“য’লৈকে যাওঁ, এইক লগত লৈয়ে যাওঁ,’ গীতা দেৱীয়ে কাষতে বহি থকা বান্ধৱী সকুনিৰ ফালে চাই হাঁহি এটা মাৰি কয়।
দুয়োজনে ওচৰৰ হাবিলৈ গৈ শাল (Shorea robusta) সংগ্ৰহ কৰে আৰু তাৰ পৰা থাল আৰু বাতি বনায়। সেয়া পালামৌ জিলাৰ সদৰ দৌলতগঞ্জ চহৰত বিক্ৰী কৰে।
গীতা আৰু সকুনিয়ে প্ৰায় ৩০ বছৰ ধৰি কোপে গাঁৱৰ নদীতোলা চুবুৰীটোত বাস কৰি আহিছে। ঝাড়খণ্ডৰ গাওঁবোৰৰ বাসিন্দাৰ দৰে গীতা আৰু সকুনিও পেটৰ ভাত মোকলাবলৈ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল।
তেওঁলোকে নিতৌ আঠ ঘণ্টা পৰ্য্যন্ত হাবিত কটায়। গৰু-ম’হ ঘৰ চপাৰ সময়তে তেওঁলোকেও ঘৰলৈ আহে। পৰ্য্যাপ্ত পৰিমাণৰ শাল পাত গোটাওতে তেওঁলোকক দুটা দিন লাগে। সময় চকুৰ পচাৰতে পাৰ হৈ যায়, তাৰ মাজতে তেওঁলোকে সামান্য বিৰতি লয়, পৰিয়ালৰ বিষয়ে কথা পাতে আৰু গাঁৱৰ ইটো-সিটো খবৰ আদান-প্ৰদান কৰে।
নিতৌ গীতাই অপেক্ষা কৰে কেতিয়া চুবুৰীয়াজনীৰ তাইক মাতিব – “নিকালিহে...” কেইমুহূৰ্তমানৰ পিছতেই দুয়ো হাতত চিমেণ্টৰ পুৰণি বস্তা আৰু প্লাষ্টিকৰ বটলত পানী আৰু এখন সৰু কুঠাৰ, এটুকুৰা পুৰণি কাপোৰ লৈ ৰাওনা হয় হাবিলৈ। ঝাড়খণ্ডৰ পালামৌ ব্যাঘ্ৰ প্ৰকল্পৰ বাফাৰ জ’নৰ হাবিলৈ বুলি দুয়োজন ওলায়।
দুই বান্ধৱীৰ সম্প্ৰদায় ভিন্ন। গীতা এগৰাকী ভুঁইয়া দলিত আৰু সকুনি ওৰাওঁ আদিবাসী। আমি খোজকাঢ়ি গৈ থকাৰ সময়ত গীতাই সতৰ্কৰ সুৰত কয়, “ইয়ালৈ কিন্তু অকলে নাহিব। কেতিয়াবা বনৰীয়া জন্তু আহি ওলায়। আমি তেন্দুৱা (চিতাবাঘ) দেখিছো!” সাপ আৰু বৃশ্চিকৰ ভয় আছেই, সকুনিয়ে কয়। “ভালেকেইবাৰ হাতীৰ আগতো পৰিছো।” উল্লেখ্য যে পালামৌ ব্যাঘ্ৰ প্ৰকল্পত ৭৩ টা চিতাবাঘ আৰু প্ৰায় ২৬৭ টা হাতী (২০২১ৰ বন্যপ্ৰাণী গণনা অনুসৰি)।






















