আচল প্ৰশ্ন মূল্যবোধক লৈ। এই মূল্যবোধেই আমাৰ জীৱনৰ সাৰ। আমি প্ৰকৃতিৰ পৰা নিজকে পৃথককৈ চাব নোৱাৰো। আদিবাসীয়ে যেতিয়া যুঁজে, তেতিয়া তেওঁলোকে কোনো চৰকাৰ কিম্বা কোম্পানীৰ বিৰুদ্ধে নুযুঁজে। তেওঁলোকৰ নিজৰ ‘ভূমিসেনা’ আছে, তেওঁলোকে লোভ-লালসা আৰু স্বাৰ্থৰ বিৰুদ্ধে যুঁজে।
সভ্যতাৰ বিকাশৰ পৰাই ইয়াৰ সূত্ৰপাত হৈছিল। যেতিয়া ব্যক্তিবাদে গা কৰি উঠিছিল আৰু আমি মানৱ জাতিটোক প্ৰকৃতিৰ পৰা সুকীয়া অস্তিত্বৰে চাইছিলো। ইয়াৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এবাৰ আমি নদীখনৰ পৰা নিজকে আঁতৰাই পেলোৱাৰ পিছত নদীখন নলা-নৰ্দমাৰ পানী, ৰাসায়নিক আৰু ঔদ্যোগিক আৱৰ্জনাৰে স্তব্ধ কৰি পেলাবলৈ সংকোচ নকৰা হ’লো। নদীখন আমাৰ নিজৰ ব্যক্তিগত সম্পত্তি বুলি ধৰি ল’লো আৰু নিজকে প্ৰকৃতিৰ পৰা পৃথক আৰু শ্ৰেষ্ঠ বুলি ভাবিবলৈ লোৱাৰে পৰা নদীখন শোষণ কৰাটো আমাৰ বাবে সহজ হৈ পৰিল। অন্যহাতে আদিবাসী সম্প্ৰদায়ৰ বাবে মূল্যবোধ কেৱল কাগজত লিখি থোৱা কিছুমান নিয়ম নহয়, এই মূল্যবোধ আমাৰ জীৱন যাপনৰ সাধনোপায়।
ময়েই পৃথিৱীৰ ভ্ৰূণ
ময়েই পৃথিৱীৰ মূল, ময়েই বীজ, ময়েই ভ্ৰূণ
ময়েই সূৰ্য, ময়েই অনুভৱ, ময়েই তাপ, মই অনাদি অনন্ত
মই ভিল, মুণ্ডা, বড়ো, গোণ্ড, চাওতাল
ময়েই বহু যুগতে জন্মা আদিমানৱ
তোমালোকে মোক লৈয়েই জীয়াই আছা
মোক লৈয়ে জীৱনটোৰ বিন্দু বিন্দু উপভোগ কৰিছা
এই পৃথিৱীত ময়েই স্বৰ্গ
ময়েই পৃথিৱীৰ মূল, ময়েই বীজ, ময়েই ভ্ৰূণ
ময়েই সূৰ্য, ময়েই অনুভৱ, ময়েই গৰমবোধ, মই অনাদি অনন্ত
ময়েই পশ্চিমঘাট, শতৰূপা, বিন্ধ্যা, আৰাৱলী
ময়েই হিমালয়ৰ শিখৰ, ময়েই পাৰ দক্ষিণ সাগৰৰ
আৰু সুজলা-সুফলা সেউজ উত্তৰ-পূবো ময়েই
তোমালোকে এজোপা গছ কটা, এখন পৰ্বত বিক্ৰী কৰি দিয়া
মানেই
তোমালোকে মোক নিলাম কৰিছা
চঞ্চলা নৈখন তোমালোকে নিঃশেষ কৰা মানেই
তোমালোকে মোক হত্যা কৰিছা
তোমালোকে উশাহত মোকেই গ্ৰহণ কৰা
ময়েই জীৱনৰ অমৃত সুধা
ময়েই পৃথিৱীৰ মূল, ময়েই বীজ, ময়েই ভ্ৰূণ
ময়েই সূৰ্য, ময়েই অনুভৱ, ময়েই তাপ, মই অনাদি অনন্ত
ইমানৰ পিছতো তোমালোক মোৰেই বংশধৰ
তোমালোকৰ দেহত মোৰেই তেজ প্ৰবাহিত
প্ৰলোভনৰ ঘোপমৰা অন্ধকাৰ, লোভ আৰু ক্ষমতাই
বাস্তৱৰ পৃথিৱীখন চাব নোৱৰাকৈ তোমালোকক অন্ধ কৰি তুলিছে
তোমালোকে পৃথিৱীক পৃথিৱী বুলি কোৱা
আমি কও ধৰিত্ৰী আই
তোমালোকে নদীক নদী বুলি কোৱা
আমাৰ বাবে নদী চেনেহৰ ভনী
পৰ্বতবোৰ তোমালোকৰ বাবে কেৱল পৰ্বত
আমি পৰ্বতবোৰৰ ভাই-ককাই
সূৰ্যটো আমাৰ ককাদেউতা
চন্দ্ৰটো আমাৰ বাবে মামা
সকলোৱে কয়, এই সম্পৰ্কৰ বাবেই
তোমালোকৰ আৰু মোৰ মাজত
মই আঁকিব লাগিব এডাল লক্ষ্মণ ৰেখা
কিন্তু
মই সেয়া শুনা নাই। মই বিশ্বাস কৰো
এদিন
তোমালোকে নিজে নিজেই সকলো বুজি উঠিবা।
ময়েই সেই তুষাৰ যিয়ে শোষণ কৰে সকলো তাপ
ময়েই পৃথিৱীৰ মূল, ময়েই বীজ, ময়েই ভ্ৰূণ
ময়েই সূৰ্য, ময়েই অনুভৱ, ময়েই তাপ, মই অনাদি অনন্ত
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি