“আমি কাম কৰিবলৈ এৰিলে গোটেইখন দেশৰ জনতাৰ মুখৰ হাঁহি নাইকিয়া হ’ব।”

এইষাৰ কথাৰ পিছৰখিনি শুনিলেহে বাবু লালৰ কথাৰ মৰ্ম বুজিব পাৰি, “ক্রিকেট খেলনে কো নেহি মিলেগা কিচিকো ভি (কোনোৱেই ক্ৰিকেট খেলিবলৈ নাপাব)।”

বেটচমেনৰ বুকু কঁপোৱা, বলাৰৰ হাতৰ প্ৰিয়, লক্ষ লক্ষ লোকৰ দৃষ্টি য’ত নিবদ্ধ, সেই বলটো চামৰাৰ।  সেই চামৰা আহে উত্তৰ প্ৰদেশৰ মীৰাটৰ বস্তি এলেকা শোভাপুৰৰ টেনেৰীবোৰৰ পৰা। চহৰখনৰ এইটো স্থানতে চৰ্মকাৰসকলে এলুম-টেনিং পদ্ধতিৰে জন্তুৰ কেঁচা ছাল টেনিং কৰি ক্ৰিকেট বলৰ উদ্যোগটোৰ বাবে অত্যাৱশ্যকীয় কেঁচামাল সাজু কৰে। টেনিং হৈছে জন্তুৰ কেঁচা ছালখনক চুড়ান্ত ৰূপ দিয়া এক প্ৰক্ৰিয়া।

“কেৱল এলুম-টেনিং পদ্ধতিৰে ছালখনৰ খহটা আৰু টান অংশবোৰ খোল খায়, তেতিয়াহে ৰং সহজেই ভিতৰলৈ সোমাই যাব পাৰে,” বাবু লালে কয়। তেওঁৰ এই কথাৰ ভিত্তি আছে। কেন্দ্ৰীয় চৰ্ম গৱেষণা প্ৰতিষ্ঠানে ষাঠিৰ দশকত কৰা গৱেষণাত কৈছে যে বল এটাত বলাৰজনৰ ঘাম লাগি, বা বলাৰজনে নিজে ঘাম বা থু লগাই সেইটো জিলিকাবলৈ কৰা চেষ্টাত বল এটা বেয়া নোহোৱাটো নিশ্চিত কৰে এলুম-টেনিং পদ্ধতিয়ে। এনেকৈ বলাৰৰ কাৰণে খেলখনো পণ্ড হোৱাৰ পৰা বাচে।

শোভাপুৰত নিজৰ টেনেৰীখনৰ চুক এটাত ষাঠি বছৰীয়া মালিকজন প্লাষ্টিকৰ চকী এখনত বহি আছে। চূণেৰে চাফা হৈ পৰা মজিয়াখন চিকমিকাই আছে। “২০০ বছৰ ধৰি আমাৰ পূৰ্বপুৰুষে চামৰাৰ কাম ইয়াত কৰি আহিছে,” তেওঁ কয়।

Left: Bharat Bhushan standing in the godown of his workplace, Shobhapur Tanners Cooperative Society Limited .
PHOTO • Shruti Sharma
Right: In Babu Lal’s tannery where safed ka putthas have been left to dry in the sun. These are used to make the outer cover of leather cricket balls
PHOTO • Shruti Sharma

বাওঁফালে : নিজৰ ৱৰ্কশ্বপ শোভাপুৰ টেনাৰ্চ কোপাৰেটিভ ছ চাইটি লিমিটেডৰ গুদামত ভাৰত ভূষণ সোঁফালে : বাবু লালৰ টেনেৰীত চফেদ কা পুত্থাচবোৰ ৰ শুকুওৱা হৈছে চামৰাৰ বলৰ উপৰিভাগ বনোৱাৰ বাবে এইবোৰ ব্যৱহাৰ কৰা হয়

আমি কথা পাতি থকাৰ মাজতে আন এজন মুচিয়াৰ ভাৰত ভূষণ সোমাই আহে। ৪৩ বছৰ বয়সীয়া ভূষণে ১৩ বছৰ বয়সৰ পৰাই এই উদ্যোগটোত কাম কৰি আহিছে। দুয়োজনে পৰস্পৰক সম্ভাষণ জনালে, “জয় ভীম ! (প্ৰণাম আম্বেদকাৰ)”

ভাৰতে চকী এখন টানি আনি আমাৰ লগত বহি কথা আৰম্ভ কৰিলে। বাবু লালে লাহেকৈ মোক সুধিলে, “গন্ধ নেহি আ ৰহি (অস্বস্তিকৰ গন্ধ এটা পোৱা নাই নে)?” তেওঁ আমি বহি থকাৰ কাষতে গাঁত কৰি ডুবাই থোৱা ছালবোৰৰ পৰা অহা দুৰ্গন্ধৰ কথা কৈছে। চামৰাৰ কাম কৰা মানুহে সন্মুখীন হোৱা বদনাম আৰু হিংসাৰৰ প্ৰসংগ টানি ভূষণে কয়, “অৱশ্যে কিছুমান মানুহৰ নাকবোৰ আনতকৈ দীঘল - তেনে লোকে দূৰৈৰ পৰাই চামৰাৰ কাম চলি থকাৰ গন্ধ পায়।”

ভূষণৰ মন্তব্যৰ আঁত ধৰি বাবু লালে কয়, “যোৱা পাঁচৰ পৰা সাত বছৰত আমি এই জীৱিকাৰ বাবে বহুত সমস্যাৰ সন্মুখীন হৈছো।” যোৱা ৫০ টা বছৰ ধৰি মীৰাট আৰু জলন্ধৰৰ বিশাল ক্ৰিকেট কোম্পানীবোৰক ছামৰাৰ যোগান ধৰি অহা স্বত্ত্বেও এইসকল লোকৰ জীৱন আৰু জীৱিকা সাম্প্ৰদায়িক হিংসাৰ ফলত সংকটত পৰিছে। “বিপদৰ সময়ত আমাৰ ওচৰত কোনো নাথাকে, আমি অকলেই যুঁজিব লাগে,” তেওঁ যোগ দিয়ে।

ভাৰতৰ প্ৰাচীন নিৰ্মাণশিল্পৰ উদ্যোগবোৰৰ ভিতৰত চামৰাও এটা। এই উদ্যোগটোত চল্লিশ লাখ লোক নিয়োজিত আৰু বিশ্বৰ মুঠ চামৰাৰ প্ৰায় ১৩ শতাংশ ভাৰততে উৎপাদিত হয়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ চামৰা ৰপ্তানি পৰিষদৰ এয়া ২০২১-২০২২ৰ তথ্য

শোভাপুৰৰ প্ৰায়ভাগ টেনেৰীৰ মালিক আৰু শ্ৰমিক জাটভ সম্প্ৰদায়ৰ (উত্তৰ প্ৰদেশত অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ)। ভূষণে অনুমান কৰে যে অঞ্চলটোত প্ৰায় ৩,০০০ জাটভ পৰিয়াল আছে আৰু বৰ্তমান প্ৰায় “এশটা পৰিয়াল এই কামৰ সৈতে জৰিত।” শোভাপুৰ ১২ নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত, তাত জনসংখ্যা ১৬,৯৩১। ৱাৰ্ডটোৰ আধাতকৈ বেছি লোক অনুসূচিত জাতিৰ (২০১১ৰ লোকপিয়ল অনুযায়ী)।

মীৰাট চহৰৰ পশ্চিমাংশত থকা শোভাপুৰ বস্তি এলেকাৰ আঠখন টেনেৰীৰ মালিক বাবু লাল। “চুড়ান্ত পণ্যবিধক আমি চফেদ কা পুত্থা (শুকাই বগা কৰা ছালৰ পিছপিঠি) বুলি কওঁ। চামৰাৰ ক্ৰিকেট বলৰ বাহিৰৰ আচ্ছাদন বনাবলৈ এইবোৰ ব্যৱহাৰ কৰা হয়,” ভূষণে কয়। ছালখন প্ৰক্ৰিয়াকৰণত স্থানীয় ভাষাত ফিটকিৰি বুলি কোৱা পটাচিয়াম এলুমিনিয়াম ছালফেট ব্যৱহাৰ কৰা হয়।

Left : Babu Lal at his tannery.
PHOTO • Shruti Sharma
Right: An old photograph of tannery workers at Shobhapur Tanners Cooperative Society Limited, Meerut
PHOTO • Courtesy: Bharat Bhushan

বাওঁফালে : নিজৰ টেনেৰীখনত বাবু লাল সোঁফালে : মীৰাটস্থিত শোভাপুৰ টেনাৰ্চ কোপাৰেটিভ ছ চাইটি লিমিটেডৰ শ্ৰমিকৰ এখন পুৰণি ফটো

দেশ বিভাজনৰ সময়ত ক্ৰীড়াৰ সামগ্ৰী নিৰ্মাণশিল্প পাকিস্তানৰ শিয়ালকোটৰ পৰা মীৰাটলৈ আহে। ক্ৰীড়া সামগ্ৰীৰ উদ্যোগটোত সহায় কৰিবলৈ ১৯৫০ত জিলা উদ্যোগ বিভাগে প্ৰতিষ্ঠা কৰা ৰাজপথৰ সিপাৰে থকা লেদাৰ টেনিং ট্ৰেইনিং চেণ্টাৰটোলৈ দেখুৱাই দিয়ে।

ভূষণে কয় যে কেইগৰাকীমান চৰ্মকাৰ লগ লাগি “২১ জনীয়া সদস্যেৰে শোভাপুৰ টেনাৰ্চ কোপাৰেটিভ ছ’চাইটি লিমিটেড নামে সংস্থা এটা খোলে। আমি সেই সংস্থাটোৰ ওপৰত নিৰ্ভৰ কৰো, ইউনিটটো চলোৱাৰ খৰছ লাগি-ভাগি ব্যয় কৰো, নিজাকৈ চলোৱা সম্ভৱ নহয়।”

*****

ভূষণে তেওঁৰ ব্যৱসায়ত মূল সামগ্ৰী ছামৰা কিনিবলৈ ধলপুৱাতে উঠে। তেওঁ অটো এখন আন কাৰোবাৰ লগত ভাৰা কৰে আৰু পাঁচ কিলোমিটাৰ দূৰৰ মীৰাট ষ্টেছনলৈ গৈ তাৰ পৰা হাপুৰলৈ যোৱা ৫:৩০ৰ খুৰ্জা জংছন এক্সপ্ৰেছখন ধৰে। “আমি হাপুৰ চামৰা পেইণ্ঠ (কেঁচা চামৰাৰ বজাৰ)ত দেওবাৰে কেঁচা চামৰা কিনো, তালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চামৰা আহে” তেওঁ কয়।

হাপুৰ জিলাৰ এই সাপ্তাহিক বজাৰখন শোভাপুৰ এলেকাৰ পৰা ৪০ কিলোমিটাৰ দূৰত আছে আৰু ২০২৩ৰ মাৰ্চ অনুসৰি এই বজাৰত চামৰাৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি এখনৰ দাম ৫০০ৰ পৰা ১,২০০ টকা হয়।

পশুবিধে কি খায়, তাৰ ৰোগ আদি বিভিন্ন কাৰকৰ ওপৰত চামৰাৰ গুণগত মান নিৰ্ভৰ কৰে। “ৰাজস্থানৰ পৰা অহা ছালবোৰত কীকাৰ গছৰ কাঁইটৰ দাগ থাকে আৰু হাৰিয়ানাৰ পৰা অহা ছালত চিকৰাৰ দাগ থাকে। এইবোৰ গুণগত মান দ্বিতীয় স্তৰৰ।”

লাম্পি স্কিন ৰোগত ২০২২-২৩ত ১.৮৪ লাখ গৰু-ম’হৰ মৃত্যু হৈছিল, বজাৰ ছালেৰে ভৰি পৰিছিল। কিন্তু “সেইবোৰত ডাঙৰ ডাঙৰ দাগ থকা কাৰণে আমি কিনিব পৰা নাছিলো। তেনেকুৱা চামৰা ক্ৰিকেট বল বনোৱা কোম্পানীয়ে নাৰাখে,” ভুষণে কয়।

Hide of cattle infected with lumpy skin disease (left). In 2022-23, over 1.84 lakh cattle deaths were reported on account of this disease.
PHOTO • Shruti Sharma
But Bharat (right) says, 'We could not purchase them as [they had] big marks and cricket ball makers refused to use them'
PHOTO • Shruti Sharma

লাম্পি স্কিন ৰোগত ভোগা জন্তুৰ ছাল (বাওঁফালে)। ২০২২-২৩ত এই ৰোগত ১.৮৪ লাখ গৰু মৰিছিল। কিন্তু ভূষণে কয় (সোঁফালে), 'সেইবোৰত ডাঙৰ ডাঙৰ দাগ থকা কাৰণে আমি কিনিব পৰা নাছিলো। তেনেকুৱা চামৰা ক্ৰিকেট বল বনোৱা কোম্পানীয়ে নাৰাখে'

চামৰা উদ্যোগটোত কাম কৰা শ্ৰমিকে কয় যে ২০১৭ত যেতিয়া ৰাজ্য চৰকাৰে অবৈধ কচাইখানাবোৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল, তেতিয়া এই ব্যৱসায়টোৰ বহুখিনি ক্ষতি হৈছিল। তাৰ কিছুদিন পিছতেই আকৌ কেন্দ্ৰ চৰকাৰে নিৰ্দেশ দিলে যে হত্যাৰ উদ্দেশ্যে গৰু-ম’হ বজাৰত কিনা-বেচা কৰা নিষেধ। ফলস্বৰূপে “বজাৰখন আকাৰত পূৰ্বৰ আধাতকৈও কমি গ’ল। কেতিয়াবা দেওবাৰে বজাৰ বন্ধই থকা হ’ল,” ভুষণে কয়।

গৰু-ম’হ আৰু তাৰ ছালবোৰ সৰবৰাহ কৰা লোকসকলৰ মাজত গো-ৰক্ষকৰ হস্তক্ষেপৰ ফলত এক সন্ত্ৰাসৰ সৃষ্টি হৈছে। “আনকি পঞ্জীয়ন থকা আন্তঃৰাজ্যিক পৰিবহনকাৰীয়েও আজিকালি কেঁচামাল সৰবৰাহ কৰিবলৈ ভয় কৰা হৈছে। পৰিস্থিতি এনে হৈ পৰিছে,” বাবু লালে কয়।

২০১৯ত ভাৰতত হিংসাত্মক ৰূপত গো-ৰক্ষা শীৰ্ষক হিউমেন ৰাইটচ ৱাটচ-ৰ প্ৰতিবেদনত গো-ৰক্ষকে কৰা  আক্ৰমণ সন্দৰ্ভত লিখিছে, “২০১৫ৰ মে’ৰ পৰা ২০১৮ৰ ডিচেম্বৰলৈকে ভাৰতৰ ১২ খন ৰাজ্য মিলি কমেও ৪৪ গৰাকী লোকে (তাৰে ৩৬ গৰাকী মুছলমান) প্ৰাণ হেৰুৱাইছিল। একেছোৱা সময়তে ২০ খন ৰাজ্য মিলি ২৮০ জনে এনে ১০০ টা ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল।”

“আমাৰ ব্যৱসায় সম্পূৰ্ণ বৈধ আৰু ৰছিদভিত্তিক। তথাপিও তেওঁলোকৰ আপত্তি নুগুচে,” বাবু লালে কয়।

Left : Buffalo hides drying in the sun at the government tanning facility in Dungar village near Meerut.
PHOTO • Shruti Sharma
Right: Bharat near the water pits. He says, 'the government constructed amenities for all stages of tanning here'
PHOTO • Shruti Sharma

বাওঁফালে: মীৰাটৰ কাষৰ দুংগাৰ গাঁৱৰ চৰকাৰী টেনিং কেন্দ্ৰত ম’হৰ চামৰোবোৰ শুকাবলৈ মেলি দিয়া হৈছে। সোঁফালে: পানীৰ গাঁতকেইটাৰ কাষত থিয় দি থকা ভূষণে কয়, ‘চৰকাৰে টেনিঙৰ চাৰিটা পৰ্য্যায়ৰ বাবে সুবিধা নিৰ্মাণ কৰি দিছে’

শোভাপুৰৰ চৰ্মকাৰসকলক ২০২০ৰ জানুৱাৰীত আৰু এটা গুগলি বলে আঘাত কৰিলে। তেওঁলোকৰ বিৰুদ্ধে প্ৰদূষণৰ ৰাজহুৱা স্বাৰ্থজৰিত আবেদন দাখিল কৰা হ’ল। “তেওঁলোকে এইটো চৰ্তও ৰাখিলে যে টেনেৰী কাম ঘাইপথৰ পৰা দেখা হ’ব নালাগিব,” আবেদনখনত উল্লেখ থকা ধৰণে চৰকাৰী পৃষ্ঠপোষকতাত তেওঁলোকক স্থানান্তৰণৰ পৰিৱৰ্তে স্থানীয় আৰক্ষীয়ে তেওঁলোকলৈ টেনেৰী বন্ধ কৰাৰ জাননি পঠিয়ালে।

“চৰকাৰ হামে ব্যৱস্থা বনাকে দে অগৰ দিক্কত হ্যায় তো। জেইচে দুংগাৰ মে বনায়ী হ্যে ২০০৩-০৪ মে (কিবা যদি অসুবিধা আছে, চৰকাৰে আমাক যথোচিত সুবিধা কৰি দিয়ক, যেনেকৈ তেওঁলোকে ২০০৩-০৪ত দুংগাৰ গাঁৱত টেনিঙৰ কাৰখানা পাতি দিছিল,” বাবু লালে কয়।

“আমাৰ সমস্যাটো হৈছে পৌৰনিগমে নলা বনোৱাৰ কাম সম্পূৰ্ণ কৰা নাই,” ভূষণে কয়। অঞ্চলটো পৌৰনিগমৰ অধীনত অহা ৩০ বছৰ হৈ গ’ল। “বাৰিষাৰ দিনত স্বাভাৱিকতে খান্দি থৈ সমান নকৰা দ আবাসিক স্থানত পানী জমা হয়গৈ।”

*****

শোভাপুৰৰ আঠটা টেনেৰীয়ে ক্ৰিকেট বলত ব্যৱহৃত শ শ বগা চামৰা উৎপাদন কৰে। টেনেৰীৰ শ্ৰমিকে প্ৰথমে ছালবোৰ ধোৱে আৰু ধূলি-বালি আৰু মাটি আদি আঁতৰায়। প্ৰতিখন চামৰা চাফা কৰাৰ বাবদ তেওঁলোকে ৩০০ টকাকৈ পায়।

“এই ছালবোৰ চাফা কৰি শুকোৱাৰ পিছত আমি সেয়া গুণগত মান অনুসৰি, বিশেষকৈ কিমান ডাঠ সেয়া চাই ভাগ কৰো,” বাবু লালে জনায়। ডাঠ ছাল এখন এলুম-টেনিং কৰোঁতে ১৫ দিন লাগে। পাতল ছালবোৰ ভেষজ-টেনিং কৰা হয়। এই কামটোত ২৪ দিন লাগে। “সেইবোৰ লট হিচাপত টেনিং কৰা হয়, সেয়ে প্ৰতিদিনে চামৰাৰ এটা বেটচ সাজু হয়।”

Left: A leather-worker washes and removes dirt, dust and soil from the raw hide. Once clean and rehydrated, hides are soaked in a water pit with lime and sodium sulphide. 'The hides have to be vertically rotated, swirled, taken out and put back into the pit so that the mixture gets equally applied to all parts,' Bharat explains.
PHOTO • Shruti Sharma
Right: Tarachand, a craftsperson, pulls out a soaked hide for fleshing
PHOTO • Shruti Sharma

বাওঁফালে: চামৰাৰ শ্ৰমিকে কেঁচা ছালৰ পৰা ধূলি-মাটি আদি আঁতৰাই চাফা কৰিছে। এবাৰ চাফা কৰি শুকোৱাৰ পিছত ছালবোৰ চুণ আৰু ছডিয়াম ছালফাইড দি পানীৰ গাঁত এটাত ডুবাই থোৱা হয়। ‘ছালবোৰ তুলি আনি লুটিয়াই দি, ঘূৰাই লৈ আকৌ গাঁতটোত ডুবাব লাগে যাতে মিশ্ৰণটো সকলোফালে ভালকৈ লাগে,’ ভাৰতে বুজাই কয়। সোঁফালে: মাংস এৰুওৱাৰ বাবে তাৰাচন্দ নামৰ কাৰিকৰজনে ছাল এখন তুলি আনিছে

Left: A rafa (iron knife) is used to remove the flesh. This process is called chillai
PHOTO • Shruti Sharma
Right: A craftsperson does the sutaai (scraping) on a puttha with a khaprail ka tikka (brick tile). After this the hides will be soaked in water pits with phitkari (alum) and salt
PHOTO • Shruti Sharma

বাওঁফালে: মাংসবোৰ আঁতৰাবলৈ ৰাফা (লোৰ চুৰিকটাৰী) এখন ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াক চিল্লাই বোলা হয়। সোঁফালে: খাপৰেইল কা টিক্কা (খাপৰেইলৰ টাইল)ৰে কাৰিকৰ এজনে পুথ্থা এখনৰ চুটাই (চোঁচা কাম) কৰিছে। ইয়াৰ পিছত চামৰাখন এলুম (ফিটকিৰি) আৰু নিমখ দি পানীৰ গাঁতত ডুবাই থোৱা হ’ব

তাৰপিছত চামৰাবোৰ চূণ আৰু ছডিয়াম ছালফাইড মিহলি কৰা পানীৰ গাঁত এটাত তিনিদিনৰ কাৰণে ডুবাই থোৱা হয়। তাৰপিছত সেইখন উলিয়াই আনি সমান মজিয়াত পাৰি লৈ নোমবোৰ ভোটা লোৰ সঁজুলি এবিধেৰে আঁতৰোৱা হয়, ইয়াক চুটাই কৰা বুলি কয়। “ছালখন কোমল হৈ পৰা বাবে নোমবোৰ সহজেই ওলাই আহে,” ভূষণে কয়। চামৰাবোৰ ফুলি উঠিবলৈ সেয়া পুনৰাই পানীত ডুবাই থোৱা হয়।

বাবু লালৰ মাষ্টাৰ কাৰিকৰ হৈছে ৪৪ বছৰীয়া তাৰাচন্দ, তেওঁ চামৰাৰ ভিতৰৰ ফালটোৰ মাংস ৰাফা (চুৰিকটাৰী) এখনেৰে বৰ কষ্টৰে ধীৰে ধীৰে আঁতৰায়। তাৰপিছত চূণবোৰ চাফা কৰাৰ উদ্দ্যেশে চামৰাখন সাধাৰণ পানীত তিনিদিনৰ বাবে আকৌ ডুবাই ৰখা হয়। তাৰপিছত আকৌ সেয়া পানী আৰু হাইড্ৰজেন পেৰক্সাইড দি গোটেই ৰাতি ৰখা হয়। ই চামৰাখনৰ পৰা বীজাণু নাইকিয়া কৰে আৰু ব্লিচিং কৰে। “এক এক কৰকে চাৰি গন্ধ-গন্দগি নিকালি জাতি হ্যে (এটা এটা কৰি সকলো দুৰ্গন্ধ আৰু মলি আঁতৰি যায়),” তেওঁ কয়।

“এনেকৈ পৰিষ্কাৰ চামৰা বল নিৰ্মাতাসকলৰ হাতত পৰেগৈ,” ভাৰতে কয়।

পৰিষ্কৃত চামৰা এখন ক্ৰিকেট বল নিৰ্মাতালৈ ১,৭০০ টকাত বিক্ৰী কৰা হয়। চামৰাখনৰ নিতম্ব অংশটোলৈ দেখুৱাই ভূষণে বুজাই কয়, “গুণগত মানৰ পৰা প্ৰথম ১৮-২৪ টা বল এই অংশ পৰাই বনোৱা হয়, কিয়নো এইটো অংশ আটাইতকৈ মজবুত। বলবোৰক কোৱা হয় বিলাইতি গেণ্ড (বিদেশী বল) আৰু প্ৰতিটো ২,৫০০ টকাতকৈও অধিক দামত (খুচুৰা বজাৰত) বিক্ৰী হয়।”

Left : Raw hide piled up at the Shobhapur Tanners Cooperative Society Limited
PHOTO • Shruti Sharma
Right: 'These have been soaked in water pits with boric acid, phitkari [alum] and salt. Then a karigar [craftsperson] has gone into the soaking pit and stomped the putthas with his feet,' says Babu Lal
PHOTO • Shruti Sharma

বাওঁফালে: কেঁচা চামৰাবোৰ শোভাপুৰ টেনাৰ্চ কোপাৰেটিভ ছ’চাইটি লিমিটেডৰ প্ৰাংগণত দমাই থোৱা আছে। সোঁফালে: ‘এয়া বৰিক এচিড, ফিটকিৰি (এলুম) আৰু নিমখ দি ডুবাই থোৱা হয়। তাৰপিছত কাৰিকৰ এজনে গাঁতটোত নামি পুত্থাবোৰ ভৰিৰে গছকি দিয়ে,’ বাবু লালে কয়

Left: Bharat in the Cooperative Society's tanning room.
PHOTO • Shruti Sharma
Right: 'Raw hide is made into a bag and bark liquor is poured into it to seep through the hair grains for vegetable-tanning. Bharat adds , 'only poorer quality cricket balls, less water-resistant and with a hard outer cover are made from this process'
PHOTO • Shruti Sharma

বাওঁফালে: কোপাৰেটিভ ছ’চাইটিৰ টেনিং ৰুমত ভাৰত ভূষণ। সোঁফালে: কেঁচা চামৰাবোৰক বেগৰ আকৃতি দি তাত গছৰ বাকলিৰ মদ ঢালি দিয়া হয় যাতে সেয়া নোমৰ গুৰিবোৰত সোমাই সেয়া ভেষজ-টেনিঙৰ বাবে সাজু কৰি তোলে। ‘যিবোৰ চামৰাই বেছি পানী শুহি নলয়, তাৰে কম গুণগত মানৰ বল বনোৱা হয় আৰু এই প্ৰক্ৰিয়াৰে বাহিৰৰ টান আচ্ছাদন প্ৰস্তুত কৰা হয়’

“আন অংশবোৰ ইমান টান নহয় আৰু পাতলো হয়, সেয়ে এইবোৰ অংশৰ পৰা বনোৱা বলৰ দাম কম, সেইবোৰ বেছিদিন খেলিব নোৱাৰি, কিয়নো সি তাৰ আকৃতি সোনকালেই হেৰুৱায়,” বাবু লালে কয়। “এখন পুথ্থাৰ পৰা মুঠতে ১০০ বিধ ভিন্ন গুণগত মানৰ বল বনাব পাৰি। এটা বল যদি ১৫০ টকাতো বিক্ৰী হয়, তেন্তে বল বনোৱাজনে এখন পুথ্থাৰ পৰা কমেও ১৫ হাজাৰ টকা উপাৰ্জন কৰে,” ভূষণে চকুৰ পচাৰতে হিচাপ এটা কৰি দেখুৱায়।

“কিন্তু আমি ইয়াৰ পৰা পাওঁ কি?” ভূষণে বাবু লাললৈ চায়। তেওঁলোকে বিক্ৰী হোৱা প্ৰতিখন চামৰাৰ বাবদ ১৫০ টকা পায়। “কেঁচামাল আৰু কাৰিকৰৰ নামত সপ্তাহত মোৰ প্ৰায় ৭০০ টকা খৰছ হয়,” ভূষণে কয়। “ক্ৰিকেট বলৰ এই চামৰাবো আমি হাতে-ভৰি লাগি বনাও। কিন্তু বলবোৰত ডাঙৰ ডাঙৰ কোম্পানীৰ নামৰ লগতে কি বুলি লিখা থাকে জানে? ‘এলুম-টেনড হাইড’। খেলুৱৈয়ে ইয়াৰ অৰ্থ যে জানিব, মোৰ মনে নকয়।”

*****

“তুমি সঁচাই ভাবানে যে প্ৰদূষণ, দুৰ্গন্ধ, চকুত পৰা আদি ইয়াৰ আচল সমস্যা (উদ্যোগটোৰ)?”

পশ্চিম উত্তৰপ্ৰদেশৰ এই অঞ্চলটোৰ কুঁহিয়াৰ খেতিৰ পিছফালে সুৰ্য্যটো ডুবিব ধৰিছে। টেনেৰী শ্ৰমিকবোৰে কৰ্মস্থলীতে লৰালৰিকৈ গাটো তিয়াই লৈছে আৰু ঘৰলৈ উভতাৰ আগেয়ে কাপোৰযোৰ সলাই লৈছে।

The smell of raw hide and chemicals hangs over the tannery
PHOTO • Shruti Sharma
Workers take a quick bath and change out of their work clothes (left) before heading home
PHOTO • Shruti Sharma

কেঁচা চামৰা আৰু ৰাসায়নিকৰ গোন্ধেৰে কাৰখানাটো ভৰি আছে। শ্ৰমিকসকলে লৰালৰিকৈ গাটো তিয়াই ঘৰলৈ যোৱাৰ আগেয়ে কামৰ সময়ত পিন্ধা কাপোৰ সলাই লৈছে (বাওঁফালে)

“মই চামৰাবোৰত ‘এবি’ বুলি লিখো, এয়া মোৰ পুত্ৰৰ নামৰ আদ্যাক্ষৰ,” ভাৰত ভূষণে কয় আৰু দৃঢ়তাৰে জনায়, “মই মোৰ ল’ৰাক চামৰাৰ কামত লাগিবলৈ নিদিও। পৰৱৰ্তী প্ৰজন্মটো শিক্ষিত হ’বলৈ ধৰিছে। সিহঁত আগবাঢ়িব আৰু চামৰাৰ কামৰ অন্ত পৰিব।”

আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে আগবাঢ়োতে ভূষণে কয়, “ক্ৰিকেট খেলাক লৈ এচাম যেনেকৈ আগ্ৰহী, আমাৰ আকৌ চামৰাৰ কাম কৰি মুঠেই ভাল নালাগে। পেট পুহিছো (এই কামেৰে), আন একো উপায় নাপাই এই কাম কৰি গৈছো।”

প্ৰতিবেদকে প্ৰবীণ কুমাৰ আৰু ভাৰত ভূষণক তেওঁলোকৰ অমূল্য সময় আৰু প্ৰতিবেদন প্ৰস্তুতিৰ সময়ত সকলো স্তৰতে কৰা সহায়ৰ বাবে ধন্যবাদ জনাব বিচাৰিছে এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন ( এম . এম . এফ .) ফেল শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Shruti Sharma

श्रुति शर्मा, एमएमएफ़-पारी फ़ेलो (2022-23) हैं. वह कोलकाता के सामाजिक विज्ञान अध्ययन केंद्र से भारत में खेलकूद के सामान के विनिर्माण के सामाजिक इतिहास पर पीएचडी कर रही हैं.

की अन्य स्टोरी Shruti Sharma
Editor : Riya Behl

रिया बहल, पीपल्स आर्काइव ऑफ़ रूरल इंडिया (पारी) के लिए सीनियर असिस्टेंट एडिटर के तौर पर काम करती हैं. मल्टीमीडिया जर्नलिस्ट की भूमिका निभाते हुए वह जेंडर और शिक्षा के मसले पर लिखती हैं. साथ ही, वह पारी की कहानियों को स्कूली पाठ्क्रम का हिस्सा बनाने के लिए, पारी के लिए लिखने वाले छात्रों और शिक्षकों के साथ काम करती हैं.

की अन्य स्टोरी Riya Behl
Photo Editor : Binaifer Bharucha

बिनाइफ़र भरूचा, मुंबई की फ़्रीलांस फ़ोटोग्राफ़र हैं, और पीपल्स आर्काइव ऑफ़ रूरल इंडिया में बतौर फ़ोटो एडिटर काम करती हैं.

की अन्य स्टोरी बिनायफ़र भरूचा
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das