‘মোৰ সাত মাহ চলি আছে আৰু চিকিৎসকে মোক ফল-মূল আৰু গাখীৰ খাবলৈ কৈছে। কওকচোন, এইবোৰ বস্তু মই ক’ত খাবলৈ পাম? মোক যদি নদীলৈ যাবলৈ অনুমতি দিলেহেঁতেন, মই নাও চলাই ল’ৰা-ছোৱালীক খুৱাব পাৰিলোহেঁতেন আৰু নিজেও খাব পাৰিলোহেঁতেন।’ দমকলৰ পানী ল’বলৈ ৰৈ থকা সুষমা দেৱী (নাম সলনি কৰা হৈছে)য়ে কয়। তেওঁ সাতমাহৰ গৰ্ভৱতী আৰু বিধবা।

নাৱৰীয়া হ’ব? নিষাদ সম্প্ৰদায়ৰ ২৭ বছৰীয়া সুষমা দেৱী? এই সম্প্ৰদায়ৰ পুৰুষসকলহে নাৱৰীয়া। মধ্যপ্ৰদেশৰ সাতনা জিলাৰ মাঝগাঁৱন ব্লকৰ কেৱাত্ৰা নামৰ তেওঁৰ সৰু গাওঁখনত তেওঁলোকৰ ১৩৫ জন লোকৰ বসতি। তেওঁৰ ৪০ বছৰীয়া স্বামী বিজয় কুমাৰ (নাম সলনি কৰা হৈছে) সেইসকলৰে এজন আছিল, পাঁচ মাহ আগতে এটা দুৰ্ঘটনাত নিহত হোৱাৰ আগলৈকে তেওঁ নাও চলাইছিল। তেওঁলোকৰ বৈবাহিক জীৱনৰ সাত বছৰ হ’ল। সুষমাই নাও চলাবলৈ কেতিয়াও শিকা নাছিল, কিন্তু চলাব পাৰিব বুলি তেওঁৰ বিশ্বাস আছে, কিয়নো বিজয়ৰ লগত নাও চলাওতে তেৱো কিছুদিন আছিল।

চিত্ৰকূট অঞ্চলক মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মাজত বিভাজিত কৰা মন্দাকিনী নদীৰ বিস্তীৰ্ণ জলপৃষ্ঠত তলাবন্ধৰ সময়ত এখনো নাও চলা নাই।

সূৰ্যাস্তৰ প্ৰায় এঘণ্টাৰ পিছত কেৱাত্ৰালৈ যোৱাৰ পথত আমি প্ৰথম ষ্ট্ৰীট লাইট দেখিলো। প্লাষ্টিকৰ বাল্টি এটাৰে পানী নিবলৈ সৰু কেঁচুৱাটোক লগত লৈ সুষমা গাঁৱৰ দমকলৰ ওচৰ পালে। তাতে তেওঁক আমি লগ পালো।

মন্দাকিনী নদীত নাও চলাই নিষাদ সম্প্ৰদায়ৰ লোকসকলে জীৱিকা উপাৰ্জন কৰে। চিত্ৰকূট বিখ্যাত তীৰ্থস্থান, দীপাৱলীৰ সময়ত লাখ লাখ লোক ইয়ালৈ আহে। কেৱাত্ৰাৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত মন্দাকিনীৰ পাৰত আছে ৰামঘাট, তাৰ পৰা ভাৰত ঘাট আৰু গোৱেংকা ঘাটৰ দৰে পৱিত্ৰ স্থানলৈ নাৱেৰে তেওঁলোকে তীৰ্থযাত্ৰী অনা-নিয়া কৰে।

এই সময়তে নিষাদসকলে বছৰটোৰ ভিতৰতে সৰ্বাধিক ধন উপাৰ্জন কৰে। আন সময়ৰ তুলনাত এই সময়ত উপাৰ্জন ২-৩ গুণ বেছি হয়, ৬০০ পৰ্যন্ত হাতলৈ আহে।

Sushma Devi with her youngest child at the village hand-pump; she ensures that her saree pallu doesn't slip off her head
PHOTO • Jigyasa Mishra

গাঁৱৰ দমকলৰ ওচৰত কেঁচুৱাটোৰ সৈতে সুষমা দেৱী, ওৰণিখন কোনো কাৰণতে মূৰৰ পৰা খহি নপৰে, তালৈ তেওঁ লক্ষ্য ৰাখিছে

তলাবন্ধৰ কাৰণে এতিয়া নাও চলোৱা বন্ধ। বিজয় নাই। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বিজয়ৰ জ্যেষ্ঠ ভাতৃ বিনীতে (নাম সলনি কৰা হৈছে)ও তেওঁৰ নাও চলাব নোৱাৰে। (তিনিটা পুত্ৰ সন্তান, শাহু, স্বামীৰ ভাতৃ আৰু তেওঁৰ পত্নীৰ সৈতে সুষমা থাকে)।

‘মোৰ আটাইকেইটা পুত্ৰসন্তান। আমি সদায় এজনী ছোৱালীৰ আশা কৰিছিলো, এইবাৰ হয়তো মোৰ কন্যা সন্তান জন্ম হ’ব, দেখা যাওক,’ মুখত এটা সন্তুষ্টিৰ হাঁহ লৈ সুষমাই ক’লে।

যোৱা দুই-তিনি সপ্তাহ ধৰি তেওঁৰ গা ভাল লাগি থকা নাছিল। এক কিলোমিটাৰৰ অলপ বেছি দূৰত থকা নয়াগাঁৱৰ চিকিৎসকৰ ওচৰলৈ গৈছিল, তলাবন্ধৰ বাবে খোজকাঢ়ি যাবলগা হৈছিল। চিকিৎসকে তেওঁৰ হিম’গ্লবিন কম থকা বুলি ক’লে। সুষমাৰ ভাষাত তেজ কমিছে।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৪ৰ মতে মধ্যপ্ৰদেশৰ ৫৩ শতাংশ মহিলাৰ ৰক্তহীনতা আছে। ইয়াৰে ৫৪ শতাংশ মহিলা অৰ্থাৎ সমগ্ৰ মধ্যপ্ৰদেশৰ মহিলাৰ মুঠ জনসংখ্যাৰ ৭২ শতাংশ ৰক্তহীনতাত ভূগিছে। চহৰাঞ্চলৰ ৪৯ শতাংশৰে এই সমস্যা আছে।

‘গৰ্ভাধাৰণৰ বাবে ৰক্তকণিকাৰ তৰলীকৰণ হয়, যাৰ বাবে শৰীৰত হিমগ্লবিনৰ পৰিমান নিম্নগামী হয়।’ চিত্ৰকূটৰ চৰকাৰী চিকিৎসালয়ৰ জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডা. ৰামকান্ত চৌৰাছিয়াই কয়, ‘মহিলাৰ মৃত্যুৰ প্ৰধান কাৰণবোৰৰ ভিতৰত এটা হৈছে উপযুক্ত খাদ্যৰ অভাৱ।’

সুষমাই সোহাঁতেৰে পানীৰ বাল্টিটো ধৰি থকাৰ সময়তে তাইৰ আঢ়ৈ বছৰীয়া ল’ৰাটোৱে বাওঁহাতৰ আঙুলি এটাত খামোচ মাৰি ধৰি আছিল। শাৰীৰ আঁচলেৰে লোৱা ওৰণি ঠিক কৰিবলৈ সুষমাই বাৰে বাৰে বাল্টিটো মাটিত থৈছিল।

 Left: Ramghat on the Mandakini river, before the lockdown. Right: Boats await their riders now
PHOTO • Jigyasa Mishra
 Left: Ramghat on the Mandakini river, before the lockdown. Right: Boats await their riders now
PHOTO • Jigyasa Mishra

বাওঁফালেঃ তলাবন্ধৰ আগৰ মন্দাকিনী নদীৰ ৰামঘাট। সোঁফালেঃ এতিয়া নাৱৰীয়াৰ অভাৱত পৰিত্যক্ত হৈ পৰা নাওবিলাক

‘মোৰ স্বামীৰ মৃত্যুৰ পিছত, তেওঁ (স্বামীৰ ভাতৃ) সাতজনীয়া পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। এতিয়া তেঁৱো কাম কৰিব পৰা নাই। আমি যদি গোটেই দিন নাও চলাব পাৰো, তেতিয়াহে ৰাতিলৈ খাবলৈ পাও। তলাবন্ধৰ আগতে তেওঁ দিনে ৩০০-৪০০ টকা উপাৰ্জন কৰিছিল। কেতিয়াবা মাত্ৰ ২০০ টকাও পাইছিল। মোৰ স্বামীয়েও ইমানেই উপাৰ্জন কৰিছিল। তেতিয়া উপাৰ্জন কৰা দুজন আছিল। এতিয়া কোনো নাই,’ সুষমাই কয়।

সুষমাৰ পৰিয়ালকে ধৰি কেৱাত্ৰাৰ ৬০ টা পৰিয়ালৰ প্ৰায় আধাখিনিৰ ৰেচন কাৰ্ড নাই। ‘কি গাখীৰ খাব, কি ফলমূল খাব!’ ভেঙুচালি কৰি সুষমাই কয়। ‘আপোনাৰ যেতিয়া ৰেচন কাৰ্ড নাথাকে, তেতিয়া দুবেলা দুসাজ আহাৰ যোগাৰ কৰা অতি কঠিন হৈ পৰে।’ তেওঁলোকে কিয় ৰেচনৰ কাৰ্ড নাপায়? মতামানুহে ইয়াৰ উত্তৰ ভালকৈ দিব পাৰিব, তেওঁ কয়।

সুষমাৰ ডাঙৰ ল’ৰা দুটা চৰকাৰী প্ৰাথমিক বিদ্যালয়লৈ যায়। এটা তৃতীয় শ্ৰেণীত আৰু এটা প্ৰথম শ্ৰেণীত। ‘সিহঁত দুটা এতিয়া ঘৰত আছে। কালিৰেপৰা সিহঁতে চিঙৰাৰ কথা কৈ আছে। ধৈৰ্য হেৰুৱাই মই সিহঁতক গালি দিছো। আজি মোৰ ওচৰৰ এঘৰে নিজৰ ল’ৰা-ছোৱালীৰ কাৰণে বনাইছিল, তাৰে কেইটামান মোৰ ল’ৰাদুটাক দিলে।’ পানীৰ বাল্টিটো দাঙি লৈ সুষমাই আমাক ক’লে। দমকলৰ পৰা তেওঁ আধা বাল্টি পানীহে ভৰালে। ‘এই সময়ত মই বেছি গধুৰ বস্তু দঙা-পৰা নকৰো,’ তেওঁ কয়। দমকলৰ ওচৰৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় ২০০ মিটাৰ দূৰত্ব হ’ব। এই সময়খিনিত তেওঁৰ ননদে বেছিভাগ পানী কঢ়িয়াই নিয়ে।

গাঁৱৰ মন্দিৰটোৰ নাতিদূৰত থকা দমকলটোৰ ওচৰত এহাল দম্পতীয়ে তেওঁলোকৰ সন্তানৰ সৈতে থিয় হৈ আছে। সিহঁতৰ মাজতে ২৭ বছৰীয়া চুন্নু নিষাদ আছে। ‘মই ৰেচন কাৰ্ড লাগে বুলি দৰ্খাস্ত দিছিলো আৰু সিহঁতে মোক ক’লে যে মই মাঝগাঁৱন (মূল খণ্ড কাৰ্যালয়)লৈ যাব লাগিব,’ তেওঁ কয়। ‘সিহঁতে লগতে মোক জনালে যে ৰেচন কাৰ্ড বনাবলৈ মই সাতনালৈও যাবলগা হ’ব পাৰে (সাতনালৈ ইয়াৰ পৰা ৮৫ কি.মি. দূৰত্ব)। অথচ তিনিবাৰ দৰ্খাস্ত দিয়াৰ পিছতো মই ৰেচন কাৰ্ড নাপালো। এনে এটা পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আগতে জনা হ’লে কাৰ্ডৰ কাৰণে যি ঠাইলৈ যেতিয়া যাব লাগে, গ’লোহেঁতেন। অন্ততঃ তেতিয়া মই মোৰ চহৰত থকা আত্মীয়ৰ ওচৰত ধন ধাৰলৈ বিচাৰিবলগা নহ’লহেঁতেন।’

মাতৃ, পত্নী, এবছৰীয়া কন্যা শিশু আৰু ভাতৃৰ পৰিয়ালৰ সৈতে চুন্নু থাকে। যোৱা ১১ বছৰ ধৰি তেওঁ নাও চলাই আহিছে। পৰিয়ালটো ভূমিহীন, ইয়াৰ আন ১৩৪ জন নাৱৰীয়াৰ দৰে তলাবন্ধৰ এই সময়চোৱাত এটকাও উপাৰ্জন কৰিব পৰা নাই।

Boatman Chunnu Nishad with his daughter in Kewatra; he doesn't have a ration card even after applying for it thrice
PHOTO • Jigyasa Mishra

কেৱাত্ৰাত কন্যাসন্তানৰ সৈতে নাৱৰীয়া চুন্নু নিষাদ, তিনিবাৰ আবেদন কৰাৰ জনোৱা স্বত্তেও তেওঁ এখন ৰেচন কাৰ্ড নাপালে

তিনিবাৰ আবেদন জনোৱাৰ পিছতো ৰেচন কাৰ্ড এখন নোপোৱা বৰ সহজ কথা নহয়। কিন্তু চুন্নুৱে কয়, ‘জানিব পৰা মতে, ৰেচন কাৰ্ড থকা সকলো মানুহক বিতৰণ কৰাৰ পিছত থাকি যোৱা অৱশিষ্ট ৰেচন বেলেগ দামত আমাক দিব।’ ৰেচন কাৰ্ড থকা লোকে সুলভ মূল্যত ৰেচনৰ সামগ্ৰী পাব লাগে যদিও কিছুমানে ৰেচন পোৱা নাই।

তলাবন্ধৰ সময়সীমা বৃদ্ধি কৰাৰ পিছত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চোহানে ৰেচন বিতৰণ কৰাৰ ক্ষেত্ৰত ৰেচন কাৰ্ড থকা বাধ্য়তামূলক বুলি ঘোষণা কৰিছে, অথবা পৰিয়ালৰ পৰিচয় থকা আন নথি দেখুৱাব লাগিব। ৰাজ্য চৰকাৰৰ নিজৰ ফালৰ পৰা ৰাজ্যখনৰ ৩২ লাখ লোকলৈ বিনামূলীয়া ৰেচন বিতৰণ কৰা হ’ব বুলি মধ্যপ্ৰদেশ চৰকাৰে ঘোষণা কৰিছিল। জনমূৰি চাৰি কিলোগ্ৰাম আটা আৰু এক কিলোগ্ৰাম চাউল ৰেচনৰ ভিতৰত ধৰা হৈছে।

এই ঘোষণাৰ লগত সংগতি ৰাখি সাতনা জিলা কৰ্তৃপক্ষই কোনো নথি-পত্ৰ নোহোৱাকৈ বিনামূলীয়া ৰেচন বিতৰণ কৰিব বুলি ঘোষণা কৰিছিল। নগৰ পালিকা পৰিষদ (চিত্ৰকূট পৌৰ পৰিসীমা)ৰ ৰেচন কাৰ্ড নোহোৱা ২১৬ টা এনে পৰিয়ালৰ মুঠ প্ৰায় ১০৯৭ জন বাসিন্দা আছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। কিন্তু দেখা গ’ল যে চৰকাৰী খাদ্য-সামগ্ৰী বিতৰকে সুষমাহঁতৰ সৰু গাওঁ কেৱাত্ৰাক ৰেচনৰ তালিকাভূক্ত কৰা নাছিল।

আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান (আই.এফ.পি.আৰ.আই.)ৰ শেহতীয়া সমীক্ষাই ভাৰতৰ খাদ্য সুৰক্ষাৰ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰিছিল, ‘ক’ভিড-১৯য়ে নিৰ্মম বাস্তৱক উন্মোচিত কৰিছেঃ অপৰ্যাপ্ত আৰু অসমান খাদ্য সুৰক্ষা ব্যৱস্থাই আৰ্থিক অভাৱগ্ৰস্ত সামাজিক গোটবোৰলৈ খাদ্য আৰু আন সেৱা আগবঢ়াব নোৱাৰিব।’

স্বামীৰ লগত কেনেকৈ ঘাটলৈ গৈছিল, সেই স্মৃতি ৰোমন্থন কৰি সুষমাই কয়, ‘সেইবিলাক ভাল দিন আছিল। প্ৰায় প্ৰত্যেক দেওবাৰে আমি ৰামঘাটলৈ গৈছিলো আৰু তেওঁ মোক নাৱত উঠাই অলপ ফুৰাইছিল। মোক নাৱত উঠোৱা সময়ত আন মানুহক নাৱত উঠোৱা নাছিল।’ সুষমাই সোঁৱৰে। ‘তেওঁৰ মৃত্যুৰ পিছৰপৰা মই ঘাটলৈ যোৱা নাই। ক’লৈকো যাবৰ মন নাযায়। প্ৰত্যেকেই এতিয়া ঘৰতে সোমাই আছে। নাওবোৰে সিহঁতৰ গৰাকীক নেদেখা হ’ল।’

অনুবাদঃ পংকজ দাস

Jigyasa Mishra

जिज्ञासा मिश्रा, उत्तर प्रदेश के चित्रकूट ज़िले की एक स्वतंत्र पत्रकार हैं.

की अन्य स्टोरी Jigyasa Mishra
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das