“মই যাতে নিজকে আইচ’লেট কৰি ৰাখিব পাৰো, এনেকুৱা পৃথক প্ৰৱেশদ্বাৰ থকা এটা স্বতন্ত্ৰ কোঠাৰ ঘৰ এটা মোৰ পৰিয়ালে অৱশেষত বিচাৰি পালে,” এছ. এন. গোপালা দেৱীয়ে কয়। সময় আছিল ২০২০ৰ মে’, যেতিয়া কিছুমান পৰিয়ালে প্ৰথমতে সিদ্ধান্ত ল’লে যে ঘৰৰ বাকীবোৰৰ পৰা নিজকে নিলগাই ৰাখিব, লগতে অধিক আশংকা থকা এই বৃত্তিৰ দ্বাৰা যাতে পৰিয়ালৰ আন সদস্যসকলৰ ওপৰত আহি পৰিব পৰা বোজাও লাঘৱ কৰিব পৰা যায়।
৫০ বছৰীয়া গোপালা দেৱী এগৰাকী নাৰ্ছ। ২৯ বছৰৰ অভিজ্ঞতাপুষ্ট উচ্চ প্ৰশিক্ষিত বৃত্তিধাৰী এইগৰাকী নাৰ্ছে মহামাৰী ক’ভিডৰ আটাইতকৈ বেয়া সময়খিনিত চেন্নাই ৰাজীৱ চৰকাৰী ৰাজহুৱা চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত কৰ্তব্য পালন কৰিছিল। ইয়াৰ উপৰি তেওঁ ভালেমান দিন ধৰি চেন্নাই চহৰৰ ওচৰতে থকা পুলিয়ানথোপেত থকা বিশেষ ক’ভিড কেয়াৰ চেণ্টাৰৰ দায়িত্ববাহী নাৰ্ছ হিচাপেও কৰ্তব্য পালন কৰিছিল।
বৰ্তমান পৰিস্থিতি যথেষ্ট স্বাভাৱিক অৱস্থালৈ অহাৰ পিছতো গোপালা দেৱীয়ে ক’ভিড-১৯ ৱাৰ্ডত কৰ্তব্যৰত হোৱাৰ বাবে নিজে কোৱাৰেইণ্টাইনত সময় পাৰ কৰে। “মোৰ বাবে লকডাউন চলি আছে। সকলো নাৰ্ছৰ বাবে লকডাউনৰ কেতিয়াও অন্ত নপৰিব,” এইদৰে কৈ তেওঁ হাঁহে।
বহুতো নাৰ্ছে এই প্ৰতিবেদকক জনায়: “আমাৰ বাবে সদায় লকডাউন – সদায় কাম।”
গোপালা দেৱীয়ে কয়, “ছেপ্টেম্বৰত মোৰ জীয়ৰীৰ বিবাহ অনুষ্ঠিত হৈছিল, মই মাত্ৰ আগদিনা ছুটী লৈছিলো। মোৰ স্বামী উদয়কুমাৰে ছোৱালীৰ বিয়াৰ সকলো কাম অকলে কৰিবলগা হৈছিল। তেওঁ মোৰ বৃত্তিৰ গুৰুত্ব আৰু দায়িত্ব ভালকৈ বুজে।” গোপালা দেৱীৰ স্বামী কুমাৰে চেন্নাইৰ আন এখন চিকিৎসালয়ৰ হিচাপ ৰক্ষণ বিভাগত কাম কৰে।
ক’ভিড ৱাৰ্ডত এদিনো ছুটী নোলোৱাকৈ একেখন চিকিৎসালয়ত কাম কৰা ৩৯ বছৰীয়া তামিঝ ছেলভিয়ে এই বঁটা লাভ কৰিছে। “কোৱাৰেণ্টাইনৰ দিনবোৰৰ বাদে মই কেতিয়াও ছুটী লোৱা নাছিলো, আনকি সাপ্তাহিক ছুটীৰ দিনটোতো কাম কৰিছিলো, কাৰণ পৰিস্থিতিৰ গুৰুত্ব মই উপলব্ধি কৰিব পাৰিছিলো,” গোৱালা দেৱীয়ে কয়।
“মোৰ কনিষ্ঠ পুত্ৰ চাইন অলিভাৰক অকলে এৰি যোৱাৰ বেদনা মোৰ বাবে গভীৰ হৈ পৰিছিল। কেতিয়াবা মোৰ নিজকে দোষী যেন লাগিছিল। কিন্তু এনে মহামাৰীৰ সময়ত আমি সন্মুখত থকাৰ গুৰুত্বৰ কথা ভাবো। আমাৰ চিকিৎসাধীন ৰোগী যেতিয়া ঘৰলৈ উভতাৰ বিষয়ে জানিলে আমাৰ আনন্দ লাগে, নিজৰ পৰিয়ালৰ পৰা আঁতৰি ৰোগীৰ আৰোগ্যৰ খবৰে আমাক আনন্দিত কৰে। মোৰ ১৭ বছৰীয়া ল’ৰাৰ সকলো চোৱা-চিতা কৰা তথা সুন্দৰলৈ যত্ন লোৱা স্বামীয়ে মোৰ কৰ্তব্যৰ বিষয়ে ভালকৈ জানে, অন্যথা সম্ভৱ নহ’লহেঁতেন,” গোপালা দেৱীয়ে কয়।
কিন্তু সকলোৱে ইমান গভীৰভাৱে নুবুজে, বহুতো নাৰ্ছে কৰ্মক্ষেত্ৰৰ পৰা নিজৰ থকা ঘৰলৈ উভতি অহাৰ পিছত বহুত অসুবিধাৰ সন্মুখীন হয়।
“মই যেতিয়া প্ৰতিবাৰ কোৱাৰেইণ্টাইনৰ পৰা ঘৰলৈ উভতি আহো, তেতিয়া দেখো যে মই অহা বাটত মানুহে হালধি আৰু নিমপানী ঢালিছে। তেওঁলোকৰ শংকাৰ কথা মই বুজি পাওঁ। কিন্তু সেই কথাত মানসিকভাৱে অলপ আহত হওঁ,” নিশাই কয় (নামবোৰ সলনি কৰা হৈছে)।
নিশা চেন্নাইৰ এখন চৰকাৰী চিকিৎসালয়ৰ প্ৰসূতি প্ৰতিষ্ঠানৰ ষ্টাফ নাৰ্ছ। ক’ৰনা ভাইৰাছ পজিটিভ বুলি পৰীক্ষাত ধৰা পৰা গৰ্ভৱতী মহিলাসকললৈ তেওঁ সেৱা আগবঢ়াব লাগে। “অতিশয় মানসিক চাপৰ মাজত কাম কৰিব লাগে। আমি মাতৃৰ লগতে সন্তানৰো জীৱন ৰক্ষা কৰিব লাগিব।” সম্প্ৰতি তেওঁ নিজেও ক’ৰনা ভাইৰাছ পজিটিভ বুলি পৰীক্ষাত ধৰা পৰিছে। তিনি মাহৰ আগতে তেওঁ স্বামী ক’ভিড-১৯ সংক্ৰমিত হৈ আৰোগ্য লাভ কৰিছে। “যোৱা ৮ মাহত আমাৰ এই চিকিৎসালয়ৰ কমেও ৬০ গৰাকী নাৰ্ছ ক’ৰনা ভাইৰাছত সংক্ৰমিত হৈছে,” নিশাই কয়।
“ভাইৰাছ প্ৰতিৰোধৰ কামতকৈ ইয়াৰ কালিমা সহ্য কৰা বৰ কঠিন,” তেওঁ কয়।
স্বামী আৰু এই সন্তান তথা শাহু আইকে ধৰি নিশাৰ পাঁচজনীয়া পৰিয়াল, তেওঁলোকে চেন্নাইৰ এটা এলেকাৰ পৰা আন এটা এলেকালৈ ঘৰ বদলি কৰি থাকিবলগীয়া হৈছিল। প্ৰতিবেশীৰ মাজত সৃষ্টি হোৱা আতংক আৰু শত্ৰুভাৱৰ বাবে তেওঁলোক তাৰ পৰা ওলাই আহিবলগীয়া হৈছিল।
ক’ভিড-১৯ ৱাৰ্ডত কৰ্তব্যৰত হোৱাৰ পিছত প্ৰতিবাৰে তেওঁ কোৱাৰেণ্টাইনত থাকিবলগীয়া হয়। নিশাৰ এটা এবছৰীয়া মাতৃদুগ্ধ পান কৰা সন্তান আছে। কিন্তু এবছৰীয়া সন্তানৰ বাবে দীঘলীয়া সময় একোটাৰ বাবে তেওঁ আঁতৰি থাকিবলগীয়া হয়। “ক’ভিড-১৯ আক্ৰান্ত মাতৃক সন্তান প্ৰসৱৰ সময়ত মই যত্ন লোৱাত ব্যস্ত থকাৰ সময়ত মোৰ শাহুৱে মোৰ এবছৰীয়া সন্তানৰ দায়িত্ব লৈছিল। ইয়াৰ ফলত সন্তানৰ বাবে মই অপৰিচিত হৈ পৰিব ধৰিছিলো,” তেওঁ কয়।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ নিৰ্দেশনা অনুযায়ী দুগ্ধপান কৰোৱা শিশু থকা মাতৃসকলক ক’ভিড ৱাৰ্ডত কৰ্তব্য পালনৰ পৰা ৰেহাই দিয়া হৈছে। কিন্তু সমগ্ৰ ৰাজ্যত নাৰ্ছৰ সংখ্যা সাংঘাতিকভাৱে সীমিত হোৱাৰ বাবে নিশাৰ দৰে নাৰ্ছে ক’ত কাম কৰিব সেয়া ভবাৰ অৱকাশ নাই। তামিলনাডুৰ বিৰুধনগৰ জিলাৰ বাসিন্দা নিশাই কয় যে চেন্নাইত তেওঁৰ কোনো আত্মীয় লোক নাই। “সম্ভৱতঃ এই সময়খিনি মোৰ জীৱনৰ কঠিনতম সময়।”
মাত্ৰ ২১ বছৰ বয়সীয়া চাইলাই নাৰ্ছ হিচাপে কৰ্তব্য পালন কৰিবলৈ বেছিদিন হোৱা নাই, তেওঁ একমত। ২০২০ৰ অক্টোবৰত তেওঁ দুমাহৰ বাবে এটা অস্থায়ী নাৰ্ছৰ পদত চেন্নাইৰ ক’ভিড-১৯ চেণ্টাৰত চুক্তিবদ্ধ হৈছে। ক’ভিড সংক্ৰমিত এলেকাত ঘৰে ঘৰে গৈ প্ৰতিজন লোকৰ থু-খেকাৰ সংগ্ৰহ কৰিব লাগে আৰু মাস্ক পৰিধান কৰা তথা নিৰাপত্তাৰ বিভিন্ন বিধিসমূহ পালন কৰা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিব লাগে।
“কিছুমান ঠাইত মানুহে পৰীক্ষাৰ কৰাব নিবিচাৰে আৰু আমাৰ লগত তৰ্কত লিপ্ত হয়,” চাইলাই কয়। ইয়াৰ লগত কালিমাৰ প্ৰশ্নটো জৰিত হৈ আছেই। “মই এঘৰ মানুহৰ ক’ভিড পৰীক্ষা কৰিবলৈ গৈ দেখিলো যে ছোৱেৱ টেষ্টৰ কিটৰ নতুন পেকেট কাটিবৰ কাৰণে মই লগত কেঁচী লৈ যোৱা নাই। তেতিয়া সেই মানুহ ঘৰৰ পৰা এখন কেঁচী বিচাৰিলো আৰু তেওঁলোকে ঘৰত থকা আটাইতকৈ বেয়া কেঁছিখন উলিয়াই দিলে। কিন্তু সেইখনেৰে পেকেটটো কাটিব নোৱাৰি। যেনেতেনে কটাৰ পিছত কেঁচীখন ঘূৰাই দিলো। কিন্তু তেওঁলোকে সেইখন ঘূৰাই নল’লে আৰু মোক পেলাই দিবলৈ ক’লে।”
চেন্নাইৰ দৰে চহৰৰ তাপমাত্ৰাত ৭/৮ ঘণ্টা ধৰি পি.পি.ই. চ্যুট পিন্ধি থকা আৰু ইয়াৰ ফলত সৃষ্টি ওলোৱা গাৰ ঘাম সহ্য কৰা কঠিন হৈ পৰে। ইয়াৰোপৰি, তেওঁ কয়, “আমি আহাৰ আৰু পানী নোখোৱাকৈ কাম কৰিব লাগে বা মানুহৰ জিৰণিকোঠাত বহিবও নাপাও।”
তথাপিও তেওঁ এইদৰে কাম কৰি আহিছে। “মোৰ দেউতাৰ সপোন আছিল যে মই চিকিৎসক হ’ম। সেয়ে মই যেতিয়া প্ৰথম নাৰ্ছৰ পোচাক আৰু পি.পি.ই. চ্যুট পিন্ধো, তেতিয়া অনুভৱ কৰিছিলো যে যথেষ্ট অসুবিধা হ’লেও দেউতাৰ সপোনটোৰ কিছু ওচৰ চাপিছো,” তেওঁ কয়। চাইলাৰ পিতৃ আছিল এগৰাকী কায়িক চাফাই কৰ্মী আৰু শৌচাগাৰৰ টেংকি পৰিস্কাৰ কৰি থকা অৱস্থাত তেওঁৰ মৃত্যু হয়।
আশংকা আৰু কালিমাৰ সম্ভাৱনা থকা সত্ত্বেও নাৰ্ছসকলে আগশাৰীত থাকি ক’ভিড-১৯ প্ৰতিৰোধৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে। শংকাময় কৰ্মক্ষেত্ৰ আৰু সামান্য বেতনেৰে নতুন কৰ্মী হিচাপে চাইলাই চুক্তিবদ্ধ দুটা মাহত ১৪,০০০ টকা বেতন পাইছিল। নিশাই এখন চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানত ৬ বছৰ চুক্তিবদ্ধ কৰ্মচাৰী হিচাপে কাম কৰাকে ধৰি ১০ বছৰ নাৰ্ছৰ কৰ্তব্য পালন কৰাৰ পিছত তেওঁ প্ৰতিমাহে মাত্ৰ ১৫,০০০ দৰমহা পাইছিল। তিনিটা দশক সেৱা আগবঢ়োৱাৰ পিছত গোপালা দেৱীৰ মুঠ বেতন হৈছে মাহে ৪৫,০০০ টকা – ৰাষ্ট্ৰীয় বেংকৰ নৱনিযুক্ত এজন কাৰ্য্যালয়ৰ সহায়কতকৈ বিশেষ বেছি নহয়।
সমগ্ৰ তামিলনাডুৰ চৰকাৰী বা ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত কিমান নাৰ্ছ কৰ্মৰত, সেই সম্পৰ্কে চৰকাৰী তথ্য পোৱা নাযায় যদিও স্বাস্থ্যখণ্ডৰ সমাজকৰ্মীৰ মতে ৩০,০০০ৰ পৰা ৮০,০০০ হ’ব। ভাৰতীয় চিকিৎসা পৰিষদৰ তামিলনাডুৰ সভাপতি ডাঃ চি. এন. ৰাজাই স্বীকাৰ কৰে যে নাৰ্ছসকলে ইয়াতকৈ অধিক কষ্ট কৰে। তেওঁ কয় যে ভাৰতীয় চিকিৎসা পৰিষদে তেওঁলোকৰ বাবে দিহা-পৰামৰ্শদানৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছে। “বিশেষকৈ আই.চি.ইউ.ত কাম কৰাসকলৰ বাবে পৰামৰ্শদানৰ প্ৰয়োজন অধিক। তেওঁলোকে বিপজ্জনক বুলি জানিও এই কৰ্তব্য পালন কৰিবলৈ আগবাঢ়ি আহিছে। সেয়ে মই ভাবো যে আমি তেওঁলোকৰ ভাল যত্ন লোৱা উচিত।”
তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে বুলি নাৰ্ছসকলে নাভাৱে।
তামিলনাডুৰ কাল্লাকুৰিচি জিলাৰ পুৰুষ নাৰ্ছ তথা তামিলনাডু চৰকাৰী নাৰ্ছ সংস্থাৰ সভাপতি কে শক্তিৱেলে কয়, “এই ৰাজ্যত কমেও ১৫,০০০ অস্থায়ীভাৱে নিযুক্ত নাৰ্ছ আছে। আমাৰ মূল দাবীবিলাকৰ ভিতৰত এটা হ’ল উপযুক্ত বেতন। ভাৰতীয় নাৰ্ছিং পৰিষদৰ মান অনুসৰি নিযুক্তি অথবা পদোন্নতিৰ ব্যৱস্থা কৰা হোৱা নাই।”
“১৮,০০০ অস্থায়ীভাৱে নিযুক্ত নাৰ্ছৰ ভিতৰত মাত্ৰ ৪,৫০০ গৰাকীৰ পদ স্থায়ী কৰা হৈছে,” তামিলনাডুৰ স্বাস্থ্যকৰ্মীসকলৰ সংযুক্ত সংগঠন ‘স্বাস্থ্যকৰ্মী ফেডাৰেচন’ৰ সাধাৰণ সম্পাদক ডাঃ এ. আৰ. শান্তিয়ে কয়। “অথচ একে সংখ্যক কৰ্তব্যৰত আন বহুসংখ্যক নাৰ্ছে মাহে মাত্ৰ ১৪,০০০ টকা পায়, অৱশ্যে স্থায়ীভাৱে নিযুক্তি পোৱা সকলতকৈ বৰ বেছি কম নহয়। স্থায়ী নাৰ্ছসকলৰ দৰে অস্থায়ী সকলে ছুটী নাপায়। আনকি অতি জৰুৰী কামৰ বাবেও তেওঁলোকে ছুটী ল’লেও তেওঁলোকৰ বেতন কৰ্তন হয়।”
আনকি স্বাভাৱিক সময়তো নাৰ্ছসকলৰ পৰিস্থিতি এয়ে।
চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত কাম কৰি অভিজ্ঞতাপুষ্ট হোৱা নাৰ্ছ গোপালা দেৱীয়ে কয় যে ক’ভিড-১৯য়ে প্ৰায় এবছৰ ধৰি সৃষ্টি কৰা এনে পৰিস্থিতি তেওঁ আগতে কেতিয়াও দেখা নাছিল। “চেন্নাই মাদ্ৰাছা মেডিকেল কলেজ (ৰাজীৱ গান্ধী চিকিৎসালয়ৰ অন্তৰ্ভূক্ত) ১৯৮৬ত ভাৰতৰ প্ৰথমটো এইচ.আই.ভি. পজিটিভ আক্ৰান্তৰ ঘটনা ধৰা পৰিছিল, কিন্তু এইচ.আই.ভি. ৰোগীৰ চিকিৎসা যেতিয়া কৰা হৈছিল, আমাক এনেকৈ সতৰ্ক কৰি ৰখা নাছিল। আমি সৰ্বশৰীৰ ঢাকি কাম কৰিবলগীয়া হোৱা নাছিল। ক’ভিড-১৯ সম্পৰ্কে কোনো পূৰ্বানুমান কৰা সম্ভৱ নহয় আৰু যথেষ্ট সাহসৰ প্ৰয়োজন হয়।”
তেওঁ কয় যে মহামাৰীৰ লগত যুঁজি থাকোতে জীৱনৰ গতিপথ সম্পূৰ্ণ ওলোটা হৈ গৈছে। “সমগ্ৰ পৃথিৱী যেতিয়া লকডাউনৰ বাবে বন্ধ হৈ পৰিছে, সেই সময়ত আমি পূৰ্বৰ যিকোনো সময়ৰ তুলনাত ক’ভিড-১৯ ৱাৰ্ডত অধিক ব্যস্ত হৈ পৰিছো। আপুনি আপোনাৰ দৰে ৱাৰ্ডলৈ এটালৈ সোমাই যাব নোৱাৰো। মোৰ যদি পুৱা ৭ বজাত ডিউটি আৰম্ভ হয়, তেন্তে মই ৬ বজাৰ পৰা সাজু হ’ব লাগিব। পি.পি.ই. চ্যুট পৰিধান কৰিব লাগিব আৰু নিশ্চিত হ’ব লাগিব যে ৱাৰ্ডৰ পৰা ওলোৱা পৰ্যন্ত মোৰ সকলো ঠিক আছে – ভাবকচোন, পি.পি.ই. চ্যুটৰ মাজত সোমাই পৰাৰ পিছত পানী বা একো খাব নোৱাৰো – ইফালে নিৰ্ধাৰিত সময়ৰ পৰা ডিউটি আৰম্ভ হ’ব।”
নিশাই কয়, “কামৰ হিচাপ এনেধৰণৰ, আপুনি সাতদিন ক’ভিড ৱাৰ্ডত কৰ্তব্যৰত থাকক আৰু সাতদিন নিলগে থাকক, আমাৰ ৱাৰ্ডত ৬০-৭০ গৰাকী নাৰ্ছে ডিউটি কৰে। ৩ৰ পৰা ৬ গৰাকীয়ে এসপ্তাহৰ বাবে কাম কৰে, অৱশ্যে ৰোগীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। মনত ৰাখিব লাগিব যে একে সময়তে সমসংখ্যক নাৰ্ছ কোৱাৰেইণ্টানত আছে। মোটামুটিভাৱে আমাৰ প্ৰত্যেকেই ৫০ দিনত এবাৰ ক’ভিড ৱাৰ্ডৰ কৰ্তব্য পালন কৰিব লাগিব।”
ইয়াৰ অৰ্থ এনে যে দুসপ্তাহত সাতদিন বা এসপ্তাহ আটাইতকৈ শংকাজনিত ক’ভিড-১৯ বিৰোধী যুদ্ধ আৰু জৰুৰীকালীন পৰিস্থিতিত কামৰ বোজা অধিক বৃদ্ধি পায়। ক’ভিড-১৯ ৱাৰ্ডত কাম কৰা নাৰ্ছসকলক চৰকাৰেই কোৱাৰেইণ্টাইনৰ ব্যৱস্থা কৰি দিয়ে।
এবাৰত ৬ ঘণ্টাৰ দায়িত্ব পালন কৰিব লাগে, কিন্তু বেছি সংখ্যক নাৰ্ছে দুবাৰকৈ এদিনতে দায়িত্ব ল’ব লাগে। “নিশাৰ ডিউটি ১২ ঘণ্টা – সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ কৰিব লাগিব। আমি কেতিয়াও ৬ ঘণ্টা কাম কৰি দায়িত্ব সামৰিব নোৱাৰো। বিশেষকৈ ৬ ঘণ্টাৰ কৰ্তব্যৰ লগত এঘণ্টা বা দুঘণ্টা যোগ হয়।”
আসোঁৱাহপূৰ্ম নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰত্যেকৰ কামত বোজা অত্যধিক হৈ পৰিছে।
ডাঃ শান্তিয়ে কোৱা মতেঃ “নতুন নাৰ্ছ নিযুক্তি দিয়াৰ পৰিৱৰ্তে নতুন নতুন ক’ভিড কেন্দ্ৰবোৰে আন চিকিৎসালয়ৰ পৰা নাৰ্ছ আনে। সেইবাবে ব্যাপক হাৰত অসুবিধাৰ সৃষ্টি হয়। যদি এটা কেন্দ্ৰত বা ৱাৰ্ডত এবাৰত ৬ গৰাকী নাৰ্ছৰ দৰকাৰ হয়, তাৰ পৰিৱৰ্তে বহুত চিকিৎসালয়ে দুগৰাকী নাৰ্ছেৰে কাম চলাবলগা হয়। চেন্নাইৰ বাদে আন সকলো জিলাৰ যিকোনো চিকিৎসালয়ে ক’ভিড আই.চি.ইউ.বিলাকত এজন ৰোগীৰ বাবে এগৰাকী নাৰ্ছৰ ধৰা-বন্ধা নিয়ম মানিব পৰা নাই। সেয়ে পৰীক্ষা কৰা আৰু ৰোগীক বিচনা দিয়াৰ ক্ষেত্ৰত অজস্ৰ অভিযোগ আপুনি শুনিবলৈ পাব, ইয়াৰ কাৰণ মুঠতে সীমিত সংখ্যক নাৰ্ছ।”
২০২০ৰ জুনত চাৰিখন জিলা - ক্ৰমে চেন্নাই, চেংগালপাটু, কাঞ্চিপুৰম আৰু তিৰুভাল্লুৰৰ কাৰণে ৰাজ্য চৰকাৰে ২০০০ নাৰ্ছ নিযুক্তি দিছিল। বিশেষকৈ ক’ভিড ৰোগীক সেৱা আগবঢ়োৱাৰ বাবে নিযুক্তি দিয়া এই নাৰ্ছসকলৰ মাহেকীয়া দৰমহা আছিল ১৪,০০০ টকা। কিন্তু সংখ্যা পৰ্য্যাপ্ত নাছিল বুলি ডাঃ শান্তিয়ে কয়।
২৯ জানুৱাৰীত সমগ্ৰ ৰাজ্যৰ নাৰ্ছসকলে এদিনীয়া প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰা নাৰ্ছৰ সমান পৰিমাণৰ দৰমহা দিবলৈ তেওঁলোকে দাবী জনাইছিল। লগতে সংকটৰ সময়ত ক’ভিড ৱাৰ্ডত কাম কৰা নাৰ্ছসকলক বোনাছ দিবলৈও দাবী জনোৱা হৈছিল। ইয়াৰ উপৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটা নাৰ্ছৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ কোৱা হৈছিল।
আন ৱাৰ্ডত কাম কৰা নাৰ্ছসকলক লৈও স্বাস্থ্যক্ষেত্ৰৰ সমাজকৰ্মীসকল সমানে উদ্বিগ্ন। “সংক্ৰমিত হোৱাৰ আশংকাৰ মাত্ৰা ভিন্ন হ’ব পাৰে, কিন্তু ক’ভিড নথকা ৱাৰ্ডত কাম কৰা সকলো সংক্ৰমণৰ ভাবুকিৰ পৰা মুক্ত নহয়। বৰঞ্চ ক’ভিড ৱাৰ্ডত কাম কৰা সকলে অন্ততঃ পি.পি.ই. চ্যুট পৰিধান কৰে আৰু এন-৯৫ মাস্ক ব্যৱহাৰ কৰে – তেওঁলোকে এইবিলাক দাবী কৰিব পাৰে, আৰু ক’ভিডৰ দায়িত্ব পালন কৰাসকলৰ এয়া অধিকাৰ। কিন্তু আনসকলে পি.পি.ই. চ্যুট বা এন-৯৫ মাস্ক দাবী কৰিব নোৱাৰে,” ডাঃ শান্তিয়ে কয়.
৫৫ বছৰ বয়সীয়া এন্থনিয়াম্মাল অমিৰ্তাচেলভিৰ ঘটনালৈ বহুতে আঙুলিয়াই দিয়ে, তেওঁ ৰামানাথপুৰ জিলাৰ মান্দাপাম শিবিৰৰ নাৰ্ছিং অধীক্ষক আছিল। তাত ক’ভিড ৰোগীৰ বাবে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা আছিল। হৃদৰোগৰ সমস্যা থকা অমিৰ্তাচেলভিয়ে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১০ অক্টোবৰত মৃত্যুবৰণ কৰে। ক্ৰমান্বয়ে যেতিয়া তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, তেতিয়াও তেওঁ কৰ্তব্য পালন কৰি আছিল,” তেওঁৰ স্বামী জ্ঞানৰাজে কয়। “তেওঁ এয়া সাধাৰণ জ্বৰ বুলি ভাবিছিল, কিন্তু পৰীক্ষা কৰোঁতে ক’ভিড-১৯ আক্ৰান্ত হোৱা বুলি ধৰা পৰে। তাৰপিছত একো কৰিব পৰা নগ’ল।” অমিৰ্তাচেলভিক মাডুৰাই জেনেৰেল হস্পিতেলৰ পৰা মান্দাপাম কেম্পলৈ মাত্ৰ এবছৰৰ পূৰ্বে বদলি কৰা হৈছিল।
ক’ভিড ৰোগীক সেৱা আগবঢ়োৱা নাৰ্ছসকলৰ বাবে এক সামাজিক কংলক নিশ্চিত, দলিত সম্প্ৰদায়ৰ নাৰ্ছসকলৰ বাবে কলংকৰ বোজা দুগুণ হৈ পৰে।
বঁটা বিজয়ী তামিঝ চেলভি (বেটুপাতত থকা ওপৰৰ ছবিখন) এইক্ষেত্ৰত ব্যতিক্ৰম নহয়। ৰাণীপেট (ভেল্লোৰ) জিলাৰ ৱালাজাহাপেট তালুকৰ লালাপেট গাঁৱৰ এটা দলিত পৰিয়ালত তেওঁ জন্ম হৈছিল। পৰিয়ালটো সদায় বৈষম্যৰ বলি হৈ আহিছে।
এতিয়া তেওঁৰ কালিমাত আৰু এখন নতুন চামনি পৰিছে। কিয়নো নাৰ্ছ হিচাপে তেওঁ ক’ভিড-১৯ ৰোগীৰ সেৱাত নিযুক্ত। “কোৱাৰেণ্টাইন শেষ কৰি যেতিয়া মই হাতত এটা বেগ লৈ ঘৰলৈ উভতো, সেই সময়ত থকা ঘৰৰ এলেকাৰ পথটোত মই ভৰি দিয়াৰ লগে লগে আনকি মোৰ পৰিচিত মানুহবিলাকেও দুৱাৰ বন্ধ কৰি দিয়ে। মোৰ খুব বেয়া লাগে, মই বুজিবলৈ চেষ্টা কৰিলো, তেওঁলোক প্ৰত্যেকেই নিজৰ নিৰাপত্তাক লৈ উদ্বিগ্ন,” চেলভিয়ে কয়।
সুকীৰ্তাৰাণী এগৰাকী প্ৰতিষ্ঠিত তামিল কবি আৰু তামিঝ চেলভিৰ ভগ্নী, তেওঁলোকৰ তিনি ভগ্নীয়ে নাৰ্ছৰ বৃ্ত্তি বাছি লোৱাৰ কথা সোঁৱৰে: “এয়া কেৱল আমাৰ ক্ষেত্ৰত নহয়, দলিত পৰিয়ালৰ বহুতো ছোৱালীয়ে নাৰ্ছ হ’ব বিচাৰে। মোৰ ডাঙৰ ভগ্নী যেতিয়া নাৰ্ছ হ’ল, আমাৰ ওচৰলৈ আহিবলৈ যিবোৰ মানুহে সংকোচ কৰিছিল, তেনেলোকেও সহায় বিচাৰি অহা হ’ল। বিভিন্ন ঠাইৰ পৰা মানুহ আমাৰ ঘৰলৈ আহি মোৰ পিতৃ শানমুগামে আমাক শিক্ষিত কৰাৰ দৰে তেওঁলোকেও নিজৰ ল’ৰা-ছোৱালীক শিক্ষিত কৰিব বিচৰাৰ কথা কয়। (পৰম্পৰাগতভাৱে তামিলনাডুৰ গাওঁবোৰক ওৰ হিচাপে ভাগ কৰা হয়, উৰবিলাকত উচ্চবৰ্ণৰ লোকে বাস কৰে আৰু চেৰিবিলাকত দলিত লোকে বসবাস কৰে)। মই নিজে স্কুলত শিক্ষকতা কৰো, মোৰ আন এজন ভ্ৰাতৃও শিক্ষক। মোৰ ভনীকেইগৰাকী নাৰ্ছ।”
“আমাৰ অভিযন্তা ভ্ৰাতৃজনৰ বাহিৰে আন আটাইকেইজনেই সমাজত আমাৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ কামত ব্ৰতী। আমাৰ দৰে প্ৰেক্ষাপটৰ পৰা অহা মানুহৰ বাবে এয়া যথেষ্ট গৌৰৱৰ কথা। মোৰ জ্যেষ্ঠ ভগ্নীয়ে যেতিয়া নাৰ্ছৰ ইউনিফৰ্ম পিন্ধে, ই তেওঁৰ বাবে গৌৰৱ আৰু সন্মানৰ প্ৰতীক হৈ পৰে। তেওঁলোক নাৰ্ছ হ’ব বিচৰা এইটো মাত্ৰ এটা কাৰণ। কথাটো হ’ল ড. বাবাচাহেব আম্বেদকাৰৰ দৰে আমি সমগ্ৰ সমাজলৈ সেৱা আগবঢ়াব বিচাৰো।”
ক’ভিড ৱাৰ্ডত সেৱা আগবঢ়োৱাৰ পিছত যেতিয়া তামিঝ চেলভি সংক্ৰমিত হয়, এই খবৰে আমাক উদ্বিগ্ন কৰি তুলিছিল। “মোৰ চিন্তা এয়ে আছিল যে সংক্ৰমণৰ পিছত তেওঁ ক’ভিড ৰোগীক সেৱা আগবঢ়াব নোৱাৰিব। কিন্তু প্ৰথমতে আমি ভয় খাইছিলো যদিও এতিয়া এনেধৰণৰ ঘটনাত আমি উদ্বিগ্ন নহওঁ,” সুকীৰ্তাৰাণীয়ে এটা হাঁহি মাৰি এইদৰে কয়।
“ক’ভিড ৱাৰ্ডত ভৰি দিয়া মানে একুৰা জুইৰ মাজলৈ অহাৰ নিচিনা লাগে যদিও সেই কৰ্তব্য পালন কৰিছো। কাৰণ আমি নাৰ্ছৰ বৃত্তি বাছি লোৱাৰ সময়তে যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱা যে স্বাভাৱিক সেই কথা জানিছিলো। এইয়া হৈছে আমি সমাজলৈ আগবঢ়োৱা সেৱাৰ এক পথ,” গোপালা দেৱীয়ে কয়।
কবিতা মুৰালীধৰণে ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানৰ জৰিয়তে জনস্বাস্থ্য সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰে। এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত ঠাকুৰ ফেমিলি ফাউণ্ডেছনে কোনো ধৰণৰ সম্পাদকীয় নিয়ন্ত্ৰণ আৰোপ কৰা নাই।
প্ৰচ্ছদ আলোকচিত্ৰ: এম. পালানি কুমাৰ
অনুবাদ: পংকজ দাস