‘১,৩০,৭২১ জোপা গছ কটাৰ প্ৰভাৱ অতি উপেক্ষনীয় হ’ব।’

২০১৪ৰ ফেব্ৰুৱাৰীত সম্বলপুৰ সংমণ্ডলৰ আঞ্চলিক মুখ্য বন সংৰক্ষক, বন বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই এইদৰে লিখিছিল। ওড়িশা সীমান্তৰ সম্বলপুৰ আৰু ঝাৰসুগুড়া জিলাৰ সীমান্তত থকা টালাবিৰা আৰু পাত্ৰপালি গাঁৱৰ ২৫০০ একৰ বনভূমি কয়লাখনিৰ বাবে হস্তান্তৰৰ বাবে তেওঁ অনুমোদন জনাইছিল।

বন বিষয়াই প্ৰস্তুত কৰা ইংৰাজী ভাষাত থকা এই নথিপত্ৰ গাওঁ দুখনৰ অধিবাসীসকলে দেখা নাছিল। এই নথিপত্ৰৰ জৰিয়তে ২০১৯ৰ মাৰ্চত টালাবিৰা-২ আৰু টালাবিৰা-৩ নামৰ উন্মুক্ত কয়লা খনিৰ বাবে অনুমতি দিয়া হৈছিল। বন বিষয়াৰ সৈতে গাওঁবাসী অলপো সহমত নাছিল, কিন্তু বিড়ম্বনাৰ কথা এয়ে যে সেইজন বন বিষয়াই হৈছে নৱনিযুক্ত ‘সংৰক্ষক’।

যোৱা দুসপ্তাহত খনিৰ কামৰ বাবে বাট উলিওৱাৰ উদ্দেশ্যে হাজাৰ হাজাৰ গছ (প্ৰকৃত সংখ্যা যিমান হ’ব, সেয়া ঠাৱৰ কৰা হোৱা নাই) কাটি পেলোৱা হ’ল। ইয়াৰ বাবে কোনো জাননী দিয়া নাছিল বুলি গঞাই কয়। ২১৫০ জন লোকৰ বাসস্থান (২০১১ৰ লোকপিয়ল অনুসৰি) এই গাঁৱৰ বহু লোক মানসিকভাবে ভাগি পৰিছে আৰু ক্ষুব্ধ হৈ পৰিছে। তেওঁলোকে কয় যে দশকৰ পিছত দশক ধৰি সংৰক্ষণ কৰি অহা বনাঞ্চল এতিয়া তেওঁলোকৰ চকুৰ আগতে ধ্বংস কৰা হ’ল। গাওঁবাসীক ভাবুকি দি সন্ত্ৰস্ত কৰাৰ বাবে আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীৰ সহায় লোৱা হ’ল।

Left: The road to Patrapali village winds through dense community-conserved forests. Right: In the mixed deciduous forests of Talabira village, these giant sal and mahua trees lie axed to the ground
PHOTO • Chitrangada Choudhury
Left: The road to Patrapali village winds through dense community-conserved forests. Right: In the mixed deciduous forests of Talabira village, these giant sal and mahua trees lie axed to the ground
PHOTO • Chitrangada Choudhury

বাওঁফালেঃ ঘন সমূহীয়া সংৰক্ষিত বনাঞ্চলৰ মাজেৰে পাত্ৰপালি গাঁৱলৈ যোৱা পথটো। সোঁফালেঃ টালাবিৰা গাঁৱৰ পৰ্ণপাতী বনাঞ্চল, বৃহৎ আকাৰৰ শাল আৰু মহুৱা গছবোৰ কাটি বগৰাই পেলোৱা হ’ল

গছবোৰ কাটি থকাটোৱেই গাওঁবাসীৰ মনত তাৎক্ষণিক আঘাত দিছে। পাঁচ ডিচেম্বৰৰ দিনা পূৱে ধলফাট দিয়াৰ আগেয়েই ধ্বংসকাৰ্য আৰম্ভ কৰা হৈছিল বুলি গাওঁবাসীয়ে কৈছিল। টালাবিৰাৰ মুণ্ডা আদিবাসী অধ্যুষিত ক্ষুদ্ৰ চুবুৰী মুণ্ডাপাৰাৰ তৰুণ মানস শালিমাৰাই কয়, ‘সিহঁত অকস্মাতে আহি গছ কাটিবলৈ আৰম্ভ কৰোঁতে আমি শোৱাপাটিতে আছিলো। কথাটো চাৰিওফালে বিয়পি পৰিল, গছ কটা বন্ধ কৰিবলৈ গাওঁবাসী সেই ঠাইত উপস্থিত হ’ল। কিন্তু সেই স্থানত বিশাল সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল।’

সম্ভৱতঃ ১৫০-২০০ মান লোক সেই ঠাইত উপস্থিত হৈছিল আৰু বন ধ্বংসযজ্ঞ বন্ধ কৰিবলৈ জিলা দণ্ডাধীশৰ সাক্ষাৎ কৰি আবেদন জনাবলৈ সিদ্ধান্ত লোৱা হয়।’ মুণ্ডাপাৰাৰ আন এজন লোকে এইদৰে কয়। তেওঁৰ নাম ফকিৰা বুধিয়া। ‘কিন্তু কোম্পানীৰ বিৰোধিতা কৰিবলৈ চেষ্টা কৰা বা গছ কটা বন্ধ কৰিবলৈ চেষ্টা কৰা লোক গোচৰৰ সন্মুখীন হ’ব বুলি আমাক কোৱা হ’ল,’ তেওঁ কয়।

ভিন্ন প্ৰজাতিৰ গছেৰে ভৰা ঘন পৰ্ণপাতী অৰণ্যৰ মাজত গঢ় লৈ উঠা দুখন গাওঁ হ’ল- টালাবিৰা আৰু পাত্ৰপালি। মই ইয়ালৈ আহোতে ডিচেম্বৰৰ বিয়লি বেলাত উত্তাপৰ পৰা সেউজ আচ্ছাদনে সকাহ দিছিল। ঝাৰসুগুড়া হৈছে ওড়িশাৰ প্ৰতি বছৰে উচ্চ তাপমাত্ৰাবিশিষ্ট অঞ্চলৰ অন্যতম। ঠাইখন অসংখ্য কয়লাখনি, সৰন্ধ্ৰ লোৰ খনি আৰু আন উদ্যোগেৰে ভৰি আছে।

এই গাওঁবোৰত বসবাস কৰা লোকসকল হ’ল মূলতঃ মুণ্ডা আৰু গোণ্ড আদিবাসী সম্প্ৰদায়ৰ। তেওঁলোক ধানখেতি, শাক-পাচলিৰ খেতি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে বসবাস কৰা গাঁৱৰ মাটিৰ তলত আছে কয়লাৰ ভাণ্ডাৰ।

Left: Suder Munda says of the tree felling, 'We feel like our loved ones are dying'. Centre: Bimla Munda says the forest is a vital source of survival for them, and they have not awarded consent to the coal mining on the land.  Right: Achyut Budhia is among the villagers who would serve on patrol duty to protect the forests – a tradition of community protection called thengapalli
PHOTO • Chitrangada Choudhury
Left: Suder Munda says of the tree felling, 'We feel like our loved ones are dying'. Centre: Bimla Munda says the forest is a vital source of survival for them, and they have not awarded consent to the coal mining on the land.  Right: Achyut Budhia is among the villagers who would serve on patrol duty to protect the forests – a tradition of community protection called thengapalli
PHOTO • Chitrangada Choudhury
Left: Suder Munda says of the tree felling, 'We feel like our loved ones are dying'. Centre: Bimla Munda says the forest is a vital source of survival for them, and they have not awarded consent to the coal mining on the land.  Right: Achyut Budhia is among the villagers who would serve on patrol duty to protect the forests – a tradition of community protection called thengapalli
PHOTO • Chitrangada Choudhury

বাওঁফালেঃ গছ কটাৰ বিষয়ে সুদেৰ মুণ্ডাই কয়, আমাৰ যেন অতি প্ৰিয়জনৰ বিয়োগ ঘটিছে। সোঁমাজতঃ বিমলা মুণ্ডাই কয় যে তেওঁলোকৰ জীয়াই থকাৰ মূল সম্বল হ’ল এই অৰণ্য আৰু ইয়াত কয়লাৰ খনি স্থাপন কৰিবলৈ তেওঁলোকে কেতিয়াও মতামত দিয়া নাছিল। সোঁফালেঃ বন ৰক্ষাৰ পহৰা দিয়া অন্যতম গাওঁবাসী অতুল বুধিয়াই হ’ল ‘থেংগাপাল্লি’ অৰ্থাৎ  পৰম্পৰাগত সমুহীয়া বন প্ৰহৰী

‘বনাঞ্চলৰ পৰা আমি মাহুল (মহুৱা), শালগৰ ধুনা, জ্বালানি, কাঠফুলা, শিপা বা আলু, উদ্ভিদৰ কন্দ বা আলু, গছৰ পাত আৰু ঝাড়ু তৈয়াৰ কৰি বিক্ৰী কৰিবলৈ ঝাড়ুবন পাওঁ। তাৰ পিছতো বন বিভাগে কেনেকৈ ক’ব পাৰিলে যে এক লাখ জোপা গছ কাটিলে একো ক্ষতি নহয়?’ এইদৰে কয় বিমলা মুণ্ডাই।

২ নং আৰু ৩ নং টালাবিৰা কয়লা খনি দুটা ৰাজহুৱা খণ্ডৰ নেইভেলি লিগনাইট কৰ্প’ৰেছন লিমিটেডক দিয়া হৈছিল। যিয়ে খনিটোৰ উন্নীতকৰণ আৰু পৰিচালনাৰ হেতু আদানি এণ্টাৰপ্ৰাইজ লিমিটেডক চুক্তিবদ্ধ কৰে। প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়ালৈ দিয়া এক বিবৃতিত (সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন মতে) আদানি এণ্টাৰপ্ৰাইজ লিমিটেডে কৈছিল যে খনিদুটাৰ পৰা ১২ হাজাৰ কোটি টকাৰ ৰাজহ চৰকাৰে পাব।

অৰণ্যৰ ভুগৰ্ভস্থ কয়লা পোৱাৰ বাবে বৃহৎ আকাৰৰ শালগছ আৰু মহুৱা গছ কাটি টালাবিৰা গাঁৱৰ বনাঞ্চলত ধ্বংসযজ্ঞ চলোৱা হ’ল। বৃহৎ সংখ্যক গছ কাটি অলপ দূৰত ডাঙৰ ডাঙৰ গছৰ কুন্দাবোৰ দম কৰি থোৱা আছে। আদানি কোম্পানীৰ এজন কৰ্মচাৰী (যিজনে নিজৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক)য়ে ক’লে, ‘এতিয়ালৈকে ৭০০০ জোপা গছ কটা হৈছে।’ ইয়াৰ পিছত কৰ্মচাৰীজনে আন প্ৰশ্নৰ উত্তৰ দিবলৈ অমান্তি হয় আৰু মাথো ক’লে যে সংবাদ মাধ্যমৰ সৈতে কথা পাতিবলৈ কোম্পানীৰ কোনো মানুহৰ নাম বা ফোন নম্বৰ দিয়া ‘ঠিক নহ’ব।’

গাঁৱলৈ যোৱা পথটোত ওড়িশা ৰাজ্যিক সশস্ত্ৰ আৰক্ষীৰ লোকক আমি দেখিবলৈ পালো। তেওঁলোক কিয় তাত ৰৈ আছে সুধিলো। তেওঁলোকৰ এজনে ক’লে, ‘গছ কটা হৈছে।’ বনাঞ্চলৰ যিবোৰ ঠাইত গছ কটা হৈছে, সেইবোৰ ঠাইত সশস্ত্ৰ আৰক্ষী নিয়োগ কৰা হৈছে। সেইজনৰ লগত কথা পাতি থাকোতেই আন এজনে নিজৰ ম’বাইল ফোনেৰে কোনোবা এজনক গাওঁঁখনত আমাৰ উপস্থিতিৰ বিষয়ে জনালে।

Left: While a  forest department signboard in Patrapali advocates forest protection, officials have issued a clearance for the coal mine, noting that the effect of cutting of 1.3 lakh trees 'will be negligible'. Centre: Bijli Munda of Mundapada, Talabira, with the brooms she makes with forest produce, which she will sell for Rs. 20-25 each. Right: Brooms drying outside houses here; these are just one of the many forest products from which villagers make a livelihood
PHOTO • Chitrangada Choudhury
Left: While a  forest department signboard in Patrapali advocates forest protection, officials have issued a clearance for the coal mine, noting that the effect of cutting of 1.3 lakh trees 'will be negligible'. Centre: Bijli Munda of Mundapada, Talabira, with the brooms she makes with forest produce, which she will sell for Rs. 20-25 each. Right: Brooms drying outside houses here; these are just one of the many forest products from which villagers make a livelihood
PHOTO • Chitrangada Choudhury
Left: While a  forest department signboard in Patrapali advocates forest protection, officials have issued a clearance for the coal mine, noting that the effect of cutting of 1.3 lakh trees 'will be negligible'. Centre: Bijli Munda of Mundapada, Talabira, with the brooms she makes with forest produce, which she will sell for Rs. 20-25 each. Right: Brooms drying outside houses here; these are just one of the many forest products from which villagers make a livelihood
PHOTO • Chitrangada Choudhury

বাওঁফালেঃ পাত্ৰপালিত বন বিভাগৰ এখন ফলকত বনাঞ্চল সুৰক্ষাৰ কথা কোৱা হৈছে যদিও ইয়াৰ বিষয়াসকলে কয়লাখনিৰ বাবে বন অনুমতি প্ৰদান কৰিছে। উক্ত নিৰ্দেশত কোৱা হৈছে যে ১.৩২ লাখ জোপা গছ কটাৰ ফলত হ’বলগীয়া ক্ষতি অতি নগণ্য। মাজতঃ টালাবিৰাৰ মুণ্ডাপাৰাৰ বিজুলী মুণ্ডা, লগত সেই অৰণ্যৰ পৰা সংগ্ৰহ কৰা ঝাড়ুবনেৰে তৈয়াৰ কৰা ঝাড়ু। তেওঁ প্ৰতিডাল ঝাড়ু ২০-২৫ টকাত বিক্ৰী কৰিব। সোঁফালেঃ ঘৰৰ চোতালত ঝাড়ুবোৰ শুকাবলৈ দিয়া হৈছে, বনাঞ্চল নিৰ্ভৰ জীৱিকাৰ বিভিন্ন সামগ্ৰীৰ মাজৰ এয়া মাথো এবিধহে

ওড়িশাৰ বন আৰু পৰিৱেশ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা বনাঞ্চল অনুমতিৰ নথিপত্ৰ অনুসৰি খনি (২ আৰু ৩)ৰ বাবে মুঠ ৪৭০০ একৰ বনভূমিৰ দৰকাৰ হ’ব। তাৰ বাবে ১৮৯৪ টা পৰিয়ালৰ স্থানচ্যুতি ঘটিব। ইয়াৰে ৪৪৩ টা পৰিয়াল অনুসূচীত বৰ্ণৰ আৰু ৫৭৫ টা পৰিয়াল অনুসূচীত জনজাতিৰ অন্তৰ্ভূক্ত।

‘আমাৰ অনুমান অনুসৰি এতিয়ালৈকে ১৪-১৫ হাজাৰ জোপা গছ কটা হৈছে, আৰু কোম্পানীৰ মানুহে গছ কাটিয়েই আছে,’ ভকতৰাম ভৈয়ে কয়। তেওঁ টালাবিৰাৰ বনাঞ্চল অধিকাৰ সমিতিৰ সভাপতি। বন অধিকাৰ আইনৰ লগত সম্পৰ্ক থকা বিষয়ৰ ওপৰত চকু ৰাখিবলৈ আৰু আঁচনি যুগুতাবলৈ (২০০৬ৰ বন অধিকাৰ আইন ৰ অধীনত) গাওঁ পৰ্যায়ৰ এই সমিতিবোৰ গঢ়ি তোলা হৈছিল। এই সমিতিয়ে বনাঞ্চল সংৰক্ষণকে ধৰি বনাঞ্চল অধিকাৰৰ দাবী উত্থাপন কৰি আহিছে। তেওঁ কয়, ‘যিমান গছ কটা হ’ল, সেই তথ্য আমি আপোনাক দিব নোৱাৰো। প্ৰশাসন আৰু কোম্পানীয়ে এই কামবোৰ কৰিছে। আমাৰ গাওঁবাসীসকল এই সম্পৰ্কে সম্পূৰ্ণ অন্ধকাৰত আছে। প্ৰথম দিনৰে পৰা আমি গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো।’ বন অধিকাৰ আইনৰ অধীনত অধিকাৰ বিচাৰি ২০১২ৰ পৰা জিলা প্ৰশাসনলৈ গাওঁবাসীয়ে প্ৰথম লিখিত দাবী প্ৰেৰণ কৰাৰে পৰা প্ৰতিবাদ কৰি কৰি অহা হৈছে।

মুণ্ডাপাৰাৰ ৰীণা মুণ্ডাই কয়, ‘এই বনভূমিত আমাৰ পূৰ্বপুৰুষ বসবাস কৰিছিল, বনাঞ্চল ৰক্ষা কৰিছিল। আমিও সেই কথায়ে শিকি আহিছো। প্ৰত্যেক পৰিয়ালে ঠেংগাপাল্লিক তিনি কিলোগ্ৰাম চাউল নাইবা তাৰ পৰিৱৰ্তে পইচা দিব লাগে (গছ কটা আৰু চোৰাং গছ সৰবৰাহকাৰীৰ কবলৰ পৰা বনাঞ্চল সুৰক্ষাৰ বাবে গাওঁবাসীয়ে পহৰা দিয়াৰ বাবে ওড়িশাত চলি অহা এক পৰম্পৰা)।’

‘কিন্তু এতিয়া এই বনাঞ্চলত আমাক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহয়, যি বনাঞ্চল আমি লালন-পালন কৰি আহিছো আৰু ৰক্ষা কৰি আহিছো,’ দুখমনে সুদেৰ মুণ্ডাই কয়। সেই সময়ত গাওঁবাসীয়ে বনাঞ্চল ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ আলোচনাৰ বাবে বিদ্যালয়ৰ ওচৰত গোট খাইছিল। তেওঁ কয়, ‘আমাৰ গছবোৰ কাটি পেলোৱাৰ ঘটনা আমাৰ বাবে অতি হৃদয়বিদাৰক। সিহঁতে আমাৰ গছবোৰ কাটি পেলাইছে। এনে লাগিছে যে আমাৰ পৰমপ্ৰিয় স্বজনৰ বিয়োগ ঘটিছে।’

Left: Across the villages, many homes have vegetable farms adjoining homesteads. Right: Many like Hursikes Buriha also depend on paddy cultivation
PHOTO • Chitrangada Choudhury
Left: Across the villages, many homes have vegetable farms adjoining homesteads. Right: Many like Hursikes Buriha also depend on paddy cultivation
PHOTO • Chitrangada Choudhury

বাওঁফালেঃ গাঁৱৰ চাৰিওফালে গাওঁবাসীৰ ঘৰৰ লগত শাক-পাচলিৰ বাগিছা আছে। সোঁফালেঃ হৃষিকেশ বুঢ়িহাৰ দৰে বহুতে ধান খেতিৰ ওপৰতে নিৰ্ভৰশীল

গাওঁবাসীয়ে মনত এই কথাই দোলা দিছে যে দশক দশক ধৰি তেওঁলোকে এই বনভূমি সংৰক্ষিত কৰি আহিছে, ‘তেতিয়া চৰকাৰ ক’ত আছিল? এতিয়া কোম্পানীক এই বনাঞ্চলৰ প্ৰয়োজন হ’ল, চৰকাৰে কৈছে বনাঞ্চল হেনো চৰকাৰৰ, আৰু আমি এতিয়া বনাঞ্চলৰ পৰা আঁতৰি যাব লাগে।’ আন এজন জ্যেষ্ঠ গাওঁবাসী অচ্যুত বুধিয়াই কয়। বহু বছৰ ধৰি এইজন ব্যক্তিয়ে বনাঞ্চলৰ পহৰা দিয়া ঠেংগাপাল্লিৰ দায়িত্ব পালন কৰি আহিছে বুলি গাওঁবাসীয়ে কয়। তেওঁ কয়, ‘কাটি পেলাই থোৱা গছবোৰ দেখি মোৰ চকুলো ওলাইছে, নিজৰ সন্তানৰ দৰে গছবোৰ ৰক্ষা কৰিছিলো।

গছবোৰ কাটিবলৈ আৰম্ভ কৰাৰ পৰা আমাৰ বহু গাওঁবাসীয়ে বিনিদ্ৰ নিশা কটাইছে। টালাবিৰা গাঁৱৰ বনাঞ্চল অধিকাৰ সমিতিৰ সদস্য হেমন্ত ৰাউতে কয়।

জলবায়ু পৰিৱৰ্তন আৰু পানীৰ লগত সম্পৰ্ক থকা সমস্যাৰ বাবে কাম কৰি অহা সম্বলপুৰৰ পৰিৱেশ কৰ্মী ৰঞ্জন পাণ্ডাই কয়, বন সুৰক্ষাৰ বাবে গাওঁবাসীয়ে চলাই অহা প্ৰচেষ্টা তাৎপৰ্যপূৰ্ণ, কিয়নো ঝাড়সুগুৰা আৰু আইবি উপত্যকা অঞ্চল দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষণ সৃষ্টিকাৰী অঞ্চল। ‘সাংঘাতিকভাবে জলসংকটত ভোগা এই এলেকাত নতুনকৈ কয়লাখনি আৰম্ভ কৰা বা বিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ কথা ভাবিব নোৱাৰি। ইযাৰ উপৰি এলেকাটোত চলি থকা খনন, বিদ্যুৎ উৎপাদন আৰু উদ্যোগিক কাম-কাজৰ বাবে প্ৰচণ্ড উত্তাপ আৰু প্ৰদূষণৰ সৃষ্টি হৈছে,’ তেওঁ কয়। ‘অঞ্চলটোত প্ৰাকৃতিকভাবে ডাঙৰ হোৱা ১,৩০,৭২১ জোপা গছ কাটি পেলোৱাৰ ফলত অঞ্চলটোৰ নিবাসীসকলৰ লগতে পৰিস্থিতিতন্ত্ৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব, অঞ্চলটোৰ বাসোপযোগী হৈ নাথাকিব।’

বহুতো গাওঁবাসীয়ে অঞ্চলটোত বৃদ্ধি পোৱা তাপমাত্ৰাৰ দিশলৈ আঙুলিয়াইছে। বিনোদ মুণ্ডাই কয়, ‘বনাঞ্চল যদিহে ধ্বংস কৰি যোৱা হয়, তেন্তে ইয়াত বসবাস কৰা সম্ভৱপৰ হৈ নাথাকিব। গাঁৱৰ লোক এজনে যদি গছ এজোপা গছো কাটে, তেন্তে জেললৈ যাব লাগে। তেন্তে কোম্পানীয়ে কেনেকৈ অগণন গছ আৰক্ষীৰ সহায় লৈ কাটি পেলালে?’

Left: Patrapali sarpanch Sanjukta Sahu with a map of the forestlands which the village has claimed in 2012 under the Forest Rights Act. The administration has still not processed the claim. Centre: Villagers here also have documents from 2012 for filing community forest claims. Right: People in Talabira show copies of their written complaint about the forgery of gram sabha resolutions awarding consent for the forest clearance
PHOTO • Chitrangada Choudhury
Left: Patrapali sarpanch Sanjukta Sahu with a map of the forestlands which the village has claimed in 2012 under the Forest Rights Act. The administration has still not processed the claim. Centre: Villagers here also have documents from 2012 for filing community forest claims. Right: People in Talabira show copies of their written complaint about the forgery of gram sabha resolutions awarding consent for the forest clearance
PHOTO • Chitrangada Choudhury
PHOTO • Chitrangada Choudhury

বাওঁফালেঃ বন অধিকাৰ আইনৰ অধীনত ২০১২ত গাওঁবাসীয়ে দাবী কৰা বনভূমিৰ এখন মানচিত্ৰৰ সৈতে পাত্ৰপালি গাঁৱৰ গাওঁপ্ৰধান সংযুক্তা সাহু। প্ৰশাসনে এই দাবীৰ প্ৰতি এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই। মাজতঃ সমূহীয়া বনাঞ্চলৰ দাবী দাখিল কৰা সম্পৰ্কীয় ২০১২ চনৰ পৰা সকলো নথিপত্ৰ গাওঁবাসীৰ ওচৰত আছে। সোঁফালেঃ বনাঞ্চল খালি কৰাৰ বাবে মতামত প্ৰদানত কৰাৰ গাঁওসভাৰ জালিয়াতি কৰা প্ৰস্তাৱৰ বিষয়ে কৰা অভিযোগৰ লিখিত প্ৰতিলিপি টালাবিৰা গাঁৱৰ মানুহে দেখুৱালে

ডাঠ শাল গছনিৰ মাজেৰে পাত্ৰপালি গাঁৱলৈ যোৱা পথটো আছে। ইয়াত এতিয়াও কাঠ ফলা মেচিনৰ প্ৰৱেশ ঘটা নাই। গাওঁবাসীয়ে কৈছে এজোপা গছ কটাৰ অনুমতিও তেওঁলোকে কাকো নিদিয়ে। ‘প্ৰশাসনে যদি আমাৰ ওপৰত শক্তি প্ৰয়োগ কৰে, আপোনালোকে আন এখন কলিংগনগৰ দেখা পাব। কাৰণ এই সকলো কাম-কাজ অবৈধভাবে চলিছে।’ এইদৰে কয় দিলীপ সাহুৱে। ৰাজ্যখনৰ উপকূলীয় জিলা জাজপুৰত টাটা ষ্টিল লিমিটেডক তীখা কাৰখানা খুলিবলৈ ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোতে ২০০৬ চনত আৰক্ষীৰ গুলীচালনাৰ ফলত ১৩ জন আদিবাসীৰ মৃত্যু হৈছিল। তেওঁ এই প্ৰসংগ উল্লেখ কৰে।

বন অনুমোদন পত্ৰ সম্পৰ্কে বন অধিকাৰ আইনত এইদৰে কোৱা হৈছে, বনভূমিক আন কামত ব্যৱহাৰ কৰিব বিচাৰিলে অৰ্থাৎ যি কাম বনাঞ্চল সম্পৰ্কীয় নহয়, যেনে খনি স্থাপন ইত্যাদিৰ অনুমতি, বিধিগত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিহে দিয়া হয়। এনে প্ৰক্ৰিয়াত প্ৰথমে যি গাঁৱৰ ভূমি হস্তান্তৰ কৰিব বিচৰা হ’ব, সেই গাঁৱত গাওঁসভা অনুষ্ঠিত কৰিব লাগিব। সকলো আনুষ্ঠানিকতাৰ বিশদ তথ্য তেওঁলোকৰ ওচৰত দাখিল কৰাৰ পিছত গাওঁসভাই অনুমতি প্ৰদান কৰিব পাৰে বা প্ৰস্তাৱিত হস্তান্তৰৰ পূৰ্ৱে অৱগত হোৱা প্ৰস্তাৱ স্থগিত ৰাখিব পাৰে। দ্বিতীয়তে, হস্তান্তৰ কৰিব বিচৰা ভূমিৰ ওপৰত যদি কোনো ব্যক্তি বা ৰাজহুৱা বনাঞ্চল অধিকাৰৰ দাবী স্থগিত হৈ আছে, তেন্তে তেনে বনভূমি আন কামৰ বাবে হস্তান্তৰ কৰা নহয়।

পাত্ৰপালি গাঁৱৰ গাওঁপ্ৰধান (চৰপঞ্চ) আৰু গ্ৰাম্য বনাঞ্চল অধিকাৰ সমিতিৰি সভানেত্ৰী সংযুক্তা সাহুৱে কয় যে গাওঁসভাৰ প্ৰস্তাৱৰ ভিত্তিত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে খনি স্থাপনৰ ভূমি আগবঢ়াব পাৰে, কিন্তু এই সকলো ‘জালিয়াতি’। গাওঁসভাৰ পঞ্জীয়ন বহী উলিয়াই তেওঁ আমাক দেখুৱাই কয়, ‘কয়লা খনিৰ বাবে আমাৰ গাওঁখনে ৭০০ হেক্টৰ বনভূমি হস্তান্তৰ কৰিবলৈ কেতিয়াও মতামত দিয়া নাছিল। কোনো উপায় নাছিল। ইয়াৰ বিপৰীতে ২০১২ লৈ উভতি চাওক, ৭১৫ একৰ বনভূমিৰ ওপৰত সমূহীয়া বনাঞ্চল অধিকাৰৰ দাবী কৰি আমি বন অধিকাৰ আইনৰ অধীনত দাবী জনাইছিলো। যোৱা ৭ টা বছৰত প্ৰশাসনে আমাৰ অভিযোগৰ প্ৰতি গুৰুত্ব নিদিলে, কাম-কাজৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। এতিয়া জানিব পাৰিছো যে কোম্পানীয়ে এই বনভূমি লাভ কৰিছে। এয়া কেনেকৈ হ’বলৈ পাইছে?’

১৯৫০ চনৰ মাজভাগত পাত্ৰপালিৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ সম্বলপুৰ জিলাত হিৰাকুঁদ বান্ধ নিৰ্মাণ কৰাৰ বাবে ২০০ৰো অধিক পৰিয়ালক স্থানান্তৰ কৰা হৈছিল বুলি পাত্ৰপালিৰ দিলীপ সাহুৱে কয়। ‘কয়লাখনিৰ বাবে যদি এই বনভূমি দিয়া হয়, তেন্তে আমাক আকৌ এই ঠাইৰ পৰা স্থানান্তৰ কৰিব। আমি কি গোটেই জীৱন কেৱল স্থানান্তৰৰ বলি হৈ কটাম? বান্ধ আৰু খনিৰ মাজত আমাৰ জীৱনবোৰ আবদ্ধ হৈ থাকিব নেকি?’

Left: The villagers say income from forest produce helped them build this high school in the village. Right: In a large clearing, under the watch of company staff, hundreds of freshly logged trees are piled up
PHOTO • Chitrangada Choudhury
Left: The villagers say income from forest produce helped them build this high school in the village. Right: In a large clearing, under the watch of company staff, hundreds of freshly logged trees are piled up
PHOTO • Chitrangada Choudhury

বাওঁফালেঃ বনাঞ্চলৰ উপাৰ্জনেৰে গাওঁখনত এই হাইস্কুলখন নিৰ্মাণ কৰা হৈছিল বুলি গাওঁবাসীয়ে কয়। সোঁফালেঃ কোম্পানীৰ কৰ্মচাৰীৰ তদাৰকীত বনাঞ্চল খালী কৰিবলৈ কাটি পেলোৱা শ শ গছৰ কুন্দা দম কৰি ৰখা হৈছে

বনাঞ্চল কোম্পানীক হস্তান্তৰ কৰাৰ বাবে গাওঁসভাৰ মতামত প্ৰদানৰ প্ৰস্তাৱ জালিয়াতিৰে কৰা হৈছে বুলি টালাবিৰাৰ বাসিন্দাসকলে কয়। ৰাজ্য চৰকাৰৰ বিভিন্ন কৰ্তৃপক্ষলৈ যোৱা অক্টোবৰত তেওঁলোকে প্ৰেৰণ কৰা আপত্তিৰ প্ৰতিলিপি দেখুৱালে। ‘এই সকলো কাম জালিয়াতিৰে কৰা হৈছে। বনাঞ্চলৰ গছ কাটিবলৈ আমি কেতিয়াও অনুমতি দিয়া নাছিলো,’ ৱাৰ্ডৰ সদস্য সুস্মিতা পাত্ৰই কয়। ৰাউটে কয়, ‘ইয়াৰ বিপৰীতে বনাঞ্চল অধিকাৰ আইনৰ অধীনত আমাৰ বনাঞ্চলৰ অধিকাৰক স্বীকৃতি দিব লাগে বুলি ২০১২ৰ ২৮ মে’ত আমাৰ টালাবিৰা গ্ৰাম্য জংঘল সমিতিয়ে জিলা উপায়ুক্তলৈ লিখিছিল। লগতে ইযাৰ প্ৰতিলিপি আমাৰ লিখিত অভিযোগৰ লগত গাঠি দি আমি কৰ্তৃপক্ষক কৈছিলো যে আমাৰ মতামতৰ নামত ‘জালিয়াতি’ কৰা হৈছে।’

নতুন দিল্লীৰ পলিচি ৰিচাৰ্ছ কেন্দ্ৰৰ জ্যেষ্ঠ গৱেষক কাঞ্চি কোহলিয়ে টালাবিৰা বনাঞ্চলৰ গছ কটা আৰু কোম্পানীক হস্তান্তৰ কৰাৰ সকলো দলিল অধ্যয়ন কৰি কয়, ‘সাধাৰণতে বনাঞ্চল হস্তান্তৰ সমুদায় প্ৰক্ৰিয়া স্বচ্ছ হ’ব লাগে। ক্ষতিগ্ৰস্ত লোকসকলে পৰিদৰ্শনৰ প্ৰতিবেদন আৰু অনুমোদনাৱলী সম্পৰ্কে জানিব পাৰে। টালাবিৰৰ সমস্যাও এনে সমস্যাৰ নামান্তৰ। যেতিয়া গছ কটা আৰম্ভ হ’ল, তেতিয়াহে গাওঁবাসীয়ে জানিব পাৰিলে যে বনভূমিলৈ খনিৰ সম্প্ৰসাৰণ ঘটোৱা হৈছে- অথচ যি বনভূমিৰ ওপৰত গাওঁবাসীৰ ঐতিহাসিক বনাঞ্চল অধিকাৰ আছিল।’

নথিপত্ৰসমূহ পঢ়ি কোহলিয়ে কয়, ‘স্পষ্টভাবে দেখা যায় স্থান পৰিদৰ্শনৰ প্ৰতিবেদন পালমৰা আৰু মূল্যায়নো ওপৰে ওপৰে কৰা হৈছিল। ১.৩ লাখ জোপা গছ কটাৰ প্ৰভাৱ অতি নগন্য বুলি উল্লেখ কৰা হৈছে। এই সম্পৰ্কে কোনেও প্ৰশ্ন নকৰিলে, পৰিৱেশ মন্ত্ৰালয়ত বন উপদেষ্টা সমিতিয়ে গাওঁসভাৰ প্ৰস্তাৱ পৰীক্ষা নকৰিলে। বনাঞ্চলৰ ভূমি হস্তান্তৰৰ ক্ষেত্ৰত ভালেমান গুৰুত্বপূৰ্ণ সুৰুঙা ৰৈ গৈছে।’

কৰ্তৃপক্ষই গাওঁবাসীৰ প্ৰতিবাদৰ প্ৰতি নিশ্চিতভাবে গুৰুত্ব দিয়া উচিত। ৰঞ্জন পাণ্ডাই কয়, ‘জলবায়ু পৰিৱৰ্তনৰ মহাশতৰু হৈছে কয়লা। জলবায়ু পৰিৱৰ্তনৰ তীব্ৰ প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ সমগ্ৰ বিশ্বই কয়লাচালিত শক্তি উৎপাদন প্ৰকল্পৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছে।’

‘গাঁৱৰ মানুহৰ মাজত বন অধিকাৰ আইন সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰে অলপো প্ৰচেষ্টা চলোৱা নাই। আমি আমাৰ নিজ প্ৰচেষ্টাৰে আপত্তি জনাই আহিছো। আইন প্ৰণয়ন হোৱাৰ আগৰে পৰা আমি বনাঞ্চল ৰক্ষা কৰি আহিছো,’ দিলীপ সাহুৱে কয়। ‘এতিয়া চৰকাৰে কৈছে যে কোম্পানীক বনভূমি দিবলৈ আমি হেনো মতামত দিছিলো। মই তেওঁলোকক সুধিব বিচাৰো, ‘তোমালোকে যদি আমাৰ সন্মতি লাভ কৰিছিলা, তেন্তে আমাৰ গছবোৰ কাটি থকা কোম্পানীৰ সুৰক্ষাৰ বাবে আমাৰ গাঁৱত তোমালোকে কিয় ইমান বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিছা?’

পৰিশিষ্টঃ টালাবিৰা কয়লা খনি অঞ্চলত গছ কটা কাম কৰা নাই বুলি আদানি এণ্টাৰপ্ৰাইজে স্পষ্টীকৰণ দিছে। তেওঁলোকৰ স্থিতি উল্লেখ কৰিবপৰাকৈ সেয়ে এই প্ৰতিবেদনটো ২০২০ চনৰ ৯ জানুৱাৰীত শেহতীয়া তথ্য সংযোজনেৰে উন্নীত কৰা হৈছে।

অনুবাদঃ পংকজ দাস

Chitrangada Choudhury

चित्रांगदा चौधरी एक स्वतंत्र पत्रकार हैं और पीपल्स आर्काइव ऑफ़ रूरल इंडिया के कोर ग्रुप की सदस्य हैं.

की अन्य स्टोरी चित्रांगदा चौधरी
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das