‘ইয়াত গাঁৱৰ স্কুলৰ শিক্ষাৰ মান ভাল নহয়। সেই কাৰণে মোৰ ছোৱালী দুজনীক মই বাৰানসীলৈ লৈ আহিলো। বাৰানসী চহৰৰ এখন বিদ্যালয়ত নামভৰ্তি কৰাৰ তিনি মাহৰ ভিতৰত সিহঁতক আকৌ গাঁৱলৈ ঘূৰাই লৈ যাব লাগিব বুলি কোনে জানিছিল?’ উত্তৰ প্ৰদেশৰ বাৰানসী চহৰৰ ৰেস্তোঁৰাৰ ৰান্ধনিশালত কাম কৰি মাহে ১৫,০০০ টকা উপাৰ্জন কৰা অৰুণ কুমাৰ পাছৱানে ক’ভিড-১৯ তলাবন্ধৰ বাবে মাৰ্চত বন্ধ হৈ নোযোৱালৈকে কাম কৰিছিল।

মে’ মাহৰ আৰম্ভণিতে যেতিয়া অৰুণ কুমাৰে পৰিয়ালৰ বাবে খাদ্য সংগ্ৰহ কৰিব নোৱাৰা হ’ল, তেতিয়া তেওঁ ভাবিলে যে বাৰানসীৰ পৰা ২৫০ কিলোমিটাৰ দূৰৰ বিহাৰৰ গয়া জিলাৰ নিজ গাওঁ মায়াপুৰলৈ ঘূৰি যাব। ‘কাইলৈ পুৱা তিনি বজাতে মই সপৰিয়ালে আন কেইজন লোকৰ সৈতে যাত্ৰা আৰম্ভ কৰিম,’ ৮ মে’ত পাছৱানে মোক ফোনত কৈছিল। ‘আমি প্ৰথমতে উত্তৰ প্ৰদেশ-বিহাৰ সীমান্তলৈ যাম আৰু তাৰ পৰা বাছ ধৰিম। তাৰ পৰা বাছৰ ব্যৱস্থা থাকিব যেন লাগিছে। ৰাস্তাত ট্ৰাক পালে আমাক সীমান্তত থৈ আহিবলৈ ক’ম।’

দুই জীয়ৰী ৮ বছৰীয়া ৰ’লি আৰু ৬ বছৰীয়া ৰাণী আৰু ৩ বছৰীয়া পুত্ৰ আয়ুষক লগত লৈ তিনিটা শিশুৰ সৈতে অৰুণ কুমাৰ পাছৱান আৰু তেওঁৰ ২৭ বছৰীয়া পত্নী সবিতাই পিছদিনা পুৱা যাত্ৰা কৰিলে। ৫৩ কিলোমিটাৰ দূৰত থকা ৰাজ্যিক সীমান্তৰ তালাচী চকী কৰমনাছালৈ তেওঁলোকে খোজ কাঢ়িলে। তাত বাছত উঠাৰ অনুমতি পোৱাৰ আগতে বিহাৰৰ কাইমূৰ জিলা প্ৰশাসনে স্থাপন কৰা স্বাস্থ্য পৰীক্ষা শিবিৰত ‘থাৰ্মেল স্কেনিং’ কৰাব লাগিব। ‘ভাগ্যক্ৰমে আমি তাৰ পৰা ৰাজ্যিক পৰিবহন বিভাগৰ এখন বাছ পালো, সেই বাছখনে আমাক গয়ালৈকে লৈ গ’ল।’ ১১ মে’ত মায়াপুৰ গাঁৱত উপস্থিত হোৱাৰ পিছত পাছৱানে মোক টেলিফোনত জনালে। গয়া গৈ পোৱাৰ পিছত গাঁৱলৈ যোৱা আন এখন বাছৰ বাবে তেওঁলোক ৰ’ব লগা হ’ল, গাঁৱত গৈ পোৱাৰ পিছত তেওঁ চেলফ-আইছ’লেশ্যনত থাকিবলগা হ’ল।

গাঁৱৰ ঘৰলৈ আহিবলৈ পাই ৰাণীয়ে ভাল পালে, কিন্তু বাৰানসী স্কুলৰ ইউনিফৰ্মজোৰলৈ মনত পৰা বুলি ৰ’লিয়ে পাছৱানক কৈছে

২০১৯ৰ আগষ্টৰ পৰা কাম কৰা বাৰানসীৰ ৰেস্তোঁৰাখন প্ৰথমতে জনতা সান্ধ্য আইনৰ বাবে ২২ মাৰ্চত বন্ধ হয়, তাৰ পিছত আকৌ ২৫ মাৰ্চৰ পৰা দেশজোৰা তলাবন্ধ আৰোপ কৰা হয়। মাৰ্চৰ মাজভাগত তেওঁ শেষ দৰমহাটো পাইছিল, কিন্তু এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা পৰিস্থিতি বেয়ালৈ গতি কৰে। বাৰানসী জিলা প্ৰশাসনৰ বিষয়াই বিতৰণ কৰা খাদ্যৰ পেকেট সংগ্ৰহ কৰিবলৈ দিনে দুবাৰ দীঘলীয়া শাৰীত থিয় হ’ব লাগে।

কিন্তু ৮ মে’ত পাছৱানে মোক ক’লে, ‘যোৱা চাৰিদিন ধৰি চৰকাৰী খাদ্যৰ পেকেট আমি পোৱা নাই। আমাৰ খাবলৈ একো নাই। ইয়াৰ পৰা যোৱাৰ বাদে আমাৰ বিকল্প নাই।’

নিজৰ ঘৰলৈ বুলি আৰুণ কুমাৰ পাছৱান আৰু কামেশ্বৰ যাদৱে ২৫০ কি.মি. বাট বাইছে, ইফালে বিহাৰৰ নিজ ঘৰৰ পৰা ২,৩৮০ কি.মি. দূৰৰ তামিলনাডুত অমৰিৎ মাঁঝি আৱদ্ধ হৈ ৰৈছে


ভিডিঅ’ চাওকঃ বাৰানসীৰ পৰা গয়ালৈ তলাবন্ধৰ মাজত যাত্ৰা

গয়া জিলাৰ গুৰাৰু ব্লকৰ ঘাটেৰা গাঁৱত থকা নিজৰ ঘৰ পাবলৈ কামেশ্বৰ যাদৱক দুদিন সময় লাগিছিল। উত্তৰ প্ৰদেশৰ বাৰানসী জিলাৰ কাষতে থকা চান্দৌলি জিলাত, ১৭ কিলোমিটাৰ দূৰত পণ্ডিত দিনদয়াল উপাধ্যায় নগৰ (ডি.ডি.ইউ. নগৰ, আগতে মোগলচৰাই ৰূপে জনা গৈছিল)ৰ এখন ৰেস্তোঁৰাত তেওঁ হেড চেফ (মূল কাৰিকৰ) হিচাপে কাম কৰিছিল।

১৫ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ ম্যাদ বৃদ্ধি কৰাৰ পিছত ডি.ডি.ইউ. নগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। ‘ৰেস্তোঁৰা বন্ধ হৈ যোৱাৰ ফলত মোৰ হাতত থকা টকা শেষ হ’ল আৰু মোৰ পৰিয়ালটোৰ খোৱাবস্তু নোহোৱা হ’ল। গতিকে যি সম্ভৱ সোনকালে মই সিহঁতৰ ওচৰলৈ যাব লাগিব।’ দুদিন যাত্ৰা কৰাৰ পিছত, এচোৱা পথ খোজকাঢ়ি বাকীখিনি এখন ট্ৰাকেৰে প্ৰায় ২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত ১৭ এপ্ৰিলত যাদৱ নিজ গাঁৱৰ ঘৰত উপস্থিত হ’ল।

২৩ মাৰ্চত উত্তৰ প্ৰদেশ চৰকাৰে আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰাৰ ফলত আন তিনিজন সহকৰ্মীৰ সৈতে যাদৱ ৰেস্তোঁৰালৈ আহিবলগা হ’ল। ৰেস্তোঁৰাৰ মালিকে তেওঁলোকৰ খোৱাৰ ব্যৱস্থা কৰি দিলে। ঘাটেৰা গাঁৱত পত্নী ৰেখা দেৱী আৰু পিতৃ-মাতৃৰ সৈতে থকা তেওঁৰ তিনি সন্তান ক্ৰমে ১০ বছৰীয়া সন্ধ্যা, ৮ বছৰীয়া সুগন্ধা আৰু ৩ বছৰীয়া সাগৰক লৈ তেওঁ উদ্বেগ বৃদ্ধি পাবলৈ ধৰিলে। ‘মোৰ ল’ৰা-ছোৱালীকেইটাই ফোনত কান্দিবলৈ ধৰিলে। তলাবন্ধৰ ম্যাদ বৃদ্ধি পালে আৰু অপেক্ষা বেছি দীঘলীয়া হ’ব যেন লাগিল,’ যাদৱে ক’লে।

পত্নী ৰেখা দেৱী আৰু তেওঁৰ পিতৃ-মাতৃয়ে পৰিয়ালৰ তিনি বিঘা (১.৯ একৰ) খেতিমাটিত খেতি কৰা মটৰ মাহ আৰু ঘেঁহুৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব বুলি তেওঁ আশা কৰিছিল। কিন্তু এপ্ৰিল মাহত আগতীয়াকৈ অহা বৰষুণে শস্য নষ্ট কৰিলে। বৰষুণৰ ফলত ঘেঁহুখিনিও যথেষ্ট নষ্ট হ’ল। আশা কৰা মতে ৭০ কিলোগ্ৰামৰ ঠাইত ৪০ কিলোগ্ৰাম হ’ল। ঘৰত খোৱাৰ বাবে সেইখিনি তেওঁ আচুতীয়াকৈ ৰাখিছে। ‘জুনত চপাবলগীয়া মটৰখিনিৰ ওপৰত এতিয়া মই আশা কৰিছো,’ যাদৱে কয়।

Left: Arun and Sabita Paswan and their children in Varanasi before the lockdown. Right: Kameshwar Yadav with his son and nephew in Ghatera
PHOTO • Arun Kumar Paswan
Left: Arun and Sabita Paswan and their children in Varanasi before the lockdown. Right: Kameshwar Yadav with his son and nephew in Ghatera
PHOTO • Kameshwar Yadav

বাওঁফালেঃ তলাবন্ধৰ আগতে বাৰানসীত সন্তানৰ সৈতে অৰুণ আৰু সবিতা। সোঁফালেঃ কামেশ্বৰ যাদৱ, লগত তেওঁৰ পুত্ৰ সন্তান আৰু ভতিজা, ঘাটেৰা গাঁৱত

পাছৱান আৰু যাদৱে তুলনামূলকভাৱে কম দূৰত্ব-২৫০ কিলোমিটাৰ অতিক্ৰম কৰি নিজৰ ঘৰত উপস্থিত হৈছিল। সেই সময়ত গয়া জিলাৰ আন এজন বাসিন্দা অমৰিৎ মাঁঝিয়ে জিলাখনৰ আন ২০ জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সৈতে ২,৩৮০ কিলোমিটাৰ দূৰৰ তামিলনাডুত তেতিয়াও আৱদ্ধ হৈ আছিল। তামিলনাডুৰ তিৰুপ্পুৰ জিলাৰ তালুকৰ সদৰ ঠাই অবিনাশীত থকা টিনপাত নিৰ্মাণ কৰা কাৰখানাত কাম কৰিবলৈ ২০১৯ৰ অক্টোবৰত বাৰাচাট্টি ব্লকৰ নিজ গাওঁ তুলা চকৰ পৰা ২৮ বছৰীয়া মাঁঝিয়ে যাত্ৰা কৰিছিল।

বিহাৰৰ পৰা যোৱা আন ১০ জন প্ৰব্ৰজিত শ্ৰমিকক নিয়োগ কৰা কাৰখানাত কাম কৰি মাহে ৮,০০০ টকা উপাৰ্জন কৰিছিল, কাৰখানাৰ মালিকে ব্যৱস্থা কৰি দিয়া কোঠাত তেওঁলোক সকলো আছিল।

১২ মে’ত মাঁঝি আৰু আন ৯ জন সহ-শ্ৰমিকে (বেটুপাতৰ ছবিৰ একেবাৰে ওপৰত) ঘৰলৈ বুলি দীঘলীয়া যাত্ৰা আৰম্ভ কৰিলে। কিন্তু কোনোমতে ২-৩ কিলোমিটাৰমান পথ খোজকঢ়াৰ পিচতে আৰক্ষীয়ে তেওঁলোকক বাধা দিলে। তেওঁলোকে কয় যে আৰক্ষীয়ে তেওঁলোকক লাঠিৰে প্ৰহাৰ কৰি পুনৰ তেওঁলোকৰ থকা কোঠাত থৈ আহিল। ‘আৰক্ষীয়ে কয় যে আমি তলাবন্ধ (বিধি) উলংঘা কৰিছো, তদুপৰি আমাক জৰিমনা বিহে। আৰক্ষীৰ প্ৰহাৰত আমাৰ দলটোৰ এজনৰ হাত ভাঙি যায় আৰু তেওঁৰ চিকিৎসাৰ বাবে আমি ২০০০ টকা খৰছ কৰিবলগা হ’ল,’ মাঁঝিয়ে আমাৰ ১৬ মে’ত কৈছিল।

‘আৰক্ষীয়ে আমাক মাৰধৰ কৰাৰ বিপৰীতে আমাক নিজৰ গৃহ চহৰলৈ যোৱাৰ ক্ষেত্ৰত পৰামৰ্শ দিব পাৰিলেহেঁতেন। কাৰখানাৰ মালিক বা স্থানীয় প্ৰশাসনৰ পৰা আমি কোনো ধৰণৰ সহায় নাপালো,’ মাঁঝিয়ে কয়। সেই সময়ত, তামিলনাডু আৰু বিহাৰৰ মাজত ৰেল বিভাগে প্ৰব্ৰজিত শ্ৰমিকৰ বাবে চলোৱা বিশেষ যাত্ৰীবাহী ৰেল ‘শ্ৰমিক স্পেচিয়েল’ সম্পৰ্কে মাঁঝি বা তেওঁৰ সহকৰ্মীসকলে জনা নাছিল। ‘যিকোনো উপায়েৰে যিকোনো পথেৰে আমি ঘৰলৈ যাব লাগিব। এতিয়া আমি ক’ৰণাভাইৰাছ বা গৰমলৈ ভয় নকৰো। কমেও ১৪ দিন লাগিব, কিন্তু আমি খোজকাঢ়ি যাম,’ তেওঁ কয়।

তুলা চকৰ ঘৰলৈ ঘূৰি যাব পাৰিলে মাঁঝিয়ে তেওঁলোকৰ পৰিয়ালৰ খেতি পথাৰত তিনিজন ভাতৃৰ সৈতে কাম কৰিব পাৰিলেহেঁতেন, নিজৰ পথাৰত তেওঁলোকে সাধাৰণতে ঘেঁহু আৰু বাজৰাৰ খেতি কৰে। কিন্তু ২ বিঘা (১.২ একৰ) মাটিৰ পৰা পোৱা অংশৰ পৰিমাণ তিৰুপ্পুৰত কৰা উপাৰ্জনতকৈ কম হ’ব। সেই কাৰণতেই তেওঁ কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল, তেওঁ কয়। মাঁঝিৰ অনুপস্থিতিত তেওঁৰ পত্নীৰ ২৬ বছৰীয়া কিৰণ দেৱীয়ে পৰিয়ালৰ সৈতে পথাৰত কাম কৰে।

Amarit Manjhi in Tiruppur, Tamil Nadu (left), where he's been stuck along with others from Gaya (right) during the lockdown
PHOTO • Amarit Manjhi
Amarit Manjhi in Tiruppur, Tamil Nadu (left), where he's been stuck along with others from Gaya (right) during the lockdown
PHOTO • Amarit Manjhi

তামিলনাডুৰ তিৰুপ্পুৰত অমৰিৎ মাঁঝি (বাওঁফালে) তলাবন্ধৰ সময়ত বিহাৰৰ গয়াৰ পৰা যোৱা আন শ্ৰমিকৰ সৈতে তেওঁলোক (সোঁফালে) আৱদ্ধ হৈ আছে

১৯ মে’ৰ পৰা কাৰখানাৰ মালিকে তেওঁলোকলৈ ৰেচন পঠাবলৈ আৰম্ভ কৰাৰ পিছৰ পৰা মাঁঝি আৰু তেওঁৰ সহকৰ্মীসকলৰ পৰিস্থিতি অলপ ভাললৈ আহে। তেওঁৰ হাতত মাত্ৰ ৫০০ টকা ৰৈছিল। তেওঁ আশা কৰিছিল কাৰখানা পুনৰ খুলিলে উপাৰ্জন কৰিব পাৰিব আৰু ঘৰলৈ টকা পঠাব পাৰিব।

নিজৰ ঘাটেৰা গাঁৱলৈ ঘূৰি অহাৰ পিছত সকলো বাদ দিয়াৰ কথা ভাবিছে, ‘এতিয়াও এই ঠাইত আৰম্ভ হ’বলৈ বাকী থকা এনৰেগা (গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি)ৰ কামলৈ বাট চাইছো,’ তেওঁ কয়।

বাৰানসীৰ ফ্লেভাৰ ৰেস্তোঁৰাৰ মালিক আৰু যাদৱৰ নিয়োগকৰ্তা অভিষেক কুমাৰে কয় যে তেওঁৰ ১৬ জন কৰ্মচাৰীয়ে বিহাৰ আৰু তামিলনাডুত থকা নিজৰ ঘৰত গৈ উপস্থিত হৈছে। প্ৰায়ভাগ চেফ উভতি আহিবলৈ অমান্তি হৈছে। ৰেস্তোঁৰা সোনকালে খুলিব নোৱাৰিব, তলাবন্ধ উঠাই ল’লেও মোৰ বাবে সম্ভৱ নহ’ব’, তেওঁ কয়।

মায়াপুৰত এতিয়াও আৰম্ভ হ’বলৈ বাকী থকা এমজিএনৰেগা আঁচনিৰ অধীনত কাম কৰিবলৈ পাছৱানেও অপেক্ষা কৰিছে, স্থানীয় হোটেল আদিত কাম পালেও কৰিব। মায়াপুৰত থকা পৰিয়ালৰ খেতিৰ মাটিৰ পৰা পোৱা উপাৰ্জনৰ অংশ তেনেই কম, কিয়নো পৰিয়ালৰ ১০ জন সদস্যৰ মাজত বাগ হ’ব- সেই উপাৰ্জনেৰে পৰিয়াল চলোৱা সম্ভৱ নহয়, তেওঁ কয়।

সুবিধা পালে বাৰানসীলৈ পুনৰ উভতি যোৱাৰ আশা তেওঁ বাদ দিয়া নাই। তেওঁ আৰু পত্নী সবিতাই তেওঁলোকৰ যাৱতীয়া বস্তু ভাড়া ঘৰতে এৰি আহিছে। ‘ঘৰৰ মালিকে ঘৰভাড়া ৰেহাই দিবলৈ মান্তি নহয়। মই যদি বাৰানসীলৈ উভতি যাও, তেন্তে মাহে ২০০০ টকাকৈ মই নথকা কেইমাহৰ ভাড়াও ঘৰৰ মালিকক দিব লাগিব, পাছৱানে কয়।

বাৰানসীত কাম নোপোৱালৈকে পথ নিৰ্মাণৰ কাম বা নলা খন্দাৰ কাম তেওঁ কৰিব। ‘মোৰ জানো আন কিবা উপায় আছে? ল’ৰা-ছোৱালীকেইটাৰ পেট পুৰাবলৈ যি কাম পাওঁ, সেই কামেই মই কৰিম,’ তেওঁ কয়।

অনুবাদঃ পংকজ দাস

Rituparna Palit

ऋतुपर्णा पलित एशियन कॉलेज ऑफ़ जर्नलिज़्म, चेन्नई की छात्रा हैं।

की अन्य स्टोरी Rituparna Palit
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das