‘হে ভগৱান!’ পুৱাৰ কফিৰ কাপটো নমাই থৈ বিৰাট আচৰিত হৈ তেওঁ চিঞৰিলে। ফোনটো তেওঁ দুই হাতেৰে খামোচ মাৰি ধৰিলে, অফিচৰ ই-মেইলত ব্যস্ত হৈ থকা স্বামীয়ে শুনাকৈ তেওঁ ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ ধৰিলেঃ ‘মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ওচৰত ১৬ জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গাৰ ওপৰেৰে এখন মালবাহী ৰেলগাড়ী চলি গ’ল- তুমি দেখিছানে? এইবিলাক কি হ’বলৈ ধৰিছে?’ নীৰৱতাৰ ওৰ পৰাৰ আগৰ এয়া আন এক মিনিট আৰু ঘটনাৰ বাকী অংশ জনাৰ বাবে ব্যস্ত হৈ থাকোতে কফি একেবাৰে ঠাণ্ডা হৈ গ’ল। একে শোহাতে খাব পৰা হ’ল। ‘কি ভয়ংকৰ! কিমান মানুহ আহিছিল, ক’লৈ গৈ আছিল?’ তেওঁৰ কণ্ঠনিৰ্গত আশ্চৰ্যৰ প্ৰকাশ অলপ সময়ৰ আগৰ তুলনাত যথেষ্ট শান্ত হ’ল।

‘এই মানুহজাকৰ কিছুমান উমাৰিয়াৰ। মানু, আমি যোৱা ডিচেম্বৰত এই ঠাইখনলৈ যোৱা নাছিলোনে?’ সেই ছুটীৰ দিনৰ ভ্ৰমণৰ কথা ওলাওতে তেওঁ মূৰ দাঙি চালে আৰু খেলিমেলি হৈ থকা ই-মেইললৈ উভতি যোৱাৰ আগতে অলপ ৰসাস্বাদন কৰিলে। তেওঁ ক’লে, ‘অঁ, বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান। মধ্যপ্ৰদেশৰ আটাইতকৈ পিছপৰা এখন জিলাত আছে। সন্দেহ নাই যে সেই মানুহবিলাকে কাম বিচাৰি নিশ্চয়কৈ জালনালৈ আহিছিল। কিন্তু ৰেলপথৰ ওপৰত শুই আছিল যে? কেনে হাস্যকৰ কথা এয়া?’

‘বাঃ এই ঠাইখন ইমান ধুনীয়া আছিল, শেষ ছায়া মনত আছেনে?’ এইবাৰ তেওঁ যেন আন এটা গ্ৰহত বিচৰণ কৰিছে, ‘সেই যে সৌন্দৰ্যময় বিষ্ণুৰ মূৰ্ত্তি আৰু চিৰসেউজীয়া ঘন শালগছৰ অৰণ্যই আৱৰি থকা শান্ত-সমাহিতভাৱে প্ৰৱাহিত নিজৰা...এইবাৰ তলাবন্ধ শেষ হ’লে আমি আকৌ তালৈ যামেই...’

সুধান্বা দেশপাণ্ডেয়ে আবৃত্তি কৰা কবিতাটো শুনিব পাৰে

Paintings by Labani Jangi, a 2020 PARI Fellow and a self-taught painter doing her PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata
PHOTO • Labani Jangi

লাৱণি জংগিৰ চিত্ৰশিল্প। ২০২০ৰ পাৰি ফেল’ আৰু স্ব-শিক্ষিত চিত্ৰশিল্পী জংগিয়ে কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সৰ পৰা প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পিএইচডি কৰি আছে

কোনে?

কোনে সিহঁতক নিৰ্বাসিত কৰিছিল?

কোনে সিহঁতৰ ঘূৰি অহাৰ বাটৰ দুৱাৰ বন্ধ কৰি দিছিল?

আলাই-আথানি হোৱাকৈ কোনে সিহঁতক এৰি গৈছিল?

কোনে কাঢ়ি নিছিল সিহঁতৰ জীৱিকা?

সিহঁতৰ বাটত কোনে হুল পুতিছিল?

সিহঁতক গৃহবন্দী কোনে কৰিছিল?

সিহঁতে পাহৰি যোৱা স্বপ্নৰ কথা কোনে সিহঁতক ঘূৰাই দিছিল?

সিহঁতৰ অগনি জ্বলা পেটত

কোনে ভৰাইছিল গধুৰ হুমুনিয়াহ?


সিক্ত স্মৃতিৰে সিহঁতৰ শুকান ডিঙি

কোনে চেপি ধৰিছিল?

ঘৰ, চোতাল, গাওঁখন,

পথাৰৰ সিটো মুৰ আৰু

এমা-ডিমাহঁতৰ মিঠা মাত…

কোনে? এইবোৰ শুকান ৰুটি আৰু জলকীয়াৰ সৈতে

টোপোলা কৰি দিছিল?

কোনে এমোকোৰা খোৱাবস্তুত

ছটিয়াই দিছিল সেই কলমটিয়াই থকা আশাবোৰ?


বোধকৰো ৰেলৱে ট্ৰেকৰ শিলৰ মাজৰ

সেই শালকাঠৰ টুকুৰাটোৱে

সেয়া কৰিছে

গাঁৱৰ মুৰৰ সেই হাবিখনৰ কথা মনত পেলাই দিছিল

নহ’লে কোন নিৰ্বোধে সিহঁতক

সপোনৰ ফুলবচা দলিচা পাৰি দিব?

বান্ধৱগঢ়ৰ সেই ষোল্ল ভাতৃক

কোনে শাওপাত দিব

মানুহ গুছি শিল হ’বলৈ?


কোনে এজন নহয়, দুজন নহয়

ষোল্লজনকৈ বিষ্ণুক শেষনাগত শয্যাৰ গতি দিলে?


কোনে ৰক্তবৰ্ণ চন্দ্ৰগংগাৰ

ভৰিৰ তলুৱাৰ পৰা ৰক্তক্ষৰণ হ’বলৈ দিলে?

কাৰ হাৱাই চেন্দেল ৰৈ গ’ল ৰেলৱে ট্ৰেকত?

ইশ্বৰে আমাক শাস্তি দিব!


কোনে ৰেলৱে ট্ৰেকত

সেই আধাখোৱা ৰুটিবোৰ এৰি গ’ল?

কোনে?

গুজৰাটী ভাষাৰ মূল কবিতাটিৰ ইংৰাজী ভাঙনিৰ পৰা অনূদিত।

শ্ৰাব্যঃ সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেত্ৰী আৰু জন নাট্য মঞ্চৰ এগৰাকী পৰিচালক তথা ‘লেফটৱৰ্ড বুকচ’ৰ এগৰাকী সম্পাদক।

দ্ৰষ্টব্যঃ মাৰাঠী দৈনিক কাকত লোকমত ত প্ৰকাশিত অনুসৰি নিহত শ্ৰমিকৰ নামবোৰঃ

1. ধনসিং গোন্দ

2. নিৰ্বেশ সিং গোন্দ

3. বুদ্ধৰাজ সিং গোন্দ

4. আকচেলাল সিং

5. ৰবেন্দ্ৰ সিং গোন্দ

6. সুৰেশ সিং কৌল

7. ৰাজবহৰাম পাৰস সিং

8. ধৰ্মেন্দ্ৰ সিং গোন্দ

9. বীৰেন্দ্ৰ সিং সৈনসিং

10. প্ৰদীপ সিং গোন্দ

11. সন্তোষ নাপিত

12. ব্ৰজেশ ভেয়াদিন

13. মুনিমসিং শিৱৰতন সিং

14. শ্ৰীদয়াল সিং

15. নেমশ্বাহ সিং

16. দীপক সিং

অনুবাদঃ পংকজ দাস

Pratishtha Pandya

प्रतिष्ठा पांड्या, पारी में बतौर वरिष्ठ संपादक कार्यरत हैं, और पारी के रचनात्मक लेखन अनुभाग का नेतृत्व करती हैं. वह पारी’भाषा टीम की सदस्य हैं और गुजराती में कहानियों का अनुवाद व संपादन करती हैं. प्रतिष्ठा गुजराती और अंग्रेज़ी भाषा की कवि भी हैं.

की अन्य स्टोरी Pratishtha Pandya
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das