জন্মাষ্টমীৰ আগদিনাৰ কথা। শ্ৰীকৃষ্ণই শুনিবলৈ পাইছিল যে আৰ্য্যৱৰ্তৰ বাসিন্দাসকলে তেৰাৰ জন্মদিন বৰ উলহ-মালহেৰে পালন কৰিব। শিশুবোৰে পৱিত্ৰ পীতবস্ত্ৰ পিন্ধিছিল, বাট-পথবোৰত ৰং-ৰহইচেৰে শোভাযাত্ৰা হৈছিল, দুৱাৰডলিত পিঠাগুড়িৰ ৰংগোলী আঁকিছিল, মন্দিৰত কৃষ্ণস্তুতিৰ গীত বাজিছিল, দৈৰ টেকেলি ভাঙি সকলোৱে হৰ্ষোল্লাসে নাচ-গান কৰিছিল, মাজনিশালৈকে উৎসৱ চলিছিল। এৰা, এই দিনটোৰ আনন্দ-উৎসৱৰে শ্ৰীকৃষ্ণই অংশ হ’ব বিচাৰিছিল।

তেৰা ছদ্মবেশত ধৰালৈ আহিল আৰু চিনাকী ঠাইবোৰত ঘুৰি ফুৰিলে, উৎসৱৰ ৰঙেৰে চকু জুৰালে, শব্দৰে হিয়া শাঁত পেলালে। গোৰখ চহৰ পাওতে কোনোবাই শোকত কাতৰ হৈ কান্দি থকা শুনিলে। সেই কান্দোনৰ উৎস বিচাৰি গৈ তেৰাই মানুহ এজনক দেখিলে। মানুহজনৰ হাতত এটা কণমানিৰ শৱ আছিল, কণমানিৰ সেই নিথৰ দেহটো লৈ তেওঁ হস্পিতালৰ চৌহদ এটাত উচপিচাই ফুৰিছে। তাকে দেখি নিমিষতে শ্ৰীকৃষ্ণৰ হিয়া ভাগি পৰে। ''হে বান্ধৱ, কিহৰ শোকত তুমি এনেকৈ দগ্ধ হৈছা?’’ তেৰাই চেনেহেৰে সুধিলে, ''আৰু তুমি সাৱতি ধৰি থকা এই শিশুটি কাৰ?’’ বিৰাগৰ ভাৱত উত্তাপহীন চকুহালেৰে মানুহজনে উত্তৰ দিলে, ''আপুনি অহাত পলম কৰিলে হে প্ৰভু! মোৰ কণমানিটো নাবাচিল।’’

শ্ৰীকৃষ্ণৰ মুখৰ পৰা একো কথা নোলাল, তেৰাই শোকস্তব্ধ পিতৃজনক শ্মশানলৈ সংগ দিয়াৰ সিদ্ধান্ত ল’লে আৰু চিতাৰ জুইৰে ভৰি থকা ঘাটটোলৈ গ’ল। শ্মশানঘাটৰ দৃশ্য আছিল তাতোকৈ হৃদয় বিদাৰক। তাত আছিল চিতাৰ বাবে সাজু কৰি বগা কাপোৰেৰে মেৰিয়াই ৰখা শ শ শিশুৰ মৃতদেহৰ এটা দম। মাতৃৰ হৃদয় দহি নিয়া কান্দোনৰ ৰোল উঠিছিল, পিতৃবোৰে সন্তান হেৰুওৱাৰ শোকত হিয়া ঢাকুৰিছিল। তেৰা সেইবোৰৰ কাৰণে মুঠেই সাজু নাছিল।

এতিয়া উৎসৱৰ সেই পৱিত্ৰ পীতবস্ত্ৰবোৰ ক’লৈ গ’ল? এয়া কি বীভৎস উৎসৱ আছিল? কোন কংসৰ নৃশংসতাৰ বলি হ’ল এই কণ কণ শিশুবোৰ? কাৰ শাও লাগিল? কাৰ এই ৰাজ্য? কোন এই অনাথ শিশুহঁতৰ নাথ?

দেৱেশৰ কণ্ঠত মূল কবিতাটোৰ হিন্দী আবৃত্তি

প্ৰতিষ্ঠা পাণ্ডিয়াৰ কণ্ঠত কবিতাটোৰ ইংৰাজী আবৃত্তি


এই চহৰৰ শিশুবোৰ অনাথ নেকি?

1. কেলেণ্ডাৰখন চাওঁক,
আগষ্ট আহে আৰু যায়…

কাৰোবাৰ চকুৰ লোতকৰ দৰে ই বৈ যায়
কাৰোবাৰ কঁপি থকা হাতৰ পৰা সৰি পৰে, ভাগি যায়
নাকটো কিহবাই সোপা মাৰি ধৰে,
শ্বাসৰুদ্ধ কৰে, মাৰি পেলায়।

কাৰোবাৰ বাবে দুঃস্বপ্ন,
কাৰোবাৰ বাবে খোৰোচা গাঁঠি
গোৰখপুৰৰ মাকহঁতৰ পিছে প্ৰাণৰো প্ৰাণৰ
আগষ্ট, অন্ত নাইকিয়া
যেন এটা সম্পূৰ্ণ বছৰ।


2. মাকহঁতে মিছাতে চিন্তা চপায়, সিহঁতে কয়।
দেউতাকহঁতৰো কি মিথ্যাচাৰ, সিহঁতে কয়।

হস্পিতালত অক্সিজেন নথকাৰ কথা হেনো
মোগলৰ অভিসন্ধি।
ৰাস্তাই-ঘাটে দেখোন সকলোতে অক্সিজেন উভৈনদী
গোমাতাই উশাহত লৈছে আৰু এৰিছে অক্সিজেন।

ইমানেই প্ৰাচুৰ্য্য যে উশাহত ল’লে ই ঘাতক হৈ পৰে।
নামটোৱেই শ্বাসৰুদ্ধ হৈ পৰে।


3.  এয়া কাৰ সন্তান, কেও-কিছু নাইকিয়া?
এয়া কাৰ সন্তান
কদৰ্য্য নৰ্দমাৰ পৰা উৰি অহা মহে তেজ শুহি খায় যাৰ?
কাৰ এয়া সন্তান
হাতত যে বাঁহী নাই?

কাৰ সন্তান ইহঁত?
কোনখন পৃথিৱীৰ পৰা আহিছে?
যাৰ বস্তিবোৰ এইখন পৃথিৱীৰ বুলি ধৰা নহয়?
যাৰ ঘৰত মাজনিশা কৃষ্ণই অৱতাৰ নলয়
ভূমিষ্ঠহে হয় মাত্ৰ।

আৰু ইহঁতক অক্সিজেন লাগে?
হস্পিতালত বিচনা লাগে?

কিযে আচৰিত!


4.  গোৰখৰ ধৰাতল ফাটিব খোজে।
কবীৰক বিষণ্ণতাই আৱৰে।
ৰাপ্তি উপত্যকা লেলিহান শিখাই আগুৰে।
যিখন চহৰে হুকহুকাই কান্দিব লাগিছিল
সেই চহৰৰ সাৰসুৰ নাই।

দেশৰ মহন্তগণে বিশ্বাস কৰে
প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠাই
আমাৰ কণমানিহঁতৰ আত্মাহুতি বিচাৰে।


পাৰিভাষিক শব্দাৱলী

আৰ্যৱৰ্ত: ইতিহাসৰ বিভিন্ন সময়ত, বিভিন্ন প্ৰসংগত এই অভিধা ব্যৱহাৰ কৰি অহা হৈছে আৰু উপমহাদেশখনত ইয়াৰ ব্যৱহাৰ বিস্তৃত। ৰামায়ন আৰু মহাভাৰতৰ লগতে বুদ্ধ আৰু মহাবীৰৰ কালচোৱাৰ ই বৈদিক সংস্কৃতিৰ ভূমিক বুজায়

ক’লাম: তামিল ভাষাত ক’লাম মানে পিঠাগুড়িৰে ঘৰৰ দুৱাৰডলিত সজা পোন বা বক্ৰ ডিজাইন

দহি-হাণ্ডি: শ্ৰীকৃষ্ণৰ প্ৰিয় দৈ ভৰাই থোৱা মাটিৰ কলহ। জন্মাষ্টমীৰ দিনা এই পাত্ৰবোৰ এক বিশেষ উচ্চতাত ৰখা হয় আৰু ল’ৰা-ছোৱালীৱে মানৱ পিৰামিড সাজি সেই পাত্ৰ ভাঙি উৎসৱ উদযাপন কৰে

কংস: ভগৱান শ্ৰীকৃষ্ণৰ মোমায়েক আৰু মথুৰাৰ শাসক। তেওঁ নিজকে সুৰক্ষিত কৰিবলৈ নিজৰ ভনীয়েকৰ সন্তানকে ধৰি বহু নৱজাতকক হত্যা কৰিছিল

গোৰখ: ১৩ শতিকাৰ এজন ধৰ্মগুৰু যিয়ে নাথ নামে এক সন্ন্যাসধৰ্ম প্ৰৱৰ্তন কৰে। তেওঁৰ স্তুতিমূলক গীতবোৰক ‘গোৰখ বাণী’ বুলি কোৱা হয়

ৰাপ্তি: উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলৰ এখন নদী, এই নদীৰ পাৰতে গোৰখপুৰ চহৰ

কবীৰ: ১৫ শতিকাৰ এজন ৰহস্যবাদী কবি তথা সন্ন্যাসী


দলবদ্ধ প্ৰচেষ্টাৰ সম্ভৱ হৈ উঠা এই প্ৰতিবেদনৰ বাবে স্মিতা খাটৰলৈ অশেষ ধন্যবাদ।

অনুবাদ: পংকজ দাস

Poems and Text : Devesh

देवेश एक कवि, पत्रकार, फ़िल्ममेकर, और अनुवादक हैं. वह पीपल्स आर्काइव ऑफ़ रूरल इंडिया के हिन्दी एडिटर हैं और बतौर ‘ट्रांसलेशंस एडिटर: हिन्दी’ भी काम करते हैं.

की अन्य स्टोरी Devesh
Paintings : Labani Jangi

लाबनी जंगी साल 2020 की पारी फ़ेलो हैं. वह पश्चिम बंगाल के नदिया ज़िले की एक कुशल पेंटर हैं, और उन्होंने इसकी कोई औपचारिक शिक्षा नहीं हासिल की है. लाबनी, कोलकाता के 'सेंटर फ़ॉर स्टडीज़ इन सोशल साइंसेज़' से मज़दूरों के पलायन के मुद्दे पर पीएचडी लिख रही हैं.

की अन्य स्टोरी Labani Jangi
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das