“যেন কোনোবাই শুকান জলকীয়াহে পুৰিছিল!”

সেয়া ১৯৮৪ৰ ২ ডিচেম্বৰৰ নিশাৰ ভাগৰ কথা, ভূপালৰ বাসিন্দা নুছৰৎ জাহানে সাৰ পাই ধহমহকৈ উঠি বহিছিল। বুকুখন সোপা মাৰি ধৰিছিল তেওঁৰ। উশাহ ল’ব পৰা নাছিল। চকুকেইটা পুৰিছিল, পানী নিগৰিছিল। তাৰ ক্ষণিক পিছতেই তেওঁৰ ছবছৰীয়া সন্তানটিয়ে কান্দিবলৈ ধৰিছিল। সেই মাতত তেওঁৰ স্বামী মহম্মদ ছফীকো সাৰ পাইছিল।

“কয়ামত কা মঞ্জৰ থা (সেয়া আছিল মহাপ্ৰলয়),” এতিয়া ৭০ বৰ্ষীয় ছফীকে নৱাব কলনিৰ নিজ ঘৰত বহি ৪০ বছৰ আগৰ এই দিনটোতে মধ্যপ্ৰদেশৰ ৰাজধানী চহৰত ঘটা ভূপাল গেছ দুৰ্ঘটনাৰ শোকাৱহ দিনটো মনত পেলায়।

সেই বিষাক্ত গেছৰ ফলত ছফীকৰ পৰিয়ালটোৰ সদস্যসকল চকুৰ পচাৰতে অসুস্থ হৈ পৰিছিল, সময় বাগৰাৰ লগে লগে সকলোৰে স্বাস্থ্য ভাগি পৰিছিল। কাগজ কলত কাম কৰা শ্ৰমিক ছফীকে চিকিৎসা সাহায্য বিচাৰি ভালেকেইটা বছৰ হস্পিতালে হস্পিতালে ঘূৰি ফুৰিছিল। তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা সেই ঘটনাত প্ৰদূষিত হোৱা কুঁৱা এটাৰ পৰা ১৮ বছৰ ধৰি পানী খোৱাৰ ফলত বাঢ়িছিল। সেই পানীয়ে তেওঁৰ চকু জ্বলা-পোৰা কৰিছিল, কিন্তু পানীৰ বাবে আন কোনো উৎসও তেওঁলোকৰ নাছিল। ২০১২ চনতহে সম্ভাৱনা ট্ৰাষ্ট ক্লিনিকে সেই পানী পৰীক্ষা কৰি তাত বিষাক্ত উপাদান মিহলি হৈ থকা বুলি ধৰা পেলায়। সেই অঞ্চলটোৰ ব’ৰৱেলবোৰো ঘটনাক্ৰমে চৰকাৰে বন্ধ কৰি দিয়ে।

১৯৮৪ৰ সেই ৰাতি বিষাক্ত গেছ ছফীকৰ ঘৰত প্ৰৱেশ কৰিছিল ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (ইউ.চি.আই.এল.)ৰ কলঘৰ এটাৰ পৰা, তেতিয়া সেই কলঘৰটোৰ স্বত্ত্বাধিকাৰী আছিল বহুজাতিক ইউনিয়ন কাৰ্বাইড ক’ৰ্পৰেছন (ইউ.চি.চি.)। বিষাক্ত গেছৰ নিৰ্গমন ঘটিছিল ২ ডিচেম্বৰৰ নিশাৰ ভাগত। ইউ.চি.আই.এল.-ৰ পৰা ওলোৱা সেই গেছবিধ আছিল অতিকৈ বিষাক্ত মিথাইল আইছ’চায়ানেট। এনেকৈয়ে বিশ্বৰ আটাইতকৈ ভংয়কৰ গেছ দুৰ্ঘটনাটো ঘটিছিল।

PHOTO • Juned Kamal

সম্ভাৱনা ট্ৰাষ্ট ক্লিনিকৰ সদস্যবৰ্গ আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়, ভূপালৰ শিক্ষাৰ্থীৰ সৈতে নৱাব কলনিৰ নিজ ঘৰত বগা কূৰ্তা পৰিহীত মহম্মদ ছফীক। ছফীকৰ পৰিয়ালটো ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড ফেক্টৰিৰ কাষতে থাকিছিল আৰু ১৯৮৪ত নিৰ্গমন ঘটা বিষাক্ত গেছে তেওঁৰ পুত্ৰৰ গুৰুতৰভাৱে ক্ষতি কৰিছিল

“চৰকাৰী তথ্য মতে ততালিকে মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ২,৫০০ যদিও আন সূত্ৰ (দিল্লী চায়েন্স ফ’ৰামৰ প্ৰতিবেদন) অনুসৰি সেই সংখ্যা অতিকমেও তাৰ দুগুণ আছিল,” দা লিফলেটৰ এই প্ৰতিবেদনত এই কথা কোৱা হৈছে।

বিষাক্ত গেছ গোটেই ভূপাল চহৰখনত বিয়পি পৰিছিল আৰু ছফীকৰ দৰে কলঘৰৰ কাষতে থকা পৰিয়ালবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। বিষাক্ত সেই গেছক্ৰিয়াত চহৰখনৰ ৩৬ টা ৱাৰ্ডত থকা প্ৰায় ছয় লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল।

সন্তানটিৰ অৱস্থা দেখি উদ্বিগ্ন হৈ পৰা ছফীকে প্ৰথমে দৌৰাদৌৰিকৈ তেওঁলোকৰ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰৰ হামিদিয়া হস্পিতাললৈ ওলাল।

“লাছে’ পৰি হুই থী ৱহা পে (সকলোতে মৃতদেহ দেখিছিলো),” তেওঁ মনত পেলায়। শ শ লোকে চিকিৎসাৰ বাবে হস্পিতালত ভিৰ কৰিছিল। ৰোগীৰ ভিৰ দেখি হস্পিতালৰ কৰ্মচাৰী কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিল।

“মাথে পে নাম লিখ দেতে থে (তেওঁলোকে মৃতকৰ কপালত নাম লিখি থৈছিল),” দমে দমে মৃতদেহৰ সেই দৃশ্য মনত পেলাই তেওঁ কয়।

PHOTO • Smita Khator
PHOTO • Prabhu Mamadapur

বাওঁফালে: ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড (ইউ.চি.আই.এল.)ৰ ভূপালস্থিত কলঘৰটো। সোঁফালে: ওচৰৰে শক্তি নগৰৰ পৰা কলঘৰটোৰ দৃশ্য

ছফীকে ওলাই আহি হস্পিতালৰ ৰাস্তাটো পাৰ হৈ সিটো পাৰে ইমামি গেটত কিবা এটা খাবলৈ আহি দেখে যে দাইলৰ ৰংটো নীলা হৈ পৰিছে। “দাইলখন যোৱা ৰাতিৰে ভাই।” বিষাক্ত গেছে দাইলৰ ৰং আৰু সোৱাদ সলনি কৰি পেলাইছিল।

“ইউ.চি.আই.এল.ত গোটেই ভূপাল চহৰখনত সাম্ভাব্য বিপৰ্যয় আনিবপৰা অতিশয় বিপজ্জনক বিষাক্ত ৰাসায়নিক অধিক মাত্ৰাত মজুত কৰি ৰখা স্বত্ত্বেও ইউ.চি.চি. (ইউনিয়ন কাৰ্বাইড কোম্পানী)ৰ বিষয়া-বৰ্গ তথা চৰকাৰী কৰ্তৃপক্ষই কোনোধৰণৰ আগতীয়া সতৰ্কতাবাণী দিয়া নাছিল, সেয়া আচৰিত হ’বলগীয়া কথা,” দা লিফলেটত এন.ডি. জয়াপ্ৰকাশে কৈছে। জয়প্ৰকাশ দিল্লী চায়েন্স ফ’ৰামৰ যুটীয়া সচিব আৰু তেওঁ ঘটনাটো আৰম্ভণিৰে পৰা অনুসৰণ কৰি আহিছে।

ভূপাল গেছ দুৰ্ঘটনাৰ পিছৰছোৱা সময়ত আইনী যুঁজ দশকৰ পিছত দশক ধৰি চলিছে। এই যুঁজ চলিছে ঘাইকৈ দুৰ্য্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণৰ বাবে আৰু ক্ষতিগ্ৰস্তসকলৰ চিকিৎসাৰ তথ্যপাতি ডিজিটেলাইজ কৰাৰ বাবে। দুটাকৈ ফৌজদাৰী গোচৰো চলি আছে। তাৰে এটা ১৯৯২ৰ, ডাও কেমিকেল কোম্পানীৰ বিৰুদ্ধে, যিটো এতিয়া গোটেই ইউ.চি.চি.ৰ স্বত্ত্বাধিকাৰী আৰু আনটো ২০১০ৰ, ইউ.চি.আই.এল. আৰু তাৰ বিষয়াবৰ্গৰ বিৰুদ্ধে। দুয়োটা গোচৰেই ভূপাল জিলা আদালতত অনিৰ্ণীত পৰ্য্যায়ত আছে, জয়াপ্ৰকাশে কয়।

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে আৰু সোঁফালে: ডাচ্চ ভাস্কৰ্য্যশিল্পী আৰু সেই নৰমেধৰ ভুক্তভোগী ৰুথ ৱাটাৰমেনে ১৯৮৫ত কলঘৰৰ প্ৰাংগণত নিৰ্মাণ কৰা মাতৃ-পুত্ৰৰ শিলামূৰ্তি। ইউনিয়ন কাৰ্বাইড ফেক্টৰিৰ বাহিৰত নিৰ্মিত সেয়া প্ৰথমটো ৰাজহুৱা স্মৃতিসৌধ। শিলামূৰ্তিটোৰ তলৰ লিখা আছে: ‘ন’ ম’ৰ ভূপাল, ন’ ম’ৰ হিৰোচিমা’

PHOTO • Smita Khator
PHOTO • Smita Khator

বাওঁফালে: কলঘৰৰ কাষত অঁকা গ্ৰেফিটি। সোঁফালে: কলঘৰৰ সীমাৰ বেৰ পাৰ হৈ দেখা পোৱা থকা শিলামূৰ্তিটো

সেই গেছ দুৰ্ঘটনাত জীৱন ৰক্ষা পৰাসকলে যোৱাসকলে ভূপালৰ পৰা দিল্লীলৈ বুলি ২০১০ত উলিওৱা দিল্লী চলো আন্দোলনতো ছফীকে ভাগ লৈছিল। “ইলাজ (চিকিৎসা), মুৱাবজা (ক্ষতিপূৰণ) আৰু চাফ পানী (বিশুদ্ধ পানী),” আন্দোলনৰ সেয়া আছিল তিনিটা দাবী, তেওঁ কয়। তেওঁলোকে ৰাজধানীৰ যন্তৰ মন্তৰত ৩৮ দিন ধৰ্ণাত বহে আৰু প্ৰধানমন্ত্ৰীৰ বাসগৃহতো প্ৰৱেশৰ চেষ্টা কৰে, তেতিয়াই তেওঁলোক আৰক্ষীৰ হাতত আটকাধীন হয়।

“ভুক্তভোগী আৰু পৰিয়ালে ঘাইকৈ দুটা গোচৰ লৈ আদালতত যুঁজি আছে। এটা উচ্চতম ন্যায়ালয়ত আৰু আনটো জবলপুৰস্থিত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত চলি আছে,” ভূপাল গেছ পীড়িত সংঘৰ্ষ সহযোগ সমিতিৰ উপ-আহ্বায়ক এন.ডি. জয়াপ্ৰকাশে কয়।

*****

“গছবোৰ ক’লা পৰি গৈছিল, সেউজীয়া পাত নীলা হৈ গৈছিল, সকলোফালে আছিল কেৱল ধোঁৱা ধোঁৱা পৰিৱেশ,” চহৰখন কেনেকৈ এক মৰিশালিলৈ পৰিণত হৈছিল, সেয়া মনত পেলাই তাহিৰা বেগমে কয়।

“তেওঁ (মোৰ দেউতা) আমাৰ ঘৰৰ বাৰান্দাতে শুই আছিল,” তেওঁ সেইদিনা ৰাতিৰ কথা মনত পেলায়। “খাৰাপ হাৱাৰ সোঁত বলাৰ লগে লগে তেওঁ উঠি বহে আৰু কাঁহিবলৈ ধৰে। লগে লগে তেওঁক হামিদিয়া হস্পিতাললৈ লৈ যোৱা হয়।” তিনিদিন পিছত তেওঁক ডিচাৰ্জ দিয়ে যদিও “শ্বাস-প্ৰশ্বাসৰ সেই সমস্যা কেতিয়াও আঁতৰি নগ’ল আৰু সেই ঘটনাৰ তিনিমাহ নৌহওঁতেই তেওঁ ঢুকাল,” তাহিৰাই কয়। পৰিয়ালটোৱে ক্ষতিপূৰণ হিচাপে ৫০,০০০ টকা পালে। আদালতত চলি থকা আইনী যুঁজখনৰ কথা তেওঁলোকে নাজানে।

PHOTO • Nayan Shendre
PHOTO • Prabhu Mamadapur

বাওঁফালে: ভূপাল গেছ দুৰ্ঘটনাত তাহিৰা বেগমে (সেউজীয়া-নীলা ওৰণি লৈ থকাগৰাকী) নিজ পিতৃক হেৰুৱাইছিল। তেওঁ ১৯৮৫ৰ পৰা শক্তি নগৰত অংগনবাদী হিচাপে কাম কৰি আছে। সোঁফালে: আজিম প্ৰেমজী বিশ্ববিদ্যালয়, ভূপালৰ শিক্ষাৰ্থীসকলে কলঘৰৰ আশে-পাশে থকা বাসিন্দাৰ ওপৰত বিষাক্ত গেছৰ প্ৰভাৱৰ এক ৰেখাচিত্ৰ প্ৰস্তুত কৰিছে

সেই মৰ্মান্তিক ঘটনাৰ পিছত চহৰখনৰ বাসিন্দাই গণকবৰ খান্দি মৃতকৰ সৎকাৰ কৰিছিল। তেওঁৰ দেউতাকৰ ফালৰ খুৰীয়েকজনীক এনে এটা কবৰত জীয়াই থকা অৱস্থাত পোৱা গৈছিল। “দেখা মাত্ৰকে আমাৰ সম্পৰ্কীয় এজনে তেওঁক ততালিকে কবৰৰ পৰা টানি উলিয়াই আনিছিল,” তেওঁ মনত পেলায়। তাহিৰাই প্ৰায় চাৰিটা দশক শক্তি নগৰৰ অংগনবাদী এখনত কাম কৰি আছে, সেইখন ইউ.চি.আই.এল. কলঘৰৰ সমীপতে অৱস্থিত। দেউতাকক হেৰুওৱাৰ এটা বছৰ পিছত তেওঁ সেই কামত সোমাইছিল।

পিতৃৰ সৎকাৰ কৰাৰ পিছত পৰিয়ালটো ঝাঁসিলৈ গুছি গ’ল। ২৫ দিন পিছত আহি তাহিৰাই দেখিছিল, “কেৱল কুকুৰাবোৰহে জীয়াই আছিল, বাকী জীৱ-জন্তু সকলো মৰিছিল খাস্তাং হৈছিল।”

প্ৰচ্ছদ আলোকচিত্ৰ তুলিছে স্মিটা খাটোৰে।

এই প্ৰতিবেদন প্ৰস্তুতিত সহায় আগবঢ়োৱা আজিম প্ৰেমজী বিশ্ববিদ্যালয়, ভূপালৰ অধ্যাপক সীমা শৰ্মা আৰু অধ্যাপক মোহিত গান্ধীলৈ প্ৰতিবেদকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদঃ ধ্ৰুৱজ্যোতি ধনন্তৰি

Student Reporter : Prabhu Mamadapur

Prabhu Mamadapur is pursuing a Masters in Public Health from Azim Premji University, Bhopal. He is an Ayurvedic doctor interested in technology and public health. LinkedInhttps://www.linkedin.com/in/dr-prabhu-mamadapur-b159a7143/

Other stories by Prabhu Mamadapur
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari