পটলপুৰত এতিয়া মতা মানুহ এজনেই আছে। তেওঁৰ পৰিয়ালটোৱে তাত এতিয়া একমাত্ৰ খেতিয়ক পৰিয়াল।

যোৱাবাৰ অক্টোবৰত তেওঁলোকৰ ঘৰটো হাতীয়ে ভাঙিছিল, সেয়া আছিল যোৱা ১০ বছৰত হাতীৰ আক্ৰমণৰ আঠ নম্বৰটো ঘটনা। পটলপুৰত তেওঁলোকৰ কেঁচা ঘৰটো হাতীৰ গছকত ধূলিস্যাৎ হৈ গৈছিল।

সেয়া আছিল খেতি চপোৱাৰ সময় আৰু আহাৰ-শাওণ মাহৰ বৰষুণ পৰিছিল। হাতীৰ জাকটোৱে ২০০ কিলোমিটাৰ বাট অৰণ্য-পাহাৰ অতিক্ৰমী পাহাৰৰ পাদদেশত থকা গাওঁখনত সোমাইছিল। সিহঁত প্ৰথমে ৰৈছিল ময়ুৰাক্ষীৰ উপনৈ সিদ্ধেশ্বৰীৰ পাৰত। সেয়া পটলপুৰৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত। তাত কিছু জিৰণি লৈছিল। ২০০ কিলোমিটাৰমানৰ বাট বাই জাকটোৰ ভোক লাগিছিল, সন্মুখত আছিল ভৰপক শস্যপথাৰ।

“আমি প্ৰাণৰ ভয় নকৰি সিহঁতক খেদিবলৈ জোঁৰ জ্বলাই নিলো,” চন্দনা আৰু উজ্জ্বল দাসৰ সৰুটো ল’ৰা প্ৰসেনজীতে কয়। “হাতীয়ে ভালেকেইবাৰ পকিবলৈ ধৰা খেতিপথাৰ তহিলং কৰিছে। সিহঁতে ধানবোৰ খাই পেলালে আমালৈ থাকিল কি?”

ধানখেতি নষ্ট হোৱাটোৱে দাসৰ একমাত্ৰ সমস্যা নহয়। পৰিয়ালটোৱে তেওঁলোকৰ ১৪ বিঘা মাটিত আলু, লাও, বিলাহী আৰু ৰঙালাওৰ লগতে কল আৰু অমিতাৰো খেতি কৰে।

উজ্জ্বল দাস কোনো সাধাৰণ কৃষক নহয়। তেওঁৰ খেতিৰ ৰঙালাওৱে ৰাষ্ট্ৰীয় পুৰস্কাৰো পাই থৈছে। ৰাজ্যখনৰ প্ৰতিটো ব্লকৰ আটাইতকৈ দক্ষ খেতিয়কজনক এই কৃষক ৰত্ন পুৰস্কাৰ দিয়া হয়। তেওঁ ২০১৬ আৰু ২০২২ত ৰাজনগৰ ব্লকৰ পৰা এই সন্মান লাভ কৰিছে। পুৰস্কাৰ হিচাপে তেওঁ ১০,০০০ টকাৰ নগদ ধন আৰু এখন প্ৰমাণপত্ৰ পাইছে।

Ujjwal Das holding his Krishak Ratna Certificate. He received this award from the West Bengal government in 2016 and 2022
PHOTO • Sayan Sarkar

হাতত কৃষক ৰত্ন পুৰস্কাৰৰ প্ৰমাণপত্ৰ লৈ উজ্জ্বল দাস। তেওঁ ২০১৬ আৰু ২০২২ত পশ্চিমবংগ চৰকাৰৰ পৰা এই পুৰস্কাৰ পাইছিল

তেওঁৰ গাওঁ পটলপুৰ আছে পশ্চিমবংগৰ বীৰভূম জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত। নাতিদূৰত সেয়া ঝাৰখণ্ড। প্ৰতিবছৰে ইয়ালৈ খাদ্যৰ সন্ধানত জাকে জাকে হাতী আহে। প্ৰথমে সিহঁতে কাষৰ পাহাৰবোৰত জিৰায়, তাৰপিছত পাহাৰৰ দাঁতিকাষৰীয়া খেতিপথাৰত নামে।

প্ৰথমে সিহঁতৰ সন্মুখত পৰে পটলপুৰ গাওঁখন। পৰিত্যক্ত গাওঁখনৰ জৰাজীৰ্ণ ভগা ঘৰবোৰ, শেলুৱৈ পৰা চোতাল আৰু তুলসীৰ তলে হস্তীৰ জাকৰ বিচৰণৰ প্ৰমাণ।

আজিৰ পৰা ১২-১৩ বছৰ আগৰ কথা, প্ৰথমবাৰৰ বাবে হাতীয়ে গাওঁখন আক্ৰমণ কৰিছিল। তেতিয়া গাওঁখনৰ বাসিন্দা আছিল ৩৩৭ জন (২০১১ৰ লোকপিয়ল)। তেতিয়াৰে পৰা গাওঁখনত মানুহৰ সংখ্যা কমি আহিল, এতিয়া ৰাজনগৰ ব্লকৰ এইখন গাঁৱত এটামাত্ৰ পৰিয়াল থাকে, যিয়ে এতিয়াও খেতিমাটি আৰু ঘৰ এৰি দিয়া নাই। হাতীৰ সঘন আক্ৰমণত আশাহত হৈ গাঁৱৰ বাকী পৰিয়ালবোৰে নিকটৱৰ্তী চহৰ-নগৰ যেনে সুৰি, ৰাজনগৰ আৰু জয়পুৰত থিতাপি লাগিছেগৈ।

“ক্ষতি সহিব নোৱাৰাসকলে গাওঁ এৰি আন গাঁৱলৈ গুছি গ’ল,” গাওঁখনৰ এটা মূৰত থকা এমহলীয়া ঘৰটোৰ চোতালত বহি উজ্জ্বল দাসে কয়। “মোৰ পৰিয়ালটো ডাঙৰ। মই ক’লৈকো যাব নোৱাৰো। এৰি গ’লে আমি কি খাই জীয়াই থাকিম?” ৫৭ বছৰ বয়সীয়া খেতিয়কজনে প্ৰশ্ন কৰে। গাওঁখনৰ আন বহুতো পৰিয়ালৰ দৰে উজ্জ্বলো বৈৰাগী সম্প্ৰদায়ৰ, পশ্চিমবংগৰ অনান্য পিছপৰা শ্ৰেণীৰ এটা।

হাতী অহাৰ উমান পালেই ৫৩ বছৰ বয়সীয়া চন্দনা দাসহঁতে গাওঁখনৰ পৰা পাঁচ কিলোমিটাৰ দূৰৰ জয়পুৰলৈ গুছি যায়, চন্দনাই কয়। আৰু সেয়া সম্ভৱ হৈ নুঠিলে “আমি আটায়ে ঘৰৰ ভিতৰতে সোমাই থাকো,” তেওঁ যোগ দিয়ে।

Left: Residents of Patalpur have moved to nearby towns and villages, leaving behind their homes bearing the marks of elephant attacks
PHOTO • Sayan Sarkar
Right: Chandana Das in their kitchen with her grandson
PHOTO • Sayan Sarkar

বাওঁফালে: পটলপুৰৰ পৰিয়ালবোৰ দাঁতিকাষৰীয়া চহৰ আৰু গাওঁবোৰলৈ গুছি গৈছে, এৰি গৈছে হাতীৰ গছকৰ চিন থকা তেওঁলোকৰ জৰাজীৰ্ণ ঘৰ আৰু পথাৰবোৰ। সোঁফালে: নাতিল’ৰাৰ সৈতে পাকঘৰত চন্দনা দাস

গাওঁখনৰ একমাত্ৰ পৰিয়ালটোৱে কয় যে তাত আন সমস্যাও আছে। গংমুড়ি-জয়পুৰ পঞ্চায়তৰ অন্তৰ্গত এইখন গাঁৱলৈ অহা বাটটো অৰণ্যৰ একেবাৰে গাতে লাগি আছে। হাতীৰ আক্ৰমণৰ পিছতো ইয়াত থাকি যোৱাৰ আঁৰত আন এটা কাৰণ আছে। কিয়নো ইয়াত কোনোৱে মাটি কিনিব নোখোজে। “ইয়াৰ মাটি বিক্ৰী কৰি এৰি যোৱাটো ইমান সহজ নহয়,” উজ্জ্বলে কয়।

পৰিয়ালটোৰ আন সদস্যসকল হৈছে উজ্জ্বলৰ পত্নী চন্দনা দাস আৰু দম্পতিহালৰ দুই পুত্ৰ চিৰঞ্জীত আৰু প্ৰসেনজীত। তেওঁলোকৰ জীয়ৰী বৈশাখী (৩৭)ক ১০ বছৰ আগতে বিয়া দিছে, পটলপুৰৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ চেন্থিয়াত তেওঁ থাকে।

২৭ বছৰীয়া প্ৰসেনজীতৰ এখন মাৰুতি কাৰ আছে, চুবুৰীয়া গাওঁবোৰত ভাৰাত দি তেওঁ মাহে ১০ হাজাৰ টকা উপাৰ্জন কৰে। পৰিয়ালৰ আন সদস্যসকলৰ দৰে তেঁৱো খেতিপথাৰত কাম কৰে, বৰ্ষানিৰ্ভৰ শস্যৰ খেতি কৰে। তেওঁলোকে নিজে খাবৰ বাবে এটা অংশ ৰাখে আৰু বাকীখিনি উজ্জ্বলে ৰাজনগৰত প্ৰতি বৃহস্পতিবাৰ আৰু দেওবাৰে বহা বজাৰত বিক্ৰী কৰে। সপ্তাহৰ বাকীকেইটা দিন তেওঁ পুতেক চিৰঞ্জীতৰ মটৰ চাইকেলখন লৈ গাঁৱে গাঁৱে পাচলি বিক্ৰী কৰি ফুৰে। ধানখেতিৰ পৰা পোৱা ধানৰো নিৰ্দিষ্ট এক অংশ ৰাখি বাকীখিনি বিক্ৰী কৰে।

“হাতীয়ে আক্ৰমণ কৰিলেও সেয়া সহি মই মোৰ খেতিডৰাৰ মোহত ইয়াত থাকি যাও,” উজ্জ্বলে কয়। তেওঁ গাওঁখন এৰি যাবলৈ ইচ্ছা নকৰে।

'If the elephants eat all the crops, what are we supposed to eat?' asks Prasenjit Das. He is worried that the elephants might ruin their banana grove among other fields
PHOTO • Sayan Sarkar
'If the elephants eat all the crops, what are we supposed to eat?' asks Prasenjit Das. He is worried that the elephants might ruin their banana grove among other fields
PHOTO • Sayan Sarkar

'হাতীয়ে আটাইবোৰ শস্য খাই পেলালে আমি কি খাম?' প্ৰসেনজীতে প্ৰশ্ন কৰে। নিজৰ কলখেতিৰ বাগানখনো হাতীয়ে নষ্ট কৰি পেলাব বুলি তেওঁৰ মনত ভয় সোমাইছে

ৰাজনগৰ হাইস্কুলৰ প্ৰাক্তন শিক্ষক সন্তোষ কৰ্মকাৰে কয় যে অৰণ্য সংকুচিত হৈ অহাৰ বাবে হাতীৰ জাকবোৰ খেতিপথাৰত নামিছে। হাতীৰ জাকবোৰে ঝাৰখণ্ড পাৰ হৈ পুৰুলিয়াৰ দালমা ৰেঞ্জত সোমায়, আগতে সেইখন অটব্য হাবিৰে ভৰি আছিল, হাতীৰ বাবেও খাদ্য আছিল।

“আজি হাতীবোৰ সংকটত পৰিছে। সিহঁতে খাদ্যৰ সন্ধানত পাহাৰ এৰি ওলাই আহিছে,” কৰ্মকাৰে কয়। বিলাসী ৰিছ’ৰ্ট বনোৱাৰ নামত বৃহৎ পৰিমাণৰ গছ-গছনি কটা আৰু মানুহৰ বৰ্দ্ধিত বসতিৰ ফলত হাতীৰ বাবে খাদ্য কমি গৈছে আৰু সিহঁতৰ বসতিস্থলো সংকুচিত হৈছে।

এইবছৰ (২০২৩) গাঁৱত এটাও হাতী দেখা নগ’ল, প্ৰসেনজীতে কয়। কিন্তু চিন্তা কমা নাই, “এতিয়া আহিলে সিহঁতে কলৰ বাগানবোৰ তহিলং কৰি পেলাব।” ১০ কঠা মাটিত তেওঁ কলৰ খেতি কৰিছে।

পশ্চিমবংগৰ বন বিভাগৰ প্ৰতিবেদন অনুসৰি কৃষকে “মানুহৰ মৃত্যু/আঘাতৰ লগতে বনৰীয়া জীৱ-জন্তুৰ কাৰণে শস্য/পশুধন/ঘৰৰ ক্ষয়-খতিৰ কাৰণে ক্ষতিপূৰণ লাভ কৰিব লাগে।” উজ্জ্বল দাসৰ কেৱল চাৰিবিঘা মাটিৰহে কাগজ আছে। বাকী ১০ বিঘা মাটি তেওঁ পূৰ্বপুৰুষৰ পৰা লাভ কৰিছে যিখিনিৰ একো নথি-পত্ৰ নাই, সেয়ে ক্ষতিপূৰণো বিচাৰিব নোৱাৰে। “হাতীয়ে ২০ৰ পৰা ৩০ হাজাৰ মূল্যৰ শস্য নষ্ট কৰিলে চৰকাৰে ৫০০ৰ পৰা ৫,০০০ টকা ক্ষতিপূৰণ হিচাপে দিয়ে,” তেওঁ আঙুলিয়াই দি কয়।

Ujjwal Das, 57, one of the last remaining residents of Patalpur
PHOTO • Sayan Sarkar

পটলপুৰৰ অন্তিম বাসিন্দাসকলৰ এজন উজ্জ্বল দাস (৫৭)

২০১৫ত তেওঁ ৰাজনগৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত দৰ্খাস্ত দি ৫,০০০ টকা ক্ষতিপূৰণ পাইছিল। তিনিবছৰ পিছত, ২০১৮ত তেওঁ স্থানীয় ৰাজনৈতিক নেতা এজনৰ পৰা ক্ষতিপূৰণ হিচাপে ৫০০ টকা পাইছিল।

বন বিভাগৰ বনাঞ্চলিক বিষয়া কুদৰত খোদায়ে কয় যে গাওঁবাসীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ল’বলগীয়া সকলো সাৱধানতা লৈছে। “আমাৰ ‘ঐৰাৱত’ নামে এখন কাৰ আছে। হাতী খেদি পঠিওৱাৰ বাবে আমি সেইখনৰ চাইৰেন লগাও। চাইৰেন বজাই একো শাৰীৰিক ক্ষতি নকৰাকৈ সিহঁতক খেদি পঠিয়াও।”

বন বিভাগৰ নিজা স্থানীয় গজমিত্ৰও আছে। পটলপুৰৰ পৰা সাত কিলোমিটাৰ দূৰৰ বাগানপাৰাৰ পাঁচজন ডেকাল’ৰাক বন বিভাগে ঠিকা ভিত্তিত গজমিত্ৰ হিচাপে নিয়োগ কৰিছে। হাতী আহিলে তেওঁলোকে বন বিভাগলৈ খবৰ পঠিয়ায়।

কিন্তু পটলপুৰৰ শেষৰকেইজন নিবাসীয়ে এই কথাত সন্মত নহয়। “আমি বন বিভাগৰ পৰা একো সহায় নাপাও,” চন্দনা দাসে কয়। পৰিত্যক্ত ঘৰ আৰু উখা চোতালবোৰ তেওঁলোকৰ অসহায় অৱস্থানৰ চিন।

অনুবাদ: পংকজ দাস

Sayan Sarkar

Sayan Sarkar is a freelance journalist and contributes to various magazines. He has a graduate degree in Mass Communication from Kazi Nazrul Islam University.

Other stories by Sayan Sarkar
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das