living-with-disability-in-rural-india-as

Sep 09, 2025

ভাৰতত বিশেষভাৱে সক্ষমসকলৰ জগতখন

গ্ৰামীণ ভাৰতত বহুতেই বিশেষভাৱে সক্ষম অৱস্থাত জীৱন অতিবাহিত কৰি আহিছে। জন্মতে অহা অক্ষমতাৰ উপৰিও সামাজিক বা ৰাজ্যিক কাৰ্য্যকলাপৰ ফলতো শাৰীৰিক-মানসিক অক্ষমতাই দেখা দিব পাৰে। যেনে ধৰক ঝাৰখণ্ডৰ গাওঁবোৰৰ গাতে লাগি থকা ইউৰেনিয়ামৰ খনিৰ প্ৰভাৱ, বা সমাধানৰ সদিচ্ছাৰ অভাৱত চলি থকা খৰাঙৰ ফলত মাৰাথৱাড়াৰ লোকে ফ্লুৰ’ইডযুক্ত ভূজল খাবলগীয়া হোৱা আদি। কেতিয়াবা অক্ষমতা আহে ৰোগ বা চিকিৎসাৰ ক্ষেত্ৰত অৱহেলাই- লক্ষ্ণৌৰ জাবৰ পেলোৱা কাম কৰা পাৰ্বতী দেৱীৰ আঙুলিকেইটা কুষ্ঠৰোগৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে, আকৌ মিজোৰামৰ দেবহালা চাকমাৰ সৰু আই ওলোৱাৰ ফলত অন্ধ হৈছে, পালঘৰৰ প্ৰতিভাই হিলিমৰ গেংগ্ৰীনৰ ফলত হাত-ভৰি হেৰুৱাবলগীয়া হৈছে। কিছুমানৰ বাবে অক্ষমতা বৌদ্ধিক – যেনে জন্মগত পক্ষাঘাত থকা শ্ৰীনগৰৰ মহচিন, আকৌ ডাউন চিনড্ৰম ধৰা পৰা মহাৰাষ্ট্ৰৰ প্ৰতীক। বহুক্ষেত্ৰত দৰিদ্ৰতা, অসমতা, স্বাস্থ্যসেৱাৰ তেনেই শোচনীয় সুবিধা আৰু বৈষম্যৰ ফলত প্ৰত্যাহ্বান বাঢ়ি যায়। পাৰিয়ে বিশেষভাৱে সক্ষমসকলৰ গ্ৰামীণ জীৱন কেনে, তাকে লৈ পাৰিৰ এই প্ৰতিবেদনসমূহ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translator

PARI Translations, Assamese