এজন ডেকাল’ৰা, নেপথ্যত সেউজ পাহাৰ, সৰু সৰু জলপ্ৰপাত আৰু নিৰ্মল বতাহ। তেওঁৰ ম’হকেইটাই ঘাঁহ খাই ফুৰা তেওঁ চাই ৰৈছে।

“আপুনি কি কিবা চাৰ্ভে কৰিব আহিছে নেকি?” মই তেওঁৰ কাষ চপাত তেওঁ প্ৰশ্ন কৰিলে।

“নাই নাই,” মই ক’লো। জনালো যে মই ইয়াত অপুষ্টিৰ কাৰণে ঘটা ঘটনাৰ প্ৰতিবেদন গোটাব আহিছো।

আমি আছো মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত থকা মোখাড়া তালুকত, য’ত ৫,২২১ টা শিশু অতিবেছি অপুষ্টিত ভুগি থকা বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবেদনখনত উল্লেখিত মতে এয়া ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক।

আমি মুম্বাই মহানগৰীৰ পৰা মাত্ৰ ১৫৭ কিলোমিটাৰে দূৰত আছো, কিন্তু ইয়াৰ যি সেউজভূমি, সেয়া এখন বেলেগেই পৃথিৱী।

ৰহিদাস কা ঠাকুৰ সম্প্ৰদায়ৰ লোক, মহাৰাষ্ট্ৰত অনুসূচিত জনজাতি হিচাপে তালিকাভূক্ত। পালঘৰ জিলাৰ ৩৮ শতাংশ জনসংখ্যাই জনজাতীয়। ডেকা ম’হৰখীয়াজনে মোক তেওঁৰ সঠিক বয়স ক’ব নোৱাৰিলেও তেওঁৰ মুখমণ্ডললৈ চাই তেওঁৰ বয়স ২০তকৈ অলপ বেছি হ’ব বুলি ধাৰণা কৰিব পাৰি। কান্ধত এটা ছাতি আঁৰি লৈছে, গলত মেৰিয়াই লৈছে গামোচা। হাতত এডাল লাঠি। তেওঁ ম’হ দুটাই ঘাঁহ খাই  থকা তেওঁ চাই আছে। “বাৰিষাৰ দিনত সিহঁতে পেট পুৰাই খাবলৈ পায়,” তেওঁ কয়। “গ্ৰীষ্মকালত সিহঁতে (খাদ্য বিচাৰি) ঘুৰি ফুৰিবলগীয়া হয়।”

Rohidas is a young buffalo herder in Palghar district's Mokhada taluka.
PHOTO • Jyoti Shinoli
One of his buffaloes is seen grazing not too far away from his watch
PHOTO • Jyoti Shinoli

বাওঁফালে: ৰহিদাস পালঘৰ জিলাৰ মোখাড়া তালুকৰ এজন যুৱ ম’হৰখীয়া। সোঁফালে: তেওঁৰ ম’হকেইটা নাতিদূৰত ঘাঁহ খাই আছে, তেওঁৰ নজৰত আছে

“মোৰ ঘৰ সৌৱা তাত,” ৰহিদাসে বিপৰীতে থকা পাহাৰখনৰ সৰু গাওঁ এখনলৈ দেখুৱাই কয়, “ দামটেম্পাৰাত।” জোপোহা গছবোৰৰ মাজত ২০-২৫ টা ঘৰ থকা চুবুৰীটোলৈ মোৰ চকু গ’ল। ঘৰ পাবলৈ তেওঁলোকে ৱাঘ নদীৰ এটা সৰু শাখাৰ ওপৰত থকা সৰু দলং এখন পাৰ হ’ব লাগে। “আমি ইয়াৰ (এই জুৰি) পানী খাও আৰু ঘৰত ব্যৱহাৰ কৰোঁ, পশুধনেও সেই পানীকে খায়,” তেওঁ কয়।

গ্ৰীষ্মকালত ৱাঘ নদীখন শুকাবলৈ ধৰে আৰু তেওঁলোকে খোৱাপানী বিচাৰি বহুত কষ্ট কৰিবলগীয়া হয়।

“এই মাহত (জুলাইত) দলংখন পানীত তলত আছিল। কোনেও আমাৰ গাঁৱলৈ আহিব পৰা নাছিল, কোনেও জুৰিটোৰ সিটো পাৰো হ’ব পৰা নাছিল,” তেওঁ মনত পেলায়।

এইখিনি সময়ত দামটেম্পাৰা ক্ষুদ্ৰ গাওঁখনত জীৱন বৰ কঠিন হৈ পৰে, ৰহিদাসে কয়। “ৰাস্তা নাই, গাড়ী নাই (চৰকাৰী বাছ), শ্বেয়াৰ কৰিবপৰা জীপো কম। বেমাৰ-আজাৰৰ সময়ত ওলাই যোৱাটো টান হৈ পৰে,” আঠ কিলোমিটাৰমান দূৰত থকা মোখাড়া চৰকাৰী হস্পিতালৰ প্ৰসংগত তেওঁ কয়।

এনে সময়ত গৰ্ভৱতী মহিলা আৰু আন ৰোগীক গাঁৱৰ মানুহো বাহৰ দুটা মাৰিত বিচনাচাদৰ মেৰিয়াই লৈ সজা দোলাত কঢ়িয়াই নিবলগীয়া হয়। তাতে আকৌ অঞ্চলটোত ফোনৰ নেটৱৰ্ক বহুত বেয়া, জৰুৰী অৱস্থাত এম্বুলেন্স কল কৰাটো অসম্ভৱ হৈ পৰে।

Rohidas lives with his family in a small hamlet called Damtepada on a hill in Mokhada.
PHOTO • Jyoti Shinoli
He and other villagers must cross this stream everyday to get home
PHOTO • Jyoti Shinoli

বাওঁফালে: মোখাড়াৰ এখন পাহাৰৰ ওপৰত এটা ক্ষুদ্ৰ চুবুৰী দামটেপাৰাত ৰহিদাস তেওঁৰ পৰিয়ালৰ সৈতে থাকে। সোঁফালে: ঘৰ পাবলৈ তেওঁ আৰু গঞাই এইখন জুৰি পাৰ হ’বই লাগিব

ৰহিদাস কেতিয়াও স্কুললৈ নগ’ল। তেওঁৰ ককায়েক তিনিজনেও কেতিয়াও স্কুল নেদেখিলে। এই প্ৰতিবেদন মতে কা ঠাকুৰ সম্প্ৰদায়ৰ পুৰুষসকলৰ মাজত সাক্ষৰতাৰ হাৰ ৭১.৯ শতাংশ, কিন্তু ৰহিদাসে কয়, “পাৰাটোত কেইজনমান ল’ৰা আছে যিয়ে ১০ম মানৰ পঢ়া সম্পূৰ্ণ কৰিছে, কিন্তু সিহঁতে আমাৰ দৰে একে কামকে কৰে। কিনো পাৰ্থক্য থাকিল?” তেওঁ প্ৰশ্ন কৰে।

ৰহিদাসে কেইমাহমান আগতে বিয়া পাতিছে। তেওঁৰ পত্নি বৌজি, তেওঁৰ মাক-দেউতাক, তিনি ককায়েক, তেওঁলোকৰ পত্নী আৰু ল’ৰা-ছোৱালীবোৰে একেলগে জংগলৰ দুই একৰ মাটিত ধানখেতি কৰে। ঘৰৰ পৰা তালৈ ছয় কিলোমিটাৰ দূৰত্ব। “মাটিখিনি আমাৰ নামত নাই,” তেওঁ কয়।

অক্টোবৰ আৰু নৱেম্বৰত শস্য চপোৱাৰ পিছত গোটেই পৰিয়ালটোৱে তাৰ পৰা এশ কিলোমিটাৰ দূৰৰ থানে জিলাৰ ভিৱাণ্ডি তালুকত ইটাৰ ভাতীত কাম কৰিবলৈ যায়। “ইটাৰ ভাতীৰ পৰা যি পইচা পাওঁ, সেইখিনি খেতিৰ নামত খৰচ কৰোঁ,” তেওঁ বুজাই কয়। তেওঁৰ পৰিয়ালটোৰ দৰে পালঘৰৰ জনজাতীয় বহু পৰিয়ালে এনেকৈ খাৰিফ শস্য খেতি কৰি চপাই উঠাৰ পিছত কামৰ বাবে প্ৰব্ৰজন কৰে।

২০২২ৰ ২১ জুলাই দ্ৰৌপদী মুৰ্মূৱে ভাৰতৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি হিচাপে ইতিহাস ৰচিছে। মুৰ্মূ হৈছে ওড়িশাৰ সান্থালি আদিবাসী সম্প্ৰদায়ৰ আৰু এই স্থানত উপনীত হোৱা দ্বিতীয়গৰাকী মহিলা।

“আমাৰ ৰাষ্ট্ৰপতিগৰাকী আদিবাসী, তুমি জানানে?” মই তেওঁৰ সহাঁৰিৰ বাবে অপেক্ষা কৰিলো।

“কোনে জানে? তাৰ পৰা আমাৰ কিবা লাভ আছে জানো?” ৰহিদাসে উভতি প্ৰশ্ন কৰে আৰু কয়, “মলা গুৰঞ্চ ৰখায়ছীত (মই মোৰ ম’হকেইটা চৰাই থাকিব লাগিব।”

অনুবাদ: পংকজ দাস

Jyoti Shinoli

ज्योति शिनोली पीपल्स आर्काइव ऑफ़ रूरल इंडिया की एक रिपोर्टर हैं; वह पहले ‘मी मराठी’ और ‘महाराष्ट्र1’ जैसे न्यूज़ चैनलों के साथ काम कर चुकी हैं।

की अन्य स्टोरी ज्योति शिनोली
Editor : Vishaka George

विशाखा जॉर्ज, पीपल्स आर्काइव ऑफ़ रूरल इंडिया की सीनियर एडिटर हैं. वह आजीविका और पर्यावरण से जुड़े मुद्दों पर लिखती हैं. इसके अलावा, विशाखा पारी की सोशल मीडिया हेड हैं और पारी एजुकेशन टीम के साथ मिलकर पारी की कहानियों को कक्षाओं में पढ़ाई का हिस्सा बनाने और छात्रों को तमाम मुद्दों पर लिखने में मदद करती है.

की अन्य स्टोरी विशाखा जॉर्ज
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das