ক’ৰণা ভাইৰাছক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰথমটো ভাষণত তেওঁ আমাক কাঁহি-বাতি বজাই অপদেৱতা খেদিবলৈ আহ্বান জনালে।

দ্বিতীয়টো ভাষণত তেওঁ আমাক ভয় খুৱালে।

আগন্তুক সপ্তাহবোৰত জনতাই, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীয়ে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিয়া হ’ল। মধ্যবিত্তই দোকান-পোহাৰত ভীৰ কৰিলে, যিটো দৰিদ্ৰ শ্ৰেণীৰ বাবে সহজ নহয়। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও সেয়া সম্ভৱ নহয়। ক্ষুদ্ৰ বিক্ৰেতা, ঘৰুৱা সহায়ক, কৃষি শ্ৰমিক, কাৰো বাবেই সহজ নহয়। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পিছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়। একেদৰে কোটি কোটি উপান্ত ভাৰতীয়ৰ বাবে এয়া সম্ভৱ নহয়।

২৬ মাৰ্চৰ দিনা বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা সাহায্যত আৰ্তজনক উদ্ধাৰৰ চেষ্টা এনেধৰণৰঃ তিনিমাহৰ বাবে ব্যক্তিয়ে প্ৰতি ৫ কিলোগ্ৰাম গম বা চাউল পাব, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি ইতিমধ্যে ধাৰ্য কৰা ৫ কিলোগ্ৰামৰ সৈতে এয়া যোগ হ’ব। ইয়াতে এইখিনি কথা স্পষ্ট নহয় যে আগেয়ে দিয়া ৫ কি.গ্ৰা. বিনামূলীয়া হ’ব নে সেয়া ক্ৰয় কৰিব লাগিব। যদি সেইখিনি কিনিব লাগে তেন্তে সেয়া অনৰ্থক হ’ব। ‘সাহায্য’ বুলি দিয়াখিনিৰ প্ৰায়খিনি উপাদানেই দৰাচলতে ইতিমধ্যে থকা আঁচনিৰ পৰা টানি অনা হৈছে। এমজি এনৰেগা আঁচনিৰ অধীনত দৈনিক মজুৰীৰ ২০ টকাকৈ বঢ়োৱাখিনি ইতিমধ্যে অনাদায় হৈ আছিল, আকৌ তাতে অতিৰিক্ত দিন যোগ দিয়াৰ উল্লেখ ক’ত আছে? আৰু ততালিকে কেনেদৰে চৰকাৰে সেয়া সম্ভৱপৰ কৰি তুলিব? কামৰ প্ৰকৃতি কেনে হ’ব? সামাজিক দূৰত্বৰ নিয়ম বজাই ৰখা হ’বনে? আৱশ্যক হোৱা কাম মুকলি হোৱাৰ আগৰ সপ্তাহকেইটাত মানুহে কি কৰিব? তেওঁলোকৰ স্বাস্থ্য সিমানখিনি কাম কৰিব পৰাকৈ ঠিকে থাকিবনে? সংকট আঁতৰি নোযোৱালৈকে আমি এমজি এনৰেগা আঁচনিৰ অধীনত কাম কৰাসকলক দৈনিক মজুৰী দিয়া উচিত, কাম থাকক বা নাথাকক।

প্ৰধানমন্ত্ৰী কৃষক যোজনাৰ অধীনত দিবলগীয়া ২০০০ টকাৰ সাহায্য ইতিমধ্যে অনাদায় হৈ আছে। তাতে কি যোগ দিয়া হৈছে? চতুৰ্থাংশৰ শেষৰটো মাহত পৰিশোধ কৰিবলগীয়াখিনি এতিয়াও দিয়া হোৱা নাই, নতুন মাহ পৰিল। বিত্তমন্ত্ৰী গৰাকীয়ে মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰু লকডাউনৰ কাৰণে ঘোষণা কৰা ১.৭ লাখ কোটি টকাৰ সাহায্য কি কি শিতানত কেনেদৰে ব্যয় কৰা হ’ব সেয়া স্পষ্ট নকৰিলে। তাতে নতুনকৈ কি শিতান যোগ দিয়া হৈছে? এই সাহায্য ৰাশিৰ কিমানখিনি পুৰণি বা ইতিপূৰ্বে থকা আঁচনিৰ পৰা লোৱা হৈছে? সেয়া জৰুৰীকালীন পদক্ষেপ হিচাপে কোনোমতেহে ধৰিব পাৰি। তাৰোপৰি পেঞ্চনধাৰী, বিধবা আৰু দিব্যাংগসকলক এককালীন ১০০০ টকা আগন্তুক তিনিটা মাহত দুটাকৈ কিস্তিত পাব? আকৌ জন ধন যোজনা থকা ২০ কোটি মহিলাই তিনি মাহৰ বাবে মাহে ৫০০ টকাকৈ পাব? এয়া প্ৰতীকি চেষ্টাতকৈও নিকৃষ্টতৰ, এয়া গৰিহণা-যোগ্য।

আত্মসহায়ক গোটৰ কাৰণে ঋণৰ সীমা বঢ়োৱাটোৱে কেনেদৰে পৰিস্থিতি সলনি কৰিব, য’ত ইতিমধ্যে থকা ঋণ লাভ কৰাটো এটা দুঃস্বপ্ন। গাঁৱৰ ঘৰলৈ উভতাৰ বাবে চেষ্টা কৰি থকা চহৰত অসহায় অৱস্থাত আবদ্ধ প্ৰব্ৰজনকাৰী অগণন শ্ৰমিকক এই ‘সাহায্য’ই কেনেদৰে সহায় কৰিব? প্ৰব্ৰজনকাৰী শ্ৰমিকক ই সহায় কৰিব বুলি কোৱাটোৰ কোনো সত্যাসত্য নাই। জৰুৰীকালীন এলানি পদক্ষেপ সাজু কৰিব নোৱাৰাটো যদি উদ্বেগজনক কথা, ইফালে সাহায্যৰ নীতি প্ৰস্তুত কৰাসকলৰ দৃষ্টিভংগীও আতংকৰ কাৰণ। তৃণমূল পৰ্যায়ত পৰিস্থিতিয়ে কি ৰূপ লৈছে, সেই বিষয়ে নীতি নিৰ্ধাৰকসকলৰ কোনো ধাৰণা নাই।

PHOTO • Labani Jangi

দিল্লী আৰু নয়ডাৰ পৰা উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন প্ৰান্তৰ গাঁৱলৈ উভতিব ধৰা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ছবিখন এই লেখাটোত অন্তৰ্ভূক্ত দুখন চিত্ৰৰ মাধ্য়মেৰে প্ৰকাশ কৰা হৈছে। এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী লাৱণী জংগিয়ে কলকাতাস্থিত চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সত শ্ৰমিকৰ প্ৰব্ৰজনৰ ওপৰত পিএইচ.ডি. কৰি আছে

সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে কোনোধৰণৰ পৰিকল্পনা আৰু সামাজিক সমৰ্থন নোহোৱা এই লকডাউনে এক ওলোটা প্ৰব্ৰজনৰ সৃৃষ্টি কৰিছে। এই পৰিস্থিতিৰ বিস্তাৰ আৰু প্ৰভাৱ কেনেধৰণৰ, সেয়া বিচাৰ কৰি সমাধান উলিওৱাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। কিন্তু বিভিন্ন ৰাজ্যৰ পৰা পোৱা বাতৰি মতে লকডাউনৰ ফলত নগৰ-চহৰ বন্ধ হৈ পৰাত বৃহৎ সংখ্যক লোকে গাঁৱৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে।

ঘৰমুৱা বাটত যাতায়তৰ একমাত্ৰ সাধন হৈছে নিজৰ ভৰিদুখন। কিছুমানে চাইকেল লৈ ঘৰলৈ উভতিছে। ৰেল, বাছ আৰু সৰু গাড়ী-ঘোৰা একোৱেই নচলাৰ ফলত বহুতেই আবদ্ধ হৈ ৰৈছে। এয়া খুবেই ভয়াৱহ। এই পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা আছে।

কল্পনা কৰক, গুজৰাটৰ পৰা ৰাজস্থানলৈ, হায়দৰাবাদৰ পৰা দূৰ-দূৰণিৰ টেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ গাঁৱলৈ, দিল্লীৰ পৰা উত্তৰ প্ৰদেশ আনকি বিহাৰলৈ, মুম্বাইৰ পৰা কোনে জানে কোন কোন ঠাইলৈ জাকে জাকে মানুহ খোজ কাঢ়ি ঘৰমুৱা হৈছে। তেওঁলোকে দুৰ্যোগৰ এনে সময়ত সাহায্য নাপালে, খাদ্য আৰু পানীৰ অভাৱে তেওঁলোকক তিল তিলকৈ বিপৰ্য্যয়ৰ পিনে লৈ যাব। তেনে পৰিস্থিতিত তেওঁলোক আওপুৰণি ডায়েৰিয়া, কলেৰা আদি বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে।

তাৰোপৰি এই বৃহৎ অৰ্থনৈতিক বিপৰ্যয়ে যিধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব, তাত দেখা যাব যে মৃতকৰ সংখ্যাত শ্ৰমিক আৰু শিশুৰ হাৰ বেছি হ’ব। পিপলচ্ হেলথ মুভমেণ্টৰ বিশ্ব-সমন্বয়ক অধ্যাপক টি. সুন্দৰৰমনে পাৰি(PARI)ক কয়, ‘এই অৰ্থনৈতিক বিপৰ্যয়ৰ সময়ত ক’ৰণাভাইৰাছৰ পৰা আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পৰিৱৰ্তে আন ৰোগত মানুহৰ মৃত্যু হ’ব।’

৬০ আৰু তাৰ উৰ্দ্ধৰ  শতাংশ জনসংখ্যাৰ ক্ষেত্ৰত ক’ৰণাভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। অইন ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু অত্যাৱশ্যকীয় স্বাস্থ্যসেৱাৰ কৰ্তনে কৰ্মৰত শ্ৰমিক শ্ৰেণী আৰু শিশুক মোক্ষম আঘাত হানিব।’

‘বিপৰীতমুখী প্ৰব্ৰজনৰ সমস্যা আৰু জীৱিকাৰ ক্ষতি চিনাক্ত কৰি তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটো’ অতিশয় প্ৰয়োজনীয় হৈ পৰিছে বুলি নেশ্যনেল হেলথ্ চিষ্টেমচ্ ৰিচ’ৰ্ছেচ চেণ্টাৰৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক ডা. সুন্দৰৰমনে কয়। ‘তেনে নকৰিলে দীৰ্ঘদিন ধৰি দৰিদ্ৰ শ্ৰেণীক দুৰ্ভোগ ভোগোৱা আন ৰোগে ক’ৰণা ভাইৰাছক চেৰ পেলাব পাৰে।’ বিশেষকৈ বিপৰীতমুখী প্ৰব্ৰজন যদি বাঢ়ে, তেন্তে কৰ্মৰ অভাৱত ভোগা প্ৰব্ৰজিত শ্ৰমিকে ভোকত মৰিব।

PHOTO • Rahul M.

অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ পৰা কেৰেলা কোচিলৈ সপ্তাহত অহা-যোৱা কৰা প্ৰব্ৰজিত শ্ৰমিক ভাগৰত লেবেজান পৰিছে

বহু প্ৰব্ৰজিত শ্ৰমিকে নিজৰ কৰ্মক্ষেত্ৰতে থাকে। এই কৰ্মক্ষেত্ৰবোৰ বন্ধ হৈছে, তেওঁলোকক সেই ঠাইবোৰ খালি কৰিবলৈ কোৱা হৈছে। কিন্তু তেওঁলোক যাব ক’লৈ? সকলোৱে ইমান দূৰ বাট খোজকাঢ়ি যাব নোৱাৰে। তেওঁলোকৰ ৰেচন কাৰ্ড নাই, খাদ্য কেনেদৰে যোগান ধৰা হ’ব?

অৰ্থনৈতিক বিপৰ্যয় ইতিমধ্যে আৰম্ভ হৈছে, গতি বাঢ়িছে।

কিন্তু প্ৰব্ৰজিত শ্ৰমিক, ঘৰুৱা শ্ৰমিক, বস্তি অঞ্চলৰ বাসিন্দা আদিয়েই মূল সমস্যা বুলি ধাৰণা এটা গঢ় লৈ উঠিছে। দৰাচলতে পূৰ্বৰ SARSৰ দৰে ক’ভিড-19ৰ বাহক হৈছে বিমানত ভ্ৰমণ কৰা শ্ৰেণীটোহে। অৰ্থাৎ আমি। এয়া মানি লোৱাৰ বিপৰীতে আমি চহৰ-নগৰত তেওঁলোককেই ৰোগৰ বাহক বুলি কৈ ব্যৱধান সৃষ্টি কৰিছো। ভাবি চাওক, বিমানত ভ্ৰমণ কৰাসকলৰ পৰা যদি এই ভাইৰাছ ঘৰলৈ উভতিব ধৰা প্ৰব্ৰজিত শ্ৰমিকৰ গাত লাগে, তেন্তে সেই শ্ৰমিক ঘৰ পোৱাৰ পিছত কেনে পৰিস্থিতিৰ উদ্ভৱ হ’ব?

প্ৰব্ৰজনকাৰী শ্ৰমিকে একেখন ৰাজ্যৰে, নাইবা চুবুৰীয়া ৰাজ্যত থকা তেওঁলোকৰ গাঁৱলৈ ঘুৰি যোৱাটো ডাঙৰ কথা নহয়। কিন্তু ঘুৰি যোৱা বাটত তেওঁলোকে সাধাৰণতে ৰাস্তাৰ কাষৰ চাহৰ দোকান, ধাবা আদিত কাম কৰে, ৰাতি তাতে শোৱে। এনেদৰে তেওঁলোকে যাত্ৰাপথত পেটৰ ভাত মোকলায়। এতিয়া তেনে প্ৰায়ভাগ দোকানেই বন্ধ। তেওঁলোকে কি কৰিব?

ইফালে ধনী শ্ৰেণী আৰু আৰু মধ্যবিত্ত শ্ৰেণীয়ে এটা কথাত পতিয়ন গৈছে যে ঘৰতে থাকি আৰু সামাজিক ব্যৱধান বৰ্তাই ৰাখিলে পৰিস্থিতি ভাললৈ আহিব। সেয়া কৰিলে অন্ততঃ আমি সেই ভাইৰাছবিধৰ পৰা আঁতৰি থাকিব পাৰিম। কিন্তু অৰ্থনৈতিক বিপৰ্যয়ে কেনেদৰে আমাক সামৰি ল’ব, তাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰা হোৱা নাই। বহুতৰ কাৰণে আকৌ ‘সামাজিক দুৰত্ব’ৰ অৰ্থ বেলেগ। আমি দুহেজাৰ বছৰ পূৰ্বে এই ব্যৱস্থাৰ আটাইতকৈ শক্তিশালী ধাৰণাটোক সাকাৰ ৰূপ দিছিলো, তাৰ নাম জাত-পাত। তলাবন্ধৰ প্ৰতি আমাৰ সঁহাৰিতো তেনে এটা কাৰকেই ঠাই পাইছে।

এই দেশত প্ৰতি বছৰে প্ৰায় আঢ়ৈ লাখ লোকৰ যক্ষ্মা ৰোগত মৃত্যু হয়, সেয়া আমাৰ দৃষ্টিগোচৰ নহয়। একেদৰে ডায়েৰিয়াৰ ফলত বছৰি প্ৰায় ১০০,০০০ শিশুৰ মৃত্যু হয়। সেইবোৰে কথাই আমাক ঢুকি নাপায়। কিন্তু যেতিয়া তজবজীয়া মানুহ এটা এনে মাৰাত্মক ৰোগত পৰে, যাৰ সৈতে দেহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে যুঁজ দিয়াত অপাৰগ হয়, তেতিয়াহে হৈ-চৈ লাগে। SARSৰ সময়তো তেনে হৈছিল। চুৰাটত ১৯৯৪ৰ প্লেগ মহামাৰীয়ে দেখা দিয়াৰ সময়তো তেনে হৈছিল। দুয়োটাই আছিল ভয়ংকৰ ৰোগ, কিন্তু সেই ৰোগত যিমান মানুহ মৰিব লাগিছিল, সিমান মৰা নাছিল। কিন্তু সেই ঘটনাই সিমানখিনি গুৰুত্ব লাভ কৰা নাছিল। সেই সময়ত মই চুৰাটৰ বিষয়ে এনেদৰে লিখিছিলোঃ ‘প্লেগৰ বীজাণুৱে শ্ৰেণীবিভাজন নমনা কাৰণে কুখ্যাত...তাতোকৈ বেয়া কথা’ সেই বীজাণুৱে বিমানত উঠি ক্লাব ক্লাচত গৈ নিউয়ৰ্কত নামিব পাৰে।’

PHOTO • Jyoti Shinoli

মুম্বাইৰ চেম্বুৰৰ মাহুল গাঁৱত অনাময় কৰ্মীয়ে সাম্ভাব্য বিষাক্ত আৱৰ্জনা সামান্য সুৰক্ষা কৱচ পিন্ধিয়েই চাফা কৰিছে

আমি এতিয়াই কাৰ্যপন্থা হাতত ল’ব লাগিব। আমি এটামাত্ৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়া নাই, মহামাৰী ‘সদলবলে’ আহে। তাৰে মাজত অৰ্থনৈতিক বিপৰ্যয় আমাৰ নিজৰ কাৰণে অধিক শোচনীয় হৈ পৰিব পাৰে- ইয়ে আমাক দুৰ্যোগৰ পৰা সৰ্বনশীয়া পৰ্যায়লৈ লৈ যাব পাৰে

আমি এটামাত্ৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকা বুলি ধাৰণা কৰাটো ভূল, আৰু এই যুঁজখনে জিকিলেই সকলো ঠিক হৈ যাব বুলি ভবাটো তেনেই বিপজ্জনক। নিশ্চয়কৈ আমি ক’ভিড-19ৰ বিৰুদ্ধে আপ্ৰাণ যুঁজ দিব লাগিব। ১৯১৮ত ভূলকৈ নাম দিয়া ‘স্পেনিচ ফ্লু’ৰ পিছত এয়া হয়তো আটাইতকৈ ডাঙৰ মহামাৰীত পৰিণত হ’ব পাৰে (১৯১৮-২১ৰ সময়চোৱাত ভাৰতত ১ কোটি ৬০ লাখৰ পৰা ২ কোটি ১০ লাখ লোকে প্ৰাণ হেৰুৱাইছিল। উল্লেখ্য যে ১৯২১ৰ লোকপিয়লেই একমাত্ৰ লোকপিয়ল, য’ত গ্ৰামীণ জনসংখ্যা হ্ৰাস পাইছিল)।

পানীৰ আটাইবোৰ নল খুলি লৈ মজিয়া চাফা কৰি থকাৰ দৰে হ’ব, যদিহে এই বহল প্ৰেক্ষাপটত ক’ভিড-19ৰ ওপৰত গুৰুত্ব দি আনবোৰ দিশ উপেক্ষা কৰা হয়। সকলোৰে অধিকাৰ আৰু প্ৰাপ্যখিনি সামৰি ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাক সশক্ত কৰা এক সামগ্ৰিক দৃষ্টিভংগী সম্প্ৰতি আমাক প্ৰয়োজন।

১৯৭৮ত কেইজনমন দুৰদৰ্শী লোকৰ প্ৰচেষ্টাত স্বাস্থ্যক্ষেত্ৰত আলমা আটাৰ ঘোষণাপত্ৰ স্বাক্ষৰিত হয়, তেতিয়ালৈ বিশ্ব স্বাস্থ্য সন্থাক পাশ্চাত্যৰ চৰকাৰী পৃষ্ঠপোষকতা প্ৰাপ্ত ক’ৰ্পৰেট স্বাৰ্থই কাবু কৰা নাছিল। সেই ঘোষণাপত্ৰত ‘২০০০ লৈ সকলোৰে বাবে স্বাস্থ্য’ বাক্যাংশ বিশ্ববিখ্যাত হৈ পৰিছিল। এই ঘোষণাপত্ৰৰ যোগে এয়া আশা কৰা হৈছিল যে বিশ্বৰ সকলো লোকেই ‘বিশ্বৰ সম্পদৰ সামগ্ৰিক আৰু অধিক ভালদৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব...’

আশীৰ দশকত স্বাস্থ্য সংক্ৰান্ত সামাজিক আৰু অৰ্থনৈতিক নিৰ্ধাৰকবোৰৰ বোধ সলনি হ’বলৈ ধৰিছিল। কিন্তু আন এটা ধাৰণাও তীব্ৰ গতিত শিপাইছিল, সেয়া আছিল নব্য উদাৰবাদ।

৮০ৰ দশকৰ শেষৰফালে আৰু ৯০ৰ দশকত মানৱ অধিকাৰ হিচাপে স্বাস্থ্য, শিক্ষা, নিয়োগ আদি দিশ মূল্যহীন হৈ পৰে।

১৯৯০ৰ মাজভাগত সংক্ৰমণযোগ্য ৰোগবোৰৰ বিশ্বায়ন আৰম্ভ হয়। এই প্ৰত্যাহ্বানক প্ৰত্যুত্তৰ জনোৱাৰ বাবে বিশ্ব স্বাস্থ্য ব্যৱস্থাৰ চিন্তা কৰাৰ বিপৰীতে বহু দেশে নিজৰ স্বাস্থ্যখণ্ডৰ ব্যক্তিগতকৰণ আৰম্ভ কৰে। ভাৰতৰ স্বাস্থ্যখণ্ডত আগৰেপৰাই ব্যক্তিগত খণ্ডৰ দপদপনি আছিল। জিডিপিৰ শ্বেয়াৰ হিচাপে আমাৰ স্বাস্থ্যৰ বাজেট আটাইতকৈ কম, কোনোমতে ১.২ শতাংশ। ১৯৯০ৰ দশকত ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাক স্বেচ্ছাকৃত নীতি নিৰ্ধাৰণৰ যোগেদি আৰু দুৰ্বল কৰি পেলোৱা হয়। বৰ্তমানৰ চৰকাৰে আনকি জিলা পৰ্যায়ৰ চিকিৎসালয়বোৰৰ পৰিচালনৰ দায়িত্ব ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ সাজু হৈছে।

স্বাস্থ্যৰ দিশত হোৱা ব্যয়ৰ ফলত গ্ৰামীণ পৰিয়ালৰ ঋণৰ বোজা দিনে দিনে দ্ৰুত গতিত বাঢ়িছে। ২০১৮ৰ জুনত পাব্লিক হেলথ্ ফাউণ্ডেশ্যন অৱ ইণ্ডিয়াই স্বাস্থ্যখণ্ডৰ ওপৰত কৰা ডেটাৰ বিশ্লেষণত এই কথা পোহৰলৈ আহিছে যে ভাৰতত ৫ কোটি ৫০ লাখ লোকে ২০১১-১২, অৰ্থাৎ এটা মাত্ৰ বছৰতে নিজৰ স্বাস্থ্যৰ ওপৰত হোৱা ব্যয়ৰ ফলত দৰিদ্ৰতাৰ কবলত পৰিছে। কেৱল দৰৱৰ নামতে হোৱা খৰছৰ ফলত তাৰে ৩ কোটি ৮০ লাখ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত অৱনমিত হৈছে।

সমগ্ৰ দেশতে হাজাৰ হাজাৰ খেতিয়ক পৰিয়ালত কৃষকে কৰা আত্মহত্যাৰ ক্ষেত্ৰত লক্ষণীয়ভাৱে মিল থকা কথাটো হৈছেঃ স্বাস্থ্যৰ ক্ষেত্ৰত মাত্ৰাধিক ব্যয়, তাৰে প্ৰায়ভাগে সুদখোৰৰ পৰা ধাৰে অনা।

PHOTO • M. Palani Kumar

দেশৰ অন্য প্ৰান্তৰ দৰে, চেন্নাইতো চুক্তিবদ্ধ অনাময় কৰ্মীয়ে তেনেই কম বা কোনোধৰণৰ বিশেষ সুৰক্ষামূলক কৱচ পৰিধান নকৰাকৈয়ে কাম কৰে

আমাৰ জনসংখ্যা বেছি, তাৰ পৰিৱৰ্তে ক’ভিড-19ৰ দৰে সংকটৰ সৈতে মোকাবিলা কৰিবপৰাকৈ তেনেই কম সুসজ্জিত। চিন্তাৰ কথা এইটোহে যে আগলৈও ক’ভিডৰ দৰে আন মহামাৰী আহিব। ইতিমধ্যে আমি ৯০ৰ দশকৰ শেষৰফালে SARS আৰু MERS (দুয়োটাই ক’ৰণাভাইৰাছৰ পৰাই অহা) আৰু আন বহুতো বিশ্বজুৰি বিয়পা ৰোগ দেখি আহিছো। ভাৰতত ১৯৯৪ত চুৰাটত আমি প্লেগ মহামাৰী দেখিছো। আমি কেনে এখন পৃথিৱী সৃষ্টি কৰিছো আৰু তাতে সোমাই পৰিছো, এই সকলোবোৰেই তাৰ ইংগিত বহন কৰিছে।

গ্লবেল ভিৰোম প্ৰজেক্টৰ অধ্যাপক ডেন্নিছ কেৰলে অলপতে কৈছেঃ ‘ আমি আগতে কোনোদিনে প্ৰৱেশ নকৰা পৰিস্থিতিতন্ত্ৰৰ গভীৰতালৈ সোমাইছো... ’। আগতে কম জনসংখ্যা থকা ঠাইত তেল আৰু খনিজ পদাৰ্থৰ নিষ্কাশন কৰা হৈছে, তাৰ মূল্য পৰিশোধ কৰিবলগীয়া হৈছে, অধ্যাপক কেৰলে কয়। ঠুনুকা পৰিস্থিতিতন্ত্ৰত আমাৰ তালাচীয়ে কেৱল জলবায়ু পৰিৱৰ্তনে অনা নাই, সাম্ভাব্য স্বাস্থ্যজনিত দুৰ্যোগো আনিছে। কিয়নো বাঢ়ি অহা মানুহ- বন্যপ্ৰাণীৰ সংস্পৰ্শই সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিছে, যিবোৰ সংক্ৰমণৰ বিষয়ে আমি খুব কম জানো বা একেবাৰে নাজানো।

সেয়ে আগলৈ আৰু বেছি দেখিবলৈ পাম।

এতিয়া ক’ভিড-19ৰ ক্ষেত্ৰত তলত দিয়া দুটা দিশ বিবেচনা কৰিব পাৰি।

ভাইৰাছবিধৰ উৎপৰিৱৰ্তন ঘটি (আমাৰ সুবিধা কৰি) কেইসপ্তাহমানতে নিজে ধ্বংস হ’ব।

নাইবা নিজৰ ভালৰ কাৰণে উৎপৰিৱৰ্তন ঘটিব, পৰিস্থিতি বেয়ালৈ ঢাল খাব। সেয়াই ঘটে, পৰিস্থিতি সৰ্বনশীয়া হয়।

আমি কি কৰিব পাৰো? মই তলত কেতবোৰ পৰামৰ্শ আগবঢ়াইছো। ইয়াৰে কেতবোৰ ইতিমধ্যে ভাৰতৰ দুৰদৰ্শী সমাজকৰ্মী আৰু বুদ্ধিজীৱিয়ে আগবঢ়াইছে। (ঋণ, ব্যক্তিগতকৰণ আৰু বিত্তীয় বজাৰৰ বিফলতাৰ বৃহত্তৰ গোলকীয় প্ৰসংগত ইয়াৰে কেতবোৰ সমাধান হিচাপে বিবেচনা কৰিব পাৰি) আৰু অনুপ্ৰেৰণা হিচাপে ইয়াৰে কেতবোৰ পদক্ষেপ কেৰেলা চৰকাৰে ঘোষণা কৰিছে।

Ø  পোনপ্ৰথমেই কৰিবলগীয়া কামটো হৈছে আমাৰ হাতত ‘ৰাহি’ হৈ থকা প্ৰায় ৬০০ লাখ টন শস্য জৰুৰীকালীনভাৱে বিতৰণৰ ব্যৱস্থা কৰা। এই সংকটত বিধ্বস্ত হৈ পৰা লাখ লাখ প্ৰব্ৰজিত শ্ৰমিক আৰু দৰিদ্ৰ পৰিয়ালক সহায় কৰিব লাগে। বৰ্তমান বন্ধ হৈ থকা সামূহিক ভৱনবোৰ (স্কুল-কলেজ, সামূহিক ভৱন-অট্টালিকা) আবদ্ধ প্ৰব্ৰজিত শ্ৰমিক আৰু গৃহহীনৰ বাবে মুকলি কৰি দিব লাগে।

Ø  দ্বিতীয়তে সমানে গুৰুত্বপূৰ্ণ কামটো হৈছে খাৰিফ ঋতুত সকলো খেতিয়কৰ দ্বাৰা শস্য খেতি কৰোৱা। বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে, সাংঘাতিক খাদ্য সংকটে দেখা দিব। এইবাৰ চপোৱা নগদী শস্য তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব। আকৌ এবাৰ নগদী শস্যৰ খেতিয়ে তেওঁলোকক বিধ্বস্ত কৰিব পাৰে। ক’ৰণাভাইৰাছৰ ছিটা বা নিৰাময় ওলোৱালৈ কেইবামাহো লাগিব পাৰে। এইখিনি সময়তে মজুত খাদ্য টুটি আহিব।

Ø  চৰকাৰে সহায় কৰিবই লাগিব, খেতিয়কৰ উৎপাদিত শস্য ক্ৰয় কৰিব লাগিব। সামাজিক দূৰত্ব আৰু তলাবন্ধৰ পৰিপ্ৰেক্ষিতত বহুতেই ৰবি শস্য চপাব পৰা নাই। চপোৱাসকলে আকৌ সেয়া ক’লৈকো নিব বা বিক্ৰী কৰিব পৰা নাই। খাৰিফ শস্যৰ বাবে খেতিয়কক ইনপুট, সমৰ্থন আৰু মাৰ্কেটিঙৰ ক্ষেত্ৰত সহযোগীতাৰ পৰিৱেশৰ প্ৰয়োজন হ’ব।

Ø  চৰকাৰে ব্যক্তিগত খণ্ডৰ চিকিৎসাসেৱা সমগ্ৰ দেশতে ৰাষ্ট্ৰীয়কৰণ কৰিব লাগিব। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক এটা ‘ক’ৰণা কৰ্ণাৰ’ ৰাখিবলৈ ক’ব লাগিব, যিহেতু তেওঁলোকে নিজাকৈ সেয়া নকৰিব। অৰ্থকৰী ব্যৱস্থাই এই সংকট মচিব নোৱাৰে, স্পেইনৰ চৰকাৰে এই কথাক স্বীকৃতি দি দেশখনৰ সকলো চিকিৎসালয় আৰু স্বাস্থ্যসেৱাৰ ৰাষ্ট্ৰীয়কৰণ কৰিছে।

Ø  অনাময় কৰ্মী আৰু চাফাই কৰ্মী। এইসকল কৰ্মচাৰীক চৰকাৰ, পৌৰনিগম আদিত তেওঁলোকে ইতিমধ্যে পাই থকা দৰমহাৰ সৈতে ৫০০০ টকা মাহে যোগ দি আৰু সদাই অগ্ৰাহ্য কৰি অহা সম্পূৰ্ণ চিকিৎসা সুবিধা প্ৰদান কৰি পূৰ্ণকালীন কৰ্মচাৰী হিচাপে নিয়োগ কৰিব লাগে। তাৰোপৰি তেওঁলোকক সুৰক্ষামূলক আহিলা-পাতি প্ৰদান কৰিব লাগে, যিবোৰ কেতিয়াও কৰা হোৱা নাই। আমি ইতিমধ্যে তিনিটা দশক জুৰি লাখ লাখ অনাময় কৰ্মীৰ জীৱন বিধ্বস্ত কৰিছো, তেওঁলোকক চৰকাৰী খণ্ডৰ পৰা বিদায় দি ব্যক্তিগত খণ্ডৰ হাতত গতাইছো, য’ত একেই কৰ্মচাৰীক কম দৰমহাত কোনোধৰণৰ সা-সুবিধা নিদিয়াকৈ চুক্তিবদ্ধ কৰা হৈছে।

Ø  তিনিমাহৰ বাবে দৰিদ্ৰজনৰ কাৰণে বিনামূলীয়া ৰেচন ঘোষণা কৰক আৰু শীঘ্ৰেই বিতৰণ কৰক।

Ø  আশা, অংগনৱাড়ী আৰু মধ্যাহ্ন ভোজন কৰ্মীৰ নিযুক্তি নিয়মীয়া কৰক, এইসকলেই চৰকাৰী কৰ্মচাৰী হিচাপে সমুখ সমৰত যুঁজ দিছে। দেশৰ শিশুচামৰ স্বাস্থ্য আৰু জীৱন তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিছে। তেওঁলোকৰ নিযুক্তি নিয়মীয়া হ’ব লাগে, যথোচিত মজুৰী আৰু সুৰক্ষামূলক কৱচ দিব লাগে।

Ø  সংকট আঁতৰি নোযোৱালৈকে কৃষক আৰু শ্ৰমিকক এমজি এনৰেগাৰ মজুৰী দিয়ক। একে সময়তে নগৰাঞ্চলৰ শ্ৰমিকে মাহে ৬০০০ টকা পাব লাগে।

আমি এই ব্যৱস্থাসমূহ এতিয়াই কাৰ্যকৰ কৰিব লাগিব। চৰকাৰৰ ‘সাহায্য’ৰ প্ৰকৃতি সংবেদনহীন আৰু উৱাদিহ নাইকিয়া ধৰণৰ। আমি কেৱল এটা মাত্ৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকা নাই, মহামাৰী ‘সদলবলে’ আহে। তাৰ মাজতে অৰ্থনৈতিক বিপৰ্যয়ে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিব পাৰে। ইয়ে আমাক দুৰ্যোগৰ পৰা সৰ্বনশীয়া পৰ্যায়লৈ লৈ যাব পাৰে।

আগন্তুক দুসপ্তাহত যদি এই ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ নহয়, তেন্তে কৃষকক খাৰিফ শস্যৰ খেতি কৰিবলৈ আহ্বান জনোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ব।

একে সময়তে আমি ক’ভিড-19ক আমাৰ ইতিহাসত এক যুগান্তকাৰী প্ৰাসংগিক মুহূৰ্ত হিচাপে চাব লাগিব। এই মুহূৰ্তৰ পৰাই আমি কোনদিশে গতি কৰিম সেয়া নিৰ্ণয় কৰিবপৰা যাব। এই সময়েই আমাক বৈষম্য আৰু স্বাস্থ্যসংক্ৰান্ত ন্যায়ৰ ক্ষেত্ৰত নতুন দৃষ্টিৰে তৰ্ক কৰাৰ থল দিব।

এই লেখাৰ এটা সংস্কৰণ ২০২০ৰ ২৬ মাৰ্চত দা ৱায়াৰত প্ৰকাশ পাইছিল।

অনুবাদঃ পংকজ দাস

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das