“প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰিলে বা নষ্ট কৰিলে তেওঁলোকক অপৰাধী বুলি কোৱা হয়। সেই কাম যদি চৰকাৰে কৰে কি বুলি কোৱা হ’ব? আমাক যি আখ্যা দিয়ে, চৰকাৰো জানো সেয়ে নহয়?” পাঞ্জাৱৰ মোগা জিলাৰ মেহনা গাঁৱৰ কৃষক ৭০ বছৰীয়া হৰিন্দৰ সিং লাখাই কয়।
পাঞ্জাৱৰ পৰা পদযাত্ৰা কৰি অহা প্ৰতিবাদী কৃষকক দিল্লী প্ৰৱেশত বাধা দিবলৈ কৰ্তৃপক্ষই ৰাজপথত ১০ ফুট গভীৰ খাৱৈ খন্দাৰ প্ৰসংগ লাখাই উল্লেখ কৰে। কেইবাদিন ধৰি ১০০,০০০ অধিক পাঞ্জাৱৰ কৃষকৰ লগতে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ পৰা অহা কৃষকে তেওঁলোকৰ দেশৰ ৰাজধানী চহৰখনত প্ৰৱেশ কৰাৰ অধিকাৰৰ বাবে আৰক্ষী আৰু আন বাহিনীৰ লগত খণ্ডযুদ্ধত লিপ্ত হ’বলৈ বাধ্য হৈছে।
তিনিদিন ধৰি চলি থকা মুখামুখী সংঘাতত দিল্লী আৰক্ষীৰ যুদ্ধংদেহী মনোভাৱৰ শাম কাটিছে যদিও হাৰিয়ানা চৰকাৰে প্ৰতিবাদী কৃষকসকলক ৰাজ্যিক সীমান্ত অতিক্ৰম কৰাত বাধা প্ৰদান অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ প্ৰতিবাদত বাধা দিয়া সহজ বুলি ভবাৰ ভিত্তিতে ৰাজধানী দিল্লীৰ প্ৰতিবাদী কৃষকৰ প্ৰৱেশৰ অনুমতি ৰাজহুৱাভাৱে ঘোষণা কৰা হ’ল। অনুমতি ঘোষণা কৰা স্বত্ত্বেও ৰাজপথত খাৱৈ, কাঁইটীয়া তাঁৰৰ বেৰা, প্ৰতিবন্ধকতা সকলো চলি থাকিল। চৰকাৰী ধ্বংসলীলাৰ লগতে কন্দুৱা গেছ আৰু পানী হিলৈৰ ব্যৱহাৰ অব্যাহত থাকিল।
চলিত বৰ্ষৰ ছেপ্টেম্বৰত চৰকাৰে গ্ৰহণ কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ কৃষকসকল ঐক্যবদ্ধ হৈ ওলাই আহিছে। কৃষকসকলে কয় যে কৃষি পণ্য বজাৰ কমিটি (এপিএমচি)ৰ লগত সম্পৰ্ক থকা আইনখনে তেওঁলোকৰ বাবে কাম কৰি অহা মাণ্ডি ব্যৱস্থাটো ধ্বংস কৰিব। ন্যূনতম সমৰ্থন মূল্য (এমএচপি) প্ৰক্ৰিয়া ধ্বংস কৰিব আৰু বৃহৎ কৃষি পণ্য ব্যৱসায়ী তথা নিগম-নিকায়সমূহে কৃষি পণ্যৰ মূল্য নিয়ন্ত্ৰণ কৰিব। এইখন আইন আৰু আন দুখন আইনে ন্যূনতম সমৰ্থন মূল্য বাধ্যতামূলক কৰাত ব্যৰ্থ হ’ব আৰু স্বামীনাথন (কৃষকৰ ৰাষ্ট্ৰীয় আয়োগ) প্ৰতিবেদনৰ কথা এবাৰো উল্লেখ উল্লেখ নকৰিলে। কৃষকসকলে আঙুলিয়াই দিয়ে যে আইনকেইখনৰ দ্বিতীয়খন আইন অৰ্থাৎ শস্যৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্যৰ নিশ্চয়তা আৰু কৃষি সেৱা আইন,২০২০ য়ে চুক্তিসমূহ নিয়ন্ত্ৰণ কৰিব, ব্যক্তিগত ব্যৱসায়ী আৰু বৃহত নিগমসমূহে অত্যাধিক সুবিধা লাভ কৰিব। আৰু সংশোধিত অত্যাৱশ্যকীয় পণ্য আইনে ও নিগমসূহক সমৃদ্ধ কৰিব, কৃষকৰ দৰদাম কৰাৰ ক্ষমতা অৱদমিত কৰি খাদ্যবস্তু জমা কৰি ৰখা বা বেআইনী মজুতকৰণক উদগনি যোগাব।
তিনিওখন আইন প্ৰত্যাহাৰৰ দাবী প্ৰতিবাদকাৰীৰ দাবীসমূহত সামৰি লোৱা হৈছে।
“এয়া (এপিএমচিৰ লগত সম্পৰ্ক থকা) এখন মৃত্যুৰ পৰোৱানা,” হাৰিয়ানাৰ কাৰ্নাল জিলাৰ বাহোলা গাঁৱৰ পৰা অহা সুৰজিৎ মানে কয়, তেওঁ নিজৰ গাঁৱৰ খেতিৰ মাটি ২.৫ একৰত ঘেঁহু আৰু ধানৰ খেতি কৰে। “আমাৰ শস্যবিলাক যদি নষ্ট হৈ গ’লে হ’ব (যিহেতু মই প্ৰতিবাদস্থলীত আছো)। কিন্তু আমাৰ পৰৱৰ্তী প্ৰজন্মই যাতে কষ্ট ভোগ কৰিবলগীয়া নহয়।”
এই আইনকেইখনৰ বলত দেশৰ কৃষিৰ ওপৰত ব্যক্তিগত সংস্থাই নিয়ন্ত্ৰণ কায়েম কৰিব পৰা সম্পৰ্কে কৃষকসকল সতৰ্ক আৰু শংকিত। “আদানী আৰু আম্বানিহঁতক আমি পাঞ্জাৱলৈ আহিবলৈ নিদিও,” পাঞ্জাৱৰ তৰণতাৰণ জিলাৰ কোট বুধা গাঁৱৰ ৭২ বছৰীয়া খেতিয়ক বলদেৱ সিঙে কয়। বিভিন্ন বাধা অতিক্ৰম কৰি তেওঁ ৫০০ কিলোমিটাৰ দূৰৰ পৰা দিল্লীলৈ আহিছে। পৰিয়ালৰ ১২ একৰ খেতিপথাৰত সিঙে গোটেই জীৱন খাদ্যশস্যৰ খেতি কৰি আহিছে, আৰু এতিয়া সেই পথাৰত থাকিব লাগিছিল। তেওঁ কয়, “জীৱনৰ অন্তিম সময়ত মই পথৰ ওপৰত, অনিশ্চয়তাৰ ডাঁৱৰৰ তলত।”
কোট বুধা গাওঁখন ভাৰত-পাকিস্তান সীমান্তৰ বেছি দূৰত নহয়। “মই কাঁইটীয়া তাঁৰ দেখিলো,” সিঙে কয়। “এনে ঘটনা কেতিয়া মোৰ জীৱনত ঘটা নাছিল আৰু এদিন এনে পৰিস্থিতি দেখিবলগীয়া হ’ব বুলি ভবা নাছিলো। সেয়াও আকৌ হৈছে মই মোৰ দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ ধৰোতে”।
“এয়া কেন্দ্ৰৰ সৈতে পোনপটীয়া যুদ্ধ,” তিৰবিৰোৱা চকুৰে ভীম সিঙে কয়। হাৰিয়ানাৰ সোণিপট জিলাৰ খানপুৰ কালান গাঁৱৰ ৬৮ বছৰীয়া খেতিয়কজনে নিজৰ ১.৫ একৰ মাটিত খেতি কৰে। তেওঁ কয় যে হয় চৰকাৰে নতুন কৃষি আইন প্ৰত্যাহাৰ কৰিব লাগিব, অথবা তেওঁ আৰু তেওঁ সগোত্ৰীয়সকলে আনৰ বাবে খাদ্য উৎপাদন বন্ধ কৰি দিব।
তেওঁ ছাৰ ছটো ৰামৰ কথা সুঁৱৰি কয় যে তেওঁ কৃষকৰ বাবে বৃটিছৰ বিৰুদ্ধে যুঁজিছিল। “ইংৰাজে এক কুইণ্টল (খাদ্যশস্য)ত ২৫-৩০ পইছা দিছিল আৰু ছাৰ ছটো ৰামে কমেও ১০ টকা দাবী কৰিছিল। ঔপনিৱেশিক শক্তিৰ ওচৰত নতশিৰ হোৱাতকৈ খেতিয়কে পথাৰৰ শস্য জুই জ্বলাই দিব বুলি তেওঁ কৈছিল,” ভীম সিঙে কয়। “মোডী চৰকাৰে যদি কথা নুশুনে, তেন্তে আমি সেইটোৱেই কৰিবলগা হ’ব।”
২০১৮ৰ অক্টোবৰত, প্ৰধানমন্ত্ৰীয়ে ৰোহটকত ছাৰ ছটো ৰামৰ এক প্ৰতিমূৰ্ত্তি উদ্বোধন কৰিছিল আৰু প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ছাৰ ছটো ৰামৰ উত্তৰাধিকাৰ সীমিত কৰি ভাৰতে নিজকে বঞ্চিত কৰিছে আৰু এক ৰাষ্ট্ৰৰ কাৰণে ই এক বাৰ্তা। কিন্তু এতিয়া ভীম সিঙে কয়, “তেওঁ চৰকাৰে আমাৰ ছাৰ ছটো ৰামক এই আইনবিলাক প্ৰৱৰ্তন কৰি উপহাস কৰিছে।”
“মোৰ দেশখন অনাহাৰত মৃত্যু হোৱা মই চাব নিবিচাৰো,” ৭০ বছৰীয়া হৰিন্দৰ সিঙে কয়, পাঞ্জাৱৰ মোগা জিলাৰ মেহনা গাঁৱত তেওঁ নিজৰ ৫ একৰ মাটিত খেতি কৰে। “কৃষকৰ উৎপাদিত শস্য চৰকাৰে ক্ৰয় কৰাৰ নিশ্চয়তা (নতুন আইনকেইখনৰ ফলত) নাই আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ৰ ভৱিষ্যতক লৈও এতিয়া প্ৰশ্নৰ অৱকাশ আহি পৰিছে।”
ব্যৱসায়ীক গোষ্ঠীসমূহে দৰিদ্ৰসকলক খুৱাব নে? মই সুধিলো। “দৰিদ্ৰক খুৱাব? ব্যৱসায়ীক গোষ্ঠীবোৰে দৰিদ্ৰৰ ওপৰত খায়,” তেওঁ কয়। “সিহঁতে যদি সেইটো নকৰে, আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিব লগা নহ’লহেঁতেন।”
কেইবামাহ ধৰি কৃষকসকলে প্ৰতিবাদ জনাই আহিছে। বিভিন্ন পৰ্যায়ত কৰ্তৃপক্ষৰ সৈতে হোৱা তেওঁলোকৰ সকলো আলোচনা নিষ্ফল হ’ল। “কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা নহ’ব, এতিয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিম,” কাৰ্নাল জিলাৰ বাহোলা গাঁৱৰ সুৰজিৎ মানে কয়।
“প্ৰথম কথা হ’ল আমি (সংসদৰ অধিবেশন চলি থকা সময়ত) এখন সভাৰ কাৰণে দিল্লীলৈ আহিছিলো। তেওঁলোকে আমাক ইতিকিং কৰিলে। এতিয়া আমি পুনৰ দিল্লীলৈ আহিছো। এইবাৰ তেওঁলোকে আমাক প্ৰহাৰ কৰিছে,” কোট বুধা গাঁৱৰ বলদেৱ সিঙে কয়। “প্ৰথমতে নিমখ লগালে, এতিয়া আঘাত দিলে।”
“এনে আচৰণ দেখি আমাৰ চকু সেমেকি উঠে, দেশক অনাহাৰৰ পৰা উদ্ধাৰ কৰাৰ বিনিময়ত চৰকাৰৰ এয়া প্ৰতিদান,” বলদেৱ সিং আৰু হৰিন্দৰ সিঙে কয়।
“কংগ্ৰেছ দলেই হওঁক, ভাৰতীয় জনতা দল, সকলো ৰাজনৈতিক দলে ইটোৰ লগত সিটো মিলি পাঞ্জাৱক লুটি নিয়াৰ ষড়যন্ত্ৰ কৰিছে। আম আদমি পাৰ্টিয়েও সেই দলবিলাকৰ পথকে অনুসৰণ কৰিছে,” পাঞ্জাৱৰ মোগা জিলাৰ ১২ একৰ মাটিৰ খেতিয়ক ৬২ বছৰ বয়সীয়া যোগৰাজ সিঙে কয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিৰুদ্ধেও কৃষকসকল ক্ষুব্ধ। “এই সংবাদ মাধ্যমবিলাকে কৃষকসকলক নেতিবাচক ৰূপত তুলি ধৰিছে। সাংবাদিকসকলে আমাৰ সৈতে আতিগুৰি মাৰি আলোচনা কৰা নাই,” যোগৰাজ সিঙে কয়। “ভুক্তভোগীৰ সৈতে কথা নপতাকৈ সমস্যাটোৰ বিষয়ে কেনেকৈ জানিলে? তেওঁলোকে সত্যটো দেখুওৱা উচিত আছিল। চৰকাৰে আমাৰ কাৰণে মৃত্যু পৰোৱানা সাজু কৰি ৰাখিছে। তেওঁলোকে দেখিুৱাব লাগিছিল যে চৰকাৰে যদি আমাৰ মাটি কাঢ়ি ল’ব বিচাৰে, তেন্তে সেয়াই হওঁক, কিন্তু তাৰ আগতে আমাক টুকুৰা-টুকুৰ কৰি তেওঁলোকে কাটি পেলাওক।”
জনকণ্ঠৰ প্ৰতিধ্বনিঃ
“ঠিকাভিত্তিক কৃষি বৃদ্ধি পাব। খেতি কৰিবলৈ তেওঁলোকে যদি প্ৰথমতে বেছি পইছা দিব, এয়া বিনামূলীয়া জিঅ’ ছিমকাৰ্ডৰ নিচিনা সেৱা হ’ব। লাহে লাহে তেওঁলোকেই আমাৰ কৃষিভূমিৰ মালিক হৈ পৰিব।”
“ঠিকা বা চুক্তিৰ দ্বাৰা তেওঁলোকে মাটিৰ ওপৰত নিৰ্মাণকাৰ্য চলাব পাৰিব, আৰু তাৰ কাৰণে তেওঁলোকে ঋণ পাব। যদি ভাল উৎপাদন নহয়, বা চুক্তি যদি ভংগ হয়, তেওঁলোক আঁতৰি যাব। আৰু আমি ঋণ পৰিশোধ কৰিব লাগিব। পৰিশোধ কৰিব নোৱাৰিলে আমাৰ কৃষিভূমি আমাৰ হাতৰ পৰা যাব।”
“আৰক্ষীৰ লোকসকল (প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত) আমাৰ সন্তান। তেওঁলোকেও বুজি পায় যে চৰকাৰে কৃষকৰ ক্ষতিসাধন কৰিছে। চৰকাৰে তেওঁলোকক আমাৰ বিৰুদ্ধে নিয়োগ কৰিছে। আমাৰ ওপৰত লাঠিচালনা কৰাৰ বাবে যদি তেওঁলোকে বেতন পায়, তেওঁলোকে আমাৰ শৰীৰেই পাইছে। তেনেকৈ নহৈ এনেকৈ হ’লেও আমি তেওঁলোকক খুৱাম।”
অনুবাদ - পংকজ দাস