মুৰালীধৰ জাৱাহিৰে কাম কৰিবলৈ বহোতে ভুল হোৱা বা মনোযোগ ভংগ হোৱাৰ অৱকাশ নাথাকে। ক্ষিপ্ৰ গতিৰে তেওঁৰ হাত চলে আৰু সুক্ষ্মতাৰে তোৰণৰ বিভিন্ন অংশ সংযোগ কৰে, কপাহী সূতাৰে বস্তুবোৰ একেলগে বান্ধি লয়। তেওঁ প্ৰায় প্ৰতিদিনে বাঁহেৰে তৈয়াৰ কৰা সৰু সৰু বেষ্টনীত সকলো বস্তু সংলগ্ন কৰাত ৭০ বছৰীয়া হস্তশিল্পীজনে সম্পূৰ্ণ মনযোগ ঢালি কাম কৰে।

মহাৰাষ্ট্ৰৰ ইচালকাৰাঞ্জি চহৰত থকা মাটি আৰু ইটাৰ সেউজ-নীলা-বৰণীয়া ঘৰটোৰ বাহিৰত থকা কাম কৰা ঠাইত তেওঁৰ তোৰণ তৈয়াৰ কৰা বাঁহৰ কাঠি, ৰঙীন কাগজ, আঠা, পুৰণি বাতৰি কাগজ আৰু আন বহুতো সামগ্ৰী ইফালে-সিফালে পৰি আছে। কেইঘণ্টামানৰ পিছত এই সামগ্ৰীসমূহ লগ লগাই তৈয়াৰ কৰিব তোৰণ - অৰ্থাৎ ঘৰ আৰু মন্দিৰৰ দুৱাৰৰ চৌকাঠত লগাই ধুনীয়াকৈ সজাবলৈ ব্যৱহাৰ কৰা মালাৰ নিচিনা এইবিধ সামগ্ৰী।

মুৰালীধৰণে শোটোৰা পৰা হাতৰ তলুৱাৰে পলকতে বাঁহৰ কাঠিবিলাক একে আকাৰৰ ৩০ টুকুৰা কৰি পেলালে। তেওঁ অনুমানৰ ওপৰত ভিত্তি কৰি এই বাঁহৰ কাঠিবিলাকেৰে ৯টা সমবাহু ত্ৰিভুজ তৈয়াৰ কৰিলে। ৩ বা ১০ ফুট দীঘল বাঁহৰ কাঠিবিলাকত এই ত্ৰিভুজবিলাক লগাই দিলে।

মাজে মাজে মুৰালীধৰে এলুমিনিয়ামৰ চৰিয়াটোত আঙুলিবিলাক জুবুৰিয়াই লয়, চৰিয়াটোত খাল অৰ্থাৎ তেতেলীগুটিৰ পৰা তৈয়াৰ কৰা এবিধ আঠা আছে। ৬০ বছৰত প্ৰৱেশ কৰা তেওঁৰ পত্নী শোভাই সেইদিনা পুৱা এই আঠা তৈয়াৰ কৰি দিছিল।

“কাম কৰোঁতে তেওঁ এটা শব্দও উচ্চাৰণ নকৰে, আৰু কোনেও তেওঁক হস্তক্ষেপো কৰিব নোৱাৰে,” শোভাই কয়।

মুৰালীধৰে যেতিয়া বাঁহেৰে ফ্ৰেমবোৰ তৈয়াৰ কৰে, সেই সময়ত শোভাই সেইটোৰ সজোৱাৰ কামখিনি কৰে। তেওঁ ঘূৰণীয়াকৈ কটা কাগজৰ ৰঙীন টুকুৰাবিলিকা এডাল সূতাৰে গুঠি পেলায়। “মই যেতিয়া ঘৰুৱা কামৰ পৰা আজৰি হওঁ, তেতিয়া এই কাম কৰো। কিন্তু এইটো কৰিলে চকুত খুব চাপ পৰে,” শোভাই কয়।

PHOTO • Sanket Jain

১৮ ফুট দীঘল এডাল বাঁহৰ পৰা পথালিয়ে গোলকৈ কটা কামৰ দ্বাৰা মুৰালীধৰ জাৱাহিৰে বাঁহৰ ফ্ৰেম প্ৰস্তুতিৰ প্ৰক্ৰিয়া আৰম্ভ কৰে

আঠা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা তেতেলীৰ গুটিবিলাক প্ৰতি ৫ কি.গ্ৰা.ত ৪০ টকাকৈ ক্ৰয় কৰে। দুৱাৰৰ চৌকাঠ সজোৱা সামগ্ৰী তৈয়াৰ কৰিবলৈ মুৰালীধৰে কমেও ১০০ টা সৰু সৰু ছাতি, নাৰিকল আৰু ৰঘু (ভাটৌ) ব্যৱহাৰ কৰে। আটাইবোৰ পুৰণি বাতৰি কাগজেৰে তৈয়াৰ কৰা হয়। “আমি এই সকলো বস্তু ঘৰত তৈয়াৰ কৰোঁ, কিন্তু এতিয়া বয়স বাঢ়ি অহাৰ বাবে আমি বস্তুবিলাক বজাৰৰ পৰা ক্ৰয় কৰো। ৯০ টা নাৰিকল আৰু ভাটৌ চৰাইৰ বাবে ১০০ টকা ভৰিব লাগে,” শোভাই কয়। এবাৰ যদি ফ্ৰেম প্ৰস্তুত কৰা হৈ যায়, মুৰালীধৰে তেতিয়া ডিজাইন অনুসাৰে বস্তুবোৰ লগ লগাবলৈ ধৰে।

জাৱাহিৰে পৰিয়ালে দুৱাৰৰ চৌকাঠ সজোৱা সামগ্ৰী তৈয়াৰ কৰি আহিছে - সম্ভৱতঃ এটা শতিকাৰো অধিক কাল ধৰি কৰি থকা হৈছে। “মই দেউতাৰ পৰা শুনা মতে এই শিল্প ১৫০ বছৰীয়া পুৰণি,” মুৰালীধৰে গৌৰৱেৰে এই প্ৰতীকৰ প্ৰসংগত কয়। মহাৰাষ্ট্ৰৰ অনান্য পিছপৰা জাতিৰ তালিকাভূক্ত তাম্বাত সম্প্ৰদায়ৰ তেওওঁলোকৰ পৰিয়াল অন্তৰ্ভূক্ত আৰু পৰম্পৰাগতভাৱে এই কাম কৰি আহিছে, ইয়াৰ উপৰি বাঁহ, পিতল আৰু তামৰ বাচন-বৰ্তন মেৰামতিৰ কামো তেওঁলোকৰ পৰিয়ালৰ পৰম্পৰাগত বিদ্যা।

তেওঁৰ দেউতাকে তাম বা কাঁহ-পিতৰ পাত্ৰত নলী লগোৱা, পানী গৰম কৰা পাত্ৰ মেৰামতি কৰা আৰু কাঁহ-পিতল বা তামৰ পাত্ৰত টিনৰ প্ৰলেপ দিয়া কাম কৰিছিল। কিন্তু দুই দশকৰ আগতে কাঁহ-পিতল বা তামৰ পাত্ৰত টিনৰ প্ৰলেপ দিয়া কাম বন্ধ কৰা হৈছে। “আজিকালি কাঁহ-পিতল আৰু তামৰ পাত্ৰ কোনে ব্যৱহাৰ কৰে? এতিয়া কেৱল তীখা আৰু প্লাষ্টিক, এনে পাত্ৰত টিনৰ প্ৰলেপ দিয়াৰ আৱশ্যক নহয়।”

তেওঁ কয় যে ক’লহাপুৰ জিলাৰ ইচালকাৰাঞ্জি চহৰৰ একমাত্ৰ তেওঁৰ পৰিয়ালটোৱেই হস্তনিৰ্মিত পৰম্পৰাগত তোৰণ এতিয়াও তৈয়াৰ কৰি আছে: “এতিয়াও এইবিলাক একমাত্ৰ আমিয়েই তৈয়াৰ কৰি আছো,” কেইবাদশকৰ আগতে কমেও ১০টা পৰিয়ালে এই কাম কৰিছিল যদিও এতিয়া মাত্ৰ এটা পৰিয়ালেই কৰিবলগীয়া হৈছে। বৰ্তমান, তেওঁ কয়, “এই কলাবিধৰ বিষয়ে সুধিবলৈও কোনো নাহে। শিকাৰ কথা সকলোৱে পাহৰিলে।”

এতিয়াও তেওঁ গুণ-মান অপৰিৱৰ্তিত কৰি ৰাখিছে। “কোনো সালসলনি কৰা নাই। অতীতৰে পৰা চলি অহা গুণ-মান আৰু চানেকি একে আছে,” তেওঁ কয়।

তোৰণ সাজিবলৈ আৰম্ভ কৰাৰ সময়ত মুৰালীধৰৰ বয়স প্ৰায় ১০ বছৰ আছিল, তেওঁৰ পিতৃৰ কাম চাই শিকিছিল। ইয়াৰ বাবে “কেবা দশকৰ ব্যৱহাৰিক অনুশীলনৰ প্ৰয়োজন,” তেওঁ কয়। কোনো ধৰণৰ জ্যামিতিৰ যন্ত্ৰ-পাতি ব্যৱহাৰ নকৰাকৈ তোৰণৰ নক্সা সৃষ্টি কৰা দীঘলীয়া অভ্যাসৰ কাম। তেওঁ কয়, “প্ৰকৃত শিল্পীক স্কেলৰ প্ৰয়োজন নাই। শ্ৰমিকৰ কোনেও জোখ-মাখ কৰা যন্ত্ৰ-পাতি ব্যৱহাৰ নকৰে। আমি জোখাৰ প্ৰয়োজন নাই। সকলো মনতে আছে।”

PHOTO • Sanket Jain

বাঁহৰ লাঠিডাল অধিক টুকুৰা কৰাৰ আগতে মুৰালীধৰে বাঁহডালৰ কেইবাঠাইতটো ভাঁজ কৰি ইয়াক আকৃতি দি লয়

ইয়াৰ নক্সা সম্পৰ্কে কোনো লিপিবদ্ধ নথি নাই। “চানেকি কটা আধাৰৰ কি দৰকাৰ? কিন্তু নিৰ্ভুলভাৱে কাম কৰাৰ দক্ষতা লাগে,” তেওঁ কয়। আৰম্ভণিতে তেওঁৰ ভুল হৈছিল, কিন্ত এতিয়া বাঁহডাল তোৰণ বনাব পৰাকৈ সঠিকভাৱে টুকুৰা কৰোতে তেওঁক ২০ মিনিট সময় লাগে।

সেইদিনা তেওঁ গোটেই দিন ফ্ৰেমৰ কাম কৰিছিল। প্ৰথমতে কাগজৰ ছাতি লগাই দিলে, তাৰপাছত দুটা হালধীয়া ম’ৰা চৰাই লগলগাই দিলে। ঘৰৰ পৰা ২৮ কিলোমিটাৰ নিলগৰ কোলহাপুৰ চহৰৰ পৰা তেওঁ এই বস্তুবিলাক ক্ৰয় কৰি আনিছে। ইয়াৰ পিছত মুৰালীধৰ আৰু শোভাই বাঁহৰ তিনিকোণীয়া ফ্ৰেমবিলাক এটা এৰি এটাত হিন্দু দেৱ-দেৱীৰ ছবি লগাই গৈছে। কৰ্ণাটকৰ নিপানি বা ক’লহাপুৰ চহৰৰ পৰা এইবিলাক সৰহকৈ কিনি অনা হয়। “আমি যদি ছবি বিচাৰি নাপাওঁ, তেতিয়া পুৰণি কেলেণ্ডাৰ, বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু বাতৰি কাগজত ছবি বিচাৰি লওঁ,” মুৰালীধৰে কয়। কিমান ছবি ব্যৱহাৰ কৰা হ’ব, তেনে কোনো নিৰ্ধাৰিত সংখ্যা নাই। “এয়া শিল্পীৰ ইচ্ছাৰ কথা,” তেওঁ কয়। লগাই লোৱাৰ পিছত ছবিবিলাকৰ ওপৰত উজ্জ্বল, স্বচ্চ জিলেটিন কাগজ লগাই দিয়া হয়।

ফ্ৰেমবিলাকৰ বাকী থকা অংশ ৰঙীন কাগজেৰে সজোৱা হয়। ৩৩ বাই ৪৬ ইঞ্চি আকাৰৰ একোখন ৰঙীন কাগজৰ দাম ৩ টকা। তোৰণৰ মান ভাল কৰিবলৈ মুৰালীধৰে ভেলভেট পেপাৰ ব্যৱহাৰ কৰে। বান্ধি থোৱা ফ্ৰেমৰ একেবাৰে তলৰ অংশত কাগজৰ ভাটৌ চৰাই দুটা বান্ধি দিয়া হয় আৰু প্ৰতিটো বাঁহৰ ত্ৰিভুজৰ একেবাৰে তলত কাগজৰ নাৰিকল সোণালী কাগজেৰে জিলেটিনৰ একোচা ৰছীৰ লত মেৰিয়াই দিয়া হয়।

“১০ ফুট তোৰণ এটা তৈয়াৰ কৰিবলৈ প্ৰায় ৫ ঘণ্টা সময় লাগে,” মুৰালীধৰে কয়। কিন্তু তেওঁ কাম কৰাৰ নিৰ্ধাৰিত সময়সূচী নাই। “তুমি আহিবা, তুমি যাবা, তোমাৰ নিজৰ ঘৰ,” হিন্দী প্ৰবচন এটা উল্লেখ কৰি তেওঁ কয় যে যেতিয়া মন যায়, তেতিয়াই তেওঁ কাম আৰম্ভ কৰে।

কাম কৰাৰ সময় নিৰ্ধাৰিত নহয়। কিন্তু নিৰ্ভুলতা আৰু দক্ষতাৰ লগত আপোচ কৰা নহয়। কেইবাঘণ্টাৰ কষ্টকৰ কামৰ পিছত তেওঁ গৰ্ব অনুভৱ কৰে যে ইয়াৰ কোনো ক্ষতিকাৰক আৱৰ্জনা এই শিল্পত নাই। “প্লাষ্টিক আৰু আন ক্ষতিকাৰক আধুনিক তোৰণবিলাক চাওক, এইবিলাক বস্তু পৰিৱেশৰ বাবে ক্ষতিকাৰক।”

তোৰণবিলাক সাধাৰণতে ৩ ফুটৰ পৰা ১০ ফুট দৈৰ্ঘ্যৰ হয়। চুটিবিলাকৰ চাহিদা বেছি। এইবিলাক ১৩০ টকাৰ পৰা ১২০০ টকাৰ ভিতৰত নিৰ্ধাৰিত হয়। ১৯৯০ৰ সময়বিলাকত এইবিলাক বিক্ৰী কৰি তেওঁ ৩০ টকাৰ পৰা ৩০০ টকা পাইছিল।

PHOTO • Sanket Jain

মুৰালীধৰে সমান জোখত ৩০ টা টুকুৰা কৰে আৰু জোখ-মাখৰ নিজৰ বোধশক্তিৰে ৯টা সমবাহু ত্ৰিভুজ ইয়াৰে তৈয়াৰ কৰে

বিবাহ অনুষ্ঠানত দৰা-কইনাই কপালত পৰিধান কৰা মুকুটৰ দৰে এক আলংকৰিক সাম্ৰী ‘বাশিংগা’ মুৰালীধৰে তৈয়াৰ কৰে। গাঁৱৰ মেলাৰ সময়ত স্থানীয় ইষ্ট দেৱতালৈ এই বাশিংগা আগবঢ়োৱা হয়। কাগজৰ দুটা বাশিংগা তৈয়াৰ কৰিবলৈ তেওঁক ডেৰ ঘণ্টা সময় লাগে। সাধাৰণতে ১৫০ টকাত বিক্ৰী হয়। আগতীয়া ফৰমাইচ আৰু বিবাহৰ বতৰৰ ওপৰত ইয়াৰ বিক্ৰী নিৰ্ভৰ কৰে। প্ৰত্যেক দেৱালীত জাৱাহিৰেৰ পৰিয়ালে বাঁহ আৰু ৰং-বিৰঙৰ কাগজেৰে হাতেৰে লণ্ঠন তৈয়াৰ কৰে।

“যিহেতু বাশিংগা পূজা-অৰ্চনাৰ সৈতে জডিত, সেয়ে ইয়াৰ চাহিদা হ্ৰাস পোৱা নাই। কিন্তু মানুহে তোৰণ কেৱল দীপান্বিতা, বিবাহ, বাস্তুৰ দৰে উৎসৱ তথা অনুষ্ঠানৰ সময়ত ক্ৰয় কৰে,” মুৰালীধৰে কয়।

মুৰালীধৰে তেওঁ তৈয়াৰ কৰা শিল্পসামগ্ৰী কেতিয়াও বেপাৰীক বিক্ৰী কৰা নাই। তেওঁ ভাবে যে বেপাৰীয়ে তেওঁলোকৰ শৈল্পিক প্ৰতিভাৰ প্ৰতি ন্যায্যতা প্ৰদৰ্শন নকৰে। “সিহঁতে এটা তোৰণৰ বাবে খুব বেছি ৬০ বা ৭০ টকা (তিনিফুট আকৃতিৰ তোৰণৰ বাবে) দিয়ে। আমি বেছি লাভ নাপাও। সিহঁতে আমাক সময়মতে টকা আদায় নিদিয়ে,” তেওঁ কয়। ক্ৰয় কৰিবৰ বাবে যিসকল গ্ৰাহক ঘৰলৈ আহে, তেওঁ সেইসকলক সামগ্ৰী বিক্ৰী কৰিবলৈ ভাল পায়।

বজাৰত সহজতে পোৱা প্লাষ্টিকৰ বিকল্পই তেওঁৰ এই শিল্পৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। তেওঁ কয়, সেইবিলাক সস্তা দৰৰ আৰু তৈয়াৰ কৰিবলৈ সহজ। তেওঁ মাহে ৫,০০০-৬,০০০ টকা উপাৰ্জন কৰে। ক’ভিড-১৯ আৰু লকডাউনে তেওঁৰ জীৱন সংগ্ৰামক অধিক কঠিন কৰি তুলিলে। “কেইবামাহ ধৰি এটাও কামৰ অৰ্ডাৰ পোৱা নাই। যোৱা বছৰ লকডাউনৰ সময়ত পাঁচ মাহৰ বাবে তোৰণ কিনিবলৈ এজন মানুহো অহা নাছিল,” তেওঁ কয়।

১৯৯৪ চনৰ প্লেগ মহামাৰীৰ কথা সুঁৱৰি মুৰালীধৰে কয় যে তেওঁৰ গোটেই পৰিয়ালে ঘৰ এৰি গুছি গৈছিল। “মহামাৰীৰ বাবে আমি মুকলি পথাৰলৈ গৈছিলো আৰু এতিয়া ক’ৰনাৰ কাৰণে আমি সকলোৱে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে। সময় যে কেনেকৈ সলনি হৈ যায়,” তেওঁ কয়।

সময় সলনি হৈছে। মুৰালীধৰে যেনেকৈ তেওঁৰ পিতৃৰ পৰা এই শিল্পকলাৰ প্ৰতিভা আয়ত্ত্ব কৰিছিল, কিন্তু তেওঁৰ নিজৰ সন্তানে এনেকুৱা তোৰণ তৈয়াৰ কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে। “সিহঁতে আনকি খাল (তেঁতেলীৰ গুটিৰ পৰা বনোৱা আঠা)খিনিও চুব নোখোজে। এই কলাৰ বিষয়ে সিহঁতে কি জানিব?” তেওঁৰ দুই পুত্ৰ ক্ৰমে ৩৬ বছৰীয়া যোগেশ আৰু ৩৪ বছৰীয়া মহেশে কুন্দশালত শ্ৰমিক হিচাপে কাম কৰে। ইফালে ৩২ বছৰীয়া জীয়াৰী যোগিতা এগৰাকী গৃহিণী।

ছয় দশক ধৰি কঠোৰ পৰিশ্ৰমেৰে তৈয়াৰ কৰা তোৰণ আৰু বাশিংগাই বহুতৰ ঘৰৰ দুৱাৰ তথা বহু দৰা-কইনা বা ভক্তৰ কপাল শুৱনি কৰিছিল যদিও তেওঁৰ এই পুৰুষানুক্ৰমিক বৃত্তি চলাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰিবলৈ কোনো উত্তৰসূৰী নাই। “এতিয়া আমি এলাগী হৈ পৰিছো,” হাঁহি মাৰি তেওঁ কয়।

PHOTO • Sanket Jain

তাৰপাছত তেওঁ টুকুৰাবিলাক কেঁচিৰে কাটিবলৈ ধৰিলে : ‘আমাৰ কোনেও জোখ-মাখ কৰা সঁজুলি ব্যৱহাৰ নকৰে জোখাৰ কোনো প্ৰয়োজন নাই আমাৰ মনত সকলো আছে'


PHOTO • Sanket Jain

তিনিকোণীয়া ফ্ৰেমবিলাক ঠিক ঠাইত থকাটো নিশ্চিত কৰিবলৈ মুৰালীধৰে কাঠিবিলাক কপাহৰ খহটা সূতাৰে ইয়াৰ একেবাৰে কোণবোৰত গাঁঠি দিয়ে


PHOTO • Sanket Jain

মাজে মাজে মুৰালীধৰে এলুমিনিয়ামৰ এটা পুৰণি চৰিয়াত তেওঁৰ আঙুলি জুবুৰিয়ায় , তাত খাল আঠা আছে


PHOTO • Sanket Jain

ফ্ৰেমবিলাক যাতে ইফালে -সিফালে নহয়, সেইটো নিশ্চিত কৰিবলৈ মুৰালীধৰে খাল ব্যৱহাৰ কৰে - ই হৈছে তেঁতেলীৰ গুটি গুড়ি কৰি তৈয়াৰ কৰা এবিধ আঠা

PHOTO • Sanket Jain

বাঁহৰ এটা দীঘল ফ্ৰেম তৈয়াৰ কৰিবলৈ তেওঁক ২০ মিনিট সময় লাগে , তাৰপিছত বাঁহৰ ডাঠ কামিৰ ওপৰত গজাল মাৰি এইটো সংলগ্ন কৰা হয়

PHOTO • Sanket Jain

মুৰালীধৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰ পৰা শোভাই হাতেৰে তোৰণৰ কাম কৰিবলৈ আৰম্ভ কৰে - এয়া তেওঁৰ পাৰিবাৰিক জীৱিকা অৰ্জন কৰা বৃত্তি


PHOTO • Sanket Jain

ঘৰৰ কাম -কাজ শেষ কৰাৰ পিছত শোভাই জিলেটিনৰ ৰংচঙীয়া কাগজবোৰ মিহিকৈ কাটি সেইবিলাক পকাই পকাই কোচাকোচাকৈ বান্ধে

PHOTO • Sanket Jain

মুৰালীধৰ আৰু শোভাই কমেও ১০০ টা কাগজৰ ছাতি তৈয়াৰ কৰি থৈছে , এইবিলাক তোৰণত ব্যৱহাৰ কৰা হয়


PHOTO • Sanket Jain

মানুহে ক্ৰয় কৰিব বুলি ভাবি মুৰালীধৰে তেওঁৰ ঘৰৰ চৌহদত আনে দেখাকৈ তোৰণবিলাক ওলমাই থৈছে


PHOTO • Sanket Jain

মুৰালীধৰে যেনেকৈ পিতৃৰ পৰা এই শিল্পকলা শিকিছিল , কিন্তু তেওঁৰ নিজৰ সন্তানে হাতেৰে তোৰণ বনোৱাৰ প্ৰতি আগ্ৰহ নেদেখুৱায়


PHOTO • Sanket Jain

জাৱাহিৰে পৰিয়ালে বাশিংগাও তৈয়াৰ কৰে , বিবাহ অনুষ্ঠানত দৰা-কইনা উভয়ে কপালত মুকুটৰ দৰে পৰিধান কৰা ই এবিধ অলংকাৰ

PHOTO • Sanket Jain

কাগজৰ দুটা বাশিংগা তৈয়াৰ কৰিবলৈ মুৰালীধৰক ৯০ মিনিট সময় লাগে , এইটো বিক্ৰী কৰিলে ১৫০ টকা পোৱা যায় আগতীয়া বন্দবস্তি আৰু বিয়াৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰি বিক্ৰীৰ সংখ্যা হ্ৰাস -বৃদ্ধি হয়

PHOTO • Sanket Jain

গাঁৱৰ যাত্ৰা বা মেলাৰ সময়ত স্থানীয় ইষ্ট দেৱতালৈ পুজাত বাশিংগা আগবঢ়োৱা হয় ছয় দশক ধৰি কঠোৰ পৰিশ্ৰমেৰে এনে সামগ্ৰীবিলাক তৈয়াৰ কৰাৰ পিছত এই শিল্পকলাত উত্তৰাধিকাৰী হ ’বলৈ কোনো আগবাঢ়ি অহা নাই, যাক মুৰালীধৰে এই পৰম্পৰাৰ দায়িত্ব অৰ্পণ কৰিব পাৰে

অনুবাদ: পংকজ দাস

Sanket Jain

संकेत जैन, महाराष्ट्र के कोल्हापुर में रहने वाले पत्रकार हैं. वह पारी के साल 2022 के सीनियर फेलो हैं, और पूर्व में साल 2019 के फेलो रह चुके हैं.

की अन्य स्टोरी Sanket Jain
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das