ভাৰতীয় উপমহাদেশৰ সুদীৰ্ঘ ঔপনিৱেশিক কালখণ্ড আৰু বিভাজনৰ ছাঁবোৰে এতিয়াও অসমত বিভিন্ন ৰূপত নিজৰ উপস্থিতি প্ৰতীয়মান কৰাই আহিছে। বিশেষকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এনআৰচি) ৰূপত, যি হৈছে জনসাধাৰণৰ নাগৰিকত্ব নিৰ্ণয় কৰাৰ এক উপায়। এনআৰচি-ৰ বাবে, প্ৰায় ১৯ লাখ লোকৰ নাগৰিকত্ব সংকটত পৰিছে। ইয়াৰ এক জীৱন্ত প্ৰমাণ হৈছে 'সন্দেহজনক (ডি)-ভোটাৰ' নামৰ এক নতুন শ্ৰেণীৰ নাগৰিকৰ সৃষ্টি আৰু তেওঁলোকক ডিটেনচন চেণ্টাৰত বন্দী কৰা। ১৯৯০ ৰ দশকৰ শেষৰ ফালে, 'বহিৰাগত'ৰ সৈতে জড়িত গোচৰৰ মোকাবিলা কৰিবলৈ সমগ্ৰ অসমত ন্যায়াধিকৰণৰ বৰ্ধিত সংখ্যা আৰু তাৰ পিছত ২০১৯ চনৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন (চিএএ) গৃহীত হোৱাৰ ফলত ৰাজ্যখনৰ নাগৰিকত্বৰ সমস্যা গভীৰ হৈ পৰে।

এই সংকটত আৱদ্ধ ছয়জন লোকৰ মন্তব্যই আমাক তেওঁলোকৰ ব্যক্তিগত জীৱন আৰু অতীতৰ ওপৰত এই সংকটৰ বিধ্বংসী প্ৰভাৱ প্ৰদৰ্শিত কৰিছে। নেলীৰ গণহত্যাৰ সময়ত কোনোমতে প্ৰাণ বাচিছিল তেতিয়াৰ আঠ বছৰীয়া ৰছিদা বেগম। তেওঁৰ বাহিৰে, তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ নাম এনআৰচি-ত আহিছে। শ্বাহজাহান আলী আহমেদৰ নামো এনআৰচি-ত নাই, লগতে তেওঁৰ পৰিয়ালৰ বহু সদস্যৰ নামো এই তালিকাত নাই। তেওঁৰ নাম এতিয়া অসমত নাগৰিকত্বৰ প্ৰশ্নৰ ওপৰত চলি থকা আন্দোলনত জড়িত হৈ পৰিছে।

অসমত নাগৰিকত্বৰ সংকটৰ ইতিহাস ব্ৰিটিছ সাম্ৰাজ্যৰ নীতি আৰু ১৯০৫ চনত বংগ বিভাজন আৰু ১৯৪৭ চনত ভাৰতীয় উপমহাদেশৰ ফলত হোৱা প্ৰব্ৰজনৰ সৈতে সম্পৰ্কিত

ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব পৰা নথিপত্ৰ থকা স্বত্বেও উলুপী বিশ্বাস আৰু তেওঁৰ পৰিয়ালক 'বিদেশী' বুলি ঘোষণা কৰা হৈছিল। সন্দেহজনক (ডি)-ভোটাৰ হিচাপে ঘোষণা হোৱাৰ পিছত নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ২০১৭-২০২২ চনত বঙাইগাঁও বিদেশী ন্যায়াধিকৰণত তেওঁৰ বিচাৰ কৰা হৈছিল। বৰ্তমান জামিনত থকা কুলচুম নিছা আৰু চুফিয়া খাতুনে তেওঁলোকে আটকাধীন অৱস্থাত কটোৱা সময়ৰ কথা মনত পেলাইছে। প্ৰশাসনিক ত্ৰুটিৰ বাবে মৰ্জিনা বিবিয়ে কোকৰাঝাৰ ডিটেনচন চেণ্টাৰত আঠ মাহ আৰু ২০ দিন কটাবলগীয়া হৈছিল।

অসমত নাগৰিকত্ব সংকটৰ ইতিহাস যথেষ্ট জটিল। ই ব্ৰিটিছ সাম্ৰাজ্যৰ আৰ্থ-সামাজিক নীতি, ১৯০৫ চনত বংগ বিভাজন আৰু ১৯৪৭ চনত ভাৰতীয় উপমহাদেশৰ ফলত হোৱা প্ৰব্ৰজনৰ সৈতে সম্পৰ্কিত। বিগত বছৰবোৰত, ১৯৭৯ আৰু ১৯৮৫ চনৰ ভিতৰত 'বহিৰাগত'ৰ বিৰুদ্ধে কেইবাটাও প্ৰশাসনিক আৰু আইনী হস্তক্ষেপ আৰু আন্দোলনে মুছলমান আৰু বঙালী মূলৰ হিন্দুসকলক তেওঁলোকক নিজৰ ঘৰতে 'বহিৰাগত'লৈ পৰিণত কৰিছে।

'ফেচিং হিষ্ট্ৰি এণ্ড আৱাৰছেলভ্’ প্ৰকল্পৰ অধীনত কুলচুম নিছা, মৰ্জিনা বিবি, ৰাছিদা বেগম, শ্বাহজাহান আলী আহমেদ, চুফিয়া খাতুন আৰু উলুপী বিশ্বাসৰ কাহিনীৰ চিত্ৰগ্ৰহণ কৰা হৈছে। অসমত নাগৰিকত্ব সম্পৰ্কীয় সংকটৰ যে এতিয়াও অন্ত পৰা নাই সেয়া এই কাহিনীসমূহত প্ৰদৰ্শিত হৈছে ৷ কোনেও নাজানে যে এই সংকটৰ ‘পিতনি’ত আৱদ্ধ লোকসকলৰ কি হ'ব।


ৰাছিদা বেগম অসমৰ মৰিগাঁও জিলাৰ বাসিন্দা। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলী গণহত্যা সংঘটিত হোৱাৰ সময়ত তেওঁৰ বয়স আছিল আঠ বছৰ। কিন্তু সেই গণহত্যাত তেওঁৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল । এতিয়া তেওঁ জানিব পাৰিছে যে তেওঁৰ নাম ২০১৯ ৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই।


শ্বাহজাহান আলী আহমেদ অসমৰ বাগচা জিলাৰ বাসিন্দা। তেওঁ অসমত নাগৰিকত্ব সম্পৰ্কীয় সমস্যাৰ ওপৰত কাম কৰা এজন সমাজকৰ্মী। তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ ৩৩ জন সদস্যৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা আঁতৰাই দিয়া হৈছে।


চুফিয়া খাতুন অসমৰ বৰপেটা জিলাৰ বাসিন্দা। তেওঁ কোকৰাঝাৰ ডিটেনচন চেণ্টাৰত দুবছৰতকৈও অধিক সময় বন্দী অৱস্থাত কটাইছে। তেওঁ বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত জামিন লাভ কৰিছে।


কুলচুম নিছা অসমৰ বৰপেটা জিলাৰ বাসিন্দা। তেওঁক কোকৰাঝাৰ ডিটেনচন চেণ্টাৰত পাঁচ বছৰৰ বাবে বন্দী কৰি ৰখা হৈছিল। তেওঁ এতিয়া জামিনত আছে, কিন্তু প্ৰতি সপ্তাহে স্থানীয় আৰক্ষী থানাত হাজিৰ হ'বলগীয়া হয়।


উলুপী বিশ্বাস অসমৰ চিৰাং জিলাৰ বাসিন্দা। ২০১৭ চনৰ পৰা তেওঁৰ বিৰুদ্ধে বঙাইগাঁও বিদেশী ন্যায়াধিকৰণত এটা গোচৰ চলি আছে।


মৰ্জিনা বিবি অসমৰ গোৱালপাৰা জিলাৰ বাসিন্দা। তেওঁ কোকৰাঝাৰ ডিটেনচন চেণ্টাৰত ৮ মাহ, ২০ দিনৰ বাবে কাৰাবাস খাটিছিল। আৰক্ষীয়ে ভুল ব্যক্তিক আটক কৰা বুলি প্ৰমাণিত হোৱাৰ পিছত অৱশেষত তেওঁক মুকলি কৰি দিয়া হয়।

এই ভিডিঅ' 'ফেচিং হিষ্ট্ৰি এণ্ড আৱাৰচেলভ্' প্ৰকল্পৰ অংশ ৷ ইয়াক সুবাশ্ৰী কৃষ্ণণে প্ৰস্তুত কৰিছে। পিপলছ আৰ্কাইভ অব্ ৰুৰেল ইণ্ডিয়াৰ সহযোগত ইণ্ডিয়া ফাউণ্ডেচন ফৰ দা আৰ্টছৰ দ্বাৰা ইয়াৰ আৰ্কাইভ আৰু সংগ্ৰহালয় কাৰ্যসূচীৰ অধীনত ফাউণ্ডেচন প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। গোৱেথ-ইনষ্টিটিউট/মেক্স মুলাৰ ভৱন, নতুন দিল্লীও এই প্ৰকল্পৰ সৈতে আংশিকভাৱে জড়িত। শ্বেৰগিল সুন্দৰম আৰ্টছ ফাউণ্ডেচনেও এই প্ৰকল্পটোক সমৰ্থন কৰিছে।

ফীচাৰ ক'লাজ: শ্ৰেয়া কাত্যায়নী

অনুবাদকঃ মনোৰঞ্জন মজুমদাৰ

Subasri Krishnan

सुबश्री कृष्णन एक फिल्मकार हैं, जो अपने काम के ज़रिए नागरिकता से जुड़े सवालों को उठाती हैं और उसके लिए वह लोगों की स्मृतियों, प्रवास से जुड़ी कहानियों और आधिकारिक पहचान से जुड़े दस्तावेज़ों की सहायता लेती हैं. उनका प्रोजेक्ट 'फेसिंग हिस्ट्री एंड ऑवरसेल्फ' असम राज्य में इसी तरह के मुद्दों की पड़ताल करता है. वह वर्तमान में जामिया मिलिया इस्लामिया, नई दिल्ली के ए. जे. के. मास कम्युनिकेशन रिसर्च सेंटर में पीएचडी कर रही हैं.

की अन्य स्टोरी Subasri Krishnan
Editor : Vinutha Mallya

विनुता माल्या पेशे से पत्रकार और संपादक हैं. वह पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया की एडिटोरियल चीफ़ रह चुकी हैं.

की अन्य स्टोरी Vinutha Mallya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

की अन्य स्टोरी Manoranjan Majumder