যোৱা ডিচেম্বৰৰ দুপৰীয়া এটাৰ কথা। আমাৰ ৰেলখন তেতিয়া নাগপুৰ ৰেলৱে জংছন পাইছিলগৈ। যোধপুৰ-পুৰী এক্সপ্ৰেছখনে নাগপুৰত ইঞ্জিন সলাবলৈ অলপ সময় ৰয়। প্লেটফৰ্মটোত যাত্ৰীৰ এটা দলক মূৰত কিছুমান টোপোলা লৈ থকা দেখা পোৱা গ’ল। তেওঁলোক আছিল কামৰ সন্ধানত পশ্চিম ওড়িশাৰ পৰা অহা ঋতুকালীন প্ৰব্ৰজিত শ্ৰমিক। তেওঁলোকে ছেকেন্দ্ৰাবাদলৈ যাবৰ বাবে ৰেলৰ অপেক্ষা কৰি আছিল। ওড়িশাত খেতি চপোৱাৰ পাছত (ছেপ্টেম্বৰ আৰু ডিচেম্বৰৰ মাজত) বহুতো প্ৰান্তীয় কৃষক আৰু ভূমিহীন কৃষি শ্ৰমিকে তেলাংগনাৰ ইটা ভাটাত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই আহে। বহুজন অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু অন্যান্য ৰাজ্যৰ ভাটালৈকো যায়।
দলটোত থকা ৰমেশে (সম্পূৰ্ণ নামটো দিব খোজা নাছিল) কয় যে প্ৰব্ৰজিত শ্ৰমিকসকল বাৰগঢ় আৰু নুৱাপাৰা জিলাৰ। কান্টাবেঞ্জী, হৰিশংকৰ বা টুৰেকালা ষ্টেশ্যনলৈ বুলি গাঁৱৰ পৰাই তেওঁলোকৰ দীঘলীয়া পথযাত্ৰা আৰম্ভ হয়। ৰেলেৰে প্ৰথমে নাগপুৰলৈ গৈ নাগপুৰত তেওঁলোকে তেলাংগনাৰ ছেকেন্দ্ৰাবাদলৈ যোৱা অন্য ৰেল ধৰে। তাৰ পাচত ইটা ভাটাত উপস্থিত হ’বলৈ তেওঁলোকে চাৰিচকীয়া বাহন সমূহীয়াকৈ ভাৰা কৰে।
কূল দেৱতাক ন-চাউল আগবঢ়াই আগষ্ট-ছেপ্টেম্বৰত উদযাপন কৰা নুৱাখাই উৎসৱৰ ঠিক আগে আগে শ্ৰমিকসকলে ঠিকাদাৰৰ পৰা কিছু আগধন লয় (তিনিগৰাকী প্ৰাপ্তবয়স্কৰ দল এটাৰ বাবে ২০ হাজাৰৰ পৰা ৬০ হাজাৰ। তাৰ পাচত ছেপ্টেম্বৰ আৰু ডিচেম্বৰৰ মাজত তেওঁলোক ইটা ভাটাবোৰলৈ যায় আৰু বাৰিষাৰ দিনত ঘৰলৈ উভতি নহালৈকে তাত প্ৰায় ছমাহ থাকি কাম কৰে। কেতিয়াবা তেওঁলোকে লোৱা আগধনখিনি ঘূৰাবলৈ আৰু বহুদিনৰ বাবে অমানুষিক শ্ৰম কৰিব লগা হয়। এয়া বন্ধুৱা শ্ৰমৰ দৰে এক ব্যৱস্থা।
মই ২৫ বছৰ ধৰি পশ্চিম ওড়িশাৰ বালাংগীৰ, নুৱাপাড়া, বাৰগঢ় আৰু কালাহান্দি জিলাৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰি আহিছো। আগতে তেওঁলোকে বাচন-বৰ্তন, কাপোৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী মৰাপাটৰ মোনাত ভৰাই লৈ গৈছিল। এতিয়া মৰাপাটৰ মোনাৰ ঠাইত তেওঁলোকে পলিষ্টাৰৰ মোনা লয়। প্ৰব্ৰজন মূলতঃ কৃষি সংকট আৰু দাৰিদ্ৰ্যৰ বাবে হ’লেও এতিয়া শ্ৰমিকসকলে আগধনৰ ক্ষেত্ৰত ঠিকাদাৰৰ লগত দৰ-দাম কৰিব পাৰে। দুটা দশক পূৰ্বে শিশুহঁতক কাপোৰ নিপিন্ধাকৈ নাইবা একেবাৰে ন্যূনতম কাপোৰ এডোখৰেৰেও যাত্ৰা কৰা দেখিছিলো- বৰ্তমান সিহঁতৰ কিছুমানে নতুন কাপোৰ পিন্ধে।
ৰাজ্যচালিত সামাজিক হিতাধিকাৰৰ আচঁনি কিছুমানে দৰিদ্ৰসকলক এটা পৰ্যায়লৈ সহায় কৰিছে যদিও কিছুমান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। শ্ৰমিকসকলে এতিয়াও আসন সংৰক্ষণ নকৰাকৈ অত্যধিক যাত্ৰীৰে ঠাহ খাই থকা জেনেৰেল কম্পাৰ্টমেন্টতে যাত্ৰা কৰে আৰু এই যাত্ৰাও সদায় ক্লান্তিকৰে হয়। লগতে সামান্য মজুৰিৰ কামৰ বাবে তেওঁলোকৰ হতাশা আৰু হাড় ভঙা পৰিশ্ৰমো একেই আছে।
অনুবাদ: সৃষ্টি শ্ৰেয়ম