কাৰচুঙে মনপা লোকৰ বিয়াত গীত গোৱাৰ পিছত তেওঁক ভেড়াৰ মাংসৰে ৰান্ধি এসাজ খুওৱা হয়। তেওঁ গোৱা বিয়াগীতে মনপাসকলৰ বিবাহ অনুষ্ঠানটোক পৱিত্ৰ কৰি তোলে আৰু কইনাঘৰে তেওঁক গীত গাবলৈ নিমন্ত্ৰণ জনায়।

মনপা সম্প্ৰদায়ৰ এহাল ল’ৰা-ছোৱালীয়ে বিয়াত বহিব বিচাৰিলে তেওঁলোকে দুদিনীয়া কাৰ্য্যসূচীৰে আগবাঢ়ে। দৰাপক্ষই কইনাৰ ঘৰলৈ যায় য’ত সকলোৱে মিলি স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা আৰা পান কৰে আৰু নাচে, গীত গায়। এই দুদিনীয়া পৰ্বতে কাৰচুঙে কোনো বাদ্যযন্ত্ৰৰ সহায় নোলোৱাকৈ গীত পৰিৱেশন কৰে। দ্বিতীয়দিনা দৰাই নকইনা লৈ ঘৰলৈ উভতি আহে।

কাৰচুঙৰ আচল নাম ৰিনচিন তাচি, কিন্তু তেওঁক সকলোৱে কাৰচুং বুলিয়ে জানে। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চাংপা ৰোডত তেওঁ এখন সৰু গেলামালৰ দোকান চলায়। সংগীতৰ প্ৰতি তেওঁৰ বৰ ৰাপ, গেলামালৰ দোকানখনত সকলো সময়তে ৰেডিঅ’টো বাজি থাকে। কাৰচুঙে আৰাক লৈও গীত গাব পাৰে। “মই খেতি-খোলাৰ সময়ত আৰু বন্ধুবৰ্গৰ সৈতে আড্ডাৰ সময়ত এই গীত গাওঁ,” তেওঁ কয়।

৫৩ বৰ্ষীয় কাৰচুং পত্নী পেম জম্বাৰ লগত থাকে, তেঁৱেই পৰিয়ালটোৰ ‘বছ’ বুলি কাৰচুঙে কয়। সাৰুৱা উপত্যকাখনত থকা তেওঁলোকৰ এক একৰমান খেতিমাটিত পেমেই খেতি কৰে। “আমি চাউল, মাকৈ, বেঙেনা, বেঙেনা, লাই শাক, পিয়াঁজ আৰু ফুলকবিৰ খেতি কৰোঁ,” তেওঁ কয়। খেতিৰ পৰা পোৱা ধান, মিলেট আৰু পাচলি আদি তেওঁলোকে নিজেই খায় আৰু উপৰিঞ্চিখিনি কেতিয়াবা ডিৰাং ব্লকৰ ৰামা কেম্পৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰে।

PHOTO • Sinchita Parbat

অৰুণাচলৰ পশ্চিম কামেং জিলাৰ চাংপা ৰোডৰ নিজৰ গেলামালৰ দোকানখনৰ সন্মুখত পিতৃ কাৰচুঙৰ সৈতে লেইকি খাণ্ডু

PHOTO • Sinchita Parbat
PHOTO • Leiki Khandu

কাৰচুঙে উৎসৱত বজাবলৈ ঢোল এটাৰ খোলা কাটি আছে। সোঁফালে: তেওঁৰ পুত্ৰ খাণ্ডুৱে দদৰ নামৰ জীৱনীশক্তি, দীৰ্ঘায়ু, সৌভাগ্য আৰু সমৃদ্ধিদায়ী এপাত পবিত্ৰ শৰ দেখুৱাইছে। শৰপাতৰ লগত সংলগ্ন ৰংচঙীয়া ফিটাডালে সেই পাঁচবিধ উপাদানক প্ৰতিনিধিত্ব কৰে। পৰম্পৰাগত পৰ্ব আৰু বৌদ্ধ মঠত দদৰপাত ঘড়ীৰ কাঁটাৰ দিশত ঘুৰোৱা হয়

দম্পতিহালৰ পাঁচটা সন্তান - দুজনী কন্যা আৰু তিনিটা ল’ৰা। দুই কন্যা ৰিনচিন ৱাংগমু আৰু চাং ড্ৰেমাৰ বিয়া হৈছে আৰু মাজে-সময়ে ঘৰলৈ আহে। ডাঙৰজন ল’ৰা মুম্বাইৰ হোটেল এখনত ছেফ হিচাপে কাম কৰে আৰু দুবছৰত এবাৰমান আহে। মাজু ল’ৰা লেইকি খাণ্ডু এগৰাকী সংগীতজ্ঞ আৰু উপত্যকাখনত বহনক্ষম পৰ্য্যটনৰ পদক্ষেপৰ অংশীদাৰ। তেওঁলোকৰ সৰুজন পুত্ৰ নিম তাচিয়ে ডিৰাং চহৰতে কাম কৰে।

মনপা সম্প্ৰদায় মূলতঃ তীব্বতমূলৰ আৰু তেওঁলোকৰ প্ৰায়ভাগেই বৌদ্ধ ধৰ্মালম্বী। বোৱা-কটা, বাঢ়ৈৰ কাম আৰু চিত্ৰশিল্পত তেওঁলোক পাকৈত। ২০১৩ৰ চৰকাৰী প্ৰতিবেদন এখনৰ মতে তেওঁলোকৰ সংখ্যা ৪৩,৭০৯।

কাৰচুং কেৱল গায়কেই নহয়, তেওঁ আজৰি সময়ত ঘাতবাদ্যও বনায়। “স্থানীয় ভাষাত চিল্লিং বুলি কোৱা ঢোল এটাৰ দাম বজাৰত ১০,০০০ টকা। আজৰি সময়ত মই নিজৰ বাবে ঢোল এটা বনাই ল’ব পাৰো,” তেওঁ পাৰিক কয়।

আমি তেওঁক গান গাবলৈ অনুৰোধ জনোৱাত দোকানৰ পিছফালে তেওঁলোকে নিজে কৰা খেতিৰ পাচলি আৰু মাকৈৰ মাজত বহি তেওঁ গাবলৈ ধৰিলে। এই গীতবোৰ মুখে মুখে চলি আহিছে আৰু কিছুমান শব্দ তিব্বতমূলীয়া, যাৰ অৰ্থ তেওঁ আমাৰ আগত ব্যাখ্যা কৰিব পৰা নাই।

মনপাসকলৰ বিয়াগীতৰ ভাবানুবাদ:

সোণবৰণীয়া চকুৰে চমকে অ’ আইজনী
মাকজনী তাইৰ বৰ সাদৰী

সকলোৰে চকুৰ মণি অ’ আইজনী
ধুনীয়া সাজেৰে ওলায় সাজি-কাচি

দদৰ* যে তাই গুজি লৈছে
সোণত যেন সুৱগা চৰিছে

লৌহ দেৱতাই দিয়া দদৰৰ সেই সোণ-ৰূপ,
তাইৰ গহনাত জিলিকিছে

লাচা (তিব্বত)ৰ পৰা অনা বাঁহ
সেই দদৰত

দেৱী যেছি খাণ্ডৰমাৰৰ দুগ্ধৰ পৰা শিল
সেই দদৰত

শীৰ্ষত থকা সেয়া
থুং থুং কাৰ্মোৰ পাখি**

*দদৰ এবিধ জীৱনীশক্তি, দীৰ্ঘায়ু, সৌভাগ্য আৰু সমৃদ্ধিদায়ী এপাত পবিত্ৰ শৰ। শৰপাতৰ লগত সংলগ্ন ৰংচঙীয়া ফিটাডালে সেই পাঁচবিধ উপাদানক প্ৰতিনিধিত্ব কৰে। পৰম্পৰাগত পৰ্ব আৰু বৌদ্ধ মঠত দদৰপাত ঘড়ীৰ কাঁটাৰ দিশত ঘুৰোৱা হয়

**থুং থুং কাৰ্মো অৰ্থাৎ ক’লা গলৰ বগলীৰ পাখি - অধিক উচ্চতাত উৰিব পৰা হিমালয়ৰ এবিধ পক্ষী

অনুবাদ: পংকজ দাস

Sinchita Parbat

Sinchita Parbat is a Senior Video Editor at the People’s Archive of Rural India, and a freelance photographer and documentary filmmaker. Her earlier stories were under the byline Sinchita Maji.

Other stories by Sinchita Parbat
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das