“ককা, তুমি উভতি আহা,” তান্না সিঙৰ নাতিল’ৰাই ফোনতে তেওঁক প্ৰায়ে কয়। “কেনেকৈনো যাব পাৰো, তাৰ ভৱিষ্যতৰ কাৰণেই মই আজি ইয়াত আছো,” নিজৰ তম্বুৰ কাষতে প্লাষ্টিকৰ টুল এখনত বহি থকা সিঙে কয়।
“মোৰ ১৫ বছৰীয়া নাতিল’ৰাটোৰ মাত শুনিলে চকুপানী ওলায়। কোনে নিজৰ মৰমৰ নাতিটোক এনেকৈ এৰি আহিব পাৰে? কোনে নিজৰ পুত্ৰ-জীয়াৰীক এনেকৈ এৰি থাকিব পাৰে?” তেওঁ চকুলো টুকি আমাক কয়।
যিয়েই কাৰণ নহওঁক লাগিলে, তান্না সিঙে ঘুৰি নাযাও বুলি মন বান্ধি লৈছে। ২০২০ৰ ২৬ নৱেম্বৰৰ পৰা তেওঁ এটা দিনৰ বাবেও টিক্ৰিৰ প্ৰতিবাদস্থলী এৰি যোৱা নাই। আৰু প্ৰায় এবছৰ পিছত, ২০২১ৰ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে বিতৰ্কিত কৃষি আইনকেইখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে যদিও ৭০ বছৰ বয়সীয়া বিপত্নীক সিঙে আইনকেইখন কাগজে-পত্ৰই চিল-মোহৰ মাৰি প্ৰত্যাহাৰ নকৰালৈ টিক্ৰি নেৰে বুলি আমাক কয়। “এই আইনকেইখন প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হোৱালৈ আমি অপেক্ষা কৰিছো। এই দিনটোৰ বাবেই আমি ঘৰ এৰি ইয়াত আছো,” তেওঁ কয়।
তেওঁ সেই হাজাৰ হাজাৰ কৃষকৰ মাজৰ এজন, যিসকলে তিনিখন কৃষি আইন বাতিলৰ দাবীৰে টিক্ৰি (পশ্চিম দিল্লী), সিংঘু (ৰাজধানীখনৰ উত্তৰ-পশ্চিম অঞ্চল) আৰু গাজিপুৰ (পূৱ দিশত)ত আহি বাহৰ পাতিছিল, য’ৰপৰা তেওঁলোকক আগুৱাব দিয়া হোৱা নাছিল।
সিঙে পাঞ্জাৱৰ মুক্তচৰ জিলাৰ ভাংচাৰি গাঁৱৰ পৰা আন কেইজনমান কৃষকৰ সৈতে ইয়ালৈ আহিছিল, ট্ৰেক্টৰখন প্ৰতিবাদস্থীলৰ ক’ৰবাত পাৰ্ক কৰি থোৱা আছে। তেওঁৰ গাঁৱত তেওঁৰ পৰিয়ালে আঠ একৰ মাটিত গমধান আৰু ধানখেতি কৰে। “ল’ৰাৰ হাতত খেতিৰ দায়িত্ব গতাই মই ইয়ালৈ আহিছো,” তেওঁ কয়।
তেওঁৰ বাবে বছৰটো বৰ কঠিন আছিল, বহুত ক্ষয়-ক্ষতি তেওঁ দেখিছিল। এইখিনি সময়তে দুজনকৈ আত্মীয়ৰ মৃত্যু হৈছিল, এজন খুড়াক আৰু আনজন ভাই-বোৱাৰীৰ নাতিল’ৰাৰ মৃত্যু। “তেওঁ মাষ্টাৰ্ছৰ পঢ়া শেষ কৰিছিলহে মাত্ৰ। তেওঁ তেনেই কম বয়সীয়া আছিল…কিন্তু মই উভতি নগ’লো,” তেওঁ কয়। “যোৱাটো বছৰত বহুত কিবাকিবি ঘটি গ’ল, কিন্তু মই ঘুৰি নগ’লো। মৰ্চা (প্ৰতিবাদ) এৰি যাব পৰা নাছিলো বাবেই মই নগ’লো।”
ঘৰত তেওঁ আনন্দৰ মুহূৰ্ততো উপস্থিত থাকিবপৰা নাছিল। “১৫ বছৰৰ মুৰত মোৰ জীয়াৰীয়ে সন্তান জন্ম দিছিল, কিন্তু মই যাব নোৱাৰিলো (মনটো বান্ধি ৰাখিলো)। মোৰ নাতিল’ৰাটোক চাবলৈকো মই নগ’লো… মই উভতিলে প্ৰথমে তেওঁলোকক চাবলৈ যাম। মই ফোনত পোৱা ফটোতে তেওঁক দেখিছো (এতিয়া দহমহীয়া হৈছে)। ইমান ধুনীয়া মোৰ নাতিল’ৰাটো!”
একেটা বাটৰে ডিভাইদাৰৰ কাষত অস্থায়ী শিবিৰ এটা, ওপৰেৰে দিল্লী মেট্ৰ’ লাইন, তাতে বহি থকা জছকৰণ সিঙে মোক কয়ঃ “আমি ঘৰৰ আৰাম এৰি এই ৰাস্তাত আহি বহি আছো। মূৰৰ ওপৰত সঠিক চালি এখন নাথাকিলে চলি থকাটো ইমান সহজ নহয়।”
প্ৰচণ্ড শীত আৰু গ্ৰীষ্মৰ ৰাতিৰ মাজেৰে তেওঁলোকে এটা বছৰ পাৰ কৰিছে, তেওঁ কয়। কিন্তু বাৰিষাৰ দিনকেইটাত তেওঁলোকে বহুত কষ্ট পাইছিল। “সেই ৰাতিবোৰত শুবলৈ বৰ কষ্ট হৈছিল। বহু সময়ত বতাহে চালিখন উৰুৱাই নিছিল। যিয়েই নহওঁক কিয়, আমি সকলো ঠিক কৰি লৈছিলো।”
মানসা জিলাৰ ভিখিৰ পৰা আন কৃষকসকলৰ সৈতে পাল পাতি জছকৰণেও (ওপৰৰ প্ৰচ্ছদ ফটোত) প্ৰতিবাদস্থলীলৈ অহা-যোৱা কৰিছে। ঘৰত তেওঁ পৰিয়ালৰ ১২ একৰ খেতিমাটিত গমধান আৰু ধানখেতি কৰে। তেওঁৰ পুত্ৰ বিদ্যুৎপৃষ্ঠ হৈ ঢুকাইছে, সেই দুৰ্ঘটনাৰ ১৮ মাহ পিছত তেওঁৰ পত্নী ঢুকায়। তেওঁ এতিয়া ৮০ বছৰীয়া মাক, বোৱাৰী আৰু দুই নাতিল’ৰাৰ লগত থাকে।
যোৱা সপ্তাহৰ শুকুৰবাৰৰ কথা, প্ৰধানমন্ত্ৰীয়ে আইনকেইখন প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ সেই দিনটোত তেওঁ আন চাৰিজন কৃষকৰ সৈতে গাঁৱৰ পৰা তেওঁ টিক্ৰি অভিমুখে বাছত আহি আছিল। “ঘোষণাৰ সময়ত আমি আমাৰ গাঁৱতো নাছিলো আৰু টিক্ৰিও গৈ পোৱা নাছিলো - সেয়ে কাৰো সৈতে সেয়া উদযাপন কৰিব পৰা নাছিলো,” ৫৫ বছৰ বয়সীয়া জছকৰণে কয়। সেইখিনি সময়তে তেওঁক ঘুৰি আহিবলৈ মাকে ফোন কৰে, কিয়নো প্ৰতিবাদসকলৰ দাবীবোৰ চৰকাৰে মানি লৈছে। কিন্তু তেওঁ কয়, “আইনকেইখন সংসদত প্ৰত্যাহাৰ নোহোৱালৈকে আমি ইয়াত অপেক্ষা কৰিম,” ২৯ নৱেম্বৰত আৰম্ভ হ’বলগীয়া শীতকালীন অধিৱেশনৰ কথা প্ৰসংগত তেওঁ কয়। “আমি কৃষকসকল কামত যে আহিলো (এই প্ৰতিবাদত) তাকে লৈ আমি সুখী। কিন্তু এই আইনকেইখন প্ৰত্যাহাৰ হোৱাৰ পিছতহে আমি ঘৰলৈ উভতিম।”
ঘৰলৈ উভতি যোৱাটোও সহজ নহ’ব, ভাতিন্দা জিলাৰ কট্ৰা কৰিয়ানৱালা গাঁৱৰ পৰা টিক্ৰিলৈ অহা পৰমজীত কৌৰে কয়। “আমাৰ মনে মানি নল’ব। ইয়াতে আমি নিজহাতে অতিকৈ কঠিন সময়ত সজা ঘৰবোৰৰ স্মৃতিয়ে আমাক আমনি কৰিব। আমাৰ পাঞ্জাৱৰ ঘৰত পোৱা সকলো সুবিধা ইয়াতে উপলব্ধ হোৱাটো আমি নিশ্চিত কৰিছিলো।”
হাৰিয়ানাৰ বাহাদুৰগঢ়ত হাইৱেৰ ডিভাইদাৰত সজা তম্বুত তেওঁৰ লগতে আন মহিলাসকলে সেউজীয়া পাচলি, বিলাহী, সৰিয়হ, গাজৰ আৰু আলুৰ খেতি কৰিছে। মই লগ পাবৰ দিনা দুপৰীয়াৰ আহাৰৰ কাৰণে তেওঁ সেই ‘খেতিডৰা’ৰ পৰা তোলা লাইশাক ৰান্ধি আছিল।
স্মৃতি আৰু ত্যাগৰ কথা এই ঠাইখনত জৰিত হৈ আছে, পৰমজীতে কয়। “এই প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰুওৱা ৭০০ৰো অধিক কৃষকক আমি মনত ৰাখিম। ট্ৰাক এখনৰ তলত পৰি তিনিগৰাকী মহিলা প্ৰতিবাদকাৰীৰ মৃত্যু হোৱা খবৰ পাই আমি ব্যাথিত হৈছিলো। ইয়াত ১০ দিন কটাই তেওঁলোক দেৱালী বুলি ঘৰমুৱা হৈছিল। তেওঁলোক আটায়ে বৰ হাঁহি-মাতি আছিল, অটোৰিক্সা এখনৰ কাৰণে ডিভাইদাৰত ৰৈ আছিল। সিদিনা আমি ৰাতি ভাত খাব নোৱাৰিলো। মোদী চৰকাৰে এইবোৰ কথা কেৰেপকে নকৰে।”
২৬ জানুৱাৰীৰ দিনা ট্ৰেক্টৰৰ পেৰেডত বহু মানুহ লাঠিচালনাত আহত হৈছিল, ভাতিন্দাৰ ভাৰতীয় কিষাণ ইউনিয়ন (একতা) (উগ্ৰহণ)ৰ মহিলা নেত্ৰী ৬০ বছৰ বয়সীয়া পৰমজীতে কয়। “তেওঁলোকে কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰু আমাৰ ওপৰত গোচৰ ৰুজু কৰিছিল। আমি এইবোৰ কথা জীৱনত কেতিয়াও নাপাহৰো।”
আইন তিনিখন বাতিল হৈ গ’লেই কৃষকৰ আন্দোলন শেষ হৈ নাযায়, তেওঁ পুনৰ দোহাৰে। “কোনো এখন চৰকাৰে (যাক ভোট দি ক্ষমতালৈ অনা হৈছে) কৃষকসকলৰ কথা নাভাবিলে। তেওঁলোকে নিজৰ কথাই ভাবে। এতিয়া আমি ঘুৰি গৈ আমাৰ ল’ৰা-ছোৱালীক লগ পাম, নাতিহঁতৰ সৈতে উমলিম। কিন্তু তাৰপিছত কৃষকৰ অনান্য সমস্যাক লৈ যুঁজিবলৈ ৰাওনা হ’ম।”
“তেওঁৰ অভিপ্ৰায় (মোদীৰ)ক লৈ আমাৰ এতিয়াও সন্দেহ আছে,” টিক্ৰিত শিবিৰ পাতি থকা তিনিকুৰি বছৰ বয়সীয়া জছবীৰ কৌৰ নাটে কয়, তেওঁ পাঞ্জাৱ কিষাণ ইউনিয়নৰ মানসা জিলাৰ ৰাজ্যিক কমিটি মেম্বাৰ। “তেওঁ ভাষণত কৈছে যে তেওঁ একাংশ কৃষকক ইমান চেষ্টা কৰা স্বত্ত্বেও বুজাবলৈ অপাৰগ হ’ল, তাৰ মানে তেওঁ এতিয়াও ভাবে যে কৃষি আইনকেইখন গৃহীত কৰাটো সঠিক সিদ্ধান্ত আছিল। তেওঁ যি ঘোষণা কৰিলে সেয়া লিখিত ৰূপত অহালৈ অপেক্ষা কৰিছো। তাৰপাছত তেওঁলোকে কি লিখিলে সেয়াও আমি চাম, কিয়নো তেওঁলোকে প্ৰায়ে শব্দৰ খেল খেলে।”
জছবীৰে বিদ্যুৎ (সংশোধনী) বিধেয়ক, ২০২০ৰ লগতে শস্যৰ নৰা জ্বলোৱা অধ্যাদেশ আদি উঠাই লোৱাৰ দাবীৰ কথা কয়। “আমি জানো যে চৰকাৰে এই দাবীবোৰ মানি ল’ব পাৰে,” তেওঁ কয়, “কিন্তু তেওঁলোকে এমএচপি (ন্যূনতম সমৰ্থন মূল্য)ৰ গেৰাণ্টি দিয়াৰ দিশত একো নকৰে। আন বহু কথাও আমি দাবী কৰিছোঃ প্ৰতিবাদী কৃষকৰ বিৰুদ্ধে থানাত তৰা সকলো গোচৰ উঠাই লওঁক, কৃষকৰ ট্ৰেক্টৰৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ দিয়ক। আমি সোনকালে ইয়াৰ পৰা আঁতৰি নাযাওঁ।”
২১ নৱেম্বৰ, দেওবাৰে কৃষি আইনকেইখনৰ বিৰুদ্ধে থিয় দিয়া ৪০ টামান কৃষক সংগঠনৰ মাতৃ সংগঠন সংযুক্ত কিষাণ মৰ্চাই কয় যে তেওঁলোকৰ আন্দোলন চলি যাব – ২২ নৱেম্বৰত লক্ষ্ণৌত কৃষকৰ পঞ্চায়ত বহিব, ২৬ নৱেম্বৰত কৃষকসকল দিল্লী সীমান্তত সমবেত হ’ব আৰু ২৯ নৱেম্বৰৰ দিনা সংসদলৈ মিচিল উলিওৱা হ’ব।
অনুবাদ: পংকজ দাস