নিচেই পুৱাতে সুনীতা সাহুৱে বৰ কষ্টৰে বাগৰ সলাই সুধিলে, “ল’ৰাকেইটা ক’ত আছে?” তেওঁৰ স্বামী বোধৰামে ক’লে যে সিহঁত শুই আছে। তেওঁ হুমুনিয়াহ কাঢ়িলে। এয়া আছিল তেওঁৰ এটা নিদ্ৰাহীন নিশা। বোধৰাম অস্বস্তিত পৰিছিল। তেওঁ কেতিয়াবা ধেমালিতে কৈছিল যে যিকোনো সময়ত য’তে-ত’তে সুনীতা শুই যাব পাৰে।
কিন্তু ২৮ এপ্ৰিলৰ নিশা বোধৰাম আৰু সুনীতা সাহুৰ তিনি পুত্ৰ সন্তানে (বয়স ১২ৰ পৰা ২০ৰ ভিতৰত) মাকৰ হাত-ভৰি, মূৰ আৰু পেট গৰম সৰিয়হৰ তেলেৰে মালিচ কৰিবলৈ ধৰিলে যদিও বিষত তেওঁ কেঁকাবলৈ ধৰিলে। দুৰ্বল কণ্ঠেৰে তেওঁ ক’লে, “মোৰ কিবা হৈছে,” পুৱা বোধৰামে কথাষাৰ মনত পেলাবলৈ চেষ্টা কৰিলে।
লক্ষ্ণৌ জিলাৰ খড়গপুৰ জাগিৰৰ এটা জুপুৰী ঘৰত সাহু পৰিয়াল থাকে। দই দশকৰ আগতে ছত্তীশগড়ৰ বেমেট্ৰা জিলাৰ নিজৰ গাওঁ মাৰোৰ পৰা চিনহাত উন্নয়ন খণ্ডৰ এই গাওঁখনলৈ তেওঁলোক আহিছিল। ৪২ বছৰীয়া বোধৰামে নিৰ্মাণ সংস্থাৰ ৰাজমিস্ত্ৰী হিচাপে কাম কৰে আৰু ৩৯ বছৰীয়া সুনীতাই নিজৰ ঘৰুৱা কাম কৰে।
এপ্ৰিল মাহত উত্তৰ প্ৰদেশত মহামাৰী ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ লৈছিল। ২৪ এপ্ৰিলৰ তথ্য মতে ৩৮,০৫৫ জনৰ নতুনকৈ সংক্ৰমণ হৈছিল - এই তথ্য সেই সময়ত সৰ্বাধিক, তথাপিও উত্তৰ প্ৰদেশৰ সংক্ৰমণৰ সংখ্যা ইয়াতকৈ বহুত বেছি আছিল।
“প্ৰকৃত সংক্ৰমিত লোকৰ সংখ্যা উল্লেখিত সংখ্যাৰ তুলনাত ৪/৫ গুণ বেছি হ’ব। বিভিন্ন সংশয়ৰ কাৰণে মানুহে পৰীক্ষা কৰিবলৈ ওলাই নহাৰ ফলতে সংক্ৰমণৰ বহু ঘটনা অৱগত নোহোৱাকৈ থাকি যায়,” ৰাম মনোহৰ লোহিয়া আৰু আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, লক্ষ্ণৌৰ কমিউনিটি মেডিচিন বিভাগৰ সহকাৰী অধ্যাপিকা ৰশ্মি কুমাৰীয়ে কয়।
ক’ৰনা ভাইৰাছৰ লক্ষণ বুলি বিবেচনা কৰা জ্বৰ, গাৰ বিষ আৰু ডায়েৰিয়া হৈছিল যদিও পৰিয়ালৰ কোনো লোকৰে ক’ভিড-১৯ যিহেতু হোৱা নাই, সেয়ে সুনীতাৰো ক’ভিড সংক্ৰমণ হোৱা নাই বুলি পৰিয়ালটো নিশ্চিত হৈছিল।
১৬ এপ্ৰিলৰ পুৱা যেতিয়া সুনীতাই বিষ হোৱা আৰু দুৰ্বল লগা বুলি কৈছিল, তেতিয়া বোধৰামে সুনীতাক তেওঁৰ চাইকেলৰ কেৰিয়াৰত বহুৱাই ৩ কিলোমিটাৰ নিলগৰ এজন চিকিৎসকৰ ওচৰলৈ লৈ যায়। সুনীতাক চিকিৎসালয়ত ভৰ্ত্তি কৰিব লাগিব নেকি বুলি বোধৰামে চিকিৎসকক সুধিছিল।
চিকিৎসকে কোৱা কথাবোৰ বোধৰামে মনত পেলালে: “আপুনি তাইক ক’লৈ লৈ যাব? কোনো চিকিৎসালয়ত ঠাই নাই। এই ঔষধবিলাক খুৱাওক আৰু তিনিদিনৰ ভিতৰত তেওঁ সুস্থ হৈ পৰিব।” পেথ’লজি লেৱৰেটৰিৰ মানুহ মাতি আনি চিকিৎসকজনে সুনীতাৰ তেজৰ নমুনা সংগ্ৰহ কৰিলে। তেওঁ ক’ভিড-১৯ পৰীক্ষা কৰা হোৱা নাছিল।
পৰীক্ষাৰ বাবে সাহুৱে ৩,০০০ টকা দিলে। চিকিৎসকে চোৱা আৰু ঔষধৰ বাবদ ১৭০০ টকা দিবলগা হ’ল। কিছুমান পিল আৰু কেপচুল উলিয়াই এডোখৰ মুগা ৰঙৰ কাগজত বান্ধি দিলে আৰু গাত শক্তি পাবলৈ ডাঠ ৰঙৰ জুলীয়া ঔষধ এবিধ দিয়ে।
সেইদিনাই সন্ধিয়া ৫ বজাত বোধৰামে সুনীতাৰ পুনৰ চাইকেলত উঠাই সেই চিকিৎসকজনৰ ওচৰলৈ লৈ যায়। অতিমাত্ৰা দুৰ্বল হৈ পৰা সুনীতাই যাবলৈ আপত্তি কৰিছিল। সেই সময়তে তেজ পৰীক্ষাৰ ৰিপ’ৰ্ট আহি পালে। ৰিপ’ৰ্টত উল্লেখ কৰা হ’ল যে অন্যান্য অংগৰ লগতে যকৃত খুব বেয়াকৈ নষ্ট হৈছে। চিকিৎসকজনে সুনীতাৰ টাইফয়ড হোৱা বুলি ক’লে। বোধৰামে অতিশয় শক্তিহীন হৈ পৰা সুনীতাক চেলাইন দিবলৈ অনুৰোধ জনাইছিল যদিও নিদিলে আৰু ক’লে যে তেওঁৰ ঔষধে অতি সোনকালে সুনীতাক আৰোগ্য কৰিব।
টাইফয়ড যদিও নিজে এবিধ এটা সময়ত গোলকীয়া স্বাস্থ্যসমস্যা, এক গৱেষণা পত্ৰত কোৱা হৈছে, “... উন্নয়নশীল বিশ্বৰ গুৰুত্বপূৰ্ণ জনস্বাস্থ্যৰ সমস্যাৰ ক্ষেত্ৰত ক’ভিড-১৯ৰ মাজত টাইফয়ড পৰীক্ষা কৰি টাইফয়ড হোৱা বুলি কোৱা হয়… ক’ভিডৰ মাজত টাইফয়ড আৰু ডেংগুত সংক্ৰমিত হোৱা বুলি দেখুওৱা পৰীক্ষাৰ ফলাফল মিছা… ক’ভিড-১৯ মহামাৰীৰ সময়ত উল্লেখিত ৰোগ দুবিধত আক্ৰান্ত হোৱা বুলি পৰীক্ষাই দেখুৱালেও এনে ৰোগীৰ ক্ষেত্ৰত সতৰ্কতা আৰু নিৰীক্ষণৰ প্ৰয়োজন আছে।”
লক্ষ্ণৌৰ
ৰাম মনোহৰ লোহিয়া হস্পিতালৰ ক’ভিড-১৯ বিভাগৰ
এনাস্থেচিয়াৰ মুৰব্বী প্ৰবীণ কুমাৰে সতৰ্কতাৰ বিষয়ে নিশ্চিত কৰি কয়, “ক’ভিড আৰু টাইফয়ডৰ ক্ষেত্ৰত কিছুমান উমৈহতীয়া লক্ষণ দেখা
যায়। চিকিৎসালয়ত কৰা পৰীক্ষাৰ ফলাফলে ১০ শতাংশ ৰোগীক টাইফয়ড
বুলি দেখুৱায় যদিও তেওঁলোক আচলতে ক’ভিড সংক্ৰমিত।”
টাইফয়ড হোৱা বুলি পৰীক্ষাৰ ফলাফলে নিশ্চিত কৰা সুনীতাই ২৯ এপ্ৰিলৰ পুৱা নিজৰ ল’ৰা-ছোৱালীকেইটাৰ কথা সোধাৰ প্ৰায় আধাঘণ্টা পিছত - অৰ্থাৎ জ্বৰ আৰু অনান্য লক্ষণসমূহ দেখাৰ মাথোন ৩ দিন পিছত তেওঁৰ মৃত্যু ঘটে। বোধৰামে ভাবিছিল অন্ততঃ সুনীতাৰ টোপনি আহিছে আৰু সুনীতাৰ কপালত হাত থৈ উঠি মৰা চিঞৰত তিনিওটা ল’ৰা টোপনিৰ পৰা সাৰ পাই উঠিল। “এনেদৰেই তাই চিৰদিনৰ বাবে শুই পৰিল,” সমস্ত ঘটনা আৰু ক্ষতিৰ কথা বৰ্ণনা কৰি কেইসপ্তাহমানৰ আগতে নিজৰ ঘৰৰ পৰাই টেলিফোনত তেওঁ মোক কৈছিল।
সুনীতাৰ শেষকৃত্যৰ বাবে পৰিয়ালটোক মৃত্যুৰ প্ৰমাণপত্ৰ লাগে। খড়গপুৰ জাগিৰৰ গাওঁপ্ৰধান ৰবিলা মিশ্ৰই মৃত্যুৰ প্ৰমাণপত্ৰ দিলে। নীলা চিয়াহীৰে তেওঁ মৃত্যুৰ প্ৰমাণপত্ৰত লিখিলে, ‘২৯/০৪/২০২১ৰ দিনা নিজৰ ঘৰতে সুনীতাৰ মৃত্যু হ’ল।’ এই প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ উল্লেখ কৰা নহ’ল।
সেয়ে সুনীতাক ক’ভিডত মৃত্যু হোৱাৰ তালিকাভূক্ত কৰা নহ’ল। একেই কথা উত্তৰ প্ৰদেশ আৰু আন কিছুমান ঠাইৰো, তাতো এনেদৰে ক’ভিডৰ মৃত্যুৰ বহুতো ঘটনা অৱগত নোহোৱাকৈ থাকি গ’ল। ক’ভিডত মৃত্যুৰ যি পৰিসংখ্যা প্ৰকাশ পাইছে, তাৰ তুলনাত প্ৰকৃত মৃত্যুৰ সংখ্যা যে বহুত বেছি, ই এক বিশ্বস্তৰৰ উদ্বেগৰ বিষয়।
“... পৰোক্ষ বা প্ৰত্যক্ষভাৱে ক’ভিডত মৃত্যু হোৱা প্ৰকৃত মুঠ সংখ্যা লাভ নকৰাটোৱে এটা গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে,” বিশ্ব স্বাস্থ্য সংস্থাৰ এই টোকাত কোৱা হৈছে। “অত্যধিক মৃত্যু শব্দকেইটাই বুজাইছে যে ‘স্বাভাৱিক’ অৱস্থাত আশা কৰা মৃত্যুৰ সংখ্যাতকৈ অধিক। এই শব্দকেইটাই ক’ভিড-১৯ত সংক্ৰমিত হোৱা লোকৰ মৃত্যু নিশ্চিত কৰাৰ উপৰি শুদ্ধভাৱে ৰোগ নিৰ্ণয নকৰা আৰু নজনোৱাকৈ থাকি যোৱা লোকৰ মৃত্যুৰ সংখ্যাও সামৰি লৈছে। মহামাৰীয়ে সৃষ্টি কৰা মহা সংকটৰ মাজত বহুতো লোকৰ মৃত্যুৰ ঘটনা ক’ভিডত মৃত্যু হোৱা বুলি নিশ্চিত নোহোৱাকৈ থাকি যায়। কেৱল ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা নিশ্চিত কৰিবলৈ অধিক বিস্তৃত আৰু সঠিক পদক্ষেপৰ প্ৰয়োজন।”
বহুতো ৰোগীৰ বিশেষ কিছুমান অৱস্থাক শুদ্ধভাৱে নিৰ্ণয় কৰা নহয় আৰু ক’ভিড হোৱা বুলি কোৱাটোৱে সমস্যাৰ সৃষ্টিৰ কৰে। প্ৰকৃত তথ্যৰ অভাৱত অক্সিজেনৰ যোগানত বাধাৰ সৃষ্টি হয় আৰু ৰোগী হৃদৰোগত আক্ৰান্ত হ’ব পাৰে।
লক্ষ্ণৌৰ পৰা ৫৬ কিলোমিটাৰ নিলগৰ সীতাপুৰ জিলাৰ মাহমুদাবাদ উন্নয়ন খণ্ডৰ মীৰা নগৰ গাঁৱৰ চৰণ পৰিয়ালৰ ক্ষেত্ৰতো একে ঘটনা ঘটিছিল। ২২ এপ্ৰিলৰ প্ৰায় দুপৰীয়া সময়ত ৫৭ বছৰীয়া ৰামচৰণে খুব বিষ অনুভৱ কৰিছিল। তেওঁ ৫৬ বছৰীয়া পত্নী ৰামৱতীয়ে স্বামীৰ বিষ ক’ত হৈছে দেখুৱাবলৈ হাতেৰে নিজৰ বুকুৰ ফালে দেখুৱালে।
১৬ বছৰ বয়সতে স্বামীৰ সৈতে অহা চহৰ লক্ষ্ণৌত সেই সময়ত ৰামৱতী আছিল। লক্ষ্ণৌ চহৰৰ উত্তৰফালৰ আলিগঞ্জ অঞ্চলত তিনি সন্তানৰ সৈতে পৰিয়ালটোৱে বাস কৰিছিল। সৰু দোকানখনত ৰামচৰণে পানীৰ বটল, চিপচ্, শীতল পানীয় আৰু চিগাৰেট বিক্ৰী কৰিছিল। কেইমাহমানৰ পৰা এই কেইবিধ বস্তুৰ লগতে ৰামচৰণে মুখত লগোৱা মাস্ক বিক্ৰী কৰিবলৈ লৈছিল।
লকডাউনৰ কাৰণে দোকান বন্ধ থকাৰ সময়ত তেওঁলোকৰ পৈতৃক সম্পত্তিৰ খবৰ ল’বলৈ প্ৰায়েই নিজৰ গাঁৱলৈ গৈছিল। ৰামৱতীয়ে আনৰ ঘৰত কাম কৰি পোৱা উপাৰ্জনেৰে ঘৰ চলাইছিল।
ৰামচৰণে বুকুৰ বিষ হোৱা বুলি কোৱাৰ লগে লগে ফটোকপি মেচিনৰ অপাৰেটৰ হিচাপে কাম কৰা পুত্ৰ ৰাজেশ কুমাৰে তেওঁলোকৰ ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰত থকা মাহমুদাবাদৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰলৈ তেওঁক লৈ যায়। কৰ্তব্যৰত চিকিৎসকে ৰামচৰণক দুটা বেজী দিয়ে।
“তাৰ পিছতে দেউতাই উশাহ লোৱাত কষ্ট পাবলৈ ধৰে। চিকিৎসকসকলে ক’লে যে অক্সিজেনৰ এটা সৰু চিলিণ্ডাৰ আছে, কিন্তু কামত নাহিব, গতিকে মই দেউতাক আমাৰ গাঁৱৰ পৰা ৮ কিলোমিটাৰ দূৰত থকা জিলা চিকিৎসালয়লৈ নিবই লাগিব,” কুমাৰে কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰে। ৰাজ্য চৰকাৰৰ এম্বুলেন্স সেৱাৰ কেন্দ্ৰীয় ফোন নম্বৰ ১০৮ ডায়েল কৰি এখন এম্বুলেন্স মাতি দিয়া হ’ল। ২২ এপ্ৰিলৰ ২ বাজি ৩০ মিনিটত এম্বুলেন্সত উঠোৱাৰ সময়তে ৰামচৰণে শেষ নিশ্বাস ত্যাগ কৰে।
“তেওঁ বাৰে বাৰে কৈছিল, ‘মই জীয়াই নাথাকো’। ইমান স্বাস্থ্যৱান মানুহজনে উশাহ ল’ব নোৱাৰা হ’ল,’’ কুমাৰে কয়।
চিকিৎসালয়ে মৃত্যুৰ প্ৰমাণপত্ৰ নিদিলে আৰু সেইদিনাই সন্ধিয়া নিজৰ গাঁৱত ৰামচৰণৰ শেষকৃত্য সম্পন্ন কৰা হয়। চিকিৎসকে লিখা প্ৰেছক্ৰিপশ্যনত ‘ক’ভিড-১৯ এজি টেষ্ট পজিটিভ’ বুলি উল্লেখ কৰা হৈছিল। কিন্তু কোনো ধৰণৰ সতৰ্কতা অৱলম্বন নকৰাকৈ ৰামচৰণৰ শেষকৃত্য সমাপন কৰা হৈছিল আৰু পৰিয়ালটোৱে আজিও বিশ্বাস কৰে যে হৃদযন্ত্ৰ বিকল হৈ তেওঁ মৃত্যু হৈছে।
ক’ভিড চিকিৎসালয়ত ৰামচৰণে উপযুক্ত চিকিৎসা নাপালে, কিয়নো ৰাজ্যখনৰ নগৰ-চহৰৰ ক’ভিড চিকিৎসা কেন্দ্ৰবোৰৰ আন্তঃগাঁথনি ভাল নহয় - ১৭ মে’ত এলাহবাদ উচ্চ ন্যায়ালয়ৰ দুজন বিচাৰপতিৰে গঠিত বিচাৰপীঠেও আন্তঃগাথনি অপৰ্য্যাপ্ততাৰ বিষয়ে মন্তব্য কৰিছিল।
মহামাৰীৰ সময়ত ক’ভিড চিকিৎসা কেন্দ্ৰ বা জিলা চিকিৎসাকেন্দ্ৰতে প্ৰয়োজনীয় সা-সুবিধাৰ নাটনি হোৱা নাছিল। আনকি ৰাজধানী চহৰ লক্ষ্ণৌৰ স্বাস্থ্যসেৱাৰ আন্তঃগাথনিও অপৰ্য্যাপ্ত, অন্ততঃ কেইমাহমানৰ আগতে মৌৰ্য্য পৰিয়ালেও এই কথা উপলব্ধি কৰিছিল।
যোৱা ১২ এপ্ৰিলত লক্ষ্ণৌৰ চিনহাট চিকিৎসালয়ত সুনীল কুমাৰ মৌৰ্য্যক (৪১ বছৰীয়া) ভৰ্ত্তি কৰাৰ সময়ত ভতিজা পৱনক কৈছিল: “মই উশাহ ল’ব পৰা নাই। তহঁতে কিয় মোক এইখন চিকিৎসালয়ত থৈছ। মোক যদি ঘৰলৈ লৈ যাৱ, মই আৰাম পাম।”
এই ঘটনাৰ প্ৰায় এসপ্তাহৰ আগতে মৌৰ্য্যৰ জ্বৰ হ’বলৈ আৰম্ভ কৰিছিল। তেওঁৰ কাঁহো হৈছিল। কিন্তু তেওঁৰ এই সমস্যা আগৰে পৰা আছিল, সেয়ে পৰিয়ালটোৱে বৰ বেছি মনযোগ নিদিলে। কিন্তু যেতিয়া তেওঁ কয়, “মোৰ খোজ কাঢ়িবলৈও গাত শক্তি নাই,” তেতিয়াহে পৰিয়ালৰ মানুহবিলাক সতৰ্ক হ’ল - ৩০ বছৰীয়া পৱনে কথাবিলাক মনত পেলাবলৈ যত্ন কৰিলে।
বহুতো প্ৰব্ৰজনকাৰী পৰিয়ালৰ আবাসিক অঞ্চল মধ্য লক্ষ্ণৌৰ বস্তি কলনি চোট্টি যুগাউলিত মৌৰ্য্য পৰিয়াল থাকে। প্ৰায় ২ দশকৰ আগতে সুনীল কুমাৰ চুলতনাপুৰ জিলাত জয়সিংহপুৰ উন্নয়ন খণ্ডৰ বীৰসিংহপুৰ গাঁৱৰ পৰা ইয়ালৈ আহিছিল। ঘৰ নিৰ্মাণ কৰা ঠিকাদাৰৰ নিৰ্মাণক্ষেত্ৰত তেওঁ কাম কৰিছিল।
১.৫ বৰ্গকিলোমিটাৰ টাই আগুৰি থকা ঘন জনবসতিপূৰ্ণ চোট্টি জুগৌলি আৰু ইয়াৰ একে নামৰ বড়ি জুগৌলিৰ মাজত এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ছখন অংগনবাদী কেন্দ্ৰ আছে।
এনে এটা কেন্দ্ৰৰ এগৰাকী আশাকৰ্মীয়ে কয় যে মহামাৰী আৰম্ভ হোৱাৰ পৰা আজিলৈকে এই অঞ্চলত কোনো ধৰণৰ সজাগতা শিবিৰ বা মাস্ক তথা ছেনাইজাৰৰ বিতৰণ হোৱা নাই। চৰকাৰে শাস্তিমূলক ব্যৱস্থা লোৱাৰ আশংকাত তেওঁ নিজৰ নাম ব্যক্ত কৰিব নিবিচাৰিলে, কিন্তু নিশ্চিত যে ১৫,০০০ লোকৰ বসতিপূৰ্ণ এই অঞ্চলত শতাধিক লোকৰ ক’ভিড-১৯ সংক্ৰমণ হোৱা নিশ্চিত - কিন্তু টেষ্ট কৰা নাই বা পজিটিভ হিচাপে নথিভূক্ত কৰা নাই।
তেওঁ সাক্ষাৎ কৰা ১৫১৭ টা পৰিয়ালৰ এটা পৰিয়ালৰো ক’ভিডত মৃত্যু হোৱাৰ তথ্য নাই। “চৰ্দি, জ্বৰ, কাহত মানুহৰ মৃত্যু হৈছে, কিন্তু কোনেও পৰীক্ষা কৰাব নিবিচাৰে। ২০২০ৰ মাৰ্চত প্ৰতিদিনেই ৫০ টা পৰিয়ালৰ ঘৰলৈ গৈ লক্ষণ থকা ৰোগী আছে নেকি, সেই সম্পৰ্কে জৰীপ কৰিবলৈ আমাক কোৱা হৈছিল। এতিয়া মই ওলাই নায়াও, কাৰণ পৰিস্থিতি বিপজ্জনক হৈ পৰিছে। মই আমাৰ অঞ্চলত এটা গোট গঠন কৰিছো আৰু ফোনত মোৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে জনাবলৈ মানুহক কৈছো,” কেইমাহমান আগতে তেওঁ মোক ফোনত এইদৰে কৈছিল।
সেয়ে স্থানীয় স্বাস্থ্যকৰ্মীও সহজে পোৱা নাযায় আৰু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ক’ভিডৰ দায়িত্ব পালন কৰা চিকিৎসকো পোৱা নাযায়, গতিকে মৌৰ্য্য ৰোগাক্ৰান্ত হওঁতে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ কোনো নাছিল।
ইয়াৰ পৰিৱৰ্তে চোট্টি জুগৌলিৰ এজন চিকিৎসকৰ ক্লিনিকত কাম কৰা বিজ্ঞান স্নাতক পৱনে তেওঁৰ খুৰাকক ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গ’ল। এণ্টিজেন টেষ্টৰ কাৰণে তেওঁলোকে ৫০০ টকা বিচাৰিলে, ফলাফলত নিগেটিভ ওলাল। তেতিয়া তেওঁ মৌৰ্য্যক ৩০ কিলোমিটাৰ দূৰৰ টি.এছ. মিশ্ৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ গ’ল। গৈ পোৱাৰ পিছত তাত ক’লে যে এণ্টিজেন টেষ্টৰ ওপৰত ইমান নিৰ্ভৰ কৰিব নোৱাৰি আৰু সেই কাৰণে তেওঁৰ খুৰাকক চিকিৎসালয়ত বিচনা দিয়া নহ’ব।
জৰুৰীকালীন ৱাৰ্ডত থকা চিকিৎসকে এখন ব্যৱস্থাপত্ৰ তেওঁক দিলে। ইয়াত আন ঔষধৰ লগতে ইভাৰমেক্টিন, ভিটামিন চি আৰু জিংকৰ এখন তালিকা আছিল - সাধাৰণতে ক’ভিড-১৯ৰ লক্ষণ থকা ৰোগীক এনে ঔষধ ব্যৱহাৰ কৰিবলৈ কোৱা হয়।
সেই সময়ত সুনীল মৌৰ্য্যৰ অক্সিজেনৰ মাত্ৰা ৮০ লৈ নামিছিল। পৰিয়ালটোৱে আন দুখন চিকিৎসালয়তো ভৰ্তি কৰিবলৈ চেষ্টা কৰিছিল যদিও সেই চিকিৎসালয়ে জনালে যে ৰোগীক ভেণ্টিলেটৰত ৰাখিব লাগিব আৰু তেনে ব্যৱস্থা তেওঁলোকৰ নাই। ৪ ঘণ্টা সময় ইফালে-সিফালে হাবাথুৰি খাই থকাৰ পিছত তেওঁক ভৰ্তি কৰিবলৈ সন্মত হোৱা এখন চিকিৎসালয় বিচাৰি পালে, সেই সময়ত মৌৰ্য্যক অক্সিজেন দিবলৈ এটা চিলিণ্ডাৰৰ ব্যৱস্থা কৰা হৈছিল। এইবাৰ তেওঁৰ আৰ.টি.-পি.চি.আৰ. পৰীক্ষা কৰা হ’ল।
১২ এপ্ৰিলত কেইবাঘণ্টা খুব কষ্টৰে শ্বাস-প্ৰশ্বাস লোৱাৰ পিছত সুনীলৰ মৃত্যু হ’ল। শেষকৃত্যৰ বাবে প্ৰয়োজন হোৱা মৃত্যুৰ প্ৰমাণপত্ৰ লক্ষ্ণৌ পৌৰ নিগমে ইচ্ছ্যু কৰিছিল আৰু মৃত্যুৰ কাৰণ হৃদযন্ত্ৰ বিকল হোৱা বুলি উল্লেখ কৰিছিল। মৃত্যুৰ দুদিনৰ পিছত ওলোৱা আৰ.টি.-পি.চি.আৰ. ৰিপ’ৰ্টত সুনীলৰ ক’ভিড-১৯ পজিটিভ বুলি উল্লেখ কৰা হৈছিল।
“এটা সপ্তাহত সকলো শেষ হৈ গ’ল। পৰীক্ষাই আমাৰ পৰাহত কৰিলে,” পৱনে কয়।
“মহামাৰীৰ দ্বিতীয় ঢৌ আৰু চিকিৎসাৰ বাবে এটা টকাও হাতত নথকা নগৰীয়া দৰিদ্ৰসকলে আনকি ৰোগৰ সঠিক কাৰণ নজনাকৈ মৃত্যুক আঁকোৱালি ল’বলগা হৈছিল,” লক্ষ্ণৌৰ বিজ্ঞান ন্যাসৰ প্ৰগ্ৰেম মেনেজাৰ ৰিছা চন্দ্ৰাই কয়। এই ন্যাসটোৱে নগৰীয়া বস্তি, গৃহহীন আৰু দিনমজুৰি কৰা লোকৰ মাজত কাম কৰে। নগৰীয়া দৰিদ্ৰসকলৰ জীৱিকাৰ বাবে কাম প্ৰায় নোহোৱা হৈছে আৰু সামাজিক নিৰাপত্তাও নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সজাগতাৰ মান একেবাৰে নিম্নগামী আৰু তেওঁলোক শ্বাসৰুদ্ধকৰ ঘন বসতিৰ মাজত থাকে - আৰু এতিয়া অতিৰিক্তভাৱে তেওঁলোকে পৰীক্ষা কৰাৰ বাবে আতংকিত হৈছে আৰু ক’ভিড পজিটিভ ৰূপে ঘোষিত হোৱাৰ ভয়ত বিহ্বল হৈ পৰিছে।
এণ্টিজেন আৰু আৰ.টি.-পি.চি.আৰ. টেষ্টে মিছাকৈয়ে নিগেটিভ ফলাফল দেখুৱাব পাৰে বুলি চলিত তথ্যই ক’ভিড পৰীক্ষাৰ প্ৰতি তেওঁলোক শংকিত হৈ পৰিছে।
“আৰ.টি.-পি.চি.আৰ. পৰীক্ষাত মিছা ফলাফল ওলাব পাৰে বুলি এলানি মিশ্ৰ ধাৰণা প্ৰচাৰিত হৈছে, কিন্তু এই পৰীক্ষা বিজ্ঞানসন্মত নীতিৰ আধাৰত কৰা হৈছে। থু-খেকাৰৰ পৰীক্ষাত নমুনা সঠিকভাৱে সংগৃহীত নহ’ব পাৰে অথবা ইয়াৰ ব্যৱহাৰ কৰা সঁজুলি আই.চি.এম.আৰ. (ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ)ৰ অনুমোদিত নহ’ব পাৰে। এণ্টিজেন টেষ্টৰ ফলাফল লগে লগে পাব পাৰি, কিন্তু ইয়াত আৰ.এন.এ. বিবৰ্ধন কৰা নহয়, সেই কাৰণে এই পৰীক্ষাৰে প্ৰাথমিক কাম চলোৱা হয়,” ৰাম মনোহৰ লোহিয়া চিকিৎসালয়ৰ মাইক্ৰ’বায়’লজি বিভাগৰ মুৰব্বী জোৎস্না আগৰৱালে কয়।
মধ্য লক্ষ্ণৌৰ মানকনগৰ এলেকাৰ গাৰ্হি কানুৱাৰা অঞ্চলৰ ৩৮ বছৰীয়া সোৱেইব আখতাৰৰ আৰ.টি.-পি.চি.আৰ. পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱা গৈছিল।
এপ্ৰিলৰ ২য় সপ্তাহৰ পৰা মাজু আই ৰোগত আক্ৰান্ত আখতাৰে আৰোগ্য লাভ কৰিবলৈ ধৰিছিল। মাতৃ ৬৫ বছৰীয়া ছাদ্ৰুনিচাই তেওঁক ৰমজানৰ (১৩ এপ্ৰিলত আৰম্ভ হোৱা) ৰোজা নাৰাখিবলৈ কৈছিল যদিও তেওঁ ৰোজা ৰাখিছিল।
২৭ এপ্ৰিলত আখতাৰৰ কাহ আৰম্ভ হয় আৰু শ্বাস-প্ৰশ্বাসত কষ্ট পাবলৈ ধৰে। পৰিয়ালৰ লোকে তেওঁক বেচৰকাৰী পৰীক্ষাগাৰ এটালৈ লৈ গৈ আৰ.টি.-পি.চি.আৰ. পৰীক্ষা কৰাৰ লগতে ৭৮০০ টকা দি চিটিস্কেন কৰায়। পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱা হ’ল, আৰু চিটিস্কেনত ভাইৰেল নিউম’নিয়া থকা বুলি উল্লেখ কৰিলে। ক’ভিডৰ পৰীক্ষাত নিগেটিভ হোৱা বাবে সোৱেইব আখতাৰৰ বেচৰকাৰী আৰু চৰকাৰী কোনো চিকিৎসালয়ে ভৰ্তি কৰিবলৈ সন্মত নহ’ল। তেওঁলোকে কেৱল ক’ভিড আক্ৰান্তক অগ্ৰাধিকাৰ দিছিল, খালি বিচনা নাছিল, অ-জৰুৰীকালীন সেৱা সকলো চিকিৎসালয়ত স্থগিত ৰখা হৈছিল।
পৰিয়ালটোৱে কোনোমতে যোগাৰ কৰা এটা চিলিণ্ডাৰৰ জৰিয়তে ঘৰতে অক্সিজেন দিয়া হৈছিল যদিও শ্বাস-প্ৰশ্বাস ল’ব নোৱাৰি ৩০ এপ্ৰিলত আখতাৰে মৃত্যুবৰণ কৰে। “তেওঁ ফোঁপাবলৈ ধৰে আৰু মুখেৰে ফেন ওলাইছিল,” মাতৃ ছাদ্ৰুনিচাই কয়।
তেওঁ কয় যে পুত্ৰ সোৱেইব বৰ ভাল ইলেক্ট্ৰিচিয়ান আছিল আৰু কাটাৰত এটা চাকৰিও পাইছিল। চাকৰিৰ বাবে ভিছা পোৱাৰ আগতে মৃত্যুৰ ভিছা পালে বুলি ছাদ্ৰুনিচাই কয়।
ঘৰৰ পৰা তিনি কিলোমিটাৰ নিলগৰ প্ৰেমৱতী নগৰৰ টাকিয়া মীৰান শ্বাহৰ কবৰস্থানত আখতাৰক কবৰ দিয়া হয়। মৃত্যুৰ প্ৰমাণপত্ৰত মৃত্যুৰ কাৰণ উল্লেখ কৰা নাছিল। মাজু আই (বসন্ত ৰোগ)ত আক্ৰান্ত হোৱা বাবে প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ ফলত তেওঁৰ পুত্ৰৰ ক’ভিড-১৯ হোৱা বুলি ছাদ্ৰুনিচা নিশ্চিত।
২০২০ৰ ১৪ জুনত ভাৰত চৰকাৰে জাৰি কৰা অধিসূচনাত কোৱা হৈছে - “ক’ভিড বুলি সন্দেহ কৰা মৃত ব্যক্তিৰ শৱদেহ ততালিকে তেওঁলোকৰ আত্মীয়ক গতাই দিব লাগে আৰু ক’ভিড নিশ্চিতকৰণৰ বাবে পৰীক্ষাগাৰৰ ফলাফললৈ বাট চাব নালাগে।”
ইয়াৰ অৰ্থ হ’ল যিসকলৰ লক্ষণ আছে, কিন্তু পৰীক্ষাত নিগেটিভ, তেওঁলোককো ক’ভিড-১৯ মৃত্যুৰ তালিকাভূক্ত কৰিব লাগে।
সেইসকলৰ ভিতৰত উন্নাও জিলাৰ বিঘাপুৰ তহচিলৰ কুটুবুদ্দিন গাৰ্হেৱা গাঁৱৰ আলোক কুমাৰ যাদৱো আছে। ৰাজ্যিক বিদ্যুৎ বিভাগৰ ৫৬ বছৰীয়া ঠিকাশ্ৰমিক যাদৱে ২২ এপ্ৰিলৰ পৰা জ্বৰ আৰু কাহত ভূগি থকাৰ বাবে স্থানীয় ফাৰ্মাচিষ্টৰ পৰা ঔষধ বিচাৰিলে। যেতিয়া কাহ খুব বেছি হ’বলৈ ধৰিলে আৰু তেওঁ দূৰ্বল হৈ পৰিল, তেতিয়া ২৫ এপ্ৰিলৰ নিশা পৰিয়ালৰ লোকে ৪৫ কিলোমিটাৰ দূৰত থকা জিলা চিকিৎসালয়লৈ তেওঁক লৈ গ’ল। যাদৱৰ আৰ.টি.-পি.চি.আৰ. পৰীক্ষা কৰা হ’ল, কিন্তু ভৰ্তি নকৰিলে। দ্বিতীয় দিনা বিচনাৰ পৰা উঠোতে তেওঁ মজিয়াত পৰি গ’ল আৰু তেওঁৰ মৃত্যু হ’ল।
“এনেকুৱাই হৈছিল,” তেওঁৰ ৫১ বছৰীয়া পত্নী তথা গৃহিণী বিমলাই ক’লে।
পত্নী বিমলা আৰু তেওঁৰ তিনি পুত্ৰ (বয়স ১৯ৰ পৰা ২৫ বছৰৰ ভিতৰত)ই কোনো ধৰণৰ সাৱধানতা নোহোৱাকৈ তেওঁৰ শেষকৃত্য সমাপন কৰে। দুদিনৰ পিছত পোৱা পৰীক্ষাৰ ফলাফল অনুসৰি তেওঁৰ ক’ভিড পজিটিভ আছিল। ইফালে জিলা চিকিৎসালয়ে দিয়া প্ৰমাণপত্ৰত ‘হৃদজনিত কাৰণত শ্বাস-প্ৰশ্বাস বন্ধ’ হৈ যাদৱৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছিল।
“ক’ভিড-১৯ত হোৱা সকলো মৃত লোকৰ নাম আমি পঞ্জীয়ন কৰিবলৈ চেষ্টা কৰিছো যদিও সকলোৰে ক্ষেত্ৰত পৰীক্ষা কৰা হোৱা নাছিল আৰু কিছুমান পৰীক্ষাৰ ফলাফল বহুত পলমকৈ পোৱা হয়। আমি এতিয়া ইয়াৰ ওপৰত চোকা দৃষ্টি ৰাখিছো,” লক্ষ্ণৌৰ ক’ভিড-১৯ ব্যৱস্থাপনা তদাৰকী কৰা ৰাজ্যিক স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক গিৰিজা শংকৰ বাজপেয়ীয়ে কয়।
এতিয়াও এনে ধৰণৰ কিমান ঘটনা আৰু মৃত্যুৰ তথ্য লিপিবদ্ধ নোহোৱাকৈ থাকি গৈছে আৰু সেইবিলাক মহামাৰীৰ ফলত হোৱা মৃত্যুৰূপে কেতিয়াও লিপিবদ্ধ নহ’ব - কোনেও নাজানিব।
উন্নাওৰ দুৰ্গেশ সিঙৰ পৰা ইনপুট লৈ এই প্ৰতিবেদন যুগুতোৱা হৈছে ।
অনুবাদ: পংকজ দাস