“মোৰ জীৱন কাহিনী ক’বলৈ আপোনাক বিশ্বাসত ল’ব পাৰোনে?”
আপোনালৈ প্ৰক্ষেপিত হ’বপৰা এয়া আছিল এক লুকঢাক নকৰা আৰু প্ৰত্যাহ্বানেৰে ভৰা অৱশ্যম্ভাৱী প্ৰশ্ন। আকৌ প্ৰশ্ন কৰোঁতাজনৰ হাতত প্ৰশ্ন কৰাৰ উচিত কাৰণো আছে। তামিলনাডুৰ বিল্লুপুৰম জিলাৰ এখন অখ্যাত গাঁৱৰ জননীয়ে (নাম সলোৱা হৈছে) “যক্ষ্মাই সমূলি সলনি কৰি দিয়া” তেওঁৰ জীৱন কাহিনী কৈছে।
তেওঁৰ বিয়া হোৱাৰ ডেৰ বছৰ হৈছিল আৰু যক্ষ্মাৰোগত আক্ৰান্ত হোৱাৰ সময়ত তেওঁৰ কোলাত চাৰিমহীয়া কেঁচুৱা এটা আছিল। “সেয়া আছিল ২০২০ৰ মে’ মাহ আৰু তাৰ এমাহ আগতে মোৰ গাত উপসৰ্গই দেখা দিছিল (দীৰ্ঘদিনীয়া কাহ আৰু জ্বৰ)।” যেতিয়া আটাইবোৰ পৰীক্ষা কৰি একো ধৰা নপৰিল, ডাক্তৰে তেওঁক যক্ষ্মাৰ পৰীক্ষাৰ পৰামৰ্শ দিলে। “যেতিয়া তেওঁলোক নিশ্চিত কৰি ক’লে যে মোৰ যক্ষ্মাৰোগ হৈছে, মই ভাগি পৰিলো। মই চিনা-পৰিচিতি থকা কাৰো এনে হোৱা নাছিল আৰু মোৰ ক্ষেত্ৰত এনে হ’ব পাৰে বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো।”
“মোৰ গাঁৱত এই ৰোগবিধক ইমানেই নিন্দাৰ চকুৰে চোৱা হয় যে সকলো সামাজিক সম্পৰ্ক নাইকিয়া হৈ পৰে, গালৈ বিয়পিব বুলি সকলোৱে ভয় কৰে!”
সেই দিন ধৰি ২৭ বছৰীয়া জননীক এসময়ত মৰম কৰা গিৰীয়েকজনেও তেওঁৰ গালৈ বেমাৰ আহিব বুলি কথাই কথাই দুৰ্ব্যৱহাৰ কৰা হ’ল। “তেওঁ মোক মানসিক আৰু শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ ধৰিলে। আমাৰ বিয়াৰ এবছৰ আগতে তেওঁৰ মাক ঢুকাল, বৃক্কৰোগজনিত জটিলতাত পৰি তেওঁ ঢুকাইছিল। কিন্তু তাৰ দোষো মোৰ ওপৰত স্বামীয়ে জাপি দিবলৈ ধৰিলে।”
সেই সময়ত গুৰুতৰ সংকটত থকা একমাত্ৰ ব্যক্তিজন আছিল জননী নিজেই।
সোঁচৰা ৰোগৰ ভিতৰত যক্ষ্মা ৰোগৰ ফলতে ভাৰতত আটাইতকৈ বেছি মানুহ মৃত্যুমুখত পৰে।
ক’ভিড-১৯য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আগেয়েই ২০১৯ত যক্ষ্মাৰোগে প্ৰায় ২৬ লাখ লোকক ক্ষতিগ্ৰস্ত কৰিছিল, ৪,৫০,০০০ লোক মৃত্যুমুখত পৰিছিল , এয়া বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য। ভাৰত চৰকাৰে স্বাস্থ্য সংস্থাৰ এই তথ্যৰ দৃঢ় মতবিৰোধ কৰিছিল আৰু কৈছিল যে সেই বছৰটোত যক্ষ্মা সংক্ৰান্ত ৰোগত ৭৯,০০০ তকৈ বেছি মানুহ মৃত্যুমুখত পৰা নাছিল। উল্লেখ্য যে যোৱা ১৫ টা মাহত ক’ভিড-১৯য়ে ২,৫০,০০০ লোকৰ প্ৰাণ কাঢ়ি নিছে।
২০১৯ত বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে বিশ্বত যক্ষ্মা ৰোগৰ ১ কোটি কেচৰ ভিতৰত এক চতুৰ্থাংশ ভাৰতৰ আছিল। “বিশ্বত, প্ৰায় ১ কোটি লোক... ২০১৯ত যক্ষ্মাৰোগত আক্ৰান্ত হৈছিল, এই পৰিসংখ্যা ধীৰে ধীৰে বিগত বছৰবোৰত কমি আহিছে।” তাৰোপৰি বিশ্বত যক্ষ্মাৰোগত মৃত্যু হোৱা ১৪ লাখ ব্যক্তিৰ এক চতুৰ্থাংশ ভাৰতৰ।
বিশ্ব স্বাস্থ্য সংস্থাই যক্ষ্মাৰোগৰ চাৰিত্ৰিক বৈশিষ্টসমূহ এনেদৰে উল্লেখ কৰিছে যে ই “বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয় (মাইকবেক্টেৰিয়াম টিউবাৰকলচিচ) যিয়ে প্ৰায়ে হাওঁফাওঁৰ ক্ষতি কৰে... বতাহৰ মাধ্যমেৰে ই ইজনৰ পৰা সিজনৰ দেহলৈ বিয়পে। যক্ষ্মাৰোগ থকা ব্যক্তিয়ে যেতিয়া কাহে বা থুক পেলায়, তেতিয়া যক্ষ্মাৰ বীজাণু বতাহত প্ৰৱেশ কৰে। অকণমান বীজাণু উশাহত ল’লেই ব্যক্তি সংক্ৰমিত হৈ পৰে। বিশ্বৰ প্ৰায় এক চতুৰ্থাংশ লোক যক্ষ্মাৰোগত সংক্ৰমিত, অৰ্থাৎ যক্ষ্মাৰ বীজাণু গাত আছে যদিও (এতিয়ালৈ) সেই ৰোগত ৰুগীয়া হৈ পৰা নাই আৰু সংক্ৰমণ ঘটাব নোৱাৰে।”
বিশ্ব স্বাস্থ্য সংস্থাই কয় যে যক্ষ্মা হৈছে “দাৰিদ্ৰ্য আৰু আৰ্থিক দৈন্যৰ ৰোগ।” সংস্থাই ইয়াকো কৈছে যে যক্ষ্মা ৰোগাক্ৰান্তজনে প্ৰায়ে “অসুৰক্ষিত অৱস্থা, উপান্তকৰণ, কালিমা আৰু বৈষম্য...”ৰ বলি হয়।
সেয়া কিমান সঁচা সেয়া জননীয়ে অনুভৱ কৰে। বিজ্ঞানৰ স্নাতক আৰু শিক্ষকতাৰ স্নাতক ডিগ্ৰীৰে উচ্চশিক্ষিত হোৱা স্বত্ত্বেও নিন্দা আৰু বৈষম্যৰ বলি হৈছিল, অসুৰক্ষিত হৈ পৰিছিল। তেওঁৰ দেউতাক এগৰাকী শ্ৰমিক - “যি কাম পায় তাকেই কৰে,” মাক গৃহিণী।
ৰোগবিধৰ সৈতে যুঁজি থকা দিনকেইটা আৰু তেওঁ সম্পূৰ্ণ ৰোগ নিৰাময় হোৱাৰ পিছত মানুহে ভয় কৰা সেই ৰোগবিধৰ বিৰুদ্ধে জননী নিজেই এক অভিযানৰ ৰূপ ল’লে, যাক ইয়াত নাম দিয়া হৈছে ‘যক্ষ্মা যোদ্ধা’ বা ‘মহিলা যক্ষ্মা নেত্ৰী’। এইসকলে যক্ষ্মাক লৈ থকা ধাৰণা আৰু কালিমাৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজ দিয়ে।
ৰোগবিধত আক্ৰান্ত হোৱাৰ প্ৰায় এমাহৰো কম সময়ত, ২০২০২ৰ জুনত জননীয়ে মাকৰ ঘৰলৈ আহিল। “মোৰ ওপৰত (মোৰ স্বামীৰ) অত্যাচাৰৰ সীমা পাৰ হৈ গৈছিল। তেওঁ আনকি মোৰ চাৰিমহীয়া সন্তানটোকো দুৰ্ব্যৱহাৰ কৰিছিল। শিশুটিৱে কি দোষ?” এখন সৰু ৱৰ্কশ্বপ চলোৱা তেওঁৰ গিৰীয়েকে খৰধৰকৈ বিবাহ বিচ্ছেদৰ আবেদন জনালে। তাকে লৈ তেওঁ আৰু তেওঁৰ মাক-দেউতাক “হতচকিত হৈ পৰিছিল।”
কিন্তু মাক-দেউতাকে তেওঁক ঘৰত আদৰিছিল। জননীয়ে কয় যে তাই মাক-দেউতাকৰ ওচৰত কিমান ঋণী - “শৈশৱত আৰু কৈশোৰত তেওঁলোকে কেতিয়াও তেওঁক খেতিপথাৰৰ কামত পঠিওৱা নাছিল। তেওঁলোকৰ আটাইকেইজন সন্তান সুশিক্ষিত হোৱাটো নিশ্চিত কৰিছিল।” তেওঁৰ ওপৰত এহাল দাদা-বাইদেউ আছে, দুয়োজনেই স্নাতকোত্তৰ ডিগ্ৰীধাৰী। জননীয়ে গিৰীয়েকৰ সৈতে বিচ্ছেদ হোৱাৰ পিছতহে কাম কৰিবলৈ লৈছে।
২০২০ৰ ডিচেম্বৰ মাহত যক্ষ্মাৰ পৰা সম্পূৰ্ণ মুক্ত হোৱাৰ পিছত তেওঁ নিজৰ অৰ্হতা হিচাপে বিভিন্ন কেৰিয়াৰৰ বিকল্প অনুসন্ধানৰ কামত নালাগিল। তাৰ পৰিৱৰ্তে তেওঁ তামিলনাডুত দুটা দশক ধৰি যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ বাবে কাম কৰি অহা এক জনসেৱামূলক সংস্থা ৰিচ’ৰ্ছ গ্ৰুপ ফৰ এডুকেচন এণ্ড এডভ’কেচি ফৰ কমিউনিটি হেলথ্ চমুকৈ ৰিচ্চ (REACH)ত যোগদান কৰিলে। তেতিয়াৰে পৰা জননীয়ে তেওঁৰ নিজৰ গাঁৱৰ লগতে চুবুৰীৰ গাওঁবোৰত যক্ষ্মা বিষয়ক সজাগতা সৃষ্টি আৰু আগতীয়াকৈ ৰোগনিৰ্ণয় নিশ্চিত কৰাৰ বাবে মানুহৰ মাজত কাম কৰিবলৈ লয়। “মই ভালেকেইখন সভা পাতিছো, তিনিজন ৰোগীৰ ক্ষেত্ৰত আগতীয়াকৈ যক্ষ্মা ৰোগ ধৰা পেলাইছো আৰু নিয়মীয়াকৈ ১৫০ৰো অধিক লোকক নিৰীক্ষণত ৰাখিছো, যিসকলৰ নিগেটিভ ফলাফল আহিছে যদিও নেৰেনেপেৰা লক্ষণ আছে।”
বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছেঃ “যক্ষ্মা আৰোগ্যসাধ্য আৰু প্ৰতিৰোধসাধ্য। যক্ষ্মা ৰোগে দেখা দিয়া ব্যক্তিৰ ৮৫ শতাংশৰ ক্ষেত্ৰত ৬ মাহৰ দৰৱৰ স্বাস্থ্যবিধানেৰে সফলতাৰে ৰোগ নিৰাময় কৰিব পাৰি।” আৰু “২০০০ চনৰ পৰা যক্ষ্মাৰ চিকিৎসাৰে ৬০ লাখ লোকৰ মৃত্যু ৰোধ কৰা হৈছে, যদিওবা সাৰ্বজনীন স্বাস্থ্য সুৰক্ষা (ইউএইচচি)ৰ সুবিধাৰ এতিয়াও নাটনি আছে আৰু লাখ লাখ লোকে ৰোগনিৰ্ণয় আৰু সেৱাৰ সুবিধা লাভ কৰিব পৰা নাই।”
*****
“ক’ভিড আৰু তলাবন্ধৰ সময়ত এয়া এক প্ৰত্যাহ্বানৰ দৰেই আছিল,” তামিলনাডুৰ টেনকাচি জিলাৰ ৩৬ বছৰ বয়সীয়া বি. দেৱীয়ে কয়। জননীৰ দৰে তেওঁ নিজৰ অভিজ্ঞতাৰ বলত ‘যক্ষ্মাযোদ্ধা’ হৈ পৰিছে। “৭ম মানত পঢ়ি থকা অৱস্থাত মোৰ গাত যক্ষ্মাৰোগ দেখা দিছিল। তাৰ আগেয়ে মই সেই ৰোগৰ নামেই শুনা নাছিলো।” সংগ্ৰামৰ মাজেৰে পাৰ হ’লেও তেওঁ ১২ম মানলৈ পঢ়া সম্পূৰ্ণ কৰিছিল।
তেওঁক অভিভাৱকে এখন ব্যক্তিগত হস্পিতাললৈ নিছিল, তাতে তেওঁৰ ৰোগ নিৰাময় নহ’ল। “তাৰপিছত আমি টেনকাচিত থকা চৰকাৰী হস্পিতাললৈ গ’লো, তাতে মোৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলিল। কিন্তু সেই কথা এতিয়া ভাবিলে বুজো যে সেই চিকিৎসাই মোক আশ্বস্ত কৰা নাছিল। মই লগ পোৱা প্ৰতিজনৰ ক্ষেত্ৰত সেই অভিজ্ঞতা মই সলনি কৰিব বিচাৰো,” দেৱীয়ে কয়।
দেৱীৰ ঘৰ টেনকাচি জিলাৰ বীৰাকেৰালাম্পুদুৰ তালুকত। তেওঁৰ মাক-দেউতাক কৃষিশ্ৰমিক আছিল। দাৰিদ্ৰ্যপীড়়িত হোৱা স্বত্ত্বেও তেঁওলোকৰ লগতে আত্মীয়ই তেওঁৰ যক্ষ্মাৰোগ হোৱাৰ সময়ত সাহ-সমৰ্থন যোগাইছিল। তেওঁলোকে দেৱীৰ চিকিৎসা কৰোৱাটো বিচাৰিছিল আৰু সকলো চিকিৎসাবিধি তৎপৰতাৰে অনুসৰণ কৰিছিল। “মোৰ খুবেই ভাল যতন লোৱা হৈছিল,” তেওঁ কয়।
দেৱীৰ স্বামীয়েও সহায় কৰিছিল আৰু আশ্বাস দিছিল। তেওঁ নিজে দেৱীৰ বাবে কামৰ বাট মুকলি কৰাৰ কথা চিন্তা কৰিছিল। দেৱীয়ে যক্ষ্মাবিৰোধী অভিযানত অংশ ল’ব, প্ৰশিক্ষণ ল’ব আৰু জননীৰ দৰে জনসেৱামূলক কাম কৰিব। ২০২০ৰ ছেপ্টেম্বৰ মাহৰ পৰা দেৱীয়ে বাৰখনৰো অধিক সভা পাতিছে (২০ জন বা ততোধিক মানুহে তাত ভাগ লৈছে) য’ত তেওঁ যক্ষ্মাৰ বিষয়ে কৈছে।
“প্ৰশিক্ষণ লোৱাৰ পিছতহে মই জানিলো যে কেনেদৰে যক্ষ্মাৰোগীৰ চোৱাচিতা কৰিব লাগে। সঁচা ক’বলৈ মই উৎকণ্ঠিত হৈ আছিলো। মই যি পোৱা নাছিলো, সেয়া কাৰোবাক দিব পাৰিম,” তাই কয়। টেনকাচি জিলাৰ পুলিয়াংগুড়ি পৌৰনিগমৰ চিকিৎসালয়খনত দেৱীয়ে এতিয়া প্ৰায় ৪২ জন যক্ষ্মাৰোগী চম্ভালে, তাৰে এজনে আৰোগ্যলাভ কৰা বুলি ঘোষণা কৰা হৈছে। “আমি ঘাইকৈ ৰোগীক পৰামৰ্শ দিও আৰু চিকিৎসাত চকু দিও। কোনো ব্যক্তিৰ গাত যক্ষ্মাৰোগ ধৰা পৰিলে তেওঁৰ পৰিয়ালকো নজৰত ৰাখো আৰু তেওঁলোকৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লওঁ।”
দেৱী আৰু জননী দুয়োয়ে ক’ভিড-১৯ বিশ্ব মহামাৰীয়ে সৃষ্টি কৰা এই পৰিস্থিতিত দোমোজাত পৰিছে। এনে পৰিস্থিতিত কাম কৰাটো দুয়োজনৰ বাবে অধিক বিপজ্জনক। তথাপি তেওঁলোকে কাম কৰি গৈছে। কিন্তু দেৱীয়ে কয়, “এই কাম বৰ কঠিন হৈ পৰিছে, হস্পিতালৰ কৰ্মচাৰীয়ে ক’ভিডৰ সংস্পৰ্শলৈ অহাৰ ভয়ত আমাক খেকাৰৰ পৰীক্ষা কৰাত নিৰুৎসাহ কৰে। তেওঁলোকৰ অসুবিধা নোহোৱাকৈ মই নিজে পৰীক্ষাবোৰ কৰিবলগা হয়।”
আকৌ ক’ভিড-১৯য়ে অনা নতুন বিপদাশংকা গুৰুতৰ। প্ৰেছট্ৰাষ্ট অৱ ইণ্ডিয়াই উল্লেখ কৰা ইউৰোপিয়ান ৰেছপিৰেট্ৰি জাৰ্নেলৰ এক অধ্যয়ন মতে “ক’ভিড-১৯ বিশ্ব মহামাৰীৰ পৰিস্থিতিত স্বাস্থ্যসেৱা ব্যাহত হোৱা আৰু ৰোগনিৰ্ণয় তথা চিকিৎসাৰ বিলম্বিতকৰণৰ ফলত আগন্তুক পাঁচ বছৰত ভাৰতত যক্ষ্মাজনিত কাৰণত ৯৫,০০০ অতিৰিক্ত মৃত্যু ঘটিব পাৰে।” তাৰোপৰি ডেটাৰ ক্ষেত্ৰতো খেলিমেলি পৰিলক্ষিত হৈছে। বিশ্ব মহামাৰী আৰম্ভ হোৱাৰ পিছৰে পৰা যক্ষ্মাৰ কেচৰ গণনা লক্ষণীয় হাৰত কমকৈ কৰা হৈছে বা নটিফিকেচন কমকৈ পোৱা হৈছে। নিৰ্ভৰযোগ্য তথ্যৰ অভাৱ যদিও এটা কথা নিৰ্বিবাদে ক’ব পাৰি যে কমসংখ্যক ক’ভিড-১৯ জনিত মৃতকৰ ক্ষেত্ৰত সহ-ৰুগ্নতা হিচাপে যক্ষ্মাৰোগ প্ৰমুখ আছিল।
যক্ষ্মাৰোগত ভাৰাক্ৰান্ত বুলি চিনাক্তকৃত ৰাজ্যসমূহৰ ভিতৰত অন্যতম তামিলনাডুত ২০১৯ত যক্ষ্মাৰোগীৰ সংখ্যা ১১,০৮৪৫ বুলি ভাৰত যক্ষ্মা প্ৰতিবেদন, ২০২০ ত উল্লেখ কৰা হৈছে। ইয়াৰে ৭৭,৮১৫ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৩৩,৯০৫। ইয়াৰে ১২ জন ট্ৰান্সজেণ্ডাৰ ৰোগী।
কিন্তু শেহতীয়া সময়ত যক্ষ্মাৰ নটিফিকেচনৰ ক্ষেত্ৰত ৰাজ্যখন ১৪ নম্বৰ স্থানলৈ নামিছে। এনে ৰোগৰ সৈতে মোকাবিলা কৰা চেন্নাইৰ এগৰাকী চিকিৎসা সমাজকৰ্মীয়ে উল্লেখ কৰে যে এনে হোৱাৰ কাৰণ স্পষ্ট নহয়। “ৰোগবিধৰ প্ৰাদুৰ্ভাব কম হ’ব পাৰে। তামিলনাডু আন্তঃগাঁথনিৰ লগতে দাৰিদ্ৰ্য নিৰ্মূলকৰণৰ কাৰ্যসূচীৰ ফালৰ পৰা উন্নত। এই ৰাজ্যখনত স্বাস্থ্যসেৱা সংক্ৰান্ত পদক্ষেপবোৰো ভাল। কিন্তু চৰকাৰ যন্ত্ৰই ভালদৰে কাম নকৰাটোৰো ই ইংগিত দিব পাৰে। কিছুমান হস্পিতালত বুকুৰ এক্স-ৰে কৰোৱাটো খুবেই ডাঙৰ কাম হৈ পৰে (তাতে আকৌ ক’ভিড-১৯য়ে স্বাস্থ্যসেৱা ব্যৱস্থা অধিক জটিল কৰি তুলিছে)। যক্ষ্মাৰ বাবে সকলো বাধ্যতামূলক পৰীক্ষাসমূহৰ সুবিধা যোগান ধৰা নহয়। কিন্তু বৰ্তমানৰ প্ৰাদুৰ্ভাবৰ সমীক্ষা প্ৰকাশ নোপোৱালৈকে আমি নটিফিকেচন কমকৈ পোৱাৰ কাৰণ ক’ব নোৱাৰিম।”
যক্ষ্মাৰোগত ভোগাসকলে এতিয়াও নিন্দা-গৰিহণাৰ দৰে অলেখ সমস্যাৰ সৈতে যুঁজ দি আহিবলগীয়া হৈছে। “পুৰুষ-মহিলা সকলোৱে প্ৰভাৱান্বিত হয় যদিও ৰোগবিধক লৈ থকা নিন্দা-গৰিহণাৰ হিচাপ পুৰুষ-মহিলাৰ ক্ষেত্ৰত ভিন্ন। পুৰুষৰ গাতো চেকা লাগে, কিন্তু মহিলাৰ ক্ষেত্ৰত এয়া নিকৃষ্টতম হৈ পৰে,” ৰিচ্চৰ উপ সঞ্চালক অনুপমা শ্ৰীনিবাসনে বুজাই কয়।
জননী আৰু দেৱী দুয়ো হয়ভৰ দিব। দুয়োজনে হয়তো এই একেটা কাৰণতে বৰ্তমানৰ এই কৰ্মক্ষেত্ৰখন বাচি লৈছে।
*****
এইবাৰ পুংগোড়ি গোবিন্দাৰাজৰ কথালৈ আহো। অভিযানৰ নেত্ৰীধাৰী ৩০ বৰ্ষীয় ভেল্লোৰৰ এইগৰাকী মহিলাই জীৱনত তিনিবাৰ যক্ষ্মা ৰোগাক্ৰান্ত হৈছে। “২০১৪ আৰু ২০১৬ত মই যক্ষ্মাক খুব কম গুৰুত্বসহকাৰে ল’লো আৰু দৰৱ আধৰুৱা কৰিলো,” তেওঁ কয়। “২০১৮ত মই দুৰ্ঘটনাত পতিত হওঁ আৰু চিকিৎসাধীন অৱস্থাত মোক জনোৱা হয় যে মোৰ মেৰুদণ্ডৰ যক্ষ্মাৰোগ হৈছে। এইবাৰ মই সম্পূৰ্ণকৈ চিকিৎসা কৰালো আৰু এতিয়া মই ভালে আছো।”
পুংগোড়িয়ে দ্বাদশ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হৈছিল আৰু নাৰ্ছিঙৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত আছিল। তাতেই তেওঁ পঢ়া সামৰিবলগা হয়। “২০১১, ১২ আৰু ১২ চনত মোৰ তিনিটাকৈ সন্তান জন্ম হৈছিল আৰু আটাইকেইটা জন্মৰ পিছতে মৃত্যু হৈছিল।” কেৱল তেওঁৰেই যক্ষ্মা ৰোগ হোৱা নহয়, তেওঁৰ মাতৃও ২০১১ত যক্ষ্মাত প্ৰাণ হেৰুৱাইছিল। এতিয়া এখন হেয়াৰড্ৰেচাৰ চেলনত তেওঁৰ পিতৃয়ে কাম কৰে। ২০১৮ত পুংগোড়িৰ যক্ষ্মা ৰোগ ধৰা পৰাৰ পিছতে ব্যক্তিগত কোম্পানী এটাত কাম কৰা তেওঁ স্বামীয়ে তেওঁক এৰি যায়, আৰু তেতিয়াৰে পৰা পুংগোড়ি নিজৰ মাকৰ ঘৰত থাকিবলৈ লয়।
পুংগোড়িয়ে কয় যে তেওঁ পৰিয়ালৰ কিছু সম্পত্তি আছিল যদিও চিকিৎসাৰ বাবদ আৰু স্বামীয়ে এৰি যোৱাৰ পিছত বিবাহ বিচ্ছেদৰ গোচৰৰ নামত হোৱা খৰছ বহন কৰিবলৈ সেইখিনি বিক্ৰী কৰিবলগীয়া হ’ল। “মোৰ পিতৃয়ে এতিয়া মোক সহায়-সমৰ্থন আৰু দিহা-পৰামৰ্শ দিয়ে। যক্ষ্মাৰোগ বিষয়ক সজাগতা সৃষ্টিৰ কাম কৰি মই সুখী,” তেওঁ কয়। যক্ষ্মাৰ ফলত পুংগোড়়িৰ ওজন ৩৫ কিলোগ্ৰামলৈ হ্ৰাস পায়। “আগতে মোৰ ওজন প্ৰায় ৭০ কিলোগ্ৰাম আছিল। যাহওঁক, এতিয়া মই যক্ষ্মাৰোগ বিৰোধী অভিযানৰ এগৰাকী সফল নেত্ৰী। যক্ষ্মাৰোগৰ বিষয়ে আৰু তাৰ সৈতে মোকাবিলা কৰাৰ সন্দৰ্ভত মই ২৫০০ৰো অধিক লোকৰ মাজত সজাগতা সৃষ্টি কৰিছো। মই ৮০ গৰাকী যক্ষ্মাৰোগীক নিৰীক্ষণ কৰিছো, তাৰে মাজৰ ২০ গৰাকীয়ে এতিয়ালৈ আৰোগ্যলাভ কৰিছে।” আগতে কেতিয়াও কোনো কামত নোসোমোৱা পুংগোড়িৰ বাবে ‘যক্ষ্মাৰ মহিলা নেত্ৰী’ হিচাপে যি ভূমিকা, সিয়ে তেওঁক “শান্তি, সুখ আৰু সন্তুষ্টি দিছে। মই এনে এক কামত নিয়োজিত যিয়ে মোক গৌৰৱান্বিত কৰে। মোৰ স্বামী থকা একেখন গাঁৱতে সেই কাম কৰাটো মোৰ বাবে অতিকৈ সাফল্যৰ কথা।”
*****
সাধিপম বা পেন্নে (আহা মহিলাসকল! লক্ষ্যভেদ কৰোঁ) নামৰ কাৰ্যসূচীৰ যোগেদি এনে মহিলাসকলক অন্তৰ্ভূক্ত কৰা হয় যিয়ে যক্ষ্মাৰোগ চিনাক্তকৰণত সহাযোগ আৰু উৎসাহ যোগাব পাৰে। ৰিচ্চে আৰম্ভ কৰা এই কাৰ্যসূচী তামিলনাডুৰ চাৰিখন জিলা - ভেল্লোৰ, বিলুপুৰম, তিৰুনেলভেলি আৰু চালেমত চলি আছে।
ফোনৰ মাধ্যমেৰে দিয়া প্ৰশিক্ষণৰ যোগেদি এই কাৰ্যসূচীৰ অধীনত ৪০০ গৰাকী মহিলাক গাওঁ পৰ্যায়ত স্বাস্থ্যৰ খতিয়ান ৰাখিবলৈ সাজু কৰি তোলা হৈছে। আন ৮০ গৰাকীক ৰাজহুৱা স্বাস্থ্যসেৱা কেন্দ্ৰবোৰত যক্ষ্মা ৰোগনিৰ্ণয় কৰা যক্ষ্মাৰ মহিলা নেত্ৰী (পুংগোড়িৰ দৰে) হিচাপে প্ৰশিক্ষণ দিয়া হ’ব, অনুপম শ্ৰীনিবাসনে কয়।
সমস্যাৰ প্ৰকোপলৈ চাই সেই সংখ্যা তেনেই তাকৰ যেন লাগিলেও জননী, দেৱী, পুংগোড়ি আৰু আন মহিলাসকল - আৰু তেওঁলোকে কাষ চাপিবলগীয়া হাজাৰ হাজাৰ যক্ষ্মাৰোগীৰ বাবে এয়া অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ তাৎপৰ্য কেৱল চিকিৎসাক্ষেত্ৰখনতে সীমাবদ্ধ নহয়, সামাজিক আৰু আৰ্থিক ক্ষেত্ৰখনতো ই প্ৰসাৰিত হৈ আছে। তদুপৰি এই কাৰ্যসূচীৰ স্পৰ্শলৈ অহাসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম।
“এই ঠাইখনে মন শাঁত পেলায়,” নিজৰ দৈনন্দিত কৰ্মক্ষেত্ৰ সন্দৰ্ভত জননীয়ে কয়। ৰিচ্চত কাম কৰা দুমাহ হওঁতে তেওঁৰ স্বামী (লগতে তেওঁৰ পৰিয়াল) তেওঁৰ ওচৰলৈ আহে। “মই নাজানো সেয়া মই উপাৰ্জন কৰা টকাৰ কাৰণে নে আন কিবা - ঘৰত আগতে তেওঁ মোক প্ৰায়ে অপদাৰ্থ বুলি দুৰ্ব্যৱহাৰ কৰিছিল - হয়তো তেওঁ অকলশৰীয়া হৈ পৰিছে আৰু মোৰ গুৰুত্ব বুজি পাইছে।। সি যি কি নহওঁক, বিবাহ বিচ্ছেদৰ কাৰণে আবদনৰ পিছতো যে মিট-মাত সম্ভৱ হৈছে, তাকে লৈ মোৰ মা-দেউতা সুখী।”
মা-দেউতাক সুখী কৰিবলৈ জননীয়ে এইবছৰ ফেব্ৰুৱাৰীত গিৰীয়েকৰ ঘৰলৈ গ’ল। “এতিয়া তেওঁ মোৰ ভাল যতনেই লৈছে। মই ভাবিছিলো যক্ষ্মাই মোৰ জীৱন ধ্বংস কৰি পেলালে, কিন্তু বাস্তৱত ই মোৰ জীৱনটো অধিক অৰ্থৱহ কৰি তুলিলে। মই জানো যে মোক প্ৰায় যমৰ ঘৰ দেখুওৱা ৰোগবিধৰ বিৰুদ্ধে মই মানুহক সজাগ কৰিছো, আচলতে ই মোক শক্তি দিছে।”
কবিথা মুৰালিধৰণে ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানেৰে জনস্বাস্থ্য আৰু নাগৰিকৰ স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদকীয় হস্তক্ষেপ কৰা নাই।
অনুবাদ - পংকজ দাস