তৃতীয়টো ব’ৰৱেলো যেতিয়া শুকাই গ’ল, ডি অমৰনাথ ৰেড্ডিয়ে জলসিঞ্চনৰ বাবে বৰষুণৰ পানীৰ ওপৰতে ভৰসা কৰিবলগীয়া হ’ল। কিন্তু অন্ধ্ৰপ্ৰদেশৰ খৰাংপীড়িত ৰায়ালসীমা অঞ্চলত বৰষুণৰ কোনো ঠিকনা নাই, তাতেই সেই ৫১ বছৰ বয়সীয়া খেতিয়কজনে বিলাহীৰ খেতি কৰে। সেই কাৰণতে চিত্তুৰ জিলাৰ মুড়িভেদু গাঁৱৰ নিজৰ তিনি একৰ মাটিত তেওঁ ৫ লাখ টকা খৰছ কৰি ব’ৰৱেল বহুৱাইছিল। খান্দিবৰ কাৰণে তেওঁ ব্যক্তিগত খুদখোৰৰ পৰা পইচা ধাৰে লৈছিল। প্ৰথমটো নাদৰ পৰা পানী নোলোৱাত তেওঁ আকৌ এবাৰ চেষ্টা কৰিলে। তৃতীয়বাৰলৈ তেওঁৰ ধাৰত পোত গ’ল, কিন্তু পানী নোলাল।
২০২০ৰ এপ্ৰিল-মে’ মাহত শস্য চপাই কিছু পৰিমাণে ধাৰ মাৰিবলৈ অমৰনাথে অধীৰ আগ্ৰহেৰে বাট চাই ৰ’ল। ব’ৰৱেলৰ নামত কৰা খৰছ, ডাঙৰজনী জীয়াৰীৰ বিয়াৰ খৰছ আৰু শস্যৰ ঋণ লগ লাগি তেওঁৰ ১০ লাখ টকা ধাৰ লাগিছিল। কিন্তু হঠাতে ২৪ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা লকডাউনে তেওঁৰ সকলো পৰিকল্পনাত আউল লগালে। তেওঁ বিলাহীখিনি চিঙি বিক্ৰী কৰিব নোৱাৰিলে, সেয়া পথাৰতে পকি সৰি পচি যোৱা তেওঁ অসহায় হৈ চাই ৰ’ল।
“অতিমাৰীৰ সময়ত পৰিস্থিতি ভাল নহ’ব বুলি তেওঁৰ মনলৈ ভাব আহিছিল নিশ্চয়, তেওঁ সকলো আশা এৰি দিছিল,” অমৰনাথে কিয় ২০২০ৰ ১৭ ছেপ্টেম্বৰত বিহ খাইছিল সেই কথা তেওঁৰ পত্নী ডি বিমলাই বুজাবলৈ চেষ্টা কৰে। “তাৰে ১০ দিন আগতেও এবাৰ আপোনঘাতী হ’বলৈ চেষ্টা কৰিছিল। আমি তেওঁক বেংগালুৰুৰ এখন ডাঙৰ হস্পিতাললৈ (১৮০ কিলোমিটাৰ দূৰৰ) লৈ গ’লো। তাত আমাৰ ১ লাখ টকা খৰছ হৈছিল,” বিমলাই কয়, তেতিয়াই তেওঁ অমৰনাথক তেনে নকৰিবলৈ কাবৌ কৰিছিল।
ব’ৰৱেলৰ পৰা পানী নোলোৱাটো চিত্তুৰত কৃষকে আত্মহত্যা কৰাৰ অন্যতম ডাঙৰ কাৰণ বুলি আৰক্ষীৰ প্ৰতিবেদনত কোৱা হৈছে। আনবোৰ কাৰণ হৈছে বিলাহীৰ খেতিৰ পৰা হোৱা লোকচান আৰু কৃষিৰ ঋণ। ভুক্তভোগী পৰিয়ালৰ বাবে দিয়া ক্ষতিপূৰণৰ নিৰ্দেশত আন ভালেমান কাৰণ উল্লেখ কৰা হৈছেঃ “আত্মহত্যা কৰাৰ কাৰণ ভিন্ন হ’ব পাৰে, যেনে ব’ৰৱেলৰ পৰা পানী নোলোৱা, অতিবেছি খৰছী নগদী শস্যৰ খেতি, লোকচান হোৱা ধৰণৰ মূল্য, মৌখিক চুক্তিত লোৱা মাটি আৰু বেংকৰ পৰা ঋণ যোগ্যতা নথকা, অতিবেছি সুতৰ হাৰত ব্যক্তিগত সুদখোৰৰ পৰা টকা ধাৰে লোৱা, বিৰূপ বতৰ, শিশুৰ শিক্ষা, কু-স্বাস্থ্য আৰু বিয়াৰ নামত বৰ্দ্ধিত খৰছ।”
কিছুমানৰ পৰিয়ালৰ পৰিস্থিতি যোৱা বছৰৰ লকডাউনে আৰু বেছি শোচনীয় কৰি তোলে। ২০২০তে চিত্তুৰ জিলাৰ ৩৪ গৰাকী কৃষকে আত্মহত্যা কৰিছে – এই সংখ্যা ২০১৪ চনৰ পৰা সেইটো বছৰলৈকে হোৱা সৰ্বাধিক। তাৰে ২৭ গৰাকীয়ে এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত আত্মহত্যা কৰিছে।
অতিমাৰীৰ আগতেও পৰিস্থিতি সিমান ভাল নাছিল। ২০১৯ত অন্ধ্ৰপ্ৰদেশৰ কৃষকৰ ঘৰে প্ৰতি ধাৰ আছিল ২.৪৫ লাখ টকা, সেয়া আছিল দেশখনৰ ভিতৰতে সৰ্বাধিক। শেহতীয়াকৈ প্ৰকাশিত কৃষিনিৰ্ভৰ পৰিয়াল আৰু গ্ৰামীণ ভাৰতৰ পৰিয়ালৰ ভূমি তথা পশুধনৰ স্বত্ত্বৰ পৰিস্থিতি মূল্যায়ন, ২০১৯ত কোৱা হৈছে যে গ্ৰামীণ ভাৰতৰ ৯৩ শতাংশ কৃষিনিৰ্ভৰ পৰিয়ালেই সেইটো বছৰত ধাৰত ডুবি আছিল।
অমৰনাথ আৰু বিমলাৰ ঘৰৰ কাষৰে গলিটোৰ ২৭ বছৰীয়া পি মঞ্জুলাই এতিয়াও তেওঁৰ ঢুকোৱা স্বামীৰ সেই সময়ৰ মানসিক অৱস্থা কেনে আছিল অনুমান কৰাৰ চেষ্টা কৰে। তেওঁৰ কোনো হতাশাৰ চিন নাছিল। আঠ বছৰ হোৱা সংসাৰখনত তেওঁলোক দুজনে তেওঁলোকৰ ১০ একৰ খেতিমাটিত কেতিয়া কি শস্য লগাব সেয়াই প্ৰায়ে আলোচনা কৰি থাকিছিল। “কিন্তু কেতিয়াও তেওঁৰ পইচা-পাতিৰ সমস্যাৰ কথা উল্লেখ কৰা নাছিল। সেই ধাৰ (৮.৩৫ লাখ টকা) মোৰ বাবে আচৰিত হ’বলগীয়া কথা আছিল।” মঞ্জুলাৰ গিৰীয়েক ৩৩ বছৰ বয়সীয়া পি মধুসুধন ৰে়ড্ডিয়ে গছ এডালত চিপজৰী লয় আৰু ২০২০ৰ ২৬ জুলাইত ঢুকায়।
মধুসুধনে আধা একৰ মাটিত কৰা বিলাহী খেতিখিনি চপোৱা নহ’ল। খেতিৰ বেছিভাগ ব্যয় তেওঁলোকৰ খেতি পথাৰত বহুওৱা চাৰিটা ব’ৰৱেলৰ কাৰণেই হৈছিল, তেওঁৰ পিতৃ পি জয়ৰামী ৰেড্ডিয়ে কয়। ৭০০ৰ পৰা ৮০০ ফুট দ ব’ৰৱেলকেইটা প্ৰায় আঠ বছৰমানৰ ভিতৰত খান্দি সম্পূৰ্ণ কৰা হৈছিল আৰু তেনেকৈয়ে ধাৰবোৰ বাঢ়ি গৈছিল।
ধাৰ শুজিবলৈ মধুসুধনৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ পিছত দুই একৰ মাটি বিক্ৰী কৰে। এতিয়া তেওঁলোকে আধা একৰ মাটিত ধানখেতি কৰে, তাৰে আঠটা পৰিয়ালে মিলি ব্যৱহাৰ কৰা ব’ৰৱেল এটাৰ পৰা পানী লয়। “এই বছৰৰ (২০২১) অতিবৃষ্টিৰ কাৰণে আমাৰ কাঠবাদামৰ খেতি ভাল নহ’ল। যিমানখিনি খৰছ কৰিছিলো সেইখিনি ঘূৰি নাহে। বাকীখিনি মাটি চন পৰি আছে,” জয়ৰামী ৰেড্ডীয়ে কয়।
২০১৯ৰ পৰা হোৱা অতিমাত্ৰা বৰষুণৰ কাৰণে জিলাখনৰ খেতিয়কসকলে বিলাহীৰ খেতি এৰি ধানখেতি কৰিবলৈ লৈছে, চিত্তুৰৰ উদ্যানশস্য বিভাগৰ উপসঞ্চালক বি শ্ৰীনিবাচুলুৱে কয়। যাহওঁক, ২০০৯-১০ৰ পৰা ২০১৮-১৯ৰ মাজৰ দশকটোৰ সাতটা বছৰৰ বাবে জিলাখনৰ মুড়িভেদু গাওঁখন থকা কুৰাবালাকোটা মণ্ডলকে ধৰি কিছু অংশক খৰাংপীড়িত বুলি ঘোষণা কৰা হৈছিল, মণ্ডলটোৰ সহকাৰী পৰিসংখ্যা বিষয়া এন ৰাঘৱ ৰেড্ডীয়ে কয়।
২০১৯ৰ পিছত চিত্তুৰত কৃষকৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে। জিলা অপৰাধ অভিলেখ ব্যুৰ’ৰ ডেটা অনুসৰি ২০১৮ত সেই সংখ্যা আছিল ৭ জন, ২০১৯ত বাঢ়ি গৈ সেয়া ২৭ জন হ’লগৈ। ২০২০ত যেতিয়া অন্ধ্ৰপ্ৰদেশত দেশখনৰ ভিতৰতে কৃষকৰ আত্মহত্যাৰ সংখ্যা তৃতীয় সৰ্বাধিক হ’লগৈ – ৫৬৪ গৰাকী, য’ৰ ১৪০ গৰাকী ভাৰাতীয় কৃষক, তাৰে ৩৪ গৰাকী চিত্তুৰৰ আছিল, এয়া ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰ’ (এনচিআৰবি)ৰ তথ্য।
দলিত ভাৰাতীয় কৃষক এম চিন্না ৰেড্ডাপ্পা তাৰে মাজৰে এগৰাকী আছিল। তেওঁ পেড্ডা থিপ্পাসমুন্দ্ৰম মণ্ডলৰ তেওঁৰ গাওঁ সম্পতিকোটা গাঁৱৰ ডেৰ একৰ মাটিত বিলাহীৰ খেতি কৰিছিল। সেইখিনি মাটি তেওঁ ছমাহৰ বাবে ২০ হাজাৰ টকাত বন্ধকত লৈছিল। ক’ভিড-১৯ৰ কাৰণে তেওঁ সেই শস্য বিক্ৰী কৰাৰ সুযোগ নাপালে, তেওঁৰ পত্নী এম ইশ্বৰাম্মাই কয়। “বিলাহীখিনি পথাৰতে পচি গ’ল, আমি তিনি লাখ টকাৰ ধাৰত পৰিলো।” সেই ধাৰ শুজিবলৈ পৰিয়ালটোৰ কোনো সম্পত্তি কিম্বা সঞ্চয়ো নাছিল। ৩০ ডিচেম্বৰত ৪৫ বছৰ বয়সীয়া চিন্না ৰেড্ডাপ্পাই আপোনঘাতী হয়।
তাৰ পাছত ইশ্বৰাম্মা আৰু তেওঁৰ জীয়াৰী পূজা (৫ম মানত পঢ়ে) বি কথাকটা মণ্ডলৰ দেগানিপাল্লি চুবুৰীত থকা মাকৰ ঘৰলৈ আহে। “এতিয়া আমি খেতিপথাৰত ২০০ টকাত হাজিৰা কৰি বাচি আছো, ইফালে ধাৰবোৰ শুজিবলৈ কোনো উপায় নাই,” ইশ্বৰাম্মাই কয়। “কোনোমতে জীয়াই থকা স্বত্ত্বেও পাওনাদাৰহঁতে মোক ফোন কৰি পইচা বিচাৰে, অশান্তি পাওঁ।”
২০১৪ৰ পৰা ২০১৮ৰ মাজৰ কালছোৱাত ১,৫১৩ গৰাকী কৃষকে অন্ধ্ৰপ্ৰদেশত আত্মহত্যা কৰিছিল, ২০১৯ৰ ফেব্ৰুৱাৰীত ৰাইথু স্বৰাজ্য বেদিকা (আৰএছভি)য়ে কৰা এখন আৰটিআইৰ আধাৰত এই তথ্য পোহৰলৈ আহে। তাৰে কেৱল ৩৯১ গৰাকী কৃষকে ৰাজ্য চৰকাৰৰ ৫ লাখ টকাৰ ক্ষতিপূৰণ পাইছে। এই তথ্য সংবাদ মাধ্যমত সদৰী হোৱাৰ পিছত ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত অনুসন্ধানৰ নিৰ্দেশ দিয়ে। “চৰকাৰে নতুনকৈ ৬৪০ গৰাকীক ক্ষতিপূৰণ দিবলৈ সন্মত হয় যদিও বাকী ৪৮২ গৰাকী কৃষকৰ পৰিয়ালে একো নাপালে,” ক্ষতিপূৰণৰ পৰা বঞ্চিত পৰিয়ালক সহায় কৰা আৰএছভি নামে কৃষকৰ সংগঠনটোৰ সচিব বি কন্দাল ৰেড্ডীয়ে কয়। চৰকাৰে ২০১৯ৰ অক্টোবৰত প্ৰয়াত কৃষকৰ পৰিয়ালক আৰু দুই লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। কিন্তু বিমলা, মঞ্জুলা কিম্বা ইশ্বৰাম্মা কোনোৱে সেই ধনৰাশি এতিয়ালৈ পোৱা নাই।
২০১৯-২০ত চিত্তুৰ জিলাৰ পৰা ৰাজ্যখনৰ বিলাহীৰ উৎপাদনত ৩৭ শতাংশ যোগ দিছিল। সেই বছৰটোত অন্ধ্ৰপ্ৰদেশ বিলাহী উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছিল। স্থানীয় আৰু বৰ্ণসংকৰ বিলাহীৰ খেতি গোটেই বছৰটোত কৰা হৈছিল। ৰায়ালসীমা অঞ্চলৰ চিত্তুৰ আৰু আন জিলাবোৰ (ৱাইএছআৰ কাডাপা, অনন্তপুৰ, কাৰ্নুল)ৰ লগতে চুবুৰীয়া কৰ্ণাটকৰ বিলাহীৰ খেতিয়কে চিত্তুৰৰ মদনাপাল্লে বিলাহী বজাৰত সেয়া বিক্ৰী কৰে, সেইখন বজাৰখন প্ৰাংগণৰ আকাৰ হিচাপত দেশৰ ভিতৰতে সৰ্ববৃহৎ বজাৰ।
মদনাপাল্লেত পাইকাৰী বিক্ৰীৰ দৰ নিলামৰ যোগেদি নিৰ্ধাৰণ কৰা হয় আৰু এই দৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে আগদিনা ৰাতি বৰষুণ হ’লে পিছদিনা পুৱা দৰ কমি যায়। আকৌ দৰ ভাল হ’লেও উৎপাদিত সামগ্ৰীবিধৰ যোগান বজাৰত বেছিকৈ হৈ পৰিলে বজাৰ দৰ সেই দিনটোত নামি যায়। ২৯ আগষ্টৰ দিনা এনে হৈছিল যেতিয়া এই প্ৰতিবেদকে অনন্তপুৰ জিলাৰ তানাকাল মণ্ডলৰ মালৰেড্ডিপাল্লে গাঁৱৰ খেতিয়ক এছ শ্ৰীনিবাচুলুক মদনাপাল্লে বজাৰত পণ্য বিক্ৰী কৰি থকা সময়ত লগ পাইছিল। “৩০ কিলোৰ এটা বাকচৰ দাম যোৱাকালি ৫০০ টকাৰ পৰা পোনচাটে ৩৯০ হৈ পৰে যেতিয়া ভাল দাম পোৱা বুলি জানিবলৈ পাই কৃষকে আৰু বেছি বিলাহী বজাৰখনলৈ লৈ আনে,” তেওঁ কয়।
“বিলাহীৰ খেতিত প্ৰতি একৰত ১ লাখৰ পৰা ২ লাখ পৰ্য্যন্ত টকা ব্যয় হ’ব পাৰে,” অনন্তপুৰৰ নাল্লাচেৰুভু মাণ্ডা-১ৰ আল্লুগুণ্ডু গাঁৱৰ খেতিয়ক আৰ ৰামাস্বামী ৰেড্ডিয়ে কয়। “ইনপুট বঢ়ালে উৎপাদন বাঢ়িব পাৰে, যদিহে প্ৰকৃতিয়ে (বৰষুণে) শস্যখিনি নষ্ট নকৰে,” তেওঁ কয়। ২-৩ বছৰত হোৱা লোকচান চতুৰ্থ বছৰটোত উদ্ধাৰ কৰিব পাৰি।
যোৱা তিনিটা বছৰত বিলাহীৰ খেতি কৰাটো অতিকৈ ৰিস্কি কাৰবাৰ হৈ পৰিছে, লীজত লোৱা ১০-১৫ একৰ মাটিত বিলাহী খেতি কৰা মদনপাল্লেৰ উকীল এন সহদেৱা নাইডুৱে কয়। “মোৰ ২০ বছৰীয়া অভিজ্ঞতাৰ পৰা কওঁ যে দৰ এটা সপ্তাহো থিৰে নাথাকে,” তেওঁ কয়। লগতে যোগ দিয়ে যে যোৱা দুটা দশকত খেতিৰ নামত হোৱা খৰছ ৭ৰ পৰা ১০ গুণ বাঢ়িছে যদিও বিলাহীৰ দাম ১ৰ পৰা ৬০ টকাৰ ভিতৰতে থাকি গৈছে। কিন্তু শস্যবিধৰ পৰা ভাল লাভ পোৱাৰ সম্ভাৱনাৰ কাৰণে ৰিস্ক ল’বপৰা খেতিয়কে এই খেতি কৰি আহিছে। বেছিকৈ বিলাহী উৎপাদন কৰি নাইডুৰ পৰিয়ালে তল-উপৰ হৈ থকা দামৰ সৈতে মোকাবিলা কৰিব পাৰিছে। “আমি মাটি লীজত লৈ খেতি কৰো আৰু গোটেই বছৰটো বিলাহী বিক্ৰী কৰোঁ, সেয়ে লোকচানৰ পৰা বাচি থাকিব পাৰো,” তেওঁ বুজাই কয়।
এই বছৰ ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহৰ মাজত হোৱা বাৰিষাৰ বতৰৰ অতিবৃষ্টি আৰু নৱেম্বৰৰ মাজভাগত হোৱা ২৫৫ শতাংশ অতিৰিক্ত আৱতৰীয়া বৃষ্টিপাতে ৰায়ালসীমা অঞ্চলৰ হাজাৰ হাজাৰ একৰ খেতি নষ্ট কৰিছে। হাইব্ৰিড প্ৰজাতিৰ উচ্চ গুণসম্পন্ন বিলাহী যোৱা মাহত প্ৰতিকিলোত ৪২-৪৮ টকাত বিক্ৰী হৈছিল, নৱেম্বৰত সেয়া ৯২ টকা দৰত বিক্ৰী হৈছে। সেই দাম বাঢ়ি গৈ ২৩ নৱেম্বৰত অভিলেখ গঢ়ে, প্ৰতিকিলোত ১৩০ টকা হয়গৈ।
কিছু কৃষকে সেইদিনা ঘৰলৈ স্বস্তিৰ নিশ্বাস পেলাই আহিছিল, কিন্তু আন বহুতকে সেইটো দিনে তেওঁলোকৰ অনিশ্চিত জীৱনটোৰ কথা সোঁৱৰাই দিছিল।
আপোনাৰ মনলৈ যদি কেতিয়াবা আত্মহত্যাৰ ভাৱ আহে বা কোনোবা তেনে সংশয়ত থকা বুলি জানে , তেন্তে অনুগ্ৰহ কৰি কিৰণৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1800-599-0019 (প্ৰতিদিনে ২৪ ঘণ্টাই মুকলি ট’ল ফ্ৰী নম্বৰ)ত যোগাযোগ কৰক । মানসিক স্বাস্থ্যৰ ডাক্তৰ বা পৰামৰ্শদাতাৰ বিষয়ে জানিবলৈ আৰু সেৱাসমূহ পাবলৈ SPIFৰ মানসিক স্বাস্থ্যৰ নিৰ্দেশিকাখন চাওঁক ।
অনুবাদ: পংকজ দাস