ৰফিক নগৰত নিজৰ ঘৰৰ কাষেৰে বৈ যোৱা নলাৰ পৰা প্লাষ্টিক বোতলা কিতাবান নিশা শ্বেইখ আৱৰ্জনাৰ এটা বিশাল দমৰ কাষত থিয় দি আছে। নলাত বহুত প্লাষ্টিকৰ পৰি আছে। লগতে ৰফিক নগৰৰ গাতে লাগি থকা দেওনাৰ আৱৰ্জনা স্থলৰ পৰা মুকলি নলাৰে আৱৰ্জনা বৈ আহিছে। হাকোটা থকা এডাল কাঠৰ দীঘল মাৰি লৈ ক’লা ৰঙৰ ফটাকানিত লাগি থকা প্লাষ্টিকৰ বটল এটা তাই টানি উলিয়াই আনিব পাৰিছে। সিটোৰ পিছত আন কিবা তাইৰ জোখাৰে মূল্য থকা বস্তুৰ সন্ধানত লাগিছে।
তাই দিনে প্ৰায় ছঘণ্টামান এই কাম কৰে। তাইৰ কমলাবৰণীয়া চুলি সুৰ্যৰ পোহৰ পৰি জিলিকিছে। ৭৫ বছৰ বয়সীয়া কিতাবানৰ কুঁজ ওলাইছে। কাঁচৰ বিয়েৰৰ বটল আৰু প্লাষ্টিক বটলৰ দাম আছে, আন বৰ্জ্য সামগ্ৰীতকৈ তাৰ দাম বেছি। এদিনৰ মুৰে মুৰে জমা হোৱা ১২ৰ পৰা ১৫ কিলো প্লাষ্টিক তাইৰ বোৱাৰী জাহিদাই পলিথিনৰ বস্তা এটাত ভৰাই মুৰত বোজাই কৰি ১৫ মিনিটৰ দুৰত থকা বাবা নগৰৰ আৱৰ্জনাৰ বেপাৰীৰ ওচৰলৈ নিয়ে। বিনিময়ত ২০০ৰ পৰা ৩০০ টকা পায়, সপ্তাহত তেনেকৈ ১০০০ মান টকা হয়গৈ। ‘আমাৰ পেট ভৰিবলৈ আমি এই কাম কৰোঁ,’ কিতাবানে কয়। ‘মই এই কাম একেবাৰেই ভাল নাপাও, কিন্তু আন কিনো কৰিব পাৰো?’
৩২৪ একৰ মাটিকালিৰ দেওনাৰ আৱৰ্জনা নিক্ষেপ স্থলৰ দাঁতিৰ জুপুৰীবোৰৰ মাজৰে এটা কিতাবানৰ। মুম্বাইৰ তিনিটা আৱৰ্জনা নিক্ষেপ স্থলৰ ভিতৰত (বাকী দুটা মুলুণ্ড আৰু কাঞ্জুৰমাৰ্গত আছে) দেওনাৰ আটাইতকৈ ডাঙৰ। চহৰখনে নিতৌ সৃষ্টি কৰা প্ৰায় ৯৫০০ মেট্ৰিক টন আৱৰ্জনাৰ প্ৰায়
৩৫ শতাংশ
তালৈ আহে। দেওনাৰ ক্ষেত্ৰখন ২০১৬তেই আৱৰ্জনাৰে ভৰ্ত্তি হৈ গৈছিল। কিন্তু বম্বে উচ্চ ন্যায়ালয়ৰ অনুমতি মৰ্মে বৃহনমুম্বাই পৌৰনিগমক ২০১৯ৰ ৩১ ডিচেম্বৰলৈ সেইখন ক্ষেত্ৰত গোটা আৱৰ্জনা নিক্ষেপ কৰাৰ বাবে ‘অন্তিম সম্প্ৰসাৰণ’ দিয়া হৈছে।
তাৰে চৌপাশে ৰফিক নগৰৰ দৰে ভালেকেইটা বস্তি অঞ্চল আছে। এয়া মহানগৰখনৰ এম-ইষ্ট ৱাৰ্ডৰ এটা অংশ। জনসংখ্যা ৮০৭,৭২০ (২০১১ৰ লোকপিয়ল মতে)। ৰফিক নগৰৰ ঠেক গলিবোৰৰ কাষে কাষে থকা নৰ্দমাবোৰ আৱৰ্জনাৰে ৰূদ্ধ হৈ পৰিছে। আৱৰ্জনা স্থলৰ পৰা অহা দুৰ্গন্ধই ৰফিক নগৰৰ বতাহ সকলো সময়তে দূষিত কৰি ৰাখে। সৰ্বত্ৰে মাখি-মহ উৰি ফুৰে।
কিতাবানৰ ঘৰটো নলাৰ একেবাৰে কাষত, ৰাস্তাটোৰ শেষৰফালে আছে। ১০০ বৰ্গফুটৰ কোঠাটোত মুঠ ১৬ জন মানুহ থাকে। কিতাবানৰ তিনি পুত্ৰ, জাহিদা আৰু ১১ টা নাতি ল’ৰা-ছোৱালী। ‘বৰষুণ বেছি পৰিলে নলাৰ পানী ভিতৰলৈ সোমাই আহে,’ তাই কয়। ‘প্ৰয়োজনীয় বস্তু-বাহিনী যেনে দাইল, চাউল আৰু কাপোৰ-কানি আদি আমি ওপৰৰ চেলফত থওঁ। প্ৰায়ভাগ বস্তুৱেই তিঁতে। আমি পানী নকমালৈ চুবুৰীয়াৰ ঘৰত (ওখ ঠাইত থকা) আশ্ৰয় লওঁ।’
কিতাবান আৰু তাইৰ পৰিয়ালে ৰফিক নগৰলৈ অহা পাঁচ বছৰতকৈও বেছি হ’ল। ইয়ালৈ অহাৰ আগতে কিতাবান পূৱ মুম্বাইৰ চেৱৰিৰ পৰা উত্তৰ প্ৰদেশৰ খলিলবাদ নগৰলৈ গৈছিল আৰু পুনৰ চেৱৰিলৈ ঘুৰি আহিছিল।
চেৱৰিৰ এটা কাৰখানাত তাইৰ দেউতাকে ট্ৰাকৰ সহায়ক হিচাপে কাম কৰিছিল আৰু তাই তাৰে পদপথতে ডাঙৰ-দীঘল হৈছিল। ‘খেলিছিলো, দৌৰি ফুৰিছিলো, খাইছিলো...সিমানেই,’ আপেক্ষিকভাবে কম কষ্টকৰ শৈশৱৰ কথা কৈ ডাঙৰকৈ মুখ মেলি তাই হাঁহিলে। স্মৃতিকাতৰ হৈ সেই দিনবোৰৰ কথা মনত পেলালে। তাইৰ তিনি ককাই আৰু তাইৰ গৃহিণী মাকে তাইৰ খুব যত্ন লৈছিল।
২৫ বছৰ বয়সত প্ৰথমবাৰৰ বাবে কিতাবানে মুম্বাইলৈ আহে। তাইতকৈ বয়সত ১২ বছৰ ডাঙৰ শ্বেৰ আলী শ্বেইখৰ লগত বিবাসসূত্ৰে তাই খলিলবাদলৈ যায়। ‘প্ৰথমতে সকলো ঠিকেই আছিল, কিন্তু এবছৰমান যোৱাৰ পিছত মই মোৰ মতাটোৰ আচল ৰূপ দেখিলো,’ তাই কয়। তাইৰ সৈতে গিৰীয়েকে খুবেই কম কথা পাতিছিল, গিৰীয়েকৰ খং বাঢ়িছিল, সৰু সৰু কথাতে খঙত একোনাই হৈছিল।
বিয়াৰ তিনি বছৰ পিছতেই শ্বেৰ এটা দূৰ্ঘটনাত পতিত হৈ বেয়াকৈ আঘাত পায়। কিতাবানে ঘটনাটো ভালদৰে মনত পেলাব পৰা নাই বুলি কয়। বোধকৰো সিহঁতক চোৱাচিতা কৰিবলৈ মন নকৰা কাৰণে পৰিয়ালৰ মানুহে শ্বেৰ, কিতাবান আৰু তাইৰ কণ কণ ল’ৰা-ছোৱালীহালক ঘৰ এৰিবলৈ ক’লে। ‘মোৰ পেটত তেতিয়া তৃতীয়টো সন্তান আছিল। আমাৰ হাতত ধন নাছিল আৰু ক’লৈকো যাবলৈ ঠাই নাছিল,’ তাই মনত পেলালে।
কিছুদিনৰ বাবে কিতাবানহঁত খলিলবাদৰ ৰাস্তাতে থাকিল। পিছত তাই চহৰৰ বাহিৰৰ পাম এটাত কাম পালে। খোৱা আৰু থকাৰ বাবদ তাতে তাই মালিকৰ ঘৰ চাফাই কৰিব আৰু খেতিত কাম কৰিব। ‘এদিনাখন মই মোৰ ডাঙৰজনী জীয়ৰীক গছ এডালৰ তলতে শুৱাই থৈ কামত লাগি আছিলো। আহি দেখিলো তাই তেজেৰে লুতুৰী-পুতুৰী হৈ আছে। তাইক বলদ গৰুৱে গছকি মাৰিছিল। তেতিয়া তাইৰ বয়স মাত্ৰ তিনি বছৰ আছিল,’ কথাখিনি কৈ কিতাবান নীৰৱ হৈ পৰে।
এই ঘটনাৰ পিছত কিতাবান-শ্বেৰে ল’ৰা-ছোৱালীকেইটাক লৈ চেৱৰিৰ ৰাস্তালৈ আহে। শ্বেৰে ব্যক্তিগত কাৰ চালকৰ পায় যদিও অত্যাধিক মদ্যপান কৰিবলৈ লয়। ‘এবাৰ গিৰীয়ে মোক চুৰীকটাৰী এখনেৰে খুচি মাৰিবলৈ উদ্যত হৈছিল। মই কোনোমতে এটা মুঢ়া তেওঁৰ গালৈ দলিয়াই তাৰ পৰা পলালো,’ কিতাবানে ঘৰুৱা হিংসাৰ ঘটনাবোৰৰ মাজতে এই ঘটনাটোৰ উল্লেখ কৰে। তাৰ পিছত গিৰীয়েকৰ অত্যাচাৰৰ অন্ত নপৰিল, বৰঞ্চ সঘনে আতিশায্য চলিল। ‘প্ৰতি মাহে তেওঁ মাত্ৰ ৬০ টকাহে দিছিল। সেইখিনি টকাৰে মই গোটেই ঘৰখন চোৱাটো বিচাৰিছিল। সেয়ে কামলৈ তেওঁ ওলাই যোৱাৰ পিছত মই আনৰ পানীৰ ড্ৰামবোৰ পুৰোৱা কাম কৰিছিলোঁ। তাৰ পৰা সপ্তাহত ১৫০ টকাকৈ পাইছিলোঁ। সেই পইছাৰে মই ল’ৰা-ছোৱালীকেইটাৰ পেট পুৰাইছিলোঁ।’
২০ বছৰ আগতে হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি শ্বেৰ আলিৰ মৃত্যু হয়। ‘জীয়াই আছিল, ভালেই আছিল। মৰা কাৰণে চকুপানী অলপ কমি গ’ল,’ তাই কয়।
কিতাবানে তাৰ পাছত পাঁচোটাকৈ সন্তানক চেৱৰিৰ ৰাস্তাত থাকি অকলেই ডাঙৰ-দীঘল কৰিলে। কাষৰে আবাসিক এলেকাত তাই ঘৰুৱা সহায়ক হিচাপে কাম কৰা আৰম্ভ কৰিলে। ‘মই পুৱা ৭ বজাতে কামলৈ ওলাই যাও আৰু সন্ধিয়া ৪ বজাতহে উভতিছিলোঁ। মোৰ ডাঙৰজন ল’ৰা, তেতিয়া তাৰ বয়স ১০ বছৰ। সিয়েই বাকীকেইটা ল’ৰা-ছোৱালীৰ চোৱাচিতা কৰিছিল।’ ৰাস্তাত তেনেদৰে পৰি থকা নিজৰ ল’ৰা-ছোৱালীৰ চিন্তাই কামৰ সময়ত তাইক বৰকৈ আমনি কৰিছিল। কাম কৰি থকা সময়ত মই সিহঁতৰ একো এটা নহওঁক, তাকেই কামনা কৰিছিলোঁ, তাই কয়।
১৯৯৩ৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত তাইৰ উদ্বিগ্নতা বাঢ়িল। এদিনাখন ৰাতি ৯ মান বজাত কিতাবানে কেইজনমান মানুহক হাতত চুৰী আৰু কেৰাচিনত তিওঁৱা কাপোৰৰ টোপোলা লৈ দৌৰা দেখিলে। ‘সকলো চকুৰ আগতে ছাঁই হৈ গ’ল। মোৰ চুবুৰীয়াই হিয়া ঢাকুৰি কান্দিলে। মই ল’ৰা-ছোৱালীকেইটাক লৈ কোঠা বন্ধ কৰি সোমাই আছিলোঁ। সিহঁতে আমাক জ্বলাবলৈ চেষ্টা কৰিছিল, কিন্তু আমি কোনোমতে পলাই সাৰিলো,’ তাই মনত পেলালে।
‘সিহঁতে মোৰ ঘৰটো (ৰাস্তাৰ দাঁতিত থকা) মোৰ চকুৰ আগতে জ্বলাই পেলালে। মই ল’ৰা-ছোৱালীকেইটা লৈ পলাই সাৰিলো। সকলোতে হাহাকাৰ লাগিছিল। এজনক হানি-খুচি মাৰি পেলোৱা হৈছিল,’ তাই কয়। ‘সেই দুটা মাহ মোৰ কাৰণে নৰকসদৃশ হৈ পৰিছিল। ল’ৰা-ছোৱালীকেইটাক লৈ মই ভয় খাইছিলো আৰু লুকাবলগীয়া হৈছিল,’ কিতাবানে সেই ভয়াৱহ দিনকেইটাৰ কথা কৈ গ’ল। তাই নিজৰ সম্প্ৰদায়ৰ আন কেইজনমানৰ সৈতে কেইটামান দিন চেৱৰিৰ এটা পৰিত্যক্ত কাৰখানাত কটালে। সেইকেইটা দিনত কাৰখানাটোৰ পৰা তেওঁলোক কাচিৎহে বাহিৰলৈ ওলাইছিল। খাদ্য বিচৰা বা টকাৰ বাদে আন কোনো কাৰণত তেওঁলোক তাৰ পৰা নোলাইছিল।
আজি ২৭ বছৰ পিছতো সেই সংঘৰ্ষৰ কথা সুঁৱৰি তাইৰ গাৰ নোম শিয়ৰি উঠে। ‘আমাৰ ল’ৰা-ছোৱালীক বেছিকৈ বাহিৰলৈ ওলাব নিদিও,’ তাই কয়। ‘সিহঁতৰ লগত কি ঘটিব পাৰে কোনে জানে।’
কিতাবানৰ পৰিয়ালটো একেবাৰে সীমিত ঠাইত থাকে। তাতে আকৌ তাইৰ ৩.৫ৰ পৰা ১৬ বছৰীয়া ১১ গৰাকী নাতিৰ কোনো এজনেও পঢ়াশালীলৈ নাযায় (এই কথাটো মই এটা সুপ্ৰতিষ্ঠিত বেচৰকাৰী সংস্থাকো সুধি নিশ্চিত কৰিছিলোঁ)। ‘এগৰাকী ১১ বছৰীয়া ছোৱালী বিদ্যালয়তে যৌন উৎপীড়নৰ বলি হৈছিল,’ ২৮ বৰ্ষীয় জাহিদাই কয়। কিতাবানৰ দ্বিতীয়জন ল’ৰাৰ সৈতে জাহিদাৰ বিয়া হৈছে। ‘শাহুআই আৰু মই নিবিচাৰো যে আমাৰ সিহঁতেও তেনে এটা পৰিস্থিতিৰ সমুখীন হওঁক, সেয়ে সিহঁতক বিদ্য়ালয়ৰ পৰা উলিয়াই আনিলো। তাৰোপৰি আমি নলাত থাকো কাৰণে বিদ্যালয়ৰ আন ল’ৰা-ছোৱালীয়ে আমাৰ ল’ৰা-ছোৱালীক মাৰ-পিটো কৰে।’
জাহিদাই ৰফিক নগৰৰ পৰা (তাই ৰেল আৰু ৰিক্সাৰে যাতায়ত কৰে) ১৩ কিলোমিটাৰ দুৰত ছেৱৰিৰ ৬-৭ ঘৰ মানুহৰ তাত মজিয়া চাফাই কৰা, বাচন-বৰ্তন ধোৱা আৰু কাপোৰ ধোৱা আদি কাম কৰে। তাই ঘৰৰ ১১ টা ল’ৰা-ছোৱালীৰ চোৱাচিতা কৰে- তাইৰ তিনিজনী জীয়ৰী, তাইৰ সৰুজনা ভাই শহুৰৰ এটা তিনিবছৰীয়া সন্তান আৰু ডাঙৰজনা ভাই শহুৰৰ সাতোটা সন্তান। ‘সিহঁতৰ মাকহঁত পাঁচ বছৰ আগতেই গুছি গ’ল,’ তাই কয়। ‘তাই নিজৰ ল’ৰা-ছোৱালীৰ যতন ল’ব নোৱাৰি পলাই গ’ল। মই আৰু আম্মিয়ে এতিয়া সিহঁতৰ যত্ন লওঁ।’
জাহিদাই ঘৰুৱা শ্ৰমিকৰ কাম কৰি মাহে ৫ হাজাৰ টকা পায়। তাইৰ গিৰীয়েক আবজলে এটা গেৰেজত কাম কৰে আৰু দিনে ১৫০ৰ পৰা ২০০ টকা উপাৰ্জন কৰে। আন দুজন ভাই-শহুৰে অনিয়মীয়াকৈ দিন হাজিৰা কৰে। চতুৰ্থজন ভাতৃয়ে পৰিয়াল এৰি ছেৱৰিত থাকে। কিতাবানৰ জীয়ৰীজনী বিয়া হৈছে আৰু তাই গিৰীয়েক আৰু শাহুৰ-শহুৰেকৰ সৈতে ছেৱৰিৰে এটা বস্তিত থাকে।
মই ৰফিক নগৰলৈ যাওতে জাহিদাৰ ৬০ বৰ্ষীয় মাতৃ, এসময়ৰ ঘৰুৱা শ্ৰমিক জাৰিনাক যক্ষ্মাৰ একেবাৰে চুড়ান্ত পৰ্যায়ত থকা অৱস্থাত পাইছিলোঁ। জাহিদাই নিজেও প্ৰায় দুবছৰ ধৰি যক্ষ্মা ৰোগৰ সৈতে যুঁজি আহিছে। আৱৰ্জনা নিক্ষেপস্থলিৰ কাষতে থকাতো তেনেই বিপজ্জনক। টাটা ইনষ্টিটিউট অৱ ছচিয়েল চায়েন্সৰ ২০১৫ত কৰা এক প্ৰতিবেদনত এম-ইষ্ট ৱাৰ্ডৰ এক বিস্তৃত অধ্যয়ন কৰা হৈছিল। তাতে উল্লেখ কৰা হৈছে যে
সমীক্ষাত
অন্তৰ্ভূক্ত কৰা ৫০ শতাংশ লোকেই হৃদৰোগ, মধুমেহ ৰোগ, শ্বাস-প্ৰশ্বাসৰ অসুবিধা, উচ্চ ৰক্তচাপ, যক্ষ্মা আদি ৰোগ থকাৰ কথা উল্লেখ কৰিছিল।
‘তাই মোৰ জীয়ৰী, বোৱাৰী নহয়, তাইৰ কিবা এটা হ’লে মোৰ গোটেই ঘৰখনেই খহি পৰিব,’ কিতাবানে জাহিদাৰ কথা কয়।
কিতাবানে এতিয়া তাইৰ নাতিকেইটাক লৈ আশা কৰে। তাই দেওনাৰৰ বাহিৰত সিহঁতৰ কাৰণে ঘৰ এটাৰ কথা ভাবে। ‘মোৰনো কি, মই আৱৰ্জনাতে জন্ম পাইছো, আৱৰ্জনাতে মৰিম,’ তাই কয়। ‘গোটেই জীৱনটো কষ্ট সহিছো। আল্লাই মোক এতিয়া লৈ যোৱাটো বিচাৰো। নহ’লে এই চিন্তাবোৰে মোক থলি খুলি খাব।’
অনুবাদঃ পংকজ দাস