“য’লৈকে যাওঁ, এইক লগত লৈয়ে যাওঁ,’ গীতা দেৱীয়ে কাষতে বহি থকা বান্ধৱী সকুনিৰ ফালে চাই হাঁহি এটা মাৰি কয়।

দুয়োজনে ওচৰৰ হাবিলৈ গৈ শাল (Shorea robusta) সংগ্ৰহ কৰে আৰু তাৰ পৰা থাল আৰু বাতি বনায়। সেয়া পালামৌ জিলাৰ সদৰ দৌলতগঞ্জ চহৰত বিক্ৰী কৰে।

গীতা আৰু সকুনিয়ে প্ৰায় ৩০ বছৰ ধৰি কোপে গাঁৱৰ নদীতোলা চুবুৰীটোত বাস কৰি আহিছে। ঝাড়খণ্ডৰ গাওঁবোৰৰ বাসিন্দাৰ দৰে গীতা আৰু সকুনিও পেটৰ ভাত মোকলাবলৈ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল।

তেওঁলোকে নিতৌ আঠ ঘণ্টা পৰ্য্যন্ত হাবিত কটায়। গৰু-ম’হ ঘৰ চপাৰ সময়তে তেওঁলোকেও ঘৰলৈ আহে। পৰ্য্যাপ্ত পৰিমাণৰ শাল পাত গোটাওতে তেওঁলোকক দুটা দিন লাগে। সময় চকুৰ পচাৰতে পাৰ হৈ যায়, তাৰ মাজতে তেওঁলোকে সামান্য বিৰতি লয়, পৰিয়ালৰ বিষয়ে কথা পাতে আৰু গাঁৱৰ ইটো-সিটো খবৰ আদান-প্ৰদান কৰে।

নিতৌ গীতাই অপেক্ষা কৰে কেতিয়া চুবুৰীয়াজনীৰ তাইক মাতিব – “নিকালিহে...” কেইমুহূৰ্তমানৰ পিছতেই দুয়ো হাতত চিমেণ্টৰ পুৰণি বস্তা আৰু প্লাষ্টিকৰ বটলত পানী আৰু এখন সৰু কুঠাৰ, এটুকুৰা পুৰণি কাপোৰ লৈ ৰাওনা হয় হাবিলৈ। ঝাড়খণ্ডৰ পালামৌ ব্যাঘ্ৰ প্ৰকল্পৰ বাফাৰ জ’নৰ হাবিলৈ বুলি দুয়োজন ওলায়।

দুই বান্ধৱীৰ সম্প্ৰদায় ভিন্ন। গীতা এগৰাকী ভুঁইয়া দলিত আৰু সকুনি ওৰাওঁ আদিবাসী। আমি খোজকাঢ়ি গৈ থকাৰ সময়ত গীতাই সতৰ্কৰ সুৰত কয়, “ইয়ালৈ কিন্তু অকলে নাহিব। কেতিয়াবা বনৰীয়া জন্তু আহি ওলায়। আমি তেন্দুৱা (চিতাবাঘ) দেখিছো!” সাপ আৰু বৃশ্চিকৰ ভয় আছেই, সকুনিয়ে কয়। “ভালেকেইবাৰ হাতীৰ আগতো পৰিছো।” উল্লেখ্য যে পালামৌ ব্যাঘ্ৰ প্ৰকল্পত ৭৩ টা চিতাবাঘ আৰু প্ৰায় ২৬৭ টা হাতী ( ২০২১ৰ বন্যপ্ৰাণী গণনা অনুসৰি)।

Sakuni (left) and Geeta Devi (right), residents of Kope village in Latehar district, have been friends for almost three decades. They collect sal leaves from Hehegara forest and fashion the leaves into bowls and plates which they sell in the town of Daltonganj, district headquarters of Palamau
PHOTO • Ashwini Kumar Shukla
Sakuni (left) and Geeta Devi (right), residents of Kope village in Latehar district, have been friends for almost three decades. They collect sal leaves from Hehegara forest and fashion the leaves into bowls and plates which they sell in the town of Daltonganj, district headquarters of Palamau
PHOTO • Ashwini Kumar Shukla

লাতেহাৰ জিলাৰ কোপে গাঁৱৰ সকুনি (বাওঁফালে) আৰু গীতা দেৱী (সোঁফালে) প্ৰায় তিনি দশক ধৰি বান্ধৱী। তেওঁলোকে হেহেগাড়া হাবিৰ পৰা শালপাত সংগ্ৰহ কৰি তাৰ পৰা থাল-বাতি বনই পালামৌ জিলাৰ সদৰ দৌলতগঞ্জত বিক্ৰী কৰে

কুঁৱলীয়া ছানি ধৰা শীতৰ ৰাতিপুৱা এটাত পঞ্চাশৰ দেওনা পাৰ কৰা গীতা আৰু সকুনিয়ে কেৱল পাতল চাদৰ এখন গাত লৈ ওলাইছে। লাতেহাৰ জিলাৰ মানিকা ব্লকৰ তেওঁলোকৰ নিজৰ বসতিস্থলৰ নিকটৱৰ্তী ঔৰংগা নদীখন প্ৰথমে তেওঁলোকে পাৰ কৰিলে। শীতকালি হেতুকে নৈখনৰ পানী তৰাং, খোজকাঢ়ি পাৰ হ’ব পাৰি। কিন্তু বাৰিষাৰ দিনত তেওঁলোকে গললৈকে অহা পানীৰ মাজেৰে পাৰ হ’বলগীয়া হয়।

সিটো পাৰ পোৱাৰ পিছত আৰু ৪০ মিনিটৰ বাট। অৰণ্যৰ নিজম নৈশব্দ ভাঙি শুনা যায় কেৱল তেওঁলোকৰ চেন্দেলৰ চপ চপ শব্দ। তেওঁলোকৰ গন্তব্যস্থল এডাল বৃহদাকায় মহুৱা গছ (Madhuca longifolia), শাল গছৰে ভৰি থকা হাবিখনত গছডালেৰে তেওঁলোকে চিন ৰাখে।

“হাবিখন আগৰ দৰে নাই। আগতে বহুত ঘন আছিল...ইমান ভিতৰলৈকে আমি অহা নাছিলো,” সকুনিয়ে কয়। গ্ল’বেল ফৰেষ্ট ৱাটচ-ৰ তথ্য অনুযায়ী ২০০১ৰ পৰা ২০২২ চনৰ ভিতৰত ৰাজ্যখনে ৫.৬২ কিলো হেক্টৰ অৰণ্য আচ্ছাদন হেৰুৱাইছে।

কেবাদশক আগতে হাবিলৈ অহাৰ স্মৃতি সুঁৱৰি সকুনিয়ে কয়, “দিনটোৰ যিকোনো সময়ত হাবিত ৩০-৪০ জন মানুহ আছিল। এতিয়া বেছিভাগ গৰু-ছাগলী চৰোৱা মানুহ আৰু খৰি লুৰুকিবলৈ অহা মানুহেই পাব।”

গীতাই কয় যে চাৰি বছৰ আগলৈকে এই কামত ভালেমান মহিলা জড়িত হৈ আছিল। কিন্তু এই জীৱিকাত উপাৰ্জন তেনেই সামান্য। তেওঁলোকৰ গাঁৱৰ এতিয়া দুই-চাৰিজন মহিলাই মাত্ৰ এই কামত জড়িত হৈ আছে।

খৰি আদি সংগ্ৰহ কৰা নিষিদ্ধ কৰাৰ ফলত আজিকালি মহিলাসকলে হাবিলৈ খৰি বিচাৰি নোযোৱা হ’ল। “২০২০ৰ লকডাউনৰ সময়ৰ পৰা বন্ধ কৰি দিয়া হ’ল,” সকুনিয়ে কয়। ঝাড়খণ্ড চৰকাৰে প্ৰথমে খৰি সংগ্ৰহৰ ওপৰত মাচুল নিৰ্ধাৰণ কৰিছিল যদিও পিছত সেই নিয়ম উঠাই দিলে। কিন্তু এতিয়াও খৰি লুৰুকিবলৈ গ’লে গাঁৱৰ মানুহে এতিয়াও পইচা দিব লাগে।

In the area known as Naditola, Geeta lives with her large family of seven and Sakuni with her youngest son (right) Akendar Oraon
PHOTO • Ashwini Kumar Shukla
In the area known as Naditola, Geeta lives with her large family of seven and Sakuni with her youngest son (right) Akendar Oraon
PHOTO • Ashwini Kumar Shukla

দুই বন্ধুৰ ঘৰ নদীতোলাত, গীতাৰ সাতজনীয়া ভৰা সংসাৰ, আনহাতে সকুনি থাকে তেওঁৰ সৰুজন পুত্ৰ (সোঁফালে) আকেন্দৰ ওৰাওঁৰ সৈতে

সংসাৰ চলোৱাৰ তাগিদাত তেওঁলোকে সদায় হাবিলৈ যাব লাগে। সকুনিয়ে কুৰি বছৰ বয়সৰ পৰাই এই কামত ধৰিছিল। “খুব কম বয়সতে বিয়াত বহিছিলো,” তেওঁ কয়। মদাহী গিৰীয়েকে তেওঁক এৰি যোৱাৰ পিছত সকুনিয়ে নিজৰ তিনি পুত্ৰসন্তানৰ ভৰণ-পোষণৰ দায়িত্ব অকলেই মূৰ পাতি ল’বলগীয়া হ’ল। “কামৰ সুবিধা একেবাৰেই নাছিল,” তেওঁ কয়। “পাত আৰু দাতুন বিক্ৰী কৰি সন্তানকেইটা ডাঙৰ কৰিছো।”

সকুনিয়ে এতিয়া সৰুজন পুত্ৰ ১৭ বৰ্ষীয় আকেন্দৰ ওৰাওঁৰ সৈতে দুটা কোঠাৰ কেঁচা ঘৰ এটাত থাকে। তেওঁৰ ডাঙৰ ল’ৰাদুটাই বিয়া পাতি বেলেগ হৈছে, একেখন গাঁৱতে বেলেগে ঘৰ সাজি আছে।

কেইঘৰমান এৰি গীতাৰ ঘৰ। জীয়ৰী, তিনি সন্তান, এজনী বোৱাৰী আৰু দুটি নাতিৰ সৈতে তেওঁলোকে কেঁচা ঘৰ এটাত থাকে। গীতাৰ গিৰীয়েক ঢুকোৱাৰ পাঁচ বছৰ হ’ল। গীতাৰ সৰুজনী ছোৱালী ২৮ বৰ্ষীয় উৰ্মিলাইও থাল বিক্ৰী কৰে। কিন্তু ছোৱালীজনীৰ কাৰণে অন্য এক ভবিষ্যতৰ আশা কৰে। “ডাঙৰজনী ছোৱালীক দুখীয়া পৰিয়াল এটালৈ বিয়া দিছো।” সৰুজনীৰ ক্ষেত্ৰত তেনে নকৰোঁ। লাগিলে যৌতুকো দিম,” গীতাই কয়।

সাত ভাই-ভনীৰ আটাইতকৈ সৰু গীতাই কম বয়সৰ পৰাই কাম কৰিবলৈ লৈছিল, সেয়ে কেতিয়াও স্কুললৈ যোৱা নহ’ল। “স্কুললৈ গ’লে ঘৰৰ কাম-বন কোনে কৰিলেহেঁতেন?” তেওঁ কয়। তেওঁৰ দিনটো আৰম্ভ হয় পূৱে ধলফাট দিয়াৰ পূৰ্বেই, ৪ বজাত। ৰন্ধা-বঢ়া কৰি, ঘৰ সৰা-পোচা কৰি, গৰু এৰাল দি (এটা গাইগৰু আৰু দুটা বলদ গৰু) উঠিহে তেওঁ আজৰি হয় আৰু হাবিলৈ পাত বিচাৰি যায়। তেওঁৰ বান্ধৱীৰো একেই ৰুটিন, কিন্তু গীতাক সহায় কৰিবলৈ বোৱাৰী আছে, সকুনিৰ কোনো নাই।

*****

বাফাৰ জ’ন পোৱাৰ পিছত দুয়োৱে বস্তাদুটা নমাই থ’লে। শীতৰ ৰাতিপুৱা যদিও ইমানদূৰ খোজকাঢ়ি অহাৰ বাবে তেওঁলোকৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙিছে। শাড়ীৰ আচলেৰে সেয়া টুকি তেওঁলোকে কামত লাগিছে।

কাম আৰম্ভ কৰাৰ আগেয়ে তেওঁলোকে কাপোৰৰ টুকুৰাটো এটা টোপোলাৰ আকৃতি দি কান্ধত মেৰিয়াই লৈছে, তাতে তেওঁলোকে পাতবোৰ সংগ্ৰহ কৰিব। কাপোৰৰ টুকুৰাটোৰ এটা মূৰ কঁকালৰ খোচনিত সুমুৱাই কান্ধত তেওঁলোকে টোপোলা কৰি কামলৈ সাজু হ’ল।

Every morning, Sakuni and Geeta cross the Auranga river near their home and make their way on foot to the forest. Even four years ago, there were many women involved in the craft of dona and pattal -making, but poor earnings has deterred them from continuing. The friends are among the last women in their village still engaged in this craft
PHOTO • Ashwini Kumar Shukla
Every morning, Sakuni and Geeta cross the Auranga river near their home and make their way on foot to the forest. Even four years ago, there were many women involved in the craft of dona and pattal -making, but poor earnings has deterred them from continuing. The friends are among the last women in their village still engaged in this craft
PHOTO • Ashwini Kumar Shukla

সদায় পুৱা সকুনি আৰু গীতাই তেওঁলোকৰ ঘৰৰ কাষৰ ঔৰংগা নদী পাৰ হৈ হাবিলৈ বাট বুলে। চাৰিঘণ্টা আগলৈকে গাঁৱৰ কেইগৰাকীমান মহিলা এই ব্যৱসায়টোৰ সৈতে জড়িত হৈ আছিল, কিন্তু উপাৰ্জন কম দেখি তেওঁলোকে সেই কাম এৰিলে। গাঁৱত এতিয়াও সেই কাম কৰি থকা মহিলাসকলৰ অন্যতম এই দুই বান্ধৱী

The two women also cut and collect branches of the sal tree which they sell as datwan( a stick to clean teeth), sometimes with help from family members . One bundle of datwan costs 5 rupees. 'People don’t even want to pay five rupees for the datwan. They bargain,' says Sakuni
PHOTO • Ashwini Kumar Shukla
The two women also cut and collect branches of the sal tree which they sell as datwan( a stick to clean teeth), sometimes with help from family members . One bundle of datwan costs 5 rupees. 'People don’t even want to pay five rupees for the datwan. They bargain,' says Sakuni
PHOTO • Ashwini Kumar Shukla

মহিলা দুগৰাকীয়ে শালপাতৰ লগতে শালৰ ডালো সংগ্ৰহ কৰে, সেয়া তেওঁলোকে দাতুন হিচাপে বিক্ৰী কৰিব। সেই কামত কেতিয়াবা তেওঁলোকে পৰিয়ালৰ সহায়ো লয়। এক মুঠি দাতুনত ৫ টকা পায়। ‘মানুহে দাতুনৰ কাৰণে পাঁচ টকাও দিব নোখোজে। তেওঁলোকে তাতো দৰদাম কৰে,’ সকুনিয়ে কয়

তেওঁলোকে ডালটো বাওঁহাতেৰে হলাই ধৰে আৰু উপবৃত্তাকাৰ পাতবোৰ বাওঁহাতেৰে চিঙে। “এই গছডালৰ মাট্টাচ (ৰঙাপৰুৱা) আছে, সাৱধানে হ’ব,” সকুনিয়ে তাইৰ সংগীজনীক কৈছে।

“আমি ভাল পাত বিচাৰো, কম ছিদ্ৰ থকা,” গীতাই কেইটামান পাত বস্তাত ভৰাই কয়। তেওঁলোকে হাউলি থকা তলৰ ঠানিৰ পৰা পাত চিঙে, কিন্তু কেতিয়াবা ঢুকি নোপোৱা পাতবোৰ গছ বগাই কুঠাৰেৰে কাটিও আনে।

শাল গছবোৰৰ বৃদ্ধি সাধাৰণতে লেহেমীয়া, ১৬৪ ফুট পৰ্য্যন্ত ওখ হয়। কিন্তু এইখন হাবিৰ শালগছবোৰ কম বয়সৰ, প্ৰায় ৩০-৪০ ফুট ওখ।

আনুমানিক ১৫ ফুট উচ্চতাৰ গছ এডালত উঠিবলৈ সকুনি সাজু। শাড়ীখন সামান্য দাঙি আঠুৰ তলত খোচনি মাৰি লৈছে। গীতাই তেওঁক কুঠাৰখন দিছে। “সেইডাল কাটা,” এডাল ঠানিলৈ দেখুৱাই তেওঁ কয়। ঠানিবোৰ কাটি দাতুন বনাবপৰাকৈ জোখত কটা হয়। এই দাতুনেৰে দাঁত চাফা কৰা হয়।

“মাত্ৰ সঠিক জোখৰ ডাঠ হ’ব লাগে,” এডাল গছৰ পৰা আন এডাললৈ বুলি যোৱা বাটত জোপোহাবোৰ কাটি বাট মোকলাই গৈ থকা গীতাই কয়। “শালৰ লাহী লেকেচীবোৰ ভাল, বহুদিনলৈ নুশুকায়। আপুনি ১৫ দিন পৰ্য্যন্ত ৰাখিব পাৰে,” তেওঁ কয়।

পাত আৰু ঠানি সংগ্ৰহ কৰা এতিয়া আৰু সহজ কাম হৈ থকা নাই। “শীতৰ দিনকেইটা বহুত কষ্ট হয়, আমাৰ হাত ঠৰঙা লাগি যায়,” গীতাই কয়। লগতে তেওঁ কয় যে কুঠাৰ ধৰি ধৰি তেওঁৰ হাতৰ বিষ উঠে।

They collect leaves for 7-8 hours a day, twice a week. T his time, on the second day, they are joined by Geeta's son Ajit and daughter-in-law Basanti (right) who have brought along their baby. If the baby cries, the three of them take turns soothing her
PHOTO • Ashwini Kumar Shukla
They collect leaves for 7-8 hours a day, twice a week. T his time, on the second day, they are joined by Geeta's son Ajit and daughter-in-law Basanti (right) who have brought along their baby. If the baby cries, the three of them take turns soothing her
PHOTO • Ashwini Kumar Shukla

সপ্তাহত দুদিন হাবিল আহি তেওঁলোকে দৈনিক ৭-৮ ঘণ্টা জুৰি পাত সংগ্ৰহৰ কাম কৰে। এইবাৰ দ্বিতীয়দিনা তেওঁলোকক সংগ দিছে গীতাৰ পুত্ৰ অজিত আৰু বোৱাৰী বসন্তিয়ে (সোঁফালে), লগত কেঁচুৱা লৈ আহিছে। কেঁচুৱাটোক তেওঁলোকে পাল পাতি নিচুকায়

Left: Eight years ago, Ajit migrated to Punjab, where he works as a daily wage labourer, earning Rs. 250 a day.
PHOTO • Ashwini Kumar Shukla
Right:  Work stops in the evening when they spot the cattle heading home after grazing. On the third day, Geeta and Sakuni return to the forest to collect the sacks and make their way to Hehegara station from where they catch a train to Daltonganj
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: আঠ বছৰ আগতে অজিতে পাঞ্জাৱলৈ কাম বিচাৰি গৈছিল, তাত তেওঁ দিনহাজিৰা কৰি দিনে ২৫০ টকা পাইছিল। সোঁফালে: গৰু-ম’হবোৰ ঘৰলৈ যাবলৈ ধৰা দেখিলে তেওঁলোকে কাম বন্ধ কৰে। তৃতীয় দিনা গীতা আৰু সকুনিয়ে হাবিৰ পৰা বস্তাবোৰ লৈ আহে আৰু হেহেগাড়া ষ্টেছনলৈ যায়, তাৰপৰা তেওঁলোকে দৌলতগঞ্জৰ ৰেল ধৰে

ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত তেওঁলোকৰ কামত যতি পৰে। তেতিয়া শালগছে পাত সলায়। এপ্ৰিল-মে’ মাহত নতুন পাত ওলায়। এইখিনি সময়ত সকুনিৱে মহুৱা ফল সংগ্ৰহ কৰে। এইবছৰৰ আৰম্ভণিৰ ভাগত তেওঁ ১০০ কিলোগ্ৰাম মহুৱা হাবিৰ পৰা সংগ্ৰহ কৰি সেয়া শুকুৱাই ফলখিনি স্থানীয় দোকানী এজনক ৩০ টকা কিলো দৰত বিক্ৰী কৰিছিল। সেউজীয়া ফুলবোৰ সুৰা বনোৱাত ব্যৱহাৰ কৰা হয়, বীজৰ পৰা তেল উলিয়াই সেয়া খাদ্য ৰন্ধাৰ বাবে ব্যৱহাৰ কৰা হয়।

গীতাৰ অৱশ্যে এইখিনি সময়ত উপাৰ্জন নাই আৰু কামৰ সন্ধানত প্ৰব্ৰজন কৰা তিনি পুত্ৰৰ আয়েৰে ঘৰখন চলে। বাৰীৰ মহুৱা গছৰ পৰা পোৱা পইচাৰে তেওঁলোকৰ ঘৰখনৰ ইটো-সিটো কাম চলি যায়।

*****

হাবিত তিনিদিন কষ্ট কৰাৰ পিছত গীতা আৰু সকুনিয়ে পৰ্যাপ্ত পৰিমাণে পাত সংগ্ৰহ কৰে আৰু সেয়া দৌলতগঞ্জলৈ লৈ যায়। হেহেগাড়া ৰেলৱে ষ্টেছনলৈ তেওঁলোকে ৩০ মিনিটৰ বাট সেই ৩০ কিলোগ্ৰাম ওজনৰ বস্তা কঢ়িয়াই নিয়ে। “এইবাৰ মই দাতুন বেছি আনিছো,” গীতাই হাঁহি মাৰি কয়। সেই বস্তাটোৰ লগত আকৌ তেওঁলোকে ঠাণ্ডা লাগিব বুলি ব্লেংকেট এখনো নিছে।

হেহেগাড়া ষ্টেছনত তেওঁলোকে গছ এডালৰ তলত বহিল। এতিয়া দৌলতগঞ্জলৈ যোৱা দুপৰীয়া ১২ বজাৰ ৰেলখনৰ কাৰণে অপেক্ষা কৰিব লাগিব।

“পাত-দাতুন আদি বিক্ৰী কৰা লোকক টিকট নালাগে,” সকুনিয়ে ৰেলখনৰ দৰ্জাৰ কাষৰ ছিট এটাত বস্তু-বাহিনীখিনি থৈ সকুনিয়ে এই প্ৰতিবেদকক কয়। ৪৪ কিলোমিটাৰ বাট অতিক্ৰম কৰিবলৈ এই ধীৰগতিৰ যাত্ৰীবাহী ৰেলখনত ৩ ঘণ্টা লাগিব। “গোটেই দিনটো অহা-যোৱা কৰোঁতেই যায়,” সকুনিয়ে দীঘলকৈ উশাহ লৈ কয়।

ৰেলখন লাহে লাহে চলিবলৈ ধৰাত গীতাই তেওঁৰ ২.৫ একৰ খেতিমাটিৰ কথা কয়, তাত তেওঁলোকে বাৰিষাৰ দিনত ধান আৰু মাকৈৰ খেতি কৰে। শীতকালত গমধান, বাৰ্লি আৰু বুটমাহৰ খেতি কৰে। “এইবছৰ ধানৰ খেতি ভাল নহ’ল, সেয়ে আমি ৫,০০০ টকাত ২৫০ কিলোগ্ৰাম মাকৈ বিক্ৰী কৰি দিলো,” তেওঁ কয়।

সকুনি দেৱীৰ নিজাকৈ এক একৰ মাটি আছে, তাত তেওঁ খাৰিফ আৰু ৰবি শস্যৰ খেতি কৰে। “এইবছৰ খেতি নকৰিলোঁ। ধান সিঁচিছিলো, কিন্তু নগজিল,” তেওঁ কয়।

Carrying the loads on their heads, the two women walk for around 30 minutes to get to the station. The slow passenger train will take three hours to cover a distance of 44 kilometres. 'A whole day wasted on the journey alone,' Sakuni says
PHOTO • Ashwini Kumar Shukla
Carrying the loads on their heads, the two women walk for around 30 minutes to get to the station. The slow passenger train will take three hours to cover a distance of 44 kilometres. 'A whole day wasted on the journey alone,' Sakuni says
PHOTO • Ashwini Kumar Shukla

মূৰত বোজাই কৰি তেওঁলোকে ৩০ কিলোমিটাৰ বাট অতিক্ৰম কৰি ষ্টেছনলৈ যায়। ধীৰগতিৰ ৰেলখনেৰে ৪৪ কিলোমিটাৰ দূৰৰ দৌলতগঞ্জলৈ যাবলৈ তিনি ঘণ্টা লাগে। ‘গোটেই দিনটো যাত্ৰাতেই যায়,’ সকুনিয়ে কয়

On the train, Geeta and Sakuni Devi talk about farming. Geeta owns 2.5 acres of land where she cultivates paddy and maize during the monsoons and wheat, barley and chickpeas during winter. Sakuni Devi owns around an acre of land, where she farms in both kharif and rabi seasons. While they chat, they also start making the donas
PHOTO • Ashwini Kumar Shukla
On the train, Geeta and Sakuni Devi talk about farming. Geeta owns 2.5 acres of land where she cultivates paddy and maize during the monsoons and wheat, barley and chickpeas during winter. Sakuni Devi owns around an acre of land, where she farms in both kharif and rabi seasons. While they chat, they also start making the donas
PHOTO • Ashwini Kumar Shukla

ৰেলত গীতা আৰু সকুনিয়ে খেতি-খোলাৰ কথা পাতে। গীতাৰ ২.৫ একৰ খেতিমাটি আছে, তাত তেওঁ বৰ্ষাকালত ধান আৰু মাকৈৰ খেতি কৰে, আকৌ শীতকালত গমধান, বাৰ্লি আৰু বুটমাহৰ খেতি কৰে। সকুনি দেৱীৰ প্ৰায় এক একৰ মাটি আছে, তাত তেওঁ খাৰিফ আৰু ৰবিশস্য দুয়োবিধে কৰে। কথা পাতি থকাৰ মাজতে তেওঁলোকে পাত সি থাল বনায়

কথা পাতি থকাৰ মাজতে তেওঁলোকে থাল বনোৱা কাম কৰি থাকে। চাৰি-পাঁচখন পাত মিলাই বাঁহৰ পাতল তমাল এডালেৰে সী দিয়ে। ভাল পাতবোৰ সহজেই চিলাব পাৰি, ভাঁজ কৰোঁতে ফাটি নাযায়। থালখন ভাল হয়। “ডাঙৰ পাত দুই খিলা হ’লেই থাল এখন বনাব পাৰি। নহ’লে এখন থালত চাৰিৰ পৰা পাঁচ খিলা পাতৰ প্ৰয়োজন হয়,” সকুনিয়ে বুজাই কয়।

তেওঁলোকে থালৰ কাষটো বৃত্তাকাৰে ভাঁজ কৰি দিয়ে, যাতে খাদ্য থ’লে বাগৰি নাযায়। “আঞ্জা দিলেও পাতৰ পৰা বাগৰি নাযায় বা তলেৰে সৰকি নাযায়,” গীতা দেৱীয়ে কয়।

বাৰখন থাল লগ লাগি এটা মুঠি হয়। তাত প্ৰায় ৬০ খিলা পাত থাকে। মুঠি এটা চাৰি টকাত বিক্ৰী হয়। তেওঁলোকে এনেকৈ পাত চিঙি, কঢ়িয়াই নি ১,৫০০ পাতত ১০০ টকা পায়।

তেওঁলোকে লগতে দাতুন আৰু পোলা (শালগছৰ পাত) বিক্ৰী কৰে। ১০ ডাল দাতুনৰ মুঠিত পাঁচ টকা আৰু ১০ খন পাতত ১০ টকা পায়। “মানুহে দাতুনৰ কাৰণে পাঁচ টকাও দিব নোখোজে, তাতো দৰদাম কৰে,” সকুনিয়ে কয়।

প্ৰায় পাঁচ বজাত ৰেলখন দৌলতগঞ্জ পায়। ষ্টেছনৰ বাহিৰত, ৰাস্তাৰ কাষত নীলা তিৰ্পাল এখন পাৰি তেওঁলোক বহি থাল সীয়া কামটো শেষ কৰে। তেওঁলোকে পাট্টাল মানে থালৰ অৰ্ডাৰো লয়। এখন থাল বনাবলৈ প্ৰায় ১২-১৪ খিলা পাতৰ প্ৰয়োজন হয় আৰু তেওঁলোকে সেয়া হাতে হাতে সেয়া আঠ অনাত বিক্ৰী কৰে। সেয়া গৃহপ্ৰৱেশ নাইবা নৱৰাত্ৰীৰ সময়ত খাদ্য বিতৰণৰ বাবে মন্দিৰত ব্যৱহাৰ কৰা হয়। ১০০ খন থালৰ অৰ্ডাৰৰ বাবে কেবাজনো লগ লাগি কাম কৰে।

Outside Daltonganj station, Geeta spreads a blue polythene sheet on the ground and the two resume the task of crafting donas. The women also take orders for pattals or plates. Their 'shop' is open 24x7 but they move into the station at night for safety. They will stay here until all their wares are sold
PHOTO • Ashwini Kumar Shukla
Outside Daltonganj station, Geeta spreads a blue polythene sheet on the ground and the two resume the task of crafting donas. The women also take orders for pattals or plates. Their 'shop' is open 24x7 but they move into the station at night for safety. They will stay here until all their wares are sold
PHOTO • Ashwini Kumar Shukla

দৌলতগঞ্জ ষ্টেছনৰ বাহিৰত গীতাই নীলা তিৰ্পাল এখন মাটিতে পাৰি তাতে দুয়োজনে পাত সীবলৈ ধৰে। তেওঁলোকে পাট্টাল মানে তালৰ অৰ্ডাৰো লয়। তেওঁলোকৰ দোকানখন ছৌব্বিশ ঘণ্টাই খোলা থাকে, কিন্তু ৰাতি তেওঁলোকে সুৰক্ষাৰ বাবে ষ্টেছনলৈ আহে। আটাইখিনি সামগ্ৰী বিক্ৰী নোহোৱালৈকে তেওঁলোক তাত থাকে

Left: Four to six leaves are arranged one upon the other and sewn together with strips of bamboo to make the dona . They fold the edges to create a circular shape so that when food is served, it won’t fall out. A bundle of 12 donas sells for four rupees.
PHOTO • Ashwini Kumar Shukla
Right: Bundles of datwan are bought by passengers from the night train.
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: চাৰিৰ পৰা পাঁচখিলা পাত লগ লগাই বাঁহৰ তমালেৰে সী থাল বনোৱা হয়. তেওঁলোকে থালৰ কাষটো ভাঁজ কৰি দিয়ে যাতে খাদ্য বাগৰি নপৰে। ১২খন থালৰ এটা মুঠি চাৰি টকাত বিক্ৰী হয়। সোঁফালে: নিশা যাত্ৰা কৰা যাত্ৰীয়ে তেওঁলোকৰ পৰা দাতুন ক্ৰয় কৰে

গীতা আৰু সকুনিয়ে আটাইখিনি সামগ্ৰী বিক্ৰী নোহোৱালৈকে থাকে। কেতিয়াবা এদিনৰ বেছি সময় লাগে, কেতিয়াবা আঠ দিন পৰ্য্যন্ত লাগে। “আন থাল বিক্ৰেতা আহিলে সময় বেছি লাগে।” এনেক্ষেত্ৰত তেওঁলোকৰ নীলা তিৰ্পালখনেই তেওঁলোকৰ নিশাৰ আশ্ৰয়গৃহ হৈ পৰে। তেওঁলোকে লগত অনা ব্লেংকেটদুখন কামত আহে। কেইদিনমান থাকিবলগীয়া হ’লে তেওঁলোকে চাতুগুড়ি খায়, দিনে দুবাৰ। প্ৰতিদিনে চাতুগুড়ি কিনোতে তেওঁলোকৰ ৫০ টকা খৰছ হয়।

তেওঁলোকৰ দোকানখন ২৪ ঘণ্টাই খোলা থাকে, নিশাৰ ৰেলত অহা যাত্ৰীয়ে তেওঁলোকৰ পৰা দাতন কিনে। গীতা আৰু সকুনিয়ে সন্ধিয়া সময়ত ষ্টেছনলৈ আহে। দৌলতগঞ্জ এখন সৰু চহৰ আৰু ষ্টেছনটোৱেই তেওঁলোকৰ নিৰাপদ আশ্ৰয় হৈ পৰে।

*****

তিনি দিনৰ মূৰত গীতাই থালৰ ৩০ টা মুঠি আৰু ৮০ মুঠি দাতুন বিক্ৰী কৰি ৪২০ টকা পালে। আনহাতে সকুনিয়ে ২৫ মুঠি থাল আৰু ৫০ মুঠি দাতুন বিক্ৰী কৰি ৩০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ল। পইচাখিনি লৈ তেওঁলোকে ৰাতি এৰা পালামৌ এক্সপ্ৰেছত উঠিব। সেইখন পিছদিনা পুৱা আহি বাৰৱাদিহ পাব। তাৰপৰা তেওঁলোকে হেহেগাড়ালৈ ল’কেল ট্ৰেইন ধৰিব।

উপাৰ্জনক লৈ সকুনি সুখী নহয়। “ইমান খাটনি হয়, উপাৰ্জন অথচ ইমান কম,” টালি-টোপোলা বান্ধি থকাৰ সময়ত তেওঁ কয়।

কিন্তু কেইদিনমানৰ মূৰত তেওঁলোক আকৌ ঘূৰি ইয়ালৈ আহিব লাগিব। “এয়াই মোৰ জীৱিকা,” গীতাই কয়। “যিমানদিন দেহাই টানে, এই কামেই কৰি যাব লাগিব।”

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.) প্ৰদত্ত ফেল’শ্বিপৰ অধীনত প্ৰস্তুত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Ashwini Kumar Shukla

Ashwini Kumar Shukla is a freelance journalist based in Jharkhand and a graduate of the Indian Institute of Mass Communication (2018-2019), New Delhi. He is a PARI-MMF fellow for 2023.

Other stories by Ashwini Kumar Shukla
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das