অবিভক্ত কালাহান্দি জিলাত মোৰ জন্ম। য’ত খৰাং-দুৰ্ভিক্ষ আৰু অনাহাৰত মৃত্যু তথা বিপদসংকূল প্ৰব্ৰজন মানুহৰ জীৱনৰ অভিন্ন অংশ আছিল। সৰু ল’ৰা হিচাপে আৰু পিছত সাংবাদিক হিচাপে এনে ঘটনা মই প্ৰত্যক্ষ কৰিছো। বিশদ বৰ্ণনাৰে এনে বহু ঘটনাৰ প্ৰতিবেদন প্ৰকাশ কৰিছো। বাস্তৱক নিৰ্মমভাৱে তুলি ধৰিছো। সেয়ে মই বুজি পাওঁ যে মানুহে কিয় প্ৰব্ৰজন কৰে। কি অৱস্থাই তেওঁলোকক প্ৰব্ৰজিত কৰিবলৈ বাধ্য কৰায়। তেওঁলোকে কেনেকৈ জীৱিকা অৰ্জন কৰে। নিজৰ শাৰীৰিক সামৰ্থ নেওচি তেওঁলোকে কাম কৰে।
এয়া খুব স্বাভাৱিক যে যিসময়ত তেওঁলোকক চৰকাৰী সাহায্যৰ প্ৰয়োজন হয়, তেওঁলোকক পৰিত্যাগ কৰা হয়। খাদ্য নাই, পানী নাই, যাতায়তৰ ব্যৱস্থা নাই আৰু দূৰ-দূৰণিত শত-সহস্ৰ কিলোমিটাৰ খোজ কাঢ়ি যাবলৈ তেওঁলোক বাধ্য হৈছে, আনকি তেওঁলোকৰ ভৰিত চেন্দেল এজোৰো নাছিল।
এনে পৰিস্থিতিয়ে মোক আহত কৰে। তেওঁলোকৰ সৈতে মোৰ আৱেগিক সম্পৰ্ক আছে। ইয়াৰ মানুহৰ লগত যোগাযোগ আছে। মোৰ অনুভৱ হয় যে মই তেওঁলোকৰ মাজৰে এজন। মোৰ কাৰণে তেওঁলোক নিশ্চিতভাৱে মোৰ মানুহ। সেয়ে খুব বেয়াকৈ তেওঁলোকৰ যন্ত্ৰণাই মোক আহত কৰিছে। আৰু একেখিনি মানুহ, একে সম্প্ৰদায় আৰু আন এক ঘটনাই মোক অসহায় কৰি তুলিছে। এই পৰিস্থিতিয়ে মোক উদ্ধেলিত কৰিছে। এই কথাবোৰ, শব্দবোৰ লিপিবদ্ধ কৰিবলৈ মই কবি নহয়।
মই কবি নহয়
মই এগৰাকী ফটোগ্ৰাফাৰ
মই সৰু ল’ৰাবোৰৰ ফটো তুলিছো
মুৰত পাগুৰি, পায়েল আৰু গলত মালা লোৱা ফটো।
মই ল’ৰাহঁতক দেখিছো
হাঁহি-ফুৰ্ত্তিৰে এই একেটা বাটেৰে
চাইকেল চলাই যোৱা
যি বাটত সিহঁতে জুই-অঙঠাৰ মাজেৰে এতিয়া খোজ দিছে।
পেটত সিহঁতৰ জুই
ভৰিৰ পতাত জুই
জ্বলন্ত অঙঠাত সিহঁতে খোজ দিছে
ভৰিৰ তলুৱা ডেই নিছে।
মই সৰু সৰু ছোৱালীহঁতৰ ফটো তুলিছো
খোপাত সিহঁতৰ ফুল
পানীৰ দৰে স্বচ্ছল সিহঁতৰ চকুৰ তিৰবিৰনি
আমাৰ জীয়ৰীজনীৰ দৰে একেই চকুৰ
সেই একেই ছোৱালীকেইজনী,
চকুৰে সিহঁতৰ পানী নিগৰে
পানীৰ বাবে এতিয়া কোনে কান্দে?
কোন এয়া পথতে মৃত্যুযন্ত্ৰণাত কেঁকাইছে
মোৰ ঘৰৰ ইমান কাষতে?
এয়া জামলো নেকি?
সেয়া জামলো নহয়নে
সেউজীয়া ৰঙা জলকীয়াৰ খেতিপথাৰখনত
শুদা ভৰিৰে জপিয়াই ফুৰা যে মই দেখিছিলো,
জলকীয়াবোৰ ছিঙি, ভাগ ভাগ কৰি গন্তি কৰিছিল যিয়ে?
কাৰ ভোকাতুৰ সন্তান এয়া?
কাৰ দেহ এনেদৰে গলিছে,
পথৰ কাষত এনেদৰে লেবেজান হৈ পৰিছে?
মই মহিলাৰ ফটো তুলিছো
তৰুণ-বৃদ্ধ সকলোৰে
ডংগ্ৰিয়া কন্ধ মহিলাৰ
বাঞ্জাৰা মহিলাৰ
মুৰত কাহৰ কলহ লৈ নচা মহিলাৰ
আনন্দত নাচি উঠা মহিলাৰ।
কিন্তু এয়া সেইসকল মহিলা নহয়
সিহঁতৰ কান্ধবোৰ হালিছে
কিমানযে ভাৰ কঢ়িয়াইছে সিহঁতে!
নাই, নাই, এয়া মুৰত খৰিৰ বোজা লৈ
ৰাজপথত খৰকৈ খোজ দিয়া
গণ্ড মহিলা নহয়।
বোকোচাত নিশকতীয়া শিশু লৈ
আশাহত মনেৰে
এয়া অৰ্ধমৃত, ভোকাতুৰ মহিলা।
হয়, মই চিনো,
মোৰ মা আৰু ভনীৰ দৰে সিহঁতৰ দৃষ্টি
কিন্তু এইসকল পুষ্টিহীন, শোষিত মহিলা।
কেৱল মৃত্যুৰ বাবে অপেক্ষাৰত এইসকল মহিলা।
এইসকল সেই মহিলাসকল নহয়
যাৰ মই ফটো তুলিছিলো
মই পুৰুষৰ ফটো তুলিছো
তজবজীয়া পুৰুষৰ ফটো
এজন মাছুৱৈ, ধিনকিয়াৰ এজন শ্ৰমিক
মই তেওঁৰ গান শুনিছো
সেই গানৰ ঢলে ডাঙৰ ডাঙৰ কোম্পানীক খেদি পঠিয়ায়
এয়া তেওঁ নহয়, হয় জানো?
এই ডেকাজনক মই চিনি পাওনে?
সেই বৃদ্ধজনক?
মাইলৰ পিছত মাইল খোজকাঢ়ি
অকলশৰীয়া ভাৱ আঁতৰাবলৈ
কোনে ইমান বাট খোজ কাঢ়ে
এই এন্ধাৰৰ পৰা?
কোনে চকুপানী নেওচি খোজকাঢ়ে?
তেওঁ দেগু নহয়নে
ঘৰলৈ যাম বুলি
ইটাৰ ভেটাৰ পৰা পলাই অহা?
মই সিহঁতৰ ফটো তোলোনে?
সিহঁতক গাবলৈ কওঁনে?
নহয়, মই কবি নহয়
মই গান লিখিব নোৱাৰো
মই ফটোগ্ৰাফাৰহে
কিন্তু মই যাৰ ফটো তুলিছিলো
সেয়া এইসকল নহয়,
হয় জানো?
লিখকে কবিতা সম্পাদক হিচাপে প্ৰতিস্থা পাণ্ডিয়াৰ বহুমূলীয়া সম্পাদনাৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰিছে।
শ্ৰাব্যঃ সুধান্বা দেশপাণ্ডে এগৰাকী অভিনেত্ৰী আৰু জন নাট্য মঞ্চৰ এগৰাকী পৰিচালক, লগতে লেফটৱৰ্ড বুকচৰ এগৰাকী সম্পাদক।
অনুবাদঃ পংকজ দাস