তেওঁলোকে বিজুলীৰ তাঁৰবোৰ আঁতৰাবলৈ ধৰাৰ দিনা কাষৰে দোকানী এজনৰ চকুপানী ওলাইছিল। “তেওঁ অকলশৰীয়া অনুভৱ কৰিব আৰু আমালৈ মনত পৰি থাকিব বুলি তেওঁ কৈছিল। আমাৰ বাবেও এয়া দুখলগা সময় আছিল। কিন্তু কৃষকৰ জয় ইয়াতকৈ বহুতেই ডাঙৰ উৎসৱৰ কথা,” গুৰৱিন্দৰ সিঙে কয়।
পুৱা ৮ বাজি ১৫ মিনিটমানৰ পৰা গুৰৱিন্দৰৰ লগতে তেওঁৰ গাঁৱৰ আন কৃষকসকলে পশ্চিম দিল্লীৰ টিক্ৰি প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকৰ অস্থায়ী শিবিৰবোৰ ভাঙিবলৈ লয়। কোনো এটা সময়ত তেওঁলোকে কাঠ এচটাৰে কোবাই বাঁহৰ গাঁঠিবোৰ ভাঙিছে, কেতিয়াবা ইটাৰে তলখন ভাঙিবলৈ চেষ্টা কৰিছে। প্ৰায় ২০ মিনিটমানত বাঁহৰ এটা বৃহৎ দ’ম হৈ পৰিল। তেওঁলোকেও চাহ-পকৰি খাবলৈ বুলি সামান্য জিৰণি ল’লে।
“আমি নিজহাতে এই শিবিৰবোৰ সাজিছিলো আৰু এতিয়া নিজেই এইবোৰ ভাঙিছো,” পাঞ্জাৱৰ লুধিয়ানা জিলাৰ দাংগিয়ান গাঁৱৰ নিজৰ ছয় একৰ মাটিত গমধান, ধান আৰু আলুৰ খেতি কৰা ৩৪ বছৰ বয়সীয়া গুৰৱিন্দৰে কয়। “এনেদৰে জিকি যোৱাটো আমাৰ বাবে সুখৰ কথা, কিন্তু ইয়াত মানুহৰ মাজত যি আন্তৰিকতাৰ সম্পৰ্ক গঢ়ি উঠিল, সেয়া এৰি যোৱাৰ দুখো আছে।”
“প্ৰতিবাদৰ আৰম্ভণিৰ দিনবোৰত ইয়াত একো নাছিল। আমি ৰাস্তাতে শুইছিলো। পিছতহে আমি এই ঘৰবোৰ সাজিলো,” পাঞ্জাৱৰ লুধিয়ানাৰ একেখন গাঁৱৰ পৰা অহা দীদাৰ সিঙে (৩৫) কয়। তেঁৱো সাত একৰ মাটিত ধান, গমধান, আলু আৰু শাক-পাচলি আদিৰ খেতি কৰে। “আমি ইয়াত বহু কথা শিকিছো, বিশেষকৈ ইয়াত থকা দিনবোৰত আমাৰ মাজত ভ্ৰাতৃত্ববোধৰ সম্পৰ্ক গঢ়ি উঠিছে। সকলো চৰকাৰে আমাৰ মাজত বিভাজন আনে। কিন্তু পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ - এই সকলো ৰাজ্যৰ কৃষকসকল যেতিয়া ইয়াত লগ লাগিল, সকলোৱে বুজি পালে যে আমি সকলো দৰাচলতে এক।”
“পাঞ্জাৱত নিৰ্বাচন আহি আছে আৰু আমি সঠিক প্ৰাৰ্থীক ভোট দিম,” গুৰৱিন্দৰ সিঙে কয়। “আমাৰ হাতত যিয়ে ধৰিব (সমৰ্থন কৰিব) আমি তাকহে ভোট দিম। আমাৰ সৈতে বিশ্বাসঘাটকতা কৰাজনক আমি শাসনভাৰ নিদিও,” দীদাৰে কয়।
চল্লিশটামান প্ৰতিবাদী কৃষক সংঘৰে গঠিত সংযুক্ত কিষাণ মৰ্চা (এছকেএম)য়ে ৯ ডিচেম্বৰৰ দিনা ঘোষণা কৰে যে চৰকাৰে তিনিখন বিতৰ্কিত আইন প্ৰত্যাহাৰ কৰাৰ লগতে আন দাবীসমূহ মানি লোৱা হেতুকে তেওঁলোকে দিল্লীৰ সীমান্তত এবছৰজোৰা কৃষকৰ সংগ্ৰাম সামৰিব।
শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএচপি), কৃষি ঋণ বিষয়ক সমস্যা আৰু আন বিভিন্ন বিষয়ক লৈ সমস্যাসমূহ এতিয়াও সমাধান হোৱা নাই, সেয়ে কেন্দ্ৰ চৰকাৰৰ লগত এছকেএম-য়ে আলোচনা অব্যাহত ৰাখিব।
“আমি এই প্ৰতিবাদ স্থগিতহে ৰাখিছো, এৰি দিয়া নাই। সেনা জোৱানে ছুটিত খকাৰ দৰে কৃষকসকলেও জিৰণিহে লৈছে। চৰকাৰে আমাক গুৰুত্ব নিদিলে আমি ঘূৰি আহিম,” দীদাৰে কয়।
“চৰকাৰে যদি আমাক অশান্তি দিয়ে (এমএচপি আৰু আন কৃষি সমস্যা সমাধানক লৈ) আমি পুনৰাই আগৰবাৰৰ দৰেই ঘুৰি আহিম,” গুৰৱিন্দৰে কয়।
দাংগিয়ান গাঁৱৰ প্ৰতিবাদকাৰীসকলৰ পৰা কেইমিটাৰমান দূৰত হাৰিয়ানাৰ ফাটেহবাদ জিলাৰ ধানী ভোজৰাজ গাঁৱৰ সতবীৰ গোদাৰা আৰু আনসকলে এখন সৰু ট্ৰাকত দুখন প’ৰ্টেবল ফেন, পানীৰ ড্ৰাম, দুটা এয়াৰ কুলাৰ, তিৰ্পাল আৰু লোৰ ৰডবোৰ প্ৰতিবাদস্থলীৰ পৰা আনি তুলি দিছে।
“আমাৰ গাঁৱৰ আন এজন কৃষকৰ পৰা এই ট্ৰাকখন মগাই আনিছো আৰু কেৱল ডিজেলৰ পইচাহে দিছো,” ৪৪ বছৰ বয়সীয়া সতবীৰে কয়। “আমাৰ জিলাখনৰ ধানী গোপাল চকত এই বস্তুবোৰ আনলোড কৰা হ’ব। আকৌ এই সংগ্ৰামৰ বাবে আহিবলগীয়া হ’লে কি কৰিম? তাৰবাবে সাজু থাকিব লাগিব। আমাৰ সকলো দাবী পুৰণ হোৱা নাই। সেয়ে আমাৰ বয়-বস্তুবোৰ এঠাইতে ৰাখিছো। চৰকাৰক কেনেকৈ এশিকনি দিব লাগে জনা হৈছো,” এই বুলি কৈ গোটেই জাকটোৱে গিৰ্জনি মাৰি হাঁহে।
“আমি চৰকাৰক সময় ধৰি দিছো। এমএচপিৰ বাবে যুঁজিব লাগিলে আকৌ উভতিম। আমাৰ আন্দোলন স্থগিতহে ৰখা হৈছে,” সতবীৰে কয়। “এয়া আছিল আমাৰ বাবে এক ঐতিহাসিক বৰ্ষ। আমাৰ ওপৰত পানীবোমা নিক্ষেপ কৰা হৈছিল, কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল। আমাৰ বাটত প্ৰকাণ্ড শিল দি, ৰাস্তা খান্দি খাৱৈ দি ভেটা দিয়া হৈছিল। আমি সকলো বাধা নেওচি টিক্ৰিত উপস্থিত হৈছিলো।”
ডিচেম্বৰৰ ১১ তাৰিখৰ দিনা পুৱা ন বাজে মানে বহুতো কৃষকে ইতিমধ্যে টিক্ৰিৰ প্ৰতিবাদস্থল এৰিছে। ইতিমধ্যে টালি-টোপোলা বন্ধাসকলে যাবলৈ সাজু হৈছিল। ট্ৰেক্টৰৰ ট্ৰলীত লোড কৰা লেপ-তুলি, চাৰপায়ী, তিৰ্পাল আৰু বিভিন্ন সামগ্ৰীৰ ওপৰত পুৰুষবোৰ বহি গৈছিল। কিছুমানে ট্ৰাক আৰু আন কিছুমানে সৰু গাড়ী আৰু ব’লেৰো আদিত গৈছিল।
বহুতেই ৱেষ্টাৰ্ণ পেৰিফেৰাল এক্সপ্ৰেছৱেলৈ পোনাইছে, কিছুমানে বাওঁফালে দিল্লী-ৰোহটক ৰোড হৈ গৈছে (হাৰিয়ানাৰ বাহাদুৰগঢ় চহৰৰ কাষত)। তাতে ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ, একতা উগ্ৰহণ)
সেই ৰাস্তাটোত ঝাৰখণ্ডৰ পাকুৰ জিলাৰ ৩০ বছৰ বয়সীয়া কল্পনা দাসীয়ে বাহাদুৰগঢ়ত পেলনীয়া বস্তু তোলা কাম কৰে। তেওঁ ১০ বছৰীয়া পুত্ৰ আকাশক লৈ প্ৰতিবাদস্থলীলৈ আহিছিল। তেওঁ জানিছিল যে এদিন প্ৰতিবাদী কৃষকসকল উভতি যাব লাগিব, তেওঁৰ বেয়া লাগিছিল। “আমি ইয়ালৈ পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰিবলৈ আহিলে তেওঁলোকে আমাক দৰে দৰিদ্ৰক দিনে দুসাজ ভাত খুৱায়,” তেওঁ কয়।
এই ৰাস্তাৰ ট্ৰেক্টৰবোৰ (ৰোহটকৰ অভিমুখী) প্লাষ্টিক আৰু কাগজৰ ফুল, ৰিবন আৰু সংঘৰ পতাকাৰে সজোৱা হৈছে। “সজোৱাৰ পিছত আমি ট্ৰেক্টৰবোৰ লৈ গৈছো আৰু বিয়াৰ শোভাযাত্ৰাৰ দৰে আগবাঢ়িম,” পাঞ্জাৱৰ মোগা জিলাৰ দালা গাঁৱৰ চিৰিন্দৰ কৌৰে (৫০) কয়। এখন ট্ৰেক্টৰ ট্ৰলীত তেওঁৰ পৰিয়ালৰ তুলি, পাকঘৰৰ সামগ্ৰী আদি তুলি দিয়া হৈছে আৰু আনখনত উঠিছে। মহিলাসকলে কেণ্টাৰ ট্ৰাক এখনত উঠিছে।
“শ শ ট্ৰেক্টৰে প্ৰথমতে আমাৰ গাওঁখন পোৱাৰ আগেয়ে মোগাৰ বুট্টাৰ পাব। আমাক ফুলেৰে অভিবাদন জনোৱা হ’ব, তাৰপিছত শেষত আমি আমাৰ গাওঁ পামগৈ,’ চিৰিন্দৰ কৌৰে কয়। ডালা গাঁৱৰ চাৰি একৰ মাটিত তেওঁৰ পৰিয়ালে ধান, গমধান আৰু বুটমাহৰ খেতি কৰে। চিৰিন্দৰ মুক্তিযুঁজাৰুৰ পৰিয়ালৰ পৰা অহা, তেওঁ কয়। এতিয়া (ডিচেম্বৰৰ ১১ তাৰিখলৈ) “মোৰ দেৱৰে টিক্ৰি সীমান্তত, এজনে সিংঘুত আৰু মোৰ পৰিয়ালটোৱে ইয়াত (বাহাদুৰগঢ়ৰ ৰোহটক ৰোডত) প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আমি যুঁজাৰু পৰিয়াল আৰু এই সংগ্ৰামতো আমি জয়ী হৈছো। আমাৰ দাবী (আইন তিনিখন প্ৰত্যাহাৰৰ) পুৰণ হৈছে, এতিয়া আমাক সংঘই কোৱা মতে (বিকেইউ একতা উগ্ৰহণ) কৰিম।”
ট্ৰলী এখনৰ কাষত থিয় হৈ থকা পাঞ্জাৱৰ মোগা জিলাৰ বাধিনী কালান গাঁৱৰ কিৰণপ্ৰীত কৌৰ (৪৮)ক ভাগৰুৱা যেন লাগিছে। “আমি এঘণ্টা মাত্ৰ শুইছো। কালি ৰাতিৰে পৰা আমি বয়-বস্তু সামৰা কামতে লাগি আছো,” তেওঁ কয়। “ৰাতি ৩ বজালৈকে বিজয়ৰ আনন্দ-উৎসৱ চলিছিল।”
ঘৰত তেওঁৰ ১৫ একৰ মাটিত তেওঁলোকে গমধান, ধান, মাকৈ, সৰিয়হ আৰু আলুৰ খেতি কৰে। “কেনেকৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব লাগে আৰু নিজৰ অধিকাৰৰ কাৰণে যুঁজিলে বিজয় নিশ্চিত সেইকথা বহুতে শিকিছে,” তেওঁ লগতে কয়।
এৰাৰ আগেয়ে কিৰণপ্ৰীতে কয় যে তেওঁলোকে লগ লাগি ৰাস্তাৰ যিখিনি ঠাইত আছিল সেইখিনি ভালকৈ চুক-কোণ চাফা কৰি গৈছে। “মই এই মাটিৰ ওচৰত আঠু লৈছো, এই মাটিয়ে আমাক প্ৰতিবাদৰ কাৰণে ঠাই দিছিল। যি মাটিক আপুনি পুজা কৰে সেই মাটিয়েহে প্ৰতিফল দিব।”
বাহাদুৰগঢ়ৰ বিকেইউৰ মূল মঞ্চৰ কাষত পৰমজীত কৌৰ, সংঘটোৰ ভাতিন্দা অঞ্চলৰ নেত্ৰী পৰমজীত কৌৰে ট্ৰলীখনত সকলোবোৰ বস্তু ভালকৈ বান্ধি দিয়াৰ চেষ্টা কৰিছিল। তিনিকুৰি বছৰ বয়স গৰকা পৰমজীতে ৰাস্তাৰ ডিভাইদাৰত আলু, বিলাহী, সৰিয়হ আৰু পাচলি খেতি কৰা ঠাইখিনি চাফা কৰি গৈছে। ( টিক্ৰিৰ কৃষক: ‘ওৰেটো জীৱন নাপাহৰো ’ পঢ়ি চাব পাৰে ) । “আমি সেইখিনি চপাই ইয়াৰে শ্ৰমিকক পাচলিবোৰ দিছো,” তেওঁ কয়। আমাৰ লগত কেইপদমান বস্তুহে নিছো। কাঠ, তিৰ্পাল আদিবোৰ দুখীয়া মানুহক ঘৰ সজা কামত লগাবলৈ দি গৈছো।
আজি আমাৰ ট্ৰলীবোৰ ৰাস্তাৰ কাষৰ গুৰুদ্বাৰাত ৰ’ব আৰু পিছদিনা পুৱা আকৌ যাত্ৰাৰম্ভ কৰিব, তেওঁ কয়। “আমাৰ গাঁৱৰ ৰাইজে আমাক আদৰিব। আমি আমাৰ মাটি বচাব পাৰিলো, তাকে লৈ আমি আনন্দ-উৎসৱ কৰিম। অৱশ্যে আমাৰ সংগ্ৰাম এতিয়াও শেষ হোৱা নাই। আমি দুদিন জিৰাম। তাৰপাছত পাঞ্জাৱত আমাৰ আন দাবীসমূহক লৈ যুঁজিম।”
তেওঁ কথা কৈ থকা সময়তে প্ৰতিবাদী কৃষকৰ কনভয় এটা ট্ৰেক্টৰ ট্ৰলী, ট্ৰাক আৰু আন বাহন লৈ গৃহ অভিমুখে গৈ আছিল। হাৰিয়ানা পুলিচক ট্ৰেফিক ব্যৱস্থাপনাৰ বাবে মোতায়েন কৰা হৈছে। প্ৰতিবাদস্থলীৰ আৰম্ভণিতে, পাঞ্জাৱ কিষাণ ইউনিয়নৰ মঞ্চৰ পৰা বেছিদূৰত নহয়, কৃষকসকলক দিল্লীত প্ৰৱেশ কৰাত বাধা দিবলৈ যোৱাবছৰ পেলোৱা প্ৰকাণ্ড শিলবোৰ জেচিবি মেচিন এটাই ভাঙি আছে।
পুৱা ১১ মান বজাত টিক্ৰিখন খালি হৈ পৰিল, কেইগৰাকীমান প্ৰতিবাদকাৰী যাবলৈ বাকী আছে। “কিষাণ মজদুৰ একতা জিন্দাবাদ” ধ্বনিৰে এটা বছৰ মুখৰিত হৈ থকা টিক্ৰিখন নিজান হৈ পৰিল। এতিয়া এই ধ্বনি গাঁৱে গাঁৱে কৃষকৰ ঘৰে ঘৰে প্ৰতিধ্বনিত হ’ব - তাতে তেওঁলোকে যুঁজখন আগুৱাই নিবলৈ দৃঢ়প্ৰতিজ্ঞ।
অনুবাদ: পংকজ দাস