নামদেও তাৰালে নিজৰ খেতিপথাৰখনত নমাৰ পিছত লাহে লাহে খোজ কাঢ়িছে। ৪৮ বছৰীয়া কৃষকজনে হাউলি মগুমাহখিনি চাইছে, সেয়া জন্তুৱে ভৰিৰে মোহাৰি পেলাইছে আৰু খাইছে। সেয়া ২০২২ৰ ফেব্ৰুৱাৰীৰ শীতৰ এটা সুন্দৰ পুৱা; আকাশত বেলিৰ কোমল ৰ’দ।

“ হা এক প্ৰকাৰ্চা দুষ্কলাচ আহে [এয়া নতুন ধৰণৰ খৰাং],” তেওঁ খাৰাংখাচ ভাবত কয়।

তাৰালেৰ হতাশা আৰু শংকা অনুধাৱন কৰিবলৈ এইষাৰ কথাই যথেষ্ট। পাঁচ একৰ মাটি থকা এজন কৃষক তাৰালেয়ে কৰা তিনিমাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত চপাবলৈ সাজু হোৱা তুৰ আৰু মগুমাহ হেৰুৱাৰ চিন্তাই তেওঁক খাইছে। ২৫ বছৰীয়া খেতিৰ অভিজ্ঞতাৰ সময়ছোৱাত তেওঁ বিভিন্ন ধৰণৰ খৰাং পৰিস্থিতিৰ নিজ চকুৰে দেখিছে – বতৰ সম্পৰ্কীয়, যেতিয়া কেতিয়াবা অনাবৃষ্টি, কেতিয়াবা আকৌ অতিবৃষ্টি হয়; জল সম্পৰ্কীয়, যেতিয়া ভূগৰ্ভস্থ পানীৰ স্তৰ সাংঘাতিক ধৰণে নামি যায়; আকৌ কেতিয়াবা কৃষিজনিত, যেতিয়া মাটিৰ আৰ্দ্ৰতা হ্ৰাস পালে শস্য আশানুৰূপ নহয়।

যিবাৰ আকৌ ফচল ভাল হৈছে বুলি আপুনি ভাবিব, তেতিয়া আহিব এই চাৰিঠেঙীয়াবোৰ, নাইবা আহিব পতংগবোৰ। আৰু গোটেইখন উচন কৰি থৈ যাব।

“ডাউনক, বান্দৰ, শহাপহু দিনত আহে; হৰিণা, নীলগাই, চম্বাৰ হৰিণা, বনগাহৰি, বাঘ আদি আহে ৰাতি,” তেওঁৰ পথাৰখনৰ ক্ষতিসাধন কৰা জীৱ-জন্তুবোৰৰ তালিকাখন তেওঁ গণি শুনাইছে।

“মাটি কেনেকৈ চহায়, খেতি কেনেকৈ কৰে, আমি জানো, কিন্তু খেতিপথাৰখন সুৰক্ষা দিব নাজানো,” তেওঁ হতাশ হোৱাৰ সুৰত কয়। তেওঁ সাধাৰণতে কপাহ বা ছয়াবিন আদি নগদী শস্যৰ উপৰিও মগুমাহ, মাকৈ, জোৱাৰ আৰু বুটমাহৰ খেতি কৰে।

Namdeo Tarale of Dhamani village in Chandrapur district likens the wild animal menace to a new kind of drought, one that arrives on four legs and flattens his crop
PHOTO • Jaideep Hardikar
Namdeo Tarale of Dhamani village in Chandrapur district likens the wild animal menace to a new kind of drought, one that arrives on four legs and flattens his crop
PHOTO • Jaideep Hardikar

চন্দ্ৰপুৰ জিলাৰ ধামানি গাঁৱৰ নামদেও তাৰালেই বন্যপ্ৰাণীৰ আশংকাক এক নতুন ধৰণৰ খৰাঙৰ সৈতে ৰিজাইছে, চাৰিঠেঙীয়া জন্তুবোৰ আহি তেওঁৰ পথাৰখন তচনচ কৰি যায়

Farmer Gopal Bonde in Chaprala village says, ''When I go to bed at night, I worry I may not see my crop the next morning.'
PHOTO • Jaideep Hardikar
Bonde inspecting his farm which is ready for winter sowing
PHOTO • Jaideep Hardikar

বাওঁফালে: চাপৰালা গাঁৱৰ কৃষক গোপাল বণ্ডে কয়, 'ৰাতি যেতিয়া শুই যাওঁ, তেতিয়া মোৰ চিন্তা হয় যে পিছদিনা ৰাতিপুৱা মোৰ শস্যখিনি নেদেখিবও পাৰো।' সোঁফালে: বণ্ডে নিজৰ খেতিপথাৰখন চাইছে, শীতকালীন বীজ সিঁচাৰ বাবে পথাৰ সাজু

মহাৰাষ্ট্ৰৰ বনাঞ্চলেৰে ভৰি থকা খনিজ পদাৰ্থৰে সমৃদ্ধ চন্দ্ৰপুৰ জিলাৰ ধামানি গাঁৱত এনে আশংকাগ্ৰস্ত কৃষক কেৱল তাৰালেই নহয়। এই জিলাখনৰ লগতে মহাৰাষ্ট্ৰৰ অন্যান্য অঞ্চলৰ তাড়োবা আন্ধাৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল (টিএটিআৰ) আৰু ইয়াৰ আশে-পাশে থকা কেইবাখনো গাঁৱৰ খেতিয়কসকলকো একেই শংকাই গ্ৰাস কৰিছে।

চাপৰালা গাঁৱৰ (২০১১ চনৰ লোকপিয়ল অনুসৰি চিপ্ৰালা) তাৰালেৰ খেতিপথাৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত ৪০ বছৰীয়া গোপাল বণ্ডেও সমানেই হতাশাগ্ৰস্ত। ২০২২ৰ ফেব্ৰুৱাৰীৰ মাজভাগৰ কথা, আৰু তেওঁৰ ১০ একৰ খেতিপথাৰখন বিধ্বস্ত। তাৰে আধা অংশত মগুমাহ লগাইছিল। শস্যবোৰ কিহবাই মহতিয়াই নিছে। যেন কোনোবাই প্ৰতিশোধ লৈছে, শস্যবোৰ উভালি পেলাইছে, মাহবোৰ খাই পেলাইছে, গোটেই পথাৰখন তচনচ কৰি পেলাইছে।

আমি প্ৰথম লগ পোৱাৰ প্ৰায় এবছৰৰ পিছত ২০২৩ৰ জানুৱাৰীত বণ্ডে কয়, “ৰাতি শুই যোৱাৰ সময়ত চিন্তা কৰো যে পিছদিনা পুৱা মোৰ শস্যখিনি দেখা নাপাবও পাৰো। আৰু সেইবাবেই তেওঁ ৰাতি ৰাতি শীত আৰু বৰষুণ নেওচি দুবাৰমান বাইকেৰে নিজৰ খেতিপথাৰখনলৈ যায়। দীঘলীয়া সময় টোপনিৰ অভাৱৰ বাবে, আৰু ঠাণ্ডাৰ প্ৰকোপত তেওঁ প্ৰায়ে অসুস্থ হৈ পৰে। পথাৰত শস্য নথকা দিনতহে তেওঁ জিৰণি লয়। কিন্তু বাকী সময়খিনি তেওঁ প্ৰতি নিশাই বিশেষকৈ শস্য চপোৱাৰ সময়ত গৈ থাকিবই লাগিব, শীতকালৰ ৰাতিপুৱাটোত ঘৰৰ সন্মুখৰ চোতালত চকী এখনত বহি থকা বণ্ডেয়ে কয়।

বন্যপ্ৰাণীয়ে গোটেই বছৰটো শস্য খাবলৈ আহে: শীতকালত যেতিয়া পথাৰ সেউজীয়া হয় আৰু বাৰিষাৰ সময়ত যেতিয়া শস্যৰ গজালি মেলে। গ্ৰীষ্মকালত পথাৰত পানীতে সিহঁতে যিহকে পাই সেয়াই খাই মহতিয়াই ফুৰে।

গতিকে বণ্ডেয়ে “ৰাতি যেতিয়া সিহঁত আটাইতকৈ সক্ৰিয় হয়” আৰু “প্ৰতিদিনে কেইহাজাৰমান টকা”ৰ আৰ্থিক লোকচানৰ খতিয়ান ৰাখিবই লাগিব। লুকাই থকা বাঘেও গৰু মাৰি পেলায়। এটা দশকত বাঘ-নাহৰফুটুকীৰ আক্ৰমণত তেওঁ কমেও দুই ডজন গৰু হেৰুৱাইছে। তেওঁ কয় যে প্ৰতি বছৰে তেওঁৰ গাঁৱত বাঘৰ আক্ৰমণত বছৰি গড়ে ২০টা গৰুৰ মৃত্যু হয়। তাতোকৈ ডাঙৰ কথাটো হ’ল বন্যপ্ৰাণীৰ আক্ৰমণত মানুহো আঘাতপ্ৰাপ্ত হয়, মৃত্যুমুখতো পৰে।

The thickly forested road along the northern fringes of the Tadoba Andhari Tiger Reseve has plenty of wild boars that are a menace for farmers in the area
PHOTO • Jaideep Hardikar
PHOTO • Jaideep Hardikar

তাড়োবা আন্ধাৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উত্তৰ প্ৰান্তৰ ঘন অৰণ্যই আগুৰা পথটোত প্ৰচুৰ পৰিমাণে বনৰীয়া গাহৰি আছে, সিহঁত অঞ্চলটোৰ কৃষকৰ বাবে মূৰৰ কামোৰণি

মহাৰাষ্ট্ৰৰ আটাইতকৈ পুৰণি আৰু বৃহৎ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত অন্যতম টিএটিআৰ-য়ে চন্দ্ৰপুৰ জিলাৰ তিনিটা তহচিলত ১৭২৭ বৰ্গ কিলোমিটাৰত বিস্তৃত তাড়োবা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ কাষৰীয়া আন্ধাৰী বন্যপ্ৰাণী অভয়াৰণ্যক একত্ৰিত কৰে। এই অঞ্চলটো মানুহ-বন্যপ্ৰাণীৰ সংঘাতৰ অন্যতম কেন্দ্ৰবিন্দু। এনটিচিএ-ৰ ২০২২ৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০১৮ চনত ১,০৩৩টা বাঘৰ আনুমানিক জনসংখ্যাৰ তুলনাত “১,১৬১টা অনন্য বাঘৰ ফটো তোলা হৈছে আৰু বাঘৰ জনসংখ্যা বৃদ্ধি পাইছে।”

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ ২০১৮ৰ প্ৰতিবেদন অনুসৰি ৰাজ্যখনত বৃদ্ধি পোৱা ৩১৫টাতকৈ অধিক বাঘৰ ভিতৰত প্ৰায় ৮২টা বাঘ তাড়োবাত আছে।

বনাঞ্চলৰ এই অংশটোৰে  বিদৰ্ভলৈকে দহখন গাঁৱত, তাৰালে বা বণ্ডেৰ দৰে কৃষকসকলে – যিসকলৰ খেতিৰ বাহিৰে আন কোনো জীৱিকাৰ বিকল্প নাই, বন্যপ্ৰাণীক প্ৰতিহত কৰিবলৈ অদ্ভুত কৌশল প্ৰয়োগৰ চেষ্টা কৰে। তেওঁলোকে সৌৰ বেটাৰী চালিত বেৰ নিৰ্মাণ কৰে য’ত বিদ্যুৎ প্ৰৱাহিত হয়, খেতিপথাৰ সস্তীয়া আৰু ৰঙীন নাইলন শাড়ীৰে আবৃত কৰে, আনকি অৰণ্যৰ সীমাও; ফটকা ফুটায়,  কুকুৰৰ জাক পোহে আৰু জীৱ-জন্তুৰ শব্দ কৰা শেহতীয়া চীনা আহিলাও ব্যৱহাৰ কৰে।

পিছে একোৱে কামত নিদিয়ে।

বণ্ডেৰ চাপৰালা আৰু তাৰালেৰ ধমনি গাঁওবোৰ টিএটিআৰৰ বাফাৰ জ’নৰ ওচৰতে অৱস্থিত, যিখন শুষ্ক পৰ্ণপাতী অৰণ্য, ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ সংৰক্ষিত ব্যাঘ্ৰ অঞ্চল আৰু পৰ্যটনস্থলী। ইয়াত সংৰক্ষিত বনাঞ্চলৰ মূল অঞ্চলৰ ওচৰত থকাৰ বাবে বন্যপ্ৰাণীয়ে কৃষকসকলক সঘনাই হাৰাশাস্তি কৰে। এটা বাফাৰ জ’নত মানুহৰ বসতিস্থল আছে, বনাঞ্চলৰ মূল অংশটোক আগুৰি আছে, পাছৰখিনি মানুহৰ কাৰ্যকলাপৰ বাবে সীমিত আৰু ৰাজ্যিক বন বিভাগে পৰিচালনা কৰে।

In Dhamani village, fields where jowar and green gram crops were devoured by wild animals.
PHOTO • Jaideep Hardikar
Here in Kholdoda village,  small farmer Vithoba Kannaka has used sarees to mark his boundary with the forest
PHOTO • Jaideep Hardikar

বাওঁফালে: ধমনি গাঁৱত জোৱাৰ আৰু মগুমাহৰ শস্য বনৰীয়া জন্তুৱে খাই পেলোৱা পথাৰ। সোঁফালে: ইয়াত খোলডোদা গাঁৱত ক্ষুদ্ৰ খেতিয়ক বিথোবা কন্নাকাই হাবিৰ সৈতে নিজৰ সীমা চিহ্নিত কৰিবলৈ শাড়ীৰ ব্যৱহাৰ কৰিছে

Mahadev Umre, 37, is standing next to a battery-powered alarm which emits human and animal sounds to frighten raiding wild animals.
PHOTO • Jaideep Hardikar
Dami is a trained dog and can fight wild boars
PHOTO • Jaideep Hardikar

বাওঁফালে: ৩৭ বছৰীয়া মহাদেৱ উমৰেয়ে বেটাৰী চালিত এলাৰ্মৰ কাষত থিয় হৈ আছে, এই এলাৰ্মৰ পৰা মানুহ আৰু জন্তুৰ শব্দ নিৰ্গত কৰি আক্ৰমণকাৰী বন্যপ্ৰাণীক ভয় খুওৱা হয়। সোঁফালে: ডামি এটা প্ৰশিক্ষিত কুকুৰ আৰু বনৰীয়া গাহৰিৰ লগত যুঁজিব পাৰে

চন্দ্ৰপুৰকে ধৰি ১১খন জিলাৰে গঠিত পূব মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলত পৰিস্থিতি বিশেষকৈ সংকটজনক। বিদৰ্ভত ভাৰতৰ শেষৰ কেইখনমান সংৰক্ষিত অৰণ্য আছে, য’ত বাঘ আৰু বন্যপ্ৰাণীৰ সংখ্যা অধিক। এই অঞ্চলটোতে আকৌ গ্ৰামাঞ্চলৰ পৰিয়ালত অত্যধিক ঋণৰ বোজা আৰু কৃষকৰ আত্মহত্যাৰ সন্মুখীন হ’বলগীয়া ঘটনা সৰ্বাধিক।

মহাৰাষ্ট্ৰৰ বন বিভাগৰ মন্ত্ৰী সুধীৰ মুংগাণ্টিৱাৰে এক বিবৃতিত কৈছে যে কেৱল ২০২২ত চন্দ্ৰপুৰ জিলাত বাঘ আৰু নাহৰফুটুকীয়ে ৫৩ জন লোকক হত্যা কৰাৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। যোৱা দুটা দশকত ৰাজ্যখনত বন্যপ্ৰাণীৰ আক্ৰমণত প্ৰায় ২০০০ লোকৰ মৃত্যু হৈছে – বেছিভাগেই টিএটিআৰ অঞ্চলত। এই আক্ৰমণ ঘাইকৈ বাঘ, ক’লা ভালুক, বনৰীয়া গাহৰি আদিয়ে কৰিছে। কমেও ১৫-২০টা ‘সমস্যা সৃষ্টি কৰা বাঘ’ – মানুহৰ সৈতে সংঘাতত লিপ্ত বাঘ – প্ৰশমিত কৰিবলগীয়া হৈছে – চন্দ্ৰপুৰ যে বাঘ-মানুহৰ সংঘাতৰ এক ঘাইথলী, তাৰে ই প্ৰমাণ। জীৱ-জন্তুৰ আক্ৰমণত আহত হোৱা লোকৰ কোনো চৰকাৰী হিচাপ নাই।

কেৱল পুৰুষেই বন্য়প্ৰাণীৰ আক্ৰমণৰ সন্মুখীন নহয়, মহিলাও সন্মুখীন হয়।

নাগপুৰ জিলাৰ বেলাৰপাৰ গাঁৱৰ পঞ্চাশোৰ্ধ জনজাতীয় কৃষক অৰ্চনাবাই গাইকোৱাডে কয়, “আমি ভয়ে ভয়ে পথাৰৰ কাম কৰো।” তেওঁৰ পথাৰত ভালেকেইবাৰ তেওঁ বাঘ দেখিছে। “ওচৰা-পাজৰে বাঘ বা নাহৰফুটুকী থকা বুলি মনে ধৰিলে আমি সাধাৰণতে পথাৰ এৰি যাও,” তেওঁ কয়।

*****

“পথাৰত প্লাষ্টিক ৰুলে সেয়াও সিহঁতে (বন্যপ্ৰাণীয়ে) খাই পেলাব।”

গণ্ডিয়া, বুলধানা, ভাণ্ডাৰা, নাগপুৰ, ৱাৰ্দ্ধা, ৱাশ্বিম আৰু য়াভাটমাল জিলাত কৃষকৰ সৈতে এক ক্ষন্তেকীয়া আড্ডা নাটকীয় হৈ পৰে। আজিকালি বনৰীয়া জন্তুবোৰে সেউজীয়া কপাহৰ গুটিও খায়, বিদৰ্ভ অঞ্চলৰ মাজেৰে ভ্ৰমণ কৰা এই সাংবাদিকজনক তেওঁলোকে কয়।

Madhukar Dhotare, Gulab Randhayee, and Prakash Gaikwad (seated from left to right) are small and marginal farmers from the Mana tribe in Bellarpar village of Nagpur district. This is how they must spend their nights to keep vigil against wild boars, monkeys, and other animals.
PHOTO • Jaideep Hardikar
Vasudev Narayan Bhogekar, 50, of Chandrapur district is reeling under crop losses caused by wild animals
PHOTO • Jaideep Hardikar

বাওঁফালে: মধুকৰ ধোতাৰে, গুলাব ৰান্ধায়ী, আৰু প্ৰকাশ গাইকোৱাড (বাওঁফালৰ পৰা সোঁফাললৈ বহি থকা) নাগপুৰ জিলাৰ বেল্লাৰপাৰ গাঁৱৰ মানা জনগোষ্ঠীৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক। বনৰীয়া গাহৰি, বান্দৰ আৰু অন্যান্য জীৱ-জন্তুৰ বিৰুদ্ধে সজাগ থাকিবলৈ তেওঁলোকে ৰাতি এনেদৰে পহৰা দি কটাব লাগিব। সোঁফালে: চন্দ্ৰপুৰ জিলাৰ বাসুদেৱ নাৰায়ণ ভোগেকাৰ (৫০)ৰ খেতি বন্যপ্ৰাণীৰ আক্ৰমণত বিধ্বস্ত হৈছে

নাগপুৰ জিলাৰ টি.এ.টি.আৰ.ৰ দাঁতিকাষৰীয়া এখন গাঁৱত বেলাৰপাৰৰ মানা সম্প্ৰদায়ৰ ৫০ বছৰীয়া কৃষক প্ৰকাশ গাইকোৱাডে কয়, “চপোৱাৰ সময়ত, যিমানেই বিপদ নহওঁক কিয়, আমি শস্য সুৰক্ষিত কৰিবলৈ দিনে-নিশাই পামত থকাৰ বাহিৰে একো নকৰো।”

গোপাল বণ্ডেৰ বাসস্থান চাপৰালা গাঁৱৰ ৭৭ বছৰীয়া দত্তুজী তাজানেই কয়, ‘আমি বেমাৰত পৰিলেও খেতিপথাৰতে থাকিব লগা হয়, শস্যৰ পহৰা দিব লাগিব, নহ’লে চপাবলৈ একো এটা নাথাকিব। এটা সময় আছিল যে মই মোৰ পামত নিৰ্ভয়ে শুব পাৰিছিলো; এতিয়া আৰু নোৱাৰো। সকলোতে বনৰীয়া জন্তু আছে।”

এই যোৱা দশকত তাৰালে আৰু বণ্ডেত নিজৰ গাঁৱত খাল-বিল আৰু ব’ৰৱেলৰ ৰূপত জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ ফলত তেওঁলোকে পৰম্পৰাগত কপাহ বা সৰিয়হৰ উপৰিও বছৰজুৰি দুই বা তিনিবিধ শস্যৰ খেতি কৰিবলৈ সক্ষম হৈছিল।

নেতিবাচক দিশটো স্পষ্ট: ভৰি থকা সেউজীয়া শস্যপথাৰ মানে হৰিণ, নীলাগাই আৰু সাম্বাৰ আদি তৃণভোজী প্ৰাণীৰ বাবে প্ৰচুৰ খাদ্যৰ সম্ভাৰ। তৃণভোজী প্ৰাণীবোৰ আহিলে লগত মাংসভোজীবোৰো আহে।

তাৰালে মনত পেলাইছে, “এদিন এফালে বান্দৰ আৰু আনফালে বনৰীয়া গাহৰিয়ে মোক অশান্তি দিছিল; যেন মোৰ ৰংহে চাইছে। মোক জোকাই আছে।”

২০২২ চনৰ ছেপ্টেম্বৰৰ মেঘাচ্ছন্ন দিন এটাত বাঁহৰ লাঠি হাতত লৈ বণ্ডে আমাক তেওঁৰ খেতিপথাৰখন দেখুৱাবলৈ লৈ যায়। তাত সৰিয়হ, কপাহ আৰু অন্যান্য শস্যৰ খেতিৰ গজালি মেলিছে। তেওঁৰ ঘৰৰ পৰা ১৫ মিনিট খোজ কাঢ়িলেই প্ৰায় দুই-তিনি কিলোমিটাৰ দূৰত্বত তেওঁৰ পথাৰখন। পথাৰখনৰ সীমা হৈছে এখন নদী, এই নদীখনে পথাৰখনক জংঘলৰ পৰা পৃথক কৰে, সেইখন ঘন আৰু আচৰিত ধৰণে নিস্তব্ধ।

Gopal Bonde’s farms bear tell-tale pug marks of wild animals that have wandered in – rabbits, wild boar and deer
PHOTO • Jaideep Hardikar
Gopal Bonde’s farms bear tell-tale pug marks of wild animals that have wandered in – rabbits, wild boar and deer
PHOTO • Jaideep Hardikar

গোপাল বণ্ডেৰ খেতিপথাৰত বিচৰণ কৰা বন্যপ্ৰাণীৰ পদচিহ্ন দেখা গৈছে – শহাপহু, বনৰীয়া গাহৰি আৰু হৰিণাৰ ঠেঙৰ চিন

খেতিপথাৰখনত ঘূৰি ফুৰি তেওঁ আমাক ক’লা ভিজা মাটিত শহাপহুকে ধৰি প্ৰায় ডজনমান বন্যপ্ৰাণীৰ ভিৰৰ চিন দেখুৱাইছে। বন্যপ্ৰাণীয়ে মল এৰিছে, শস্য খাইছে, ছয়াবিনবোৰ ফালি পেলাইছে আৰু সেউজীয়া পুলিবোৰ উভালি পেলাইছে।

“এতিয়া, কৰিম কি কওঁঁকচোন?” বণ্ডে হুমুনিয়াহ কাঢ়ি কয়।

*****

কেন্দ্ৰীয় চৰকাৰৰ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যসূচীৰ অংশ হিচাপে তাড়োবাৰ বনাঞ্চলসমূহ ব্যাঘ্ৰ সংৰক্ষণৰ বাবে মুখ্য কেন্দ্ৰবিন্দু যদিও এই অঞ্চলত ঘাইপথ, জলসিঞ্চনৰ খাল আৰু নতুন খনিৰ অবিৰত বৃদ্ধিৰ সাক্ষী হৈ পৰিছে। সংৰক্ষিত বনাঞ্চল কটা হৈছে, মানুহক বিস্থাপিত কৰা হৈছে আৰু এনেদৰে বনাঞ্চলৰ পৰিৱেশ বিঘ্নিত হৈছে।

যিবোৰ অঞ্চল আগতে বাঘৰ বাসভূমি আছিল, সেইবোৰ অঞ্চলত খননে বেদখল কৰিছে। চন্দ্ৰপুৰ জিলাৰ ৩০টাতকৈও অধিক ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কয়লা খনিৰ ভিতৰত প্ৰায় দুডজনমান যোৱা দুটা দশকত দক্ষিণ আৰু পশ্চিম অংশত সক্ৰিয় হৈ আছে।

“কয়লা খনিৰ সমীপত বা চন্দ্ৰপুৰ ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন (চি এছ টি পি এছ)ৰ চৌহদত বাঘ দেখা গৈছে। এই অঞ্চলবোৰেই হৈছে মানুহ-বন্যপ্ৰাণীৰ সংঘাতৰ শেহতীয়া কেন্দ্ৰ। আমি তেওঁলোকৰ বাসস্থান বেদখল কৰিছো,” পৰিৱেশ কৰ্মী তথা সংৰক্ষণবিদ বান্দু ধোত্ৰেয়ে কয়। বাঘৰ অনুমানৰ ওপৰত এনটিচিএ ২০২২ৰ প্ৰতিবেদন অনুসৰি মধ্য ভাৰতীয় ভূখণ্ডত খনন কাৰ্যকলাপৰ বঢ়াৰ ফলত সংৰক্ষণৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

য়াভাটমাল, নাগপুৰ আৰু ভাণ্ডাৰা জিলাৰ চুবুৰীয়া বনাঞ্চলৰ সৈতে বৃহত্তৰ মধ্য ভাৰতীয় বনাঞ্চলৰ এটা অংশ টি.এ.টি.আৰ.। ২০১৮ চনৰ এনটিচিএৰ প্ৰতিবেদনত কোৱা হৈছে যে এই পৰিৱেশতেই মানুহ আৰু বাঘৰ সৈতে সংঘাত সৰ্বাধিক।

Namdeo Tarale with Meghraj Ladke, a farmer from Dhamani village. Ladke, 41, stopped nightly vigils after confronting a wild boar on his farm.
PHOTO • Jaideep Hardikar
Farmers in Morwa village inspect their fields and discuss widespread losses caused by tigers, black bears, wild boars, deer, nilgai and sambar
PHOTO • Jaideep Hardikar

ধমনি গাঁৱৰ খেতিয়ক মেঘৰাজ লাড়কেৰ সৈতে নামদেও তাৰালে (সোঁফালে)। ৪১ বছৰীয়া লাড়কে নিজৰ ফাৰ্মত বনৰীয়া গাহৰিৰ সন্মুখীন হোৱাৰ পিছত নিশাৰ পহৰা বন্ধ কৰিছে। সোঁফালে: মৰৱা গাঁৱৰ কৃষকসকলে নিজৰ পথাৰ পৰিদৰ্শন কৰি বাঘ, ক’লা ভালুক, বনৰীয়া গাহৰি, হৰিণ, নীলগাই আৰু সাম্বাৰৰ ফলত হোৱা ব্যাপক ক্ষতিৰ বিষয়ে আলোচনা কৰে

বন্যপ্ৰাণী জীৱবিজ্ঞানী তথা পুনেৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (আই আই এছ ই আৰ) প্ৰাক্তন অধ্যাপক ড০ মিলিন্দ ৱাটভে কয়, “এই বিষয়টোৱে কৃষকৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰ্থিক পৰিণামৰ লগতে সংৰক্ষণৰ আৱশ্যকতাৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাব।”

আইনসমূহে সংৰক্ষিত বনাঞ্চলসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰে যদিও তাৰ বিপৰীতে শস্য আৰু গৰু-ম’হৰ ক্ষতিৰ ক্ষেত্ৰত কৃষকক দিবলগীয়া সুৰক্ষাত অসমতা দৰ্শাইছে। পশুৰ আক্ৰমণৰ ফলত হোৱা শস্যৰ ক্ষতিয়ে কৃষকসকলক ক্ষোভিত কৰি তোলে, যাৰ ফলত সংৰক্ষণৰ পদক্ষেপত বিৰূপ প্ৰভাৱ পৰে, ৱাটভেই ব্যাখ্যা কৰে। আইনসমূহে অবাঞ্চিত জীৱ-জন্তু যেনে অনুত্পাদনশীল বা প্ৰজননৰ বাবে উপযোগী নহয়, সেইবোৰক হত্যা বা নিৰ্মূল কৰাৰ ক্ষেত্ৰতো বাধা দিয়ে।

ৱাটভেই ২০১৫ চনৰ পৰা ২০১৮ চনৰ ভিতৰত টিএটিআৰৰ আশে-পাশে থকা পাঁচখন গাঁৱৰ প্ৰায় ৭৫ জন কৃষকৰ সৈতে এক ক্ষেত্ৰ অধ্যয়ন চলাইছিল। বিদৰ্ভ উন্নয়ন ব’ৰ্ডৰ পুঁজিৰে চলি থকা এই অধ্যয়নৰ জৰিয়তে তেওঁ কৃষকসকলে পশু আক্ৰমণৰ ফলত বছৰজোৰা হোৱা ব্যাপক লোকচানৰ সামূহিকভাৱে প্ৰতিবেদন দাখিলৰ এক ব্যৱস্থা গঢ়ি তুলিছিল। তেওঁ অনুমান কৰিছিল যে শস্যৰ লোকচান আৰু আৰ্থিক ক্ষতি ৫০-১০০ শতাংশৰ ভিতৰত বা থোৰতে ৫০ লাখ টকাৰ লোকচান। এই লোকচান শস্যৰ ওপৰত নিৰ্ভৰ কৰি বছৰি ২৫,০০০- টকা প্ৰতি একৰ হিচাপত ধৰিব পাৰি।

ক্ষতিপূৰণ নোপোৱাৰ কাৰণে প্ৰায়ভাগ কৃষকে দুই-এবিধহে খেতি কৰে, আনকি কেতিয়াবা পথাৰ চন পেলাই থয়।

ৰাজ্যৰ বন বিভাগে শস্যৰ ক্ষতি বা বন্যপ্ৰাণীৰ দ্বাৰা হত্যা কৰা গৰু-ম’হৰ বাবে কৃষকক বাৰ্ষিক ৮০ কোটি টকাৰ ক্ষতিপূৰণ দিয়ে। সেই কথাই তেতিয়াৰ বন বিভাগৰ প্ৰিন্সিপাল চিফ কনজাৰ্ভেটৰ অৱ ফৰেষ্টচ্, মহাৰাষ্ট্ৰৰ সুনীল লিমাইয়ে ২০২২ৰ মাৰ্চত পাৰিক জনাইছিল।

Badkhal says that farmers usually don’t claim compensation because the process is cumbersome
PHOTO • Jaideep Hardikar
Gopal Bonde (right) with Vitthal Badkhal (middle) who has been trying to mobilise farmers on the issue. Bonde filed compensation claims about 25 times in 2022 after wild animals damaged his farm.
PHOTO • Jaideep Hardikar

গোপাল বণ্ডে (সোঁফালে)ৰ সৈতে ভিত্থাল বড়খাল (মাজত)য়ে এই বিষয়ত কৃষকক সংগঠিত কৰিবলৈ চেষ্টা কৰি আহিছে। বন্যপ্ৰাণীয়ে তেওঁৰ পামৰ ক্ষতিসাধন কৰাত বণ্ডে ২০২২ত প্ৰায় ২৫ বাৰ ক্ষতিপূৰণৰ দাবী দাখিল কৰিছিল, বড়খালে কয় যে ক্ষতিপূৰণ প্ৰক্ৰিয়াটো জটিল হোৱা বাবে সাধাৰণতে কৃষকে ক্ষতিপূৰণ দাবী নকৰে

“বৰ্তমানৰ নগদ ক্ষতিপূৰণ হৈছে বাদাম,” ভদ্ৰৱতী তালুকাৰ সত্তুৰ বছৰীয়া ভিত্থাল বড়খালে কয়। এই বিষয়ত কৃষকক সংগঠিত হোৱাৰ প্ৰয়োজন বুলি তেওঁ কয়। তেওঁ ব্যাখ্যা কৰে, “কৃষকসকলে সাধাৰণতে ক্ষতিপূৰণ দাবী নকৰে কাৰণ প্ৰক্ৰিয়াটো জটিল আৰু বুজিবলৈ কঠিন।”

কেইমাহমানৰ আগতে বণ্ডে এটা গৰুকে ধৰি ভালেকেইটা পশুধন হেৰুৱাইছিল। ২০২২ত তেওঁ প্ৰায় ২৫ বাৰ ক্ষতিপূৰণৰ দাবী দাখিল কৰিছিল। প্ৰতিবাৰেই তেওঁ প্ৰ-পত্ৰ পূৰণ কৰিবলগীয়া হৈছিল, স্থানীয় বন আৰু ৰাজহ বিভাগৰ কৰ্তৃপক্ষক জনাইছিল, স্থানীয় কৰ্তৃপক্ষক বাধ্যতামূলক স্পট পঞ্চনামা (বা পৰিদৰ্শন) কৰিবলৈ মাতিছিল, তেওঁৰ খৰচৰ হিচাপ ৰাখিছিল, আৰু তেওঁৰ দাবী দাখিল কৰা তথ্য অনুসৰণ কৰিবলগীয়া হৈছিল। তেওঁ কয় যে তেওঁ কোনো ধৰণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ কিমান মাহ লাগে ঠিকনা নাই, “আৰু ই মোৰ সকলো লোকচান সামৰিব নোৱাৰে।”

২০২২ৰ ডিচেম্বৰ মাহৰ এটা শীতৰ ৰাতিপুৱা বণ্ডে আমাক আৰু এবাৰ নিজৰ ফাৰ্মলৈ লৈ যায়, নতুনকৈ সিঁচা সেউজীয়া মগুমাহৰ খেতি দেখুৱায়। ইতিমধ্যে বনৰীয়া গাহৰিবোৰে কোমল ডাল চোবাই খাই শেষ কৰিছে, খেতিখন কি হ’ব তেওঁ নিশ্চিত নহয়।

তাৰ পিছৰ মাহবোৰত তেওঁ শস্যৰ বেছিভাগেই নষ্টোদ্ধাৰ কৰিছিল, অ’ত-তত অকণমান শস্য বাচিছিল, প্ৰায়খিনি হৰিণৰ জাকে খাই পেলাইছিল।

বন্যপ্ৰাণীকো খাদ্য লাগে। একেদৰেই বণ্ডে, তাৰালে আৰু আন খেতিয়কৰ পৰিয়ালকো খাদ্যৰ প্ৰয়োজন। খেতিপথাৰখনতেই খাদ্যৰ সেই সংঘাত আৰম্ভ হয়।

অনুবাদ: পংকজ দাস

Jaideep Hardikar

जयदीप हार्दिकर, नागपुर स्थित पत्रकार-लेखक हैं और पारी की कोर टीम के सदस्य भी हैं.

की अन्य स्टोरी जयदीप हरडिकर
Editor : Urvashi Sarkar

उर्वशी सरकार, स्वतंत्र पत्रकार हैं और साल 2016 की पारी फ़ेलो हैं.

की अन्य स्टोरी उर्वशी सरकार
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das