হাজাৰ হাজাৰৰ জাকত তেওঁলোক পাৰ হৈ গৈছিল। প্ৰতিদিনে কোনোবাই খোজকাঢ়ি, চাইকেলেৰে, ট্ৰাকেৰে, বাছেৰে- যিয়ে যেনেকৈ পাৰিছিল, যি যান-বাহন পাইছিল, তেনেকৈ বাট বুলিছিল। অৱসাদগ্ৰস্ত, ক্লান্ত, ঘৰলৈ পাবলৈ মৰোঁ-জীওঁ চেষ্টা। ভিন্ন বয়সৰ পুৰুষ আৰু মহিলা, লগতে আছিল বহুতো শিশু।
অগণন গৃহাভিমুখী শ্ৰমিক আহিছিল হায়দৰাবাদ বা তাতোকৈ দূৰৰ পৰা, মুম্বাই আৰু গুজৰাটৰ পৰা, বিদৰ্ভ আৰু পশ্চিম মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানৰ পৰা। তেওঁলোকৰ গন্তব্যস্থান আছিল উত্তৰ ভাৰত বা পূৱ ভাৰতৰ বিহাৰ, চত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ।
তলাবন্ধৰ ফলত যেতিয়া জীৱন বিঘ্নিত হৈছিল, তেওঁলোকৰ জীৱিকা সম্পূৰ্ণ স্থবিৰ হৈ পৰিছিল, সমগ্ৰ দেশৰ কোটি কোটি লোকৰ একে ইচ্ছা- একে আশা জাগিছিল- নিজৰ গাঁৱলৈ তেওঁলোক ঘূৰি যাব, নিজৰ পৰিয়াল আৰু প্ৰিয়জনৰ কাষত উপস্থিত হ’ব। যদিও প্ৰচণ্ড কষ্টকৰ আছিল সেই যাত্ৰা- তথাপিও সেয়া বহুত ভাল আছিল।
দেশৰ ভৌগলিক কেন্দ্ৰ নাগপুৰৰ মাজেৰে তেওঁলোকৰ বহুতেই পাৰ হৈ গৈছিল, স্বাভাৱিক সময়ত এই নাগপুৰ দেশৰ অতি গুৰুত্বপূৰ্ণ ৰেল জংচন। মানুহৰ এই অবিৰত সোঁত সপ্তাহৰ পিছত সপ্তাহ ধৰি বৈছিল। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বাছ আৰু ৰেলেৰে কিছুমান প্ৰব্ৰজনকাৰী শ্ৰমিক যোৱাৰ ব্যৱস্থা নকৰালৈকে মে’ মাহ পৰ্যন্ত এই যাত্ৰা অতিশয় দুৰ্বিসহ হৈ পৰিছিল। হাজাৰ হাজাৰ লোকে যেতিয়া বাছ-ৰেলত যাবলৈ আসন পোৱা নাছিল, তেতিয়া যেনেকৈ সম্ভৱ তেনেকৈ গৃহাভিমুখী যাত্ৰা অব্যাহত ৰাখিছিল।
তেওঁলোকৰ মাজত আছিলঃ সূৰ্যৰ প্ৰখৰ উত্তাপে যেতিয়া ৪০ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছিল, এখন ভাড়ালৈ লোৱা মটৰ চাইকেলেৰে ৪৪ দিনীয়া পানীকেঁচুৱা কন্যা সন্তানক লৈ এহাল ডেকা দম্পত্তীয়ে হায়দৰাবাদৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰিছিল।
চত্তীশগড়ৰ ধামতাৰী জিলাৰ বিভিন্ন গাঁৱত ৩৪ গৰাকী ডেকা মহিলাই আহমেদাবাদৰ পৰা ঘৰলৈ যোৱাৰ চেষ্টা কৰিছে। আহমেদাবাদত তেওঁলোকে দক্ষতা বিকাশ আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
পাঁচজন ডেকাল’ৰাই নতুনকৈ ক্ৰয় কৰা চাইকেলেৰে উৰিষ্যাৰ ৰায়গড় জিলালৈ যাত্ৰা কৰিছে।
নাগপুৰ চহৰৰ ৰিং ৰোডত শ শ প্ৰব্ৰজনকাৰী ৬ নং আৰু ৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিদিনে উপস্থিত হৈছিল। বিভিন্ন স্থানত তেওঁলোকক খাবলৈ দিয়া হৈছিল আৰু জিলা প্ৰশাসন তথা কেইবাটাও বেচৰকাৰী সংস্থা আৰু নাগৰিক গোটে ট’ল প্লাজাৰ কাষত থকাৰ ব্যৱস্থা কৰি দিছিল। দেই পুৰি যোৱা গ্ৰীষ্মৰ উত্তাপত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে জিৰণি লৈছিল আৰু সন্ধিয়া যাত্ৰা আৰম্ভ কৰিছিল। বিভিন্ন ৰাজ্যৰ সীমান্ত হৈ অহাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে শেহতীয়াভাৱে প্ৰতিদিনে বাছৰ ব্যৱস্থা কৰি দিছিল। সেয়ে প্ৰব্ৰজনকাৰীৰ ভিৰ অলপ পাতল হৈছিল- তেওঁলোকে সকলোৱে বিচৰা ঘৰত নিৰাপদে উপস্থিত হোৱাৰ চেষ্টা কৰিছিল।
অনুবাদঃ পংকজ দাস