰ দিনটোলৈকে চমাৰুৱে এনেদৰে এতিয়াও বৰ আনন্দ মনেৰে কয়। তেওঁৰ এতিয়া বয়স ৯১ বছৰ। কাষতে বহি পৰা জীতেন্দ্ৰৰ বয়স ৮১ বছৰ। পুৰ্ণচন্দ্ৰ এই পৃথিৱীত নাই। তেওঁলোক এতিয়াও উৰিষ্যাৰ বৰগড় জিলাৰ পানীমাৰাত বাস কৰে। স্বাধীনতা যুঁজখন তুংগত উঠাৰ সময়ত ইয়াৰে গঞা ৰাইজে সকলোকে আচৰিত কৰি বৃহৎ সংখ্যক সতি-সন্ততিক যুঁজলৈ পঠিয়াই দিছিল। ১৯৪২ চনৰ তথ্যমতে, কেৱল ইয়াৰ পৰাই ৩২ জন লোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। চমাৰু আৰু জীতেন্দ্ৰকে ধৰি তাৰে সাতজন এতিয়াও জীয়াই আছে।

এটা সময়ত, ঘৰে প্ৰতি এজনকৈ লোক সত্যাগ্ৰহৰ বাবে পঠিওৱা হৈছিল। এই গাওঁখন ইংৰাজৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল। গাওঁখনৰ একতা ভাঙিব নোৱৰা হৈ দেখা দিছিল। গঞাই লোৱা পণ ক্ৰমান্বয়ে কিংবদন্তিৰ ৰুপ লৈছিল। ইংৰাজৰ বিৰুদ্ধে থিয় দিয়াসকল আছিল দৰিদ্ৰ আৰু নিৰক্ষৰ খেতিয়ক। ক্ষুদ্ৰ খেতিয়কে পেটৰ ভাতমুঠিৰ বাবে যুঁজ দিছিল। অৱশ্যে যুঁজ দিয়া সৰহভাগৰে অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই।

আচৰিত হ'বলগা কথা যে বুৰঞ্জীৰ পাতত এওঁলোকৰ কোনো উল্লেখ নাই। আনকি উৰিষ্যাতো তেওঁলোকক পাহৰি যোৱাৰ উপক্ৰম ঘটিছে। বৰগড়ত এই গাওঁখন এতিয়াও স্বাধীনতাৰ গাঁও। এওঁলোকৰ মাজত খুব কমেইহে আছিল, যদিহে সঁচায়ে আছে, যিয়ে সেই সংগ্ৰামৰ পৰা ব্যক্তিগতভাৱে লাভান্বিত হৈছিল। নিশ্চয়কৈ পুৰস্কাৰ, পদবী অথবা চাকৰি হিচাপে নহয়। কিন্তু তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিছিল। এইসকলেই ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল।

এইসকলেই আছিল ভাৰতৰ স্বাধীনতা যুঁজখনৰ পদাতিক সেনা। তাতে খালি ভৰিৰে যুঁজ দিয়াসকল এওঁলোকেই। ইয়াতে পিন্ধিবলৈ কাৰো জোতা নাছিল।

* * *

"আদালতত থকা পুলিচবোৰ বিবুদ্ধিত পৰিছিল," চমাৰুৱে কথাবোৰ কৈ যাওতে ৰস পাইছে। "কি কৰিব লাগে তাকে লৈ তেওঁলোকে থিৰাং কৰিব পৰা নাছিল। তেওঁলোকে আমাক আটক কৰাৰ বাবে চেষ্টা কৰা দেখি মই কলো- মই দণ্ডাধীশ। তোমালোকে মোৰ পৰা আদেশ ল'বহে পাৰা। তোমালোক যদি ভাৰতীয়, তেন্তে মোক মানি চলা। যদি তোমালোক ব্ৰিটিছ, তেন্তে স্বদেশলৈ উভতি যোৱা।"


02-1001-PS-Foot Soldiers of Freedom-Panimara 1.jpg

'চৰকাৰৰ তৰফৰ পৰা ঘোষিত' পানীমাৰাৰ ৩২ জন মুক্তিযুঁজাৰুৰ শ্ৰদ্ধাৰ্থে থিয় কৰোৱা স্তম্ভ


পুলিচে তেতিয়া আচল দণ্ডাধীশজনৰ ওচৰলৈ গ'ল। দণ্ডাধীশজন তেতিয়া বাসগৃহতে আছিল। "দণ্ডাধীশে আমাক আটকাধীন কৰাৰ বাবে লিখা নিৰ্দেশনামাত চহী নকৰো বুলি ক'লে কিয়নো আৰক্ষীয়ে দিয়া ৱাৰেণ্টখনত কাৰো নামেই নাছিল," জীতেন্দ্ৰ প্ৰধানে কৈ গ'ল। "পুলিচ ঘুৰি আহিল আৰু আমাৰ নাম সুধিবলৈ ধৰিলে। আমি কোন আছিলো সেই কথা তেওঁলোকক নকও বুলি ক'লো।"

আও-ভাও নোপোৱা পুলিচে এইবাৰ সম্বলপুৰৰ কালেক্টৰৰ ওচৰলৈ গ'ল। "তেওঁ সিহতৰ অৱস্থা দেখিয়ে ক'লে, এনেয়ে কিবা নাম ভৰাই দিয়া। সিহতৰ নামবোৰ এ, বি, চি বুলি লিখি ফৰ্মবোৰ ভৰোৱা। পুলিচেও তাকেই কৰিলে, আৰু আমাক এ, বি আৰু চি হিচাপে আটক কৰা হ'ল,", চমাৰুৱে ক'লে।

অৱশ্যে পুলিচবোৰৰ বাবে সেই দিনটো বৰ কষ্টকৰ দিন আছিল। "কাৰাগাৰত," চমাৰু হাঁহিবলৈ ধৰিলে, "ৱাৰ্ডেনে আমাক ৰখাত অমান্তি হ'ল। ৱাৰ্ডেনে সিহতক সুধিলেঃ তোমালোকে মোক মুৰ্খ বুলি ভাবিছা নেকি? কাইলৈ যদি ইহতকেইটা পলাই যায় বা সাৰি যায়? মই কি এ, বি আৰু চি পলাই যোৱা বুলি ৰিপৰ্ট লিখিম নেকি? কোনো মুৰ্খইহে তেনে কাম কৰিব পাৰে'। তেওঁ নাচোৰবান্দা।"

এনেদৰে তৰ্ক-বিতৰ্ক কৰি থকাৰ পিছত অৱশেষত, পুলিচে জেল সুৰক্ষাকৰ্মীৰ হাতত আমাক গতালে। "কথাটো আটাইতকৈ হাঁহি উঠা তেতিয়াহে হ'ল যেতিয়া আমাক আদালতত হাজিৰ কৰোৱা হ'ল," জীতেন্দ্ৰই কৈ গ'ল। "লাজে-সংকোচে অৰ্ডাৰলিয়ে চিঞৰিলেঃ এ, হাজিৰ হওক! বি হাজিৰ হওক! চি, হাজিৰ হওক! আৰু ইয়াৰ পিছতে আদালতে আমাৰ বিচাৰ আৰম্ভ কৰে।"

এই লজ্জাৰ প্ৰতিশোধ ৰাষ্ট্ৰব্যৱস্থাই নিজেই ল'লে। সিহতক ছয় মাহৰ বাবে কঠোৰ কাৰাদণ্ড দিয়া হ'ল আৰু অপৰাধীৰ দৰে জেললৈ পঠিওৱা হ'ল। "স্বাভাৱিকতে, ৰাজনৈতিক নেতা বন্দী হৈ থকা সকলৰ স্থানলৈ আমাক প্ৰেৰণ কৰিব লাগিছিল," চমাৰুৱে ক'লে। "কিন্তু সেয়া আছিল স্বাধীনতা আন্দোলনৰ চৰম পৰ্যায়। যাহওক, পুলিচ সদায়ে নিষ্ঠুৰ আৰু প্ৰতিশোধকামী আছিল।"

"তেতিয়া মহানদীৰ ওপৰত কোনো দলং নাছিল। তেওঁলোকে আমাক নাৱেৰে নিবলগা হয়। সিহতে জানিছিল যে আমি স্বইচ্ছাই আটক হৈছো যিহেতু পলাই যোৱাৰ কোনো উদ্দেশ্য নাছিল। তথাপি, সিহতে আমাৰ হাত বন্ধাৰ লগতে আমাক ইজনক সিজনৰ সৈতে বান্ধি থৈছিল। যদি নাও বুৰে, যিটো প্ৰায়ে হৈছিল, আমি বাচি যোৱাৰ কোনো উপায় নাছিল। আমি আটায়ে মৰিলোহেঁতেন।"

"পুলিচে আমাৰ পৰিয়ালকো অশান্তি দিবলৈ আৰম্ভ কৰিছিল। এবাৰ মই জেলত আছিলো আৰু মোক ৩০ টকাৰ জৰিমনা (যিটো সময়ত গোটেই দিনটোত খাদ্যশস্যৰ বাবদ দুই অনা সিহতে উপাৰ্জন কৰিছিল, তেনে এটা সময়ত সেয়া আছিল বৃহত পৰিমাণৰ জৰিমনা) বিহা হৈছিল। সিহতে মোৰ মাৰ পৰা সেই জৰিমনা সংগ্ৰহ কৰিবলৈ গ'ল। 'জৰিমনা দে, নহলে ইয়াতকৈও অধিক শাস্তি বিহা হ'ব', সিহতে ভাবুকি দিলে।"

"মোৰ মায়ে কৈছিলঃ তেওঁ মোৰ সন্তান নহয়, তেওঁ এই গাওঁখনৰ সন্তান। তেওঁ মোতকৈ এই গাওঁখনৰ বাবে বেছি চিন্তা কৰে'। তথাপিও সিহতে তেওঁক অশান্তি দিছিল। তেঁও কৈছিলঃ এই গাঁৱৰ আটাইবোৰ যুৱক-যুৱতীয়ে মোৰ সন্তান। জেলত থকা সিহতৰ আটাইবোৰৰ কাৰণে মই কি জৰিমনা পৰিশোধ কৰিম নেকি?' "

পুলিচৰ হাতত একো উপায় নোহোৱা হৈ পৰে। "সিহতে ক'লেঃ তেন্তে আমাক কিবা দিয়া যাতে আমি সেয়া জব্দ কৰা বুলি দেখুৱাব পাৰো। কাচি নতুবা কিবা এখন'। তেওঁ সহজকৈয়ে ক'লেঃ 'আমাৰ ঘৰত কাচি নাই'। তাৰ পিছতে তেওঁ গোবৰ পানী গোটাবলৈ আৰম্ভ কৰে। তেওঁ কয় যে সিহতে থকা ঠাইখিনি শুদ্ধি কৰাৰ বাবে ইচ্ছা কৰিছে। সিহতে আঁতৰ হ'বনে?" পুলিচৰ হাতত আন বিকল্প নাছিল।

* * *

আদালতৰ কক্ষত নাটকখন তেতিয়াও চলিয়ে আছিল, ইফালে পানীমাৰাৰ সত্যাগ্ৰহীসকল আন এক অভিযানত ব্যস্ত পৰিছিল। "আমাৰ কাম আছিল সম্বলপুৰৰ বজাৰ দখল কৰা আৰু ব্ৰিটিছৰ সামগ্ৰীবোৰ ধ্বংস কৰা," দয়ানিধি নায়কে কৈ গ'ল। তেওঁ চমাৰুৰ ভতিজা আছিল আৰু "নেতৃত্বৰ ক্ষেত্ৰত মই তেওঁক অনুসৰণ কৰিছিলো। মোৰ জন্মৰ পিছতে মাৰ মৃত্যু হৈছিল আৰু চমাৰুৱে মোক তুলি তালি ডাঙৰ-দীঘল কৰিছিল।"

দয়ানিধিয়ৰ বয়স আছিল মাত্ৰ ১১ বছৰ যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ সৈতে মুখামুখি হৈছিল। ১৯৪২ চনলৈ তেওঁৰ বয়স ২১ বছৰ হৈছিল। তেতিয়ালৈ তেওঁ প্ৰকৃতাৰ্থত এজন কৌশলী যুঁজাৰু হৈ পৰিছিল। এতিয়া তেওঁৰ বয়স ৮১। দয়ানিধিয়ে এতিয়াও তাহানিৰ দিনবোৰৰ প্ৰতিটো ঘটনা স্পষ্টকৈ মনত পেলাব পাৰে।

"তেতিয়া তীব্ৰ ব্ৰিটিছ বিৰোধী ঘৃণাৰ সৃষ্টি হৈছিল। ব্ৰিটিছ শাসনৰ দ্বাৰা আমাক ভয় খুওৱাৰ চেষ্টাই আমাক অধিক শক্তিশালী কৰি তুলিছিল। সিহতৰ সশস্ত্ৰ সেনাই দুবাৰমান আমাৰ গাঁওখন ঘেৰি ৰাখিছিল আৰু ফ্লেগ মাৰ্ছ কৰিছিল। সেয়া কৰিছিল আমাক ভয় খুৱাবলৈ। কিন্তু সেয়া মুঠেই কামত অহা নাছিল।"

"ব্ৰিটিছ বিৰোধী বিদ্বেষ সৰ্বত্ৰে বিয়পি পৰিছিল। ভূমিহীন কৃষকৰ পৰা আৰম্ভ কৰি স্কুলৰ শিক্ষকলৈ। শিক্ষকসকলেও আন্দোলনত ভাগ লৈছিল। সিহতে কামৰ পৰা অব্যাহতি লোৱা নাছিল, সিহতে মাত্ৰ কাম কৰা নাছিল। আৰু সিহতৰ হাতত ডাঙৰ ডাঙৰ অজুহাত আছিল। সিহতে কৈছিলঃ আমি সিহতৰ হাতত পদত্যাগ পত্ৰ কেনেদৰে জমা দিম? আমি সিহতক স্বীকৃতি নিদিও'। এনেদৰেই কাম নকৰাকৈ সিহতে আগবাঢ়ি গৈছিল।"

"সেই দিনবোৰত আমাৰ গাঁওখন অধিক বিচ্ছিন্ন গাঁও আছিল। তাৰ কাৰণ আছিল সঘন আটক আৰু অভিযানৰ কাৰণে কংগ্ৰেছ কৰ্মীসকল কিছুদিনৰ বাবে তালৈ অহা নাছিল। তাৰমানে আমি বাহিৰৰ পৃথিৱীখনৰ একো ভুঁকে পোৱা নাছিলো। তেনেই ঘটিছিল ১৯৪২ ৰ আগস্ত মাহত।" বাহিৰৰ পৃথিৱীখনত কি ঘটি আছিল সেয়া জনাৰ বাবে গাঁৱৰ পৰা মানুহ পঠিওৱা হৈছিল। "এনেদৰেই আন্দোলনৰ সূত্ৰপাত হৈছিল। মই আছিলো দ্বিতীয়টো শিবিৰত।"

"আমাৰ গোটৰ আটাইকেইজনেই কুমলীয়া বয়সৰ আছিলো। প্ৰথমতে, আমি সম্বলপুৰৰ কংগ্ৰেছকৰ্মী ফকিৰা বেহেৰাৰ ঘৰলৈ গৈছিলো। আমাক ফুল দিয়া হৈছিল আৰু দিয়া হৈছিল হাতত বন্ধা বেণ্ড। তাতে লিখা আছিল 'কৰা নতুবা মৰা'। আমি ভালেমান ছাত্ৰ-ছাত্ৰী লগত লৈ বজাৰৰ দিশে আগবাঢ়িছিলো। আমাৰ লগত বহুতে দৌৰি গৈছিল।"

"গোটেই বজাৰখনত আমি ভাৰত ত্যাগৰ শ্লোগান গাইছিলো। তাতে আমাৰ মুখত সেই শ্লোগান শুনি ৩০ জনমান সশস্ত্ৰ পুলিচে আমাক আটক কৰিছিল।

"ইয়াতো সিহতে বিবুদ্ধিত পৰিছিল। আৰু আমাৰ বহুতকে ততালিকে যাবলৈ দিছিল।"

কিয়?

"কিয়নো ১১ বছৰীয়া প্ৰতিবাদকাৰীক আটক কৰাটো হাস্যকৰ আছিল। সেয়ে আমাৰ মাজৰ যিবোৰৰ বয়স ১২ বছৰৰ তলৰ আছিল, সিবোৰক এৰি দিবলগীয়া হৈছিল। কিন্তু দুটা সৰু ল'ৰা- যুগেশ্বৰ জেনা আৰু ইন্দৰজীত প্ৰধান নাচোৰবান্দা। সিহতে গোটটো নেৰে আৰু আগবাঢ়ি যাবলৈ ৰাজী আছিল। আমাৰ বাকীবোৰক বাৰগড় জেললৈ পঠিওৱা হৈছিল। দিব্যা সুন্দৰ চাহু, প্ৰভাকৰা চাহু আৰু মোক ন মাহৰ বাবে জেললৈ পঠিওৱা হৈছিল।"

* * *

03-1003-PS-Foot Soldiers of Freedom-Panimara 1.jpg

মন্দিৰত, পানীৰামৰ শেষৰকেইজন মুক্তিযুঁজাৰু


৮০ বছৰীয়া মদন ভয়ে এটা গীত এতিয়াও স্পষ্ট সুৰত গাব পাৰে। "সেয়া আছিল আমি তৃতীয়টো গোটে সম্বলপুৰৰ কংগ্ৰেছ কাৰ্যালয়লৈ আগবাঢ়ি যোৱাৰ সময়ত গোৱা গীত।" বৃটিছে সেই কাৰ্যালয়টো দেশদ্ৰোহীতাৰ অপৰাধত চিল কৰি দিছিল।

তৃতীয় গোটৰ লক্ষ্য আছিল চিল কৰি থোৱা কংগ্ৰেছ কাৰ্যালয়টো উদ্ধাৰ কৰা।

"মই সৰু থাকোতেই মোৰ আই-পিতাই ঢুকাইছিল। মই খুড়া-খুড়ীৰ লগত আছিলো যদিও তেওঁলোকে মোৰ বিশেষ যতন লোৱা নাছিল। মই কংগ্ৰেছৰ মেলে-মিটিঙে যোৱা দেখি তেওঁলোক সতৰ্ক হৈ পৰিল। মই যেতিয়া সত্যাগ্ৰহীসকলৰ দলত চামিল হ'বলৈ বিচাৰিলো, তেওঁলোকে মোক এটা কোঠাত বন্ধ কৰি থ'লে। মই অনুতাপ কৰি নিজকে শুধৰাম বুলি ভাও ধৰিলো। তেতিয়া সিহতে মোক ওলাই আহিবলৈ দিলে। মই কাম কৰাৰ অজুহাত দেখুৱাই পথাৰলৈ গ'লো। দা-কোৰ লৈ মই পথাৰত নামিলো। তাৰ পৰাই মই বৰগড় সত্যাগ্ৰহীসকলৰ লগত যোগ দিলোগৈ। আমাৰ গাঁৱৰ পৰা ১৩ জনক লগত নিলো আৰু সম্বলপুৰলৈ মাৰ্ছ কৰাৰ বাবে সাজু কৰালো। খদ্দৰৰ কাপোৰটো বাদেই, মোৰ গাত চোলা এটাও নাছিল। যদিও গান্ধীক ৯ আগস্তত গ্ৰেপ্তাৰ কৰা হয়, কিছুদিনৰ পিছতহে আমাৰ গাঁৱলৈ সেই খবৰ আহিছিল। আৰু সেই খবৰ আহিছিল তেতিয়াহে যেতিয়া আমাৰ তিনি কি চাৰিটা গোট সম্বলপুৰত প্ৰতিবাদী সমদল উলিওৱাৰ বাবে সাজু হৈ উঠিছিল।

"প্ৰথমটো গোটক ২২ আগস্তত গ্ৰেপ্তাৰ কৰা হৈছিল। আমাক গ্ৰেপ্তাৰ কৰা হৈছিল ২৩ আগস্তত। আগতে চমাৰুৰ পালত পৰি নগুৰ-নাগতি হোৱা পুলিচে আমাক আনকি আদালতলৈও নিব খোজা নাছিল। আমাক কংগ্ৰেছ কাৰ্যালয়লৈ যোৱাৰ অনুমতি দিয়া হোৱা নাছিল। আমাক পোনে পোনে জেললৈ পঠিয়াই দিয়া হৈছিল।"

পানীমাৰা তেতিয়ালৈ কুখ্যাত হৈ পৰিছিল। "আমাক সকলোৱে আমাৰ গাওঁখনৰ নামেৰে জনা হৈ গৈছিল- বদমাছৰ গাওঁ" -ভয়ে সগৌৰৱে ক'লে।

মূল লিখনীটো দা হিন্দু চানডে মেগাজিনত ২০ অক্টোবৰ, ২০০২ চনত প্ৰকাশ পাইছিল।

এই ধাৰাবাহিকত আৰু আছেঃ

যেতিয়া চালিহানে শাসন বিৰুদ্ধে থিয় দিছিল

লক্ষ্মী পাণ্ডাৰ অন্তিম যুঁজখন

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহত বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ আৰু পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

https://ruralindiaonline.org/articles/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A6%96%E0%A6%A3%E0%A6%83-%E0%A6%AF%E0%A6%A4-%E0%A6%A6%E0%A7%81%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%95%E0%A7%88-%E0%A6%AE%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%81-%E0%A6%98%E0%A6%9F%E0%A6%BF%E0%A6%9B%E0%A6%BF%E0%A6%B2-%E0%A6%AC%E0%A7%80%E0%A7%B0-%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A7%9F%E0%A6%A8%E0%A7%B0/

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম


অনুবাদকঃ  ৰশ্মি ৰেখা দাস

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Rashmi Rekha Das