নহকুল পাণ্ড’ৰ ঘৰৰ চালিখন সাজি দিবলৈ বমডাভাইছা চুবুৰীৰ সকলো ওলাই আহিছে। সেয়া আছিল এক সৌহাৰ্দ্যৰ চিন। আপুনি দেখিব যে গঞাৰ সামূহিক প্ৰচেষ্টাক উদগনি যোগাই চালি বনোৱা মানুহখিনিক মাজে মাজে নহকুলে অকণ অকণ গ্ৰাটি যাঁচিছে, মন কৰা নাই যদি চকুত নপৰিব।

কিন্তু সিহঁতে কিয় তেওঁৰ ঘৰটোৰ চালি বনোৱা কামত লাগি দিছে? আৰু আগতে যিখন চালি আছিল, সেইখন ক’ৰবালৈ উৰি গ’ল নেকি? তেওঁৰ ঘৰটোৰ সোমাই ভুমুকি মাৰি চালে দেখিব যে চাৰিওফালে ভোলোঙা হৈ আছে, চালিখনৰ বেছিভাগেই নাই।

“চৰকাৰী ঋণ লৈছিলো,” তেওঁ কথাত সামান্যতমো উচাহ নাই। “৪,৮০০ টকা ঋণ লৈ দুটা গৰু কিনিছিলো।” সেয়া আছিল আঁচনিৰ ধন- ‘চফ্ট লোণ’ বুলি যাক কয়। তাতে অকণমান চৰকাৰী সাহায্য থাকে, গৰু কিনিলে আকৌ সুতৰ হাৰো কম থাকে। ১৯৯৪ত সুৰগুজাৰ সেই ঠাইত আপুনি সেইখিনি টকাৰে দুটা গৰু সঁচাকৈয়ে কিনিব পাৰিলেহেঁতেন। (জিলাখন তেতিয়া মধ্য প্ৰদেশত আছিল, এতিয়া চত্তীশগড়ত পৰে)।

নহকুলে আচলতে ঋণ লোৱাৰ কথা নাছিল, একেবাৰেই নাছিল। তেওঁ পাণ্ড’ আদিবাসী সম্প্ৰদায়ৰ, সেই সম্প্ৰদায়টোৰ মুষ্টিমেয় কেইজনমানে ঋণ কি বস্তু ভালকৈ বুজি পায়। অভিজ্ঞতা এনে যে তেওঁলোকে ঋণ শুজিবলৈ গৈ নিজৰ মাটিখিনিও হেৰুৱাবলগীয়া হৈছে। কিন্তু এই ঋণ পিছে সুদখোৰৰ পৰা লোৱা ঋণ নহয়, চৰকাৰী ঋণ। একমাত্ৰ আদিবাসীসকলৰ হিতৰ বাবে চৰকাৰে স্থানীয় বেংকৰ দ্বাৰা দিয়া বিশেষ ঋণ। মানে সেই ঋণ ল’লে ইমান বেছি ক্ষতি নহয়। এৰা, কেতিয়াবা কিছুমান চিন্তা-পৰিকল্পনা এটা সময়ত ভাল যেনেই লাগে।

“কিন্তু মই সেই ঋণ পৰিশোধ কৰিব নোৱাৰিলো,” নহকুলে কয়। পাণ্ড’সকল অতি দৰিদ্ৰ শ্ৰেণীৰ লোক, ‘বিশেষভাৱে প্ৰতিৰোধহীন জনগোষ্ঠী’ত তেওঁলোকক অন্তৰ্ভূক্ত কৰা হৈছে। নহকুলো তাৰে ব্যতিক্ৰম নহয়।

PHOTO • P. Sainath

আঁচনিয়ে নগুৰ নাগতি কৰা নহকুল

“কিস্তি পৰিশোধ কৰিবলৈ বেংকে হেঁচা দিবলৈ ধৰিলে,” তেওঁ আমাক কয়। বেংকৰ বিষয়াহঁতে বৰকৈ গালিও দিয়ে। “ইটো-সিটো বস্তু বিক্ৰী কৰি কিছু পৰিমাণে ঋণ শুজিলো। শেষত মই ঘৰৰ চালিখনকে বিক্ৰী কৰি কি পাৰো গোটালো।”

দাৰিদ্ৰ্যৰ পৰা উদ্ধাৰ কৰিবলৈ নহকুলে লোৱা ঋণটোৱে তেওঁৰ মুৰৰ ওপৰৰ চালিখনকে লৈ গ’ল। তেওঁৰ গৰু দুটাও এতিয়া নাই, সেই দুটাও তেওঁ বিক্ৰী কৰি দিবলগীয়া হ’ল। নহকুলে ভাবিছিল যে আঁচনিখনে তেওঁ উপকাৰ সাধিব, কিন্তু তেওঁ যে বেংকৰ বহীৰ এটা হিচাপহে আছিল, বেংকে হাচিল কৰিবলগীয়া এটা টাৰ্গেটহে আছিল। কেৱল নহকুলেই নহয়, এই আঁচনিয়ে হাৰাশাস্তি কৰা আৰু কেইজনমানৰ কথা আমি জানিবলৈ পাইছিলো, তেওঁলোকো দৰিদ্ৰ আদিবাসী।

“নহকুল আৰু আনকেইজনক এই আঁচনিৰ ধনৰ প্ৰয়োজন আছিল, কিন্তু যিহৰ বাবে তেওঁলোকে বিচাৰিছিল সেয়া তেওঁলোকে পোৱা নাছিল,” সুৰগুজাৰ কেইখনমান গাঁৱলৈ মোক লগ দিয়া অধিবক্তা মোহন কুমাৰ গিৰিয়ে কয়। “তেওঁলোকৰ প্ৰয়োজনীয়তাখিনিৰ সৈতে সেই আঁচনিৰ কোনো সংগতি নাছিল। আপুনি সাধাৰণতে ঘৰৰ চালিখন ৰক্ষা কৰিবলৈ ঋণ লয়। কিন্তু নহকুলে ঋণ লৈ চালিখন হেৰুৱালেহে। এতিয়াও বহু মানুহে কিয় সুদখোৰৰ কাষ চাপে আপুনি ধৰিব পাৰিছেনে?”

গঞাই বোকামাটি ফেনেকি কৌশলী হাতেৰে চালিখনৰ কাৰণে টাইলচবোৰ বনাই থকালৈ আমি প্ৰশংসাসূচক দৃষ্টিৰে চাই ওলাই আহিলো। গঞাই পান কৰি থকা সেই মদখিনিলৈ লোলুপ দৃষ্টি নিক্ষেপ কৰি আমাৰ গোটটোৰে দুজনে অকণমান ইৰ্ষালু ভাৱ এটাও গাত লগাই লৈ আহিল।

‘এভ্ৰিবাডি লাভচ্ আ গুড ড্ৰট’-ত প্ৰকাশিত ‘টেক আ ল’ন, লুজ ইয়’ৰ ৰুফ’ শীৰ্ষক প্ৰতিবেদনৰ পৰা এই ষ্টৰিটো অনা হৈছে, কিন্তু তাতে এই ফটোকেইখন নাছিল, সেইকেইখন অলপতেহে উদ্ধাৰ কৰিছো।

অনুবাদ: পংকজ দাস

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das