ফুলবোৰ আঙুলিৰ নখটোতকৈ সৰু, প্ৰতিটো পাহেই ইষৎ শেতা, বগা আৰু ধুনীয়া। পথাৰখনত ফুলবোৰ পাহ মেলি আছে, সুবাসত গোটেইখন মলমলাই আছে। খৰিকাজাঁই ফুলৰ এইবিধ প্ৰজাতি, খৰিকাজাঁই প্ৰকৃতিৰ এক উপহাৰ। ধূলিময় ধৰা, মজবুত গছ আৰু মেঘভৰা আকাশৰ তলৰ এক উপহাৰ।

কিন্তু ইয়াত কাম কৰা সকলৰ বাবে ৰমন্যাসিকতাৰ অৱকাশো নাই, ইচ্ছাও নাই। তেওঁলোকে মল্লিবোৰ (খৰিকাজাঁই ফুল) পাহি মেলাৰ আগতেই পূকৰই (ফুলৰ বজাৰ)লৈ নিব লাগে। বিনায়ক চতুৰ্থী, গণেশ দেৱতাৰ জন্মোৎসৱৰ সময়ত ফুলৰ ভাল দৰৰ আশা কৰিব পাৰি।

তৰ্জনী আঙুলি আৰু বুঢ়া আঙুলিৰে পুৰুষ-মহিলাই ক্ষীপ্ৰতাৰে কলিবোৰ চিঙে। এমুঠিমান ফুল গোট খালে তেওঁলোকে শাড়ী আচলত নাইবা ধুতিৰ কাপোৰত সেইখিনি টোপোলা কৰে আৰু পিছলৈ বস্তা এটাত সেয়া থয়। এই কাম বৰ নিখুঁতভাবে কৰিব লাগে। ঠেঙুলিটো হাতেৰে আলফুলকৈ তুলি ধৰক, কলিকেইটা চিঙক আৰু দ্বিতীয়ডাল গছলৈ যাওক, গছবোৰ তিনিবছৰীয়া শিশু এটাৰ সমান ওখ। তাৰ পৰা আকৌ ফুল চিঙক আৰু কথা পাতক। সুৰ্য্যটো উঠি আহিব, তাৰ লগে লগে জনপ্ৰিয় তামিল গান শুনক…

সোনকালেই ফুলবোৰ মাদুৰাই চহৰৰ মাট্টুতৱানী বজাৰ পাব আৰু তাৰপৰা তামিলনাডুৰ আন চহৰবোৰলৈ নিয়া হ’ব। কেতিয়াবা বিশাল সাগৰ পাৰ হৈ আন দেশলৈও যায়।

পাৰিয়ে ২০২১, ২০২২ আৰু ২০২৩ত মাদুৰাই জিলাৰ তিৰুমংগলম আৰু উচিলমপট্টি তালুক সাক্ষাৎ কৰিছিল। খৰিকাজাঁইৰ পথাৰবোৰৰ পৰা মাদুৰাই চহৰলৈ এঘণ্টাৰো কম বাট, তাতেই আছে প্ৰাচীন মীনাক্ষী অম্মা মন্দিৰ আৰু ব্যস্ত ফুলৰ বজাৰ - তাতেই মল্লিবোৰ বিক্ৰী হয়।

PHOTO • M. Palani Kumar

মেলোপ্পিলিংগুৰুৰ পথাৰত গণপতি থিয় দি আছে, সেইটো মাদুৰাইৰ তিৰুমংগলম তালুকৰ এখন ক্ষুদ্ৰ গাওঁ। খৰিকাজাঁই ফুলাৰ এইটো ভৰপক সময় আৰু প্ৰতিদিনে এক কিলোগ্ৰাম পৰ্য্যন্ত ফুল চিঙা হয়

PHOTO • M. Palani Kumar

এমুঠি সুগন্ধি খৰিকাজাঁই

তিৰুমংগলম তালুকৰ মেলোপ্পিলিংগুৰু চুবুৰীৰ পি. গণপতি (৫১)য়ে মাদুৰাইৰ এই ঠাইখনৰ নামটোৰ সৈতে ফুলবিধৰ নাম কেনেকৈ সাঙুৰ খাই থাকিল, সেয়া বুজাই কয়। “সুগন্ধি মল্লিৰ কাৰণে এই অঞ্চলটো জনাজাত। আপুনি আধা কিলোগ্ৰাম খৰিকাজাঁই যদি ঘৰত ৰাখে, তাৰ সুবাস এসপ্তাহলৈকে থাকিব!”

এটাও দাগ নথকা বগা চোলা এটা, পকেটত কেইখনমান নোট আৰু নীলা লুঙি এখন পৰিহীত গণপতিয়ে মিচিকিয়াই হাঁহি মাদুৰাইৰ ঠাঁচৰ তামিল ভাষাত কয়। “এবছৰ নোহোৱালৈকে ফুলৰ পুলিকেইটা কেঁচুৱাৰ দৰে,” তেওঁ বুজাই কয়, “আৰু আপুনি বৰ সাৱধানে তাৰ যতন ল’ব লাগিব।” তেওঁৰ আঢ়ৈ একৰ মাটি আছে, তাৰে এক একৰত তেওঁ খৰিকাজাঁইৰ খেতি কৰে।

প্ৰায় ছমাহমানৰ পৰা গছবোৰত ফুল লাগে, কিন্তু সমানে নালাগে। ই খৰিকাজাঁইৰ এক কিলোগ্ৰামৰ দামৰ দৰে - কেতিয়াবা বেছি, কেতিয়াবা কম। কেতিয়াবা গণপতিয়ে এক একৰ খেতিৰ পৰা এক কিলোগ্ৰামো নাপায়। কেইসপ্তাহমান পিছত সেয়া আকৌ ৫০ কিলো পৰ্য্যন্ত হ’ব পাৰে। “বিয়া-সবাহ আৰু উৎসৱৰ সময়ত ভাল দাম পোৱা যায়; এহেজাৰ, দুহেজাৰ, তিনি হাজাৰ পৰ্য্যন্ত…এক কিলোগ্ৰাম খৰিকাজাঁইৰ দাম উঠে। কিন্তু যেতিয়া পথাৰবোৰ ফুলেৰে ভৰি পৰে, ভাল ঋতুতো দাম বৰ কম হৈ পৰে।” খেতিৰ কোনো ভৰসা নাই। নিশ্চিত বুলি ক’বলৈ কেৱল খেতিত হোৱা ব্যয়খিনি।

আৰু এটা কথা নিশ্চিত, সেয়া হৈছে শ্ৰম। কোনো কোনো ৰাতিপুৱা তেওঁ বীতুকৰম্মা, গণপতিয়ে তেওঁৰ পত্নী পিচইয়ম্মাক এই নামেৰেই মাতে, তেওঁ সৈতে আঠ কিলোগ্ৰাম পৰ্য্যন্ত ফুল চিঙে। “আমাৰ পিঠি বিষায়,” তেওঁ কয়, “বৰকৈ বিষায়।” তাতোকৈ বেছি তেওঁ দুখ পায় বৰ্দ্ধিত দামক লৈ। সাৰ আৰু কীটনাশকৰ দাম, শ্ৰমিকক দিয়া পইচা আৰু ইন্ধনক লৈ। “ভাল মুনাফা পাম কেনেকৈ?” সেয়া আছিল ২০২১ৰ ছেপ্টেম্বৰৰ কথা।

প্ৰতিদিনে ব্যৱহৃত, প্ৰতিটো ৰাস্তাই-ঘাটে পোৱা এই ফুলবিধ তামিল সংস্কৃতিৰ প্ৰতীক-সদৃশ। মল্লি বোলা এই ফুলৰ নামেৰে এখন চহৰ আছে, এক ধৰণৰ ইডলি আছে, চাউলৰ প্ৰজাতি এবিধও ইয়াৰ নামত আছে। এই খৰিকাজাঁইৰ সুবাস মন্দিৰ, বিয়া-বজাৰ সকলোতে পাব। ভীৰৰ মাজত, বাছত আৰু শোৱনি কোঠা সকলোতে এই সুবাস বিয়পি আছে…

*****

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

খৰিকাজাঁইৰ পুলিৰে ভৰা গণপতিৰ এখন পথাৰ (সোঁফালে)

PHOTO • M. Palani Kumar

পিচইয়ম্মাই খৰিকাজাঁইৰ পথাৰ এখন শ্ৰমিকৰ সৈতে চাফা কৰিছে

২০২২ আগষ্টত আমি দ্বিতীয়বাৰ সাক্ষাৎ কৰিবলৈ যাওতে গণপতিয়ে এক একৰ মাটিত নতুনকৈ খৰিকাজাঁইৰ পুলি লগাইছিল, সাতমহীয়া ৯ হাজাৰ পুলি। প্ৰতিটো পুলি তেওঁ হাতেৰে জুখি আনিছে, আঙুলি আৰু কিলাকুটি স্পৰ্শ কৰি তেওঁ দেখুৱায়। ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰমৰ টংগচিমদম নাৰ্ছাৰীৰ পৰা ৪ টকা দৰত তেওঁ কিনিছে। তেওঁ প্ৰতিটো পুলি চাই চাই কিনিছে যাতে প্ৰতিটো পুলিৰ পৰা ভাল ফুল পোৱা যায়। মাটি ভালে থাকিলে, উৰ্বৰ, পলসুৱা আৰু ৰঙা – “আপুনি চাৰি ফুটৰ ব্যৱধানতে পুলি লগাব পাৰে। পুলিবোৰ তেতিয়াও ডাঙৰ হ’ব,” গণপতিয়ে হাতেৰে ডাঙৰ বৃত্ত আকৃতি এটা মাটিতে আকি বুজাবলৈ যত্ন কৰে। “কিন্তু ইয়াত আপুনি ইটাৰ কাৰণেহে মাটি ভাল পাব।” আলতীয়া মাটি।

মল্লিৰ খেতি কৰিবলৈ গণপতিয়ে এক একৰ মাটিত ৫০ হাজাৰ পৰ্যন্ত টকা খৰছ কৰে। “ভালকৈ খেতি কৰিবলৈ হ’লে পইচা খৰছ কৰিব লাগিব, জানে।” গ্ৰীষ্মকালত তেওঁৰ খেতিপথাৰখন ফুলেৰ ভৰি থাকে। তেওঁ তামিল ভাষাত কয়: “ পাল্লিচিন্নু পুকুম। ” তেওঁ ১০ কিলোগ্ৰাম ফুল তোলাৰ দিনাৰ কথা বৰ্ণাই কয়, কোনোডালে ১০০ গ্ৰাম ফুল দিছিল, কোনোডালে ২০০ গ্ৰাম – তেওঁ উৎসুক হৈ কথাখিনি কওতে চকুকেইটা ডাঙৰকৈ মেল খাইছে আৰু আকৌ এনেকুৱা ফুল পাব বুলি কৰা আশা স্পষ্ট হৈ পৰিছে। সোনকালেই সেই দিন আহিব।

গণপতিৰ কৰ্মদিনটো কাহিলীপুৱাতে আৰম্ভ হয়। আগতে তাৰো এক বা দুই ঘণ্টা আগেয়ে আৰম্ভ হৈছিল যদিও “শ্ৰমিকবোৰ দেৰিকৈ আহে,” তেওঁ কয়। কলিবোৰ তুলিবলৈ তেওঁ মানুহ আনে। এঘণ্টাৰ কামৰ বাবদ ৫০ টকা দিয়ে, বা এক ডিব্বা কলি তোলাৰ বিনিময়ত ৩৫ৰ পৰা ৫০ টকা দিয়ে। তেনে এক ডিব্বাত এক কিলোমান ফুল থাকে বুলি তেওঁ কয়।

পাৰিয়ে সাক্ষাৎ কৰাৰ পিছৰ ১২ মাহত ফুলৰ দাম বাঢ়িছে। এই দাম নিৰ্ধাৰণ কৰে সুগন্ধিৰ ফেক্টৰিবোৰে। এইবোৰ হৈছে প্ৰচেচিং ইউনিট, খৰিকাজাঁই ফুল উভৈনদী হ’লে যিয়ে বৃহৎ পৰিমাণে ফুল কিনে, প্ৰতিকিলোত ১২০ৰ পৰা ২২০ টকা দিয়ে। প্ৰতি কিলোগ্ৰামত দুশ টকা পালে, গণপতিয়ে কয়, লোকচান নহয়।

চাহিদা বেছি আৰু উৎপাদন কম থাকিলে এক কিলোগ্ৰাম খৰিকাজাঁইৰ কলিৰ পৰা ভালেখিনি টকা পোৱা যায়। উৎসৱৰ দিনত দাম কেতিয়াবা ১,০০০ টকাৰো বেছি হৈ পৰে। কিন্তু ফুলে কেলেণ্ডাৰ মানি নচলে। ফুলে ‘মুহূৰ্তনাল’ মানে শুভ আৰু ‘কৰিনাল’ মানে অশুভ দিন মানি নচলে।

ফুলে প্ৰকৃতিৰ নিয়মেই কেৱল মানে। বৰষুণ আৰু ৰ’দ ভাল পৰিলে, ধৰাতল ফুলেৰে ভৰি পৰে। “যিফালেই ঘূৰি চায়, সিফালেই খৰিকাজাঁই দেখিব। গছবোৰ ফুলি উঠাটো আপুনি ৰখাব নোৱাৰে, পাৰিব জানো?” গণপতিয়ে হাঁহি মাৰি মোলৈ চাই কয়।

PHOTO • M. Palani Kumar

গণপতিয়ে আমাক খুৱাবলৈ বুলি সতেজ মধুৰিয়ামৰ ফল চিঙিছে

বৰষুণৰ ফুল, যি নাম তেওঁ দিছে, সেই ফুলেৰে মাদুৰাইৰ বজাৰবোৰ উপচি পৰে। “টনে টনে খৰিকাজাঁই ভৰি পৰে। পাঁচ টন, ছয় টন, সাত টন, কেতিয়াবা আমি দহ টন পৰ্য্যন্ত পাও!” ইয়াৰে প্ৰায়খিনি সুগন্ধিৰ ফেক্টৰীলৈ যায়, তেওঁ বুজাই কয়।

ফুলৰ মালা আৰু ফুলৰ বটিয়া গঁথাৰ বাবে বিক্ৰী কৰা ফুলৰ দাম ৩০০ টকা পৰ্য্যন্ত উঠে। “কিন্তু ফুলবোৰ বেছিকৈ ফুলিবলৈ লয়, তেতিয়া আমি কাচিৎহে এক কিলো ফুল তোলো আৰু যোগান কমিলে ফুলৰ দাম বাঢ়ি যায়। চাহিদা বেছি থাকিলে যদি মই ১০ কিলোগ্ৰামত ১৫ হাজাৰ টকা এদিনত পাও, সেয়া বহুত ভাল আয় নহয়নে?” তেওঁ দুষ্টালিভৰা হাঁহি এটা মাৰি কয়, “কিয়, তেতিয়া মই চকী পাৰি সুস্বাদু খাদ্যসম্ভাৰ লৈ বহি আপোনাক সাক্ষাৎকাৰ দি থাকিব নোৱাৰিলোঁহেতেন নে!”

সঁচা কথাটো হৈছে তেওঁ তেনেকুৱা কৰিব নোৱাৰে। তেওঁৰ পত্নীয়েও নোৱাৰে। বহুত কাম কৰিবলগীয়া থাকে। ইয়াৰে প্ৰায়খিনি কাম হৈছে মাটিখিনিত সুগন্ধি শস্য নদন-বদন হ’বলৈ তাত দেহে-কেহে খাটি সাজু কৰি তোলা। গণপতিয়ে তেওঁৰ বাকী ১.৫ একৰ মাটিত মধুৰিয়ামৰ খেতি কৰে। “আজি ৰাতিপুৱা মই ৫০ কিলোগ্ৰাম মধুৰিয়াম বজাৰলৈ নিছো। প্ৰতি কিলোগ্ৰামত ২০ টকা দৰত বিক্ৰী কৰিবলগীয়া হৈছে। তেলৰ নামত হোৱা খৰছৰ পিছত মোৰ হাতত প্ৰায় ৮০০ টকা বাচিছে। মধুৰিয়ামৰ খেতি যেতিয়া ইয়াত বেছি হোৱা নাছিল, তেতিয়া ক্ৰেতাই আমাৰ ঘৰৈল আহি বাগিচাৰ পৰা নিজে তুলি ২৫ টকা দৰত কিনি নিছিল। সেই দিন আৰু নাই...”

গণপতিয়ে পুলিৰ কাৰণে আৰু পথাৰখন সাজু কৰি তোলাৰ নামত প্ৰায় ১ লাখ টকা খৰছ কৰে। এইখিনি টকা খৰছ কৰি তেওঁ লগোৱা পুলিবোৰে তেওঁক অতিকমেও ১০ বছৰৰ বাবে ফুল দিয়ে। প্ৰতি বছৰে মল্লিৰ চিজন আঠ মাহ পৰ্য্যন্ত থাকে, সাধাৰণতে মাৰ্চৰ পৰা নৱেম্বৰলৈ। কেতিয়াবা ভাল দিন থাকে, তাতোকৈ ভাল দিনো আহে, কিন্তু কেতিয়াবা আকৌ ফুল নুফুলা দিনো আহে, তেওঁ কয়। ফুল ফুলাৰ বতৰত তেওঁ মাহে গঢ়ে ৩০ হাজাৰ টকা মুনাফা লাভ কৰে।

এইখিনি লাভৰ কথা ভাবিলে তেওঁৰ পৰিয়ালটো প্ৰাচুৰ্য্য থকা যেনেই লাগিব। কিন্তু প্ৰায়ভাগ খেতিয়ক পৰিয়ালৰ যেনেকৈ পৰিয়ালৰ সদস্যৰ পাৰিশ্ৰমিকৰ কথা ধৰা নাযায়, তেনেকৈ তেওঁৰ পৰিয়ালৰো খেতিত লগা সময়খিনিৰ হিচাপ ধৰা নাযায়। কিন্তু সেইবোৰ খৰছৰ কথা যদি বিবেচনা কৰা হয়, তেতিয়া? তেওঁ সেইখিনিৰ হিচাপ দি কয়, “মোৰ যদি দিনে ৫০০ টকা হাজিৰা ধৰে আৰু মোৰ পত্নীৰ যদি দিনে ৩০০ টকা ধৰে।” সেইখিনি ধৰিলে তেওঁৰ ৩০ হাজাৰ টকাৰ মুনাফাখিনিৰ বিয়োগ হৈ কেৱল ৬,০০০ টকা ৰয়।

কিন্তু এইখিনিৰ বাবেও আপুনি ‘সৌভাগ্যৱান’ হ’ব লাগিব, তেওঁ যুক্তি দাঙি ধৰে। তেওঁৰ মটৰটো ৰখা চালিখনৰ তললৈ গৈ কথা পাতি জানিলো যে সৌভাগ্যৰ লগতে আকৌ কিছুমান ৰাসায়নিকো লাগিব।

*****

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

গণপতিৰ পামৰ মটৰৰ চালিখন। তলখন কীটনাশকৰ ব্যৱহৃত বটল আৰু কেনেৰে ভৰ্তি হৈ আছে

মটৰৰ চালিখন এটা সৰু কোঠা য’ত গণপতিৰ কুকুৰটো আবেলিৰ ভাগত শোৱে। চুকত কুকুৰাৰ জাক এটাও আছে – আমি গৈ প্ৰথমতে কণি এটাই দেখিলো। সেইটো গণপতিয়ে ফুৰ্তি মনেৰে হাতত তুলি লয়। মজিয়াখন কীটনাশকৰ ব্যৱহৃত বটল আৰু কেনেৰে ভৰি আছে। কোঠাটো ব্যৱহৃত কীটনাশকৰ শ্বোৰুম যেনহে লাগিছে। গছবোৰত ফুল ধৰিবলৈ আটাইবোৰ আৱশ্যকীয়, গণপতিয়ে ধৈৰ্য্যসহকাৰে কয়। “পলিচু” - মজবুত ডাল এটাৰ সৈতে খৰিকাজাঁইৰ বগা কলি এটা।

“ইংৰাজীত ইয়াক কি কয়?” গণপতিয়ে কেইটামান কেন হাতত তুলি লৈ সোধে। মই এটা এটাকৈ নামবোৰ পঢ়িলো। “এইটোৱে ক্ষুদ্ৰ পৰজীৱিবোৰ মাৰে, সেইটো পোক-পৰুৱাৰ কাৰণে। আৰু এইটোৱে আটাইবোৰ কীট মাৰে। খৰিকাজাঁইৰ গছবোৰক কিমানযে পোকে আক্ৰমণ নকৰে,” তেওঁ আপত্তিৰ সুৰ এটাৰে কয়।

গণপতিৰ নিজৰ ল’ৰাটোৱে তেওঁৰ পৰামৰ্শদাতা। “তেওঁ ‘মৰুন্ধুকৰই’ত কাম কৰে, কীটনাশক বিক্ৰী কৰা দোকান,” তেওঁ বুজাই কয়। কৈ থকাৰ মাজতে তেওঁ খৰিকাজাঁই ফুলৰ দৰেই শুভ্ৰ তপত ৰ’দজাকত বাহিৰলৈ ওলাই আহে। কুকুৰৰ সৰু পোৱালী এটা ভিজা মাটিত বাগৰিছে, তাৰ বগা নোমবোৰ লাহে লাহে ৰঙচুৱা হ’বলৈ ধৰিছে। মুগা বৰণৰ কুকুৰ এটা চালিখনৰ তলতে আছে। “সিহঁতক কি বুলি মাতে,” মই তেওঁক সুধিলো। “মই কাৰুপ্পু বুলি মাতো, সিহঁতে দৌৰি আহে,” তেওঁ মিচিক কৰে হাঁহি এটা মাৰি কয়। কাৰুপ্পু মানে তামিল ভাষাত ক’লা। কুকুৰকেইটা কিন্তু ক’লা নহয়, মই ক’লো।

“অৱশ্যে একো বুলি নামাতিলেও সিহঁত আহেই,” গণপতিয়ে হাঁহি মাৰি কথাটো কৈ আন এখন ডাঙৰ চালিৰ তললৈ যায়। তাত নাৰিকল দ’ম কৰি থোৱা আছে। পাচিত বেছিকৈ পকা মধুৰিয়ামবোৰ আছে। “গৰুটোৱে সেইখিনি খাব। গাইজনী সেই পথাৰখনত চৰি আছে,” কাষে কাষে কেইটামান দেশীয় কুকুৰা লৰা-ঢপৰা কৰি আছে।

তাৰপিছত তেওঁ মোক সাৰবোৰ দেখুৱালে। বগা ডাঙৰ বাল্টি এটাত আছে ‘চইল কণ্ডিচনাৰ’ – দাম ৮০০ টকা। তাৰ লগতে আছে ছালফাৰৰ দানা আৰু কিছুমান জৈৱ সাৰ। “মই কাৰ্তিগাই মাশাম (১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ)ত ভাল ফচল আশা কৰিছো। তেতিয়া দৰ ভাল থাকিব, বিয়াৰ বতৰ যিহেতু।” বাহিৰৰ চালিখনৰ খুঁটা এটাত আউজি তেওঁ হাঁহি মাৰি ভাল খেতিৰ ৰহস্য ভেদ কৰি কয়, “আপুনি গছপুলিবোৰক সন্মান দিব লাগিব। সন্মান দিলেহে গছবোৰে আপোনাক সন্মান দিব।”

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

গণপতিৰ সংগী কুকুৰ দুটা – তেওঁৰ ঘৰৰ চোতালত, দুয়োটাকে তেওঁ কৰুপ্পু (ক’লা) বুলি মাতে। সোঁফালে: দানা খাই থকা কুকুৰা এটা

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: সাৰৰ কেন এটা। সোঁফালে: খৰিকাজাঁইৰ গছ এডালৰ কোনখিনি ঠাইত পোকে আক্ৰমণ কৰে, গণপতিয়ে দেখুৱাইছে

গণপতি সাধুকথাৰ দৰে কথাবোৰ ক’ব পাৰে। তেওঁৰ বাবে পথাৰখন নাট্যমঞ্চৰ দৰে, তাত প্ৰতিদিনে কিবা নহয় কিবা নাটক চলিয়ে থাকে। “কালি ৰাতি ৯:৪৫ মিনিটত চাৰিটা গাহৰি সেইফালৰ পৰা আহিছিল। কৰু্প্পু ইয়াতে আছিল। গাহৰিকেইটা দেখিলে। মধুৰিয়ামৰ মিঠা গোন্ধে পাই সিহঁত আহিছিল। সি তিনিটাক সেইফালে খেদি নিলে। এটা এইফালে দৌৰিলে,” তেওঁ মন্দিৰটো পাৰ হৈ সিপাৰে থকা ৰাস্তাটো আৰু মুকলি পথাৰৰ পিনে দেখুৱাই কয়। “কি উপায় আছে? আগতে চিকাৰী আছিল – শিয়াল আছিল, আজিকালি একো নাই।”

গাহৰিবোৰ যদি সমস্যা, একেদৰে কীটবোৰো সমস্যা। খৰিকাজাঁই পথাৰত খোজ কাঢ়ি ফুৰি গণপতিয়ে কয় কেনেকৈ নতুনকৈ ফুলা ফুলবোৰক বিভিন্ন কীট-পতংগই আক্ৰমণ কৰেহি। তাৰপিছত কেনেকৈ বৰ্গ আৰু বৃত্ত আকৃতিৰে পুলিবোৰ তেওঁ ৰোৱে সেয়া শূন্যতে আঁকি দেখুৱাই মোলৈ বুলি মুকুতাৰ দৰে কেইটামান ফুল চিঙি আনি সুবাস লৈ কয়, “মাদুৰাইৰ মল্লীৰ সুবাস আটাইতকৈ শ্ৰেষ্ঠ।”

মই সহমত প্ৰকাশ কৰোঁ। সীৰাই সীৰাই উপচি যোৱা তীব্ৰ সুবাস। তেওঁৰ পথাৰৰ কুঁৱাটোৰ পাৰে পাৰে, ৰঙচুৱা মাটিত আমাৰ ভৰিবোৰে শিল-বোকা গছকি আগবাঢ়িছে, গণপতিয়ে খেতিৰ বিষয়ে ভালকৈ কৈছে, তেওঁৰ পত্নীৰ কথাও সন্মান সহকাৰে কৈছে। এইখিনি সময় সঁচাকৈয়ে গৌৰৱান্বিত হোৱাৰ সময়। “আমি ডাঙৰ মহাজন নহয়, আমি চিন্ন চমচাৰি (কম মাটি থকা খেতিয়ক)। বহি বহি আদেশ দি আমি চলিব নোৱাৰো। মোৰ পত্নীয়ে বনুৱাৰ সৈতে কাম কৰে, তেনেকৈয়ে আমি চলো, বুজিছে।”

*****

দুহাজাৰ বছৰ আগতে এই মাটিত খৰিকাজাঁই আহি উপস্থিত হৈছিল। কাহিনীটো অসাধাৰণ। তেনেকৈয়ে এটা সময়ত এই খৰিকাজাঁইৰ সুবাস আৰু ৰূপ তামিল সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ পৰিছিল, ঠিক মালা এডাল গঁথাৰ দৰেই। সংগম সাহিত্যত আন ফুলৰ উপৰিও মুল্লই, খৰিকাজাঁইৰ প্ৰাচীন নামৰ উল্লেখ ১০০ বাৰৰো অধিক আছে। হাৱাইৰ এগৰাকী তামিল সংগম সাহিত্যৰ পণ্ডিত আৰু অনুবাদক বৈদেহী হাৰ্বাটে কয়। বৈদেহীয়ে খ্ৰীষ্টপূৰ্ব ৩০০ৰ পৰা ২৫০ খ্ৰীষ্টাব্দত ৰচিত সংগম যুগৰ ১৮ খনৰ কেউখন গ্ৰন্থ ইংৰাজীলৈ অনুবাদ কৰিছে আৰু বিনামূল্যে সেয়া অনলাইনত পাবপৰাকৈ উপলব্ধ কৰিছে।

মুল্লই শব্দটোৱেই মল্লিগাই শব্দটোৰ মূল, যিটোৰ পৰা বৰ্তমানৰ মল্লি শব্দটো আহিছে। সংগম সাহিত্যত মুল্লইক পাঁচটা ভূ-ভাগ (অকম তিনইচ)ত বৰ্ণনা কৰা হৈছে। ই অৰণ্য আৰু তাৰ সৈতে জৰিত মাটিৰ ইংগিত দিয়ে। শেষৰ চাৰিটা নামো ফুল বা গছৰ নামৰ ওপৰত আধাৰিত। সেইকেইটা হৈছে কুৰিঞ্জি (পাহাৰ), মৰুতম (খেতিপথাৰ), নেতল (সমুদ্ৰতীৰ) আৰু পলই (চন পৰা নিৰ্জন ঠাই)।

PHOTO • M. Palani Kumar

মাদুৰাই জিলাৰ উচিলমপট্টি তালুকৰ ক্ষুদ্ৰ গাওঁ নাডুমুডলইকুলমৰ পাণ্ডীৰ খেতি পথাৰত খৰিকাজাঁই ফুলৰ কলি আৰু ফুল

নিজৰ ব্লগত বৈদেহীয়ে উল্লেখ কৰিছে যে সংগম লিখকে “কবিতাত প্ৰভাৱ পেলোৱাৰ বাবে অকম তিনইচৰ ব্যৱহাৰ কৰিছিল।” তেওঁ কয়, “এই ৰূপক আৰু উপমা কোনো বিশেষ এটি দৃশ্য সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। বনস্পতি, পশু-পক্ষী আৰু আন কোনো বিশেষ দৃশ্যৰ প্ৰয়োগ কবিতাত বৰ্ণিত কোনো চৰিত্ৰৰ ভৌতিক বৈশিষ্ট আৰু আবেগৰ অভিব্যক্তিৰ বাবে কৰা হয়।” মুল্লই পৰিদৃশ্যৰ এই সাহিত্যৰ মূল বক্তব্য হৈছে “ধৈৰ্য্যসহকাৰে কৰা অপেক্ষা”। অৰ্থাৎ নায়িকাই উভতি আহিবলৈ লোৱা প্ৰেমিকলৈ অপেক্ষা কৰিছে।

প্ৰায় ২০০০ বছৰ পুৰণি এই এনকুৰনুৰু কবিতাত মূলতঃ পুৰুষে নিজৰ প্ৰেয়সীৰ সৌন্দৰ্য্যৰ প্ৰতি আসক্ত দেখা গৈছে:

ময়ূৰপংখীয়ে যেন তোমাৰ ভংগীমাৰে দৰে নাচিছে
খৰিকাজাঁই ফুলবোৰ তোমাৰ কপালৰ দৰে গোন্ধাইছে
এনেকৈ চাইছা যেন তোমাৰ নহয়, বিচলিত হৰিণাৰ দুচকুহে
বেগাই বুলিছো বাট ঘৰলৈ চেনেহী তোমাৰ কথা ভাবি
চেনেহীজনীৰ আকৌ যেন বাৰিষাৰ মেঘৰ গতি

সংগমযুগৰ কবিতাৰ অনুবাদক আৰু OldTamilPoetry.com চলোৱা চেণ্টিল নাথনে মোক আন এটা কবিতাৰ কথা কয় যিটো সংগম কবিতাত বৰ্ণিত। এইটো এটা দীঘল কবিতা, চেণ্টিলে কয়, কিন্তু কবিতাটোৰ চাৰিটা পংক্তি সুন্দৰ আৰু অৰ্থপূৰ্ণ।

...পৰি, যাৰ খ্যাতি দূৰ-দিগন্তলৈ আছে বিয়পি
তেওঁ নিজৰ ঝুনুকা লগোৱা ৰাজসিক ৰথখন এৰিছিল,
তেওঁক খৰিকাজাঁই ফুলবোৰে অনুপ্ৰেৰণা যোগাইছিল
কাৰো সহায় অবিহনে ওখ হোৱা, ফুলি উঠে সেই ফুল
কিন্তু তেওঁৰ প্ৰশংসা কৰিব পৰাটো অসম্ভৱ...

পুৰনানুৰু ২০০, পংক্তি ৯-১২

তামিলনাডুৰ প্ৰচুৰ পৰিমাণে উৎপাদন কৰা খৰিকাজাঁই ফুলবিধৰ বৈজ্ঞানিক নাম জেচমিনম চেম্বেক ( Jasminum sambac )। তামিলনাডু ঠাঁৰি থকা ফুলতকৈ ঠাঁৰি নথকা ফুল উৎপাদনত দেশৰ ভিতৰতে অগ্ৰণী। ভাৰতত উপজাত ২৪০,০০০ টন খৰিকাজাঁই ফুলৰ বজাৰখনত কেৱল তামিলনাডুৰ অৰিহণা ১৮০,০০০ টন। এই ফালৰ পৰা খৰিকাজাঁই ফুল উৎপাদনৰ ক্ষেত্ৰত তামিলনাডু দেশখনৰ ভিতৰতেই নিৰ্বিবাদে শীৰ্ষস্থানত আছে।

জি.আই. (ভৌগোলিক সূচকাংক) থকা মাদুৰাই মল্লীৰ কেতবোৰ সুকীয়া বৈশিষ্ট আছে। ইয়াৰ তীব্ৰ সুবাস, ডাঠ পাহ, দীঘল ঠাৰি আৰু দেৰিলৈ সতেজ হৈ থকা গুণ। এই ফুলবিধ ফুলোতে আপেক্ষিকভাবে বেছি সময় লাগে আৰু ইয়াৰ ৰং বহুদেৰিলৈ থাকে।

PHOTO • M. Palani Kumar

খৰিকাজাঁই ফুলত পৰা পখিলা

খৰিকাজাঁই ফুলৰ আন প্ৰজাতিবোৰৰো বৰ মনোগ্ৰাহী নাম আছে। মাদুৰাই মাল্লিৰ উপৰিও গুন্দু মল্লী, নম্ম উৰু মল্লী, অম্বু মল্লী, ৰামবনম, মধনবনম, ইৰুৱচ্চী, ইৰুৱচ্চিপ্পু, কস্তুৰী মল্লী, উচী মল্লী আৰু সিংগল মৌগৰাৰ দৰে বিভিন্ন প্ৰজাতি আছে।

অৱশ্যে মাদুৰাই মল্লী কেৱল মাদুৰাইতে উৎপাদিত নহয়, আশে-পাশে থকা বিৰুদুনগৰ, তেনী, দিণ্ডিগুল আৰু শিৱগংগই জিলাতো এই ফুল উৎপাদন কৰা হয়। তামিলনাডুৰ কৃষিযোগ্য ভূমিৰ প্ৰায় ২.৮ শতাংশত ফুলৰ খেতি কৰা হয়, তাৰে আকৌ ৪০ শতাংশ মাটিত কেৱল চামেলিৰ খেতি হয়। ৰাজ্যখনত প্ৰতি ছখন চামেলিৰ খেতিপথাৰৰ ষষ্ঠখন মাদুৰাইতে আছে। ক্ষেত্ৰফলৰ পৰা চাবলৈ গ’লে ইয়াৰ অনুপাত ৰাজ্যখনৰ মুঠ চামেলিৰ খেতিমাটি ১৩,৭১৯ হেক্টৰৰ ১,৬৬৬ হেক্টৰ মাদুৰাইত আছে।

কাগজত এই অংক লোভলগা। কিন্তু মূল্যৰ অনিশ্চিত উঠা-নমাৰ কাৰণে কৃষকৰ আৰ্থিক স্থিতি ইমান মজবুত নহয়। বজাৰ ইমান অনিশ্চিত যে সুগন্ধি বনোৱা কাৰণে নীলকোট্টাই বজাৰত ইয়াৰ দৰ প্ৰতিকিলোত ১২০ টকাৰ পৰা আৰম্ভ হৈ মাট্টুতৱানী ফ্লাৱাৰ মাৰ্কেটত ৩,০০০ৰ পৰা ৪,০০০ টকা পৰ্য্যন্ত (২০২১ৰ ছেপ্টেম্বৰ আৰু ২০২২ৰ ডিচেম্বৰ) হ’ব পাৰে। অৱশ্যে এই দুয়োটা দৰেই অস্বাভাৱিক আৰু অস্থায়ী।

*****

ফুলৰ খেতি লটাৰি খেলৰ দৰে। সকলো সময়ৰ ওপৰত নিৰ্ভৰ কৰে। “আপোনাৰ পুলিবোৰ যদি উৎসৱৰ সময়ত ফুলিছে, তেতিয়া আপুনি নিশ্চয়কৈ লাভৰ মুখ দেখিব। নহ’লে আপুনি নিজৰ ল’ৰা-ছোৱালীক এই ব্যৱসায়ত আহিবলৈ দিবলৈ গভীৰভাৱে চিন্তা কৰিব লাগিব। নহয়নে? তেওঁ কেৱল মাক-দেউতাকৰ কষ্টই দেখিছে?” গণপতিয়ে উত্তৰৰ অপেক্ষা নকৰাকৈয়ে কৈ যায়। “ক্ষুদ্ৰ খেতিয়ক এজনে ডাঙৰ খেতিয়ক এজনৰ সৈতে ফেৰ মাৰিব নোৱাৰে। যদি কোনোবাই নিজৰ খেতিৰ ডাঙৰ অংশ এটাৰ পৰা ৫০ কিলোগ্ৰাম ফুল তুলিব লাগে, তেতিয়া তেওঁ শ্ৰমিকক ১০ টকা অতিৰিক্ত হাজিৰা দি লগত লৈ যায়। তেওঁলোকক অহা-যোৱাৰ সুবিধা কৰি দিয়াৰ উপৰিও খাদ্যও দিয়ে। ইমানখিনি আমি কৰিব পাৰিম জানো?”

আন ক্ষুদ্ৰ খেতিয়কৰ দৰে তেঁৱো ডাঙৰ খেতিয়কৰ ওচৰত শৰণ ল’বলগীয়া হয়। “খৰিকাজাঁই ফুল ফুলাৰ বতৰত মই যিকোনো সময়ত, ৰাতিপুৱা, দুপৰীয়া বা সন্ধিয়া ফুলৰ পাচিবোৰ লৈ বজাৰলৈ যাব লাগে। বেপাৰীৰ সহযোগ অবিহনে আমি ফুল বেচিব নোৱাৰো,” গণপতিয়ে কয়। তেওঁ বিক্ৰী কৰা খৰিকাজাঁইৰ প্ৰতিটো টকাত দহ পইচা বেপাৰীয়ে লভ্যাংশ খায়।

পাঁচ বছৰ আগতে গণপতিয়ে মাদুৰাইৰ এজন ডাঙৰ বেপাৰী ৰামচন্দ্ৰনৰ পৰা কেইলাখমান টকা ধাৰলৈ লৈছিল। ৰামচন্দ্ৰন মাদুৰাইৰ ফ্লাৱাৰ মাৰ্কেট এছচিয়েচনৰ অধ্যক্ষ। নিজৰ ধাৰ মাৰিবলৈ গণপতিয়ে তেওঁৰ ওচৰত ফুল বিক্ৰী কৰে। এনে লেনদেনত লভ্যাংশ ১০ পইচাৰ ঠাইত ১২.৫ পইচা দিবলগীয়া হয়।

ক্ষুদ্ৰ খেতিয়কে কীটনাশক জাতীয় কৃষি সামগ্ৰী কিনিবলৈ হ্ৰস্বকালীন ঋণ লয়। কিন্তু পুলি আৰু কীটনাশকৰ মাজত সংঘৰ্ষ নিৰন্তৰ চলি থাকে। পুলিবোৰ ডাঙৰ হৈ ৰাগি শস্যৰ সমান মজবুত হৈ উঠিলে সেইবোৰ হাতী নাইবা আন কোনো জন্তুৱে গছকি থৈ যোৱাৰ আশংকা থাকে। ৰাগিৰ শস্য বচাবলৈ কৃষকে সামান্য কিছুমান ব্যৱস্থা হাতত লয়। কিন্তু সদায় এই কামত সফল নহয়। তাৰে বহুতো কৃষকে খৰিকাজাঁইৰ খেতি কৰিবলৈ লৈছে। মাদুৰাই আৰু আশে-পাশে থকা এলেকাত ফুলৰ খেতি কৰা কৃষকে কৃমি, ব্লজম মিজেচ (শুং থকা এবিধ সৰু পোক), লীফ ৱেবাৰ আৰু চাহী আদি পোক-পতংগৰ সৈতে যুঁজিবলগীয়া হয়। এইবোৰৰ আক্ৰমণৰ ফলত ফুলবোৰৰ ৰং উৱলি যায় আৰু পুলিবোৰ মৰি যায়। ইয়াৰ লোকচান কৃষকে ভৰিবলগীয়া হয়।

PHOTO • M. Palani Kumar

মাদুৰাইৰ তিৰুমল গাঁৱৰ চিন্নমাই নিজৰ খৰিকাজাঁই ফুলৰ খেতিপথাৰত কাম কৰি আছে। পুলিবোৰ কীট-পতংগই বৰকৈ আক্ৰমণ কৰিছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

সৰু-ডাঙৰ সকলোৱে ফুল চিঙাত সহায় কৰে। সোঁফালে: তিৰুমল গাঁৱৰ খৰিকাজাঁইৰ পথাৰৰ কাষত কাবাদি খেল চলিছে

তিৰুমল গাঁৱত আমাৰ দৃষ্টি নষ্ট হোৱা বহু খেতিপথাৰত পৰিল। গণপতিৰ ঘৰৰ পৰা যিকোনো এখন বাহনত ইয়ালৈ কম সময়তে পাব পাৰি। ইয়াত কেৱল শস্যই নহয়, কৃষকৰ সপোনবোৰো কিহবাই মষিমূৰ কৰি গৈছে। এই মল্লী টোট্টম (খৰিকাজাঁইৰ খেতি) ৫০ বৰ্ষীয় আৰ. চিন্নমা আৰু তেওঁৰ স্বামী ৰামৰৰ। তেওঁলোকৰ দুবছৰীয়া পুৰণি পুলিবোৰত ফুল ফুলিছে। কিন্তু গুণগত মানৰ ফালৰ পৰা এয়া দ্বিতীয় শ্ৰেণীৰ ফুল। “এই ফুলৰ গুণগত মান ভাল নহয়। বহুত কম দাম পাম,” তেওঁ কয়। তেওঁৰ মতে ফুলবোৰৰ বেমাৰ লাগিছে। তেওঁৰ কণ্ঠত হতাশাৰ সুৰ। তেওঁ অবিশ্বাসত মুৰ লৰাই কয়। “এই ফুলবোৰ সম্পূৰ্ণৰূপে ফুলি উঠিব পাৰে আৰু ইয়াৰ আকাৰো ডাঙৰ হ’ব।”

কিন্তু তেওঁলোকৰ খেতিত যে কিমান হাড়ভঙা শ্ৰমৰ প্ৰয়োজন হৈছিল। এই ফুলবোৰ চিঙাত বৃদ্ধ মহিলা, কলেজীয়া ছোৱালী আৰু সৰু ল’ৰা-ছোৱালী সকলোৰে পৰিশ্ৰমৰ প্ৰয়োজন হয়। আমাৰ সৈতে কথা পতাৰ মাজতে চিন্নমাই আলফুলে ডাল এটা উঠাই কলিবোৰ চাই চিঙে আৰু কানদাংগি শৈলীত পিন্ধা শাড়ীখনৰ আঁচলত ৰাখে। তেওঁৰ স্বামী ৰামৰে তেওঁৰ খেতিখনত কেবাবিধো কীটনাশক প্ৰয়োগ কৰিছে। “তেওঁ কাঢ়া দৰৱৰ ব্যৱহাৰ কৰিছে। সেইবোৰ সাধাৰণ দৰৱ নহয়। সেইবোৰৰ এক লিটাৰৰ দাম ৪৫০ টকা আছিল, কিন্তু একো কামত নিদিলে! দোকানীয়ে তেওঁক কৈছিল যে পইচা নষ্ট কৰি একো লাভ নাই।” ৰামৰে তেতিয়া চিন্নমাক কৈছিলো, “পুলিবোৰ উভালি পেলাই দিয়া। আমি ডেৰ লাখ টকা হেৰুৱাইছো।”

সেইটো কাৰণতে তেওঁৰ স্বামী খেতিপথাৰত নিজে উপস্থিত নাছিল। “বয়িতেৰিচল,” চিন্নমাই কয়। এই তামিল শব্দটোৰ অৰ্থ হৈছে পেট জ্বলা, যিটোৱে তিতা অভিজ্ঞতা আৰু ঈৰ্ষাৰ কথা বুজায়। “আনে এক কিলো খৰিকাজাঁইত ৬০০ টকা পাইছে, আমি এক কিলোত ১০০ টকা দৰত বিক্ৰী কৰিব লগা হৈছে।” কিন্তু পুলিবোৰৰ ওপৰত তেওঁলোকৰ খং নাই। তেওঁ বৰ আলফুলে ডালিবোৰ ধৰিছে আৰু ডালটো সিমানখিনিয়েই দাঙিছে, যিমানখিনি দাঙিলে ফুল সহজে চিঙিব পাৰি। “খেতি ভাল হ’লে এডাল ভাল খৰিকাজাঁই গছৰ পৰা ফুলবোৰ চিঙোতে আমাক কেবামিনিটো সময় লাগে! কিন্তু...” তেওঁ কথাখিনি আধৰুৱা কৰি আন এডাল গছৰ পিনে আগবাঢ়ে।

গামোচাখন কান্ধত লৈ চিন্নমাৰ পুলিবোৰত হাত ফুৰাই গণপতিয়ে কয় যে ভাল উৎপাদন কেবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। “মাটিৰ প্ৰকৃতি, পুলিৰ বিকাশ আৰু কৃষকৰ কৌশল আদিৰ ওপৰত ই নিৰ্ভৰশীল। আপুনি এই পুলিবোৰ নিজৰ সন্তানৰ দৰে তুলি-তালি ডাঙৰ কৰিব লাগিব,” তেওঁ কয়। “সন্তানে আপোনাক ক’ব নোৱাৰে যে তাক কি লাগে, হয় নে নহয়? আপুনি বুজিব লাগিব। সেই অনুসৰি তাৰ যত্ন ল’ব লাগিব। পোৱালীয়ে অন্ততঃ কান্দিব পাৰে। কিন্তু পুলিবোৰে সেয়াও কৰিব নোৱাৰে। কিন্তু আপোনাৰ যদি অভিজ্ঞতা আছে, তেন্তে আপুনি বুজি পাব... যে পুলিটোৰ গাত বেমাৰ লাগিছে, মৰহি যাব ধৰিছে বা মৰিব ধৰিছে।

ইয়াৰে বহুত পুলি বিভিন্ন ৰাসায়নিক মিহলাই প্ৰয়োগ কৰিলে ঠিক হৈ যায়। মই সেইবোৰ জৈৱিকভাবে কেনেকৈ উৎপাদন কৰিব পাৰি, সেইবিষয়ে সুধিলো। কিন্তু তেওঁৰ কথাত সৰু খেতিয়কৰ বিবুদ্ধিজনক অৱস্থাটো প্ৰকট হৈ পৰে। “হয়, কৰিব পাৰি। কিন্তু ইয়াত বিপদৰ আশংকা বহুত বেছি। মই জৈৱ-কৃষিৰ প্ৰশিক্ষণো লৈ থৈছো,” গণপতিয়ে কয়। “কিন্তু ইয়াৰ বিনিময়ত ভাল পইচা কোনে দিব?” তেওঁ পোনপটীয়াকৈ প্ৰশ্ন কৰে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: ভাল সুস্থ পুলিয়ে ঘেৰি থকা শুকাই যোৱা খৰিকাজাঁই গছৰ জোপোহা গছ। সোঁফালে: এটা বাল্টিত চিঙি ৰখা ফুলবোৰ। কাষত এটা পাড়ি ৰখা হৈছে যিটোৰে কোনো কিমান ফুল চিঙিছে তাৰ হিচাপ কৰা যায়, সেই হিচাপত পাৰিশ্ৰমিক দিয়া হয়

PHOTO • M. Palani Kumar

খৰিকাজাঁই ফুল চিঙা দল এটা। ইয়াত মালিক-শ্ৰমিক দুয়োপক্ষই আছে। তেওঁলোকে নিজৰ মাজতে কথা পাতে আৰু গান শুনি শুনি খৰকৈ ফুল চিঙে, যাতে সেয়া সোনকালে বজাৰলৈ পঠিয়াব পৰা যায়

“ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়। ইয়াৰ প্ৰয়োগ পদ্ধতিও সহজ। জৈৱ সাৰ তৈয়াৰ কৰা বৰ টান কাম, সেইবোৰ কৰিলে ঠাইবোৰ লেতেৰাও হয়। আপুনি সকলোবোৰ উপাদান টাব এটাত তিঁয়াই ভৰাওক, সেয়া সাৱধানে ছটিয়াওক আৰু যেতিয়া উপজাত ফুলবোৰ বজাৰলৈ লৈ যায়, তেতিয়া আপুনি সেই একেই দাম পাব। দুখ লাগে, কিয়নো জৈৱিকভাবে কৰা খৰিকাজাঁইৰ ফুলবোৰ আকাৰত প্ৰায় দুগুণ আৰু ফুলবোৰৰ উজ্জ্বলতাও বেছি। কিন্তু আপুনি তাৰ দুগুণ দাম নাপায় যিহেতু ইমান পৰিশ্ৰম কৰি সময় নষ্ট কৰাৰ অৰ্থ নাই।”

তেওঁ নিজৰ ঘৰৰ বাবে জৈৱিক শাক-পাচলিৰ খেতি কৰে। “কেৱল নিজৰ বাবে আৰু চুবুৰীয়া গাঁৱত বিয়া দিয়া নিজৰ জীয়ৰীজনীৰ বাবে। মই নিজেই ৰাসায়নিকৰ পৰা মুক্তি পাব বিচাৰো। মানুহে কয় যে ৰাসায়নিকৰ পৰা আমাৰ বহুত ক্ষতি হয়। সহজেই বুজিব পাৰি যে ইমান তীব্ৰ কীটনাশকৰ প্ৰয়োগে আমাৰ দেহৰ ক্ষতি কৰিবই। কিন্তু ইয়াৰ বিকল্প কি আছে?”

*****

গণপতিৰ পত্নী পিচইয়ম্মাৰো কোনো বিকল্প নাই। তেওঁ সপ্তাহৰ গোটেইকেইটা দিন, দিনৰ দিনটো কাম কৰে। তেওঁ চলি থকাৰ ৰহস্য হৈছে তেওঁৰ মুখত সকলো সময়তে লাগি থকা হাঁহিটো। কেতিয়াবাহে চাগে পিচইয়ম্মাৰ হাঁহি আপুনি নেদেখিব। এয়া ২০২২ৰ আগস্তৰ কথা, যেতিয়া পাৰি টিমে তেওঁৰ ঘৰলৈ দ্বিতীয়বাৰলৈ গৈছিল। নিজৰ ঘৰৰ নিমগছৰ শীতল ছাঁয়াত খাটিয়া এখনত বহি লৈ তেওঁ দিনটোৰ কামৰ বৰ্ণনা দিছিল।

আডা পাকা, মাডা পাকা, মল্লীগপু তৌট্টম পাকা, পূৱা পৰিকা, সমইকা, পুলইগলা অন্নুপিবিড়া ... (গৰু-ছাগলী আৰু খৰিকাজাঁইৰ খেতি চোৱা, মল্লী চিঙা, ৰন্ধা-বঢ়া, ল’ৰা-ছোৱালীক স্কুললৈ পঠিওৱা...)” তেওঁৰ তালিকাখন শেষ হৈ নাহে।

হাড়ভঙা এই পৰিশ্ৰম তেওঁলোকে কৰে তেওঁৰ ল’ৰা-ছোৱালীহালৰ কাৰণে। পিচইয়ম্মাই (৪৫) কয়, “সিহঁতহালে পঢ়া-শুনা কৰিছে আৰু ডিগ্ৰী পাছ কৰিছে।” তেওঁ নিজে কেতিয়াও স্কুললৈ নগ’ল, শৈশৱত মাক-দেউতাকৰ লগত খেতিপথাৰত কাম কৰিবলৈ লৈছিল। এতিয়া তেওঁ নিজৰ খেতিৰ চোৱাচিতা কৰে। তেওঁ কাণ আৰু নাকত সাধাৰণ অলংকাৰ পিন্ধিছে আৰু গলত মংগলসূত্ৰ এডাল পিন্ধিছে।

আমি সাক্ষাৎ কৰিবলৈ যোৱাৰ দিনা তেওঁ খেতিপথাৰত বন নিৰাই আছিল। এই কামটো বৰ কষ্টকৰ কাম, গোটেই সময়খিনি হাউলি কাম কৰিবলগীয়া হয়। লাহে লাহে আগবাঢ়িব লাগে আৰু প্ৰখৰ ৰ’দত কাম কৰিবলগীয়া হয়। কিন্তু তেওঁ অতিথিকেইগৰাকীক (আমাক) লৈহে চিন্তা কৰিছিল। “অনুগ্ৰহ কৰি কিবা খাই লওক,” তেওঁ কয়। গণপতিয়ে আমাৰ কাৰণে সুগন্ধি, পকা সতেজ আৰু ৰসাল মধুৰিয়াম আৰু কেঁচা নাৰিকলৰ পানী আনিলে। আমি তাৰে সোৱাদ লৈ থকাৰ সময়ত তেওঁ কয় যে গাঁৱৰ ডেকা ল’ৰা-ছোৱালীয়ে ভাল সুযোগ-সুবিধা বিচাৰি চহৰলৈ যায়। ইয়াত মাটিৰ দাম প্ৰতি একৰত ১০ লাখ টকাৰ কম নহয়। মাটি যদি ৰাস্তাৰ কাষৰ, তেতিয়া দাম চাৰিগুণ পৰ্য্যন্ত বাঢ়ে। “তেনে মাটি ঘৰ বনোৱা প্লট হিচাপে বিক্ৰী হয়।”

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

পিচইয়ম্মাই ওচৰৰে গাঁৱৰ দিনহাজিৰা কৰা মহিলা এগৰাকীৰ সৈতে বন নিৰোৱাৰ মাজতে আমাক গোটেই দিনটোত কি কি কাম কৰে সেয়া কৈছে

যিজন কৃষকৰ হাতত নিজা খেতিমাটি আছে, তেওঁলোকে মুনাফা লাভ কৰাৰ সম্ভাৱনা থাকে যদিহে পৰিয়ালৰ সদস্যই নিজে পথাৰত শ্ৰম কৰে। গণপতিয়ে এই কথা স্বীকাৰ কৰে যে পুৰুষৰ তুলনাত মহিলাই খেতিপথাৰত বেছি কাম কৰে। এইখিনি শ্ৰম আপুনি আনৰ কাৰণে কৰা হ’লে কিমানখিনি উপাৰ্জন কৰিব পাৰিলেহেঁতেন। এই কথা সোধাত পিচইয়ম্মাই কয়, “৩০০ টকা।” ঘৰত যি কাম তেওঁ কৰে, সেয়া আছেই। তাৰোপৰি আকৌ গৰু-ছাগলীৰ দায়িত্বও তেওঁৰ ওপৰতে ন্যস্ত।

“এনেকৈ ক’ব পাৰি নে যে আপোনাৰ পৰিয়ালটোৱে অতিকমেও ১৫,০০০ টকা ৰাহি কৰে?” মই সুধিলো। তেওঁৰ লগতে গণপতিয়েও মোৰ কথাত সহমত প্ৰদান কৰে। মই ৰগৰ কৰি কও যে তেওঁ ইয়াৰ ভাগ পাব লাগে। তাতে থকা সকলোৱে হাঁহে, কিন্তু তাৰে মাজত আটাইতকৈ বেছি সময় হাঁহিলে পিচইয়ম্মাই।

তাৰপিছত লাহেকৈ হাঁহি এটা মাৰি মোৰ ফালে দৃষ্টি নিক্ষেপ কৰি তেওঁ মোক মোৰ ছোৱালীজনীৰ বিষয়ে সোধে। তেওঁ জানিব বিচাৰিছে যে তাইৰ বিয়াত মই কিমান সোণ দিব লাগিব। “ইয়াত আমি ৫০ তোলা সোণ দিও। নাতি জন্ম পোৱাৰ পিছত সোণৰ চেইন আৰু ৰূপৰ নূপুৰ দিও। কাণ ফুটা কৰিলে ভোজৰ বাবে ছাগলী এটা দিও। এই পৰিক্ৰমা চলি থাকে। এই সকলোখিনি আমি নিজৰ উপাৰ্জনেৰে কৰো। তেনেস্থলত ভাবকচোন, মই পাৰিশ্ৰমিক পোৱাটো কেনেকৈ সম্ভৱ?”

*****

সিদিনা আবেলি খৰিকাজাঁইৰ খেতি কৰা যুৱ কৃষক এজনৰ পৰা মই শিকিলো যে বেতনৰ ধাৰণাটো তেওঁৰ কাৰণে সঠিক আৰু আৱশ্যকীয়। ই খেতিৰ পৰা হোৱা আমদানিৰ পৰিপূৰক। কামৰ বোজা দুগুণ হ’লেও, আয়ৰ এক নিৰন্তৰ উৎস গুৰুত্বপূৰ্ণ। ছবছৰ আগতে মই মাদুৰাই উচিলমপট্টী তালুকৰ নাডুমুডলইকুলম গাঁৱৰ ধানখেতি কৰা কৃষক জেয়াবল আৰু পোধুমণিৰ পৰা এই কথা শুনিছিলো। ২০২২ৰ আগস্তৰ এই যাত্ৰাত জেয়াবেলে মোক শৈশৱৰ বন্ধু আৰু খৰিকাজাঁইৰ খেতিয়ক এম. পাণ্ডীৰ সৈতে সাক্ষাৎ কৰাইছিল। পাণ্ডী অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু তামিলনাডু ষ্টেট মাৰ্কেটিং ক’ৰ্পৰেচন লিমিটেড (টি.এ.এছ.এম.এ.চি.), যিটোৱে ‘ভাৰতত নিৰ্মিত বিদেশী সুৰা’ বিক্ৰী কৰাৰ বিশেষ অধিকাৰ পাইছে, তাৰে পূৰ্ণকালীন চাকৰি কৰে।

প্ৰায় ৪০ বৰ্ষীয় পাণ্ডী বংশগতভাবে খেতিয়ক নহয়। তেওঁ নিজৰ খেতিপথাৰলৈ যোৱা বাটত মোক তেওঁৰ কাহিনী শুনায়। তেওঁৰ খেতিডৰালৈ ঘৰৰ কাষৰ ৰাস্তাটোৰে দহ মিনিটৰ বাট। আমি সেউজীয়া জোপোহা গছ, পাহাৰ, পুখুৰী আৰু খৰিকাজাঁইৰ বগা বগা ফুলেৰে আগুৰা ৰাস্তাটোৰে তেওঁৰ খেতিপথাৰত উপস্থিত হ’লো।

PHOTO • M. Palani Kumar

নাডুমুডলইকুলম নামে শুৱনি ক্ষুদ্ৰ গাওঁখনৰ খৰিকাজাঁই ফুলৰ খেতিপথাৰখনত পাণ্ডী। এই গাঁৱৰ বহু খেতিয়কে এতিয়াও ধানখেতি কৰে

“মই পঢ়া শেষ কৰিয়ে টি.এ.এছ.এম.এ.চি.ত চাকৰি আৰম্ভ কৰিছিলো। মই এতিয়াও তাত চাকৰি কৰোঁ। কিন্তু পুৱাৰ ভাগত মই নিজৰ খেতিপথাৰত কাম কৰোঁ।” ২০১৬ত তেতিয়াৰ নবনিৰ্বাচিত মুখ্যমন্ত্ৰী আৰু এ.আই.এ.ডি.এম.কে.ৰ মুৰব্বী জে. জয়ললিতাই টি.এ.এছ.এম.এ.চি.ত কৰ্মঘণ্টা ১২ৰ পৰা কমাই ১০ ঘণ্টা কৰিছিল। পাণ্ডীয়ে জয়ললিতাৰ নাম উল্লেখ কৰাৰ সময়ত প্ৰতিবাৰে ‘মনবুমিগু পুৰাতচী তলইৱী অম্মা অৱৰ্গল’ (সন্মানীয় বিপ্লৱী নেত্ৰী, অম্মা) বুলি সম্বোধন কৰিছে। এই উপাধি বিশিষ্ট আৰু আনুষ্ঠানিক। তেওঁৰ এই সিদ্ধান্তই পাণ্ডীক ৰাতিপুৱাৰ ব্যস্ততাৰ পৰা মুক্ত কৰিলে। আৰু তেওঁ এতিয়া দুপৰীয়া ১২ বজাত অফিছলৈ বুলি ওলায়। আগতে তেওঁ পুৱা ১০ বজাত ঘৰ এৰিবই লাগিছিল। এতিয়া দুঘণ্টা সময় তেওঁ নিজৰ খেতিখনত লাগিব পাৰিছে।

পুলিবোৰত কীটনাশক ছটিওৱাৰ সময়ত পাণ্ডীয়ে দুয়োটা কামৰ বিষয়ে স্পষ্টকৈ কয়। “চাওক, মই এগৰাকী কৰ্মচাৰী। মোৰ তলত ১০ জন লোকে পথাৰত কাম কৰে।” তেওঁ এই কথা স্বাভিমানেৰে কয়, কিন্তু তেওঁৰ কথাত বাস্তৱ দিশটো ফুটি উঠিছে। “কিন্তু এইটো কথাও সঁচা যে আপোনাৰ নিজৰ মাটি নাথাকিলে আপুনি খেতি কৰিব নোৱাৰে। এটা কীটনাশকৰ দাম শ শ টকা। কিছুমানৰ দাম আকৌ হাজাৰ টকা। মই বেতন পাও কাৰণে এইবোৰ যোগাৰ কৰিব পাৰো। নহ’লে খেতি কৰাটো বৰ কঠিন কাম হৈ পৰিছে।”

তাতে আকৌ খৰিকাজাঁইৰ খেতি কৰাটো আৰু কঠিন কাম, এই কথা পাণ্ডীয়ে কয়। আপুনি গোটেই দিনটো খৰিকাজাঁই ফুলৰ আশে-পাশে লাগি থাকিব লাগিব। “আপুনি ক’লৈকো যাব নোৱাৰে। ৰাতিপুৱা ফুল চিঙা আৰু সেয়া বজাৰলৈ পঠিওৱা কামত ব্যস্ত থাকিব লাগিব। তাৰোপৰি আজি হয়তো আপুনি এক কিলো ফুল চিঙিছে। কিন্তু অহা সপ্তাহত এই পৰিমাণ বাঢ়ি ৫০ কিলোগ্ৰাম হ’ব পাৰে। আপুনি যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু থাকিব লাগিব।”

পাণ্ডীয়ে লাহে লাহে খৰিকাজাঁইৰ পুলিৰ সংখ্যা বঢ়াইছে আৰু নিজৰ এক একৰ মাটিত খৰিকাজাঁইৰ খেতি কৰে। খৰিকাজাঁইৰ খেতি চোৱা-চিতা কৰিবলৈ কৃষকে বহুকেইঘণ্টা সময় দিব লাগে। তেওঁ কয়, “মই কামৰ পৰা ৰাতি উভতো। ৰাতিপুৱা ৫ বজাত উঠি খেতিপথাৰত উপস্থিত হও। ল’ৰা-ছোৱালীহালক খেতিপথাৰলৈ পঠিওৱাৰ পিছত মোৰ পত্নীয়ে মোক সহায় কৰিবলৈ উপস্তিত হয়। আমি দুয়ো এলাহ কৰি শুই থাকিলে আমি কেতিয়াবা জীৱনত সফল হ’ম জানো? আৰু আন দহজনক কাম দিব পাৰিম জানো?”

পাণ্ডীয়ে ফুলবোৰ ফুলি উঠাত হাতকেইখনৰ ভূমিকা কি তাৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে পথাৰখন ফুলেৰে ভৰি পৰিলে “আপোনাক ২০ৰ পৰা ৩০ জন শ্ৰমিকৰ প্ৰয়োজন হয়।” সেই শ্ৰমিকে পুৱা ছয় বজাৰ পৰা দহ বজালৈ চাৰি ঘণ্টা কাম কৰে আৰু তেওঁলোকক গাইপতি ১৫০ টকাকৈ দিব লাগে। ফুল কমকৈ ফুলিলে সেয়া চিঙা কাম পাণ্ডীয়ে নিজেই আৰু তেওঁৰ পত্নী শিৱগামীয়ে কৰে। “আন ঠাইত মজুৰি কম হ’ব পাৰে। কিন্তু এই মাটি উৰ্বৰা। ইয়াত ধানৰেই বিভিন্ন প্ৰজাতিৰ খেতি হয়। সেয়েহে ইয়াত শ্ৰমিকৰ চাহিদা বেছি। সেয়ে মজুৰিও ভাল দিব লাগে। তাৰ লগতে তেওঁলোকক চাহ আৰু বড়াইও দিব লাগে...”

গ্ৰীষ্মকালত বহুত ফুল ফুলে (এপ্ৰিল আৰু মে মাহত)। “তেতিয়া আপুনি প্ৰতিদিনে প্ৰায় ৪০ৰ পৰা ৫০ কিলোগ্ৰাম ফুল চিঙিব পাৰে। কিন্তু ফুলৰ দাম কমি ৭০ টকা প্ৰতিকিলো পৰ্য্যন্ত হৈ পৰে। অৱশ্যে এতিয়া ইশ্বৰৰ কৃপাত সুগন্ধি বনোৱা কোম্পানীবোৰ অহাৰ পৰা দাম বাঢ়িছে। এতিয়া এক কিলোগ্ৰাম খৰিকাজাঁইৰ দাম ২২০ টকা হৈছে।” বজাৰত যেতিয়া টনে টনে ফুল আহে, তেতিয়া এই দৰ কৃষকৰ বাবে বহুত ভাল। কিন্তু এই দৰত ফুল বিক্ৰী কৰিলে কৃষকৰ লাভ নহয়, অৱশ্যে লোকচানো নহয়।

PHOTO • M. Palani Kumar

পাণ্ডীয়ে তেওঁৰ খৰিকাজাঁইৰ খেতিত কীটনাশক আৰু সাৰৰ মিশ্ৰণ ছটিয়াইছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

গণপতিয়ে তেওঁ খৰিকাজাঁইৰ পুলিবোৰৰ মাজত টহল দিছে। সোঁফালে: নিজৰ ঘৰৰ সন্মুখত পিচইয়ম্মা

তেওঁ ফুলবোৰ নিলকোট্টাই বজাৰলৈ নিয়ে। সেয়া চুবুৰীয়া দিণ্ডিগুল জিলাত, ইয়াৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। “মট্টুতৱানীৰ বজাৰখনো বেয়া নহয়। কিন্তু ভুল নুবুজিব, তাত আপুনি ফুল কিলো হিচাপত বিক্ৰী কৰিব পাৰে, নিলকোট্টাইত এয়া বস্তা হিচাপত বেচিব পাৰে। তাৰোপৰি বেপাৰীও আপোনাৰ কাষতে বহি থাকে। তেওঁলোকৰ হাতত টেব থাকে আৰু আপোনাক আকস্মিক খৰছ, উৎসৱ-পাৰ্বণৰ খৰছ আৰু কেতিয়াবা কীটনাশক আদি কিনিবলৈ অগ্ৰীম ধনো দিয়ে।”

পাণ্ডীৰ মতে কীটনাশক আৰু সাৰ ছটিওৱাটো গুৰুত্বপূৰ্ণ। তেওঁ চালিখনৰ তলত কাপোৰ সলাই হাফপেণ্ট আৰু পটি থকা টিচাৰ্ট এটা পিন্দিছে। খৰিকাজাঁইৰ প্ৰতি কোননো আকৰ্ষিত নহয়। কীটবোৰো তাৰে মাজৰেই। গণপতিৰ ঘৰত বিশেষজ্ঞ হিচাপে গণপতিৰ নিজৰ ল’ৰাটোৱে আছে। আনফালে পাণ্ডীয়ে ৰাসায়নিক দ্ৰব্য কিনিবলৈ দোকানলৈ যাব লাগে। তেওঁ মাটিত পৰি থকা খালি টেমা আৰু বটলবোৰ দেখুৱাই চালিখনৰ তলৰ পৰা টেংক আৰু স্প্ৰেয়াৰ উলিয়াই আনে। তাৰপিছত ৰোগৰ (এবিধ কীটনাশক) আৰু অস্তা (এবিধ সাৰ) উলিয়াই পানীত মিহলায়। এই মিশ্ৰণবিধ ছটিয়াবলৈ তেওঁক প্ৰতি একৰত ৫০০ টকা খৰছ কৰাৰ প্ৰয়োজন হয়। তেওঁলোকে প্ৰতি চতুৰ্থ-পঞ্চম দিনত এই কাম কৰে। “উৎপাদন ভালেই হওক বা মধ্যমীয়া, আপুনি সকলো বতৰতে ইয়াত কাম কৰিব লাগিব। আপোনাৰ হাতত ইয়াৰ কোনো বিকল্প নাই...”

তেওঁ প্ৰায় ২৫ মিনিট সময় পুলিবোৰৰ ওপৰত কীটনাশক ছটিয়ালে। সুৰক্ষাৰ নামত তেওঁ মুখত সূতাৰ মাস্ক এখন পিন্ধিছে। তেওঁ সেই ওজন থকা মেচিনটো পিঠিত লৈ জোপোহাবোৰৰ মাজে মাজে ঘূৰি প্ৰতিটো ফুল-পাতত পৰাকৈ সেই মিশ্ৰণ স্প্ৰে কৰিছে। পুলিবোৰ তেওঁৰ কঁকালৰ সমান হৈছে। সেই মিশ্ৰণটো তেওঁৰ গালে-মুখেও পৰিছে। মেচিনটোৱে বৰকৈ শব্দ কৰিছে। ৰাসায়নিকৰ গন্ধ চাৰওফালে বিয়পি পৰিছে। কিন্তু পাণ্ডীয়ে মিশ্ৰণটো ছটিওৱা বন্ধ কৰিব নোৱাৰে। টেংকটোত পুনৰবাৰ মিশ্ৰণটো ভৰাবলগীয়া হ’লেহে তেওঁ ৰয়। তাৰপিছত তেওঁ পুনৰ কামত লাগে।

ছটিওৱা কাম শেষ হোৱাৰ পিছত তেওঁ গা ধুলে আৰু খুলি থোৱা বগা চোলা আৰু নীলা লুঙিখন পুনৰাই পিন্ধি ল’লে। তেতিয়া মই তেওঁক ৰাসায়নিকৰ পৰা হোৱা ক্ষতিৰ কথা সোধো। তেওঁ শান্ত ভাৱত মোৰ প্ৰশ্নৰ উত্তৰ দি কয়, “আপুনি খৰিকাজাঁইৰ খেতি কৰিলে সকলো কৰিব লাগিব। যদি কীটনাশক ছটিয়াব নোখোজে, তেন্তে মনে মনে ঘৰত বহি থকাই ভাল।” তেওঁ নিজৰ হাতৰ তলুৱাদুখন হেঁচি ধৰিছে, যেন মনে মনে প্ৰাৰ্থনাহে কৰিছে।

আমি উভতিবলৈ ধৰা বাটত গণপতিয়েও এই কথাকে আমাক কয়। তেওঁ মোৰ বেগত মধুৰিয়াম ভৰাই দিলে। পুনৰাই আহিবলৈ আমন্ত্ৰণ জনাই আমাৰ যাত্ৰাপথৰ বাবে শুভেচ্ছা জনায়। “আকৌ যেতিয়া আহিব, দেখিব আমাৰ ঘৰটো সম্পূৰ্ণ হৈছে,” তেওঁ তেওঁ পিছপিনে থকা প্লাষ্টাৰ নকৰা ঘৰটোলৈ দেখুৱাই কয়। “আমি ইয়াতে বহি ভালকৈ এসাজ খাম।”

তীব্ৰ সুবাস, প্ৰাচুৰ্য্যময় অতীত আৰু অলেখ অনিশ্চয়তাৰে ভৰা বেপাৰ আৰু বজাৰৰ কেন্দ্ৰত থকা এই খৰিকাজাঁইৰ খেতি কৰা হাজাৰ কৃষকৰ দৰে পাণ্ডী আৰু গণপতিৰো সপোন আৰু আশাবোৰ খৰিকাজাঁইৰে বন্ধা। এনে এটা সপোন, য’ত পাঁচ মিনিটত হাজাৰ হাজৰ টকা আৰু বস্তাই বস্তাই মাদুৰাই মল্লী এখন হাতৰ পৰা আনখনলৈ যায়।

অৱশ্যে এই কাহিনী আন কোনো দিন শুনোৱা হ’ব।

এই গৱেষণামূলক অধ্যয়ন আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ গৱেষণা অনুদান কাৰ্য্যসূচী, ২০২০ৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

अपर्णा कार्तिकेयन एक स्वतंत्र पत्रकार, लेखक, और पारी की सीनियर फ़ेलो हैं. उनकी नॉन-फिक्शन श्रेणी की किताब 'नाइन रुपीज़ एन आवर', तमिलनाडु में लुप्त होती आजीविकाओं का दस्तावेज़ है. उन्होंने बच्चों के लिए पांच किताबें लिखी हैं. अपर्णा, चेन्नई में परिवार और अपने कुत्तों के साथ रहती हैं.

की अन्य स्टोरी अपर्णा कार्तिकेयन
Photographs : M. Palani Kumar

एम. पलनी कुमार पीपल्स आर्काइव ऑफ़ रूरल इंडिया के स्टाफ़ फोटोग्राफर हैं. वह अपनी फ़ोटोग्राफ़ी के माध्यम से मेहनतकश महिलाओं और शोषित समुदायों के जीवन को रेखांकित करने में दिलचस्पी रखते हैं. पलनी को साल 2021 का एम्प्लीफ़ाई ग्रांट और 2020 का सम्यक दृष्टि तथा फ़ोटो साउथ एशिया ग्रांट मिल चुका है. साल 2022 में उन्हें पहले दयानिता सिंह-पारी डॉक्यूमेंट्री फ़ोटोग्राफी पुरस्कार से नवाज़ा गया था. पलनी फ़िल्म-निर्माता दिव्य भारती की तमिल डॉक्यूमेंट्री ‘ककूस (शौचालय)' के सिनेमेटोग्राफ़र भी थे. यह डॉक्यूमेंट्री तमिलनाडु में हाथ से मैला साफ़ करने की प्रथा को उजागर करने के उद्देश्य से बनाई गई थी.

की अन्य स्टोरी M. Palani Kumar
Editor : P. Sainath

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das