প্ৰত্যেক ৰাতিপুৱা খহনীয়া আৰু পানীত বুৰ যোৱাৰ শংকাৰ মাজতে ডুবি থকা বিভিন্ন চৰৰপৰা ভুটভুটিবোৰেৰে দিনহাজিৰা কৰা শ্ৰমিকবোৰ ধুবুৰী জিলাস্থিত ধুবুৰী চহৰলৈ আহে। ধুবুৰীত গদাধৰ উপনৈ আৰু ব্ৰহ্মপুত্ৰৰ বোৱতী সোঁতত ভাঁহি অহা চুবুৰীয়া ৰাজ্য বিশেষকৈ মেঘালয়ৰ বাহেৰে সজা অস্থায়ী ভেলবোৰো ইয়াতে উপস্থিত হয়।
কিন্তু এই সংগমস্থলীতে জীৱিকাৰ সংকটে দেখা দিছে। বিগত দুটা দশকত বাঁহৰ চোঁচৰ চাহিদা কমি আহিছে। বাঁহৰ চোঁচেৰে ফেঞ্চিং, পেনেল, বাহৰ বেৰ আদি বনোৱাৰ লগতে কাঠৰ প্লাইবৰ্ড তৈয়াৰ কৰা কামতো এই চোঁচ ব্যৱহাৰ কৰা হয়। কিন্তু ইঠাইৰপৰা সিঠাইলৈ ঘৰ স্থানান্তৰ কৰি ফুৰিবলগা অসমৰ চৰাঞ্চলৰ প্ৰায়ভাগ বাসিন্দাই আজিকালি বাঁহৰ চোঁচ আৰু খেৰৰ চালি দিয়া ঘৰৰ পৰিৱৰ্তে এক নতুন ধৰণৰ টিনৰ চালি-বেৰ দিয়া ঘৰ সাজি থাকিবলৈ লৈছে। নিৰন্তৰ বানপানী আৰু খহনীয়াৰ পৰা বাচি থাকিবপৰাকৈ এই ঘৰবোৰ খুলি-মেলি আন ঠাইলৈ লৈ যাব পাৰি। পশ্চিমবংগ আৰু বিহাৰতো বাঁহৰ চোঁচৰ চাহিদা কমি আহিছে। সেইবোৰ ৰাজ্যতো ইটা আৰু টিনপাত দি কম খৰচতে ঘৰ বনোৱাৰ বিকল্প আহি পৰাত এনে হ'বলৈ পাইছে।
মইনুদ্দিন প্ৰামানিক নামৰ ৩৫ বৰ্ষীয় লোকজন প্ৰতিদিনে কুন্তীৰ চৰৰ পৰা ধুবুৰীলৈ আহে। তেওঁ চাৰিটা সন্তানৰ পিতৃ আৰু এখন দাৰেই তেওঁ বাঁহ ফালি আয় কৰে। এই কামক বাসেৰ কাজ বা বাঁহৰ কাম বুলি স্থানীয় ভাষাত কোৱা হয়। তেওঁ আঠ ঘণ্টা কাম কৰি দিনটোত ২০ ডাল বাঁহ ফালে আৰু ২৫০ টকা হাজিৰা পায়। মইনু্দ্দিনকে ধৰি ভালেমান বাঁহৰ কাম কৰা শ্ৰমিক আছে যিসকলক স্থানীয় ঠিকাদাৰে নিয়োগ কৰে। এতিয়া পিছে বেছি কাম নাই, তেওঁ কয়। বছৰটোত ছমাহমানহে কাম যেনেতেনে পোৱা যায়।
প্ৰতিডাল বাঁহ তিনিটা ভাগত ফলা হয়। একেবাৰে বাহিৰৰ ভাগ সাধাৰণতে খুব মিহি হয় আৰু বাঁহৰ বেৰ বনোৱাত ব্যৱহাৰ কৰা হয়। মাজৰ ভাগো বেৰ বনোৱাৰ বাবে ব্যৱহাৰ কৰা হয় যদিও সেয়া ইমান মিহি নহয়। একেবাৰে ভিতৰৰ ভাগ কাঠৰ প্লাইবৰ্ডৰ মাজত ফিলাৰ হিচাপে ব্যৱহৃত হয়।
আগতে এমাহতে দুখন ট্ৰাক ভৰ্তি হোৱাৰ পৰা চাহিদা কমি গৈ দুমাহত এখন ট্ৰাকভৰ্তি মাললৈ নামিছে
শ্ৰমিকবোৰ ফলা বাঁহবোৰ ৰচীৰে গাঁঠে আৰু বাণ্ডিলবোৰ কৰ্মস্থলীতে জমা কৰে, আৰু সেয়া পিছত ট্ৰাক আৰু অইন বাহনত ৰপ্তানি কৰা হয়। ফলা বাঁহবোৰ থবৰ কাৰণে যথেষ্ট ঠাইৰ প্ৰয়োজন হয়। সময়ৰ লগে লগে সেইবোৰ শুকাবলৈ ধৰে আৰু মূল্য কমি আহে, কেতিয়াবা শুকান ফলাবাঁহবোৰ একেবাৰে কম দামত কেৱল খৰি হিচাপেহে বিক্ৰী কৰিবলগা হয়।
সততে ইঠাইৰ পৰা সিঠাইলৈ ঘৰ সলাই থাকিবলগা চৰাঞ্চলৰ লোকসকলে টিনৰ বেৰ-চালি দিয়া নতুন ধৰণৰ কৌশলেৰে নিৰ্মিত ঘৰত থাকিবলৈ লোৱা হেতুকে বাঁহৰ চোঁচৰ দাম কমি আহিছে। টিনৰ চালি-বেৰ দিয়া এই ঘৰবোৰ ভাঁজ কৰি তুলি নি আন ঠাইত পাতিব পাৰি আৰু দীৰ্ঘস্থায়ীও হয়। সঘন বানপানী আৰু গৰাখহনীয়া আদিৰ ফলতে চৰবাসীয়ে এই নতুন উপায় অৱলম্বন কৰিবলৈ লৈছে।
আগতে বনবিভাগে বৃক্ষৰোপণৰ পিছত ফেঞ্চিং দিয়া কামত এই বাঁহৰ চোঁচবোৰ ব্যৱহাৰ কৰিছিল আৰু বৃহত পৰিমাণৰ বিশেষ চোঁচ ক্ৰয়ো কৰিছিল। কিন্তু বিভাগে আজিকালি লোৰ অথবা প্লাষ্টিকৰ ফেঞ্চিং ব্যৱহাৰ কৰিবলৈ লৈছে। বাঁহৰ চাহিদা কমি অহাত ইয়ো অৰিহণা যোগাইছে।
ঠিকাদাৰবোৰে স্থানীয় বজাৰ বহা মঙলবাৰে আৰু বৃহস্পতিবাৰে হাজিৰা দিয়ে। মইনুদ্দিনৰ ঠিকাদাৰ ৰাধাকৃষ্ণ মণ্ডলে (একেবাৰে সোঁফালে) মেঘালয়ৰ পৰা বাঁহ কিনে আৰু মইনুদ্দিন আৰু আন লোকসকলৰ হতুৱাই সেয়া ফলায়।
প্ৰায় চাৰিবছৰমান ধৰি মণ্ডলে অতিকমেও প্ৰত্যেক মাহতে দুই ট্ৰাকমানকৈ ফলাবাঁহ পশ্চিমবংগ আৰু বিহাৰলৈ পঠিয়ায়। এতিয়া তেওঁ দুমাহতহে এক ট্ৰাক যোগান ধৰে।
ধুবুৰীৰ চাৰিটা ফেৰীঘাটে ৩৫০ টাৰো অধিক চৰ সংযোগ কৰে। চাৰিওটা ঘাটতে বাঁহ ফলাটো এক স্বাভাবিকতে দেখা পোৱা কাম আৰু জীৱিকা। অতিকমেও সাতজনমান ঠিকাদাৰে প্ৰত্যেকটো ঘাটতে সেই ব্যৱসায় চলায়।বেপাৰ মন্দা হলেও মইনুদ্দিনৰ হাতত আন কোনো উপায় নাই। অইন সকলো দিনহাজিৰাৰ কাম যেনে বোজাই কৰা, স্থানান্তৰ কৰা, ৰিক্সা টনা, গেৰেজৰ সহায়কৰ কাম আদি সকলোতে ৩৫০ টা চৰৰ শ্ৰমিকে আহি ভিৰ কৰিছেহি।
অনুবাদকঃ ৰশ্মি ৰেখা দাস