প্ৰহ্লাদে তেওঁৰ গৰুকেইটা বচোৱাৰ চেষ্টা কৰিছে। কিন্তু তাৰ বাবে তেওঁৰ তিনি একৰ মাটিৰ মধুৰিআমৰ খেতি খন শুকাই মৰি যাবলৈ এৰি দিব লাগিব।

‘কিবা এটা বাচি ল’বই লাগিব,’ সাতৰ পৰা ৮ ফুট উচ্চতাৰ শাৰী শাৰী মধুৰিআমৰ গছবোৰৰ মাজত থিয় হৈ চলচলীয়া চকুৰে ৪৪ বৰ্ষীয় প্ৰহ্লাদে কৈ গ’ল। ‘মই যি পাৰো সকলো কৰিছোঁ, মোৰ গাঁঠিৰ ধন ভাঙিছোঁ, গহনা-গাঁঠৰি বিক্ৰী কৰিছোঁ...কিন্তু এনেদৰে কিমানদিন পানী কিনি গছবোৰ জীয়াই ৰাখিম। শেষত মই মোৰ গৰুকেইটাকে বচোৱাৰ সিদ্ধান্ত লৈছো। বুকুত শিল ৰাখি এই সিদ্ধান্তত উপনীত হৈছোঁ।’

এবাৰ বিক্ৰী কৰি দিলে গৰু পাবলৈ টান। মহাৰাষ্ট্ৰ চৰকাৰৰ খৰাং সাহায্যৰ বাবে বীৰ জিলাৰ তেওঁৰ গাওঁ ভড়গাঁও ধোকৰ সমীপতে এপ্ৰিল মাহত গৰুৰ শিবিৰ পাতিছিল। প্ৰহ্লাদে স্থানীয় বজাৰৰ পৰা গাইপতি ১ লাখ টকাকৈ ক্ৰয় কৰা দুটা গীৰ গৰুৰ লগতে মুঠ ১২ টা গৰু শিবিৰলৈ লৈ যোৱা হৈছিল। কিন্তু খেতি পথাৰ এৰি দিয়া মানে যি ক্ষতি হ’ব সেয়া অপূৰণীয়।

‘মোৰ সৰুটো ভাই চাৰি বছৰ আগতে লক্ষ্ণৌলৈ গৈছিল, তাৰে পৰাই সি মধুৰিআমৰ পুলি আনিছিল,’ তেওঁ কয়। ‘বাগিচাখন ডাঙৰ কৰোঁতে প্ৰহ্লাদৰ পৰিয়ালটোক চাৰি বছৰ সময় লাগিছিল। কিন্তু নেৰানেপেৰাকৈ পৰা খৰাঙৰ পিছত ২০১৮ত হোৱা তীব্ৰ খৰাঙে আৰু শুকান মাৰাথৱাড়া অঞ্চলৰ পানীৰ তীব্ৰ নাটনিয়ে তেওঁৰ কঁকাল ভাঙিলে।’

ৰাজ্যখনৰ কিছুমান টেহচিলত প্ৰতিবছৰে খৰাং আৰু পানীৰ নাটনিয়ে দেখা দিয়াৰ সময়তে ২০১২-১৩ কৃষি বৰ্ষত সমগ্ৰ মাৰাথৱাড়া অঞ্চলত তীব্ৰ খৰাঙে মুৰ দাঙি উঠে (২০১২ৰ মৌচুমী বায়ুৰ প্ৰভাৱ নপৰাৰ ফলত ২০১৩ৰ গ্ৰীষ্মকালত পানীৰ তীব্ৰ নাটনিয়ে দেখা দিছিল)। তাৰ পিছত ২০১৪-১৫ আৰু এতিয়া ২০১৮-১৯ত পুনৰ্বাৰ তীব্ৰ খৰাঙৰ প্ৰকোপ পৰে। ২০১২ৰ পৰা প্ৰতি বছৰে গ্ৰীষ্মকালত পানীৰ নাটনি বাঢ়ি আহিছে। তদুপৰি বতৰ সম্পৰ্কীয় খৰাং (মৌচুমী বায়ুৰ বিফলতা), কৃষিজাত খৰাং (খাৰিফ আৰু ৰবি শস্যৰ বিফলতা) আৰু জল সংক্ৰান্ত খৰাং (ভূজল স্তৰৰ নিঃশেষকৰণ)অৱস্থা মাৰাথৱাড়াত তীব্ৰতৰ হোৱা দেখা গৈছে।

ভড়গাওঁ ঢোক গাওঁখন জিওৰাই টেহচিলৰ অন্তৰ্গত। জিওৰাই হৈছে মহাৰাষ্ট্ৰ চৰকাৰে ২০১৮ৰ অক্টোবৰত খৰাংপীড়িত বুলি ঘোষণা কৰা ১৫১ খন টেহচিলৰ এখন। জিওৰাইত দীৰ্ঘদিনীয়া গড় বৃষ্টিপাত ৬২৮ মি.মি.ৰ বিপৰীতে ২০১৮ৰ জুনৰ পৰা ছেপ্তেম্বৰলৈ বৃষ্টিপাত ৫০ শতাংশ কমকৈ হৈছিল, সেয়া আছিল ২৮৮ মি.মি.। এয়া ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য। খেতিৰ বাবে গুৰুত্বপূৰ্ণ ছেপ্তেম্বৰ মাহত গড় বৃষ্টিপাত ১৭০ৰ বিপৰীতে বৃষ্টিপাত আছিল মাত্ৰ ১৪.২ মি.মি.।

Prahlad Dhoke at his ten-acre farm; in one corner he has a cattle shed and a water tank for the cattle
PHOTO • Jaideep Hardikar
Prahlad with his ailing Gir cow at his cattle-shed in the cattle camp.
PHOTO • Jaideep Hardikar

গৰুৰ কাৰণে ৰাখি থোৱা পানীৰ টেংকটোত একেবাৰেই পানী নাই (বাওঁফালে); তেওঁৰ ১২ টা গৰু এতিয়া জিওৰাই টেহচিলৰ (সোঁফালে) পশু শিবিৰত আছে

ঔৰংগাবাদ মহকুমাটোত আঠখন জিলা লগ লাগি হোৱা মাৰাথৱাড়াত জুনৰ পৰা ছেপ্তেম্বৰ মাহৰ দীৰ্ঘদিনীয়া ৭২১ মি.মি.ৰ গঢ় বৃষ্টিপাতৰ পৰিৱৰ্তে ২০১৮ৰ সেই সময়চোৱাত বৃষ্টিপাতৰ হাৰ আছিল ৪৮৮ মি.মি.। ছেপ্তেম্বৰত অঞ্চলটোত কোনোমতে ২৪ মি.মি. (নাইবা ১৪ শতাংশ) বৃষ্টিপাত আছিল, সেয়া দীৰ্ঘদিনীয়া গঢ় ১৭৭ মি.মি. বিপৰীতে তেনেই কম।

২০১৮ৰ বাৰিষাৰ বৰষুণ কম হোৱাৰ ফলত অক্টোবৰ-ডিচেম্বৰ মাহৰ খাৰিফ শস্যৰ উৎপাদনো হ্ৰাস পাইছিল। এই বছৰ ফেব্ৰুৱাৰী-মাৰ্চত ৰবি শস্যৰ খেতিয়ে নহ’ল। ধোকে (স্থানীয় কৃষি সমবায় আৰু এটা ব্যক্তিগত বেংকৰ পৰা ঋণ লৈ) ড্ৰিপ-জলবিতৰণ ব্যৱস্থাত প্ৰায় ৫ লাখ টকা ব্যয় কৰিছে আৰু চাৰিটা কুঁৱা খান্দিছে যদিও একো ফল নধৰিল।

প্ৰহ্লাদ, তেওঁৰ দুই ভাই আৰু পিতাকে মিলি মুঠ ৪৪ একৰ মাটিৰ গৰাকী। তাৰে ১০ একৰ মাটি তেওঁৰ নামত আছে। পৰিয়ালটোৰ গোটেইখিনি মাটি চিৰাল ফাঁট দিছে। তিনি বছৰ আগতে প্ৰহ্লাদে এক একৰ মাটিত সুগন্ধি ফুলৰ খেতি কৰিছিল। ‘ফুলৰ খেতিৰ পৰা আমাৰ ভাল লাভ হৈছিল,’ তেওঁ কয়, ‘কিন্তু সেই লাভখিনি খেতিতে খৰচ হৈছিল।’ এতিয়া ফুলৰ খেতিও শুকাই গৈছে।

যোৱা ১৫ বছৰত অঞ্চলটোত পানীৰ আকাল বাঢ়িছে। সেই আকালৰ সৈতে যুঁজ দিয়াৰ বাবে ধোকেও আগতকৈ বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছে। তেওঁ ভিন ভিন শস্যৰ খেতি কৰি চাইছে, বিভিন্ন কৌশল খটুৱাইছে, কুঁহিয়াৰ খেতি বাদ দি জলসিঞ্চনত টকা লগাইছে। কিন্তু প্ৰতিবছৰেই আগতকৈ তীব্ৰ হৈ পৰা জলসংকটে তেওঁৰ সামৰ্থ্যৰ পৰীক্ষা লৈছে।

Dried up mogra plants on an acre of his farm
PHOTO • Jaideep Hardikar
The guava plants that have burnt in the absence of water on Prahlad’s three acre orchard that he raised four years ago
PHOTO • Jaideep Hardikar

ধোকেৰ এক একৰ মাটিৰ সুগন্ধী ফুলৰ খেতি (বাওঁফালে) শুকাই গৈছে, একেদৰে চাৰি বছৰ ধৰি লালন-পালন কৰা মধুৰিআমাৰ বাগানখনো (সোঁফালে)

২০১৮ৰ নবেম্বৰত প্ৰহ্লাদে চাৰিওটা কুঁৱা শুকাই গৈছিল। এই বছৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈ তেওঁ সপ্তাহত দুবাৰকৈ পানী অনাইছে। কিন্তু টেংকাৰৰ ৫ হাজাৰ লিটাৰ পানীৰ বাবদ ৫০০ৰ পৰা ৮০০ টকা লাগে (মে’ৰ শেষৰ ফালে দৰ ১০০০ টকালৈ উঠিব পাৰে)।

এই অঞ্চলটোত গোটেই বছৰটোতে পানীৰ টেংকাৰ দেখাটো তেনেই স্বাভাৱিক দৃশ্য। গ্ৰীষ্মকালত টেংকাৰৰ সংখ্যা বাঢ়ে। দাক্ষিণাত্য মালভূমিৰ এটা সৰু অংশ মাৰাথৱাড়া কঠিন আগ্নেয় শিলেৰে আৱৰা। অৰ্থাত ভূ-পৃষ্ঠৰে বেছি পানী সৰকি নাযায়, ফলত ভূ-ভাগৰ অন্তৰ্ভাগত থকা জলভাণ্ডাৰ পৰ্যাপ্ত ৰূপত ভৰ্ত্তি নহয়। তদুপৰি অঞ্চলটো ‘বৃষ্টি ছায়া’ মণ্ডলত পৰে, তেনে অঞ্চলত বৃষ্টিপাত সাধাৰণতে ৬০০ মি.মি.ৰতৈ অধিক নহয়।

জিওৰাই তালুকত বিশাল চন পৰা ভূমিৰ মাজে মাজে কুঁহিয়াৰৰ খেতি (কিছুমান খেতিয়কৰ এতিয়াও পানী থকা কুঁৱা আছে, কিছুমানে টেংকাৰৰ পানী কিনি চলিছে) দেখা যায়। গোদাবৰী নদীৰ উপত্যকা অঞ্চলৰ খেতি পথাৰবোৰত আঙুৰ আৰু অইন ফল-মূল আদি আৰু সেউজ পশু খাদ্য-শস্যৰ খেতি দেখা যায়। কিন্তু নদীৰ পৰা যিমানে দূৰলৈ দাক্ষিণাত্যৰ ওখ ভূ-ফলকখনৰ ফালে উজাই যোৱা হয়, সেই শুষ্ক সমভূমিবোৰত সেউজ তৃণ-গুল্মৰ চিন-চাব নাই।

‘মই তিনি মাহ ধৰি পানী কিনিছিলো,’ প্ৰহ্লাদে কয়। ‘কিন্তু এটা সময়ত টকা শেষ হৈ থাকিল।’ মধুৰিআমৰ শুকাই লেৰেলি যোৱা খেতিখিনি বচাবলৈ তেওঁ সুদখোৰৰ পৰা উচ্চ সূতত ধাৰ নোলোৱাৰ তেওঁ সিদ্ধান্ত ল’লে। ‘৫০০০ লিটাৰৰ কাৰণে ৮০০ টকা! তেনেদৰে চলাটো সম্ভৱপৰ নহয়। আমাৰ গাঁৱৰ কাৰোৱে সিমান টকা নাই,’ তেওঁ কয়। ‘শেষত ধাৰত পোত যাব লাগিব আৰু মোৰ মধুৰিআমৰ গছবোৰৰ দৰে ময়ো জীয়াই থাকিব নোৱাৰিম।’

Prahlad Dhoke (right) and Walmik Bargaje (left) of the Vadgaon Dhok village in Georai tehsil of Beed district, at a cattle camp at their village
PHOTO • Jaideep Hardikar
A view of the cattle camp in Vadgaon Dhok village, one of the 925 such camps that have been opened up in Beed as a drought relief initiative funded by the Maharashtra government.
PHOTO • Jaideep Hardikar

‘দুখৰ সমভাগী’- ভড়গাওঁ ধোক গাঁৱৰ কাষতে হোৱা গো-শিবিৰত গাওঁখনৰ ৱাল্মিক বাৰ্জি আৰু প্ৰহ্লাদ ধোকে (সোঁফালে)

এপ্ৰিল মাহত মধুৰিআমৰ খেতিখন বচোৱাৰ সকলো চেষ্টাৰ অন্তত ধোকে হাৰ মানিলে। এতিয়া তেওঁ বৰষুণৰ বাবে অপেক্ষা কৰিছে। জুন মাহলৈ বৰষুণ হয় মানে তেওঁৰ বাগিচাখন গ্ৰীষ্মৰ প্ৰচণ্ড গৰমত তিষ্ঠি নোৱাৰি শুকাই মৰি যাব।

১১০০ ডাল পূৰ্ণ বিকশিত মধুৰিআমৰ গছবোৰৰ পৰা প্ৰহ্লাদৰ অহা শীতকাললৈ ১০ৰ পৰা ২০ লাখ টকা উপাৰ্জন হ’লহেঁতেন। মধুৰিআমৰ পুলি ৰোৱাৰ চতুৰ্থ বা পঞ্চম বছৰটোত ফল দিবলৈ আৰম্ভ কৰে। আটাইবোৰ খৰচৰ পিছত তেওঁৰ খুব ভাল মুনাফা হ’লহেঁতেন। কিছুমান গছৰ সৰু সৰু ফল লাগিছে, কিন্তু গ্ৰীষ্মৰ প্ৰকোপত সেয়া ক’লা পৰি গৈছে। সৰি পৰা শুকান পাতবোৰৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোতে তেওঁ শুকাই যোৱা ফলৰ ঠানি এটা টানি ধৰি দেখুৱাই ক’লে, ‘এয়া চাওক, ফলবোৰ নাবাচিল।’

ধোকেৰ দৰে মাৰাথৱাড়াৰ আন বহুতেই গভীৰ জল সংকটৰ সৈতে যুঁজ দিবলগীয়া হৈছে। ‘বীৰ জিলাত বিশেষকৈ এইটো টেহচিলত খাৰিফ কি ৰবি, একো শস্যই হোৱা নাই,’ ৫৫ বৰ্ষীয় ৱাল্মিক বাৰ্গাজে কয়। ধোকেৰ দৰে তেওঁৰো একেই দুখ। বাৰ্গাজেৰ পাঁচ একৰ মাটিৰ আধা একৰত নাৰিকলৰ খেতি কৰিছিল। নাৰিকল গছবোৰ শুকাই গ’ল। তেওঁ পানীৰ আকালৰ বাবেই কেইবছৰমান আগেয়ে কুঁহিয়াৰৰ খেতি কৰিবলৈ এৰিছে। ২০১৮ৰ জুন-জুলাই মাহত তেওঁ ছয়াবিনৰ খেতি কৰিছিল য’ৰ পৰা তেওঁৰ বেছি লাভ নহ’ল বুলি তেওঁ কয়। ৰবি শস্যৰ খেতি নহ’ল, জোৱাৰ আৰু বাজৰাৰ খেতি তেওঁ সাধাৰণতে পশু খাদ্য হিচাপে কৰে যদিও এইবাৰ সেয়াও কৰা নহ’ল।

বীৰ জিলাত এই বছৰ ৩ জুনত ৯৩৩ টা পশু-শিবিৰৰ চৰকাৰে অনুমোদন দিছে, তাৰে মাত্ৰ ৬০৩ টা কাৰ্যক্ষম হৈ আছে য’ত ৪,০৪,১৯৭ টা পশু আছে। এয়া ঔৰংগাবাদ ডিভিজনৰ আয়ুক্তালয়ৰ তথ্য। প্ৰাপ্ত তথ্য মতে ঔৰংগাবাদ ডিভিজনত আঠখন জিলা আছে, তাৰে মুঠ ৭৫০ টা কাৰ্যক্ষম পশু-শিবিৰ আছে, যদিওবা ১,১৪০ টাৰ অনুমোদন চৰকাৰে দিছিল। পাৰভানি, নন্দেৰ আৰু লাটুৰ জিলাত এটাও পশু-শিবিৰ নাই। অনুমোদনো নাই, চলি থকাও নাই।

সমগ্ৰ মহাৰাষ্ট্ৰত ১,৫৪০ টা পশু-শিবিৰৰ যোগেদি ১০ খন সৰ্বাধিক খৰাংপীড়িত জিলাত ১০ লাখৰো অধিক গৰু-মহক পানী আৰু পশু খাদ্য দিয়া হৈছে। এই তথ্য ৰাজ্যখনৰ ৰাজহ বিভাগৰ।

Prahlad with his youngest son Vijay, a seventh grader, at the cattle camp
PHOTO • Jaideep Hardikar

সৰুজন পুত্ৰৰ সৈতে প্ৰহ্লাদ, ঘৰৰ অৱস্থা বেয়া হৈ থকা কাৰণে ল’ৰাটোৰ বিদ্যালয়ৰ মাচুল দিব বাকী আছে

ধোকে বিভিন্ন কথাৰ বাবে বিজেপিৰ চৰকাৰক দোষ দিয়ে। বিশেষকৈ চৰকাৰে সমৰ্থক আৰু সমালোচকৰ মাজত পক্ষপাতিত্ব কৰা বুলি ধোকেয়ে কয়। ‘বিজেপিৰ সৈতে সু-সম্পৰ্ক থকাসকলে ঋণ ৰেহাই পায় আৰু নতুন ঋণ পায়,’ তেওঁৰ অভিযোগ। ‘মই প্ৰতিদ্বন্দী দল এটাক সমৰ্থন কৰোঁ হেতুকে মই নাপাওঁ। খৰাং সাহায্যৰ বিতৰণতো সেই একেই পক্ষপাতিত্ব দেখিছোঁ।’

প্ৰহ্লাদ আৰু তেওঁৰ পত্নি দীপিকাৰ তিনিটা ল’ৰা-ছোৱালী। ধ্যানেশ্বৰীয়ে ১২ম মানৰ পঢ়া শেষ কৰিছে, নাৰায়নে ১০ম মানত পঢ়ি আছে আৰু সৰু ল’ৰা বিজয়ে এইবাৰ ৭ম মান পাইছে। ‘টাইনা শিকানাৰ বাঘা মে (মই সিহঁতক শিক্ষিত কৰিম),’ তেওঁ কয়। কিন্তু তেওঁ বিজয়ৰ বিদ্যালয়ৰ মাচুল দিব পৰা নাই (ব্যক্তিগত বিদ্যালয়ত পঢ়া বিজয়ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ মুঠ মাচুল প্ৰায় ২০ হাজাৰ বাকী হৈ আছে)। ফলত তাৰ বিজয়ৰ পৰীক্ষাৰ ফলাফল বিদ্যালয়ে তেওঁলোকক দিয়া নাই। ‘যোৱা সপ্তাহত গাই এজনীৰ অসুখীয়া হৈ আছিল, গাইজনীৰ বেমাৰৰ নামত বহুখিনি টকা খৰচ হ’ল।’

‘কোনফালে কি মিলাম, ভাবি উৱাদিহ নাপাওঁ। ইফালে গৰু-মহৰ হিচাপ, আনফালে পৰিয়ালৰ ইটো-সিটো খৰচ। বৰ বেয়া দিন চলিছে, কিন্তু এয়া পাৰ হৈ যাব বুলি মই জানো,’ তেওঁ কয়।

সমগ্ৰ মাৰাথৱাড়াতে পুখুৰী, পৃষ্ঠভূমিৰ সঞ্চিত পানী, সৰু-ডাঙৰ বান্ধ, কুঁৱা আৰু ব’ৰৱেল আদি সকলো লাহে লাহে শুকাবলৈ ধৰিছে। গ্ৰীষ্মকাল পুৰাদমে পৰিছে, অঞ্চলটোৰ সকলোৱে দৈনিক পানী বিচাৰি হাবাথুৰি খাইছে। মাৰাথৱাড়াৰ পৰিয়াল ঔৰংগাবাদ, পুণে নাইবা মুম্বাই আদিলৈ গুছি গৈছে, বা যোৱাৰ প্ৰস্তুতি চলাইছে। মাছমৰীয়াবোৰ ঘুৰি ফুৰিছে, গৰখীয়াবোৰেও পশুধন লগত লৈ ইঠাইৰ পৰা সিঠাইলৈ গৈছে।

প্ৰহ্লাদে কয় যে যোৱা বহুদিন ধৰি তেওঁ টোপনি নাই। ঘৰৰ পৰা এক কিলোমিটাৰ দূৰৰ বাগিচাখনলৈ তেওঁ দুদিনমান ধৰি যাব পৰা নাই। ৰাষ্ট্ৰীয় ঘাইপথ হৈ তেওঁ পশু-শিবিৰ আৰু ঘৰখনৰ মাজতে তাঁত বাতি কাৰি আছে। ‘মই দিনে ১৬ ঘণ্টাকৈ কাম কৰোঁ,’ মৃতপ্ৰায় বাগিচাখনৰ মাজেৰে খোজ কাঢ়ি গৈ থকা সময়ত তেওঁ মোক কৈ গ’ল। কিন্তু ধন আৰু পানী, এই দুয়োটাই নোহোৱা হৈ যোৱা অৱস্থাত কি কৰা উচিত, তেওঁ ভাবি আচৰিত হয়।

অনুবাদঃ পংকজ দাস

Jaideep Hardikar

जयदीप हार्दिकर, नागपुर स्थित पत्रकार-लेखक हैं और पारी की कोर टीम के सदस्य भी हैं.

की अन्य स्टोरी जयदीप हरडिकर
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das