‘এটি পৰুৱাৰ জীৱন। ১৯৯৮ৰ এইখন অতি সফল চলচ্চিত্ৰৰ ধাৰাবাহিক দ্বিতীয় খণ্ডৰ দৰে এই ঘটনা ঘটিছে। হলিউডত নিৰ্মিত মূল চলচ্চিত্ৰখনত ফ্লিক নামৰ পৰুৱাটোৱে শত্ৰু কাকতী ফৰিঙৰ ভাবুকিৰ পৰা নিজৰ পৰুৱাৰ দ্বীপৰ হাজাৰ হাজাৰ সতীৰ্থক ৰক্ষা কৰিবলৈ কঠোৰ যোদ্ধা নিযুক্ত কৰিবলৈ চেষ্টা কৰিছে।’

কিন্তু ভাৰতৰ বাস্তৱ জীৱনৰ ধাৰাবাহিকখনত নাম ভূমিকাত থকা ত্ৰিলিয়ন প্ৰাণীৰ ভিতৰত ১.৩ বিলিয়নেই অৰ্থাৎ ১৩০ কোটি মানুহ। ছুটি শিঙৰ আগ্ৰাসনকাৰী কাকতী ফৰিং চলিত বৰ্ষৰ মে’ মাহত ভাৰতত সোমাইছে। ইয়াৰ একোটা পংগপালত লাখ লাখ কাকতী ফৰিং থাকে। লাখ লাখ কাকতী ফৰিঙৰ একোটা পালে বিহাৰ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰপ্ৰদেশৰ কেইবালাখ একৰ ভূমিৰ শস্য অনিষ্ট কৰে বুলি কেন্দ্ৰীয় কৃষি আয়ুক্তই কয়।

এই উৰন্ত আগ্ৰাসনকাৰীৰ ওচৰত দেশৰ সীমা প্ৰতিবন্ধক নহয়। বিশ্বৰ প্ৰায় ৩০ খন দেশত কাকতী ফৰিং আছে আৰু পশ্চিম আফ্ৰিকাৰ পৰা ভাৰতলৈ ১৬০ লাখ বৰ্গ কিলোমিটাৰত ইয়াৰ অস্তিত্ব বিৰাজমান, এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ এ অ’)য়ে। ৪০ নিযুত সদস্যৰ কাকতী ফৰিঙৰ একোটা পালে এদিনত ৩৫,০০০ মানুহ, ২০ টা উট বা ৬ টা হাতীয়ে খাব পৰা পৰিমাণৰ খাদ্য খাব পাৰে।

চকিত হ’বলগীয়া নহয় যে ৰাষ্ট্ৰীয় কাকতী ফৰিং সতৰ্কীকৰণ সংস্থাত প্ৰতিৰক্ষা, কৃষি, গৃহ পৰিক্ৰমা, বিজ্ঞান আৰু প্ৰযুক্তি, অসামৰিক বিমান পৰিবহন আৰু যোগাযোগ মন্ত্ৰনালয়ৰ সদস্য অন্তৰ্ভূক্ত।

কোটি কোটি কীট-পতংগৰ মাজৰ সুষম সমতাক বিপদৰ মাজলৈ নিক্ষেপ কৰা এই কাহিনীভাগত কেৱল কাকতী ফৰিং একমাত্ৰ খলনায়ক নহয়। ভাৰতৰ পতংগতত্ববিদ আৰু আদিবাসী তথা আন কৃষকসকলে এনে বহু বেয়া পতংগ বা অচিন পতংগক ইতিমধ্যে চিনাক্ত কৰিছে। ভাল পতংগ হৈছে- ‘উপকাৰী কীট-পতংগ যিবিলাক খাদ্য উৎপাদনৰ মিত্ৰ- কিন্তু জলবায়ুৰ পৰিৱৰ্তনে সৃষ্টি কৰা প্ৰতিকূলতাৰ বাবে সিহঁতৰ প্ৰাকৃতিক আবাস ক্ষতিগ্ৰস্ত হোৱাৰ ফলত এনে বহু মিত্ৰ কীট-পতংগও শত্ৰুলৈ ৰূপান্তৰ হ’ব পাৰে।’

Even the gentle Red-Breasted Jezebel butterflies (left) are creating a flutter as they float from the eastern to the western Himalayas, staking new territorial claims and unseating 'good guy' native species, while the 'bad guys' like the Schistocerca gregaria locust (right) proliferate too. (Photos taken in Rajasthan, May 2020)
PHOTO • Courtesy: Butterfly Research Centre, Bhimtal, Uttarakhand
Even the gentle Red-Breasted Jezebel butterflies (left) are creating a flutter as they float from the eastern to the western Himalayas, staking new territorial claims and unseating 'good guy' native species, while the 'bad guys' like the Schistocerca gregaria locust (right) proliferate too. (Photos taken in Rajasthan, May 2020)
PHOTO • Rajender Nagar

আনকি শান্ত প্ৰকৃতিৰ ৰঙা বুকুৰ জেজেবেল পখিলাইও (বাওঁফালে) নতুন আবাসস্থল দখল কৰি বসতি কৰাৰ বাবে হিমালয়ৰ পূৰ্বাংশৰ পৰা পশ্চিমবংগলৈ উৰণ আৰম্ভ কৰিলে। লগতে পশ্চিম হিমালয়ৰ থলুৱা তথা উপকাৰী পতংগসমূহক উচ্ছেদ কৰিলে, ইয়াৰ বিপৰীতে ক্ষতিকাৰক কাকতী ফৰিঙৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে (২০২০ৰ মে’ত ৰাজস্থানত লোৱা আলোকচিত্ৰ)

এক ডজনৰো অধিক সংখ্যক প্ৰজাতিৰ পৰুৱা এতিয়া ক্ষতিকাৰক কীটলৈ পৰিণত হৈছে, হুলুস্থুলীয়া ঝিলীবিলাক এতিয়া নতুন স্থানত অনাধিকাৰ দখল আৰম্ভ কৰিছে। ক্ষুৰধাৰ মুখেৰে সকলো কাটিবপৰা উঁইপোকবিলাকে অন্ধকাৰচ্ছন্ন বনাঞ্চলৰ পৰা ওলাই ভাল গছবোৰ গোগ্ৰাসে খাবলৈ ধৰিছে, আনহাতে মৌমাখিৰ জনসংখ্যা হ্ৰাস পাবলৈ ধৰিছে আৰু জিঞাপোক এতিয়া অকালতে ওলাব ধৰিছে। সকলো জীৱিত প্ৰাণীৰ খাদ্য নিৰাপত্তাত খহনীয়া আৰম্ভ হৈছে। নতুন আবাসস্থল দখল কৰি বসতি কৰাৰ বাবে হিমালয়ৰ পূৰ্বাংশৰ পৰা পশ্চিমাংশলৈ ক্ষণে ক্ষণে বৰণ সলাই উৰিবলৈ আৰম্ভ কৰিছে। আনকি শান্ত প্ৰকৃতিৰ ৰঙা বুকুৰ জেজেবেল পখিলাবিলাকে পশ্চিম হিমালয়ৰ থলুৱা তথা উপকাৰী পতংগসমূহক নিজৰ বাসস্থানৰ পৰা উচ্ছেদ কৰিলে। যুদ্ধক্ষেত্ৰ আৰু যুঁজাৰুৰ পৰিসৰ সমগ্ৰ ভাৰতলৈ প্ৰসাৰিত হৈছে।

থলুৱা কীট-পতংগৰ সংখ্যাৰ অৱনতিয়ে মধ্য ভাৰতৰ মৌ চিকাৰীক বিপাঙত পেলাইছে। “এনেকুৱা দিন আছিল এসময়ত আমি থিয় পাহাৰৰ শিলত শ শ মৌবাহ দেখিছিলো। এতিয়া মৌবাহ বিচাৰি পোৱা টান হৈ পৰিছে।” মধ্যপ্ৰদেশৰ চিন্দৱাড়া জিলাৰ ভাডিয়া আদিবাসী সম্প্ৰদায়ৰ ৪০ বছৰীয়া ব্ৰিজ কিষাণ ভাৰতীয়ে কয়।

শ্ৰীজোট গাঁৱৰ তেওঁ আৰু আন সকলো মৌ বিচৰা লোক দৰিদ্ৰসীমাৰ তলৰ পৰিয়ালৰ, তেওঁলোকে ওচৰৰ থিয় পাহাৰত মৌ বিচাৰে, সেই মৌ তেওঁলোকে ২০ কিলোমিটাৰ নিলগৰ টানিয়া ব্লকৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰে। তেওঁলোকে বছৰত দুবাৰ মৌ বিচৰা অভিযান চলায়। এই দুয়োবাৰতে (নৱেম্বৰ-ডিচেম্বৰ আৰু মে’-জুন) তেওঁলোকে বহুত দিন বাহিৰত কটায়।

এটা দশকত তেওঁলোকৰ মৌৰ দাম প্ৰতি কুইণ্টলত ৬০ টকাৰ পৰা ৪০০ টকা হ’ল, কিন্তু “আমি আগতে এবাৰ মৌ বিচৰা অভিযানত ২৫-৩০ কুইণ্টলকৈ মৌ পাইছিলো, এতিয়া এবাৰ পাহাৰত মৌ বিচৰা অভিযান চলাই কোনোমতে ২০ কিলোগ্ৰাম ২০ কিলোগ্ৰাম পোৱাটোৱে সৌভাগ্যৰ কথা। বনাঞ্চলত জামু, বেহেৰা, আম আৰু শালৰ দৰে গছৰ সংখ্যা হ্ৰাস পাইছে। গছ নোহোৱা হোৱা মানে ফুল কমি যাব, গতিকে মৌৰ বাবে আহাৰৰ অনাটন, লগতে আন কীট-পতংগৰ বাবেও খাদ্য সমস্যা হৈছে।” ব্ৰিজ কিষাণৰ ৩৫ বছৰীয়া ভাতৃ জয় কিষাণে কয়। গতিকে মৌৰে জীৱিকা অৰ্জন কৰাসকলৰ উপাৰ্জন হ্ৰাস পাইছে।

Top row: 'Today, bee hives are difficult to find', say honey-hunters Brij Kishan Bharti (left) and Jai Kishan Bharti (right). Bottom left: 'We are seeing  new pests', says Lotan Rajbhopa. Bottom right: 'When bees are less, flowers and fruit will also be less', says Ranjit Singh
PHOTO • Priti David

আজিকালি মৌৰ বাহ বিচাৰি পাবলৈ টান হৈছে। মৌ চিকাৰী ব্ৰিজ কিষাণ ভাৰতী (বাওঁফালে) আৰু জয় কিষাণ ভাৰতী (সোঁফালে)য়ে কয়। তলত বাওঁফালেঃ “আমি নতুন কীট-পতংগ দেখিছো,” লোতন ৰাজভোপাই কয়। তলত সোঁফালেঃ “মৌৰ সংখ্যা কমিলে ফুল আৰু ফলৰ পৰিমাণো কমিব,” ৰঞ্জিৎ সিঙে কয়

ফুলৰ পৰিমাণ হ্ৰাস পোৱাটোৱেই কেৱল উদ্বেগৰ কথা নহয়। “আমি বতৰৰ অমিল দেখিবলৈ পাইছো, পতংগসমূহৰ উৎপত্তি আৰু ফুল ফুলাৰ মাজত সংগতি নোহোৱা হৈছে।” বেংগালুৰুৰ জীৱবিজ্ঞানৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ (এন চি বি এছ)ৰ ড. জয়শ্ৰী ৰত্নমে কয়। “বহুতো গছৰ ক্ষেত্ৰত নীতিশীতোষ্ণ মণ্ডলত বসন্ত কালৰ আগমন আগতীয়া হোৱা বাবে ফুল আগতীয়াকৈ ফুলিব ধৰিছে, কিন্তু পৰাগৰেণু সংযোগকাৰীসকলৰ আগমন সেই সময়ত নঘটে। ইয়াৰ অৰ্থ এয়ে যে কীট-পতংগসমূহে সিহঁতৰ প্ৰয়োজনৰ সময়ত আহাৰ খাবলৈ নাপায়। এই সালসলনি জলবায়ু পৰিৱৰ্তনৰ বাবে ঘটিছে।” এন চি বি এছৰ বন্যজীৱ বিজ্ঞান আৰু সংৰক্ষণ আঁচনিৰ সহকাৰী সঞ্চালকৰ দায়িত্বত থকা ড. ৰত্নমে কয়।

ড. ৰত্নমে লগতে কয় যে এই কীট-পতংগবিলাক পোনপটীয়াভাৱে আমাৰ খাদ্য সুৰক্ষাৰ লগত সম্পৰ্ক থকা যদিও “নোমাল স্তন্যপায়ী প্ৰাণীৰ দৰে ইহঁতে আমাৰ মনত সমান মৰম সাধাৰণতে নজগায়।”

*****


“মোৰ মধুৰীআমৰ গছৰ ফল কমিছে এনে নহয়, আমলা আৰু মহুৱাৰ ফলো কমিছে। কেইবাবছৰ ধৰি চিৰঞ্জি গছত ফল লগা নাই।” মধ্যপ্ৰদেশৰ হোসাংগাবাদ জিলাৰ কাতিয়াদানা গাঁৱৰ ৫২ বছৰীয়া ৰঞ্জিৎ সিং মাৰ্ছকোলে আমাক কয়। পিপাৰিয়া তহচিলৰ মাতকুলি গাঁৱৰ ওচৰত থকা নিজৰ পৰিয়ালৰ ৯ একৰ মাটিত এই গোণ্ড আদিবাসী কৃষকজনে ঘেঁহু আৰু বুটৰ খেতি কৰে।

ৰঞ্জিৎ সিঙে কয়, “মৌৰ সংখ্যা কমি গ’লে, ফুল আৰু ফলৰ সংখ্যাও কমি যাব।”

নিষেচন বা পৰাগ সংযোগত সহায় কৰা পৰুৱা, মৌমাখি, মাখি, বৰল, ফুটিপোক, পখিলা, গুবৰুৱাৰ দৰে আৰু আন বহুতো কীট-পতংগৰ পাখি-ঠেং শুং আদিৰ ওপৰত আমাৰ খাদ্য সুৰাৰ বৃহৎ অংশ এটা নিৰ্ভৰশীল। এফএঅ’ৰ পত্ৰিকা ত দেখিছো যে কেৱল ২০,০০০ৰো অধিক প্ৰজাতিৰ মৌমাখি আৰু ইয়াৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই, বাদুলি আৰু আন জীৱ-জন্তুৱে সমগ্ৰ বিশ্বত পৰাগযোগত অৰিহণা যোগায়। খাদ্যশস্যৰ ৭৫ শতাংশ আৰু সকলো বন্য গছ-বৃক্ষৰ ৯০ শতাংশই সেই পৰাগযোগৰ ওপৰত নিৰ্ভৰ কৰে। পৰাগযোগৰ বিসংগতিৰ ফলত সমগ্ৰ বিশ্বত ২৩৫ৰ পৰা ৫৭৭ বিলিয়ন ডলাৰ মূল্যৰ শস্য বছৰি ক্ষতিগ্ৰস্ত হৈছে।

পৰুৱা, মৌমাখি, মাখি, বৰল, ফুটিপোক, পখিলা, গুবৰুৱাৰ দৰে আন বহুতো স্থানীয় কীট-পতংগৰ পাখি, ঠেং, চেপেনা আৰু শুঙৰ ওপৰত আমাৰ খাদ্য সুৰক্ষা বহু পৰিমাণে নিৰ্ভৰশীল

ভিডিঅ’ চাওকঃ ‘গজি উঠিবলৈ সকলো গছ-লতা পতংগৰ ওপৰত নিৰ্ভৰশীল’

খাদ্যশস্যৰ পৰাগযোগত ভূমিকা পালন কৰাৰ উপৰি গছ বা জন্তুৰ মৃতদেহ মাটিত মিহলি কৰি অৰণ্যৰ উৰ্বৰতা ৰক্ষাত পতংগই সহায় কৰে, মাটিৰ উৎকৰ্ষ সাধন কৰে আৰু গছৰ বীজ দূৰ-দূৰণিলৈ বিয়পাই দিয়ে। বনাঞ্চলৰ কাষত থকা ১,৭০,০০০ খন গাঁৱত ভাৰতৰ লাখ লাখ আদিবাসী আৰু আনলোকে বাস কৰে, তেওঁলোকে অৰণ্যৰ পৰা ইন্ধনৰ খৰি কাঠ যোগাৰ কৰাৰ উপৰি অকাঠী গছ ব্যৱহাৰ কৰে বা আন বনজ দ্ৰব্য ব্যৱহাৰ কৰে বা বিক্ৰী কৰে। তদুপৰি দেশৰ মুঠ পশুধনৰ ৫৩৬ নিযুতৰ বাবে বনাঞ্চল চৰণীয়া পথাৰ।

“বনাঞ্চল শুকাই আহিছে,” কাষতে ম’হকেইটা চৰি থকা এজোপা গছৰ ছাঁত বহি বিজয় সিঙে আমাক ক’লে। ৭০ বছৰ বয়সত ভৰি দিয়া এই গোণ্ড আদিবাসী কৃষকজনৰ পিপাৰিয়া তহচিলৰ চিংগানামা গাঁৱত ৩০ একৰ কৃষিভূমি আছে। সেই মাটিত তেওঁ ঘেঁহু আৰু বুটৰ খেতি কৰে। যোৱা কেইবছৰমান তেওঁৰ মাটি চন পৰি আছে। “বৰষুণ হ’লে খুব প্ৰৱলভাৱে হয় আৰু সোনকালে নোহোৱা হয়। কেতিয়াবা আকৌ বৰষুণে মাটি তিয়াবই নোৱাৰে।” কীট-পতংগই মুখামুখি হোৱা সমস্যা তেওঁ নিৰীক্ষণ কৰিছে, “পানী নাই, গতিকে পৰুৱাই ক’ত বাহ সাজিব?”

পিপাৰিয়া তহচিলৰ পাচমাৰ্হি কেণ্টনমেণ্ট এলেকাত ৪৫ বছৰীয়া নান্দু লাল ধুৰবেই সিৰলুৰ দৰে উঠি থকা সমকেন্দ্ৰীক বৃত্তৰ আকাৰৰ কেইটামান উই হাফলু আমাক দেখুৱালে। হাফলু বনাবলৈ কোমল মাটি আৰু শীতল আৰ্দ্ৰতাৰ প্ৰয়োজন। কিন্তু আমাৰ ইয়াত একেৰাহে বৰষুণ হৈ নাথাকে আৰু যথেষ্ট গৰম, সেয়ে এনে উইহাফলু কেতিয়াবা চকুত পৰে।”

“আবতৰীয়া ঠাণ্ডা আৰু বৰষুণৰ কাৰণে আজিকালি ফুলবিলাক মৰহি যায় বা শুকাই যায়- বৰষুণ কেতিয়াবা খুব বেছি হয়, কেতিয়াবা একেবাৰে কম হয়।” নিজৰ অঞ্চলৰ পাৰিপাৰ্শ্বিকতা সম্পৰ্কে ব্যাপক অভিজ্ঞতা থকা বাগিছা প্ৰতিপালক তথা গোণ্ড আদিবাসী ধুৰবেই ক’লে। “সেই কাৰণে ফলমূলৰ গছে কম ফচল দিবলৈ ধৰিছে আৰু কীট-পতংগই কম খাদ্য খাব লগা হৈছে।”

PHOTO • Priti David

গৰম আৰু শুকান জলবায়ুৰ বাবে পৰুৱাৰ বাহ বা উঁই হাঁফলু (স্থানীয় ভাষাত ‘বামি’ বুলি কয়) (মাজত, মধ্যপ্ৰদেশৰ জুনাৰদেউ তহচিলত) দেখিবলৈ পোৱা নাযায় বুলি নান্দু লাল ধুৰবেই (বাওঁফালে) কয়। “হাবি-জংঘল মৰি আহিছে,” মধ্যপ্ৰদেশৰ পিপাৰিয়া তহচিলৰ বিজয় সিঙে কয়

১,১০০ মিটাৰ উচ্চতাত সাতপুৰ বন সংমণ্ডলত অৱস্থিত পাচমাৰি ইউনেস্ক’ৰ সংৰক্ষিত জীৱমণ্ডল আৰু ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ অভয়াৰণ্য। মধ্য ভাৰতৰ এই স্বাস্থ্যকৰ ঠাইখন সমতলভূমিৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ অহা বহুতো লোকেৰে ভৰি থাকে। ধুৰবে আৰু বিজয় সিঙে লক্ষ্য কৰা মতে এই অঞ্চলৰ উষ্ণতা বৃদ্ধি পাইছে আৰু তেওঁলোকৰ এই মত সমৰ্থনযোগ্য।

নিউয়ৰ্ক টাইমছৰ গোলকীয়া উষ্ণতা সম্পৰ্কীয় ইণ্টাৰেক্টিভ প’ৰ্টেলৰ পৰিসংখ্যাৰ পৰা দেখা যায় যে ১৯৬০ চনত বছৰৰ ১৫৭ দিনত পিপাৰিয়াৰ উত্তাপে ৩২ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে। বৰ্তমান এবছৰত উত্তপ্ত দিনৰ সংখ্যা ২০১ দিনলৈ বৃদ্ধি পাইছে।

কৃষক আৰু বিজ্ঞানীসকলে লক্ষ্য কৰা বতৰৰ এই পৰিৱৰ্তনৰ ফলত বহুতো প্ৰজাতি হেৰাই গৈছে বা লুপ্তপ্ৰায় হৈছে। এফ এ অ’ৰ এক প্ৰতিবেদনৰ সতৰ্কীকৰণ এনেধৰণৰঃ “মানুহৰ কৰ্মকাণ্ডৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে বহুতো প্ৰজাতিৰ বিলোপৰ হাৰ স্বাভাৱিকতকৈ ১০০ৰ পৰা ১০০০ গুণলৈ বৃদ্ধি পাইছে।

*****

“বিক্ৰী কৰিবলৈ আজি মোৰ এটাও পোক-পৰুৱা নাই,” চত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ চোটেডোংগাৰ সাপ্তাহিক বজাৰত গোণ্ড আদিবাসী মহিলা মুন্নিবাঈ কাচলানে কয়। ৫০ বছৰত প্ৰৱেশ কৰা মুন্নিয়ে সৰু কালৰে পৰা বাস্তাৰৰ জংঘলৰ পৰা ঘাঁহ আৰু পৰুৱা সংগ্ৰহ কৰি আহিছে। এতিয়া চাৰিগৰাকী জীয়ৰীৰ মাতৃ মুন্নি এগৰাকী বিধবা মহিলা। সাপ্তাহিক বজাৰৰ পৰা ৯ কিলোমিটাৰ দূৰৰ ৰোহতাৰ গাঁৱত থকা দুই একৰ কৃষিভূমিত পৰিয়ালটোৱে খোৱা খাদ্যৰ খেতি কৰে আৰু তেওঁ এগৰাকী আত্মনিৰ্ভৰশীল খেতিয়ক।

বজাৰত ঝাড়ুবন, পৰুৱা আৰু কেতিয়াবা কেইকিলোমান চাউল বিক্ৰী কৰি ঘৰৰ আন আৱশ্যকীয় বস্তু কিনিবলৈ মুন্নিয়ে ৫০-৬০ টকামান নগদ ধন হাতলৈ আনিবলৈ চেষ্টা কৰে। বিক্ৰী কৰা অলপমান পৰুৱাৰ পৰা তেওঁ খুব বেছি ২০ টকা পাব বুলি কয়। কিন্তু আমি লগ পোৱাৰ দিনা বিক্ৰী কৰিবলৈ তেওঁৰ পৰুৱা নাছিল, মাত্ৰ কেইমুঠামান ঘাঁহ লৈ গৈছিল।

Top left: The apis cerana indica or the 'bee', resting on the oleander plant. Top right: Oecophylla smaragdina, the weaver ant, making a nest using silk produced by its young one. Bottom left: Daphnis nerii, the hawk moth, emerges at night and helps in pollination. Bottom right: Just before the rains, the winged form female termite emerges and leaves the the colony to form a new colony. The small ones are the infertile soldiers who break down organic matter like dead trees. These termites are also food for some human communities who eat it for the high protein content
PHOTO • Yeshwanth H M ,  Abin Ghosh

ওপৰত বাওঁফালেঃ কৰবী গছত জিৰণি লৈছে এপিছ চেৰানা ইণ্ডিকা অৰ্থাৎ মৌমাখিয়ে। ওপৰত সোঁফালেঃ সৰুবিলাকে উৎপন্ন কৰা ৰেচন ব্যৱহাৰ কৰি বাহ তৈয়াৰ কৰিছে বোৱনী পৰুৱাই। তলত বাওঁফালেঃ ডাফনিছ নেৰি বা বৰফুটি পোক নিশা ওলায় আৰু পৰাগযোগত সহায় কৰে। তলত সোঁফালেঃ বৰষুণ অহাৰ আগতে পাখি গজা মাইকী উঁইবিলাক ওলায় আৰু নিজৰ পুৰণি আশ্ৰয়স্থল এৰি নতুন আশ্ৰয়স্থল তৈয়াৰ কৰাৰ সন্ধান কৰে। সৰুবিলাক প্ৰজনন ক্ষমতাহীন সৈনিক, সিহঁতে মৃত গছ মাটিত বগৰাই জৈৱপদাৰ্থ মাটিত মিলায়। অধিক মাত্ৰাত প্ৰ’টিন থকা উঁইবিলাক কিছুমান সম্প্ৰদায়ৰ লোকে খায়

“আমি ৰঙা পৰুৱা খাওঁ, এটা সময়ত আমি মহিলাবিলাকে জংঘলত অতি সহজে ৰঙা পৰুৱা বিচাৰি পাইছিলো। এতিয়া নোপোৱা হৈছো আৰু খুব বেছি ওখ গছত থাকে, সেয়ে সিহঁতক ধৰা বৰ টান হৈ পৰিছে। গছত উঠি পৰুৱা ধৰিবলৈ গৈ মানুহ আহত হ’ব পাৰে বুলি আমাৰ ভয় লাগি থাকে।”

কীট-পতংগৰ ৰোমহৰ্ষক ভৱিষ্যতলৈ ভাৰতে স্পষ্টতঃ গতি কৰিছে। “কীট-পতংগসমূহ অতি গুৰুত্বপূৰ্ণ প্ৰজাতি। সিহঁতৰ বিলোপ হ’লে গোটেই ব্যৱস্থাটো ভাঙি চুৰমাৰ হ’ব।” এন চি বি এছ-ৰ সহকাৰী অধ্যাপক ড. সঞ্জয় ছানেই কয়। মধ্যপ্ৰদেশৰ পাচমাৰি আৰু কৰ্ণাটকৰ আগুম্বেৰ বন্যপ্ৰাণী ক্ষেত্ৰস্থলত তেওঁ বৰফুটি (Hawk Moth) নিৰীক্ষণ অধ্যয়ন কেন্দ্ৰ চলাই আছে। “উদ্ভিজগত, কৃষিকাৰ্য আৰু উষ্ণতাৰ পৰিৱৰ্তনে সকলো প্ৰজাতিৰ কীট-পতংগৰ সংখ্যাৰ অৱনতি ঘটাইছে। সমুদায় কীট-পতংগ বিলুপ্তিৰ পথত।”

“কীট-পতংগই উষ্ণতাৰ সামান্য তাৰতম্য সহ্য কৰিব পাৰে, উষ্ণতা যদি ০.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পায়, তেন্তে সিহঁতৰ পৰিস্থিতিতন্ত্ৰ চিৰদিনলৈ সমতাহীন হৈ নাথাকে বা সলনি হৈ যাব পাৰে।” ভাৰতৰ জীৱবিদ্যা জৰীপ (জেদ এছ আই)ৰ সঞ্চালক ড. কৈলাশ চন্দ্ৰই কয়। যোৱা তিনি দশকত পখিলা আৰু জিঞা পোককে ধৰি গুবৰুৱা পোক ৭০ শতাংশ হ্ৰাস পোৱা বুলি এই প্ৰাণীতত্ত্ববিদজনে দেখুৱাইছে আৰু প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা (আই ইউ চি এন)ৰ ৰঙা তালিকাত ‘সংকটজন’ বুলি চিহ্নিত কৰা হৈছে। “ব্যাপক হাৰত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্য আমাৰ মাটি আৰু পানীত মিলি গৈছে, ই থলুৱা পোক-পৰুৱা, জলজ কীট-পতংগ, অনান্য প্ৰজাতি কিছুমান ধ্বংস কৰিছে আৰু কীট-পতংগৰ জৈৱবৈচিত্ৰ ধূলিস্যাৎ কৰিছে।” ড. চন্দ্ৰই কয়।

“আগৰ অপকাৰী কীট-পতংগ নোহোৱা হৈছে, কিন্তু আমি কিছুমান নতুন কীট-পতংগ দেখিছো,” মধ্যপ্ৰদেশৰ তামিয়া তহচিলৰ সৰু গাওঁ ঘাটিয়াত লগ পাওঁতে মাৱাছি সম্প্ৰদায়ৰ ৩৫ বছৰীয়া আদিবাসী কৃষক লটান ৰাজভোপাই আমাক কয়। “ইহঁত ইমান বেছিকৈ আহে যে আমাৰ সকলো শস্য ধ্বংস কৰিব পাৰে। আমি সিহঁতক ‘ভিনভিনি’ বা ‘অগনন’ নাম দিছো।” তেওঁ তিক্ততাৰে কয়। “এই নতুন পতংগবিলাক ক্ষতিকাৰক, কীটনাশক ব্যৱহাৰ কৰিলে সিহঁতৰ সংখ্যা বৃদ্ধি পায়।”

Ant hills in the Satpura tiger reserve of MP. 'Deforestation and fragmentation coupled with climate change are leading to disturbed habitats', says Dr. Himender Bharti, India’s ‘Ant Man’
PHOTO • Priti David
Ant hills in the Satpura tiger reserve of MP. 'Deforestation and fragmentation coupled with climate change are leading to disturbed habitats', says Dr. Himender Bharti, India’s ‘Ant Man’
PHOTO • Priti David

মধ্যপ্ৰদেশৰ সাতপুৰা ব্যাঘ্ৰ অভয়াৰণ্যত উঁইহাঁফলু। ‘নিৰ্বননিকৰণ আৰু খণ্ডিতকৰণ লগতে জলবায়ুৰ পৰিৱৰ্তনে কীট-পতংগৰ বাসস্থানৰ ক্ষতিসাধন কৰিছে,’ ভাৰতৰ ‘পৰুৱামানৱ’ খ্যাত ড. হিমেন্দাৰ ভাৰতীয়ই কয়

উত্তৰাখণ্ডৰ ভীমতলত থকা পখিলা গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাতা পিটাৰ স্মেটাচেকে (৫৫) দীৰ্ঘদিন ধৰি কৈ আহিছে যে সমগ্ৰ হিমালয় পৰ্বতমালাৰ পশ্চিমাংশত গোলকীয়া উষ্ণতাই আৰ্দ্ৰতা আৰু উষ্ণতা বৃদ্ধি কৰিছে। সেয়ে আগতে শুকান আৰু শীতল হৈ থকা শীতকাল এতিয়া গৰম আৰু সেমেকা হৈ থাকে, ইয়াৰ ফলত পূৰ্বীয় হিমালয়ত বসতিস্থল থকা প্ৰজাতিসমূহে (গৰম আৰু আৰ্দ্ৰ জলবায়ুত বাস কৰাৰ ক্ষেত্ৰত অভ্যস্ত) পশ্চিম হিমালয় পৰ্বমালাত বাস কৰা পখিলাৰ মাজত উপনিবেশিকতাৰ প্ৰসাৰ ঘটাইছে।

পৃথিৱী গ্ৰহৰ ২.৪ শতাংশ ভূমিৰে ভাৰত বিশ্বৰ অন্যতম জৈৱবৈচিত্ৰ কেন্দ্ৰ যদিও বিশ্বৰ ৭-৮ শতাংশ প্ৰজাতিৰ বাবেহে ভাৰত বসতিস্থল। ২০১৯ৰ ডিচেম্বৰত ভাৰতত থকা মুঠ কীট-পতংগৰ প্ৰজাতিৰ সংখ্যা ৬৫,৪৬৬ বুলি জেদ এছ আই-ৰ ড. চন্দ্ৰই কৈছিল। অৱশ্যে এই পৰিসংখ্যা ইতিমধ্যে সংৰক্ষিত কৰা প্ৰজাতিসমূহৰ বুলি তেওঁ কৈছিল। সমগ্ৰ দেশত থকা সৰ্বমূঠ কীট-পতংগৰ বিভিন্ন প্ৰজাতিৰ সংখ্যা এই পৰিসংখ্যাৰ ৪-৫ গুণ হ’ব বুলি তেওঁ কৈছিল। চিনাক্ত কৰি সকলো প্ৰজাতিক তালিকাভূক্ত কৰালৈকে বহু প্ৰজাতি বিলোপ হ’ব বুলি তেওঁ কয়।

*****

“নিৰ্বননিকৰণ আৰু খণ্ডিতকৰণৰ লগতে জলবায়ুৰ পৰিৱৰ্তন যোগ হৈ কীট-পতংগৰ বাসস্থল ক্ষতিগ্ৰস্ত কৰিছে,” ভাৰতৰ পৰুৱাবিদ নামে খ্যাত পাটিয়ালাত থকা পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ ক্ৰমবিৱৰ্তন প্ৰাণীতত্ত্ববিদ ড. হিমেন্দৰ ভাৰতীয়ে কয়। “আন মেৰুদণ্ডী প্ৰাণীৰ তুলনাত অতি সুক্ষ্ম হাৰত চাপ সৃষ্টিৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু ভূপৃষ্ঠত সৃষ্টি হোৱা অসুবিধাবিলাক আৰু প্ৰজাতিসমূহৰ জৈৱবৈচিত্ৰৰ মূল্যাংকন কৰিবলৈ ব্যাপক ৰূপত পৰুৱাৰ প্ৰতিক্ৰিয়াক ব্যৱহাৰ কৰা হয়।”

বিশ্ববিদ্যালয়ৰ জীৱবিদ্যা আৰু পাৰিপাৰ্শ্বিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড. ভাৰতীয়ে ভাৰতত থকা ৮২৮ বিধ প্ৰজাতি আৰু উপ-প্ৰজাতিৰ পৰুৱাৰ প্ৰথমখন তালিকা সংকলন কৰাৰ বাবে দেশবাসী তেওঁৰ ওচৰত ঋণী। “আগ্ৰাসনকাৰী প্ৰজাতিসমূহে খুব ক্ষীপ্ৰতাৰে নিজক খাপ খুৱাই আৰু থলুৱা প্ৰজাতিবিলাকক স্থানান্তৰ কৰে। সিহঁতে থলুৱা প্ৰজাতিৰ বাসস্থল দখল কৰে আৰু নিয়ন্ত্ৰণ কৰে।” তেওঁ সকিয়াই দিয়ে।

Top left: 'I don’t have any ants to sell today', says Munnibai Kachlan (top left) at the Chhotedongar weekly haat. Top right: 'Last year, these phundi keeda ate up most of my paddy crop', says Parvati Bai of Pagara village. Bottom left: Kanchi Koil in the Niligirs talks about the fireflies of her childhood. Bottom right: Vishal Ram Markham, a buffalo herder in Chhattisgarh, says; 'he land and the jungle now belong to man'
PHOTO • Priti David

ওপৰত বাওঁফালেঃ “আজি বিক্ৰী কৰিবলৈ মোৰ এটাও পৰুৱা নাই,” চোটেডোংগাৰ সাপ্তাহিক বজাৰত মুন্নিবাঈ কাচলানে কয় (ওপৰত বাওঁফালে), ওপৰত সোঁফালেঃ “যোৱাবছৰ এই ফুন্দি কীটবোৰে মোৰ ধানখেতিৰ সিংহভাগেই খাই শেষ কৰিছিল,” পাগাৰ গাঁৱৰ পাৰ্বতীয়ে কয়। তলত বাওঁফালেঃ নীলগিৰিৰ কাঞ্চি কইলে তেওঁৰ সৰুকালৰ জোনাকী পৰুৱাৰ বিষয়ে কয়। তলত সোঁফালেঃ চত্তীশগডৰ ম’হপালক বিশাল ৰাম মাৰ্খামে কয়, “সকলো মাটি আৰু বনাঞ্চল এতিয়া মানুহৰ দখলত”

প্ৰায় ৫০ বছৰীয়া মাৱাছি জনজাতিৰ পাৰ্বতী বাঈয়ে ভাবে যে অপকাৰী পোক-পৰুৱাৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে। হোসাংগাবাদ জিলাৰ তেওঁৰ নিজ গাওঁ পাগাৰাত আমাক কয়, “আমি আজিকালি এই ফুন্দি কীটবোৰ (খুব ক্ষীণ নৰম কীট) দেখিছো। যোৱা বছৰ মোৰ ১ একৰ মাটিৰ ধানখেতিৰ সৰহখিনি এই কীটবিধে খাই পেলালে।” ইয়াৰ ফলত যোৱা বছৰ খেতিৰ বতৰত তেওঁৰ কমেও ৯,০০০ টকাৰ লোকচান হয় বুলি কয়।

পাৰ্বতী বাঈৰ পৰা এহেজাৰ কিলোমিটাৰ দূৰত দাক্ষিণাত্যৰ নীলগিৰি পৰ্বমালাত ড. অনিতা ভাৰ্গিছৰ পৰ্যবেক্ষণ এনেধৰণৰঃ “খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকসকলে এই পৰিৱৰ্তন প্ৰথমতে লক্ষ্য কৰিছে।” নীলগিৰিৰ ‘কীষ্টোন ফাউণ্ডেছন’ৰ উপ-সঞ্চালিকাগৰাকীয়ে উল্লেখ কৰে যে ‘কেৰালাৰ মৌসংগ্ৰাহকসকলে লক্ষ্য কৰে যে ‘এপিছ চেৰানা’ প্ৰজাৰি মৌবিলাকে মাটিৰ বাহ সাজি থকাৰ পৰিৱৰ্তে গছৰ খোৰোঙলৈ যাবলৈ আৰম্ভ কৰিছে। ভালুকৰ মৌ লুণ্ঠন আৰু মাটিৰ তাপমাত্ৰা বৃদ্ধি পোৱাৰ বাবেই এই প্ৰজাতিৰ মৌৱে মাটিৰ পৰিৱৰ্তে গছৰ খোৰোঙত বাহ সাজিবলৈ আৰম্ভ কৰিছে। পৰম্পৰাগত জ্ঞান থকা থলুৱা সম্প্ৰদায়ৰ লোকসকল আৰু বিজ্ঞানীয়ে আলোচনাৰ মাজেৰে ইয়াৰ প্ৰতিকাৰৰ উপায় বিচাৰি উলিয়াব লাগিব।’

কাট্টুয়াকান আদিবাসী সম্প্ৰদায়ৰ নীলগিৰি অঞ্চলৰ ৬২ বছৰীয়া কাঞ্চি কইলে জোনাকী পৰুৱাৰ কথা কৈ শৈশৱৰ স্মৃতি ৰোমন্থন কৰে। জোনাকী পৰুৱাই তেওঁৰ শৈশৱৰ নিশাবোৰ পোহৰ কৰি তুলিছিল। “নিশা গছৰ ওপৰত জোনাকী পৰুৱাবোৰক ৰথ এখনৰ দৰে লাগিছিল। মই যেতিয়া সৰু আছিলো, সিহঁতে জাক পাতি আহিছিল আৰু গছবিলাক ইমান ধুনীয়া লাগিছিল। এতিয়া সেইবিলাক দেখিবলৈ পোৱা নাযায়।”

আকৌ চত্তীশগডলৈ উভতি আহো, ধামতাৰি জিলাৰ জাবাৰা বনাঞ্চলৰ ৫০ বৰ্ষীয় গোণ্ড আদিবাসী কৃষক বিশাল ৰাম মাৰ্কামে মৃত্যুমুখী অৰণ্যক লৈ উদ্বিগ্ন হৈ পৰিছেঃ “মাটি আৰু বনাঞ্চল এতিয়া মানুহৰ দখলত। আমি জুই জ্বলাও, পথাৰত আৰু পানীত ডিএপি (ডায়েনিয়াম ফছফেট)ৰ ফোৱাৰা উৰুৱাও। দূষিত পানীৰ বাবে বছৰি ৭ টাৰ পৰা ১০ টা পৰ্যন্ত মই মোৰ পোহনীয়া ডাঙৰ জন্তু হেৰুৱাবলগা হয়। মাছ আৰু চৰাই জীয়াই থাকিব নোৱাৰে; তেন্তে সৰু সৰু পোক-পৰুৱা কেনেকৈ জীয়াই থাকিব?”

বেটুপাতৰ আলোকচিত্ৰঃ যশোৱন্ত এইচ এম

এই প্ৰতিবেদন যুগুত কৰিবলৈ অমূল্য সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে মহম্মদ আৰিফ খান, ৰাজেন্দ্ৰ কুমাৰ মহাবীৰ, অনুপ প্ৰকাশ, ড. সবিতা চিব আৰু ভৰত মেৰুগুক এই প্ৰতিবেদকে ধন্যবাদ জনাইছে। ইয়াৰ লগতে ফৰেনচিক পতংগবিদ ড. মীনাক্ষী ভাৰতীয়ে আন্তৰিকতাৰে তেওঁৰ গভীৰ অন্তদৃষ্টিৰে সহযোগীতা কৰাৰ বাবে তেওঁলৈও এই প্ৰতিবেদকে কৃতজ্ঞতা যাঁচিছে।

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Reporter : Priti David

प्रीति डेविड, पारी की कार्यकारी संपादक हैं. वह मुख्यतः जंगलों, आदिवासियों और आजीविकाओं पर लिखती हैं. वह पारी के एजुकेशन सेक्शन का नेतृत्व भी करती हैं. वह स्कूलों और कॉलेजों के साथ जुड़कर, ग्रामीण इलाक़ों के मुद्दों को कक्षाओं और पाठ्यक्रम में जगह दिलाने की दिशा में काम करती हैं.

की अन्य स्टोरी Priti David
Editor : P. Sainath

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Series Editors : P. Sainath

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Series Editors : Sharmila Joshi

शर्मिला जोशी, पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए बतौर कार्यकारी संपादक काम कर चुकी हैं. वह एक लेखक व रिसर्चर हैं और कई दफ़ा शिक्षक की भूमिका में भी होती हैं.

की अन्य स्टोरी शर्मिला जोशी
Translator : Pankaj Das

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

की अन्य स्टोरी Pankaj Das