পাৰুৰ বয়স তেতিয়া মাত্ৰ সাত বছৰ আছিল৷ ২০১৯ চনত তাইৰ দেউতাকে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ তাইৰ ঘৰৰ পৰা ভেড়া চৰোৱাৰ কাম কৰিবলৈ পঠিয়াইছিল।

তিনি বছৰৰ পিছত অৰ্থাৎ ২০২২ চনৰ আগষ্ট মাহৰ শেষৰ ফালে তাইৰ মাক-দেউতাকে তাইক তেওঁলোকৰ পঁজাৰ বাহিৰত উদ্ধাৰ কৰিছিল। তাইক কম্বল এখনেৰে মেৰিওৱা অৱস্থাত আৰু অচেতন অৱস্থাত পোৱা গৈছিল। তাইৰ ডিঙিত ডিঙি চেপাৰ ক্ষতচিহ্ন আছিল।

"মৃত্যুৰ আগমুহূৰ্তলৈ তাই এটাও শব্দ উচ্চাৰণ কৰা নাছিল। আমি তাইক কি হৈছিল সেয়া সুধিবলৈ চেষ্টা কৰিছিলো, কিন্তু তাই কথা ক'ব নোৱাৰিলে," পাৰুৰ মাক সবিতাবায়ে চকুপানী মচি ক'লে। "আমি ভাবিছিলো কোনোবাই তাইৰ ওপৰত ক'লা যাদু কৰিছে। সেয়েহে আমি তাইক ওচৰৰ মোৰা পাহাৰৰ এটা মন্দিৰলৈ লৈ গৈছিলো [মুম্বাই-নাছিক ঘাইপথৰ ওচৰত]। পুৰোহিতজনে তাইৰ শৰীৰত অংগৰা [পবিত্ৰ ছাই] প্ৰয়োগ কৰিছিল। আমি তাই চেতনা ঘুৰি অহালৈ অপেক্ষা কৰিছিলোঁ, কিন্তু তেনে নহ’ল," সবিতাবায়ে সেই কথা মনত পেলাইছিল। পাৰুক উদ্ধাৰ কৰাৰ পাঁচ দিন পিছত, ২০২২ৰ ছেপ্টেম্বৰৰ দুই তাৰিখে, নাছিক চহৰৰ অসামৰিক চিকিৎসালয়ত আঘাতৰ ফলত তাইৰ মৃত্যু হয়।

পাৰুৱে তিনি বছৰত মাত্ৰ এবাৰহে তাইৰ ঘৰলৈ আহিছিল। তাইক ডেৰ বছৰ পূৰ্বে সেই একেজন মধ্যস্থতাকাৰীয়ে ঘৰলৈ লৈ আহিছিল যিয়ে তাইক কামৰ বাবে লৈ গৈছিল। "তাই আমাৰ সৈতে সাত-আঠ দিন আছিল। আঠ দিনৰ পিছত সেই মানুহজন আহি তাইক পুনৰ লৈ গৈছিল," সবিতাবায়ে পাৰুক অচেতন অৱস্থাত পোৱাৰ পিছদিনা মধ্যস্থতাকাৰীজনৰ বিৰুদ্ধে দাখিল কৰা আৰক্ষীৰ অভিযোগত এই কথা উল্লেখ কৰিছিল।

PHOTO • Mamta Pared
PHOTO • Mamta Pared

বাওঁফালে: প্ৰয়াত পাৰুৰ ঘৰ এতিয়া খালী হৈ আছে ; তাইৰ পৰিয়ালে কাম বিচাৰি প্ৰব্ৰজন কৰিছে। সোঁফালে: ঘাইপথৰ ওচৰত কাটকাৰী সম্প্ৰদায়ৰ ঘৰ

নাছিক জিলাৰ ঘোটি আৰক্ষী থানাত সেই ব্যক্তিজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ এটা গোচৰ ৰুজু কৰা হৈছিল। "হত্যাৰ অভিযোগ অনা হৈছিল, তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত জামিনত এৰি দিয়া হৈছিল," শ্ৰমজীৱি সংগঠনা নামৰ সংগঠনটোৰ জিলা সভাপতি সঞ্জয় শিন্দেয়ে এইদৰে কয়, তেওঁক বন্ধকত থকা শ্ৰমিকসকলক মুকলি কৰাত সহায় কৰে। ছেপ্টেম্বৰত, আহমদনগৰৰ (যিখন জিলাত পাৰুৱে ভেড়া চৰোৱাৰ কাম কৰিছিল) চাৰিজন ভেড়াৰখীয়াৰ বিৰুদ্ধে বন্ধকী শ্ৰমিক প্ৰণালী (বিলুপ্তি) আইনৰ অধীনত এটা অভিযোগ পঞ্জীয়ন কৰা হৈছিল।

মধ্যস্থতাকাৰীজন মুম্বাই-নাছিক ঘাইপথৰ ওচৰত অৱস্থিত কাটকাৰী আদিবাসীসকলৰ এটা বসতিত থকা তেওঁলোকৰ পঁজালৈ অহাৰ দিনটোৰ কথা মনত পেলাই সবিতাবায়ে কয়, "তেওঁ মোৰ স্বামীৰ সৈতে সুৰাপান কৰিছিল, তেওঁক ৩,০০০ টকা দিছিল আৰু পাৰুক লৈ গৈছিল"৷

"যি বয়সত তাই পঢ়া-শুনা কৰিব লাগিছিল, সেই সময়ত তাই তীব্ৰ ৰ’দত খৰাং পথাৰত দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলগীয়া হৈছিল। তাই তিনি বছৰ বন্ধকী শিশু শ্ৰমিক হিচাপে কাম কৰিছিল," সবিতাবায়ে কয়।

পাৰুৰ ভায়েক মোহনকো সাত বছৰ বয়সত কাম কৰিবলৈ পঠিয়াই দিয়া হৈছিল। দেউতাকে তাৰ বাবেও ৩,০০০ টকা লৈছিল। এতিয়া প্ৰায় ১০ বছৰীয়া মোহনে তেওঁক নিযুক্ত কৰা ভেড়াৰখীয়াজনৰ সৈতে কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল। "মই ভেড়া আৰু ছাগলীবোৰ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ চৰাবলৈ লৈ যাওঁ। মোৰ ওচৰত ৫০-৬০টা ভেড়া, ৫-৬ টা ছাগলী আৰু অন্যান্য জন্তু আছিল," তেওঁ কয়। বছৰত এবাৰকৈ ভেড়াৰখীয়াজনে মোহনক এটা চাৰ্ট, এটা দীঘল পেণ্ট, এটা হাফপেণ্ট, ৰুমাল আৰু জোতা কিনি দিব – আৰু সেয়াই আছিল চুক্তি। কেতিয়াবা ডেকা ল’ৰাজনক খাবলৈ কিবা কিনিবলৈ ৫বা ১০ টকা দিয়া হ'ব। "মই কাম নকৰিলে শেঠে [ভেড়াৰ মালিকে] মোক মাৰিছিল। মই তেওঁক বহুবাৰ মোক ঘৰলৈ পঠিয়াবলৈ কৈছিলো। তেওঁ কৈছিল ‘'মই তোমাৰ দেউতাক ফোন কৰিম,' কিন্তু তেওঁ কেতিয়াও ফোন কৰা নাছিল।'’

তেওঁৰ ভগ্নীৰ দৰে মোহনে তিনি বছৰত কেৱল এবাৰহে তাৰ ঘৰলৈ গৈছিল। "মোহনৰ শেঠে তাক আমাৰ ঘৰলৈ লৈ আহিছিল আৰু পিছদিনা আকৌ ঘূৰাই লৈ গৈছিল," মাক সবিতাবায়ে এইদৰে কয়। যেতিয়া মাকে তাক পিছৰবাৰ দেখিছিল, সেই শিশুটোৱে নিজৰ ভাষা পাহৰি গৈছিল। "সি আমাক চিনি পোৱা নাছিল।"

PHOTO • Mamta Pared

মুম্বাই-নাছিক হাইৱেৰ পৰা দুৰত ৰীমাভাই আৰু তেওঁৰ গিৰীয়েকৰ চুবুৰীটো

PHOTO • Mamta Pared
PHOTO • Mamta Pared

ৰীমাবাইৰ দৰে কাটকাৰী আদিবাসীসকলে সাধাৰণতে ইটাভাটা আৰু নিৰ্মাণ ক্ষেত্ৰত কাম বিচাৰি প্ৰব্ৰজন কৰে

"মোৰ পৰিয়ালৰ কাৰো উপাৰ্জন নাছিল আৰু খাবলৈ একো নাছিল। সেয়েহে আমি শিশুসকলক কাম কৰিবলৈ পঠিয়াইছিলো," একেটা কাটকাৰী চুবুৰীত বাস কৰা ৰীমাবাইয়ে এইদৰে ব্যাখ্যা কৰিছিল। ৰীমাবাইৰ দুই পুত্ৰকো ভেড়া চৰোৱাত সহায় কৰিবলৈ লৈ যোৱা হৈছিল। "আমি ভাবিছিলো যে সিহঁতে কাম কৰিব আৰু পেট ভৰাই আহাৰ খাবলৈ পাব।"

এজন মধ্যস্থতাকাৰীয়ে শিশুসকলক ৰীমাবাইৰ ঘৰৰ পৰা নি আহমদনগৰ জিলাৰ পাৰনাৰ খণ্ডত আন ভেড়াৰখীয়াসকলৰ সৈতে ৰাখিছিল। দুয়োফালে ধনৰ লেনদেন হৈছিল – মধ্যস্থতাকাৰীজনে মাক-দেউতাকক ল'ৰা-ছোৱালীবোৰ লৈ যাবলৈ পৰিশোধ কৰিছিল আৰু ভেড়াৰখীয়াসকলে এই শ্ৰমিকসকলক অনাৰ বাবে মধ্যস্থতাকাৰীক পৰিশোধ কৰিছিল। কিছুমান ক্ষেত্ৰত, ভেড়া বা ছাগলী লেনদেনৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল।

ৰীমাবাইৰ সন্তানকেইজন পৰৱৰ্তী তিনি বছৰ পাৰনাৰত আছিল। ভেড়া চৰোৱাৰ উপৰিও সিহঁতে কুঁৱাৰ পৰা পানী কঢ়িয়াইছিল, কাপোৰ ধুইছিল আৰু গোহালিটো পৰিষ্কাৰ কৰিছিল। সিহঁতক কেৱল এবাৰহে ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল।

সৰুজন ল’ৰা একনাথে কৈছিল যে যদি তেওঁ পুৱা সাৰ নাপায় আৰু ৰাতিপুৱা ৫ বজাৰ ভিতৰত কাম নকৰে তেন্তে তেওঁক মাৰ-ধৰ কৰা হৈছিল। "শেঠে মোক পিঠি আৰু ভৰিত মাৰিছিল আৰু অশ্ৰাব্য গালি দিছিল। তেওঁ আমাক খালী পেটে ৰাখিছিল। যদি ভেড়াবোৰ পথাৰত প্ৰৱেশ কৰে তেতিয়া খেতিয়ক আৰু [ভেড়া] মালিক দুয়োজনে আমাক প্ৰহাৰ কৰিছিল। আমি দুপৰ নিশালৈকে কাম কৰিব লাগিছিল," একনাথে পাৰিক এইদৰে কৈছিল। আনকি যেতিয়া এটা কুকুৰে তাৰ বাওঁ হাত আৰু ভৰিত কামুৰিছিল, তেতিয়াও সি কোনো চিকিৎসা লাভ কৰা নাছিল আৰু ভেড়া চৰোৱাত ব্যস্ত থাকিবলগীয়া হৈছিল।

ৰীমাবাই আৰু সবিতাবাইৰ দুয়োটা পৰিয়াল মহাৰাষ্ট্ৰৰ এক বিশেষভাৱে বিপন্ন জনজাতীয় গোট কাটকাৰী আদিবাসী সম্প্ৰদায়ৰ লোক। তেওঁলোকৰ কোনো ভূমি নাই আৰু উপাৰ্জনৰ বাবে শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে, কামৰ সন্ধানত প্ৰব্ৰজন কৰে – তেওঁলোকে সাধাৰণতে ইটাভাটা আৰু নিৰ্মাণস্থলীত কাম কৰে। পৰিয়ালৰ সদস্যসকলক খুৱাবলৈ পৰ্যাপ্ত উপাৰ্জন নোহোৱাৰ ফলত বহুতে তেওঁলোকৰ সন্তানক অৰ্ধ-যাযাবৰ ধনগাৰ সম্প্ৰদায়ৰ ভেড়াৰখীয়াসকলৰ ওচৰলৈ ভেড়া চৰোৱাৰ কাম কৰিবলৈ পঠিয়ায়।

PHOTO • Mamta Pared
PHOTO • Mamta Pared

বাওঁফালে: নাছিকৰ অসামৰিক চিকিৎসালয়ৰ বাহিৰত অপেক্ষা কৰি থকা অভিভাৱকসকল। সোঁফালে: বন্ধকী শ্ৰমিকৰ পৰা উদ্ধাৰ হোৱা শিশুসকলৰ বিবৃতি আৰক্ষীয়ে লিপিবদ্ধ কৰিছে

১০ বছৰীয়া পাৰুৰ কৰুণ মৃত্যুয়ে অঞ্চলটোৰ শিশু শ্ৰমিকৰ ঘটনাবোৰৰ ওপৰত আলোকপাত কৰিছিল আৰু ২০২২ চনৰ ছেপ্টেম্বৰ মাহত নাছিক জিলাৰ দিনডোৰী খণ্ডৰ চাংগামনাৰ গাঁৱৰ পৰা আৰু আহমদনগৰ জিলাৰ পাৰনাৰৰ পৰা ৪২টা শিশুক উদ্ধাৰ কৰা হৈছিল। এই উদ্ধাৰ কাৰ্য সম্পাদন কৰিছিল শ্ৰমজীৱী সংগঠনাই। শিশুসকল নাছিক জিলাৰ ইগতপুৰী আৰু ত্ৰিম্বকেশ্বৰ খণ্ড আৰু আহমদনগৰ জিলাৰ আকোলা খণ্ডৰ আছিল। সিহঁতক কিছু টকাৰ বিনিময়ত ভেড়া চৰোৱাবলৈ লৈ যোৱা হৈছিল, সঞ্জয় শিন্দেয়ে কৈছিল। উদ্ধাৰ কৰা শিশুসকলৰ ভিতৰত আছিল পাৰুৰ ভায়েক মোহন আৰু চুবুৰীয়া একনাথ – তেওঁলোকৰ চুবুৰীটোৰ ১৩ জন শিশুৰ ভিতৰত দুজন।

ঘোটিৰ ওচৰত অৱস্থিত এই চুবুৰীটোৰ ২৬টা কাটকাৰী পৰিয়ালে বিগত ৩০ বছৰ ধৰি তাত বাস কৰি আহিছে। তেওঁলোকৰ পঁজাবোৰ ব্যক্তিগত ভূমিত নিৰ্মাণ কৰা হয়। তেওঁলোকৰ ঘৰৰ চাল ঘাঁহ বা প্লাষ্টিকেৰে নিৰ্মিত আৰু দুই বা ততোধিক পৰিয়ালে এটা পঁজা ভাগ-বতৰা কৰে। সবিতাবাইৰ পঁজাটোত কোনো দুৱাৰ বা বিদ্যুতৰ ব্যৱস্থা নাই।

"প্ৰায় ৯৮ শতাংশ কাটকাৰী পৰিয়াল ভূমিহীন। তেওঁলোকৰ অধিকাংশৰ ওচৰত জাতিৰ প্ৰমাণপত্ৰৰ দৰে কোনো অত্যাৱশ্যকীয় দস্তাবেজ নাই," মুম্বাই বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক ড০ নীৰজ হাতেকাৰে এইদৰে কয়। "নিযুক্তিৰ সুযোগ কম আৰু সেয়েহে গোটেই পৰিয়ালটোৱে ঘৰ এৰি শ্ৰমিকৰ কাম বিচাৰি ইটাভাটা, মীন পালন, আৱৰ্জনা সংগ্ৰহ আৰু এনে ধৰণৰ অন্যান্য কামলৈ ওলাই যায়।"

PHOTO • Mamta Pared
PHOTO • Mamta Pared

উদ্ধাৰ কৰা শিশুসকলৰ সৈতে সুনীল ৱাঘ (ক 'লা চাৰ্ট পিন্ধি) আৰু (সোঁফালে) ইগতপুৰী তহচিলদাৰৰ কাৰ্যালয়ৰ বাহিৰত

২০২১ চনত, ড০ হাতেকাৰে মহাৰাষ্ট্ৰৰ কাটকাৰী জনসংখ্যাৰ আৰ্থ-সামাজিক পৰিস্থিতি অধ্যয়ন কৰিবলৈ কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা পৃষ্ঠপোষকিত এক সৰ্বেক্ষণৰ নেতৃত্ব দিছিল। দলটোৱে সেই সৰ্বেক্ষণৰ দ্বাৰা জানিব পাৰিলে যে জৰীপ কৰা লোকসকলৰ মাত্ৰ ৩ শতাংশৰ ওচৰতহে জাতিৰ প্ৰমাণপত্ৰ আছে আৰু বহুতৰ ওচৰত আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড নাই। "কাটকাৰীসকলে [চৰকাৰী] আৱাস আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা উচিত। চৰকাৰে তেওঁলোকে বাস কৰা এলেকাবোৰত নিযুক্তি সৃষ্টিৰ কাম আৰম্ভ কৰা উচিত," হাতেকাৰে এইগৰে কয়।

*****

এতিয়া যিহেতু সন্তানবোৰ ঘূৰি আহিছে, ৰীমাবাইয়ে সিহঁতক বিদ্যালয়ত পঢ়ুৱাবলৈ বিচাৰে। "এই পৰ্যন্ত আমাৰ ওচৰত ৰেচন কাৰ্ড নাই। আমি সেইবোৰ বুজি নাপাওঁ। কিন্তু এই ল'ৰাবোৰ শিক্ষিত। তেনেকুৱা এজন ল’ৰা আমাৰ মাজত আছে," তেওঁ শ্ৰমজীৱী সংঘটানাৰ জিলা সম্পাদক আৰু শিশুসকলক উদ্ধাৰ কৰা দলটোৰ সৈতে জৰিত সুনীল ৱাঘলৈ আঙুলিয়াই কয়। কাটকাৰী সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত সুনীলে তেওঁৰ লোকসকলক সহায় কৰিবলৈ আগ্ৰহী।

"মই পাৰুৰ সোঁৱৰণত অন্নৰ অৰ্ঘ্য দিব লাগিব... মই ৰান্ধিব লাগিব," পাৰুৰ মৃত্যুৰ পিছদিনা মই সবিতাবাইক লগ পোৱাৰ সময়ত তেওঁ এই কথা কৈছিল। তেওঁ শিলেৰে তৈয়াৰ কৰা অস্থায়ী চৌকাত পঁজাটোৰ ওচৰতে জুই ধৰি আছিল। তেওঁ এটা পাত্ৰত দুমুঠি চাউল তুলিছিল – তেওঁৰ মৃত জীয়েকৰ বাবে এটা অংশ আৰু বাকীখিনি আন তিনিটা সন্তান আৰু স্বামীৰ বাবে। খাবলৈ ঘৰত কেৱল চাউলহে আছিল। তেওঁ আশা কৰিছিল যে আনৰ পথাৰত কাম কৰা গিৰিয়েকে দিনে ২০০ টকা উপাৰ্জন কৰি ভাতৰ উপৰিও লগত খাবলৈ কিবা আনিব।

গোপনীয়তা ৰক্ষাৰ উদ্দেশ্যে শিশু আৰু তেওঁলোকৰ অভিভাৱকৰ নাম সলনি কৰা হৈছে।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Mamta Pared

ममता परेड (1998-2022) एक पत्रकार थीं और उन्होंने साल 2018 में पारी के साथ इंटर्नशिप की थी. उन्होंने पुणे के आबासाहेब गरवारे महाविद्यालय से पत्रकारिता और जनसंचार में मास्टर्स की डिग्री प्राप्त की थी. वह आदिवासी समुदायों, ख़ासकर अपने वारली समुदाय के जीवन, आजीविका और संघर्षों के बारे में लिखती थीं.

की अन्य स्टोरी Mamta Pared
Editor : S. Senthalir

एस. सेंतलिर, पीपल्स आर्काइव ऑफ़ रूरल इंडिया में बतौर सहायक संपादक कार्यरत हैं, और साल 2020 में पारी फ़ेलो रह चुकी हैं. वह लैंगिक, जातीय और श्रम से जुड़े विभिन्न मुद्दों पर लिखती रही हैं. इसके अलावा, सेंतलिर यूनिवर्सिटी ऑफ़ वेस्टमिंस्टर में शेवनिंग साउथ एशिया जर्नलिज्म प्रोग्राम के तहत साल 2023 की फ़ेलो हैं.

की अन्य स्टोरी S. Senthalir
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

की अन्य स्टोरी Manoranjan Majumder